ফটাঢোল

ডাক্তৰ: ডা° পাৰ্থসাৰথি ভূঞা

বৰ্তমান অসমত ডাক্তৰ সকলৰ প্ৰতি বহুতৰে ভাল ভাব নাই। এসময়ত ভগৱানৰ শাৰীত ৰখা ডাক্তৰ সকলক এতিয়া বহু মানুহে অহংকাৰী, বেপাৰী, ডকাইত আদি শব্দৰে গালি পাৰিয়েই থাকে, যিটো ছচিয়েল মিডিয়াত বেছিকৈ দেখা যায়। মোৰ দেউতাও এজন চিকিৎসক, তেওঁলোকৰ দিনত অত্যাধুনিক যন্ত্ৰপাতি বা পৰীক্ষা আদি নাছিলেই। ষ্টেট’স্কপ আৰু প্ৰেচাৰ জোখা যন্ত্ৰৰেই ৰোগীৰ ৰোগ অনুমান কৰি ঔষধ পাতি দিয়াৰ পাছতো যদি ৰোগী নাবাচে, মানুহে কৈছিল, ডাক্তৰে যত্ন কৰিছিল কিন্তু আয়ুসত চাউল নাই আৰু!

তেতিয়া ডাক্তৰ এজনক সকলোৱে যথেষ্ট সন্মান কৰিছিল। গাঁৱৰ ডাক্তৰক, গাঁৱত পতা বিহুৰ পতাকা উত্তোলন কৰিবলৈ মাতিছিল আৰু ভাওনা আদিতো ভাও দিছিল। এবাৰ এখন গাঁৱত হ’বলগীয়া ভাওনাত, হিষ্ট পুষ্ট ডাক্তৰ গৰাকীক ভীমৰ ভাও ল’বলৈ দিলে। পিচে ব্যস্ততাৰ বাবে ডাক্তৰে আখৰা কৰিবলৈ সময়েই নাপালে। ভাওনাৰ দিনা প্ৰমতাৰে বোলে, হ’ব দিয়ক ছাৰ, এইভাগ ভাওনাত ভীমৰ বেছি ভাও নাই, আপুনি প্ৰৱেশ কৰাৰ পিছত মই কি কওঁ মন দি শুনি, তাকেই সুৰ লগাই বচন মাতি যাব।

সময়ত ভীমৰ প্ৰৱেশৰ সময় হ’ল, ডাক্তৰক যাওক যাওক বুলি মঞ্চলৈ ঠেলা মাৰি দি প্ৰমতাৰে ক’লে, ঐচন প্ৰকাৰে ভীমৰ প্ৰৱেশ ভৈল! ডাক্তৰেও মঞ্চত গদা ঘূৰাই তামাম নাটকীয় ভঙ্গীত বোলে, হাঃ হাঃ, ঐচন প্ৰকাৰে ভীমৰ প্ৰৱেশ ভৈল। প্ৰমতাৰে বোলে, হেই এইখিনি ব্ৰেকেটৰ ভিতৰতহে আছে! ডাক্তৰে আকৌ বচন মাতিলে, হেই এইখিনি ব্ৰেকেটৰ ভিতৰতহে আছে। প্ৰমতাৰে মূৰে কপালে হাত দি বোলে, খালে খালে, ইছকিন টান, ইছকিন টান। ডাক্তৰেও মানুহৰ হাঁহি কিৰিলিক আওকাণ কৰি গদা ঘূৰাই ঘূৰাই বোলে, হাঃ হাঃ হাঃ, খালে খালে, ইছকিন টান, ইছকিন টান!

