ফটাঢোল

ডেমব্লাডি, জগবন্ধু ফটাছাতি….. – গীতিকা শইকীয়া

“ডেমব্লাডি, জগবন্ধু ফটাছাতি, ভোটটো দিবা মোৰ পাৰ্টিক…” – ইংৰাজীত এক্সপাৰ্ট বুলি ফিটাহী মাৰি কথা কোৱা এল কে বিৰ এই ডায়লগটোত সময়ে সময়ে আন বিভিন্ন কথাই লগ লয়। তাতে নিৰ্বাচনৰ সময়বোৰত এই ডায়লগৰ কথাই বেলেগ হৈ যায়। আকৌ প্ৰতিটো নিৰ্বাচনতে এল কে বিৰ পছন্দৰ দলবোৰো বেলেগ বেলেগ হয়। আচলতে য’তেই নিজৰ সুবিধা হোৱাৰ চান্স দেখে সেই দলৰ বাবেই এল কে বিৰ নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ হয়। বহুক্ষেত্ৰত নিৰ্বাচনৰ আগতীয়া সময়খিনিতেই এল কে বিৰ দলৰ প্ৰতি দায়বদ্ধতা বেছিকৈ দেখা যায়। স্থানীয় মানুহক, মূলতে অ’ত ত’ত আড্ডা মাৰি সময় নিওৱা ডেকাচামক হাতত ৰখাৰ সুবিধাতে প্ৰায়বিলাক দলৰে প্ৰাৰ্থী অথবা সাংগো-পাংগোৰ লগত এল কে বিৰ আচৰিতকৈ ভাল সম্বন্ধ হৈ যায়। সুবিধা পালেই আৰ-তাৰ আগত এল কে বিৰ ফচহু মাৰা কথাৰ ফুলজাৰীও চলি থাকে -“এই অমুক সমষ্টিটোৰ এম এল এ অথবা অমুক মিনিষ্টাৰ, মিনিষ্টাৰৰ পি এৰ লগত মোৰ তামাম দোস্তি। মই কিবা এটা কাম কৰাই দিবলৈ ক’লে একে আষাৰতে মানি যায়। অমুক মিনিষ্টাৰে যে মই নহ’লে সন্ধিয়াৰ মস্তিৰ বটলেই নুখুলে।”

লাভৰ মূৰকত সহজ-সৰল মানুহবোৰে চাকৰি, চৰকাৰী সুবিধাৰ ঘৰ, লেট্ৰিন আদি পোৱাৰ লোভত এল কে বিৰ ফচহু কথাত ভোল গৈ নিজৰ কষ্টৰ টকা-পইচা হেৰুওৱাৰো বহু ঘটনা ইতিমধ্যেই হৈছে। অৱশ্যে সৰু-সুৰা দুই-এটা কাম নকৰা নহয়। এল কে বিয়ে তাকেই গাই-বাই প্ৰায়েই মানুহক ঠগাৰ কাহিনী শুনিবলৈ পোৱা যায়।

কথা-চহকী এল কে বিয়ে এনেদৰেই প্ৰতিটো নিৰ্বাচনতে সেইসময়ত সমৰ্থন কৰা দলৰ তথা প্ৰাৰ্থীৰ নামত শ্লোগান বনাই আৰু নিৰ্বাচনী বতৰত মদ-মাংসৰে দকচি খাবলৈ বিচৰা চামেও হাত তালি দি এল কে বিৰ শ্লো’গানৰ সুৰেদি গাই যায়, “ডেম ব্লাডি, জগবন্ধু ফটাছাতি, ভোট দিবা মোৰ পাৰ্টিক, অমুকত ভোট দিলে তমুক পাব, তমুকক ভোট দিলে চাকৰিটো হ’ব, জগবন্ধু ফটাছাতি, বহাগতে যাওঁ বিয়া পাতি…জগবন্ধু ফটাছাতি…ডেমব্লাডি…”

এইদৰে দুই-এটা শব্দ কৈয়েই ইংৰাজীত এক্সপাৰ্ট বুলি কোৱা এল কে বিয়ে কিন্তু মেট্ৰিকৰ ডেওনাখনেই পাৰ কৰা নাই। কথা-চহকী এল কে বিৰ কথাবোৰৰ দৰেই পাৰ কৰি অহা জীৱনো আন সাধাৰণ মানুহতকৈ বেলেগ, মানে অদ্ভূত বুলি ক’লেহে শুৱাব।

“আই এম বি কে বিজ ছন… ইউ নৌ…অঞ্চলৰ সকলোৱেই দেখিলে মূৰ দোওৱা মাই ফাদাৰ…আই এম এল কে বি।”

ৰিক্সাত উঠি এখন ভৰিৰ ওপৰত সিখন ভৰি উঠাই দুয়োখন হাত ৰিক্সাৰ দুয়োফালে সামান্যকৈ ধৰি সিংহাসনত ৰজা বহাৰ দৰে বহি অহা সেয়া এল কে বিৰ ইংলিছ।

কাষৰ বাটৰুৱাই অথবা ৰাস্তাৰ কাষৰ আৰু গাঁৱৰ মানুহে সুবিধা পালেই এল কে বিক ’ক’ৰপৰা আহিলি’ বুলি সোধে! উত্তৰ সকলোৰে পৰিচিত যদিও এল কে বিৰ মুখৰ সেই দুই-এটা ইংৰাজী শুনাৰ বাবেই সোধে! প্ৰতিটো কথাতে এল কে বিয়ে ‘ডেম ব্লাডি’ ‘জগবন্ধু ফটাছাতি’ আৰু কেইটামান প্ৰচলিত অবাইছ মাত মাতি কথা ক’বলৈ আৰম্ভ কৰে, পিচৰখিনি যিয়েই নহওক লাগে, “ডেম ব্লাডি……জগবন্ধু ফটাছাতি….. তই নাজান নে.. হো আই…?”

তাতে যদি কোনোবাই সোধে “ইমান দিন ক’ত আছিলি” বুলি তেতিয়া এল কে বিৰ শ্ৰীমুখেদি আৰম্ভ হয় ফোপজহী মৰা ফটা লেকচাৰৰ। তাৰ আগতে ওচৰতে থকা কোনোবাটোৰপৰা চাধা অকণমান লৈ দাঁত-ওঁঠৰ মাজলৈ চালান দি দুই-এবাৰ থু থুৱাই লৈ এল কে বিয়ে তাৰ জীৱনৰ মহাভাৰতৰ ৰং বিলাবলৈ ধৰে।

চাৰ্কাছত থাকোঁতে মেনেজাৰ হৈ আছিল বোলে এল কে বি। ইংৰাজীত দখল দেখিয়েই বোলে চাৰ্কাছ পাৰ্টিৰ মালিকে তাক মেনেজাৰৰ চাকৰি দিছিল। অৱশ্যে সেইকেইটা ইংৰাজীৰ বাদে আন কোনো ধৰণৰ উচ্চ খাপৰ দূৰৰেই কথা, সাধাৰণভাৱে ক’ব পৰা সম্পূৰ্ণ ইংৰাজী বাক্য এটাও তাৰ মুখত কোনেও শুনা নাছিল। তথাপিও গাঁৱৰ মানুহে নুশুনা কথা বুলিয়েই শুনিছিল বোধহয়। অৱশ্যে আৰু এটা আকৰ্ষণ আছিল, চাৰ্কাছৰ ধুনীয়া ধুনীয়া ছোৱালীবোৰৰ বিষয়ে এল কে বিৰ অতিৰঞ্জিত বিৱৰণ!

