ফটাঢোল

তাতে কিবা এণ্ড হেৰি – ৰক্তাভ কুমাৰ দাস

শিৰোনামটো দেখিয়েই চাগৈ সকলোৰে মনত এটি প্ৰশ্নৰ উদয় হৈছে যে এইটো আকৌ কেনেধৰণৰ লেখা! আপাত দৃষ্টিত চাবলৈ গ’লে লিখনিটোৰ প্ৰাক্‌ক্ষণত মোৰ মনতো অনুৰূপ প্ৰশ্নটোৱেই খুন্দা এটা মাৰি নোযোৱা নহয়। কিন্তু… এই “কিন্তু”টোৱেই যিকোনো কথা এটাক ঘটনাৰ ৰূপ দিয়া এক উত্তম অনুঘটক। যিকোনো ঘটনা এটাৰ “ক্ৰিয়েটিভ (ছাছপেন্স) ডিৰেক্টৰ” হৈছে এই “কিন্তু” শব্দটো। গতিকে “কিন্তু”টোক সাময়িকভাৱে তাৰ “ক্ৰিয়েটিভিটি” অক্ষুণ্ণ ৰাখিবলৈ দি মই আগবাঢ়িছোঁ “তাতে কিবা আৰু হেৰি”ৰ সৈতে আমি প্ৰায়েই মুখামুখি হোৱা কিছু ঘটনাৰাজিলৈকে।

দিছক্লেইমাৰ : লিখনিটোত পঢ়িবলৈ আগবঢ়াই দিব ওলোৱা ঘটনা/পৰিঘটনাসমূহ আমাৰ সকলোৰে জীৱনৰ দৈনন্দিন কাম-কাজ, কথা-বতৰাৰ লগত কোনোধৰণৰ সম্পৰ্ক নথকা বুলি ক’বলৈ যোৱাটো লিখকৰ অপৰাধ বুলি গণ্য কৰা হ’ব আৰু লিখনিটোৰ শিৰোনামটো, পঢ়ুৱৈসকলে ধৰিব পৰাৰ পিছতো, “টম, ডিক এণ্ড হেৰী” শীৰ্ষক ইংৰাজীৰ খণ্ডবাক্যটোৰপৰা কপিৰাইট নোলোৱাকৈ কপি কৰা বুলি স্বীকাৰ নকৰাটো লিখকৰ ওপৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অভিযোগ বুলি ধৰি লোৱা হ’ব।

তদুপৰি, লিখনিটোক মনোজগতৰপৰা টাইপিং জগতলৈ অনাৰ এই সমস্ত প্ৰক্ৰিয়াটোত কোনো ধৰণৰ জীৱহত্যা নকৰা আৰু ধোঁৱা নোখোৱা বুলি প্ৰচাৰ চলাই যদি নিজকে মহান জাহিৰ কৰিবলৈ লেখকে অপচেষ্টা কৰাৰ প্ৰয়াস কৰে তেন্তে এফ.পি.চি. ধাৰাৰ (নিজৰ নিজৰ ইচ্ছানুসাৰে যিকোনো সংখ্যা বহাই ল’ব) অধীনত লেখক শাস্তিৰ সন্মুখীন হ’ব, কিয়নো লেখকৰ বিচনাখনৰ গেটিছ মৰা আঁঠুৱাৰ দুৰ্বল চিলাই শক্তিৰ সুযোগ বুজি মহ আৰু মানুহৰ মাজত থকা “এল.ও.চি.” অতিক্রম কৰি ফ’ৰ বাই ছিক্সৰ বিচনাখনৰ ভিতৰত অনধিকাৰ প্ৰৱেশ কৰাৰ ফলত লেখকৰ হাতত অসংখ্য মহ বীৰগতি প্ৰাপ্ত হৈছিল। তাৰপৰা আৰু এখোপ ওপৰলৈ গৈ “কিলাৰ” নামৰ ধোঁৱা উৎপন্নকাৰী মহনাশী ক্ষেপনাস্ত্ৰৰ সহায়ত লেখকে মহবোৰৰ টেৰিটৰিত সোমাই এটি ষ্টীং অপাৰেচন কৰাৰ ফলতো যথেষ্ঠসংখ্যক মহ উশাহ নাপাই মৰি থকা বুলি ইতিমধ্যে মহ-মানুহ সমন্বয়ৰক্ষী সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ এক প্ৰতিলিপি মহজগতৰ সংবাদপত্ৰত প্ৰকাশ পাইছে।

