ফটাঢোল

টিকটক আৰু মোৰ ফটাপ্ৰেম – ধৃতিস্মিতা বৈশ্য

নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাৰ দৰেই মই দিষ্টিংচন মাৰ্ক লৈ মেট্ৰিক পাছ কৰাৰ পিছত দেউতাই মোক এখন বাইক কিনি দিলে আৰু সেইখন লৈ মই পাঁচ কি:মি: দূৰৰ কলেজলৈ নিতৌ অহা-যোৱা কৰোঁ।মেট্ৰিকত মই ভাল ৰিজাল্ট আশা কৰা নাছিলোঁ যদিও মাৰ ‘চকীদাৰী’ আৰু দেউতাৰ প্ৰতিশ্ৰুতিৰ ফলত আশা কৰাতকৈ বহুত ভাল ৰিজাল্ট হ’ল আৰু বন্ধুমহলত মোৰ প্ৰেছটিজ ও বাঢ়িল।কলেজত লগৰবোৰে মোক ইমান পাত্তা দিয়া দেখি মোৰ নিজৰে ‘প্ৰিন্স’ টাইপৰ ফিলিং এটা আহি গ’ল আৰু নতুনকৈ যৌৱনৰ ‘বলিয়া বতাহত’ মোৰো উটি- ভাঁহি ফুৰিবলৈ মন গ’ল। ক্লাছ-টিউচন-ঘৰ এই একঘেয়ামী বৃত্তটোৰ পৰিধি ভাঙি দিবলৈ মন যায়, যেতিয়া মোতকৈ কম ধুনীয়া দেখা ল’ৰাবোৰে সদায় বাইকৰ পিছত এজনী সুন্দৰী কঢ়িয়াই ফুৰে।

যৌৱনে বৰকৈ আমনি কৰাত লগৰ কেইজনমানক এজনী সুন্দৰী যোগাৰ কৰি দিবলৈ খাটনি ধৰিলোঁ। ঘৰৰ পৰা ওলাওঁতে ড্ৰেছিং আইনাৰ আগত এঘন্টা লগাব ধৰিলোঁ। অলপ চুলি হাইলাইট কৰি কেটেলা পহুৰ দৰে থিয় কৰি ললোঁ আৰু কোৰিয়াৰ ল’ৰাবোৰৰ দৰে অ’ত-ত’ত গজা দুই এডাল গোঁফত ষ্টাইল দিব ধৰিলোঁ যাতে মোক দেখি কোনোবা সুন্দৰী ইমপ্ৰেছ হৈ যায়।

কোৱা হয় মনৰ পৰা কিবা বিচাৰিলে হেনো সেই আশা এদিন হ’লেও পূৰণ হয়।মোৰো মনৰ আশা পূৰ্ণ কৰি এজনী ধুনু ছোৱালী মোৰ ‘বাইকমেট’ হ’বলৈ প্ৰস্তুত হ’ল। কিন্তু তাই আহি মোৰ হাইলাইট কৰা চুলিত চুপাৰ ভেচমল সানি ক’লা কৰিব দিলে আৰু কেটেলা পহুৰ ষ্টাইল সলনি কৰিব দিলে। মইও ‘লয়েল’ বয়ফ্ৰেণ্ডৰ দৰে তাইৰ কথা আখৰে আখৰে পূৰণ কৰি তাইক সন্তুষ্ট কৰিলোঁ। তাই মোৰ ‘বাইকমেট’ হ’লে কি হ’ব, তাই সাংঘাতিক চিৰিয়াছ আৰু মই হ’লো বতাহৰ দৰে চঞ্চল। যেতিয়া তাই মেডিকেল এণ্ট্ৰেন্সৰ বাবে ৰেফাৰেন্স পঢ়ি থাকে সেইসময়ত মই পপুলাৰ হোৱাৰ টিপছ বিচাৰি ফুৰোঁ। মোৰ মতে পঢ়া-শুনা কৰাকেইটাকনো কিমানে মনত ৰাখে! পপুলাৰ মানুহকহে সকলোৱে মনত ৰাখে।সময়ৰ বালিত চিন থৈ যোৱাৰ মনেৰে মই সদায় পপুলাৰ হ’বলৈ চেষ্টা কৰি থাকোঁ।

