ফটাঢোল

টুইটীৰ দিনপঞ্জী – কুকী কল্পিতা মহন্ত

ৰাতিপুৱা ৫.৩০ মান বজাত সাৰ পালোঁ। মা উঠি মৰ্নিংৱাক কৰিবলৈ যাবলৈ ল’লে। মই সেৱা এটা কৰি মাক সম্ভাষণ জনালোঁ। মায়ে মোৰ মূৰটো পিটিকি মৰম কৰি দিলে।

মোৰ জোৰ কৈ চুচু কৰিব লাগিছিল। উৎপাত কৰি আছিলো কাৰণে মায়ে মোক আগফালে বহাই থৈ গ’ল।

মই প্ৰথমতে গৈ পুখুৰীৰ পাৰটো চাই ল’লো কনামুছৰী কেনেবাকৈ পৰিছে নেকি আকৌ। এই খাবলৈ নোপোৱা কেইটায়ে আমাৰ পুখুৰীৰ মাছ কেইটাহে পাই খাবলৈ। নাই, সিহঁত আজি মোৰ ভয়ত অহা নাই। অহা হ’লে মই সিহঁতক সুদাই নেৰোঁ।

বা আৰু দাদা তেতিয়ালৈকে উঠাই নাছিল। ভালেই, মই এতিয়া মজাকে বাৰীখন পিট-পিটাব পাৰিম।

কালি অহা ৰং কৰা মানুহ জনে পাছফালে যোৱা জপনাখন খুলি থৈ গ’ল। ৱাহ মোক কোনে পাই আৰু এতিয়া! যাওঁ পাই পাছফালখন পটকে এপাক চাই আহোঁগৈ। এনেইটো মায়ে মোক পাছফালে যাবলৈকে নিদিয়ে এই আপদীয়া পাৰ কেইটাৰ কাৰণে। মই যে সৰু হৈ থাকোতে পাৰ এটা ধৰিব খুজিছিলোঁ। মায়েও যে অলপ বেছিয়েই কৰে আৰু পাই তেতিয়া কিবা মই সৰু আছিলোঁ কাৰণেহে নাজানি ধৰিছিলোঁ। এতিয়া যে মই সেইবোৰ কাম নকৰোঁ আৰু। আজিকালি বায়ে মোক কিমান ধুনীয়া ধুনীয়া ষ্টাইলত চিকেন ৰান্ধি খুৱায়! এই পাৰ বিলাকৰ সোৱাদ এনেইও ভাল নাপাওঁ মই। বায়ে বনোৱা মম’টো যে কিমান টেষ্টী। ইচ! ভাবিলেই মুখত লোভৰ পানী আহি যায় পাই।

পাছফালে ফুৰি চাকি আহিলোঁ। মা অহা নাই কিয় ইমান দেৰি! বাৰ ওচৰতে অকণমান শুম মই। গ্ৰীলখন অলপ খুন্দিয়াই দিলোঁ। বা নহলে দাদা আহেই বা উঠি। নাই নাহিলে কোনো। এই কেইটাৰ মানে টোপনি নাভাগেহে নাভাগে ৰাতিপুৱা। তেনেতে মা আহিল যেনিবা উভতি।

ভিতৰলৈ আহি দাদাক এবাৰ চালোঁ। মোক ওচৰলৈ মাতি মৰম কৰি দিলে। এইবাৰ বাৰ ওচৰলৈ গ’লোঁ। বা উঠাই নাই। বা ইমান সোনকালে কেতিয়াও নুঠে। মই ওচৰতে শুই পৰিলোঁ। অলপ দেৰি পাছত বা উঠিল। মোক উঠিয়ে চুমা এটা খাই মৰম কৰিলে। ৱাহ ৱাহ ক্যা চুৰুৱাত হে দিনকা।

বাহঁতে একেলগে বহি ভিতৰত চাহ খালে আৰু মই সেইসময়ত আগফালে বাৰাণ্ডাত বহি ৰাস্তাৰ মানুহ চাই থাকিলোঁ। ৰাতিপুৱাৰ ৰ’দটো লৈ যে কি মজা লাগে! গা মন একেবাৰে ভাল লাগি যায়।

