ফটাঢোল

টকৌ চাৰৰ জপৌ কইনা — গীতিকা শইকীয়া

হলঘৰটোত ইংৰাজীৰ ক্লাছ চলি আছে। এই ক্লাছটো দ্বাদশ শ্ৰেণীৰ গোটেইকেইটা শাখা মিলাই কৰা হয়। ৱৰ্ড্চৱৰ্থৰ কবিতাৰ ওপৰত বুজাই আছে চাৰে। “আই ৱান্ডাৰেড ল’নলী এজ এ ক্লাউড” কবিতাটোত চাৰে দিয়া বিশেষ ব্যাখ্যাৰ অৰ্থই ছাত্ৰ-ছাত্ৰীসকলক বাৰুকৈয়ে আকৰ্ষণ কৰে। চাৰ মানে টকৌ চাৰ। প্ৰকৃত নাম মোহন চন্দ্ৰ বৰুৱা। কিন্তু ছাত্ৰ-ছাত্ৰীবোৰে চাৰৰ অজ্ঞাতে টকৌ চাৰ বুলি কয়। মূলতে ৱৰ্ড্চৱৰ্থেই হওক অথবা পি বি শ্বেলীৰ “এ ড্ৰিম অৱ দ্য আননৌউন”-য়েই হওক, টকৌ চাৰে দিয়া সেই কবিতাবোৰৰ অন্তৰ্নিহিত ব্যাখ্যা শুনিলে শুনি থাকিবৰ মন যায়।
অৱশ্যে ল’ৰা-ছোৱালীবোৰে টকৌ চাৰৰ ক্লাছত বদমাছি কৰিবলৈও নেৰে! সন্মুখৰ ল’ৰা-ছোৱালীখিনিয়ে মনোযোগ দিয়া যেন লাগিলেও পিছৰফালে গুমগুমনি এটা অনবৰতে হৈ থাকে। লাহে লাহে হলঘৰটোৰ সমুখৰ ভেণ্টিলেটৰেদি সোমাই অহা ৰ’দৰ ৰশ্মিখিনি ইতিমধ্যে বোৰ্ডত লিখি বুজাই থকা চাৰৰ টকলা মূৰটোত পৰে। পৰে নহয়, পেলোৱা হয়। পিছত বহা কোনোবা অঘাইটঙে পকেটত লৈ অনা সৰু আইনা এখনেদি ভেণ্টিলেটৰেদি সোমাই অহা পোহৰক ৰিফ্লেক্ট কৰি চাৰৰ টপা মূৰটোত পেলায়। “চিকমিকাই আছে অই” বুলি কোনোবা দুটামানে চিঞৰি উঠে। পিছৰফালৰ পৰা গুমগুমনিকৈ উঠা হাঁহিৰ ৰেশ সমুখৰ ফালে বহি থকা ল’ৰা-ছোৱালীবোৰৰ মুখলৈকো বিয়পি পৰে। মাথোঁ চাৰৰ সমুখত বেয়া দেখি বাবে সিহঁতে পাৰ্যমানে চেষ্টা কৰে সেই হাঁহি ৰাখিবলৈ!

ইতিমধ্যে চাৰেও বুজি উঠে যে আনদিনাৰ দৰেই অঘাইটংহঁতৰ দলটোৱে আজিও তেওঁক ব্যতিব্যস্ত কৰিবলৈ আগবাঢ়িছে।
“কোন অ’ এইটো বাঘৰ আগতেল খোৱা যি মোৰ টকলা মূৰৰ প্ৰদৰ্শনী পাতিছে…?”-চাৰে ক’বলৈহে পাই, গোটেই হলঘৰটো হাঁহিৰ গিৰ্জনীত কঁপি উঠে। চাৰে আকৌ সাৱধান কৰি দিয়ে,-
“হেই! ৰ ৰ, এনেকৈ নাহাঁহিবি…! মোক এনেই স্টাফৰ মানুহবোৰে বেয়া পায়, তহঁতে তেনেকৈ হাঁহি হাঁহি হলঘৰ কঁপাই তুলিলে মোৰ ফালে হ’ল আৰু!”
“অ’ চাৰ, চানাচুৰ খাবলৈ নাযায় নেকি?”-পিছৰ পৰাই কোনোবা এটাই চিঞৰে..।

লগে লগে পিছফালৰ আটাইবোৰে “হয়, হয় চাৰ, চানাচুৰ খোৱাৰ সময় হ’ল” বুলি চিঞৰি উঠে…।
টেবুলখনতে টুকুৰিয়াই টুকুৰিয়াই চাৰৰ আকৌ ধেমেলিয়া উক্তি,- “অলপ ৰহ, ক্লাছ শেষ হোৱাৰ বেলটো পৰিব দেছোন! একেলগে যাম….! ৰামু-মণিৰ চানাচুৰ, বাদাম ভজা গলিয়াই গলিয়াই খাম….।”

টকৌ চাৰৰ ক্লাছত প্ৰায়েই এনে হয়। কোনোবা দিনা চাৰে যেতিয়া বোৰ্ডত কিবা বুজাই থাকে কোনোবা অঘাইটঙে মনে মনে টকৌ চাৰ বহা চকীখন ওলোটাই থৈ অথবা উঠাই আনি হলঘৰটোৰ পিছৰফালে থৈ আহে। বহিবলৈ আহি চকীখন ওলোটা হৈ থকা দেখিলে বা নেদেখিলে একো নকৈ টকৌ চাৰে টেবুলখনতে আৰাম কৰি বহি লৈ ৱৰ্ড্চৱৰ্থ, শ্যেলীৰ কবিতাৰ পংক্তি আঁওৰায়। যেন একোৱেই হোৱা নাই। ল’ৰাবোৰে অশান্তি কৰি কৰিও যেতিয়া টকৌ চাৰৰ খং উঠাব নোৱাৰে তেতিয়া শান্ত হৈ চাৰৰ বুজনি শুনিবলৈ লয়। এনেদৰেই এটা বেটছৰ পৰা আনটো বেটছলৈ প্ৰতিটো বেটছেই টকৌ চাৰৰ ক্লাছত সময় কটাই যায়। এইদৰে টকৌ চাৰক নগুৰ-নাগতি কৰা প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীয়েই স্কুল এৰাৰ সময়ত চকু সেমেকাই যাবলগীয়া হয়।

আগৰ কোনো এটা বেটছৰ অঘাইটংবোৰে মিলি মোহন চন্দ্ৰ বৰুৱা চাৰৰ নাম টকৌ চাৰ থৈছিল। থাকোঁতে চাৰৰ হেনো একোঁচা জপৰা চুলি আছিল। পিছে কলেজ পাই মানে কথা নাই, বতৰা নাই, চুলিৰ মাজে মাজে এডোখৰ এডোখৰকৈ চুলি নাইকিয়া হ’বলৈ ধৰিলে। মানুহে কয় সেয়া বোলে টকৌৱে খালে। মাক-ভনীয়েকৰ জোৰত চুলি বচোৱাৰ অভিযানত নামি চাৰে হেনো পুৱাই পুৱাই পিঁয়াজ পিহি মূৰত লগাই বহি থাকে। চাৰ পিচে সৰুৰে পৰাই বেচ মিতব্যয়ী দেই। অন্ততঃ চাৰে নিজৰ কথা তেনেকৈয়ে কয়। কিন্তু চকুচৰহামখাই চাৰক কৰাইচ অথবা মহাকৃপণ বুলি কয়।

