ফটাঢোল

ডাবোল ডেকাৰ ট্ৰেইন যাত্ৰা – পৰিশ্যামলী ভূঞা

মুম্বাইৰ পৰা গোৱালৈ যোৱাৰ সময়ৰ কথা। যাত্ৰা ট্ৰেইনেৰে। টিকট বুকিং কৰিবলৈ নেটত ট্ৰেইন বিচাৰি বিচাৰি হাবাথুৰি খোৱাৰ সময়। লেপটপৰ স্ক্ৰীনত ট্ৰেইন বিচাৰি বিচাৰি থমকি ৰোৱা হাতেৰে এওঁ হঠাতে মোক চিঞৰি সুধিলে-

: শুনিছা, মোম্বাইৰ পৰা গোৱালৈ ডাবোল ডেকাৰ ট্ৰেইন এখন পাইছোঁ। তাকে বুক কৰোঁ নেকি?

: কি ডাবোল ডেকাৰ ট্ৰেইন?

উচপ খাই কেৰাহী লৰাই থকা হেতা একে উশাহতে এৰি মই এওঁৰ ওচৰ পালোহি।

: এনে ট্ৰেইননো কেতিয়া ওলালেহে?
ডাবোল ডেকাৰ বাচৰ কথাহে শুনিছিলোঁ, ডাবোল ডেকাৰ ট্ৰেইনো আছেনে ? আগতেতো শুনা নাছিলোঁ।

: বহুতো ঠাইত আছে। কম দূৰত্বৰ ঠাইবোৰত চলে। বহা চিটৰহে ব‍্যৱস্থা আছে। বাচৰ দৰে।

এওঁ ক’লে।

বিদেশী ট্ৰেইনবোৰৰ এনে ডাবোল ডেকৰ বিষয়ে আমি কাকতে আলোচনীয়ে বহুতো কথা পঢ়িয়ে আছোঁ। বা টি ভি য়ে চিনেমায়ো দেখিয়ে আহিছোঁ। কিন্তু ভাৰততো আছে বুলিতো আগতে শুনা নাছিলোঁ। প্ৰথমতে এবাৰ ভালদৰে সুধি মেলি জানি লোৱা যাওঁক। তাকে ভাবি এওঁক সুধিলোঁ-

: কেনেকুৱা লাগিব বাৰু এনে ট্ৰেইনত যাত্ৰা কৰিবলৈ?

: কেনেকুৱানো লাগিব, সেই একেই ডাবোল ডেকাৰ বাচত যোৱাৰ দৰেই লাগিব চাগে আৰু কি? গ’লেহে গম পোৱা যাব, ময়োতো আগতে এনে ৰে’লেৰে যাত্ৰা কৰা নাই।

কথা শুনি মনটো কিছু সময়ৰ বাবে ডাবোল ডেকাৰ বাচলৈকে উৰি গ’ল। অ’ হয়তো সেইদিনা ডাবোল ডেকাৰ বাচত উঠি কম মজা লাগিছিলনে? ট্ৰেইনখনো সেই তেনকুৱাই লাগিব চাগে।

: তেতিয়াহ’লে তাতে টিকট কৰা। পিচে চিটকেইটা আপাৰ ডেকৰ ল’বা।

ডাবোল ডেকাৰ ট্ৰেইনত উঠাৰ ফূৰ্তিতে মই উদবাউল হৈ তৎক্ষণাত কৈয়েই উঠিলোঁ।

হোম মিনিষ্টাৰৰ আদেশ যেতিয়া আৰু অমান্য কৰাৰ সাহস নহ’ল। কথা মতেই টিকট কনফাৰ্ম কৰি বুক কৰি পেলোৱা হ’ল। টিকেট কৰাৰ পাছতহে মই ভাবিলোঁ, ডাবোল ডেকাৰ ট্ৰেইন আনবিলাক ট্ৰেইনতকৈ অলপ হ’লেও ওখ হ’ব নেকি বাৰু। নহ’লে বৰ ঠেকা-ঠেকিকৈ ওপৰ-তল কৰি দুভাগ কৰি পেলাইছে চাগে। তেনেকৈ হ’লেচোন মূৰবোৰ ওপৰৰ ছালতে গৈ লাগিবগৈ। নাইবা ট্ৰেইনখন যদি অলপ ওখ হয়, টানেলেদি যাওঁতে ওপৰখনে টানেলটো চুইয়েই যাবচোন। চুই গ’লে কেনেবাকৈ ঘঁহনি খাব লগা হ’লে কথা বিষমেই হ’বচোন। তাকে ভাবি চিন্তিত হৈ এওঁক সোধাত ক’লে,