“ইউ নৌ? তবে সেই চাৰ্কাছত ৰছীত খোজ কাঢ়া ছোৱালীজনী যে, তাই মানে তাই পিন্ধা ড্ৰেছ, মানে কাপোৰ দেই, কাপোৰৰ কথানো কি ক’ম? আই থিংক, মেনেজাৰে মানুহক দেখুৱাবৰ বাবেই তাইক কম কাপোৰ পিন্ধায়। ৰছীৰ ওপৰেদি খোজ কাঢ়ি যাওঁতে তলৰপৰা চাই থকা মানুহৰ কি চিঞৰ বে! পৰা হ’লে তাইক সাৱতিয়েই ধৰিলেহেঁতেন! ইফালে মানে তাই আকৌ মোৰ বাবেহে বলীয়া। মানে মোৰ লগত গুচিয়েই আহিব খুজিছিল। পিচে, মাই ফাদাৰ ৱাজ এ টিচাৰ আছিল। মাই ফাদাৰৰ প্ৰেষ্টিজ কেনেকৈ দেচট্ৰয় কৰোঁ কচোন!”

আচৰিত ধৰণে এল কে বিৰ তেতিয়াহে দেউতাকৰ সন্মানলৈ মনত পৰে।

মুঠতে চাৰ্কাছত কাম কৰা সকলোবোৰ ধুনীয়া ছোৱালীয়ে কেনেকৈ এল কে বিৰ গাত আঁউজি পৰে তাৰ বিৱৰণ শুনি শুনি অঞ্চলটোৰ বাহিৰলৈ গৈ নোপোৱা গাঁৱৰ মানুহৰ মানত এল কে বি এটা অতি সৌভাগ্যশালী মানুহ।

হওঁতে এল কে বি পঢ়াত বোলে বেয়া নাছিল। শিক্ষক ভৈৰৱকান্ত ভৃঞাৰ ল’ৰা হিচাবে পঢ়াত ভাল এল কে বিৰ আচল নাম লোকেশ কান্ত ভূঞা। ঘৰত মাতা নাম লেকৌ। লেকৌৱে আকৌ বুজন হোৱাৰেপৰা, মানে ইংৰাজী শিকাৰেপৰা ভাষাটোৰ প্ৰতি কিবা এক অনামী লভ অনুভৱ কৰিবলৈ লৈছিল। সেয়ে নিজৰ নামটোৰ ইংৰাজী ছৰ্ট ফৰ্ম এল কে বি কৰাৰ দৰে দেউতাকৰ নামটোৰো চুটি কৰি বি কে বি কৰি পেলাইছিল। অৱশ্যে গাঁৱৰ মানুহৰ প্ৰায়ভাগেই তাক লেকৌ বুলিহে মাতিছিল। তাৰ বাবেও এল কে বিৰ বৰ বিৰাগ। ইংৰাজী যিয়ে নাজানে তাৰ জীৱন ধন্য হ’বই নোৱাৰে বুলি দম্ভালি মৰা ইংলিশ বাবু এল কে বিৰ শ্ৰী মুখেদি ওচৰত কোনো নাথাকিলে মুখেৰে থুৱাই গালি এষাৰেই ওলাই যায়, “থুই কটা, এই ভিলেজাৰবোৰৰ একো চেঞ্জ নহ’ব আৰু!”

শুনা মতে পঢ়া-শুনাত ভাল লেকৌ ওৰফে এল কে বিৰ ওপৰত শিক্ষক ভূঞাৰ বোলে বৰ আশা আছিল। পিচে ক্লাছ নাইন পাওঁতেই লেকৌক স্কুল ছুটিৰ পাছত ষ্টেছনৰ কাষৰ গুমটিবোৰত দেখা পোৱা গ’ল। সেইসময়ত স্কুল, সমাজ আদিৰ কামত ব্যস্ত হৈ থাকোঁতেই শিক্ষক ভূঞাৰ নিজৰ ল’ৰা কোনফালে গতি কৰিলে চাবলৈ সময়ৰ অভাৱ। হওঁতে লেকৌৰ মাক আছিল ঘৰত! পিছে ল’ৰাই অকন ঠেঁহ-পেচ কৰিলেই পমি যোৱা মাকৰ আগত লেকৌৰ অগাধ প্ৰতিপত্তি আছিল। এটা সময়ত এনে হৈছিল যে কেৱল টকা বিচাৰিহে বোলে দেউতাক নথকা সময়ত ঘৰত লেকৌৰ পদাৰ্পণ ঘটিছিল। মাকৰপৰা টকা জোৰ-জবৰদস্তি লৈ লেকৌ উধাও হৈছিল সেই ৰে’ল ষ্টেছনৰ ওচৰত থকা গুমটিবোৰলৈ। লাহে লাহে সেই গোমটিবোৰেই লেকৌৰ থকা-শুৱাৰ ঠাই হৈ পৰিছিল। মদ-ভাং, বিড়ি-চিগাৰেট কোনোটোৱেই বাদ পৰা নাছিল। মানুহে লগ পালেও ধোঁৱাৰে ধুসৰিত লেকৌৰ মুখখনো ভালকৈ ধৰিব পৰা হৈ থকা নাছিল।

কথাবোৰ লাহে লাহে শিক্ষক ভূঞাই জানিছিল যদিও আচৰিতভাৱে লেকৌক শুধৰাবলৈ চেষ্টা কৰা নাছিল।

তাৰ পৰিৱৰ্তে আন এটা কথাইহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। নিচাত দোৰোল খোৱা জিভাৰে লেকৌৱে প্ৰায় সদায় আবেলি নিজৰ ঘৰৰ পদূলীত থিয় হৈ দেউতাকক গোৱাল-গালি পাৰিবলৈ লৈছিল। দেউতাকৰ ধূতী-পাঞ্জাৱীবোৰ এডাল লাঠিত ওলমাই লৈ কাপোৰ বিক্ৰী কৰা বেপাৰীৰ দৰে চিঞৰিছিল–

“এই…ই…ই কাপোৰ কিনিব কোনোবাই? কাপোৰ কাপোৰ, বগা কাপোৰ, টিচাৰৰ কাপোৰ, ধূতী-পাঞ্জাবী, এই কাপোৰ পিন্ধিলে কষ্ট নকৰাকৈ পঢ়িব পাৰিব। ইউ ৰি়ড, ইউ টক। এনেই পঢ়িব পাৰিব। এই..ই কাপোৰ লাগিব?”

লাহে লাহে লেকৌ আৰু স্কুলৰ মাজত সম্বন্ধ নাইকিয়া হৈ পৰিল। লেকৌৰ এই আচৰণে আটাইতকৈ বেছি প্ৰভাৱিত কৰিছিল লেকৌৰ ভায়েক-ভনীয়েকহঁতক। এটা এটাকৈ সিহঁতবোৰে স্কুল যাবলৈ বাদ দিছিল। আচৰিতভাৱে শিক্ষক পিতৃ নিৰৱ হৈ পৰিছিল। ল’ৰা-ছোৱালীকেইটাক স্কুললৈ যাবলৈ বুজোৱাৰ, কোনো জোৰ কৰা নাছিল।

মাজতে লেকৌ বহুতদিন অঞ্চলটোত নেদেখা হৈ আছিল। কোনোৱে ক’লে লেকৌ বোলে নিৰুদ্দেশ হ’ল, কোনোৱে ক’লে লেকৌৱে অঞ্চলটোৰ ভতুৱা কুকুৰবোৰক টোপনি যোৱা বিস্কুট খুওৱাই ট্ৰেইনত উঠাই লৈ গৈ ডিমাপুৰত বিক্ৰী কৰি দিয়েগৈ। সেই সময়ত অঞ্চলটোত সঁচাকৈয়ে ভতুৱা কুকুৰবোৰ হঠাতে নাইকিয়া হ’বলৈ লৈছিল।