(মহজগতত মৃত্যুঘণ্টা বজাই থৈ অহা উক্ত লেখকজনৰ কাণৰ কাষত প্ৰয়াত মহবিলাকৰ আত্মাই ৰাতিৰ এন্ধাৰত লেখকে ঠিক শুবলৈ ওলোৱাৰ সময়খিনিৰপৰাই নানা ধৰণৰ বিমঙ্গলীয়া শব্দৰ সৃষ্টি কৰি লেখকক ভয়াৰ্ত কৰি তোলাৰ প্ৰয়াস কৰাৰ কথাটোৱেও এতিয়া সৰ্বত্ৰে চৰ্চিত বিষয়ৰূপে ধৰা পৰিছে)

এতিয়া আহিছোঁ “তাতে,কিবা এণ্ড হেৰি”ৰ আখ্যানলৈ।

তাতে : বিশদ গৱেষণাৰ অন্তত “তাতে”ৰ জন্মস্থান,কাল, ভৌগোলিক স্থানাংক ইত্যাদিৰ কোনো ধৰণৰ সঠিক বৰ্ণনা ক’তো বিচাৰি পোৱা নগ’ল যদিও ঘৰুৱাভাৱে “তাতে” নামৰ ঠাইটুকুৰা ক’ত হ’ব পাৰে পিছলৈ তাৰে বাই ডিফল্ট অনুমান এটা লগাব পৰা হ’লোগৈ। প্ৰাক-গৱেষণিক কালত (মানে এই গৱেষণাটো আৰম্ভ কৰাৰ আগতে) আউত অব নো হুৱেৰ মা সমন্বিতে পৰিয়ালৰ আন আন সদস্য তথা অনা-সদস্যৰ মুখত “তাতে”ৰ বহুল উপযোগ প্ৰায়েই লক্ষ্য কৰিছিলোঁ। যিকোনো এটা বস্তু, এই ধৰা হওক পিঠিৰ ফালে ফালি গৈ নিজে নিজে পকেটৰ ৰূপ ধৰা ৰূপা কোম্পানীৰ গেঞ্জিটো (হাফপেণ্টত খুচি পিন্ধি ল’লে পিঠিৰফালে ডিঙিৰ তলৰপৰা কঁকাললৈকে সেই অঞ্চলটোৱে এখন পকেটৰেই কাম কৰে), চাইকেল মচিবলৈ, ৰচী বনাবলৈ, কটা-চিঙা ঠাইত বেণ্ডেজৰ কাম কৰিবলৈ বিচৰা ফটাকানি টুকুৰা (গামোচা এখনৰ সূতাখিনি বহল হৈ ভাগৰি নোযোৱা পৰ্যন্ত ব্যৱহাৰক্ষম কৰি ৰখাৰ বৃথা প্ৰচেষ্টাৰ অন্তত জন্ম দিয়া নতুন ব্যৱহাৰৰ উপায়) জাতীয় যিকোনো ধৰণৰ বস্তুৱেই হওক নতুবা সদা ব্যৱহৃত এনেকুৱা সামগ্ৰী যিবোৰ যথাস্থানৰ পৰিৱৰ্তে বেলেগ কোনোবা ঠাইত ৰখা হয় সেই আটাইবোৰ বস্তুৰ ঠিকনা বহনকাৰী গাঁওখনেই হ’ল “তাতে”। “অমুকটো ক’ত আছে!” বুলি ছিলেবাছৰ বাহিৰৰ প্ৰশ্ন (ছিলেবাছ বুলি কওঁতে ইয়াত ঘৰৰ সামগ্ৰীবোৰ থ’বৰ বাবে মাৰদ্বাৰা চিহ্নিত বিভিন্ন ঠাইবোৰ) এটাৰ সন্মুখীন হোৱাৰ লগে লগেই তেওঁক তাৎক্ষণিকভাৱে উদ্ধাৰৰ বাবে আগবাঢ়ি অহা ঠাইটুকুৰাৰ নামেই হ’ল “তাতে”।