যি কি নহওক, মাক-ভনীয়েকৰ কথাত পৰি পিঁয়াজ পিহি সানি মূৰটো প্ৰথম কেইদিনমান শ্বেম্পু, পিছলৈ চাবোনেৰে ধুই চাৰৰ বোধোদয় হ’ল যে চাৰৰ মূৰৰ চুলি বচোৱাৰ অভিযানত পিঁয়াজৰ লগতে শ্বেম্পু-চাবোনৰো এদাই হোৱা মানে ঢেৰ টকাৰ খৰচ হোৱা! চাৰৰ কিবা কেৰেলাতকৈ গুটি দীঘল যেন লাগিবলৈ ধৰিলে। ইফালে চুলি সৰা বেছিকৈ হোৱাৰ ফলত মাক-ভনীয়েকে ডাক্টৰৰ পৰামৰ্শ ল’বলৈও জোৰ কৰিলে। চাৰে কথা বিষম দেখিলে। চাৰৰ কথা হ’ল যদি ভাগ্যতে নাই তেন্তে ডাক্টৰেনো ক’ৰপৰা চুলি গজাব? ভগৱানে দিয়া বস্তু, তেৰাই দিছে যদি তেৰাই ঘূৰাই লৈ মাটিৰ লগত মিহলি কৰাইছে! তাতেনো ইমান বাধা দিয়াৰ কি প্ৰয়োজন? গতিকে চাৰৰ চুলি ৰক্ষা অভিযানৰো সিমানতে অন্ত পৰিল।

অৱশেষত পঢা-শুনা শেষ কৰি স্থানীয় হায়াৰ ছেকেণ্ডেৰীখনতে খালি হৈ থকা ইংৰাজী বিষয় শিক্ষকৰ পদটোত চাৰে যোগদান কৰে মানে চাৰৰ মাজ মূৰত কেইডালমানহে চুলি থাকিলগৈ! কোনোবাই চাৰক চুলিখিনি কেনেকৈ নাইকিয়া হ’ল বুলি সুধিলে চাৰে হেনো টকৌৱে খালে অথবা টকৌৱে নিলে বুলি কয়। তেনেকৈয়ে চাৰৰ নামৰ সলনি সকলোৰে বাবে টকৌ চাৰ হৈ পৰিল।
অৱশ্যে টকৌ চাৰে কেতিয়াও ছাত্ৰ-ছাত্ৰীবোৰক টানকৈ একো নকয়। ছাত্ৰ-ছাত্ৰীবোৰৰ উৎপাতবোৰ দেখি “তহঁত বৰ দুষ্ট” বুলি কৈ মিচিকিয়া হাঁহিৰে টকৌ চাৰেও ল’ৰা-ছোৱালীবোৰৰ লগত ধেমালি কৰিবলৈ লাগি যায়। মাজে মাজে অৱশ্যে হুমকিও দিয়ে,-
“তহঁতে ভালকৈ নপঢ়িলে পৰীক্ষাত ইংৰাজীত ফেইল মাৰিবি আৰু তেতিয়া মোক আন সকলো শিক্ষকে তথা প্ৰিন্সিপালে দোষ দিব যে মই তহঁতৰ লগত ধেমালি কৰি থাকোঁ, নপঢ়াওঁ বাবে তহঁতে ফেইল মাৰিলি। যি দেখিছোঁ তহঁতে মোক লাজত পেলাইহে মাৰিবি।“
ল’ৰা-ছোৱালীবোৰ শান্ত হৈ পৰে। টকৌ চাৰে বাকী পঢ়াবলগাখিনি পঢ়াই শেষ কৰি লৈ চিঞৰি উঠে,-“কি হ’ল? তহঁতে ভয় খালিহঁক নেকি? নেলাগে ভয় খাব.! তহঁত ভাল ল’ছালী, পাছ কৰিব পাৰিবি। ব’ল চানাচুৰ, বাদাম খাবলৈ যাওঁ।“

আচৰিতকৈ ছাত্ৰ-ছাত্ৰীবোৰৰ প্ৰায়ভাগেই ইংৰাজী বিষয়টোত ভাল নম্বৰ পাই পাছ কৰা। সেয়েহে টকৌ ছাৰৰ ক্লাছ বুলিলে সকলো ল’ৰা-ছোৱালীয়েই আহে। সেয়া কেৱল ইংৰাজী বুলিয়েই নহয়, অসমীয়া অথবা ৰাজনীতি বিজ্ঞান যিয়েই নহওক। কাৰণ টকৌ চাৰ এই তিনিওটা বিষয়তে স্নাতকোত্তৰ ডিগ্ৰীধাৰী। হায়াৰ ছেকেণ্ডেৰীখনত যোগদান কৰাৰ কেইবছৰমানৰ ভিতৰতে চাৰে ৰাজনীতি বিজ্ঞান আৰু অসমীয়াতো স্নাতকোত্তৰ ডিগ্ৰী লৈ থৈছিল। কিয় জানোঁ কেবাখনো ভাল কলেজৰ পৰা পোৱা প্ৰস্তাৱো তেখেতে অগ্ৰাহ্য কৰি স্থানীয় হায়াৰ ছেকেণ্ডেৰীখনতেই থাকি গ’ল। মূলতঃ চাৰে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ইংৰাজী পঢ়াই যদিও অসমীয়া অথবা ৰাজনীতি বিজ্ঞানৰ বিষয় শিক্ষক নাথাকিলে সেই দুটা ক্লাছো চাৰেই কৰে। লগতে দশম শ্ৰেণীৰ বাবে খুদ প্ৰিন্সিপালে চাৰক পঢ়াই দিবলৈ অনুৰোধ কৰে। ছাৰৰ ইংৰাজীৰ দখল মানিবলগীয়া।

এনেদৰে নিজৰ বিষয়টোৰ বাদেও আন ক্লাছ প্ৰায়েই ল’বলগীয়া হোৱা বাবে চাৰে আকৌ নিজকে আলু বুলিও অভিহিত কৰে,-“মই মানে ঠিক আলুৰ লেখিয়া বুইছ। য’তে ত’তে মিলাই দিব পাৰি। যেনেকে যি ভাজিয়েই হওক আলু মিহলি কৰা হয় ঠিক তেনেদৰেই স্কুলত কোনো শিক্ষক নেথাকিলে ময়েই ক্লাছ ল’বলগীয়া হয়।“
পিছে টকৌ চাৰৰ এই জনপ্ৰিয়তাত স্কুলৰ আন শিক্ষক-শিক্ষয়ত্ৰীসকল বাৰুকৈয়ে জ্বলে। টকৌ চাৰৰ মতে তেওঁলোক বৰ হিংসাকুৰীয়া। নিজৰ বিষয়ৰ লগতে আন বিষয়বোৰৰো ক্লাছ কৰিবলৈ প্ৰিন্সিপাল চাৰে টকৌ চাৰক দিয়ে বাবেই বোলে আন শিক্ষক-শিক্ষয়ত্ৰীসকলে টকৌ চাৰক হিংসা কৰে।
আনহাতে কিছু শিক্ষক-শিক্ষয়ত্ৰীৰ মতে চাৰে হেনো টকাৰ কাৰণেই আনবোৰ বিষয়তো পঢ়ায়। এক্সট্ৰা ক্লাছ ল’লে এক্সট্ৰা টকা পোৱা যায়।
এইবোৰৰ লগতে টকৌ চাৰে নিজৰ ঘৰতো টিউচন কৰে। মেট্ৰিক দিবলগীয়া, তথা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ বাবে ল’ৰা-ছোৱালীৰে টকৌ চাৰৰ ঘৰ ভৰি থাকে।

