ফটাঢোল

তপা পুৰাণ – অংশুমান বৰা

তপা মাথোঁ এক শব্দ নহয়,
নহয় তপা এটি নাম
পুৰুষ জাতিৰ ই আয়ুসৰেখা,
বুঢ়া হোৱাৰ ই চিন-কাম।।

তপা শব্দটোৰ পৰিসৰ তপা মূৰটোৰ দৰেই বহল। যেতিয়া মূৰৰ চুলি সৰি সৰি লাওখোলাটোৰ এটা গুৰু অংশ সমাজৰ আন দহজনে ধৰিব পৰা হৈ উঠে, তেতিয়াই এজন পুৰুষ তপা পুৰুষৰ শাৰীলৈ উত্তীৰ্ণ হয়। কোনোবাই বিচাৰক বা নিবিচাৰক সকলোৱেই এদিন নহয় এদিন তপাৱস্থাৰ সন্মুখীন হ’ব লগা হয়। তপা মহিলাৰ উদাহৰণ বিৰল, গতিকে এই লেখাটিত আমি মাথোঁ তপাপুৰুষৰ বিষয়েহে আলোচনা কৰিম। পুৰুষ জাতিৰ জীৱনৰ লগত তপা শব্দটো ওতপ্ৰোত ভাৱে জড়িত। আদবয়সলৈ বুলি খোজ লওঁতেই যাত্ৰাপথৰ লগৰীৰূপে লগ দিয়েহি এই তপাৱস্থাই। কিন্তু এই তপাকো লক্ষণ অনুযায়ী কেইবাপ্ৰকাৰত বিভক্ত কৰিব পাৰি। তপা যেনেকৈ বিভিন্ন তেনেকৈ তপা হোৱাৰ কাৰণো কেইবাবিধ। প্ৰথমে আহোঁ তপাৰ প্ৰকাৰলৈ। তপা মূলতে ৫ প্ৰকাৰৰ-
১.স্বল্পতপা
২.অগ্ৰতপা
৩.মধ্যতপা
৪.পশ্চাদতপা বা দিঘলীতপা
৫.পূৰ্ণতপা বা টকলাতপা

১)স্বল্পতপা: পূৰ্ণতপা বা টকলাতপাৰ আৰম্ভণি হয় এই স্বল্পতপা অৱস্থাৰ যোগেদি। এই তপা বিধ আগতে দেখা নগৈছিল, পিছে আজিকালি এইবিধ বৰ সুলভ। সাধাৰণতে যেতিয়া ডেকা ল’ৰাৰ বিয়াৰ বয়স উকলি যাবলৈ লয় তেতিয়া এই ডেকাৰ মূৰত নানা চিন্তাই বাহ লয়। তাৰ ফলস্বৰূপে মূৰৰ চুলি সৰি সৰি পাতলীয়া হবলৈ ধৰে। গতিকে ল’ৰাৰ মূৰত চুলি থাকিলেও চুলি নিচেই কম বুলি ধৰিব পাৰি। সঠিক সময়ত বিয়া বাৰু নকৰালে লাহে লাহে এনে তপাৱস্থাই গুৰু ৰূপ ধাৰণ কৰিব পাৰে।

২)অগ্ৰতপা: এইবিধ তপা প্ৰজাতি আজিকালি সুলভ। এইবিধ অৱস্থাত কপালৰ সন্মুখৰ চুলিবোৰ লাহে লাহে সৰিবলৈ আৰম্ভ কৰে। সাধাৰণতে বয়সে অলপ গিয়েৰডাল সলালে এই তপাৱস্থাৰ উদ্ভৱ হয়। সাধাৰণতে বিভিন্ন পাৰিবাৰিক চিন্তাৰ ফলস্বৰূপেই বিবাহিত পুৰুষ প্ৰজাতিটো এই তপাৱস্থাৰ চিকাৰ হোৱা দেখা যায়। স্বল্পৱস্থাৰ তপাসকল লাহে লাহে অগ্ৰতপা অৱস্থাৰ ফালে গতি কৰিবলৈ ধৰে।