তেনেতে ঘৰলৈ অহা চিঠিৰ পৰা গম পোৱা গ’ল যে লেকৌ বোলে চাৰ্কাছলৈ গ’ল। চাৰ্কাছতনো লেকৌৰ কি কাম মানুহবোৰে ভাবি পোৱাৰ আগতেই লাহে লাহে লেকৌৰ মাকৰ মুখত ফিটাহী মৰা কথা শুনা গ’ল যে লেকৌ বোলে চাৰ্কাছৰ মেনেজাৰ।

অঞ্চলটোত এক মৃদু উত্তেজনাই জোঁকাৰি গ’ল। অঞ্চলটোৰ এগৰাকী সন্মানীত শিক্ষকৰ ল’ৰাই পঢ়া-শুনা আধাতে এৰি চাৰ্কাছত সোমালগৈ! তাকো হাইস্কুলৰ ডেওনা অতিক্ৰম নকৰা ল’ৰাটোকনো কোনে চাৰ্কাছৰ দৰে ইমান ডাঙৰ ব্যৱসায়ৰ ক্ষেত্ৰখনত মেনেজাৰৰ চাকৰি দিব!

ছমাহমানৰ পাছত গাঁৱলৈ লেকৌৰ আগমন কোনো চিনেমাৰ ক্লাইমেক্সৰ দৰেই আছিল। ৰিক্সাত গপতে গংগাটোপৰ দৰে বহি অহা লেকৌ ওৰফে এল কে বিয়ে ৰাস্তাত লগ পোৱা সকলোকেই চাৰ্কাছত নিজৰ প্ৰতিপত্তিৰ বিৱৰণ দি দি ঘৰ পাই মানে গাওঁবোৰত খবৰটোৱে ৰজন জনাই গ’ল যে চাৰ্কাছৰ মেনেজাৰ এল কে বি সগৌৰৱেৰে গাঁৱলৈ আহিছে। সেইদিনা সিহঁতৰ ঘৰলৈ মানুহৰ সোঁত ববলৈ ধৰিলে। প্ৰথমে যোৱা ভাগ্যৱান দুজনমানে লেকৌৱে টাউনৰপৰা অনা মিঠাইৰ ভাগো পালে। দুজনে যদি মিঠাই খাইছিল সেয়া চাৰি-পাঁচজনে খোৱা বুলি প্ৰচাৰ হ’ল। যদি ৰসগোল্লাহে খাইছিল তেন্তে লেকৌৰপৰা শুনা অথচ গাঁৱত নুশুনা কোনো নতুন মিঠাইৰ নামো গাঁৱৰ দুই-এজনে পুৱালৈ বহুতকে ক’লে। মুঠতে কালিলৈকে মদ-ভাং, বিড়ি-চিগাৰেট খাই মাতলামি কৰা, হাইস্কুলৰ ডেওনা পাৰ নকৰা ল’ৰাকনো কোনোবাই কি কাৰণত চাৰ্কাছৰ মেনেজাৰ বনালে বুলি ইতিকিং কৰা মাষ্টৰৰ পুতেক লেকৌ ওৰফে এল কে বিৰ প্ৰতিপত্তি ৰাতিটোৰ ভিতৰতে ফাটি-ফুটি গ’ল।

পাছদিনা গাঁৱৰ তিনি আলিৰ সোণধনৰ দোকানত সদায় বহা ডেকা-বুঢ়াৰ মেলত অতি সোনকালেই মানুহৰ যথেষ্ট ভীৰ দেখা গ’ল। তেতিয়ালৈকে তালৈ লেকৌৰ আগমন নোহোৱাত লেকৌৰ সমনীয়া দুটামানে তাৰ ঘৰৰ আগত গৈ তাৰ নাম লৈ উকিয়াই থৈ আহিলগৈ! সেইদিনা সিহঁতে ইচ্ছা কৰি লেকৌৰ ঠাইত এল কে বি বুলি চিঞৰিছিল। এল কে বি নামটোৰ জোৰ কিমান সেয়া সকলোৱে জানে! তাতে আকৌ চাৰ্কাছৰ মেনেজাৰ এল কে বি, কিবা শুনিয়েই ভাল লগা ধৰণৰ! অৱশেষত দাঁত ব্ৰাছ কৰি কৰি তিনি আলিৰ মেললৈ এল কে বিৰ আগমন ঘটিল। আগতে দাঁতোনেৰে অথবা এঙাৰেৰে দাঁত মাজা এল কে বিৰ সেইদিনা দাঁত ব্ৰাছ কৰাৰ ষ্টাইলেই বেলেগ। দাঁত মাজা পেষ্টটোৰপৰা ওলোৱা ফোঁৱাৰাখিনি পাৰে মানে ইফালে-সিফালে থুৱাই থুৱাইয়েই এল কে বিৰ চাৰ্কাছৰ লেকচাৰ আৰম্ভ হৈ গ’ল। ইতিমধ্যে গাঁৱতো মানুহে দাঁতোনৰ ঠাইত ব্ৰাছেৰে দাঁত ঘঁহা আৰম্ভ কৰিছে যদিও মুখত ব্ৰাছ লৈ কথাৰ ফুলজাৰী মাৰা এল কে বিকে গাঁৱৰ ৰাইজে প্ৰথম দেখিলে। মুখৰপৰা ওলোৱা সেই ফোঁৱাৰাবোৰ দেখি দেখি অসহ্য হৈ মাজতে সোণধন দোকানীয়ে কোৱাত যেনিবা ওচৰৰে এঘৰত গৈ মুখখন পখালি আহিলগৈ। আন এঘৰৰপৰা কোনোবা এটাই চাহ অলপো আনিলেগৈ। সোণধন দোকানীয়ে দিয়া এচ বিস্কুট চাহত ডুবাই পৰম সন্তোষেৰে মুখত ভৰাই লেকৌ ওৰফে এল কে বিয়ে কোৱা চাৰ্কাছৰ কাহিনীতকৈ আচৰিতভাৱে অসমীয়া, ইংৰাজী, বঙালী, হিন্দী, বিহাৰী ভাষাৰ খিচিৰিৰে কোৱা লেকৌৰ কথাবোৰৰ বাবেহে মানুহখিনিৰ মাজত আকৰ্ষণ বাঢ়ি গৈছিল।

লেকৌৱে কৈ গ’ল,- “তবে, চাৰ্কাছৰ জিনিছটা একদম ডিফাৰেণ্ট আচে ভইল। ডিফাৰেণ্ট মানে বেলেগ! তুই বুজিবই ভী নাই পাৰিবি। মানে চাৰ্কাছৰ জিনিছটো! মই ভী ফাৰ্ষ্ট ফাৰ্ষ্ট একদম আণ্ডাৰষ্টেণ্ড, আই মিন বুজা নাছিলো। ধীৰে ধীৰেহে চমঝ হৈছিল। তৌ, কথাটা মানে এইটা যে একবাৰ মানে টাউনত মই ভী চাৰ্কাছ চাব গৈছিলো। লোকেল মানুহৰ লগত চাৰ্কাছৰ মালিকৰ কিবা ফাইট হ’ল না। কণ্ট্রোল কৰিবই নাই পাৰিছে। ইমিডিয়েট মই নামি গ’লোঁ বে’… একদম চেটেল কৰ দিয়া ৰে! লোকেল খুচ, চাৰ্কাছ কা মালিক ভী খুচ। তৌ চাৰ্কাছৰ মালিকে মানে ইমিডিয়েট মোক সেই মেনেজ মেকিঙৰ বাবে জব অফাৰেই কৰি দিলে। জব মানে চাকৰি দেই! মই বোলো মাই ফাদাৰ ৱাজ এ টিচাৰ। চৌ মোৰ ফাদাৰে মই চাৰ্কাছত যোৱাটো পাৰ্মিছন নাই দিব পাৰিছে। তেতিয়াতো মালিক একদম চাৰপ্ৰাইজ্দ হৈ গৈছে। কৈছে যে টিচাৰৰ ল’ৰা বাবেই মই ইমান জেণ্টল, মানে ভদ্ৰ দেই!”