: হে’ৰা, ভবা কামবোৰ অকল মোলেই নেৰিবাচোন, নিজেও অলপ ভাবা। তলৰ ডেকটো অন‍্য ট্ৰেইনতকৈ অলপ তললৈ বনোৱা হৈছে, যাতে ওপৰৰ ফালে ঠাই ওলায়। ট্ৰেইনখন সেই একেই জোখৰেই।

কথাষাৰ শুনিহে বোলো ৰক্ষা তেতিয়াহ’লে। টানেলত ঘঁহনিখোৱাৰ ভয় নাই তেন্তে। বম্বেৰ পৰা গোৱালৈ সৰ্বমুঠ ৩০ টা মান টানেলেই পাৰ হৈ যাব লাগে। তাৰে চাৰিটামান বাকীবোৰতকৈ যথেষ্ট দীঘলীয়া। ট্ৰেইনখন যদি সাধাৰণ উচ্চতাৰে হয় তেতিয়াহ’লে ইয়াত ভয় কৰিবলগীয়া একো নাই। ঠিক আছে এইখন ট্ৰেইনেৰেই যাত্ৰা কৰা যাওঁক। এসোপা অলিক কল্পনাৰে যাত্ৰাৰ প্ৰস্তুতি তুংগত উঠিবলৈ ধৰিল। যথাসময়ত দিনটোও আহি পালেহি।

সেইদিনা পুৱা মই সোনকালেই উঠিলোঁ। কাৰণটো ডাবোল ডেকাৰ ট্ৰেইনত যোৱাৰ ফূৰ্তি। ভালদৰে টোপনি নাহিলেই। এনেয়ো মোৰ পুৱা সোনকালে উঠাৰ টেনচন থাকিলে আধা ৰাতিতে সাৰ পাই উঠোঁ। শুব নোৱাৰোৱেই। আজিও শুব নোৱাৰিলোৱেই। উঠিয়েই ঘৰটো বোলো ভালকৈ সামৰি সবফালে দুৱাৰ খিৰিকীবোৰ বন্ধ কৰোঁ। কিবা এটা খাবলৈও সাজু কৰোঁ। আটাইবোৰ A টু Z কৰি মই সময়তকৈ আগতেই আজৰি হ’লোঁ।

সময়ত চকু মেলি এওঁ বোলে,

: ওৱা, তুমি উঠিলাই যে?

: অঁতো চকুত ডাবোল ডেকাৰ ট্ৰেইনখনৰ ছবি আঁকি শুই থাকিব পাৰি নেকি? মই ৰেডি, ব’লা সাজু হোৱা তোমালোকো।

মই ৰৈ থাকিবই নোৱাৰা হ’লোঁ। ইত্যিমধ‍্যে ল’ৰাটোও উঠি সাজু হ’ল। ল’ৰামানুহ, মতামানুহ সাজু হ’বলৈ কামনো কি, খাই বৈ পটকৈ সাজু হৈ উবেৰ মাতি
ষ্টেচনেই পালোঁগৈ। ষ্টেচনত গম পালোঁ ট্ৰেইন বোলে ১৫ মিনিট লেট। উস্ কিযে এই ধৈৰ্য্য শক্তিৰ পৰীক্ষাবোৰ। অধৈৰ্য্য হৈ ইফালে সিফালে চাবলৈ ধৰিলোঁ।

: চায় বৌলৌ, চায় বৌলৌ, চামৌচা চামৌচা। চামৌচা বলিয়ে, মেগি মেগি, মেগি বৌলিয়ে।

ওচৰৰ চাহ, চামৌচা, মেগি বিক্ৰী কৰি থকা বেপাৰীজনকে আলেঙে আলেঙে চাই ৰলোঁ। উফ, যিহে বেপাৰী দোকানৰ দিশে চাবই নোৱাৰি, চালেই দোকানীয়ে “হা বৌলিয়ে, চায় বৌলিয়ে” গাব ধৰেচোন।

ঠিক আছে দোকানৰ ফালে নাচাওঁৱেই তেতিয়াহ’লে। দোকানৰ ফালে নোচোৱাকৈয়ে কিছুদেৰি থাকিলোঁ। পিচে নোচোৱাকৈ ৰ’ব পাৰি জানো! ট্ৰেইনখন আহিছে নেকি বুলি আকৌ সেইফালেই ডিঙিটো ঘূৰিব ধৰিলে।

: হা বেহেনজি বৌলিয়ে, চামৌচা বলিয়ে।

: কিহৰ চায় বৌলিয়ে, চায় বৌলিয়ে কৈ আছ হে, ইফালে সিফালে এতিয়া কি চাবকে নোৱাৰিম নেকি!