৩)মধ্যতপা: মধ্যতপা লোকৰ সংখ্যা কিছু পৰিমাণে সীমিত। এইবোৰ মানুহ অ’ নিগেটিভ ব্লাড গ্ৰুপৰ লেখিয়া। এনে অৱস্থাত তপালোকৰ মূৰৰ মাজভাগৰ চুলি সৰিবলৈ আৰম্ভ হয়। ফলস্বৰূপে চাৰিওফালে চুলিৰ মাজত এখন মুকলি চোতাল ৰাইজে প্ৰত্যক্ষ কৰিবলৈ পায়। এনে লোক সভাৰ মাজত জাকত জিলিকা হয়। কেতিয়াবা বিয়াই সবাহে ৰাতি মেন্ঠল বা হেস্ক লাইটটোৱে যদি দিগদাৰ দিয়ে, তেতিয়া গাঁৱৰ ৰাইজে চাৰিজন দেখনিয়াৰ মাজতপা লোকক সমাজৰ চাৰিওফালে চাৰিখন চকী পাৰি বহাই দিছিল। জোনৰ পোহৰ এনেলোকৰ মস্তক স্পৰ্শ কৰাৰ লগে লগে সহস্ৰ সুৰুযৰ সমান পোহৰেৰে এনে লোকৰ তপা তালুখন আলোকিত হৈ পৰিছিল। গতিকে ৰাতিৰ ভাওনা-সবাহ সুকলমে পাৰ হৈ গৈছিল।

৪)পশ্চাদতপা বা দীঘলীতপা: এনে তপালোক সংসাৰত দেধাৰ আছে। বয়সে যেতিয়া জীৱনৰ শেষৰ ফালৰ গিয়েৰ কেইডাল লগাবলৈ আৰম্ভ কৰে, তেতিয়া এই অৱস্থা হোৱা দেখা যায়। এই অৱস্থাত মানুহৰ কেৱল দুই কাণৰ দুফালেহে চুলি এথোপা এথোপাকৈ দুথোপা চুলি থকা দেখা যায়। এই বয়সত মানুহে আন কাজ এৰি লাহে লাহে ঈশ্বৰ চিন্তাৰ ফালে মন মেলে। এনে অৱস্থাত লাহে লাহে কঁকাল পৰিবলৈ ধৰে আৰু ওচৰৰ ল’ৰা-ছোৱালীবোৰেও চৰকাৰী কাগজ পাতি পুনৰ নৱীকৰণ কৰাৰ নিচিনাকৈ নিজৰ দাদা সম্বন্ধটো শুধৰাই প্ৰয়োজনসাপেক্ষে এটা বা দুটা প্ৰজন্ম ওপৰলৈ উঠাই খুড়াদেউ, মোমাইদেউ বা বৰপিতাইলৈ উন্নীতকৰণ কৰি লয়। লাহে লাহে এনেলোকৰ ডেকা মনটো এনে সম্বন্ধবোৰৰ কাৰণে মৰহিবলৈ আৰম্ভ কৰে। সেইবাবে মনটো ভাল লগাই থাকিবলৈ এনেলোক হৰিৰ শৰণাপন্ন হোৱা দেখা যায়।

৫)পূৰ্ণতপা বা টকলাতপা: এই ধৰণৰ তপালোক আগতে আমাৰ আলৰ বুঢ়াসকলৰ লগতহে বহি থকা দেখা গৈছিল। পিছে আজিকালি ঈশ্বৰৰ কৃপাত এচাম ডেকাও এই শাৰীত বহা দেখিব পোৱা যায়। নানা কাৰণত যেতিয়া মানুহে ডেকা বয়সতে স্বল্প, অগ্ৰ, মধ্য অথবা দীঘলীতপাৰ শাৰীত বহিব লগা হয়, তেতিয়া লাজটো ঢাকিবৰ কাৰণেই মানুহে নিজৰ সমগ্ৰ মূৰটোকেই নিমজ কৰি পেলায়। এনে লোকৰ মূৰত টৰ্চ বা পোহৰ মাৰিলে পাঁচ কিলোমিটাৰ দূৰৰ পৰা ৰাতিৰ আন্ধাৰতো জিলিকি থকা দেখিবলৈ পোৱা যায়। এনেলোক সমাজৰ সকলো সম্পৰ্কৰ পৰা লাহে লাহে আঁতৰি অহা দেখা যায়। ডেকাবোৰে বয়স কম হ’লেও নিজৰ তপা মূৰটোৰ বাবে লাহে লাহে গার্লছ কলেজৰ আগেদি যোৱা বাদ দিয়ে।ছোৱালী জোকোৱা স্বভাৱটোও বাদ দিবলৈ ধৰে। আনহাতে এনে বয়সতো কিছু বয়সীয়াল লোকে এই স্বভাৱ পৰিত্যাগ কৰা দেখা নাযায়। তেতিয়াই এনে বয়সীয়াল লোকক পৰকিতি লৰা বুঢ়া বুলি সমাজে স্বীকৃতি প্ৰদান কৰে।