এইবোৰৰ উপৰি “তাতে”ৰ অন্যান্য ব্যৱহাৰো নোহোৱা নহয়; মানে যিকোনো উপলক্ষত, যিকোনো কথা-বতৰাত “তাতে”ৰ গুৰুত্ব মাত্ৰাধিক। “তাতে”ৰ এনেকুৱা বহুল প্ৰচাৰৰ পৰিপ্ৰেক্ষিতত পৰিস্থিতিসাপেক্ষে সেইটোৱে ধাৰণ কৰা তাৰ “মাল্টিহেবিটেছন”ৰ ঠিকনাবোৰ যিকোনো এজন মানুহৰ পক্ষে সহজে অনুমেয় হৈ পৰে, যদিওবা মাজে-সময়ে অনুমান ভুল হয়। মায়ে “তাতে”ক যিধৰণে উপস্থাপন কৰে তেওঁৰ সেই প্ৰায়োগিক নীতিৰ আধাৰতেই পিছলৈ মোৰ ককাইদেৱে মাৰ কাৰণে ঘৰত আৰু এটি ৰুম নিৰ্মাণ কৰি সেই ৰুমটোক অফিচিয়েলি “তাতে” বুলি নামাংকন কৰাৰ এটি প্ৰস্তাৱ আগবঢ়াইছিল, লগতে “তাতে” নামৰ আনুমানিক ঠাইটুকুৰাত পাব পৰা সম্ভাব্য সমগ্ৰ বস্তুক সেই ৰুমটোত থৈ দিয়াৰ উপদেশ এটা দিছিল যাতে বস্তুবোৰ সহজতে উপলব্ধ হয়।

মোৰ তেতিয়া হায়াৰ চেকেণ্ডাৰীৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়, আবেলি সময়ত পঢ়ি থকাৰ পৰা কেতিয়াবা উঠি আহি ঘৰৰ সন্মুখৰ ৰাস্তাটোৰে অকণমান তহল দিয়া স্বভাৱ এটা আছিল। সেইখিনি সময়তে ওচৰৰে সম্বন্ধীয় ককা এজনেও ৰাস্তাত অলপ খোজ কাঢ়ে। যিদিনাখন মোক সন্মুখত আৱিষ্কাৰ কৰে সিদিনাখনেই তেওঁ এইজন নাতিয়েকৰ লগত ভালেখিনি পৰ কথা পাতে, মোৰ শুনাৰ ধৈৰ্য্য থাকক বা নাথাকক তেওঁ নিজৰ ভাগে “মষ্ট মগন” হৈ পুৰণি কথা কিছুমানৰ সোৱাদ মোক দিব বিচাৰে। আচলতে বয়সস্থ মানুহবোৰৰ সাধাৰণতে বন্ধু-বৰ্গৰ লগত সম্পৰ্কটো কমি অহাৰ কাৰণে এনেকুৱা হ’বলৈ পায় বুলি পিছলৈ ধাৰণা এটা কৰি ময়ো যথাসম্ভৱ যথেষ্ট ধৈৰ্যসহকাৰে তেওঁৰ কথাবোৰ শুনি যাওঁ। কথাৰ মাজতে তেওঁ এনেকুৱা কিছুমান মানুহৰ কথা উল্লেখ কৰে যাক দেখাটো দূৰৰ কথা, নামকেই মই শুনি পোৱা নাছিলোঁ আৰু তেখেতে মোক এনেভাৱে বুজাইছিল যেন সেই মানুহগৰাকী তেওঁ মোক কথাখিনি কৈ থকাৰ এঘণ্টামান আগতে আমাৰ ঘৰৰ পৰা চাহ-পানী খাই ওলাই গৈছিল। বাৰু যিয়েই নহওক, ককাজনে বৰ্ণনা কৰি থকাৰ সময়ত এই “তাতে” নামৰ অস্পষ্ট সূচাংকটোক প্ৰচুৰ পৰিমাণে তেওঁৰ বৰ্ণনাৰ মাজত স্থান দিছিল আৰু বেঙাটোৰ দৰে ময়ো বুজি পোৱা যেন দেখুৱাই “তাতে” নামৰ যাযাবৰটোৰ ককাৰ দৃষ্টিত সেইসময়ত চলি থকা ঠিকনাটোৰ অনুমানত লাগি গৈছিলোঁ। কিয়নো যদি মই নাজানোঁ বুলি কওঁ ককাই আৰু “তাতে”ৰ ওপৰত “তাতে” লগাই মোক বুজাবলৈ চেষ্টা কৰিব আৰু অৱশেষত মোৰ সময়খিনিও নষ্ট হোৱাৰ নিচিনা হ’ব। মানে “তাতে” নামৰ বহুৰূপীটোৱে কিছু কিছু ক্ষেত্ৰত পৰিস্থিতি এটাৰপৰা ওলাই অহাতো সহায়ক হয়। সামগ্রিকভাৱে ক’বলৈ হ’লে নিজৰ স্বাৰ্থৰ বিপৰীতে “তাতে”ৰ ব্যৱহাৰ ঋণাত্মক হ’লেও ব্যৱহাৰকাৰীজনৰ কাৰণে বহুক্ষেত্ৰত “তাতে”ৰ প্ৰয়োগটো ধনাত্মক আৰু আত্মৰক্ষাকাৰী।