পিছে ইমানবোৰ টকা আৰ্জনৰ বিপৰীতে টকৌ চাৰ খৰচৰ ক্ষেত্ৰত অতি বেছিকৈ মিতব্যয়ী। যিকোনো কথাতে টকা খৰচ কৰাৰ তেওঁ সম্পূৰ্ণ বিৰোধিতা কৰে। স্কুললৈ প্ৰায় দহ-বাৰ কিলোমিটাৰ বাট তেওঁ দেউতাকৰ দিনৰে পুৰণি চাইকেলখন লৈয়েই অহা-যোৱা কৰে। তাৰ বিপৰীতে স্কুলৰ ওচৰতে থকা শিক্ষক কেইজনমানে স্কুটাৰ, বাইক চলাই আহে। টকৌ চাৰৰ মতে এইবোৰ মানুহক দেখুৱাবৰ বাবেই কৰে।

তাতোকৈ ডাঙৰ কথা টকৌ চাৰে স্কুলৰ শিক্ষক-শিক্ষয়ত্ৰীসকলৰ লগত লেইজাৰৰ সময়ত টিফিন নেখায়। সকলো শিক্ষক-শিক্ষয়্ত্ৰীয়েই দুপৰীয়া টিফিনৰ বাবে মাহিলী হিচাবত কিবা এটা পৰিমাণৰ টকা ওচৰৰ হোটেলখনত দিয়ে। সকলোৰে বাবে ৰুটি-দালি, ভাজি, চাহ, বিস্কুট, চিঙৰা আদি প্ৰত্যেক দিনাই থাকে। বিশেষ কিবা দিনত গজা, ৰসগোল্লাও থাকে। কিন্তু টকৌ চাৰে সেইবোৰত বহুত টকা যায় বুলি ভাৱে। তেনে খৰচ কৰাটো অনৰ্থক বুলি কৈ টকৌ চাৰে ছাত্ৰ-ছাত্ৰীবোৰে খোৱা চানাচুৰ, বাদাম ভজা এটকা, দুটকা, খুব বেছি তিনিটকাৰ কিনি তাকে গলিয়াই গলিয়াই টিফিনৰ সময়খিনি ল’ৰা-ছোৱালীবোৰৰ লগতে পাৰ কৰে। প্ৰায়েই স্কুলৰ বাৰাণ্ডাৰ ৰেলিঙত বহি ল’ৰা-ছোৱালীবোৰৰ লগতেই আড্ডা মাৰি কটাই দিয়ে। একেলগে গৈ দমকলৰ পৰা পানী খায়। আন যিয়েই নহওক, সচৰাচৰ শিক্ষকৰ গাম্ভীৰ্যতাতকৈ বেলেগ বাবেই হয়তো ল’ৰা-ছোৱালীবোৰে টকৌ চাৰক ভাল পায়। আৰু এইদৰে চাৰৰ লগত চানাচুৰ খোৱা যি বেট্চৰেই নহওক কিয়, ছাত্ৰ-ছাত্ৰীৰ দলটোক চাৰে তেখেতৰ ’অক্ষৌহিণী সেনা’ বুলি কয়।

চাৰৰ মিতব্যয়িতা, মানে কৃপণালীৰ ওপৰতো বহু কাহিনী শুনা যায়। প্ৰায় পঞ্চাশোৰ্ধ টকৌ চাৰে তেতিয়ালৈকে বিয়াই পতা নাই। হিংসাকুৰীয়া মানুহবোৰৰ মতে বিয়া পাতিলে টকা খৰচ হয় বুলিয়েই হেনো টকৌ চাৰে বিয়া নপতাকৈ আছে। বিয়াৰ কথা সুধিলেই টকৌ চাৰে হেনো কয় যে বিয়াৰ নামত গহনা-গাঁথৰি, কাপোৰ-কানি দিয়াৰ বাবদ যিমান খৰচ হয় তাতকৈ বিয়া নপতাকৈ থকাই ভাল। ইফালে বিয়াৰ পিছত পত্নী তথা হ’বলগীয়া ল’ৰা-ছোৱালীৰ খৰচ আছেই! চাৰে নিজৰ ভনীয়েক দুজনীক বিয়া দিওঁতেই এইবোৰ জ্বালা-যন্ত্ৰণা পাই থৈছে। সেয়ে হেনো টকৌ চাৰে বিয়া নপতাকৈ আছে।

হওঁতে চাৰৰো বোলে গাঁৱৰে এগৰাকীৰ লগত প্ৰেম-পিৰিতি হৈছিল। কিন্তু নিজৰ সৰি পৰা চুলিখিনি বচাবলৈ ডাক্টৰৰ ওচৰত গৈ পইচা কেইটামান খৰচ কৰিবলৈ নিবিচৰা মহাকৃপণলৈ বিয়া নহওঁ বুলি সেইগৰাকীয়ে বোলে বেলেগত বিয়া সোমালে।

অৱশ্যে টকৌ চাৰৰ বাবে বিবাহৰ প্ৰস্তাৱ নহাকৈও থকা নাছিল। মাকৰ চেষ্টাত ভালেকেইটা বিবাহৰ প্ৰস্তাৱেই আহিছিল। পিছে টকৌ চাৰেহে ছোৱালী চাবলৈ গৈ বিয়াত গহণা-গাঁথৰি, কাপোৰ-কানি নিদিয়াকৈ বিয়া পতাৰ কথা কয় বাবে ছোৱালীৰ ঘৰে নাকচ কৰি দিয়ে। তেনেকৈয়ে টকৌ চাৰৰ বিয়াৰ কথা কৈ কৈয়েই মাক সিফলীয়া হ’ল।

মাকৰ মৃত্যুৰ পিছত ভনীয়েকহঁতেও টকৌ চাৰৰ ঘৰলৈ আহিবলৈ এৰি দিছিল। টকৌ চাৰৰ মতে সিহঁত দুয়োজনীয়ে আহিলেই টকা-পইচা বিচাৰে যিটো চাৰে অসম্ভৱ বেয়া পায়। সেয়ে টকৌ চাৰেই হেনো সিহঁতক ঘৰলৈ বৰ এটা মাতি নেথাকে।

যি নহওক, স্কুলৰ চাকৰি, পুৱা-গধুলী টিউচন আদিৰ লগতে টকৌ চাৰে নিজৰ ঘৰৰ লগৰ বাৰীখন তথা পথাৰতো নিজেই কাম কৰে। সময়ৰ নাটনিৰ বাবেহে হালবোৱা মানুহ লগাই যদিও প্ৰায়েই বোলে হালবোৱাৰ বাবদ দিবলগীয়া টকাকিটাৰ বাবে হালোৱাৰ লগত কাঁজিয়া হয়। টকৌ চাৰৰ মতে সকলোৱেই চাৰকহে ঠগিবলৈ পায়।

টকৌ চাৰৰ বাৰীখনতো নোপোৱা ফল-মূল, শাক-পাঁচলি একো নাই। সেই সকলোবোৰ গোটাই টকৌ চাৰে দেওবৰীয়া বজাৰত নিজেই বিক্ৰী কৰিবলৈ যায়। স্থানীয় মানুহে প্ৰথম প্ৰথম আচৰিত হৈছিল যদিও পিছলৈ সকলো সহজ হৈ পৰিছিল। বহুতো ছাত্ৰ-ছাত্ৰীৰ দেউতাকহঁতে তেওঁলোকৰ ল’ৰা-ছোৱালীৰ স্কুলৰ চাৰ বুলিয়েই টকৌ চাৰৰ শাক-পাঁচলি, ফল-মূল কিনি লৈছিল। তেওঁলোকৰ প্ৰায়বোৰেই চাৰৰ লগত দৰদাম নকৰে যদিও কিছুমানৰ লগত তৰ্ক-বিতৰ্ক পৰ্যন্ত হৈ যায়। টকৌ চাৰে এটকা-দুটকা কি, পঞ্চাছ পইচাও ৰেহাই নিদিয়ে।