এতিয়া অহা যাওক তপা শব্দৰ উৎপত্তি, বিৱৰণ তথা ব্যাখ্যাৰ ফালে। তপা শব্দৰ উৎপত্তিক লৈ নানা মুনিৰ নানা মত আছে যদিও ইয়াক লৈ এটা সাধাৰণ বাখ্যাও পুৰুষ জাতিৰ মাজত বিদ্যমান। আগৰ দিনৰ মুনিসকলে বহুবছৰ কাল তপস্যা কৰিছিল, আৰু সেই তপস্যাৰ ফলত বহুত বেছি তপোবলৰ অধিকাৰী হৈছিল। গতিকে তপা পুৰুষেও আনৰ আগত নিজৰ নাকটো বচাবৰ নিমিত্তে নিজকে সেই তেজস্বী তপস্বীৰ লগত তুলনা কৰি সুখ লভে। তপা শব্দক বিচ্ছেদ কৰিলে দেখা যায় যে ই দুটা পদৰ সমষ্টি – ‘ত’ আৰু ‘পা’। এই দুই পদৰ অতি গুৰু মহত্ব আছে। শাস্ত্ৰমতে এই পদ দুবিধ ঈশ্বৰৰ নিজমুখৰ বচন। শাস্ত্ৰত ইয়াকে বুলিছে,
সৰুকালে তই মনে ভাবিছিলি ছোৱালী গোটাবি লাখ,
সেহিবাবে মঞি তোৰ মাথ পৰা চুলিক কৰিলো নাশ।
অৰ্থাৎ ইয়াত ঈশ্বৰে কৈছে যে “তই ডেকাকালত আনক চেনি দিম বুলি বৰ তেল দেখুৱাই আছিলি নহয় সৰুৰে পৰা, তোৰ মূৰৰ চুলি মই সোপাকে নাইকিয়া কৰিলোঁ। এতিয়া মজাটো পা।” ‘ত’ ৰে আৰম্ভ হৈ ‘পা’ ত শেষ হোৱা কাৰণে কেশহীন লোকক তপা বোলা হয়।
মানুহ কিয় তপা হয় ইয়াৰ কাৰণ বিজ্ঞজনে বিভিন্ন সময়ত বিচাৰ বিবেচনা কৰি চাইছে। আজিকালিৰ জ্ঞানীচামৰ মাজতো তপাহোৱাৰ এক সু-বাখ্যা থকা দেখা যায়। কেতিয়াবা আপুনি কোনোবা তপাৰ টকলা মূৰটোলৈ আঙুলিয়াই দিলেই তেখেতে কোৱা শুনিব, “হেৰৌ, কেতিয়াবা ব্যস্ত ৰাজপথত ঘাঁহ-বন গজা দেখিছা জানো?লোকৰ এৰাবাৰীতহে ঘাঁহে-বনে জাবৰ হৈ থাকে!” আনতকৈ তেওঁলোকৰ নিজৰ মূৰটো যে দুৰ্বাৰ গতিৰে চলে তাৰেই বাখ্যা দি তেওঁলোকে বৰ সুখ পায়।
তপালোকৰ পিছে কিছুমান বিশেষ বিশেষত্ব থকা দেখা যায়। প্ৰথম আৰু প্ৰধান বিশেষত্বটো হৈছে তপাৰ টকলা মূৰটো। ৰাতিবেলিকা পাছফালৰ পৰা দেখিলে এনে লাগে যেন পূৰ্ণিমাৰ জোনটো ধৰাতে ওলাল। আকাশত চন্দ্ৰ আৰু ধৰাত তপাৰ টকলামূৰটোৰ দৰে উজ্বল বস্তু কাৎচিৎ হে কিবা থাকিব পাৰে। আমাৰ বহুলোকৰ ভৱিষ্যততকৈ এনে লোকৰ তালুখন বেছি উজ্বল হোৱা দেখা যায়। দিনৰ বেলিকাত আকৌ এনে লোকৰ তালুখন একেবাৰে চাবই নোৱাৰা হৈ পৰে। সুৰুযৰ পৰশ পাই এনেলোক জাম্বৱন্তৰ শ্যামন্তক মণিৰ দৰে উজ্বল ৰূপ ধাৰণ কৰে। কেতিয়াবা আকৌ এনে লোক আনৰ বাবে মাইলৰ খুঁটি হৈ পৰা পৰিলক্ষিত হয়। কেতিয়াবা বাটে পথে কোনোবাই কাৰোবাক নিৰ্দেশনা দিয়া দেখা যায়, “এই তিনিআলিটো পাৰ হ’লেই যে প্ৰকাণ্ড বৰগছ এজোপা দেখিবি, তাৰ সন্মুখৰ গাড়ীখনৰ ওচৰতে তপা মানুহ এটা থিয় হৈ আছে। মই সেইখিনিৰ ওচৰতেই আছো।” গতিকে ইয়াৰ দ্বাৰা আমি তপা মানুহে যে সমাজৰ কিমান কল্যান কৰি আছে সেয়া জানিব পাৰিলো। আজিৰ সমাজত তপালোক নথকাহেঁতেন ইৰাণ, কুৱেইট আদি দেশবোৰ দুখীয়া হৈ পৰিলহেঁতেন। ভালেহে এনে লোকে তেলৰ কুপবোৰ বচাই আহিছে। লগতে হাতীৰ দাঁত এক মূল্যবান সম্পদ। আগতে সমাজত তপা মানুহ কম আছিল। গতিকে হাতীদাঁতৰ ফণীৰ মানুহে ব্যাপক ব্যৱহাৰ কৰিছিল। হাতীদাঁতৰ মূল্য বৃদ্ধিৰ ইয়ো এটা কাৰণ। ভালেহে আজিৰ সমাজত তপাৰ সংখ্যাবৃদ্ধিৰ বাবে এনে ফণীৰ ব্যৱহাৰ কমিছে। গতিকে হাতীদাঁত সংৰক্ষণত তপা মানুহৰ অৱদান অসীম।