শুনি থকা মানুহবোৰে ইজনে সিজনৰ মুখলৈ চাবলৈ ধৰিলে। “লেকৌ আৰু ভদ্ৰ?”-কথাটো ভাবি দুটামানৰ হাঁহিও উঠিল। পিচে একো নকৈ পুনৰ লেকৌৰ কথাত মন দিলে।

“চৌ মানে কি হইল, মালিকটো মোৰ ইংলিশ শুনি একদম খুশ। চাৰপ্ৰাইজ, মানে আচৰিতো হৈ গৈছে। সেয়ে যিমান চেলাৰী, মানে দৰমহা দেই, মানে ফাৰ্ষ্ট যিমান দৰমহা দিম বুলি কৈছিলে, মোক ক’লে যে মই যদি ইমিডিয়েট যাওঁগৈ তেন্তে বোলে মাই চেলেৰী আৰু বেছি দিব। মই ভী থিংক কৰিলোঁ যে যি নাই নাই, চাৰ্কাছতে যাৱাটোৱেই ভাল মনে হয়। পাৰা-চুনাটা কৰা নহ’লেই, এনেকেই যদি কিবা অকণ জিন্দেগী চাকছেচ কৰিব পাৰোঁ!”

অকণমান ৰৈ সকলোৰে আচৰিত হোৱা মুখবোৰলৈ চাই চাই লেকৌৱে পুনৰ ক’বলৈ ধৰিলে,

“এট লিষ্ট, আই এম দি অনলি ব্ৰেড আৰ্ণাৰ। মানে মোৰ ওপৰতেইতো গোটেই ঘৰখনৰ দায়িত্ব। এতিয়া মই ভী ঘৰ কা দায়িত্ব লে ভইল বা! এতিয়া মই ভী ইমানদিনৰ মূৰত আহিছো, চবলৈকে কিবা এটা হ’লেও আনিছোঁ। বুজিছ, মুঝে লগতা হ্যেয়, মানে সকলো ঠিকে থাকিলে, মালিকে নিজৰ এক লৌটি ডটাৰক মোলৈকে বোলে বিয়া দিব। তাৰ ডটাৰ ভী চাৰ্কাছতেই কাম কৰে। তব তৌ হম ভী চাৰ্কাছ কা মালিক হৈ যাম না। আৰু কোনে পায়! এতিয়া মই ভী এটা কথা ফিল কৰিছোঁ যে পৰা-চুনা আধাতে এৰি বৰ এটা ভুল নাই কৰা। এটা কথা ভাবচোন, জাষ্ট থিংক, গাঁৱৰ কি, সমগ্ৰ অঞ্চলটোতে কোনোবা কেতিয়াবা চাৰ্কাছ কা মালিক হৈ পাইছে জানো?”

ইতিমধ্যে শুনি শুনি অসহ্য হৈ সোণধনে কৈয়েই দিলে,
“লেকৌ, তই দেখোন মালিক এতিয়াও হোৱাই নাই। এতিয়াৰেপৰা মালিক হোৱা বুলিনো কিয় ফিতাহী মাৰিছ?”

লেকৌৱে অলপ চিঞৰিয়েই উত্তৰ দিলে, “মালিক হৌনে কে ৱাস্তে হী চব হৈ আছে। আৰু মোক লেকৌ বুলি কিয় কৈছ, মাই নেম ইজ এল কে বি….দি চন অৱ….”

“থ থ হেৰৌ, বাপ জনমত ইংলিশ কৈ নাপালোঁ, তোৰ অসমীয়া নামটো মই আকৌ ইংলিশত কেলেই কওঁ, চাৰ্কাছত থকা মানুহ, তোৰ কথা বেলেগ, তোক এল বি এ বোলেনে আৰু কিবা বি বোলক মোৰ কি আহে যায়!” – সোণধন জকজকাই উঠিল।

ইমান সময়ে এল কে বিৰ কথা শুনি থকা গাঁৱৰে এজন শিক্ষিত খেতিয়ক দীপকে কৈ উঠিল,

“বাৰু লেকৌ, চব বুজিলোঁ। পিছে এটা কথা কচোন, এই যে তই অনবৰতে জগবন্ধু ফটাছাতি কৈ থাক, তাৰ অৰ্থটো জাননে?”

এল কে বিয়ে তপৰাই উত্তৰ দিলে,- “সেইটোতো এটা ইংৰাজী শব্দ হয়, তাৰ অৰ্থ কিয় লাগে?”

“অহ! মই ভাৱিছিলোঁ তই অনবৰতে কৈ থাক শব্দ দুটা, তই ছাগৈ অৰ্থ জান! তেনেহ’লে তোক আৰু কিবা কৈ লাভ নাই।” – দীপকে ক’লে।

এল কে বি উচাত মাৰি উঠিল,
“তই ভী কি পৰা-চুনা কৰিলি! হাল মাৰি মাৰি আৰ কি ভাববেন! টেল টেল কি মিনিংটা আছে?”

দীপকে হাঁহি এটা মাৰি উত্তৰ দিলে, “জগবন্ধু ফটাছাতি কোনো ইংৰাজী শব্দ নহয়। এই আমাৰ যে ঘৰবোৰৰ লগতে থকা বাৰীবোৰৰ জেঁকা ঠাইবোৰৰ য’তে ত’তে গঁজি থকা কাঠফুলাবিধ, সেইবিধক মানুহে বেংছটা বুলিয়েই কয় যদিও জগবন্ধু ফটাছাতি বুলিও কিছুমান ক্ষেত্ৰত কোৱা হয়। বেংছটা দেখিবলৈ ছাতিৰ দৰে হয়। ৰ’দ-বৰষুণৰপৰা বাচিবলৈ ভেকুলীবোৰে সেই বেংছটাৰে আঁৰত লুকাবলৈ চেষ্টা কৰে যদিও বেংছটাৰ ছাতিৰ দৰে অংশখিনি ফাটি যায় বাবে সেইবোৰেদি বৰষুণৰ পানীও ভেকুলীৰ গাত পৰে। পোক-পৰুৱা, ভেঁকুলী আদিয়ে নিজকে বচাবলৈ বেংছটাৰ আশ্ৰয় লয় যদিও বেংছটাৰ ওপৰৰ ভাগটোৱেদি পানী সৰকি সিহঁতকে তিতাই পেলায়। এহ বাদ দে, তোক আৰু কিবা কোৱাৰো দৰকাৰ নাই।”

মানুহবোৰে হাঁহিবলৈ ধৰা দেখি তথা নিজৰ দুৰ্বলতা ধৰা পৰাত এল কে বি অলপ সময় মনে মনে থাকিল যদিও পুনৰ ক’বলৈ ধৰিলে, “মই আচলতে মাই ফাদাৰৰ পাৰ্মিছন ল’বলৈহে ঘৰলৈ আহিছোঁ। হাজাৰ হওক অঞ্চলটোৰ এজন নামজ্বলা টিচাৰ আছিল মাই ফাদাৰ।”

