ফটাঢোল

ডক্টৰ চাব – বিশ্বজ্যোতি দেৱমহন্ত

বিয়াৰ পিছত ন-কইনাৰ স’তে প্ৰথমবাৰৰ বাবে দূৰলৈ যাবলৈ ওলাইছোঁ। বিয়াৰ বাবে দীঘলীয়াকৈ ছুটী পোৱা নাছিলোঁ। বিহুৰ বন্ধ, দেওবাৰ, তিথি… এইবোৰ মিলায়েই ইঘৰ-সিঘৰ মিতিৰ ফুৰা শেষ হৈ আহিছিল। মান ধৰা, বোৱাৰী দেখুওৱা, জোৱাই চিনাকি হোৱা এইবোৰনো কি লাহে লাহে ভালকৈ বুজি উঠিছো। এইবাৰ শেষ গুৰুত্বপূৰ্ণ লক্ষ্য স্থান বেংগালুৰু। বেছি পলম হোৱাৰ আগতে জেঠেৰীৰ ঘৰলৈ যাবই লাগিব। কামাখ্যা- যশোৱন্তপুৰ এ চি এক্সপ্ৰেছত উঠি নিজৰ ছীট কেইটা বিচাৰি লৈ ছিটৰ তলত লাগেজবোৰ ভৰাই থৈ চেইনডালেৰে তলাটো মাৰি দিলোঁ। টু-টায়াৰৰ মাজৰ ছিট পাইছোঁ, ভালেই।

ট্ৰেইনখন এৰাৰ আগতে ন-কইনাক ছীটত বহুৱাই ডবাৰ বাহিৰত লগোৱা লিষ্টখন আকৌ এবাৰ চাই আহিলোঁ। ঠিকেই আছে। ৯নং আৰু ১০ নং ছীট। ডঃ বি বৰা, মে’ল, ৩২ বছৰ আৰু মিছেছ ডি বৰা, ফিমেল, ২৯ বছৰ। যি হওঁক, আকৌ এবাৰ নিশ্চিত হ’লো। দীঘলীয়া যাত্ৰা, সহযাত্ৰী ভাল নহ’লে যাত্ৰাটো বৰ আমনিদায়ক হ’ব। তাতে লগত আছে সদ্য পৰিণিতা পত্নী। সমুখৰ ছীট দুটা খালি, হয়তো এন জে পিত উঠিব। খিৰিকীৰ কাষৰ দীঘলীয়া ছীট দুটাত এহাল কানাড়া দম্পতী। হওক তেও, একেবাৰে বেয়া নহব। ট্ৰেইনখন চলিলে এনেয়েও সকলোৱে নিজৰ ভাগেৰেই যাব। মোৰো মনটো উগুল ঠুগুল লাগি আছিল। বিয়াৰ পিছত এনেকৈ হ’লেও আত্মীয় স্বজন নোহোৱাকৈ দুদিনমান ন-কইনাক ওচৰতে পাম।

ট্ৰেইনখন নিউ বঙাইগাঁও ষ্টেচন পোৱাৰ আগতেই টি টি আহিল। কামিজৰ ওপৰৰ পকেটত টিকটটো ৰাখিছিলোঁ, আই দি প্ৰুফৰ সৈতে আগুৱাই দিলোঁ। তেওঁ এবাৰ টিকটটোলৈ আৰু এবাৰ মোলৈ চাই হয়তো স্বভাৱ বশতঃ সুধিলে, — নাম? মই টিকতত থকাৰ দৰেই ক’লো,– ডঃ বি বৰা ঔৰ মিছেছ ডি বৰা। খিৰিকী কাষৰ পৰিয়ালটোৰ মহিলা গৰাকীয়ে এবাৰ আমালৈ চোৱা যেন লাগিল। টি টি জনে আমাক টিকট কেইটা ওভটাই দি গ’লগৈ।