চাৰে ঘৰৰ বাৰীত হোৱা প্ৰত্যেকটো ফল-মূল, শাক-পাঁচলি বতৰৰ প্ৰথম বুলিও নিজে নাখায়। বজাৰত সেইবোৰৰ কি দৰ চলি আছে সেইবোৰ খবৰ ৰখা টকৌ চাৰে আম-কঁঠাল বেছিকৈ লাগিলেই হিচাপ কৰাত লাগি যায় যে সেইবাৰ কিমানখিনি দাম পোৱা যাব বুলি! এবাৰ চাৰে ঔটেঙা বিক্ৰী কৰিবলৈ যোৱা কাহিনীটোক লৈ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় মানুহবোৰৰ বিৱৰণৰ সীমা-সংখ্যা নাই।

চাৰৰ বাৰীৰ ঢাপত থকা ঔটেঙাজোপা প্ৰথমবাৰৰ বাবে ফুলিল। ডাল ভৰি ভৰি ফুলা ঔটেঙাজোপাত কিমানমান ঔটেঙা লাগিব পাৰে সেইটো ভাৱি টকৌ চাৰ উল্লাসিত হৈ পৰিল। ক্লাছতো সকলোকে কৈ থাকিছিল। যিমান পাৰি সোনকালে ঘৰলৈ গৈছিল যাতে ফুলি থকা ঔজোপাত আন কোনো চৰাই-চিৰিকতি পৰি নষ্ট কৰি পেলাব নোৱাৰে। পিচে এজাক ধুমুহাত ঔজোপাৰ প্ৰায়বোৰ ফুলেই সৰি গ’ল। শেষত মাত্ৰ তিনিটা ঔটেঙাহে সামান্যকে ডাঙৰ হোৱা দেখা গ’ল। চাৰৰ ব্যস্ততাও বাঢ়ি গ’ল। স্কুল ছুটি হ’লেই আনদিনা ল’ৰাবিলাকৰ লগতে চাইকেল চলাই ঘৰ যোৱা টকৌ চাৰে পুৰণি চাইকেলখন কেৰেচ কেৰেচ শব্দ কৰি যিমান পাৰে জোৰেৰে চলাই ঘৰ পোৱা হ’ল। কেতিয়াবা দুই এটা চৰাই গছজোপাৰ অ’ত ত’ত পৰা দেখি চিন্তাত বোলে টকৌ চাৰৰ কেইদিনমান টোপনিয়েই নহা হ’ল। ক্লাছত পঢ়াই থাকোঁতেও কথাটো কোৱাত ক্লাছৰ ছাত্ৰ এজনে উপায়টো দিলে,-“চাৰ, লিচু গছত যে চৰাইৰ পৰা বচাবলৈ জাল তৰি থয়, তেনেকৈ ঔজোপাকো জালেৰে ঢাকি থব পাৰে দেখোন!”

ছাত্ৰৰ উপায়টো টকৌ চাৰৰ ইমান ভাল লাগিল যে ক্লাছটো শেষ কৰিয়েই ছুটিৰ বেল পৰাৰ আগতেই ঘৰলৈ গ’লগৈ!

তেনেকৈয়ে ঔটেঙা তিনিটা পুৰঠ হ’ল। টকৌ চাৰৰ আকৌ টেনছন হ’ল যে ঔটেঙা তিনিটা কেনেকৈ, কিমান টকাত বিক্ৰী কৰা যায়। দুদিনমান স্কুল ছুটিৰ পিছত বজাৰখনত গৈ টকৌ চাৰে বজাৰত ঔটেঙাৰ দাম কেনে চলিছে বুলি অলপ বিচাৰ-খোচাৰো কৰিলে। বহুত ভাৱি গুণি টকৌ চাৰে এদিন দেওবাৰে পুৱাতেই উঠি ঔটেঙা তিনিটা বিক্ৰী কৰিবলৈ বজাৰলৈ ওলাল। সেইদিনা সচৰাচৰৰ দৰে পুৰণি চাইকেলখনত ঔটেঙাকেইটা থেতেলা খাই বুলি পুৱাতে যোৱা ট্ৰেইনখনতে ওলাল। কিন্তু বজাৰত কোনেও ঔটেঙা তিনিটাৰ প্ৰতি আগ্ৰহ নেদেখুৱালে। দুই-এজনে দাম সুধিয়েই আঁতৰি গ’ল। দুপৰীয়ালৈকে বহি থকাৰ পিছতো কোনেও কিনিবলৈ আগ্ৰহ প্ৰকাশ নকৰাত টকৌ চাৰৰ খং উঠিল যদিও ভাৱিলে পিছৰ দেওবাৰেও বিক্ৰী কৰিবলৈ চেষ্টা কৰিব। শেষত যেনিবা এজনে আহি এটা ঔটেঙা কিনিলে। বাকী দুটা লৈ ঘৰলৈ যাবলৈ লৈহে সমস্যা হ’ল। কিবা কাৰণত গাড়ী-মটৰ বন্ধ হ’ল। ইফালে ট্ৰেইন অহাৰো কোনো সময় গম পোৱা নগ’ল। সন্ধিয়াও হৈ আহিছিল। ওচৰতে বহা চাৰৰ গাঁৱৰে পাঁচলি বেপাৰী ভোলাই প্ৰস্তাৱ দিলে যে চাৰে যদি সমানে পইচা দিয়ে তেন্তে টেম্পৌ এখন যোগাৰ কৰিব পাৰে। চাৰে তেখেতৰ ঘৰৰ ফালে যাবলগীয়া আৰু কোনোবা পাই নেকি বুলি ৰাতি বাৰটা বজালৈকে ভোলাকো লগতে লৈ বজাৰতে ৰৈ থাকিল। অন্ততঃ টেম্পোৰ ভাড়াটো কমিব! কিন্তু কোনো নোপোৱাত ভোলাৰ লগতে দৰদাম কৰাত লাগিল।

“তোৰ অতগাল বস্তু, আজি মই আন শাক-পাঁচলি নানিলোৱেই! মোৰ মাত্ৰ দুটা ঔটেঙাহে! গতিকে তই ভাড়াটো বেছিকৈ দিবি।“
“তাতকৈ আপুনি ৰাতি পুৱালৈকে ইয়াতে থাকক। মই গোটেই ভাড়া দি অকলেই যাওঁগৈ! ইতিমধ্যে আন কাৰোবাক পাই বুলি ৰাতি বাৰটা বজালেগৈ!.”-ভোলা জকজকাই উঠিল।
উপাই নোহোৱাত টেম্পোখনৰ আধা দাম দিয়াৰ চুক্তিত চাৰ ঘৰলৈ যাবলৈ টেম্পোত উঠিল। নামিবৰ অলপ আগত টেম্পোৰ ড্ৰাইভাৰে চাৰক এনেয়ে কৈ চালে,- “চাৰ ঔটেঙা দুটা বিক্ৰী নহ’ল, পাঁচ টকা এটা দিওঁ, তাৰে এটা মোকে দি দিয়ক। এটা আপুনি খাওক। আপুনিনো কিয় অহা দেওবাৰলৈ ৰ’ব লাগে!”