কোনোদিনে কোনো কথাতে দেউতাকৰ অনুমতি নোলোৱা লেকৌৰ পিতৃভক্তি দেখি মানুহবোৰ আচৰিতো হ’ল।

অৱশ্যে দুদিন আগলৈকে পিতৃভক্তিত গদ গদ হোৱা লেকৌৰ মুখত লাহে লাহে অবাইচ মাতৰ ভীৰ হ’বলৈ ধৰিলে। সেইকেইদিনত লেকৌৰ মদ-ভাং খাই ঢলং পলংকৈ ঘৰলৈ অহা, ৰিক্সাত মহাৰাজৰ দৰে বহি দেউতাকৰ চৈধ্য পুৰুষ উজাৰি গালি পৰা চলি থাকিল। লগতে নিজে শিক্ষক হৈ অঞ্চলটোৰ সকলোকে শিক্ষিত কৰা মানুহজনে নিজৰ ল’ৰা-ছোৱালীকেইটাক উপযুক্তভাৱে শিক্ষিত কৰিব নোৱাৰিলে বুলিয়েই দেউতাকৰ নামত গালি-গালাজো অব্যাহত থাকিল।

এদিন হঠাতেই কাকো একো নোকোৱাকৈয়ে লেকৌ আকৌ নোহোৱা হ’ল। মানুহে ধাৰণা কৰিলে যে লেকৌৰ হয়তো পকেট খালি হ’ল। সেয়ে আকৌ চাৰ্কাছলৈ গ’লগৈ চাগৈ! ঘৰৰ মানুহেও কোনো সদুত্তৰ দিব নোৱাৰিলে।

ছমাহমানৰ বিৰতিত এল কে বি ওৰফে লেকৌৰ গাঁৱলৈ পুনৰ আগমন ঘটিল। এইবাৰৰ লেকৌৰ আগমন আগতকৈও ৰোমাঞ্চকৰ আছিল। চাৰিচকীয়া এখনত লগত এগৰাকী ধুনীয়া ছোৱালী লৈ আগমন ঘটিল এল কে বিৰ। সকলোৱে ভাবিলে যে লেকৌৱে চাৰ্কাছৰ মালিকৰ জীয়েকক বিয়া পাতি ঘৰলৈ আনিছে। বহুতে ভাবিলে যে এইবাৰ লেকৌৰ লেকচাৰৰ কোব আৰু বাঢ়িব। চাৰ্কাছৰ মালিক হৈ আহিছে যে!

এলকেবি ওৰফে লেকৌৰ ঘৰত আকৌ এক হুলস্থুলীয়া পৰিবেশ। প্ৰথমে লেকৌৰ মাকৰ কান্দোন আৰু তাৰ পাছত নিয়ম-নীতি কৰি বোৱাৰীক ঘৰ সোমোৱা আদি কৰি ঘৰ উখল-মাখল। লেকৌৰ দেউতাক অৱসৰপ্ৰাপ্ত ভূঞাই পিছফালৰ চোতালত চকী এখনত ওৰেটো আবেলি বহি থাকিল।

তেনেতে লেকৌৰ নৱ-বিবাহিতা পত্নীয়ে শুদ্ধ অসমীয়াত লেকৌক “হেৰা, শুনিছানে, এইফালে আহাচোন!” বুলি মাতোঁতেহে মানুহবোৰ আচৰিত হ’ল।

মানুহবোৰ অলপ আচৰিত হ’ল। লেকৌৰ চাৰ্কাছৰ মালিক বোধহয় বিহাৰী আছিল। দুটামানে ক’লে যে অসমত থাকি থাকি অসমীয়া শিকি ল’লে চাগে! চাৰ্কাছৰ মালিক লেকৌক কৈ কিবা প্ৰকাৰে চাকৰি যোগাৰ কৰিব পাৰি নেকি বুলিও দুটামানে গুণা-গঁঠা কৰি থাকিল।

তাকে দেখি মানুহবোৰে লেকৌক কিবা সোধাৰ আগতেই হঠাতে লেকৌৱে ক’বলৈ ধৰিলে,- “গাঁৱৰ কি, এই ৰিজিয়নটোতে এনে কোনো নাই যি এম এ পাছ গাৰ্ল মেৰেজ কৰিছে। এইয়া দেখি লিয়া এল কে বি কা কামাল! মাই ৱাইফ, মাষ্টাৰ্ছ ডিগ্ৰী হ’ল্ডাৰ, ইউ নৌ! নাউ মাই ফাদাৰ ফিল প্ৰাউড অৱ দিচ। হোৱেৰ মাই ফাদাৰ? এতিয়া মাই ফাদাৰে ৰিকুৱেষ্ট দি দিলে তেওঁৰ পঢ়ুৱা স্কুলখনতে মোৰ ৱাইফে জৱ কৰিব পাৰিব।”

চাকাৰ্ছত থাকিও ছোৱালীজনীয়ে পঢ়া-শুনা কৰিলে বুলি ভাবি গাঁৱৰ মানুহবোৰৰ লেকৌৰ বোৱাৰীক খুবেই ভাল লাগিল। কিন্তু লেকৌৰ কথাবোৰহে খেলি-মেলি যেন লাগিল। চাৰ্কাছৰ মালিকৰ জীয়েক যদি চাৰ্কাছতে নাথাকি স্কুলত পঢ়াবলৈ কিয় বিচাৰিছে?

ফটা লেকচাৰ পূৰ্ণ গতিত চলাই থকা লেকৌৰ মুখত এইবাৰ খিচিৰি ভাষাটো কমকৈ শুনা গ’ল- “মোৰ ইমানখিনি ’দম’ আছে যে চাৰ্কাছ কা মালিক, তাৰ ডটাৰক বুঢ়া আঙুলি দেখুৱাই তাৰ জৱটো এৰি আহিবলৈ! ভাল লাগি গ’ল এওঁক, ইমান এডুকেটেড, কিন্তু অকনো ভেম নাই, নৌ প্ৰাউদ।”

“হেৰৌ এল কে বি, তই বোলে কিবা চাৰ্কাছৰ মালিকৰ জীয়েককহে বিয়া পাতিম বুলি কৈ গৈছিলি! বোৱাৰী চাৰ্কাছৰ মালিকৰ জীয়েক নহয় নেকি? তই দেখোন কৈছ যে তই চাৰ্কাছৰ মালিকক বুঢ়া আঙুলি দেখুৱাই আহিছ বুলি!” – কোনোবা এজনে সুধিয়েই দিলে।

“সেইটোৱেইটো কথা” – লেকৌয়ে চিঞৰি উত্তৰ দিলে। “মানে সি চাৰ্কাছৰ মালিকে ক’লে বোলে তই মেৰী বেটী কৌ ছাদী কৰনে কে বাদ অপনে ঘৰ কভী ভী নাহী জা চকতে হৌ ভইল। অগৰ ইচ বাত কৌ মানতে হৌ তৱ হী মেৰী বেটী চে ছাদী কৰ চকতে। তৌ মই কি হোম জোঁৱাই হম নেকি? মই টিচাৰৰ চন হয়। মোৰ ফাদাৰৰ সন্মান থাকিব নেকি?”