এনেদৰে বিশ্লেষণ কৰি চালে দেখা যায় যে তপালোকে সমাজৰ বিভিন্ন দিশত বিভিন্ন প্ৰকাৰেৰে অৰিহণা যোগাই আহিছে, আৰু হয়তো আগলৈকো অৰিহণা যোগাই থাকিব। এওঁলোকৰ ইমানবোৰ জনহিতকৰ কাৰ্যৰ তথা উদাৰ অন্তৰৰ বাবে ঈশ্বৰে এওঁলোকৰ বাবে দেৱলোক, মৰ্ত্যলোকৰ দৰে তপালোক নামে লোক এখনৰ বিশেষ বন্দবস্ত কৰিছে। শেষত সকলোলৈকে সেৱা জনাই তপালোকৰ মংগল কামনাৰে আজিলৈ ইমানতে সামৰণি মাৰিলোঁ।

☆★☆★☆

3 Comments

  • ৰিমঝিম

    আগতেও পঢ়িছিলোঁ। তপাৰ ওপৰত কিছু ৰিচাৰ্ছ কৰি লিখা হৈছে। ভাল লাগিল‌।

    Reply
  • Rintumoni Dutta

    আকৌ এবাৰ পঢ়িলো, সুন্দৰ গৱেষণাপত্ৰ

    Reply
  • নীলাক্ষি

    ভাল লাগিল পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published.