ফটাঢোল

ঝুঠ অচ্ছে হ্যে – পৰী পাৰবীন

ঊফ ৰক্ষা! ল’ৰাৰ স্কুলত গৰমৰ বন্ধ আৰম্ভ হ’ল, তাতে দুয়োটাৰে ছয়মাহিলী পৰীক্ষা শেষ। গতিকে কাইলৈৰ পৰা এমাহলৈ দিনটোৰ কাৰ্যসূচী বৰ ধৰাবন্ধা নিয়মত নচলিব। এই ধৰক, ৰাতি এক বজালৈ বিশ্বকাপ ফুটবল, তাৰ মাজে মাজে বিজ্ঞজনৰ দৰে মতামত সামৰি ফেচবুকত আলোচনা, তাৰপাছত বিছনাত আঠুৱা তৰা কথালৈ পতিদেৱৰ স’তে আধাঘন্টামান মুখচুপতি, বিছনাত পৰি আকৌ ল’ৰাৰ দিনলিপিৰ বিস্তাৰিত বিৱৰণ, তাৰ পাছত কেইটামান মধুৰ সপোন, সপোন মানেনো কি আৰু, হঠাতে ৰোমান্টিক হৈ পৰা পতিদেৱৰ ডিঙিত ওলমি ‘এনজয়িং চামাৰ’ বুলি দুখনমান ফটো আপলডোৱাৰ সপোন নাইবা যোৱাবছৰেই টান হৈ যোৱা কূৰ্তিকেইটা গাত হলৌ মলৌ চোলাৰ ৰূপ লোৱাৰ সপোন-তাৰ পিছতহে নিদ্ৰাদেৱীৰ আগমন। নিদ্ৰাদেৱীৰ আগমনৰ লগে লগেই যদি বৰুণদেৱতাও জাগ্ৰত হয়, তেতিয়া কিহে পায় আৰু এই বিলাসী-ৰাণীক!

এনে এক ৰুটিনতে এদিন ৰাতিপুৱা সাৰ পালোঁ দেৰিকৈ। এফালে শাওণৰ কলহৰ কাণে ঢলা বৰষুণৰ বতৰ, আনফালে ল’ৰাৰ গৰমৰ বন্ধ। এইহেন বৰষুণৰ বতৰতে বিছনাখনৰ স’তে যে কি গভীৰ প্ৰেম উথলি উঠে। খকামকাকৈ সাৰ পাই দেখোঁ, ঘড়ীত ন বাজিল। এওঁক হেঁচুকিলো,

“হৌৰা।”

“কি অ? ভূমিকম্প নেকি?”, তেৱোঁ সাৰ পাই উঠে ধহমহকৈ।

“নহয়হে। ন বাজিল।“, চকু মোহাৰি মোহাৰি বিলাসী-ৰাণীয়ে উত্তৰ দিওঁ।

“হ্যে! মোৰ দহবজাত মিটিং আছে।“

“উঠা। উঠা। মই খানা ৰেডি কৰো, তুমি বিছনা পত্ৰ সামৰা।“

সিফালৰ পৰা দুই পুত্ৰই এঙামুৰি মাৰে, “মা, অফিচলৈ যাওঁতে আমাক বৰতাৰ ঘৰত থৈ যাবা।“

“হ’ব দে। সোনকালে উঠি মুখহাত ধুই ল”, বুলি মই ৰাজধানী এক্সপ্ৰেছৰ গতিত কামত লাগি গ’লো। এফালে ভাত, এফালে অফিচৰ টিফিন, আনফালে দিনটোলৈ বুলি বৰতাকৰ ঘৰত থ’বলগা ল’ৰাৰ কাপোৰৰ টোপোলা, ৱাশ্বিং মেচিনে চিগনেল দিয়াৰ সময়তে বৰষুণজাক আঁতৰি যোৱা দেখি চাদৰ ওপৰত বেডকভাৰকে ধৰি এগালমান কাপোৰ মেলি থৈ অহা-মুঠতে এশ এবুৰি সমস্যা সামৰি গেটত তলা লগাই কোনোমতে চাৰিওটি প্ৰাণী গাড়ীত বহিলো। গাড়ীত বহাৰ পাছতো আকৌ এবাৰ তলা খুলি ভিতৰ সোমাব লগা হ’ল।

বোলো, “গেছৰ ৰেগুলেটৰ ঠিক আছেনে”?

