ফটাঢোল

ডাক্তৰ হ’ব খোজা ছোৱালীজনী — খনিন্দ্র ভূষণ মহন্ত

আমি তেতিয়া তৃতীয় ষাণ্মাসিকৰ ছাত্র। নতুন ‘চিনিয়ৰ’। স্বভাৱগতভাৱে ফটা লেবেল এটাই আহি গাত থিতাপি ল’লেহি। গতিকে নৱাগতসকলক য’তে-ত’তে, “ঐ ক্লাচ নাই নেকি?”, “ইয়াত কিয় ঘূৰি ফুৰিছ?”, “এতিয়ালৈকে বাহিৰত আছ যে!” জাতীয় হুমকিবোৰ উপহাৰ দি ফুৰিছিলোঁ। নক’লেও হ’ব যে এই সুৰটো নৱাগতাসকলৰ ওচৰত “তোমালোকৰ ক্লাচ শেষ হ’ল ন!”, “অচিনাকি ঠাই। কিবা অসুবিধা হ’লে জনাবা দেই।” আদিলৈ সলনি হৈছিল।

নতুনকৈ কবিতা লিখিবলৈ লৈছোঁ। যোৰহাটত পঢ়ি থকা দিনৰ কথা। প্রণৱ কুমাৰ বর্মন, নীলিম কুমাৰৰ কবিতাৰ স্তৱক একেবাৰে ওঁঠতে থাকে বুলিলেও ভুল নহ’ব। নৱাগত আদৰণী সভাত স্ব-ৰচিত কবিতা এটা পাঠ কৰি সকলো নতুন ছাত্র-ছাত্রীৰ মন জয় কৰি দিলোঁ। মন জয় কৰা বুলি কিয় কৈছোঁ, ছাত্রী নিৱাসকেইটাৰপৰাও “তোৰ কবিতা শুনি আমাৰ পখিলীহঁতে ভাল পাইছে দেই” বুলি ৰাতিয়েই মোলৈ খবৰ আহিছিল।

আগষ্ট মাহৰ কোনোবা এটা দুপৰীয়া। ব্রেকলৈকে ক্লাচ কৰি হোষ্টেললৈ উভতিবলৈ লৈছোঁ। তেনেতে পাছফালৰপৰা কোনোবা অচিনাকি ছোৱালীৰ কণ্ঠস্বৰ ভাহি আহিল, “শুনকচোন।” (আমাৰ কলেজত ‘জুনিয়ৰ’ ছাত্র-ছাত্রীয়ে ‘চিনিয়ৰ’সকলক ‘আপুনি’ বুলি সম্বোধন কৰাটো এক অলিখিতি নিয়ম আছিল।) ঘূৰি চাই দেখোঁ, শ্রেষ্ঠ নৱাগতা আৰু তাইৰ লগত এজনী বান্ধৱী। যিহেতু মোৰ কোনো ‘জুনিয়ৰ’ৰ লগত তেনে একো চিনাকি নাই, গতিকে ওচৰে-পাজৰে থকা আন কাৰোবাক মাত দিয়া বুলিহে ভাবিছিলোঁ মই।
: আপোনাক কথা এটা সোধোঁ।
: সোধা।
: ইয়াত বাৰু কিতাপৰ দোকান ক’ত আছে?
: ইয়াত নাপাবা নহয়। টাউনলৈ যাব লাগিব। (মাতটো যিমান পাৰি নৰমকৈ উলিয়াইছোঁ)
: বাট-পদূলি চিনি-জানি নাপাওঁ নহয়। সেয়ে বোলো সুধি লওঁ!
: ‘চেকেণ্ড হেণ্ড’ লাগিলে ক’বা।
: আপোনাৰ ওচৰত আছে নেকি?
: মোৰ লগত নাই যদিও মই যোগাৰ কৰি দিব পাৰিম।
…………………………………………………………