মানুহবোৰৰ মনত পৰিল, আগৰবাৰ আহোঁতে লেকৌয়ে চাৰ্কাছৰ মালিকৰ জীয়েকক বিয়া পাতি চাৰ্কাছৰ মালিকেই হম বুলি গপতে গংগাটোপ হৈ আছিল। এতিয়া আকৌ ঘৰ জোঁৱাই হ’বলৈ মন নাই বুলি কৈছে। কোনোবা এটাই ফুচফুচাই কৈ উঠিল, “ই খেদা খালে চাগৈ!”

মানুহবোৰে নিজৰ মাজতে হাঁহিবলৈ ল’লে। চাৰ্কাছৰ কম কাপোৰ পিন্ধা ছোৱালীবোৰৰ বিষয়ে বিশেষ কিবা শুনিবলৈ ৰৈ থকা কিছুমান লাহে লাহে যাবলৈ ল’লে। বাকীবোৰো লাহে লাহে ঘৰা-ঘৰি গ’ল।

কেইদিনমান লেকৌৰ ঘৰখনত উচ্চ স্বৰত টেপ ৰেকৰ্ডাৰ বাজি থাকিল। লাহে লাহে মদৰ ঘাটিত লেকৌক দেখা গ’ল। সেই একেই মদ খাই লৈ প্ৰথম কেইদিনমান ৰিক্সাত উঠি মহাৰাজৰ দৰে বহি আহে, ঘৰত আহি দেউতাকক উদ্দেশ্যি অশ্ৰাব্য গালি পাৰে। কেতিয়াবা ৰাস্তাৰ দাঁতিত পৰি ৰয়। প্ৰায়ে ভনীয়েকহঁতে উঠাই ধৰি, মেলি ঘৰলৈ নিয়ে। লাহে লাহে লেকৌৰ পত্নীয়েও লেকৌক তেনেকৈ উঠাই ঘৰলৈ নিবলৈ ল’লে। লগতে ঘৰতো ভীষণ কাঁজিয়া পেঁচাল হ’বলৈ ল’লে। কোনে কাৰ লগত কিয় কাঁজিয়া লাগিছে সেইবোৰ কাষৰ-পাঁজৰৰ মানুহে বুজিব পৰা নাছিল। তিনিমাহমান তেনেকৈ থাকি লেকৌৰ পত্নীয়ে লেকৌক লৈ নিজৰ ঘৰলৈ গ’লগৈ! এবছৰমানৰ পিছত খবৰ আহিল লেকৌৰ পত্নীৰ হেনো ল’ৰা এটা জন্ম হৈছে। লেকৌৱে বোলে শহুৰেকৰ ঘৰতে থাকি কিবা ’বিজনেছ ’ কৰিছে, পত্নীয়ে ঘৰৰ ওচৰৰ স্কুল এখনত চাকৰিত সোমাইছে।

পিছে হঠাতেই এদিন এল কে বি অকলেই ঘৰ পালেহি! ঘৈণীয়েক, সন্তানক এৰি ঘৰৰ ল’ৰা ঘৰলৈ বোলে একেবাৰেই গুচি আহিছে। এইবাৰ কিয় জানো গাঁৱৰ দুই এজনেহে এল কে বিৰ খবৰ ল’বলৈ আহিল। অলপ দিন এল কে বি গাপ মাৰি থাকিল। তেনে সময়তে দেশত নিৰ্বাচনৰ বতৰ সমাগত। হঠাতেই এদিন এল কে বিক এটা দলৰ নিৰ্বাচনী সভাত বৰ আস্ত-ব্যস্ত হৈ থকা দেখা গ’ল।

আচৰিতকৈ ৰাজনৈতিক দলৰ নামে যহে লেকৌ, মানে এল কে বিৰ কথা-কাণ্ডই বেলেগ হৈ গ’ল। কিন্তু এল কে বি একেটা দলতে থকা কথাটো সম্ভৱ হয়তো কোনোদিনেই নাছিল। প্ৰত্যেক বিধানসভা, লোকসভা আনকি স্থানীয় পঞ্চায়ত, টাউন কমিটিৰ নিৰ্বাচন প্ৰক্ৰিয়া হ’লেও এল কে বিৰ দল বাগৰা কাৰ্য নিয়মিতভাৱেই চলি থাকে। কালিলৈকে দলটোৰ বিষয়ববীয়াৰ গুণ-গান কৰি থকা এল কে বিয়ে যিদিনাই সেই দলটো এৰে সেইদিনাৰপৰাই বেলেগ দল এটাৰ গুণ-গান কৰা আৰম্ভ কৰি দিয়ে। এল কে বিৰ দল বাগৰা স্বভাৱটোৰ বিষয়ে সকলোৱে জানে যদিও কিবা প্ৰকাৰে এল কেবি এ ’মেনেজো’ কৰে। অৱশ্যে দলৰ বিষয়বাব সিমান নেপায়। তথাপিও চলি যায়। বাটে-ঘাটে, বজাৰে-সমাৰে এল কে বিয়ে সেইসময়খিনিত জড়িত থকা দলটোৰ নেতৃবৃন্দৰ এনেকৈ বিৱৰণ দিবলৈ আৰম্ভ কৰে যে সঁচাকৈয়ে এল কে বি মন্ত্ৰী, এম এল এৰ ঘনিষ্ঠ হয় বুলি মানুহে বিশ্বাস কৰিবলৈ বাধ্য হৈ যায়। এনেদৰেই এল কে বিৰ ‘বিজনেছ’ চলি গৈ থাকে। যেনেকৈয়ে হ’লেও আক-তাক ঠগি পোৱা টকাৰে এল কে বিৰ ঘৰ সদায়েই ৰমৰমীয়া হৈ থকা হ’ল।

সময়ৰ দাবী বুলি এল কে বিৰ ইংলিশ লেংগুৱেজৰ শ্বৌ অফত টিভিৰ বিজ্ঞাপনত দিয়া বা কোৱা কিছু শব্দ-বাক্যও নিজাববীয়া ইংলিশ হৈ পৰিল। বিশেষকৈ “নাথিং অফিচিয়েল এবাউট ইট”টো বিজ্ঞাপনৰ নহৈ এল কে বিয়ে যেন নিজেহে বনাই কোৱা ইংলিশ তেনে ধৰণেৰেই ইমেজ দিবলৈ চেষ্টা কৰিলে। দুই-একে ইয়াৰ অৰ্থ কি বুলি সুধিলেই এল কে বিৰ ফিতাহী মাৰা উত্তৰ হৈছিল,-

“দু ইউ নৌ হু আই? আই এল কে বি, হু টক ইংলিশ, শ্লিপ ইংলিশ, ইট ইংলিশ! নাথিং অফিচিয়েল এবাউট দিচ।”

জনা দুই-এজনে মন্তব্য কৰে যে এল কে বিয়ে নিশ্চয় ক’ৰবাত এই ইংৰাজী বাক্যশাৰীও শিকি ল’লে। ক’বলৈ সহজ হোৱাত য’তে ত’তে ক’বলৈ লৈছে। পিছত সি নিজেই এই বাক্যশাৰী বনোৱা বুলি ক’ব যে সেইটো খাটাং।

চাৰ্কাছত কষ্ট কৰি টকা আৰ্জন কৰাৰ কথাৰে গৌৰৱ কৰি লেকৌৱে ছাত্ৰ আন্দোলনটোক কাম নাইকিয়া মানুহৰ কাম বুলি উপলুঙা কৰিছিল। এতিয়া সেই ছাত্ৰসকলৰে কিছুৱে খোলা ৰাজনৈতিক দলটোৰ স্থানীয় শাখাৰ এল কে বি হৰ্তা-কৰ্তা বুলি কৈ ফুৰে। তাৰ মাজতে এল কে বিয়ে পুনৰ বিয়া কৰালে আৰু পাঁচোটাকৈ ল’ৰা-ছোৱালীও হ’ল। প্ৰথমগৰাকীৰ কথা সুধিলে কথাৰে ফালৰি কাটি দিয়ে।