“আছে”।

“পানীৰ মেচিনটো একা?”

“চুইচ অফ”।

“মোবাইল ?”

“ল’লো।”

“কাপোৰৰ লগত মিলাই কাণফুলিযোৰ উলিয়াই থৈছিলো, এৰি গ’লো নেকি কেনেবাকৈ? নাই, কাণতে আছে, পিন্ধিলো।”

পতিদেৱৰ দহবজাত মিটিং আৰম্ভ হ’ব হেনো। ইফালে গাড়ীত বহোতেই দহ বাজিল। ল’ৰাক দৌৰাদৌৰিকৈ বৰতাকৰ ঘৰত থৈ পতিদেৱ অফিচৰ সন্মুখত নামি গ’ল। মই নিজৰ অফিচলৈ বুলি ষ্টিয়েৰিঙত হাত থ’লো। অফিচলৈ দেৰি হৈছে মোৰো। চাৰে নটাত অফিচ খোলে। কেনেবাকৈ ‘এটেণ্ডেন্স ৰেজিষ্টাৰ’ত বচৰ হাত লাগিলে মোৰ ফালেও আধ্যা হ’ব। তাতে উৰ্ধতন মহলৰ আকস্মিক পৰিদৰ্শনবোৰ আছেই। গাড়ীৰ এক্সিলেটৰ দবাইছো, উৰি যাওঁ বুলি চৈধ্য নম্বৰ গীয়েৰ বিচাৰি হাতখনেৰে খেপিয়াই আছো, তেনেতে এওঁ পিছফালৰ পৰা চিঞৰি উঠিল,

“হৌৰা, মই ঘৰত অফিচ বেগটো পাহৰি আহিলো নহয়?”

“কি!”, গাড়ীখন ৰখাই সমানে চিঞৰি উঠিলো মই।

অফিচৰ বেগটোনো পাহৰি আহেনে বাৰু ? মনত পৰিল সেই এলপি স্কুলৰ ল’ৰাটোলৈ, যি নতুন চুৱেটাৰ পোৱাৰ ফূৰ্তিত বেগ-টিফিন নোহোৱাকৈ স্কুললৈ দৌৰ মাৰিছিল। ক’ত সেই আঠবছৰীয়া ল’ৰাটো আৰু ক’ত এই চল্লিশবছৰীয়া মানুহজন। ভিতৰৰ পৰা অন্তৰাত্মাই বাধা দিলে মোক, “দেৰি হ’ব তোৰ, যাগৈ, অফিচলৈ যাগৈ”। গাড়ী ষ্টাৰ্ট দিলোঁ। তেওঁ মোলৈ চালে। চাৱনিটো কৰুণ। মিটিং আৰম্ভ হ’বৰ হলেই চাগৈ তেওঁৰ। আৰু মিটিঙৰ সমূহ কাগজ পাতিৰ পৰা আৰম্ভ কৰি লেপটপ, পেনড্ৰাইভলৈকে সেই বেগটোতে আছিল।

ময়ো তেওঁলৈ চালো। মোৰ নঞাৰ্থক চাৱনিটোৰ সমানে সমানে ডিঙিটোৱেও যেন মূৰ জোকাৰিবলৈ আৰম্ভ কৰিলে,

“নাই, নাই, মই এতিয়া ঘৰলৈ ঘূৰি যাব নোৱাৰো দেই। আই এম অলৰেডি টু লেট”।

“ঠিক আছে তেতিয়াহ’লে তোমাৰ ভাগৰ ঘৰৰ চাবিপাত দিয়া”।

“তোমাৰ চাবিপাত কি হ’ল আকৌ?”

“হেই। বেগটোতে থাকি নাহিল নেকি?”