সংসাৰৰ বাটত আমি দুয়ো নতুনকৈ একেলগে খোজ ৰাখিছোঁ। কিমান যে কথা পাতিব পাৰিম চাগে’! হ’ব, লৰালৰি নাই, এই দুদিনটো আমি নিজৰ মাজত কথা পাতিয়েই যাব লাগিব। পিছফালৰ ছীটত কোনোবাই জুবিনৰ গান লগাইছে। অলপ দূৰত পৰিয়াল এটাই ডাঙৰ ডাঙৰকৈ কথা পাতিছে, শব্দবোৰ অস্পষ্টকৈ উৰি আহিছে। ইতিমধ্যে শ্ৰীমতীয়ে চুৰিদাৰ আৰু মই কাৰ্গো পেন্টটো পিন্ধি লৈছিলোঁ। শ্ৰীমতীয়ে খিৰিকীৰ কাষত বহি বাহিৰলৈ চাই গৈছে। মই চেগ বুজি স্ক্ৰীন খন টানি তেওঁৰ কাষতে দীঘল দি তেওঁৰ হাতখন আনি মোৰ চুলি কেইডালত লগাই দিছোঁ। লাহে লাহে চিলমিলকৈ টোপনিৰ আবেশে আগুৰি ধৰিব আৰম্ভ কৰিছে…
:– ডক্টৰ চাব, ডক্টৰ চাব।
মই কিবা অনুমান কৰিব পৰাৰ আগতেই শ্ৰীমতীয়ে হেঁচুকি দিলে।
:– তোমাকেই মাতিছে।
মই চাই পঠিয়ালো। কাষৰ ছীটৰ পুৰুষ গৰাকী। — ইয়াৰ আকৌ কি হ’ল?
:– জী বোলিয়ে।
:– ছাৰ আপকে পাছ গেছট্ৰিক কা দৱাই হোগা ক্যা?
:– হাঁ হ্যে। কিছকো চাহিয়ে?
:– মেৰে ৱাইফকো। য়াহা তো মিলেগা নেহী, ইচলিয়ে…।
দূৰলৈ আহিলে প্ৰয়োজনীয় ঔষধ নিজৰ লগত ৰাখিবই লাগে। এই মানুহবোৰে যে কি সাহসত ঔষধ নোহোৱাকৈ ইমান দীঘল যাত্ৰা কৰিব পাৰে? নিজৰ দূৰদৰ্শীতাৰ ওপৰত অলপ অহংকাৰ উপজিল।
:– হ্যা হেঁ। অভি ম্যেঁ এক টেবলেট দেতা হুঁ, কম ন্যহী হোনে সে কল এক দুসৰা দে দুঁগা।
দৰাচলতে বিয়া পতাৰ পিছত আন নহ’লেও গেছট্ৰিক, বদ হজম, এচিডিটি.. এনে ধৰণৰ বিষয়ৰ ক্ষেত্ৰত একপ্ৰকাৰ মহাৰথ লাভ কৰিছোঁ বুলিয়েই আত্মবিশ্বাস গঢ় ল’বলৈ আৰম্ভ কৰিছেই।
:– থেংক ইউ ছাৰ।
মানুহজনে সম্ভ্ৰমসূচক ভাবেই নিজৰ ছীটলৈ গৈছিল। পিছদিনা সমুখৰ ছীট দুটাত নতুন মানুহ আহিল। সময়ে সময়ে নতুন টি টি আহিছে, টিকত চাইছে। দিনটো বংগ আৰু উৰিষ্যাৰ শুকান ঠাইবোৰৰ মাজেৰে গৈ আছিলোঁ। আমি দুয়ো ফিল্ম মেগাজিন পঢ়িছোঁ, গল্প-গুজব কৰিছো, প্লেটফৰ্মত কিবা খোৱা বস্তু কিনিছো। শ্ৰীমতীয়ে মাজে সময়ে হকাৰৰ সামগ্ৰী চাইছে, কেতিয়াবা কিনিছে। ময়ো বাধা দিয়া নাই। ৰাতি প্ৰায় ১০.৩০ বজাত বিজয়নগৰমৰ পৰা ট্ৰেইনখনে গতি লোৱাৰ পিছতে নতুন টি টি গৰাকী আহিল। স্ক্ৰীনখনৰ মাজেৰে গদৰ বপুৰ চেহেৰাটোৰ আধা সুমোৱাই দি গলগলীয়া মাতেৰে সুধিলে
:– আপ মে চে ডঃ বি বৰা কৌন হ্যেঁ?
উৱা! কি হ’ল আকৌ?
:– জী ম্যেঁ হুঁ।
:– আপ এক মিনিট মেৰে সাথ আইয়ে।