কিবা : “কিবা”ৰ ব্যৱহাৰ “তাতে”ৰ সমপর্যায়ৰ। পাৰ্থক্য এটাই যে “কিবা” শব্দটো বস্তুভিত্তিক আৰু “তাতে” হ’ল ঠাইভিত্তিক। নাম নজনা যিকোনো বস্তুৰ চিৰপ্ৰস্তুত গণনা হ’ল “কিবা”।

অনুভৱ বুজাবলৈও ইয়াক ব্যৱহাৰ কৰা দেখা যায়, বাক্য এটাক অলপ ষ্ট্ৰেছ প্ৰদান কৰি নিজৰ অনুভৱ ব্যক্ত কৰিবলৈ “কিবা” ব্যৱহাৰ নকৰিলে যেন অনুভৱটো আধৰুৱা হৈ থাকে! উদাহৰণ, “মোৰ কিবা এটা তাইক ভাল লাগে”, ” মোৰ কিবা গাটো ভাল লগা নাই”, “মোৰ কিবা মনটো বিৰাট ভাল লাগি আছে” ইত্যাদি।

মোৰ কৰ্মস্থানৰ অঞ্চলটোত বিভিন্ন জনজাতিৰ বাসিন্দা আছে। তেওঁলোকে পৰপস্পৰ মাজত কথা-বতৰা হওঁতে অসমীয়া ভাষাটো খুব কমেই ব্যৱহাৰ কৰা হেতু অসমীয়া শব্দ কিছুমান তেওঁলোকৰ মনত সহজতে ক্ৰিয়া নকৰে। মই যিহেতু সিহঁতে ব্যৱহাৰ কৰা ভাষাটো আয়ত্ত কৰিব নোৱাৰিলোঁ, হেন জানি সিহঁতে ভঙা-ভঙা অসমীয়াতেই হওক মোৰ লগত কথা পাতিবলৈ বাধ্য। কথা প্ৰসংগত সিহঁতে বিচাৰি অহা বস্তুটোৰ অসমীয়া বা ইংৰাজী সমাৰ্থক শব্দটো সিহঁতৰ মনলৈ নহাৰ ফলত তেওঁলোকে “কিবা”ৰদ্বাৰা সেইটোক বুজাবলৈ চেষ্টা কৰে, যেনে ধৰি লওক ” এ ছাৰ! এই কিবাটো দিচোন মোক!”, “এ ছাৰ! মোৰ কিবাটো হৈছেনে নাই!” মোৰ মগজটোৱে ঢুকি পাব পৰাকৈ কোৱা কথাবোৰৰ অনুমানত সিহঁতে ক’বলৈ চেষ্টা কৰা সেই “কিবা”টোক গৰিষ্ঠসংখ্যক পৰিস্থিতিত মই বুজি পাওঁ যদিও এনেকুৱা পৰিস্থিতিও আহি নপৰা নহয় যেতিয়া মই সিহঁতৰ সেই “কিবা”টোক বুজি পাবলৈ সিহঁতৰ ফালে কাগজ আৰু কলম পৰ্যন্ত আগবঢ়াই দিব লগাত পৰে। মানে পাৰে যদি সিহঁতে সেই “কিবা”টোৰ আকৃতিটো মোৰ আগত অংকন কৰি প্ৰকাশ কৰক যাতে মই বুজাত সহজ হয়।

হেৰি : “তাতে” আৰু “কিবা”ৰ তুলনাত “হেৰি”ৰ ব্যৱহাৰ কিন্তু বহুগুণে বেছি! “হেৰি” পৰিস্থিতি অনুসৰি বস্তুভিত্তিক আৰু স্থানভিত্তিক দুয়োটা ৰূপেই ধাৰণ কৰে। বৈজ্ঞানিক দিশৰপৰা “হেৰি”ক উভচৰ বা সৰ্বভোজীৰ লগত তুলনা কৰিব পাৰি।

বস্তুভিত্তিক “হেৰি”ৰ আওতাত পৰা কথাবোৰ এনেধৰণৰ, “মোৰ হেৰিটো ক’ত আছে”, “হেৰিটো টেবুলৰ ওপৰতেই থোৱা আছে”, ” তোমালোক আহোঁতে হেৰিত আহিবা দেই, হেৰিত নাহিবা কিন্তু! বৰষুণ দিলে তিতিবা” ইত্যাদি। এতিয়া ইয়াত উল্লেখিত “হেৰি”টো বুজিবলৈ যাক উদ্দেশ্যি কথাবোৰ কোৱা হয় সেই মানুহজন হয়তো এনেকুৱা এটা দৈৱিক গুণৰ অধিকাৰী হ’ব লাগিব যে “হেৰি”ৰ আধাৰত বুজোৱা বস্তবিধ জানিবলৈ মানুহজনে কওঁতাজনৰ মনত সৃষ্টি হোৱা সেই বিশেষ “হেৰি”টোৰ সৃষ্টি চিত্ৰাকাৰে দেখিবলৈ পায়!