একো নক’লো। মনে মনে থাকিয়ে মোৰ চাবিপাত আগবঢ়াই দিলো তেওঁলৈ। নিজৰ ওপৰতে বিৰাট খং উঠিছে তেওঁৰ। খং উঠিলেও মুখ ফুটাই ক’ব নাজানে তেওঁ। মই গাড়ীখনেৰে আগবঢ়াই সহায় কৰি দিলে ভাল পালেহেঁতেন। কিন্তু মই নিৰুপায়। ময়ো যাব লাগে। যাব লাগে সোনকালে অফিচলৈ। গাড়ী চলিল ভিৰ ফালি।

বেকমিৰৰত দেখিলো, তেওঁ অফিচৰ গলি এৰি অটো এখনত বহিছে। ইচ ৰাম! তেওঁ চাগৈ আজি নৈমিত্তিক ছুটি ল’ব লাগিব। এতিয়া ঘৰলৈ গৈ বেগ লৈ অফিচলৈ আহে মানে মিটিং শেষ হ’বৰে হ’ব।

“যাঃ যি কৰে কৰিব” বুলি অফিচ গৈ ফাইলত মূৰ গুজিলো। দিনটো কিদৰে পাৰ হ’ল পাত্তাই নাপালো, হেড অফিচৰ পৰা দহটামান প্ৰতিবেদনৰ ইমেইল আৰু তলৰ অফিচৰ পৰা এগালমান ফোনকল চম্ভালি সমস্যাবোৰ সমাধান কৰো মানে গধূলি হ’বৰ হ’ল।

ভোকত পেটে কলমলোৱা দেখিহে গম পালোঁ যে আজি লৰালৰিৰ কোবত টিফিনটোকো ঘৰৰ ডাইনিং টেবুলৰ ওপৰতে থৈ আহিলো। হ’ব বাৰু, কোনো কথা নাই, অফিচ ছুটিৰ সময় হৈছেই যেতিয়া, ঘৰলৈ গৈ একপ্লেট মেগীৰ চুপ, তাতে পিয়াজ-জলকীয়া ৰুকি দিয়া, লগত কফি মাগত এমাগ কফি। বেলকনিত বহি ল’ম। লগততো তেওঁ থাকিবই। তাতে বাহিৰত বৰষুণ। আসঃ কি ৰোমান্টিক আমেজ! ভাবিয়েই ভোকটো বাঢ়ি গ’ল। এওঁবা অফিচৰ পৰা ওলাবৰ হৈছে নে নাই বুলি ফোনটো ডায়েল কৰিলো তেওঁলৈ। তেতিয়াহে মনত পৰিল ৰাতিপুৱা তেওঁ বেগ এৰি থৈ যোৱাৰ কথাটো। তেওঁ হয়তো অফিচলৈ নগ’লেই, ধেততেৰী দিনটো খবৰ এটাও লোৱা নহ’ল। এতিয়ালৈ ফুলালুচি হেন হৈ মুখখন ফুটিল চাগৈ, লগালগ ‘কনটেক্ট লিষ্ট’ত নাম্বাৰ বিচাৰিলো। আজিকালি ‘কল লগ’ত তেওঁৰ নাম্বাৰ পোৱাই নাযায়(বিয়াৰ দহবছৰ পাৰ হ’লতো, ক’তনো ঘনাই ঘনাই ফোন আহিব, তাতে আলু-পিয়াজৰ খবৰবোৰো হোৱাটচআপতে চলি যোৱা হ’ল যেতিয়া।)

“হেল্ল।”

“ক’ত আছা?”

“অফিচত।”

আও! ৰাইজ অফিচ পালেহি মানে। আকৌ সুধিলো,

“যাবৰ হৈছেনে ঘৰলৈ?”

“নহয়, মোৰ দেৰি হ’ব। তুমি যোৱাগৈ।“

“ঘৰৰ চাবিপাত?”