আচলতে ডাক্তৰক ভগৱানৰ শাৰীত ৰখাটোৱেই ভুলটো হ’ল। বহু মানুহে অনুভৱ নকৰে যে ডাক্তৰজনো আন সকলোৰে দৰে তেজ মঙহেৰে গঢ়া এজন মানুহ। তেওঁৰো এটা ব্যক্তিগত জীৱন, আবেগ অনুভূতি আছে। বাহ্যিক ভাবে গাড়ীয়ে ঘৰে সুখী যেন লাগিলেও কোনো সময়ত তেৱোঁ নানা ব্যক্তিগত সমস্যাত ভাৰাক্ৰান্ত হৈ থাকিব পাৰে। প্রতিটো বৃত্তিতে কিছু অসৎ লোক থকাৰ দৰে, প্ৰতিজন ডাক্তৰেই সম্পূৰ্ণ সৎ বুলি মই ক’বলৈ যোৱা নাই। এই ভোগবাদী, বস্তুবাদী সমাজত লোভ, মোহ আদি নিশ্চয় তেওঁলোকৰো আছে, কিন্তু জানি শুনি ৰোগীৰ শাৰীৰিক অনিষ্ট কৰিবলৈ কোনো ডাক্তৰেই নাযায় বুলি মোৰ দৃঢ় বিশ্বাস। “টু য়েৰ ইজ হিউমেন” গতিকে ভুল কাৰোবাৰ হ’ব পাৰে, কিন্তু সেয়া অজানিতে।

আমাৰ মানুহে অসমৰ বাহিৰৰ ডাক্তৰ সকল, খুব ভাল আৰু সকলো কথা ভালদৰে বুজাই দিয়ে বুলি কয়। হয়, কিন্তু সেয়া বাহিৰৰ দামী দামী ব্যক্তিগত চিকিৎসালয় কেইখনতহে। প্ৰতিজন ৰোগীৰ পৰা পোন্ধৰশ টকামান ফিজ লৈ, এচি ৰুমত বহি দিনটোত পোন্ধৰজন পেছেণ্ট চোৱা ডাক্তৰ সকলৰ নিশ্চয় মগজু শীতল হৈ থাকে। মোৰ দিল্লীত দুবছৰ চৰকাৰী হস্পিটেলত কাম কৰাৰ অভিজ্ঞতাৰে কওঁ, সেই হস্পিটেল বিলাকত পেছেণ্টৰ ভিৰৰ কোবত ৰোগীৰ অসুবিধাটো শুনি, গাত হাত নিদিয়াকৈয়ে দৰব লিখি দিয়াও দেখিছোঁ। আমাৰ ইয়াৰ প্ৰতিখন চহৰতে ৰোগী অনুপাতে ডাক্তৰৰ সংখ্যা কম। সেয়ে প্ৰতিজন ডাক্তৰে( ভাল ডাক্তৰে?) বেছি বোজা ল’ব লগা হয়। সেয়ে এজনে বহুত ভাল পাই, আন এজনক সেই একেজন ডাক্তৰৰ ওচৰলৈ পঠিয়ালে, কেতিয়াবা আকৌ তেওঁ আহি, কাৰ ওচৰলৈ পঠিয়ালে, ডাক্তৰৰ ব্যৱহাৰ বৰ বেয়া বুলিও ক’বহি পাৰে।

ডাক্তৰৰ ব্যৱহাৰ বেয়া, এই কথাটো প্ৰায়ে শুনা যায়। কেতিয়াবা হয়তো, কামৰ বোজা বা মানসিক কিছু অশান্তিৰ বাবে কাৰোবাৰ মন ইমান শান্ত হৈ নাথাকিবও পাৰে। তেনে সময়ত কিছুমান আমনিদায়ক প্ৰশ্নই বেছি আমনি দিয়ে। শিশু বিশেষজ্ঞ এজনে কৈছিল, ভালদৰে চাই, দৰব লিখি দিয়াৰ পাছত সোধে, এইবিলাক খুৱালে একো চাইড এফেক্ট নহয়টো? নাই নাই, একো নহয় বুলি কোৱাৰ পাছতো কেতিয়াবা আকৌ কিছুমানে কয়, মানে সৰু ল’ৰা যে, একো নহয়টো, “ছিৱৰ” ন? তেতিয়াও কিছু ডাক্তৰৰ খং উঠে, যদি কৈ দিয়ে বোলে, মই শিশু বিশেষজ্ঞ, এইবিলাক দৰব শিশুৰ বাবেই, আৰু বেমাৰত দৰব খুৱাবলৈ ইমান চিন্তা, কিন্তু চিপছ, কুৰকুৰে, কিণ্ডাৰ জয়, এইবিলাক যে দৈনিক কিনি কিনি খুৱাই, তাৰ চাইড এফেক্ট কি কেতিয়াবা ভাবিছেনে? তেতিয়াই, সেই ডাক্তৰজনৰ ব্যৱহাৰ বেয়া!