মনতে ভোৰভোৰালোঁ।

আকৌ এপাকত চকু সেইফাললৈকে গ’ল। ট্ৰেইনখন চাবলৈ আকৌ সেইফালেই চকু ঘূৰিল। বেপাৰীয়ে আকৌ বোলে,

: চায় বৌলিয়ে, চায় বৌলিয়ে।

খঙতে এইবাৰ ময়ো কৈয়েই উঠিলোঁ

: চায়৷

: কিতনা চাম্মচ চিনী বেহেনজি?

: কিয়া মতলব কিতনা চিনী ?

: আপনে হি চায় বৌলা না।

: হা বৌলা, আপনেহি বৌলনে কে লিয়ে বৌলা না।

বেপাৰীৰ চকু যেন মহিশাসুৰৰ চকু। বেপাৰীৰ পৰা চকু ঘূৰাই বাটলৈ চকু আনিলোঁ। এনেও চকু মোৰ ৰে’লৰ আলিত, বেপাৰীৰ চকু চাবলৈ মোৰ আহৰি নাই। মই ট্ৰেইনহে চাইছোঁ৷ মাজত দোকানীজন যদি জপিয়াই জপিয়াই ওলাইছে মইনো ইয়াত কৰিম কি। ইফালে ট্ৰেইনো এতিয়া আহোঁ এতিয়া আহোঁ যেন অৱস্থা। মনৰ ভিতৰত মোৰ উচপিচ অৱস্থা। এনে অৱস্থাত আকৌ চাহ-চামৌচা খা, মেগি খা। খঙেই উঠি আহে। ৰে’লৰ আলিটো আকৌ জুপি থাকিলোঁ। এইবাৰ কিন্তু ভাল বাচিলোঁ, দোকানীৰ চকু মোৰ ফালে অহা নাই।

ডাবোল ডেকাৰত উঠা মানুহৰ ভিৰ বাঢ়ি আহিবলৈ ধৰিল। ইমান মানুহৰ ভিৰ? ইমান মানুহে এই ট্ৰেইনখন পচন্দ কৰিছেনে? মানে বৰ ফাৰ্ষ্ট ক্লাচ হ’ব দেই।
কল্পনাৰ চকু আকৌ ট্ৰেইনখনলৈ উৰি গ’ল। ওপৰলৈ উঠি যোৱা চিড়ি ডাল বাৰু কেনেকুৱা হ’ব। ট্ৰেইনৰ ভিতৰতে চিড়ি! ৱাহ! ট্ৰেইনখন চলি থাকোঁতেও মই
কেইবাবাৰো উঠা নমা কৰি চাম দেই, তাকে ভাবি ভাবি
চকু ৰে’লৰ ট্ৰেকতে থৰ হৈ ৰ’ল।
আহিব এতিয়া ….
আহিব এতিয়া ….
সেয়া ট্ৰেইন আহিলে, ইঞ্জিনটো জিলিকি উঠিল। চকুৰ আগত ট্ৰেইনখন আহি দেখাই দিলেহি।
উৱাও!
ইমান ওখ ট্ৰেইন!
অ মাই গড!
ট্ৰেইন দেখি মোৰ সৰু সৰু চকু আলুগুটি হেন হৈ টলটলাই উঠিল। টলটলাই উঠা চকুকেইটাৰে চাই চাই ভাবিলোঁ, কিবা হেলিকপ্টাৰত উৰি ফুৰা যেনহে লাগিবচোন। ওপৰৰ পৰা তলখন জুমি চাব লাগিব। দেখা পাম জানো ভালকৈ। পিচে ভালেই লাগিব দেই। একদম মজ্জা ট্ৰেইন। কিন্তু পয়মাল এটাও হ’ল দেখোন। ইমান ওখ ট্ৰেইনখনে তীব্ৰ বেগত বেঁকা ট্ৰেকত ঘূৰণীয়া হৈ ঘূৰিবলগীয়া হ’লে? তেতিয়া? তেতিয়া ওপৰৰ ডেকটোৱে বেলেন্স কৰিব পাৰিবনে! যদি নোৱাৰে, হঠাতে বাগৰি পৰিবচোন। যদি বাগৰি পৰে! ইচ, এনে ট্ৰেইনত অহাৰ ভয়ো নোহোৱা নহয়চোন।