চাৰ জকজকাই উঠিল,-“নিজৰ বাৰীৰ ইমান যত্নত উঠা ঔটেঙা তেনেকৈ দিব পাৰি নেকি? পাঁচ টকাত ঔটেঙা নাপায়। তাকো মোৰ ঘৰৰ বাৰীত লগা।”
পিছৰ দেওবাৰেও বোলে আন শাক-পাঁচলিৰ লগতে ঔটেঙা দুটা বিক্ৰী কৰিবলৈ লৈ গ’ল। পিছে কি জানো কুক্ষণত এটাহে বিক্ৰী গ’ল। বাকী থকা ঔটেঙাটোৰ বাবে টকৌ চাৰৰ বহুত চিন্তা হ’ল। ইতিমধ্যে ঔটেঙাটো সামান্যকে শুকাবলৈ লৈছে। বজাৰত চাৰৰ কাষতে বহা আন এজন বেপাৰী নৰেনে ক’লে বোলে চাৰ, আপুনি এনেয়ো বতৰৰ প্ৰথমে লগা একো ফল-মূলেই নাখায়। এইবাৰ ঔটেঙাটো বতৰৰ প্ৰথম পাঁচলি হিচাবেই ঘৰতে খাব পাৰে দেখোন!

দুদিনমান স্কুলত টকৌ চাৰে টিফিনৰ পিৰিয়দত সদায় খোৱাৰ দৰে চানাচুৰ, বাদাম নোখোৱাকৈ থাকিল। টকৌ চাৰৰ লগত সদায় চানাচুৰ খাবলৈ যোৱা ছাত্ৰ-ছাত্ৰীবোৰ আচৰিত হ’ল। বাৰে বাৰে সোধাতহে আঁচল কথাটো ওলাল। চাৰে ক’লে,-
“মানে, ঘৰৰ ঔটেঙাটো যে সেইটো এইকেইদিন এচকল দুচকলকৈ ভাতত দি, দালিত দি খাই আছোঁ। খাই ভালেই লাগিছে, ভাজিৰ দৰকাৰেই হোৱা নাই। কিন্তু অলপ টেঙাটো বেছি, সেয়ে দাঁতবোৰ টেঙাই ধৰিছে। চানাচুৰ খালে দাঁতত লাগি যায় বাবে নোখোৱাকৈ আছোঁ।“
ল’ৰা-ছোৱালীবোৰে আচৰিত হৈ চাৰৰ মুখলৈ চাই থকাটো লক্ষ্য নকৰাকৈ টকৌ চাৰে পুনৰ ক’লে,-“এটাফালৰ পৰা ভালেই হৈছে। ভাজিৰ খৰচটো কমিছে। শাক-পাঁচলি, তেল, নিমখ-হালধি, গেছ, কমখন কৰচ হয় নেকি? প্ৰথম দুদিন ভাতৰ লগতে দালিও বনাইছিলোঁ। এতিয়া কেৱল ভাততে ঔটেঙা দুচকল দি দিওঁ, দালি বনোৱাৰ দৰকাৰেই নাই। সঁচা দেই, ঔটেঙাটোৱে এইকেইদিন বহুত বচাইছে মোৰ!”
“অ’ চাৰ, আপুনি ভাজি, দালিৰ সলনি ঔটেঙা খাইছে?”- শুনি শুনি ইতিমধ্যেই আচৰিত হোৱা একাদশ শ্ৰেণীৰ দীপকে সুধিয়েই দিলে।
“অ’তো আকৌ! এটা ফালৰ পৰা ভালেই হৈছে দেচোন! অহা বছৰো ঔটেঙা লাগিলে ভাজি-পাঁচলি, দালিৰ খৰচ কিছু কমি যাব।”—চাৰে অকনো বিব্ৰত নোহোৱাকৈ ক’লে।
তেনেতে ক্লাছৰ সময় হোৱাত গোটেইবোৰ নিজৰ নিজৰ ক্লাছলৈ গ’লগৈ! এনেদৰেই চাৰৰ ঔটেঙাৰ কাহিনীটোৱে মুখ বাগৰি বাগৰি বিভিন্ন সময়ত বিভিন্ন ৰূপ লৈ গৈ আছে।
অলপদিনৰ পৰা টকৌ চাৰক কিছু চিন্তিত হৈ পৰা দেখা গ’ল। চানাচুৰ খোৱাৰ সময়তে ছাত্ৰ-ছাত্ৰীবোৰে ৰেপি ৰেপি সোধাত টকৌ চাৰে যিটো কথা ক’লে গোটেইবোৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হুৱা-দুৱা লাগিল। অৱসৰলৈ মাথোঁ আঠবছৰমান থকাৰ সময়ত টকৌ চাৰে বোলে বিয়া পাতিব খুজিছে!ল’ৰা-ছোৱালীবোৰ দস্তুৰমত আচৰিত হ’ল।

হঠাতে ইমান বছৰৰ পিছত টকৌ চাৰে কিয় বিয়া পাতিব খুজিছে সেইটো জানিবলৈ ছাত্ৰ-ছাত্ৰীসকল উত্সুক হৈ পৰিল। টকৌ চাৰৰ হেনো দুয়োজনী ভনীয়েক নিজৰ নিজৰ ল’ৰা-ছোৱালী লৈ অলপতে টকৌ চাৰৰ ঘৰলৈ আহছিল। চাৰে বৰ বিশেষ আদৰ নকৰা কাৰণে দুয়োজনী ভনীয়েকৰে খং। এদিন স্কুলৰ পৰা ভনীয়েকহঁত থকা বাবে সোনকালে ঘৰলৈ গৈ পাওঁতে ভনীয়েকহঁতে কথা পাতি থকা শুনি চাৰৰ বেয়া লাগিল। সৰু ভনীয়েক ৰুপীৰ মতে কৰাইচ দাদাকটোৱে ভনীয়েক, ভাগিনহঁতলৈ বুলি নাই যে নাই মাছ অকনমানো অনা নাই। তাকে শুনি ডাঙৰ ভনীয়েক অণিয়েও বোলে কৈ উঠিছিল যে কৰাইচ দাদাকটো নমৰালৈকে এনেকৈয়ে থাকিব। অৱশ্যে এতিয়ালৈকে বিয়া নাপাতিলে যেতিয়া বিয়া পতাৰ সুবিধা গ’ল। এই বয়সত বিয়া পাতিব খুজিলেও ছোৱালীনো কোনে দিব? আৰু দাদাকে যে সকলোবোৰ টকা-পইচা সাঁচিছে সেইবোৰনো কালৈ? সি মৰিলে সেই সকলোবোৰ সিহঁত দুজনীৰেই হ’ব। গতিকে অলপ ধৈৰ্য ধৰিব লাগিব।“

টকৌ চাৰৰ বোলে বৰ দুখ লাগিল। ভনীয়েকহঁতৰ তেখেতৰ টকা-পইচালৈহে চকু। ভনীয়েকহঁতক একো নকৈ পিছদিনাখনেই পঠিয়াই দিলে। কিন্তু মনতে ঠিক কৰিলে যে যেনে তেনে তেওঁ এইবাৰ বিয়া পাতিবই পাতিব। মানে হয় ৰঙামাটি নহয় গুৱাহাটী। কিবা এটা হেস্ত নেস্ত কৰিবই লাগিব।

টকৌ চাৰৰ চিনাকি দুই এজনক চাৰে ইতিমধ্যেই কথাটো শুনাইছে। দুই এটা খবৰো ওলাইছে। এদিন টকৌ চাৰ ছোৱালী চাবলৈ গ’ল। কিন্তু পিছদিনা স্কুলত আহি মন মাৰি থাকিল। ইফালে টকৌ চাৰৰ অক্ষৌহিনী সেনাই উদগ্ৰীৱ হৈ ৰৈ আছিল চাৰৰ ছোৱালী চাবলৈ যোৱাৰ কাহিনী শুনিবলৈ! বৰ দুখীয়া ঘৰৰ ছোৱালীজনী বোলে বহুত সৰু, মেট্ৰিক দিবহে! টকৌ চাৰৰ বেয়া লাগিল। সেয়ে চাহ কাপ খায়েই বিশেষ কাম আছে বুলি গুচি আহিল।