বায়ে চাহ খাই উঠি মোক বিস্কুট খুৱাবলৈ আনিলে। মই নাখাওঁ বুলি মুখখন ঘূৰাই ঘূৰাই দিলোঁ। ৰাতিপুৱা খনতে কিনো কটিয়াই থাকে জানো বায়ে, মই বৰ বেয়াপাওঁ মানে। মোৰ খাবৰ মন নাযায়। পিছে বাজনীলে বেয়াই লাগে। ইমান হেঁপাহেৰে খুৱাবলৈ আহে মোক। বালে বেয়া লাগিয়েই বিস্কুট দুটা খালোঁ আৰু।

তেনেতে আমাৰ ঘৰত কাম কৰা ককাই আহিল। মই ফূৰ্তিত আত্মহাৰা হৈ পৰিলোঁ। বৰ ভাল লাগে মোৰ ককাইক। মাহঁত ক’ৰবাত ওলাই গলে মই ককাইৰ লগতে থাকোঁ। ৰাস্তাৰ ফালে চাই থাকিলোঁ। এইবাৰ আহিল মাৰ অফিছৰ চাবি নিবলৈ অহা বাইদেউজনী। মই বৰ ভালপাওঁ তেওঁক। আহিলে মোক অকণমান মৰম নকৰাকৈ নাযায়।

লাহেকৈ ১০ বাজিবৰ হ’ল। ভিতৰত খানা বনিছে। মই গোন্ধ পাইছোঁ। ইহঁতে ভিতৰত খালেই কিজানি। মই চিঞৰ বাখৰ লগাই দিলোঁ। বায়ে মোক ভিতৰলৈ লৈ গ’ল। নাই, খোৱা নাই দেখোন ইহঁতি। মই এনেই চিঞঁৰিলো খকুৱাৰ নিচিনাকৈ। অকণমান লাজ ও লাগিল। তেনেতে মায়ে ভাত আনিলে দাদা আৰু মালৈ। বায়ে মোকো ভাত দিলে। বায়ে নিজে চোন খাবলৈ একো অনাই নাই । বাক এৰি মই কেনেকৈ খাওঁ এতিয়া। বাক মাতিলোঁ। বায়ে দেখোন মেগী বনাই আনিছে। মোৰ খং উঠি গ’ল। চালা মোক ভাত দিছ, আৰু নিজে মেগী খাইছ। মই খঙতে মুখখন ঘূৰাই থৈ দিলোঁ। বায়ে মোক ধুনু মুনু খোৱা খোৱা বুলি বহুত জোৰ কৰিলে। মই নাখালোঁ। এইবাৰ বায়ে মেগী অকণমান দিলে। মই কটপ কে খাই থলোঁ। আকৌ বায়ে মেগী অকণমান মোৰ ভাতৰ ওপৰত দি দিলে। মই মেগীকণহে খালোঁ অকল। ভাত কেইটাত নুচুলোঁৱেই।

খোৱা পৰ্ব সিমানতে সামৰি বাহিৰলৈ ওলাই আহিলোঁ। জোৰকৈ হাগু কৰিব লাগিল। লৰা লৰিকৈ গৈ আমাৰ বাৰীৰ সৰিয়হৰ তলিতে বহিলোঁগৈ। এইটো আজিকালি মোৰ পাৰমানেন্ট হাগু কৰা ঠাই। পিছে এইয়া কি! ককায়ে দেখোন মোক খেদি আছে। কি ঔ এইডাল। দেখা নাই মই হাগু কৰিবলৈ আহিছোঁ। দিগদাৰ নকৰ। তেতিয়াহে দেখিলোঁ ককাইয়ে সৰিয়হ চপাইছিল আৰু মই তাতে হাগু কৰি দিলোঁ। হ’ব দে তই এতিয়া এইসোপা চাফা কৰি থাক বুলি তাৰ পৰা মই উধাও হ’লোঁ।