ইংৰাজীৰ প্ৰতি থকা সহজাত দুৰ্বলতাৰ বাবেই এল কে বিয়ে ল’ৰা-ছোৱালীকেইটাক ইংৰাজী মাধ্যমতেই পঢ়িবলৈ পঠাইছিল। সেইসময়ত এল কে বিৰ সেই একেই ফচহু মৰা যুক্তি। এল কে বিয়ে হেনো অসমীয়া মাধ্যমত পঢ়া বাবেহে সম্পূৰ্ণকৈ পঢ়া-শুনা কৰিব নোৱাৰিলে। ইণ্টাৰেষ্টেই নেপালে বোলে! গতিকে ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমতেই পঢ়িবলৈ দি এল কে বিৰ ফিটাহি আৰু বাঢ়িল। ওচৰ-পাঁজৰৰ ল’ৰা-ছোৱালীবোৰে অসমীয়া মাধ্যমত যোৱা দেখিলেই এল কে বিৰ কটুক্তি – “ডেমব্লাডি, জগবন্ধু ফটাছাতি, হেৰৌ কিডাল কৰিবি অসমীয়া স্কুললৈ গৈ! নাথিং অফিচিয়েল এবাউট ইট! পঢ়ি লৈ হালত ধৰিব লাগিব। আৰু মাই চিল্ড্ৰেন ফৰেইনত যে যাব সেইটো খাটাং। এতিয়াই কি ফৰ ফৰ ইংলিশ কয়। আখীৰ চিল্ড্ৰেন কাৰ! এল কে বিৰ চন-ডটাৰ হৈ ইংলিশ নক’ব, সেইটো হ’বই নোৱাৰে। নাথিং অফিচিয়েল এবাউট দিচ। ডেমব্লাডি।”

পিছে এল কে বিৰ ল’ৰা-ছোৱালী হৈ যে পঢ়া-শুনা শেষ কৰিব সেইটোত সকলোৰে সন্দেহ আছিল। ডাঙৰ ল’ৰাটোৱে মেট্ৰিক দি ফেইল কৰাত পঢ়া তাতেই শেষ কৰিলে। জীয়েকেও দুবাৰমান দি কোনোমতে পাছ কৰিলে যদিও কলেজ যোৱাৰ নামত ধুন-পেছকে মাৰি থাকিল। ইফালে ঘৈণীয়েকৰো যি ধুন-পেছ, ল’ৰা-ছোৱালীকেইটাই পঢ়িছেই নে আন কিবা কৰিছে খবৰেই নাই। গতিকে পিছৰ তিনিটাইও স্কুলৰ বাউণ্ডেৰীতে উইকেট কিপীং কৰি থাকিল।

এনেহেন এল কে বিয়েই এতিয়া অঞ্চলটোৰ সকলোবোৰ ৰাজনৈতিক দলতেই কিবা নহয় কিবা প্ৰকাৰে জড়িত হৈ থাকে।

এদিন শুনা গ’ল এল কে বিয়ে হেনো নিৰ্বাচন খেলিব। বহুতে ভাবিলে এল কে বিয়ে এনেয়ে ঢৌ দি আছে, কোনোবা পাৰ্টিয়ে টোপ দিয়ে বুলি! কেইদিনমানৰ পিছতে এল কে বিয়ে সেই সময়ত সমৰ্থন কৰি থকা দলটোৰ তথা বিধায়কজনৰ বদনাম কৰিবলৈ ধৰিলে,- “ডেমব্লাডি, জগবন্ধু ফটাছাতি, সিহঁত কাম নাইকিয়া বাতি। আই নট, দে নাথিং টক। নাথিং অফিচিয়েল এবাউট দিচ। মোক টিকট নিদিওঁ বুলি কয়! আই শ্বৌ দেম, এই এল কে বি হোৱাট জিনিছ হয়। ডেমব্লাডি, আখীৰ মোৰ ফাদাৰ টিচাৰ আছিল। অঞ্চলটোৰ ফেমাচ টিচাৰ। এই এল কেবি ইমান সহজতে হাৰি নাযায়। ইমান ইয়ং হৈ চাৰ্কাছ কা মেনেজাৰ আছিলোঁ। এই এল কে বি মিনিষ্টাৰ, এম এল এ হৈহে এৰিব। নাথিং অফিচিয়েল এবাউট দিচ! ডেমব্লাডি, জগবন্ধু ফটা ছাতি।”

কেইদিনমান এল কে বি তাপ মাৰি থকা যেন লাগিল। যেতিয়া দেখিলে যে কোনো এটা ৰাজনৈতিক দলৰ মানুহেও এল কে বিৰ খবৰ কৰা নাই, তেতিয়া হয়তো এল কে বিৰ গা চেবালে! সেয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাবে নিৰ্বাচন খেলিব বুলি ৰাজহুৱা কৰিলে। কিন্তু নিৰ্বাচনত কি চিম্বল দিব বুলি কোনোবাই সোধাতহে এল কে বিৰ হুচ আহিল।

এনেতে এল কে বিৰ সাংগো-পাংগোবোৰৰ লিডাৰ বুলি ভাৱা কেৰকনে কৈ উঠিল, “এল কে বিয়ে অনবৰতে যিটো ডায়লগ মাৰি থাকে তাকেই দেখোন নিৰ্বাচনৰ চিম্বল হিচাবে ৰাখিব পাৰি!”

ইতিমধ্যে নিজৰ তথা দেউতাকৰ নামৰ শ্বৰ্ট ফৰ্ম কৰা এল কে বিয়ে কেৰকনৰ নামটোও কে কে কৰি পেলাইছিল। কে কেয়ে কোনটো ডায়লগৰ কথা কৈছে তাকে ভাবি এল কে বি চিন্তাত পৰিল।

এল কে বিক চিন্তিত দেখি কে কে ওৰফে কেৰকনে তপৰাই উত্তৰ দিলে,- “এল কে বি ব্ৰ’, কি যে কয়? আপুনি দেখোন অনবৰতে কৈ থাকে “জগবন্ধু ফটাছাতি“ বুলি! তাৰ মানেতো কাঠফুলা হয়, গতিকে আপুনি নিৰ্বাচনত কাঠফুলাকে ইলেকচনৰ চিম্বল দিব পাৰে দেখোন!”