এবাৰ এজন ৰোগীক ডাক্তৰে প্ৰেছক্ৰিপচন লিখি দি, কি কি খাব লাগে, নালাগে সকলো বুজালে, ৰোগীৰ অভিভাৱকেও কেইবাটাও খাদ্যবস্তুৰ কথা, খাব পাৰিব নে নাই সুধিলে। তেওঁক বিদায় দি, আন এজন পেছেণ্ট চাই থাকোঁতে, অভিভাৱকজন আকৌ সোমাই আহিল, বোলে ডাক্তৰ আৰু এটা কথা সুধি যাওঁ, ডালিম খাব পাৰিব নে? ডাক্তৰজনে অলপ বিৰক্তিৰে ক’লে, এটা কাম কৰিব, আপোনালোকে ঘৰত কি কি খাই এখন তালিকা লিখি আনি মোক দিবহি, মই খাব পৰা কেইটা টিক মাৰি দিম। তেখেত বাহিৰলৈ ওলাই গৈ, লগৰ জনক ক’লে, ডাক্তৰটোৰ ব্যৱহাৰ বৰ বেয়া হে!

কেতিয়াবা কোনো ডাক্তৰৰ অজানিতেও, তেওঁ বহা ফাৰ্মাচী বা চেম্বাৰৰ মালিকে কিছুমান ৰিক্সাৱালা, অ’টৱালা আদিক দালাল হিচাপে নিয়োগ কৰে। দালাল থকা ডাক্তৰ বুলি তেওঁ এনেই বদনাম হয়। পিচে তাৰ মাজতে, এজনো ডাক্তৰ এনে কামত প্ৰত্যক্ষ ভাৱে জড়িত নাই বুলিও নকওঁ। এনে দালালে কেতিয়াবা সাংঘাতিক কাণ্ড কৰে। গাঁৱৰ পৰা কোনোবা এজন নিৰ্দিষ্ট ডাক্তৰ বিচাৰি অহা লোকক, সেইজন নাই বুলি নিজৰ ডাক্তৰ জনৰ ওচৰলৈ লৈ যায়। কেতিয়াবাটো সেইজন ডাক্তৰ কেইদিনমানৰ আগতে ঢুকাল বুলি কোৱাৰ দৰে ঘটনাও ঘটে।

এবাৰ এজন ডাক্তৰৰ ওচৰলৈ, গাঁৱৰ ফাৰ্মাচী এখনৰ মালিক এজনে ৰোগী এজন পঠিয়ালে। তেওঁ পিচে ডাক্তৰজন ভাল বুলিয়েই গাঁৱৰ মানুহক তেখেতৰ ওপৰলৈ পঠিয়াই, বেলেগ স্বাৰ্থ নাই। ৰোগী গৈ দালালৰ পাল্লাত পৰিল। সেইজন ডাক্তৰ ঢুকাল বুলি কৈ বেলেগ এজনৰ ওচৰলৈ লৈ গ’ল। বেমাৰ দেখুৱাই ঘূৰি আহি মানুহজনে ফাৰ্মাচীৰ মালিকক কথাটো ক’লে। তেওঁ শুনি আচৰিত হ’ল, লগতে আকৌ বিশ্বাস কৰিবও পৰা নাই, কাৰণ দুদিনমানৰ আগতে তেওঁ ডাক্তৰক লগ পাই আহিছিল। সেয়ে সন্ধিয়া সময়ত ডাক্তৰৰ ফোন নম্বৰটোত ফোন এটা কৰিলে। সেই সময়ত আকৌ ডাক্তৰে তেওঁৰ ঘৰৰ চাদত, টাবতে লগোৱা ভেন্দি, নেমু, বিলাহী আদিৰ পুলি বিলাকৰ আপডাল কৰাত ব্যস্ত আছিল। ফোনটো আছিল তেওঁৰ ৰুমত, সেয়ে ফোন বাজোতে ডাক্তৰৰ পত্নীয়ে ধৰিলে। মানুহজনে বোলে, অ, বাইদেউ, মানে আমাৰ নাথ ছাৰ ক’ত? ডাক্তৰৰ পত্নীয়ে বোলে, ছাৰ ওপৰত! তেওঁ অহঃ অহঃ, বুলি কৈ কিনো কওঁ ভাবি নাপাই ফোনটো থৈ দিলে। ভাবিলে, কথাটো মানে হয়, বাইদেৱেও ক’লে, ছাৰ এতিয়া ওপৰত! কেইদিনমানৰ পাছত যেনিবা মাত এষাৰ লগাই আহোঁ বুলি তেওঁ ডাক্তৰৰ ঘৰ গৈ পোৱাতহে উৰহী গছৰ ওৰ ওলাল!