: বলা জল্ডি কৰা।

মোৰ খৰধৰ লগোৱাৰ কোবত আটায়ে গৈ খপজপকৈ ট্ৰেইনৰ ভিতৰেই পালোঁগৈ। সঁচায়ে ট্ৰেইনখন মই ভবাৰ দৰে অলপো ঠেক নহয়। যথেষ্ট আহল বহল। তলৰ ডেকটো কিছু তললৈ নমা। সেয়েহে ট্ৰেইনখন সমান ভাগে আহল বহলকৈ দুটা ভাগত ভাগ হৈছে। ৱাহ ইমান ধুনীয়া চিড়ি। একদম পকাই পকাই যোৱাকৈ বেঁকাকৈ গোলকৈ। উঠিয়েই কিবা ভাল লাগি আহিছে। উঠি উঠি গৈ আপাৰ ডেকেই পালোঁগৈ। নিজৰ চিটটোত গৈ বহিলোঁগৈ। ওপৰৰ পৰাচোন গোটেইবোৰ
দুই মহলীয়া ঘৰৰপৰা দেখা যেন লাগিব ধৰিছে। গৈ বৰ ভাল লাগিব দেই। চিটটো পাছলৈ ঠেলি আৰাম কৰি বহি তলখন চাই যাবলৈ ধৰিলোঁ। ট্ৰেইন চলিল। ট্ৰেইনৰ মৃদু গতিত টোপনিয়েই আহিবলৈ ধৰিলে। পিচে নোশোৱাকৈ বাহিৰখন চাই যাব লাগিব। ভাল লাগিছে চাই। সেয়া চান ৰাইজো হৈ উঠিছে। ওপৰৰ পৰা চান ৰাইজ দেখাৰ মজায়ে বেলেগ। ৱাও নদীবোৰ। দলংখনচোন একেবাৰে তলত। আৰু নদীখনো বহু দূৰলৈকেই দেখা পাইছোঁ। ইমান ধুনীয়া লাগিছে গছবোৰ। চাপৰ চাপৰ লাগিছে। পাহাৰবোৰ যে একেবাৰে সমান লেভেলত। কিবা আকাশত উৰি ফুৰা যেনেই লাগিব ধৰিছে।

এয়া কি আগত টানেল এটা দেখোন! এয়া কি টানেলটোতচোন ট্ৰেইনখনৰ স্পিড কমি আহিছে! খ .. খ…ৰ ..ৰ…চ…চ…চ… ট্ৰেইনখনচোন টানেলত ঘঁহনি খাইছে!

অহ, কি হ’ব এতিয়া! ট্ৰেইনখন লৰিবও ধৰিছে! ব্ৰেক মৰাৰ দৰে ৰৈ ৰৈ যাব ধৰিছে! শব্দবোৰ আৰু বাঢ়ি আহিছে!
খ….ৰ …..চ ,
ঔ মা, ওপৰৰ ছালৰ এবখলা তললৈ বহি পৰিছে!

অ’ মা, বচোৱা বচোৱা!

: পৰী পৰী কি হ’ল ?

কাৰোবাৰ মাত, পিচে চাৰিওফালে আন্ধাৰহে দেখিছোঁ। কম্বলখন মূৰৰপৰা ঠেলা মাৰি দিলোঁ। অহ, মই বিচনাতহে। ওচৰত এওঁ থৰ লাগি মোলৈকে চাই ৰৈছে।
অহ সপোনহে আছিল নেকি? ভাল বাচিলোঁ।

: সপোন, সপোনহে দেখিছিলোঁ, শুই থাকা।

পোন্দোৱাকৈ চাই থকা এওঁঁলৈ চাই ক’লোঁ। এনেকৈ চাইছিল যেন নিউজ চাই থকা সময়তহে মই গৈ চিঞৰটো মাৰি দিলোঁগৈ।

যিহ’লেও, ৰক্ষা ! সপোনহে আছিল। ডাবোল ডেকাৰ আচল ট্ৰেইনখন ভালেই হ’ব। বহুতেই ভাল হ’ব। সময় সমাগত। কালিলৈ সঁচায়ে গোৱালৈ যোৱা ট্ৰেইন। বেগচেগ বান্ধি সেইদিনা বহু আগতেই সাজু হৈ উঠিলোঁ। পুৱা পাঁচটাতে ট্ৰেইন, ৰাতিয়েই উঠিব লাগিব। গতিকে সোনকালে শোৱাৰহে কথা। সোনকালেই শুৱলৈ গ’লোঁ। মনতে প্ৰভুক খাটনি ধৰিলোঁ, হে ভগৱান, এনেকুৱা কিবা সপোন চপোন আৰু নাহে যেন একো।
বচাবা।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.