ফটাঢোল

ডাৰ্টি ফ্লাওৱাৰ – (অভিজিৎ দত্ত)

মূল : বৰুণ কুমাৰ সাহা

অনুবাদ : অভিজিৎ দত্ত

১)
মন্দিৰৰ বাৰাণ্ডাত ঘণ্টা বাজিছে। হালিজালি থকা ঘন্টাৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈছে ফটফটীয়া মজিয়াত। দানপাত্ৰটিও শ্বেতপাথৰৰ। মন্দিৰৰ সন্মুখৰ বাগিচাখন টিপটপ, ফিটফাট। গছবোৰ সাজিকাচি বহি থাকে। ডাল পাতবোৰ অলপ ইফাল সিফাল হোৱাও এই বাগিচাত অসম্ভৱ। যমদূত মালী অস্ত্ৰ হাতত লৈ সদা প্ৰস্তুত।

বাগিচাৰ এটা বগা গোলাপে তাৰ কাষৰ গোলাপটিক ক’লে,

“চা ভাই, আমাৰ জীৱনটো কেনে একঘেয়ামী আৰু বিৰক্তিকৰ। সৌ মন্দিৰৰ বাৰাণ্ডালৈ চা। মহিলাৰ খোপাত গোলাপী গোলাপ।”

“হয়, ঠিক, ঠিক। সেই গোলাপী ৰঙ ধাৰ কৰি আনি আমি নিজৰ পৰিচয় দিছোঁ। আমি গোলাপ। পিছে আমি হ’লোঁ বগা। কি লজ্জা!”

“আৰু সেয়া চা। মন্দিৰৰ সৌ কোণটোত কলেজত পঢ়ি থকা ল’ৰাটোৱে তাৰ বান্ধৱীৰ হাতত এটা উজ্জ্বল টিকটিকিয়া ৰঙা গোলাপ গুজি দিছে।”

“হুম, কেনে মৰম! সিহঁতক কোনোবাই শিৰত স্থান দিছে আৰু কোনোবাই দিছে হৃদয়ত। আৰু আমি?”

“আমাৰনো কি? দিনটো বাগিচা নামৰ কাৰাগাৰত বহি থাকো। কাৰোবাৰ হাতৰ মুঠিত অথবা খোপাত উঠি যে কৰবালৈ ফুৰিবলৈ যাম, সেয়াতো দূৰৰ কথা, অলপ সময় যে হাত ভৰি টঙাই লম, তাৰো উপায় নাই।”
দীঘল নিশ্বাস। তাৰ পিছত দ্বিতীয় গোলাপটোৱে আদ্ৰ কণ্ঠেৰে কবলৈ আৰম্ভ কৰিলে,

“শুনিছোঁ মন্দিৰৰ ভিতৰত থকা ভগৱানে সকলো জানে, বুজে। দেখিছনে, সকলোৱে কেনেদৰে মূৰ দোঁৱাই পূজা কৰে। ভগৱানৰ চৰণত আমি স্থান নাপাওঁ। আমি অভিশপ্ত। আহ, আমি দূৰৰ পৰাই ভগৱানক মাতোঁ।”
খন্তেক সময়ৰ পিছতেই গোলাপদুটাই চকু বন্ধ কৰি প্ৰাৰ্থনা কৰিবলৈ আৰম্ভ কৰিলে,

“হে ভগৱান। আমাক এই বগা জীৱনৰ পৰা মুক্তি দিয়া। আমাৰ জীৱনটো ৰঙীন কৰি তোলা। আমিও যাতে মানুহৰ হৃদয়ত স্থান পাওঁ, মানুহৰ শিৰত স্থান পাওঁ, তোমাৰ শ্ৰীচৰণত মূৰ দোৱাবলৈ সুযোগ এটা পাওঁ।”

খন্তেক পিছতেই বগা গোলাপ দুটা সঁচাকৈয়েই ৰঙা হৈ পৰিল। একেবাৰে টিকটিকিয়া ৰঙা। গছৰ অন্যান্য গোলাপে মুখ টিপি হাঁহিলে আৰু মনে মনে ভাবিলে, “আহ, বাচি গ’লোঁ।”

বাগিচাৰ সমীপৱৰ্তী পথটোত দৰ্শনাৰ্থীৰ কোঢ়াল। ভগৱানৰ উপাসনাত ব্ৰতী সদ্য ৰঙা গোলাপ দুটাই চকু মেলিয়েই এজন বিশালকায় মানুহে কিবা এটা চোবাই চোবাই আঁতৰি যোৱা দেখিলে। মানুহজনৰ ওঁঠটো ৰঙা হৈ আছে

তেওঁৰ হাতত এখন বগা ৰুমাল।

বাগিচাৰ মালীয়ে চিৎকাৰ কৰি উঠিল,

“অন্ধ নেকি মহাশয়। অসভ্য জানোৱাৰ।”

বিশালবপুৰ মানুহজনে পিছে মালীৰ কথাত ভ্ৰূক্ষেপ নকৰিলে। তেওঁ গপগপাই মন্দিৰৰ বাৰাণ্ডালৈ গতি কৰিলে।

খন্তেক পিছতেই যমদূত মালী আহি ফুল দুটিক হাতৰ দীঘল অস্ত্ৰেৰে ঘেচেককৈ কাটি পেলালে।

২)

পুলিচ বিভাগৰ বৰমূৰীয়া বিষয়াজনে ইতিমধ্যে গল্পটো সাতবাৰমান পঢ়ি অঁতাইছে। পিছে গল্পটোৰ অৰ্থ তেওঁ এতিয়াও বুজি পাবলৈ সক্ষম হোৱা নাই। হয়, মাধৱীলতাই তাইৰ ছুইচাইড নোটত এই গল্পটোৰ বাদে আন এটা শব্দও লিখা নাই। তাইৰ বয়স সোতৰ। বৰণ উজ্জ্বল। ঠিকনা শকুন্তলা বিধৱা আশ্ৰম, গোপাল মন্দিৰৰ ঠিক বিপৰীত দিশত অৱস্থিত। ছুইচাইড লোকেশ্বন সাগৰদীঘি পাৰ। ছুইচাইডৰ ধৰণ হ্যাঙ্গিং, কৃষ্ণচূড়াৰ ডালত। ছুইচাইড নোটটো পোৱা গৈছে তাইৰ পিন্ধি থকা বগা সাজযোৰৰ চাদৰৰ আঁচলত।

☆★☆★☆

9 Comments

  • Rintumoni Dutta

    খুব ভাল লাগিল অভিজিত, সাৱলীল হৈছে অনুবাদ

    Reply
  • মন্দিৰা

    ভাল লাগিল পঢ়ি

    Reply
    • অভিজিত দত্ত

      ধন্যবাদ আপোনাক।

      Reply
  • Anonymous

    দ্বিতীয় টো অদ্ভুত

    Reply
    • Abhijit Dutta

      ধন্যবাদ ৰিন্টুদা।

      Reply
  • খাই শ্লেজ

    দ্বিতীয় টো অদ্ভুত

    Reply
    • অভিজিত দত্ত

      ধন্যবাদ দেই।

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা

    পঢ়ি বৰ ভাল লাগিল।

    Reply
  • Mahindri Bharadwaj

    মোৰ অৱস্থাও প্ৰথমে পুলিচ জনৰ দৰেই হৈছিল। 😁😁 ভাল লাগিল বহুত।

    Reply

Leave a Reply

Your email address will not be published.