মই পেথ’লজিষ্ট হিচাপে ৰোগীৰ লগত প্ৰত্যক্ষ সম্পৰ্ক কম, কিন্তু বহুতে তেজ পৰীক্ষাৰ ৰিপোৰ্টটো লৈ, এবাৰ ঠিকে আছে নে নাই চাই দিয়ক বুলি কয়। মইয়ো চাই বুজাই দিওঁ, ধন্যবাদ দি যায়গৈ। আমি এইবিলাক কামেই কৰি থাকোঁ বাবে এটা ৰিপোৰ্ট চাওঁতে আমাক বেছি সময় নালাগে, কাৰণ তাত লিখা থকা আনুষংগিক কথা বিলাক আমি পঢ়িবলগীয়া নাথাকে। এবাৰ এজন ৰোগীৰ অভিভাৱকে মোক এটা ৰিপোৰ্ট চাই দিয়ক বুলি ক’লে, চাই ক’লোঁ, নৰ্মেল আছে! তেওঁ অলপ কাঢ়াকৈ ক’লে, ভালকৈ চাই দিয়ক, ইমান টকা দি কৰোৱা ৰিপোৰ্টটো চাবলৈ এক মিনিটো নালাগিল যে আপোনাৰ? মোক আকৌ ভগৱানে খং বোলা বস্তুটো কমকৈ দিছে, সেয়ে নম্ৰভাবেই ওপৰত লিখা কথাখিনি বুজাই দিলোঁ, পিচে মোৰ ঠাইত আন এজন থকা হ’লে হয়তো তৰ্কই লাগিলে হয়।

কেতিয়াবা পিচে কিছুমান মানুহৰ কথাই যথেষ্ঠ আমোদ দিয়ে, এদিন লেবৰ বাহিৰতে মানুহ এজনৰ লগত মুখামুখি হ’ল, মোক দেখি ক’লে,

“ছাৰ, মোৰ প্ৰস্তাৱ পৰীক্ষা কৰিব লাগিছিল৷”

মই ক’লোঁ,

“কি ক’লে বুজা নাই?”

হাতত লৈ অহা প্ৰেছক্ৰিপচনখন মোৰ ফালে আগবঢ়াই দি আকৌ ক’লে,

“প্ৰস্তাৱ পৰীক্ষা ছাৰ৷”

চাই দেখোঁ, এডভাইছড ইউৰিন ৰুটিন টেষ্ট বুলি লিখা আছে। কোনোমতে হাঁহিটো দমাই ক’লোঁ,

“ঠিক আছে, ভিতৰত কওক, বটল এটা দিব।”