“চাবিপাত ভূঞা বাইদেউৰ হাতত দি থৈ আহিছো।”

মৰম লাগি গ’ল মানুহটোলৈ। চাবিপাত ইমানৰ পিছতো কাষৰ ঘৰত থৈ আহিবলৈ পাহৰি যোৱা নাই দেউ। ফোনটো থৈ গাড়ী চলালো ঘৰমুখে। বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে জোৰেৰে। মেগী আৰু বৰষুণ। বৰষুণ আৰু মেগী। লগত ধোঁৱা বলি থকা চাহ। নহয় নহয়, চাহ নহয় কফি। ডাঠ সৰ থকা গাখীৰৰ কফি। ওপৰত পাতলকৈ ছটিয়াই দিয়া কফি পাউডাৰ। ঊসঃ ভাবিয়েই মনটো ভাল লাগি গ’ল। ল’ৰা দুটাও নিশ্চিন্তমনে বৰতাকৰ ঘৰত শুই আছে চাগৈ। মুঠতে আজি এনজয় কৰাৰ বতৰ। কেতিয়াবা নিসংগতাও ইমান উপভোগ্য হৈ উঠে। লগত গানো থাকিব নেকি? থাকিবতো, মল্লিকাই হোৱাটআপত বৰ ধুনীয়া গান এটা পঠিয়াইছে। বাজীৰাও মস্তানীৰ সেই যে প্ৰাণ হৰি নিয়া গানটো,

“আজ ইবাদত ৰুবৰো হো গয়ী/জৌ মাংগী থী ওচ দোৱা চে গুফ্টগো হো গয়ী”

সেইটোকে ৰিপিট মুডত শুনি শুনি মেগীৰ চুপ, কফি আৰু বৰষুণ। কথাটো ভাবিয়েই মন প্ৰাণ ভৰি গ’ল। ঘৰ পালোঁহি। মানুহজনেও দেৰি হ’ব বুলি চাবিপাত কাষৰ ভূঞা বাইদেউৰ ঘৰত থৈ গৈছে। ল’ৰাৰ স্কুল বন্ধ থাকিলে কিমান যে কাম কমি যায়। নহ’লে এই সময়ত দৌৰাদৌৰিকৈ ল’ৰাৰ হোমৱৰ্ক লৈ বহিব লগা হ’লহেঁতেন। সেইহে বৰ আনন্দ এই বিলাসী ৰাণীৰ। গান এটা গুণগুণাই গুণগুণাই ভূঞা বাইদেউৰ গেটত হাত থ’লো। কিন্তু ই কি ? ভূঞা বাইদেউৰ ঘৰত যে মস্ত এটা তলা। মানে মোৰ চাবিপাত ইমানেই সুৰক্ষিত অৱস্থাত আছে, তলা মাৰি চোৰে নিব নোৱৰাকৈ থৈ দিছে বাইদেৱে। বাইদেউ ক’ত? নাজানো। ফোন কৰিবলৈকো সত যোৱা নাই। ইফালে পেটত ড্ৰামছেট বাজিছে। বৰষুণ, মেগী আৰু কি কি আছিল জানো, গধূলিৰ সপোনটোৰ কথা মনত পৰাৰ লগে লগে পতিদেৱলৈ ফোন লগালো।

“হেল্ল”, পতিদেৱে মাত লগালে।

“ভূঞা বাইদেউৰ ঘৰত তলা যে।”

“ক’ৰবালৈ গ’ল চাগৈ। ফোন কৰি চোৱাচোন বাইদেউক।”

“এহ আমনি কৰিবলৈ মন যোৱা নাই নহয়। কলৈ বা গৈছে? মই ফোন কৰিলেই কাম এৰি দৌৰি আহিব। থক নালাগে। তোমাৰ আহিবৰ হৈছে নে নাই?”

