ফটাঢোল

তাইৰ তালুৰ তেল – মনোজ নেওগ

মুঠতে নাই, কোনো প্ৰকাৰে হাঁ- নাই!
লগৰটোৰ হৈ সৰ্বমুঠ দহোটামান প্ৰেমৰ প্ৰস্তাৱ দহজনীক দিয়া হ’ল, তথাপিও ইতিবাচক খবৰ এটা নাহিল। ভাগি পৰাৰে কথা… বৰ দুখ মনে লগৰটোক ক’লোঁ

: দোস্তি একদম মাফ কৰি দিবি, হাৰি গ’লোঁ মই৷

পিচে মোৰ লগৰটো হাৰিযোৱা বিধৰ নাছিল। তেতিয়া আমি দুইটা থেৰো-গেৰোকৈ দুই এটা সামাজিক অনুষ্ঠানৰ লগত জড়িত হৈ পৰিছোঁ৷ তেনে এটা অনুষ্ঠানৰ কথা বতৰাতে লগৰটোৰ পুনৰ এগৰাকীক ভাল লাগিয়ে গ’ল। প্ৰথম দৰ্শনতে লগৰটোৰ এঘাৰনম্বৰীয়া প্ৰেম! তেতিয়া ম’বাইল নাই, লেণ্ড ফোনতে দুইটাই শাকখোৱা ভাতখোৱা কথা পাতিবলৈ লাগি গ’ল৷ মই বোলো,

: দিনবাৰ এটা চায় ফুচুককে কৈ দে।

সি কয়,

: নহ’ব৷

আগৰবোৰত মইহে হেনো তাৰ কুফা লগায় আছিলোঁ। এইবাৰ সি তাৰ নিজৰ মতে কৰিব৷ ময়ো ভাবিলোঁ – কৰি থাক, যি কৰ।

এদিন পুৱা বিচনাৰ পৰা উঠিছোহে, লৰালৰিকৈ লগৰটো আহিল। মোক ক’লে,

: ব’ল ব’ল কাম আছে৷

না কোৱাৰ প্ৰশ্নই নাহে, গুৰিয়াই ভুকুৱাই লৈ যাব৷
মই মনে মনে ভাবিলোঁ,

: ই আজি মোক ক’ত বলি দিয়েগৈ ঠিক নাই!

গৈ আছোঁ; ঘপকৈ দোকান এখনত ৰৈ সি লোৱা বস্তু কেইপদ হ’ল- গুৱাপাণ এযোৰ, ডাবৰ আমলা কেশকালা তেল এবটল। মইতো অবাক, তাক সুধিলোঁ,

: এইবোৰ কি কৰিবি?

সি তেতিয়াহে মোক অভিনৱ উপায় এটাৰ কথা ক’লে৷
মানুহ এজন আছে বোলে, মানুহ মানে – বেজ। এনেকুৱা বেজ, তেল এবটলত মন্ত্ৰ জাৰি দিয়ে, ছোৱালী নেলাগে ছোৱালীৰ মাকো আহি ঘৰ পাবহি।
মই উচপ খায় উঠাৰ দৰে উঠিলোঁ

: ধেই, কাম নাপালি আৰু, এইবোৰ কথানো বিশ্বাস কৰনে!

সি ক’লে,

: বহুতেই প্ৰমাণ পাইছে হেনো।

বন্ধুৰ খাতিৰ, তাতে বিষয় জটিল। গ’লোঁ আৰু দুইটা।
একোঠলীয়া ঘৰ এটা, চাৰিফুট ওখ দুৱাৰখনত মূৰ কপালত খুন্দা নোখোৱাকৈ সোমায়ে ভোবোলা ছাগলী ভোবোলা ছাগলী গোন্ধটো পালোঁ, নাকটো দুবাৰমান সোৎ সাৎ কৰি ইফালে সিফালে চালোঁ- দেৰহাতমান উঁইহাফলু চাইজৰ মানুহ এজন বহি আছে, ইফালে মোৰ লগৰটোৱে- বাবা বাবা বুলি মাটিতে দীঘল দি দিলে। লগে লগে বাবাই সুধিয়ে দিলে,

: কন্যাৰ নাম কি?