এইবোৰ দক্ষিণ ভাৰতীয় মানুহ। কিহতবা ভুল উলিয়ায়! ছেঃ, নতুন মানুহজনীৰ আগত লাজত নপৰিলেই হ’ল আৰু!
:– কিউ…? ক্যা হুৱা…?
পত্নীয়ে বিস্ময় ভৰা কৌতূহলেৰে মোলৈ চাই আছে।
:– আইয়েতো।
আই ঔ, যি হে কৰ্কষ মাত। যেন স্কুলৰ বেলত কোনোবাই হাতুৰীৰেৰে কোবাই আছে।
:– কি হ’লনো? তুমি ক’লৈ যাব লাগে?
শ্ৰীমতীয়ে থোকাথুকি মাতেৰে সুধিলে।নিজৰ সমস্ত উৎকণ্ঠা লুকুৱাই থৈ তেওঁক অভয় দিলোঁ।
:– একো নহয় ৰ’বা। চাওচোন। কি বা হ’ল ইয়াৰ! মই সোনকালেই আহি আছোঁ।
ছচমাযোৰ পিন্ধি লৈ টি টি জনৰ পিছে পিছে আগবাঢ়িলোঁ। আকৌ সেই একেই প্ৰশ্ন
:– আপ ডঃ বৰা হী হ্যেঁ না?
এইবাৰ মই বিৰক্ত হ’লো। এই ৰাতিখন আধা ঘূমতিৰ পৰা জগাই আনিছে কেৱল এইটো সুধিবলৈয়ে! ই টি টি নে চি বি আইৰ অফিচাৰ? অলপ বিৰক্তিৰে ৰূঢ় ভাবে ক’লো
:– হ্যা হুঁ। কোই শক?
:– ছাৰ খাৰাপ মত পাইয়ে। অভী নেক্সত বড়া ষ্টেচন আয়েগা বিজয়ৱাড়া। ও ভী পহুঁছতে পহুঁছতে সুবহ হো যায়েগা। য়হ চিৰ্ফ আপ হী কৰ সকতে হ্যেঁ।
ট্ৰেইনখন নিজৰ সময়মতে গৈ আছে, গৈ থাকিব। মই কি কৰিব পাৰোঁ? মই কিবা ৰেলৱে মিনিষ্টাৰ নে ষ্টেচন মাষ্টৰ? একো নুবুজি বিৰক্তিৰে সুধিলো
:– আপ বতাইয়ে না ক্যা কহনা চাহতে হ্যেঁ।
:– অগলে কমপাৰ্টমেন্ট মে এক এজেড ঔৰত কী টবিয়ত অচানক খৰাপ হো গয়া। আপনে কল এক ঔৰত কা ইলাজ কিয়া থা না, ইচলিয়ে….
টি টি জনে কি ক’ব বিচাৰিছে মই বুজি পালোঁ। তেওঁ আৰু কিবা কৈ গৈছিল। মই নুবুজিলো। কেৱল মোৰ নিজৰ মাতটো আৰু অলপ ডাঙৰ কৰি ক’লো
:– আপকো শায়দ গলত ফেমী হুৱা হ্যেঁ। আপ যো ছোচ ৰহে হ্যেঁ, ম্যেঁ ও ন্যহী হুঁ। ম্যেঁ আদমী কা ডক্তৰ নেহী, কিতাপ কা….
কথাখিনি কৈ কৈয়েই মই নিজৰ ছীটলৈ খৰখেদাকৈ বাট পোনালো।

☆★☆★☆

4 Comments

  • হাঃ হাঃ ডাঃ হ’লে য’তে ত’তে বেমাৰী ওলায়।
    কিন্তু সেই সময়ত আপোনালোকে চুলেই বেমাৰ ভাল হ’ব বুলি নিশ্চিত হোৱা যায়।
    ভাল লাগিল ।

    Reply
  • ৰাজীৱ শৰ্মা

    হ’লেও এনে পৰিস্থিতিত কিবা এটা কৰিব পৰাটোও আনন্দদায়ক ।

    Reply
  • জ্ঞানদীপ খনিকৰ

    ভাল জমনি দেই.. এনেয়ে যাব লাগিছিল.. ডাক্টৰ বুলিলে এনেয়েই বেমাৰ ভাল হয়..

    Reply
  • কুকী কল্পিতা মহন্ত

    হা হা। কিতাপৰ ডাক্তৰ।

    Reply

Leave a Reply

Your email address will not be published.