ঠাইভিত্তিক “হেৰি”ৰ উদাহৰণ, “অমুকাৰ ল’ৰাটো হেৰিত থাকে, হেৰি কোম্পানীত কাম কৰি আছে”, “ঘড়ীটো হেৰিৰ ওপৰত আছে লৈ আনা” ইত্যাদি। এনেধৰণৰ “হেৰি”ৰ অনুমান দুই এক ক্ষেত্ৰত অনুমান কৰিব পাৰি যদিও বহুক্ষেত্ৰত সাধাৰণ মগজু এটাৰ কাৰণে এইধৰণৰ “হেৰি”ৰ সন্ধান উলিওৱাটো এটা দুৰূহ কাম।

আকৌ এবিধ “হেৰি” আছে যিটোক প্ৰাণীভিত্তিক “হেৰি” বুলি ক’ব পাৰি। যেনে, স্ত্ৰীয়ে স্বামীক সম্বোধন কৰি মাতে, “হেৰি, ভাত দিছোঁ খাওকহি”, “ল’ৰাটো আমাৰ ওচৰৰে হেৰি যে আছে তেওঁৰ পুতেক হয়” ইত্যাদি। মুঠতে “হেৰি”ৰ প্ৰয়োগ “তাতে” আৰু “কিবা”ৰ তুলনাত নিযুত গুণে বেছি।

এতিয়া যদি কিবা কাৰণত “তাতে”, “কিবা” আৰু “হেৰি”ক একেটা বাক্যতে ৰাখি নিজৰ কথা এটা বুজাবলৈ উপস্থাপন কৰা হয় তেন্তে বুজোতাজনৰ কাৰণে এইটো এটা দুৰ্বোধ্য সাঁথৰ হৈ পৰে। তেনেকুৱা ধৰণৰ ঘটনা এই অভাজনৰ ক্ষেত্ৰত নঘটা নহয়।

অফিচত প্ৰায়েই শিৰোনামাত উল্লিখিত “বহুৰূপী”কেইটাৰ লগত এনকাউণ্টাৰ হয় যদিও মাজতে এনেকুৱা ধৰণৰ কিছুমান মানুহ আহে যিয়ে এটা বাক্যতে তিনিওটা “বহুৰূপী”কেই সমস্থানত ৰাখি উপস্থাপন কৰে। যেনে, “এ ছাৰ, কিবাটো দিচোন, তাতে হেৰিটো দি থৈ যাওঁ!” লগে লগেই মোৰ কৌতূহলী মনটোৰ তাগিদাত পৰি প্ৰতীপ ক্ৰিয়াৰ কৱলত পৰা মোৰ হাতদুখনে এখিলা কাগজ আৰু এটা কলমৰ সৈতে মানুহজনৰ ফালে নিজে নিজে আগবাঢ়ি যায়।

লিখনিৰ আৰম্ভণিতে “কিন্তু” প্ৰসংগটো উনুকিয়াইছিলোঁ, কিন্তু লিখনিটোৰ সমাপ্তিলৈকে “কিন্তু”ৰ কাৰণটো ছাছপেন্স হৈয়ে থাকিল, কিয়নো “তাতে, কিবা আৰু হেৰি”ৰ ওপৰতেই মোৰদ্বাৰানো কিয় লেখাটো ওলাই আহিল সেইটো মোৰ কাৰণেও “কিন্তু” হৈয়ে থাকি গ’ল।

শেষত, সকলোৰে মঙ্গলাৰ্থে উচ্চস্বৰে “তাতে বোল”, “কিবা বোল”, “হেৰি বোল”! কৃষ্ণ।

☆★☆★☆

4 Comments

  • Rintumoni Dutta

    ষ্টাইলটো সাংঘাতিক ভাল লাগিল ৰক্তাভ

    Reply
    • Anonymous

      ধন্যবাদ দাদা। আপোনাৰ অনুৰোধ ৰক্ষা কৰিব চেষ্টা কৰিছোঁ মাথোঁ।

      Reply
  • হাঃ হাঃ….., এতে দিয়া হেৰিটো কিবা মস্ত ভাল লাগিল😊

    Reply
  • Anonymous

    ধন্যবাদেৰে জয় আই অসম ✊

    Reply

Leave a Reply

Your email address will not be published.