থেৰোগেৰোকৈ লগৰটোৱে ক’লে। গুৱাপাণ আৰু ৰূপ এশৰ সৈতে তেলৰ বটলটো আগ কৰি দিলে। বাবাই তেলৰ বটলৰ সাফৰ খুলি বাং বিং আৰাম্ভ কৰি কৰি, শেষত তিনিটা ফু-মাৰি ক’লে,

: একদম তালুত দিব লাগিব। কামহৈ যাব।

অৱশেষত মন্ত্ৰপুত ‘ডাবৰ আমলা কেশকালা’ তেল এবটল লৈ আমি উভটিলোঁ। ইয়াতেই আচল জটিলতাটো আহিল; তালুত তেল কেনেকৈ দিব পৰা যাব! দুদিন তিনদিন তালুত তেল এচলু কেনেকৈ দিয়া হয় তাৰ ওপৰত আমাৰ আলোচনা পৰিকল্পনা চলিল৷ মইতো চিধায়ে ক’লোঁ যে- মই নোৱাৰোঁ৷ কেনেকৈ দিম! কথা নাই বতৰা নাই চিধা যদি তেল এচলু ছোৱালী এজনীৰ তালুতে দি দিওঁ কাটৌপ কৈ মাৰি পঠিয়াব! সকলো ফালৰ পৰাই বিমোৰত পৰিলোঁ দুইটা৷
উপায় বিচাৰি হায়ৰাণ, তালুত তেল চলু কেনেকে দিব পৰা যাব! ইয়াৰ মাজত লগৰটো আৰু ইগৰাকীৰ মাজত ফোনালাপৰ অগ্ৰগতি সিমানেই, যিমানত লগৰটোৱে গম পাইছে যে- তাই পাৰ্ক চকলেট খায় ভালপায়, আৰু এসপ্তাহত দুবাৰ চুলিত তেল লগায়।

আন এদিনৰ কথা৷ ঘৰতে তেল চলু দিয়াৰ উপায় এটা ভাৱি আছোঁ৷ এনেতে উধাতু খায় লগৰটো আহিল, চিধাই ক’লে –

: ব’ল ব’ল৷

পিছক্ষণতে উৰহী গছৰ ওৰ ওলাল- তাইৰ হেনো বাৰ্থ ডে’! সি ফোন কৰোঁতে কথাটো গম পালে৷ তায়ো ক’লে- আহিলে আহিব বুলি, তাৰ পিছত তেলীয়া সাৰেঙৰ দৰে চিকুন লগৰটো মোৰ ওচৰত৷

মই এতিয়া বলিৰ পঠাটো! কথাটো এনেকুৱা, লগৰটোৰ লগত লেমটো হৈ মই নমতা বাৰ্থ ডে’ খাবলৈ যাম, মোৰ হাতত উপহাৰ হিচাপে- ‘ডাবৰ আমলা তেল ‘ৰ বটলটো। লগৰটোৱে উপহাৰ দিব পাৰ্ক ফেমেলি পেক চকলেট এটা!

উপায় নাই। লগৰটোৰ দিহা লাগক বুলিয়ে নমতা বাৰ্থ ডে’ খালোঁ, তেলৰ বটলটো দিলোঁ৷ তাৰ পিছত উৎকণ্ঠা, ভাৱি আছোঁ চমৎকাৰ এটা হ’ব কিজানি! তিনি দিনৰ দিনা লগৰটো যেনেকেহে মোৰ ওচৰলৈ আহিল, মোৰ এনে লাগিল যেন- কিবা চমৎকাৰ এটা হ’ল ! উচপিচাই সুধিলোঁ –

: কি হ’ল?

লগৰটোৱে উত্তৰত মাথো এটা কথাকে ক’লে-

: সৰ্বনাশ হ’ল৷

মৃগী বেমাৰৰ প্ৰাৰম্ভিক লক্ষণৰদৰে লগৰটোৱে জিকাৰ একোটা মাৰি চকু দুটা ধেল খুৱাই দিলে! মই দেখিলোঁ কথা বিষম, পানী এগিলাচ দিলোঁ, খাই তেহে অলপ পৰৰ পিছত থিৰ লাগিল। একোবত সি থোকাথুকি মাতেৰে ক’লে-

: পায় গ’লহি ঘৰ৷

মই চমকি উঠিলোঁ, ঘৰ আহি পায় গ’ল মানে কথাটো চমৎকাৰ হৈয়ে গ’ল নেকি! তাক লাহেকৈ সুধিলোঁ,

: আহি সোমায় দিলেহি নেকি ঐ!