এনেকৈয়েই আৰম্ভ হৈছিল কাহিনীটোৰ। মোৰ কিতাপখিনি দুদিন আগতে বেলেগ এজনক বিক্রী কৰি দি তাইৰ সন্মুখত ‘ভাল ল’ৰা’ বুলি দেখুওৱাৰ সুৱর্ণ সুযোগ এটা হেৰুওৱাৰ উপক্রম হৈছিল। ইফালে তাইক গপচত কৈ আহিছোঁ, “মই যোগাৰ কৰি দিম”! হোষ্টেলৰ লগৰবোৰক খবৰ ল’লোঁ। নাই, কাৰো হাতত পুৰণা কিতাপ নাই। যিকেইটাৰ হাতত আছে, সিহঁতৰ আক’ ‘বেক’ আছে। “এতিয়া দে ক’ৰপৰা দিয়!”-জাতীয় কথা এটাই মগজুত তোল-পাৰ লগাবলৈ ল’লে। ক’ৰপৰা ‘মেনেজ’ কৰিম ভাবি থাকোঁতেই লগৰ এজনীৰ ফোন, “ঐ শুনচোন। মোৰ ‘ফার্ষ্ট চেম’ৰ কিতাপবোৰ এনেই আছে। তই কাৰোবাক পাৱ যদি বিক্রী কৰাই দিবিচোন। তোক মই ‘বৰলুইত’ত খুৱাই দিম।” মোৰ এই সংকটৰ কালত বান্ধৱী দেৱদূত হিচাপে আহি দেখা দিছিলহি আৰু ইথাৰেদি বৈ অহা শব্দকেইটা হৈ পৰিছিল দৈৱবাণী।

ইতিমধ্যে তাইক কিতাপখিনিৰ যোগাৰ কৰি দি মই ‘জুনিয়ৰ’ৰ মাজত ‘ভাল চিনিয়ৰ’ হৈছিলোঁ। দুর্গা পূজাত ঘৰলৈ আহিবলৈ টিকট কাটিবলৈ যাওঁতে তাইক লগ পালোঁ। একেটাই লক্ষ্য। তেতিয়াহে জানিলোঁ, তাইৰ ঘৰ বৰপেটাত। কথাই কথাই বন্ধৰ পাছত যে ময়ো গুৱাহাটীৰপৰা আহিম সেইটোও ক’লোঁ। ফোন নম্বৰ আদান-প্রদান হ’ল।

দিনবোৰ গৈ থাকিল। মাজে-মাজে তাইৰ লগত মেচেজত কথা-বতৰা চলে। এনেকৈ থাকোঁতেই কেতিয়ানো মোৰ মনটো তাইৰ প্রতি দূর্বল হৈ পৰিল গমেই নাপালোঁ। তাইক নেদেখিলে যেন মোৰ দিন নাবাগৰে, ৰাতি নুপুৱায়। কিমান যে প্রেমৰসত ডুবি থকা কবিতাৰে মোৰ ডায়েৰীৰ পৃষ্ঠা সিক্ত কৰিলোঁ তাৰ হিচাপ নাই!

ফোনকলবোৰ আগতকৈ বাঢ়িল। তাই কৈছিল, তাইৰ ‘মেডিকেল’ পঢ়াৰ ইচ্ছা। যোৱাবাৰ দুই নম্বৰৰ বাবে ‘ছিট’ পোৱা নাছিল। মই উৎসাহ দিছিলোঁ, “পঢ়া ভালকৈ। পাই যাবা।” সৰুতে ধেমালিতে ময়ো কৈছিলোঁ, “ডাঙৰ হ’লে মই ডাক্তৰ হ’ম।” পিছে সময়ে পাভলুটি খুৱাই একেবাৰে ভিন্ন পৃথিৱী এখনলৈ লৈ আহিল। আফচোচ অলপো নাই সেইবুলি।