আকৌ এদিন চাৰ ছোৱালী চাবলৈ গ’ল। পিছে ছোৱালীজনীয়ে টিপতে চাৰৰ হাতত কাগজ এটুকুৰা দি গ’ল। ছোৱালীজনীয়ে কোনোবা এজনৰ লগত হিয়া দিয়া নিয়া কৰি থৈছে।
এনেদৰেই কিবা নহয় কিবা কথাত টকৌ চাৰৰ ছোৱালী চাবলৈ যোৱা আৰু নিমিলা ধৰণৰ অংকবোৰো চলি থাকিল।
তেনেতেই কোনোবাই সামান্যকে বয়স হোৱা ছোৱালী এজনীৰ খবৰ দিলে। ছোৱালীয়ে বি এ পাছ কৰিলে বাৰবছৰমানৰ আগতেই! কোনোবা এখন ব্যক্তিগত স্কুলত পঢ়ায়। টকৌ চাৰৰ ভালেই লাগিল। ফটোখন আনি অক্ষৌহিনী সেনাবোৰকো দেখালে। দুদিনমান টকৌ চাৰক খুব ফূৰ্তিত থকা দেখা গ’ল। কোনোদিনে নিজৰ পইচাৰে কাকো একো খুৱাই নোপোৱা টকৌ চাৰে অক্ষৌহিনী সেনাৰ কেইটামানক চানাচুৰো খুৱালে। চাৰৰ ঘৰত টিউচন কৰিবলৈ যোৱাবোৰক লজেন গুটি এপেকেট আনিও দিলে। অক্ষৌহিণী সেনাই টকৌ চাৰক নানা পৰামৰ্শৰে ছোৱালী চাবলৈ গৈ কেনেকে থাকিব আদিবোৰো শিকাই দিলে।
ছোৱালী চাই অহাৰ পিছদিনা টকৌ চাৰক যথেষ্ট খঙত থকা যেনহে লাগিল। কোনোদিনে টকৌ চাৰৰ খং উঠা নেদেখা্ অক্ষৌহিনী সেনা আচৰিত হ’ল। কিছুদেৰিৰ পিছতহে টকৌ চাৰে জনালে যে গৈ পাওঁতে প্ৰথমে সকলোখিনি ভালে ভালেই হৈ আছিল। চাহ, জলপান, মিঠাই আদিৰে ভালকৈয়ে আপ্যায়ণ কৰিছিল। লগত যোৱা বন্ধুজনৰ কথা মতে চাৰেও হেনো সৰ্বমুঠ পঞ্চাছ টকা খৰচ কৰি অলপ সৰহকৈ মিঠাইও লৈ গৈছিল। ছোৱালীকো দেখি ভালেই লাগিছিল। সকলোবোৰ এইবাৰ হ’ব বুলি ভাৱি থাকোঁতেই ছোৱালীৰ দেউতাকে কৈ উঠিল,-
“এতিয়া আপুনি আমাৰ ছোৱালী চাই পছন্দ হৈছে যদি আপোনাৰ ল’ৰাক কেতিয়া মানে পঠিয়াব বাৰু…?”
টকৌ চাৰৰ চৰ্চৰণী উঠিল। ছোৱালীৰ খবৰ দিয়া বন্ধুজনে বোলে তেতিয়াহে চাৰলৈ আঙুলিয়াই দি ক’লে যে এইজনেই ল’ৰা, মানে এইজনৰ বাবেই ছোৱালী চাব আহিছিলোঁ।
ছোৱালীৰ দেউতাকে বোলে আচৰিত হোৱা দেখুৱাই কৈ উঠিল,-“কি কৈছে, আমি ভাৱিছিলোঁ এখেতৰ ল’ৰাৰ বাবে বিয়া পাতিবলৈহে আমাৰ ছোৱালী বিচাৰিছে! আৰু এখেতৰ বয়সতনো কোনে বিয়া পাতিব বিচাৰে? আমাৰ ছোৱালীয়ে বি এ পাছ কৰাৰ কেবাবছৰো হ’ল বুলিয়েই ইমান বয়সীয়াল মানুহ এজনলৈ বিয়া দিব নোৱাৰি। আৰু আপুনি, আপুনি এই বয়সত নিজৰ বাবে ছোৱালী বিচাৰি আহিবই নেলাগিছিল। লাজ লগা নাই?“
কৃপণ বুলি, টকৌ চাৰ বুলি সকলোৱে কোৱা কথাবোৰতো কোনোদিনে খং নেদেখুৱা চাৰৰ এই কথাটোত সঁচাকৈয়ে সন্মানত আঘাত লাগিল। সেয়ে চাৰৰ চিনাকি মানুহখিনি তথা স্কুলৰ অক্ষৌহিণী সেনাৰ সকলোকে নিজৰ কোনোবা অঙহী-বঙহী, চিনাকি তথা বিয়া নোহোৱাকৈ বয়স হোৱা কোনোবা এগৰাকী মহিলাৰ খবৰ লৈ দিবলৈ অনুৰোধ কৰিলে। বিশেষকৈ সেই চাৰক নাকচ কৰা ছোৱালীজনীৰ গাঁওখনৰ অথবা ওচৰ-পাঁজৰৰ গাঁৱৰ হ’লে যে বেছি ভাল হ’ব সেইটোও টকৌ চাৰে স্পষ্ট কৰি দিলে। টকৌ চাৰে আশা কৰা মতেই সেই ছোৱালীজনীৰ গাঁৱৰে তথা স্কুলৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ সঞ্জীৱে আহি চাৰক খবৰটো দিলেহি! সঞ্জীৱৰে দূৰ সম্বন্ধীয় পেহীয়েক এজনী বিয়া নোহোৱাকৈ আছে। পেহীয়েকৰ ঘৰখনে এতিয়াও কাৰোবালৈ বিয়া দিব পাৰি নেকি খবৰ-খাতি কৰি থাকে।

কথাতে কয় নহয় যাৰ য’ত যোৰা। কেইদিনমানতে টকৌ চাৰৰ সেই মানুহগৰাকীৰ লগতে বিয়া ঠিক হ’ল। আনহাতে টকা খৰচ হয় বুলিয়েই ইমানদিনে বিয়া নপতা টকৌ চাৰে বোলে কইনাৰ বাবে গহণা-কাপোৰ আদি কিনোঁতে সামান্যও কৃপণালি নকৰিলে। সেই প্ৰথমে নাকচ কৰা ছোৱালীজনীৰ ঘৰখনক দেখাবৰ বাবেই হেনো টকৌ চাৰে তেনে কৰিছিল বুলি মানুহবোৰে কোৱাকুই কৰিছিল।
অৱশ্যে বৰযাত্ৰী গৈ মেলি অনৰ্থক পইচা খৰচ কৰাতকৈ জোৰুণ দি লগে লগেই বিয়া পাতি আনি টকৌ চাৰৰ ঘৰতেই অনুষ্টুপীয়াকৈ ৰিচেপচনৰো আয়োজন কৰিলে। অনুষ্টুপীয়া মানে বাৰীৰে শাক-পাঁচলিৰে ভাত-দালি, ভাজি। ভাজিতে বোলে অকনমান মাছ মিহলাই দিছে। চানাচুৰ বেচা ৰামু আৰু বাদাম ভজা বেচা মণিয়েহে বোলে গজা কেইটামান লৈ গৈছিল। বিয়াৰ নামত মিঠাই বুলিবলৈ সেয়াই আছিল।