মা অফিচলৈ যাবলৈ ওলাল। দাদায়ে থ’বলৈ ওলাল বাইক লৈ। মই গেটৰ ওচৰলৈকে মাহঁতক আগবঢ়াই দি মাহঁত নেদেখা হোৱালৈকে চাই থাকিলোঁ। তাৰপাছত আহি আগফালে বাৰাণ্ডাতে ধুনীয়া কৈ বহি আছিলোঁ। চকুকেইটা টানি ধৰিলেই। ইমান ধুনীয়া টোপনি এটা আহিছিল। অকণমান শুইয়েই ললোঁ। বায়ে ইফালে খুটুং খাটাংকৈ ভিতৰত কিবা কামত লাগিছিল। চিলমিল কৈ মোৰ টোপনিটো আহিছিল হে, তেনেতে ঘপককৈ আগফালৰ মানুহ ঘৰৰ বগৰী গছজোপা জোৰকৈ লৰি উঠিল। মই চিঞৰি উঠিলোঁ। বান্দৰ আহিছে বান্দৰ। বা বা, মই সিহঁতক খেদিবলৈ যাওঁ। নহ’লে সিহঁতে আমাৰ বাৰীত সোমাই পাছলিবোৰ নষ্ট কৰি পেলাব।

বা ওলাই আহি দেখিলে সেয়া বোলে বান্দৰ নহয়। সিহঁতৰ ঘৰৰ ল’ৰা ছোৱালী কেইটাই হেনো বগৰী সৰাবলৈ গছজোপা লৰাইছে। চালা অতপালি মখা এনেই মোৰ টোপনি ভাঙিলি। তহঁতক ওচৰত পোৱা হ’লে মজা দিলোঁহেঁতেন ৰ’!

লাহেকৈ দুপৰীয়াৰ ভাত খাবৰ হ’ল। বায়ে ভিতৰত কিবা বনাইছে, ধুনু ধুনু গোন্ধাই আছে। মই টুফান দৌৰ মাৰিলোঁ ভিতৰলৈ। একেবাৰে আহি পাকঘৰৰ দুৱাৰ মুখত হে ব্ৰেগ মাৰি ৰলোঁহি। মোৰ যে আজি বৰ ভোক লাগিছে পায়। ৰাতিপুৱা ভাত কেইটা নোখোৱাৰ ফল পাইছোঁ। বায়ে লাহেকৈ ভাত বাঢ়ি আনিলে। দাদাও ইতিমধ্যে আহি গা পা ধুই আজৰি হৈছিল। বা, মই আৰু দাদায়ে একেলগে ভাত খালোঁ। বায়ে আজি আমলেট বনাইছিল। পেট ভৰাই খালোঁ দুপৰীয়াৰ সাজ। তাৰ পাছত আগফালে বহি ৰ’দ লৈ লৈ মা আহিব বুলি ৰাস্তালৈ চাই ৰ’লোঁ।

৪ মান বজাত মা আহিল। মোৰ যে মনটো ইমান ফূৰ্তি লাগিল। নাচি-বাগি মাক ৰাস্তাৰ পৰা আগবঢ়াই আনিলোঁগৈ। ভিতৰলৈ আহি থাকোঁতে মাৰ আগত ডলফিনৰ দৰে জঁপিয়াইয়ে আহিলোঁ। মায়ে ভালকৈ বহি লৈ মোক মৰম কৰি দিলে। এইকণ মৰমৰ বাবেই যে মই দিনটো বাট চাই থাকোঁ। মায়ে ভাত খাওঁতে লগতে মই ও অকণমান খালোঁ। মাৰ ভাগৰ ভাত যে কি টেষ্টী।
ভাত খাই উঠি মায়ে বাৰ লগত শুলে অকণমান। মই চিঞঁৰি উঠিলোঁ। বাক মৰম নকৰিবা মা, মোক কৰা। মায়ে বাক মৰম কৰে নেকি চাবলৈ মই ও ওচৰতে শুই থাকিলোঁ।