যিমানেই পৰীক্ষা ওচৰ চাপি আহিল, তাইক কমকৈ লগ পোৱা হ’লোঁ। কলেজলৈ প্রায় নাহেই। ফোনটোও পৰা-পক্ষত বন্ধ কৰি থয়। কাকো মুকলিকৈ সুধিবও নোৱাৰোঁ। কিয়নো তেতিয়ালৈকে মই তাইক মনৰ কথা ক’বই পৰা নাছিলোঁ। এদিন কলেজৰ কেণ্টিনতে তাইক লগ পালোঁ। পঢ়া-শুনাৰ খা-খবৰ লৈ আবেলি এপাক ‘আশীর্বাদ’ত লগ কৰিবলৈ মাতিলোঁ। চিন্তা এটাই – “ইমান দিন যি হ’ল হ’ল, আজি মনৰ সকলো কথা কৈ দিম।“ সময় মতে তাই আহিল ঠিকেই। কিয় জানো, মোৰহে কথাখিনি কোৱাৰ সাহস নহ’ল।

বিহুৰ বন্ধত ঘৰলৈ গৈ তাই এইবাৰ উভতি অহা নাই। মেডিকেলৰ প্রৱেশ পৰীক্ষালৈ মাজত মাথোঁ কেইটামান দিন বাকী। মই ফোন যোগে খা-খবৰ লৈ আছোঁ। বেলেগ নহ’লেও প্রেৰণামূলক দুই-এষাৰ কথাকে কৈছোঁ। তাইৰো মনটো ভাল লাগে, মোৰতো কথাই নাই! তাইৰ মাতত পমি যাওঁ। পাহৰি পেলাওঁ ভোকৰ ভাত, পিয়াহৰ পানী। ৰূমমেটে জানিছিল কথাবোৰ। সি কৈছিল, “ইমান ভাল পাৱ তাইক, অথচ কৈ নিদিয় কিয়?” প্রত্যুত্তৰত মই উপযুক্ত সময়লৈ ৰৈ থকাৰ কথাৰে আঁতৰি আহোঁ। মোৰ প্রস্তাৱটোৱে তাইৰ পঢ়াত খেলি-মেলি কৰাটো মই বিচৰা নাছিলোঁ।

প্রৱেশ পৰীক্ষা দিয়াৰ পাছত তাই আকৌ উভতি নাহিল। ফোন কৰিলেও নাপাওঁ। আমাৰো ষাণ্মাসিকৰ পৰীক্ষা ওচৰ চপাত নিজেও অলপ ব্যস্ত হ’লোঁ। এদিন হঠাৎ তাইৰ ৰূম-মেটজনীক লগ পালোঁ। লগৰজনীৰ খবৰ সোধাত জনালে, তাই বোলে গুৱাহাটী মেডিকেল কলেজত ‘চিট’ পালে। মাজতে হেনো ফোন কৰি জনাইছে।

সেই যে ফোনত নোপোৱা হ’লোঁ, আজিলৈকে নাপালোঁৱেই। ভঙাগড়ৰ জেঠাইৰ ঘৰলৈ অহা-যোৱা কৰোঁতে প্রায়েই গুৱাহাটী মেডিকেল কলেজৰ সন্মুখেদি যাওঁ। আশা মাথোঁ এটাই, কিজানি তাইক লগ পাওঁ!

ঠিক তেতিয়াৰ পৰাই কলেজত মোক ‘ট্রেজেদি কবি’ বুলি কয়। বহুতে জানিবও খোজে এই ‘দর্দভৰী’ কবিতাৰ আঁৰৰ কথাবোৰ, যদিও মই সকলো কাল্পনিক বুলি কৈ হাঁহি এটা মাৰি কথা সলাই দিওঁ। অভ্যাস যে! তাতে ক’ৰবাত পঢ়িছিলোঁ, “কবিবোৰ হেনো খুব সহনশীল!” মই তাইৰ প্রেমিক হ’ব নোৱাৰিলোঁ, কবি হৈ গ’লোঁ।

☆★☆★☆

One comment

  • parishmita

    আচ্ছা তোমাৰ কবিতাৰ উৎস মানে এইয়া। ভাল লাগিল খনিন।

    Reply

Leave a Reply

Your email address will not be published.