লগে লগেই এল কে বিৰ মদ-মাংসৰ শ্ৰাদ্ধ কৰা পাৰ্টিৰ জোৰদাৰ প্ৰচাৰ অভিযান আৰম্ভ হৈ গ’ল। এইবাৰ এল কে বি নিৰ্বাচনত যে জিকিবই সেইটো একপ্ৰকাৰ খাটাং বুলিয়েই বিয়পি পৰিল।

সততে ডায়লগ কোৱাত সিদ্ধহস্ত এল কে বিয়ে নিজৰ বাবে ডায়লগ বনোৱাত কৃপণালি নকৰিলে। গতিকে বাটে-ঘাটে, দিনে-পোহৰে এল কে বিৰ নামত নিৰ্বাচনী ডায়লগবোৰ মানুহৰ মুখে মুখে চলিবলৈ ধৰিলে। মানুহবোৰে ভোট দিয়ক নিদিয়ক, এল কে বিৰ নিৰ্বাচনী ডায়লগবোৰ হ’লে ভালকৈয়ে অনুসৰণ কৰিবলৈ ল’লে।

“জগবন্ধু ফটাছাতি, এইবাৰলৈ এল কে বিৰ বাত্তি, নাথিং অফিচিয়েল এবাউট ইট, এল কে বি মিনিষ্টাৰ, ৰাস্তা-পদুলী জাতিষ্কাৰ, ডেমব্লাডি জগবন্ধু ফটাছাতি, বানপানী ইজ যাব উভতি, নাথিং অফিচিয়েল এবাউট ইট। ডেমব্লাডি।”

ভোটৰ দিনা পুৱাই পুৱাই এল কে বিয়ে বগা চাফাৰী ছুট পিন্ধি, কঁপালত চন্দনৰ ফোট, ডিঙিত গামোছা আৰু চকুত ৰঙীণ চানগ্লাছ পিন্ধি গাঁৱৰ ৰাস্তাইদি এক প্ৰকাৰৰ এটা প্ৰচেছনেই কৰি গ’ল। ইতিমধ্যে ভোটাৰেও পুলিং বুথবোৰত ভিৰ কৰিবলৈ ধৰিলে। প্ৰথম ভোটদান কৰি উলটি অহা মানুহবোৰৰ প্ৰায়বোৰৰে মুখবোৰত আচৰিত হোৱাৰ স্পষ্ট আভাষ পোৱা গ’ল। মানুহবোৰে ভুনভুনাই কথা পাতিবলৈ ধৰিলে – “এল কে বিৰ কাঠফুলা চিম্বলটো দেখোন তাত নাই, কথা কি?”

ইতিমধ্যে এল কে বিৰ এই খবৰটো বিয়পি পৰাত সামান্য সময়ো নালাগিল। আচৰিতকৈ পুৱাই প্ৰচেছন কৰি যোৱা এল কে বিৰ ছাঁটোকে তেতিয়া বিচাৰি পোৱা নগ’ল। তেনেকৈয়ে ভোটগ্ৰহণ হৈ গ’ল। তাৰ কেইদিনমান পিছলৈকে এল কে বি তথা গেঙৰ বহুতৰে কোনো উম-ঘাম পোৱা নগ’ল। পত্নী তথা ল’ৰা-ছোৱালীকেইটাইও একো ক’ব নোৱাৰিলে। এল কে বিক আগৰেপৰা জনা গাঁৱৰে বয়সীয়াল কেইজনমানে কথাটোত বৰ এটা আচৰিত নহ’ল। জনা-শুনা দুজনমানে ক’বলৈ ধৰিলে,

“এল কে বিৰ নিৰ্বাচন খেলাৰ কোনো আঁচনিয়েই নাছিল। কোনোবা দলে দিয়ে নেকি অথবা কোনোবা দলৰ লগত কিবা টকা-পইচাৰ বুজা-বুজি হয় বুলিহে হাৱাতে কথাবোৰ উলিয়াইছিল। তেনে একো নহ’ল। ভোটৰ দিনা সকলোৱে গম পাই যাব বাবেই এল কে বি ক’ৰবাত গৈ লুকাই আছে।”

কেইদিনমানৰ পিছত এখন ৰিক্সাত উঠি সিংহাসনত বহাৰ দৰে বহি সেই আগৰ দৰেই এল কে বি গাঁৱলৈ আহিল। মুখত সংসাৰৰ অবাইচ মাত, লগতে আছিল সেই চিৰ পৰিচিত ডায়লগ,

“ডেমব্লাডি, জগবন্ধু ফটাছাতি, আই এল কে বিক পাত্তা নিদিয়, তহঁতকো ভোট কমি যোৱাৰ ভয় দেখাইকে এৰিলোঁ। দোণ্ট নৌ নাথিং। হিঃ হিঃ হিঃ। আই মেক দেম মূৰ্খ। হুঁহ! মোৰ পপুলেৰিটি দেখি নাইট নাইট সিহঁতে পইচা দি মোক ইলেকচন উইড্ৰ কৰিবলৈ এগ্ৰি কৰাই দিলে। আৰু মই ভী কি ধৰি থাকিম। ইফ মই বিকাম মিনিষ্টাৰ এই অঞ্চলক কোনে চাব? হু উইল হা? সেইটোতো মই লাইফ গ’লেও কৰিব নোৱাৰিম। কাণ্ট। আফটাৰ অল আই, এই অঞ্চলৰ সন্মানীয় টিচাৰৰ চন হয়। আই, প্ৰাউদ ফৰ মাই টিচাৰ ফাদাৰ! মাই ফাদাৰৰ দৰে এই অঞ্চলৰ প্ৰতিও মোৰ দায়িত্ব আছে। নাথিং অফিচিয়েল এবাউট ইট। ডেমব্লাডি, জগবন্ধু ফটাছাতি।”

☆★☆★☆

10 Comments

  • Rintumoni Dutta

    খুব ভাল লাগিল গীতিকা

    Reply
    • গীতিকা শইকীয়া

      Rintumaoni Dutta, গল্পটো আলোচনীখনত স্থান দিয়া বাবে অশেষ ধন্যবাদ….

      Reply
  • তৃষ্ণা সো

    ভাল লাগিল পঢ়ি গীতিকা বা

    Reply
    • Gitika Saikia

      সঁচা কৈছোঁ মোৰ অলপো ভাল লগা নাছিল। বিশেষকৈ শেষৰখিনি। তুমি ভাল পোৱা বুলি জানি সঁচাকৈয়ে ভাল লাগিল।

      Reply
  • মাধুৰ্য্য

    গীতিকা বা, কিছু লিখিছে। মানি গৈছো।

    Reply
  • Gitika Saikia

    সঁচা কৈছোঁ মোৰ অলপো ভাল লগা নাছিল। বিশেষকৈ শেষৰখিনি। তুমি ভাল পোৱা বুলি জানি সঁচাকৈয়ে ভাল লাগিল।

    Reply
  • কাবেৰী মহন্ত

    বিচাৰি আছিলো তোমাৰ লেখাটো ৷ তোমাৰ বৰ্ণনা অপূৰ্ব ৷ লেকৌৰ ইংলিছ প্ৰেম মজা লাগিল ৷ বৰ সুন্দৰ

    Reply
    • গীতিকা শইকীয়া

      কাবেৰী, তোমাৰ মন্তব্যই সঁচাকৈয়ে উৎসাহিত কৰিলে। চিন্তাত আছিলোঁ, বিশেষকৈ দীঘল হোৱাৰ বাবে।

      Reply
  • হেমন্ত কাকতি

    দিঘলীয়া কাৰনে এৰি থৈছিলো৷ আজি ৰাতিপুৱাই বহিলো পঢ়িবলৈ৷
    সঁচা কৈছো, তামাম ভাল লাগিল৷ বিদ্যাা, নাথিং অফিচিয়েল এবাউট ইট! একদম এল কে বিক দেখি গ’লো৷ শেষখিনি একো বেয়া নালাগিল৷ বৰঞ্চ একদম পাৰফেক্ট এণ্ডিং হৈছে৷ এই এল কে বি কেৰেক্টাৰটো দি এখন চিনেমা বনাব পৰা যাব৷

    তোমাৰ এটা শ্ৰেষ্ঠ গল্প৷

    Reply
  • গীতিকা শইকীয়া

    অশেষ ধন্যবাদ দাদা। চমুৱাবলৈ ভাৱিছিলোঁ যদিও কিদৰে কৰোঁ তাকে ভাৱি থাকোঁতেই সময় গ’ল।

    Reply

Leave a Reply

Your email address will not be published.