: মাক আহি সোমায় দিলেহি৷

মোৰ কাণৰ কাষত যেনিবা বৰকাঁহ এখনহে বজাই দিলে কোনোবাই! মই জেগাতে দুইটা ভৰিৰে থেপথেপাই দুই তিনিটা জাঁপমাৰি পাক ঘূৰণি খোৱাত লাগিলোঁ। এপাকত বহি লৈ বিৰবিৰাই কলোঁ,

: এয়া কি কৰি দিলা প্ৰভূ !

লগৰটোৰ মাতটো এইবাৰ আৰু কঁপিবলৈ লাগিল! সি ক’লে,

: কালিৰাতি ফোন কৰোঁতে পাকে প্ৰকাৰে তেলৰ কথাটো উলিয়ালোঁঁ৷ তাইক সুধিলোঁ,

: কালিলে চাগে তেল লগাবা চুলিত?

: ওঁ – ওঁ

মোৰো মাতটো যেনেতেনে নৰা পেঁপা এটাৰ দৰেহে ওলাল নাকেদি। লগৰটোৱে কৈ গ’ল,

: তুমি চাগে মোৰ লগৰটোৱে দিয়া উপহাৰৰ তেলটোকে লগাবা?

তাই ক’লে,

: ই -ই – ই সেইটো ডাবৰ আমলাহে!

তাই হেনো পেৰাচুট ক’কনাট তেলহে লগায়৷ ডাবৰ আমলাটো কালি মাকে গোটেইটো তালুত ল’লে। কথা নহয় যেনিবা সেইটো বোমাহে ফুটিল! মই ছিতিকি যাব খোজোঁতেই লগৰটোৱে চাৰ্টটো থাপমাৰি ধৰি তাৰ কাষতে থেপেক্ককে বহুৱাই দিলে। তাৰপিছত অনেকপৰ দুইটাৰ একো মাতবোল নাই।
একোবত সি ক’লে,

: বেজজনৰ ওচৰলে আকৌ যাব লাগিব, মাকক ঘূৰি যোৱাৰ উপায় দিব পাৰিব৷

মই মুঠতে- ওঁ – ওঁ বুলি শলাগি গৈছোঁ। লগৰটোৱে পুনৰায় মোক ক’লে,

: তই এতিয়া আমাৰ ঘৰলৈ যা, পৰিস্থিতি বুজ লৈ আহ৷ গুৰুতৰ যেন দেখিলে এমাহ মানৰ কাৰণে দুইটা গায়ব হৈ দিম।

পিছৰ পাকত হ’লে এইটো ক’বলৈ নাপাহৰিলে যে- বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু৷ নিজৰ মৰসাহসী আত্মাটোক স্মৰণ কৰি গ’লোঁ আৰু লগৰটোৰ ঘৰলৈ
তাত গৈ দেখিলোঁ, কথাটো হয়ো হয়। বুকুখনে ধাপ-ধুপ মাৰিবলৈ আৰম্ভ কৰিলেই। দ্ৰয়িং ৰুমৰ ফালে গ’লে কিবা পয়মাল হ’ব বুলি মই চিধা লগৰটোৰ পাকঘৰলৈ ধাই ধাই পোনাই দিলোঁ। লগৰটোৰ মাকৰ খং ৰাগ অলপ ক’ম।

তাৰ পিছত….
লালমোহন, ফুলা লুচি, পনিৰ-কাবুলি বুটৰ তৰকাৰী পৰম তৃপ্তিৰে খাই দুটা উগাৰ মাৰি লগৰটোৰ মাকক ক’লোঁ,

: মা, আপুনি চিন্তা নকৰিব৷ তাৰ হৈ ময়ে এইখন বিয়াত মত দিলোঁ৷ সি যদি বিয়া নকৰাওঁ বুলি কয়, তাক পিটি পিটি হোমৰ গুৰিত বহুৱাই দিমহি।

লগৰটোৰ ওচৰলৈ যাওঁতে ভাবি গ’লোঁ কথাবোৰ – এনেয়ে ইমানখন কষ্ট কৰিলে, অতখন নগুৰ-নাকতি!
একেজনী ছোৱালীকে লগৰটোৰ মাক দেউতাকে তালৈ পচন্দ কৰি, গোপনে কথা চলাইছে৷ ব্ৰাহ্মণ পৰিয়ালৰ হেনো ছোৱালীৰ ঘৰৰ পৰাই প্ৰস্তাৱটো প্ৰথমে ল’ৰাৰ ঘৰলৈ অহাৰ নিয়ম এটা থাকে।

☆★☆★☆

3 Comments

Leave a Reply

Your email address will not be published.