শুই উঠি বায়ে চাহৰ লগত খাবলৈ পকৰী বনালে। মই পাকঘৰৰ মুখত বহি বালৈ একেথৰে চাই থাকিলোঁ। পকৰীৰ সৈতে চবেই মিলি চাহ খালে। মই ও পকৰী আৰু ব্ৰেড খাই মোটোকা মাৰি মোৰ বিচনাতে শুই পৰিলোঁ।
কি যে আপদীয়া বৰষুণসোপা দি আছে নহয়! মই ঠাণ্ডাত থাকিব পৰা নাই। দাদায়ে আকৌ আজিকালি গৰম দিন আহিলে বুলি জুই নধৰায়ে হ’ল। জুই অকণ জ্বলোৱা হ’লে কিমান যে ভাল লাগিলহেঁতেন! এতিয়া আৰু উপায় নাই বুলি বিচনাত উঠি শুলোঁ ভালকৈ।

একেবাৰে মায়ে ভাতৰ কুকাৰ খোলোতেহে সাৰ পালোঁ। ৰাতিৰ ভাত শুদা আছিল যদিও কেইটামান খালোঁ। নাখালে যে ৰাতিটো ভোকত থাকিব লাগিব।

ভাত খাই উঠি দাদাৰ লগত চুচু কৰিবলৈ গ’লোঁ। প্ৰথমে বৰষুণৰ কাৰণে বাৰাণ্ডাৰ পৰা নমা নাছিলোঁ। পাছত মায়ে পাছফালৰ পৰা খেদাত লৰালৰিকৈ গৈ ধনীয়াদৰাৰ ওচৰতে চুচু কৰি আহিলোঁগৈ।

ঘূৰি আহি মাৰ ওচৰত হাজিৰ হ’লোঁহি। মায়ে মোক মৰম কৰি দিলে। ভাত খাই উঠি মাৰ মৰমকণ পালেহে মোৰ ভাতকেইটা হজম হয়। দাদাক মাৰ ওচৰলৈ আহিব নোৱাৰাকৈ ৰাস্তাটো ভেটি আছিলোঁ। তেনেতে দাদা আহি মোৰ আৰু মাৰ মাজত সোমাই দিলেহি। সি সদাই এনেকুৱা কৰে। তাৰ গাত জঁপিয়াই জঁপিয়াই তাৰ লগত অলপ যুদ্ধ কৰিলোঁ। লাষ্টত সি হাৰ মানি মাৰ ওচৰৰ পৰা আঁতৰি গ’ল। কিযে মজা লাগিল। নিজকে একদম ঝান্সী ৰাণীৰ দৰে ফিল হ’ল। মা মোৰ অকল মোৰ। তাৰ বাহিৰে মই মাক কাকো ল’বলৈ নিদিওঁ।

হাইও! টোপনি আহিছে আৰু পাই। শুবৰ হ’ল। ধুনীয়া কৈ গৈ বিচনাত উঠিলোঁগৈ। বায়ে চুমা এটা খাই গুড্ নাইট বুলি কৈ শুবলৈ গ’ল। আহঃ কিমান যে ভালপায় মোক চবেই। নাপাবই বা কিয়? মই যে দাদা আৰু বাৰ মৰমৰ অকণি ভন্টী আৰু মাৰ কণছোৱালী। মইও জানো কম ভালপাওঁ ঘৰখনৰ মানুহবোৰক। মাৰ ভাষাত মই আছোঁ বাবেইটো ঘৰখন ঘৰ হৈ আছে। এতিয়া শোওঁ দেই।

এইয়া নেজডাল ভালকৈ পাৰি লৈছোঁ। ধুনীয়াকৈ ৰাতিটো শুম বুলি। ভৌওওও ভৌওওও। বাই বাই। ঘৰৰৰৰ….ঘৰৰৰৰ…।

☆★☆★☆

Leave a Reply

Your email address will not be published.