যি কি নহওক, আমাৰ ডাক্তৰ সকলৰো দোষ আছে। মানুহ বিপদত পৰিয়েই ডাক্তৰৰ ওচৰলৈ যায়। গতিকে ৰোগীৰ কথাখিনি সহানুভূতিৰে শুনি পৰামৰ্শ দিবলৈ যত্ন কৰিব লাগে। সেই সময়ত নিজৰ ব্যক্তিগত জঞ্জালবোৰ আওকাণ কৰিব পৰাটো দৰকাৰী। আনহাতে ৰোগী বা ৰোগীৰ অভিভাৱকেও, ডাক্তৰে সকলো বুজাই উঠাৰ পিছত আকৌ কিছুমান অলাগতিয়াল প্ৰশ্ন কৰি ব্যস্ত ডাক্তৰজনৰ সময় খৰছ কৰা অনুচিত। বিশেষকৈ ব্যক্তিগত প্ৰশ্ন সোধা (বয়সস্থ কিছু মানুহে মহিলা চিকিৎসক পালে হ’লেই আৰু, ঘৰ ক’ত, বিয়া পাতিলে, ল’ৰা ছোৱালী কিমান, কত যে প্ৰশ্ন) আৰু ইণ্টাৰনেটৰ পৰা আহৰণ কৰা জ্ঞান ডাক্তৰৰ ওচৰত কৈ বহু কথা জনা দেখুৱাবলৈ গ’লে, ডাক্তৰজন বিৰক্ত হয়। ৰাইজক চিকিৎসক আৰু চিকিৎসা লাগিবই আৰু চিকিৎসক সকলৰো যিহেতু এইটো মানৱ সেৱাৰ লগতে বৃত্তি, গতিকে ৰোগী লাগিবই। সেয়ে দুয়ো পক্ষই সমিল মিলেৰে চলিবই লাগিব।

☆★☆★☆

17 Comments

  • parishmita

    মজ্জাহে হাঁ‌হি মৰিছো।

    Reply
  • ৰিণ্টু

    আটাইতকৈ বেছি মানুহৰ লগত সম্পৰ্ক ৰাখিব লগা হোৱা পেছা ডাক্তৰী, গতিকে ভিন্নধৰণৰ অভিজ্ঞতাৰ ভঁ‌ৰালো তেওঁলোকৰ চহকী।

    ভাল লাগিল পঢ়ি

    Reply
  • Sweet lena Das

    নিজৰ অভিজ্ঞতা ৰ পৰা কওঁ সম্পর্কীয় মানুহ এজন ঢুকাল বেমাৰ হয় পিছত গৈ লাগিল ঘৰৰ মানুহ বোলে ডাক্তৰ জনীৰ বাবেই মৰিল। প্ৰায়ে হয় এনে ঘটনা।

    Reply
  • মিতু

    আজিকালি অলপ জনাবোৰে গুগল চাৰ্চ কৰাটো বেছি আহে।

    Reply
  • Suntu

    ভাল লাগিল, ভালৰ লগতে নিজৰ তিক্ত অভিজ্ঞতা কিছুমানো আছে। লিখিম এবাৰ।

    Reply
  • ধৰিত্ৰী

    ভাল লাগিল।ডাঃৰ ব্যৱহাৰ বেয়া পোৱা নাই চৰকাৰী হস্পাটালৰ নাৰ্চৰ ব্যৱহাৰহে বহুত বেয়া পাইছো দাদা।

    Reply
  • Nitujit

    সুন্দৰ লিখনি ।পঢ়ি ভাল লাগিল ।

    Reply
  • অভিজিৎ কলিতা

    বৰ দৰকাৰী লিখনি। দুটামান ভুল ময়ো কৰোঁ‌ বুলি বুজিলো। অশেষ ধন্যবাদ

    Reply
  • সদানন্দ ভূঞা

    সুন্দৰ পৰামৰ্শ, সুন্দৰ আহ্বান ।

    Reply
  • Rajib Sarma

    ঘৰৰ ডাক্তৰ হ’লে আকৌ ঘৰৰ মানুহেই বিশ্বাস নকৰে।এবাৰ আমাৰ ঘৰৰ ওচৰৰে এজনৰ দূৰ্ঘটনা এটা হ’ল।তেখেতৰ পুতেক ডাক্তৰ, গতিকে লগালগ চিকিৎসা আৰম্ভ কৰিলে।Dressing,bandedge আদি।হ’লে কি হ’ব দেউতাকৰ বিশ্বাস নাই পুতেকৰ ওপৰত।সেয়ে ক’লে, সোমেশ্বৰ অ'( পুতেকৰ নাম) মোক বচাবলৈ মন আছে যদি চিকিৎসালয়লৈ লৈ যা।

    Reply
  • ভাল লাগিল পঢ়ি।

    Reply
  • ভাল লাগিল দাদা

    Reply
  • পঢ়ি ভাল লাগিল।

    Reply
  • পঢ়ি ভাল পালোঁ দাদা।

    Reply
  • ৰূপাঞ্জলী

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.