“অ’ হৈছে আৰু। গৈ আছো।“

“এটা কাম কৰো, মই গেটৰ বাহিৰত ৰৈ থকাতকৈ গাড়ী লৈ তোমাৰ অফিচলৈকে আগবাঢ়ি গৈছো। তুমি ৰৈ দিয়া।”

গাড়ী ষ্টাৰ্ট দিলো পতিদেৱৰ অফিচ অভিমুখে। পেনড্ৰাইভত গান বজাই ল’লো, “অভী না যাৱ চোড় কে, কে দিল অভী ভৰা নহী”।

তেওঁৰ অফিচৰ গলি পালোঁহি। ফোন লগালো, নালাগিল। নেটৱৰ্ক বিজি। হ’ব, কোনো কথা নাই। মোৰ গাড়ীখন দেখিবই নহয়। সময়ৰ সদব্যৱহাৰ কৰিবলৈ কৰিবলগা ফোনকলকেইটা উলিয়াই ল’লো,

প্ৰথমেই মাৰ নাম্বাৰ ডায়েল কৰিলো। আজি দিনটো মাৰ খবৰ লোৱাই হোৱা নাই।

“হেল্লো মা, কি কৰিছা?”……“অ’ অ’ বৰষুণ পুৰা”…..“ঘৰ গৈ পোৱাই নাই অ’।”……. “লৰা বৰতাকৰ ঘৰত”……“নাই নাই একো নহয়, পৰীক্ষা শেষ নহয়, অলপ ফূৰ্তি কৰক আৰু।”

তাৰ পাছত নাম্বাৰ লগালো গুড়গাঁৱস্থিত গীতালিলৈ,

“অই গীতালি, কি খবৰ ক?”…….“কেতিয়া আহিবি অসমলৈ?”…….“সোনকালে আহ আক’।”……..“বহুত মস্তি কৰিম ৰে।“

দিনতে পৰি্স্মিতাই মেচেজ দিছিল, তাইৰ গল্প এটা “প্ৰিয় সখী”ত ওলাইছে,

“হেল্ল’ পৰিস্মিতা”……..“অ’ তোমাৰ লিখনিটো পঢ়িলো”………“ভাল লিখিছা, লিখি যোৱা।”

শেষত উলিয়াই ল’লো, দীঘলীয়া ফোনটো,

“হেল্লো।”

“পৰী, পালাগৈনে ঘৰ?”

“ঘৰ গৈ পোৱাই নাই অ’। এওঁ অফিচৰ পৰা ওলাব আৰু। ৰৈ আছো।”

“খুব বৰষুণ দিছে। নিতিতিবা কিন্তু। ভাইৰেল জ্বৰে পাব।”

“নাই নাই। তিতা নাই। তোমালোকৰ সিফালে কি খবৰ? মথাউৰি ভাঙিছে নেকি? নিউজত পালো আজি”।

“নাইহে। উৰাবাতৰি সেইবোৰ। জানাইতো মেডিয়াই দহগুণ বঢ়াই দেখুৱায়। তুমি পিছে ক’ত ৰৈ আছা? মানুহজন আহিবৰ হৈছে নে নাই?”

“অতো, বহুত দেৰি হ’ল। ৰ’বা ফোন এটা কৰো।”

দীঘলীয়া ফোনটো সামৰি এইবাৰ মানুহজনলৈ ফোন লগালো।

“হৌৰা, আহিবৰ হৈছে নে নাই?”

“অ পাইছোহি।”

এইবাৰ মোৰ গা বাজিল, “ৰ’বাচোন ৰ’বা। পাইছোহি মানে, ক’ত পাইছাহি?”

“ঘৰৰ ওচৰ পালোহি।”

“আৰে! মই গাড়ী লৈ ৰৈ আছো, তোমাৰ অফিচৰ সন্মুখত।”

“হেই! তুমি অথনিয়ে ঘৰ পালোহি বোলা নাছিলা?”

“আৰে! তোমাক নিবলৈ আহিছো বোলা নাছিলো?”

“নাজানো দেই।”

তেওঁ ঘৰ গৈ পালে, এইফালে মই তেওঁক আনোগৈ বুলি অফিচৰ সন্মুখত ৰৈ আছো। বুজিলো ৰাতিপুৱা মই ঘৰলৈ ষ্টিয়েৰিং নুঘূৰোৱাৰ প্ৰতিশোধ পূৰা হ’ল। ফোন থ’লো। মূৰটোৱে কাম নকৰা হ’ল। দিনটোত যে কি কি অথন্তৰ নঘটিল।