সেইসময়তেই মই ‘টিকটক’ নামৰ পপুলাৰ হোৱা তথা অসমক ৰিপ্ৰেজেন্ট কৰা সুন্দৰ এপটোৰ সন্ধান পাই গ’লো। ‘বাইকমেট’ক এই এপটোৰ কথা কোৱাত তাই যিটোহে ৰঙা চকু দেখুৱালে, ময়ো সেইফালেই তাপ মাৰিলোঁ। তাইক সন্তুষ্ট কৰাৰ বাবে এইবোৰ ‘টিকটক’ ভিডিও নকৰিম বুলি ভাবিও পপুলাৰ হোৱাৰ পোকটোৱে পুনৰ কামোৰ দিয়াত তাই নজনাকৈ দুই এটা গানৰ ভিডিওত লিপছিং কৰিলোঁ, পিছে মোৰ ফল’ৱাৰ হ’লে এজনো নাবাঢ়িল। কিন্তু সেই একে গানত লিপছিং কৰা ছোৱালীৰ ইমান ফল’ৱাৰ থকা দেখি জীৱনত প্ৰথমবাৰৰ বাবে ছোৱালী হৈ জন্ম নোলোৱাৰ বাবে দুখ লাগিল। কিন্তু কিছুদিন পিছত দেখিলোঁ কিছুমান ল’ৰাইও ছোৱালীৰ দৰে ভিডিও বনাই বহুত জনপ্ৰিয় হৈছে আৰু সিহঁতৰ ভিডিও ভাইৰেল হৈ পৰিছে।সেই ৰাতি জনপ্ৰিয় হোৱাৰ নতুন উপায় এটা দেখি মোৰ ডিমাগ কি বত্তি খোল খাই গ’ল আৰু বহুতদিনৰ মূৰত ‘চুকুন কা নিন্দ’ আহিল।

পিছদিনাৰ পৰা মই হাতে-কামে আচঁনিত লাগি গ’লোঁ। মা-দেউতা ঘৰত নথকা সময়খিনিত মই মাৰ প্ৰসাধনৰ বস্তুবোৰ মুখত লেপন দি মাৰ শাৰীবোৰ পিন্ধি নতুন টিকটক ভিডিও বনাবলৈ আৰম্ভ কৰিলোঁ। শাৰীখন পিন্ধোতে দুবাৰমান উজুটি খালেও ইউ-টিউবত ভালকৈ শিকি লৈ পুনৰ পিন্ধিলোঁ। এইবোৰ ভিডিও যাতে মোৰ সুন্দৰী জি এফৰ ওচৰত যাব নোৱাৰে তাৰ বাবে মই সচেতন হ’লোঁ। ঘৰত কোনো বাই-ভনী নথকাৰ বাবে ছোৱালীৰ আধুনিক পোছাকৰ বাবে মই জি এফৰ শৰণাপন্ন হ’লো, তাই তাইৰ দুযোৰ চুৰিদাৰ আৰু টপ দুটা দিওঁতে মোৰ ফালে আচৰিত চাৱনি এটা দিছিল। মই পিছে বুদ্ধি কৰি “মোৰ মায়ে তোমাৰ ড্ৰেচবোৰৰ ডিজাইন খুব ভাল পায় যে, সেইকাৰণে ডিজাইনটো চাবলৈ খুজিছে” বুলি কৈহে ৰক্ষা পৰিলোঁ।

জি এফৰ ড্ৰেছ পিন্ধি আৰু মুখত প্রসাধনৰ কেইবাতৰপীয়া লেপন লৈ মই মোৰ আচঁনিত লাগি গ’লোঁ। সম্পূৰ্ণ দুঘণ্টাত মই ‘তুম হুচ্ন পৰী তুম জানে জাহা, তুম চবছে হসি তুম চবছে জৱা’,’ৱাছিং পাউদাৰ নিৰ্মা’,’লেকমে আইকণিক আইজ’,’হকিন্স কুকাৰ’,’ভিক’ টাৰমাৰিক নহী কচমেটিক’ এনেকুৱা বহুতকেইটা ভিডিওৰ দৃশ্যগ্ৰহণ সম্পূৰ্ণ কৰিলোঁ।

লাহে-লাহে মই জনপ্ৰিয় হ’ব ধৰিলোঁ।মোৰ ফলৱাৰ বাঢ়িব ধৰিলে আৰু মই এইবোৰত মজি থাকোঁতে ফাইনেল পৰীক্ষা কেতিয়া পাৰ হৈ গ’ল গমেই নাপালোঁ। ফাইনেলৰ আগদিনাও মই জি এফৰ কাপোৰ পিন্ধি ভিডিওত লিপছিং কৰি আছিলোঁ।

এনেকৈয়ে এদিন ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিলে আৰু মোৰ ‘বাইকমেটে’ প্ৰথম দহটা স্থানৰ এটা অধিকাৰ কৰিলে আৰু মই কোনোমতে তৃতীয় বিভাগত পাছ কৰি ফেইল কৰা লিষ্টত নামটো নাৰাখিলোঁ। ৰিজাল্ট দিয়াৰ পিছদিনাই দেউতাই মোৰ বাইকখন বেচি দিলে আৰু AIPMT ত স্থান পাই মেডিকেল পঢ়িব যোৱা মোৰ জি এফে হোৱাটছ এপত ‘hopeless’ বুলি মেছেজ এটা দি চিৰদিনৰ বাবে ব্লক লিষ্টত ঠাই দিলে।

মেছেজটো পাই মোৰ মনত মাত্ৰ এটা কথাই আহি থাকিল ‘ৱো স্ত্ৰী হে, ৱো কুছ ভি কৰ চকতি হে’।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.