আনহাতে কইনা আনি ঘৰ সোমোৱাৰ পিছতে বোলে টকৌ চাৰে জোৰোণত দিয়া গহণা-গাঁথৰি, কাপোৰ আদি ঠিকে-ঠাকে আনিছেনে নাই তাৰ লেখহে প্ৰথমতে ল’লে। কইনা আচৰিত হ’ল! পিছতহে গোমৰ ফাঁক হ’ল যে টকৌ চাৰে হেনো আটাইকেইযোৰ পাটৰ কাপোৰ কিনাই নাছিল। গহণাখিনি ঠিকে-ঠাকেই কিনিছিল যদিও মাত্ৰ এযোৰ পাটৰ কাপোৰ, এযোৰ কপাহী কাপোৰ কিনি বাকীকেইযোৰ চিনাকি দোকানীজনৰ পৰা এনেয়ে আনি জোৰোণত দি দেখাইছিল। সময়ৰ অভাৱত নিচিলোৱাকৈ দিয়া বুলি কোৱা সেইকেইযোৰ কাপোৰ বিয়াৰ পিছদিনাই বোলে দোকানত উভতাই থৈ আহিছিল। আচৰিত হোৱা কইনাক কৈছিল,-
“ইমান দেৰিকৈ তোমাৰ বিয়া হৈছে, তোমালোকৰ গাঁৱৰ মানুহক দেখুৱাবলৈয়ো কিবা এটা লাগে নহয়। এতিয়া মানুহক দেখুওৱা হ’ল যেতিয়া কাপোৰ কেইযোৰ দাগ নালাগোঁতেই উভতাই নিদিলে এনেয়ে পইচা ভৰিব লাগিব। ইতিমধ্যে গহণা আৰু দুযোৰ কাপোৰত বহুখিনি টকা খৰচ হ’ল। অলপ তুমিও ভাৱি-চিন্তি চলিবা।“

যি নহওক, অলপ দিনলৈ টকৌ চাৰ যথেষ্ট ফূৰ্তিমনেৰে থাকিল। সকলোৱে ভাৱিছিল টকৌ চাৰক ছাগৈ বাইদেৱে টিফিনত খাবলৈ কিবা বনাই দি পঠিয়াব। কিন্তু চাৰে তেতিয়াও চানাচুৰ, বাদাম ভজা খোৱা দেখি ছাত্ৰ-ছাত্ৰীৰ দুই-এজনে সুধিলত চাৰৰ উত্তৰ,-
“এহ! এওঁ মানে প্ৰথমদিনা ৰুটি-ভাজি আদি বনাই ৰেডী কৰিছিলেই! মোৰ ঘৰত পিচে ক’ৰবালৈ পঠিয়াব পৰা টিফিন নায়েই! মানে সাফৰ থকা বাটিও নাই। স্কুললৈ আহিবলৈ ভাত খাই লৈছিলোঁৱেই, কিন্তু বনাই দিয়া বাবে ৰাতিৰ কাৰণে থৈ দিব দিলোঁ। সেইদিনা ৰাতি আৰু বনোৱাৰ প্ৰয়োজন নহ’ল।“
“অ’ চাৰ, ইমান গৰমৰ দিনত পুৱাতে বনোৱা ৰুটি-ভাজি ৰাতি কেনেকৈ খালে? গোন্ধাই যোৱা নাছিল!”-কোনোবা এজনী ছাত্ৰীয়ে সুধিয়েই দিলে।
কাৰণ সিহঁতে টিউচন কৰিবলৈ যাওঁতে দেখিছে যে টকৌ চাৰৰ ঘৰত ফ্ৰিজ নাই। ইতিমধ্যে কালাৰ্ড টিভিৰ উথপথপৰ মাজত চাৰৰ ঘৰত পুৰণিকলীয়া ব্লেক এণ্ড হোৱাইটৰ চেলো’ৰা টিভি এটা আছে, তাকো চলে নে নাই চাৰেও নেজানে।

আন এজনীয়ে সুধিলে,-“চাৰ, এতিয়াতো ফ্ৰিজ আৰু কালাৰ্ড টিভি এটা লওক। বাইদেউৰ কাৰণে ভাল হ’ব।“
“কি কৱ তহঁতে? ফ্ৰিজ কিনি লাইটৰ বিল বঢ়াবলৈ নাই দেই! কালাৰ্ড টিভিতো বহুত লাইটৰ বিল বাঢ়ে। অনৰ্থক পইচা খৰচ। তেওঁক বুজাই দিছোঁ সকলো। লাহে লাহে বুজিব।“ -চাৰৰ উত্তৰ
“হ’লেও বাইদেৱে ইমান মৰমত ৰুটি-ভাজি বনাই দিছে, আপুনি টিফিন এটা কিনি লৈ যাব পাৰে দেখোন!”-আন এজনীয়ে ক’লে।
“এহ, কি কৱ অ’ তহঁতে? কেৱল টিফিনটো কিনাই নহয় নহয়, প্ৰতিদিনে ৰুটি-ভাজি বনাবলৈ অতগাল আটা, তেল, পাঁচলি, হালধি-নিমখ, লগতে গেছৰ খৰচো বহুত হ’ব। আগতে মই অকলে থাকোঁতে এদিন ভাত ৰান্ধি কেবাদিনো খাইছিলোঁ। গোন্ধাই গ’লে পইতা ভাত কৰি খাইছিলোঁ। কিমান কম খৰচত হৈছিল! এতিয়া দুয়োজনৰ বাবে বহুত খৰচ হয়। তাতে তেওঁক এতিয়াই বহুত টানি চলিবলৈ ক’বও বেয়া লাগিছে। বহুত খৰচ, বুজিছ, বহুত খৰচ। তাতকৈ মোৰ এই চানাচুৰ, বাদাম ভজাই ভাল। অৱশ্যে নাই বুলি ইয়াতো খৰচ হয় দেচোন! সেয়ে আজি-কালি আধা চানাচুৰ আবেলি মানুহজনীৰ স’তে চাহৰ লগত খাবলৈ থৈয়েই দিওঁ। ক’ৰবাততো বচাব লাগিব।“
“কি চাৰ, আপুনি এই দুটকীয়া, তিনিটকীয়া চানাচুৰ, বাদাম ভজাও দুপৰীয়া খাই আবেলিৰ চাহৰ লগত খাবলৈ থৈ দিয়ে?”-কেইটামানে আটাহ পাৰি উঠিল।
এনেকৈয়ে অলপদিন টকৌ চাৰৰ জীৱনপঞ্জী চলি থাকিল। কিন্তু লাহে লাহে টকৌ চাৰে মন মাৰি থাকিবলৈ ল’লে। অক্ষৌহিণী সেনা তথ্য অন্বেষণত নামি গ’ল। পিছে বিস্তাৰিতভাৱে টকৌ চাৰৰ পৰা তথ্যখিনি জনাৰ পিছত অক্ষৌহিণী সেনাই টকৌ চাৰক তেখেতৰ ব্যক্তিগত জীৱনৰ কথাবোৰ সুধিবলৈ বাদ দিয়াৰে সিদ্ধান্ত ল’লে।
চাৰৰ মতে, বিয়াৰ আগতে চাবলৈ যাওঁতে বাইদেৱে বোলে চুলিখিনি টানকৈ খোপা বান্ধি চাৰৰ আগত ওলাইছিল। টকৌ চাৰৰ ভালেই লাগিল। হওক তেও, অন্ততঃ হ’বলগীয়া পত্নীৰ মূৰত চুলি ভালকৈয়ে আছে। বিয়াৰ পিছতহে গম পালে যে বাইদেউৰ মূৰত সেইকোঁচা চুলি নহয়, একোটা প্ৰকাণ্ড জাপিহে হয়। দুদিনমান গা-মূৰ ধুই ওলাই অহা বাইদেউক দেখি বোলে টকৌ চাৰে চিনিকেই নোপোৱা নিচিনা হৈছিল। কিন্তু এতিয়া লাহে লাহে এই কথাটোৱেই আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে। মানে খৰচৰ ডাঙৰ বাট মুকলি হৈছে। বাইদেউৰ মূৰৰ সেই জপৰা চুলিখিনি ধুবলৈ যথেষ্ট শ্বেম্পুৰ দৰকাৰ হয়। চাৰে সপ্তাহত এদিন ধুবলৈ কৈছিল যদিও বাইদেৱে বোলে প্ৰতিদিনে ধুবলৈ বিচাৰে। ফলত শ্বেম্পুৰ খৰচো বেছি হ’বলৈ লৈছে। এসময়ত নিজৰ মূৰৰ চুলিখিনি বচাবলৈ পিঁয়াজ পিহা লগাই শ্বেম্পু, চাবোনৰ খৰচ হয় বাবেই সেইটো কৰিবলৈ অস্বীকাৰ কৰা তথা ডাক্টৰৰ ওচৰত গ’লে অনৰ্থক পইচা খৰচ হোৱাৰ ভয়তে নিজৰ মূৰৰ চুলিখিনিকে হেৰুৱাবলৈ সংকোচ নকৰা টকৌ চাৰে এতিয়া পত্নীৰ চুলি ধুবলৈ শ্বেম্পু কিনি হায়ৰাণ হৈছে। কেইদিনমান বোলে বাৰীৰে কৰ্দৈ, ঔটেঙাৰ বিজল দি ধুবলৈ কৈছিল। বাইদেৱে চিধাই কৈ দিছে যে চাৰৰ সকলো কথা মানিলেও বাইদেৱে শ্বেম্পুৰ ক্ষেত্ৰত কম্প্ৰ’মাইজ নকৰে। ইফালে শ্বেম্পুৰ লগতে বাইদেৱে চুলিখিনি টানি-টুনি বান্ধি ৰাখিবলৈ মূৰত ঘঁহা তেলৰো প্ৰয়োজন। সেয়ে শ্বেম্পু, তেল কিনি কিনি দেউলীয়া হোৱাৰ ভয়তে টকৌ চাৰৰ ৰাতিৰ টোপনি নাইকিয়া হৈছে।
তেনেতে বাইদেউৰ দূৰ সম্পৰ্কীয় সঞ্জীৱক দেখি টকৌ চাৰে চিঞৰি উঠিল,-অই সঞ্জীৱ, তই মোক কি জফৌ কইনা এজনী চাই দিলি অই! একেবাৰে চুলিখিনি জপৌ পৌ। এতিয়া ভয় লাগিছে যদি আমাৰ সন্তান হয় তাহাঁতৰো যদি একোঁচা জপৰা চুলি হয় তেন্তে মই শ্বেম্পু, তেল কিনি কিনি দেউলীয়া হৈ যামগৈ! জপৌ পৌ চুলি, হায়ৰাণ মই শ্বেম্পু, তেল কিনি….।
এতিয়া মোকে চাচোন! চুলি নাইকিয়া হোৱাৰ ফলত মোৰনো কি অসুবিধা হৈছে? তহঁত ল’ছালীবোৰে মোক “টকৌ চাৰ” বুলি কৱ, সেইটোতনো কি বেয়া পাবলগীয়া কথা। কিন্তু তাৰ বাহিৰে মোৰ কিমান যে লাভ হৈছে সেইটোও হিচাব কৰচোন! প্ৰথম হ’ল শ্বেম্পু কিনি পইচা খৰচ নহয়। তেলৰ কোনো প্ৰয়োজনেই নাই। লগতে চুলি আঁচুৰিবলৈ ফণি কিনাৰো দৰকাৰ নাই। এনেয়ো চুলি থকা হ’ লেও মই শ্বেম্পু কিনাৰ পক্ষপাতী নহওঁ। চাবোনেৰে কাম চলি গ’লহেঁতেন! আচলতে এই শ্বেম্পু নামৰ বস্তুবিধ মোৰ ভাৱ চাবোনৰ পৰাই তৈয়াৰ কৰে। যত চব পইচা খৰচ কৰাৰ বুদ্ধি! আগতে এটুকুৰা চাবোনে মোৰ কিমান দিন গৈছিল, এতিয়া এমাহো নেযায়।“—টকৌ চাৰে এনেদৰেই কৈ থাকিল কিবা-কিবি….।
অক্ষৌহিণী সেনাই আৰু কিবা শুনে বুলি ফৰিং ছিটিকা দিলে।
দুবছৰমানৰ পিছত টকৌ চাৰৰ বাইদেৱে বোলে এজনী ছোৱালী জন্ম দিলে। সঞ্জীৱে কোৱা মতে মৰম লগা ছোৱালীজনীৰ চুলিখিনি ঠিক বাইদেউৰ দৰে, জপৰা। টকৌ চাৰৰ ভাষাত জপৌ পৌ…..।

(বি.দ্ৰঃ গল্পটিত বাস্তৱত পোৱা চৰিত্ৰ এটিৰ কিছু কাল্পনিক ৰহন সানিবলৈ চেষ্টা কৰা হৈছে যদিও চুলিৰ সমস্যাৰে জৰ্জৰিত তথা তপা হবলগীয়া সকলক উপলুঙা-অসন্মান কৰা বুলি নেভাৱে যেন।)

☆★☆★☆

14 Comments

  • চৈয়দা চেমিন ইছলাম

    ভাল লাগিল।

    Reply
    • গীতিকা শইকীয়া

      ধন্যবাদ দেই!

      Reply
  • জাহ্নৱী

    ভাল লাগিল টকৌ পুৰাণ

    Reply
    • Anonymous

      টকৌ পুৰাণ! হাঃ হঃ হাঃ…. ঠিক কৈছা। অশেষ ধন্যবাদ।

      Reply
  • Nilakshi Devi Deka

    বহুত ৰসাল লিখনি। বৰ ভাল লাগিল পঢ়ি।

    Reply
    • গীতিকা শইকীয়া

      অশেষ ধন্যবাদ দেই!

      Reply
  • Rintumoni Dutta

    বঢ়িয়া লাগিল গীতিকা, টকৌ চাৰৰ দৰে চাৰ এজন আমাৰো আছিল, মনত পৰি গ’ল

    Reply
    • গীতিকা শইকীয়া

      সঁচাকৈয়ে আছিল এজন তেনে চাৰ। সামান্যকে চেষ্টা কৰিলোঁ। বহুত ধন্যবাদ।

      Reply
  • হেমন্ত কাকতি

    বহুত ভাল লাগিল গীতিকা৷ টকৌছাৰৰ দৰে মানুহ আজিকালি বিৰল যদিও, বিচাৰিলে দুই এজন ওলাব৷

    বৰ ধুনীয়া বৰ্ননা৷ আগৰটোৰ দৰেই৷

    Reply
    • গীতিকা শইকীয়া

      অশেষ ধন্যবাদ দাদা। আপোনালোকৰ মন্তব্যই সঁচাকৈয়ে অনুপ্ৰাণিত কৰে।

      Reply
  • মাধুৰ্য্য গোস্বামী

    খুব সুন্দৰ আৰু ৰসাল বৰ্ণনা। আপ্লুত হ’লো গীতিকাবা।

    Reply
  • গীতিকা শইকীয়া

    ধন্যবাদ মাধূৰ্য।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ৰসাল কাহিনী বা। কল্পনা কৰি কৰি হাঁহি মৰিছো

    Reply
    • গীতিকা শইকীয়া

      পঢ়ি ভাল পালা বুলি জানি সঁচাকৈয়ে ভাল লাগিল।

      Reply

Leave a Reply

Your email address will not be published.