পাৰেমানে ভোৰভোৰালো। গোৱালগালি পাৰিলো। নিজক নহয়, মানুহজনক। সৱ দোষ তেওঁৰ। বেগটো এৰি নোযোৱা হ’লে মোৰ চাবি লৈ ঘৰলৈ নাহিলহেঁতেন, না তেতিয়া ভূঞানী বাইদেউৰ সুৰক্ষিত বেষ্টনীত মোৰ চাবিপাত ৰৈ গ’লহেঁতেন। না মোৰ মেগীৰ সপোন পূৰ হ’ল, না কফি, না গান। উফ! আৰু ভাবিবলৈ মন নগ’ল। শৰীৰে মনা নাই। ৰাস্তাৰ কাষৰ মম’-পকৰীবোৰ দেখি পেটে বিদ্ৰোহ আৰম্ভ কৰিছে।

খং উঠিল। খং উঠিলে চুলিখিনি সোলোকাই পেলাবলৈ মন যায়। কিন্তু ওচৰত পাৰ্লাৰ, চেলুন একো নাই, গতিকে চুলি সোলোকোৱাৰ আশা বাদ দি গাড়ীখন লৈ আহি আছো ঘৰলৈ, তেনেতে দেখিলো শকত আৱত মানুহ এগৰাকীৰে সৈতে খীন ওখ মানুহ এজন, পুৰা ইংৰাজীৰ ‘টেন’ সংখ্যাটো হৈ আমাৰ ঘৰৰ গলিটোৰে আহি আছে। ওচৰ চাপি দেখো, সেয়া দেখোন ভূঞা দম্পত্তি। খঙটো আকৌ এবাৰ টিঙিচকৈ তালু পালেগৈ, এই যেন চুলিকোচা সুলকি পৰিব। সম্বৰণ কৰিলো খংটো, কেকোজেকোকৈ এগালমান বস্তু লৈ বৰষুণত তিতি তিতি খোজ কাঢ়ি আহি থকা ভূঞানী বাইদেউক দেখি বেয়াও লাগিল। গাড়ীখন ৰখাই খিৰিকীৰ গ্লাছেৰে সুধিলো, “বাইদেউ ঘৰলৈ যাবনেকি”?

সুধিবলৈহে পালোঁ, দুয়োজনে দুৱাৰ খুলি বহি ল’লে গাড়ীত, তাৰ পিছত বাইদেউৱে সুধিলে, “তুমি এতিয়াহে আহিছা নেকি অফিচৰ পৰা?”

মই তেওঁলোকক বেয়া নলগাওঁ বুলি মিছা মাতিলো, “অ’ এয়া আহি আছো, আজি দেৰি হৈ গ’ল অফিচত।“

বাইদেউৱে লগে লগে ভিনদেউক উদ্দেশ্যি ক’লে, “সেয়া মই নকৈছিলোনে, ইহঁত এইটো সময়তে আহে ঘৰলৈ, আপুনিহে ইমান খৰখেদা লগালে। ভিনিয়েৰে উচপিচাই আছিল জানানে পৰী?”

বাইদেউৰ আত্মবিশ্বাস ভৰা কথাটো শুনি মই গোঁফৰ তলৰ, অ নহয় ওঁঠৰ তলৰ হাঁহিটো মাৰি নিজকে ক’লো, “ঝুঠ অচ্ছে হ্যে।”

☆★☆★☆

7 Comments

  • Anjan Sadhanidar

    আগতে ই পঢ়িলো যদিও এবাৰ ৰিভাইজ কৰিলো।

    Reply
  • ভাল লাগিল।

    Reply
  • মৃদুল শইকীয়া

    পুনৰ পঢ়িলো৷ ভাল লাগিল৷

    Reply
  • ইমান ভাল লাগিল পঢ়ি।

    Reply
  • অনুৰূপ মহন্ত

    পুনৰ এবাৰ পঢ়িলোঁ। আপোনাৰ লেখা বৰ ভাল পাওঁ পৰী বা।

    Reply
  • hkkakati

    তামাম পৰী। কেতিয়াবা মিছাও মধুৰ হয়।

    Reply
  • হৃষীকেশ ডেকা

    সুন্দৰ লাগিল

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *