ফটাঢোল

তাৱৈয়েকৰ সাধু – তৃষ্ণা সোনোৱাল

কাহিনী একেই, বেজবৰুৱাৰ সাধুটোৰ দৰেই সীমান্তৰ পিতাকেও মৃত্যুৰ আগমূহুৰ্তত বন্ধু ধনমণি ডেকাক মাতি পঠিয়ালে। সীমান্তক কৈ গ’ল,
-বোপা সীমান্ত, মোৰ অবৰ্তমানত তাৱৈয়েৰাৰ দিহা পৰামৰ্শ মানি চলিবি। তোৰ খুড়াৰহঁতৰ ওপৰত মোৰ বিশ্বাস নাছিল আৰু নাই। তইতো জানই তাৱৈয়েৰা মোৰ কিমান আপোন, মোৰ বিপদত মোৰ প্ৰয়োজনত তাৱৈয়েৰাই যি কৰিছে সেয়া মোৰ ভাই ককায়েও কৰা নাই। তাৱৈয়েৰাক মানিবি বোপাই, সখি মোৰ ঘৰখন তোমাৰ হাতত দিলোঁ, চাবা।

ধনমণি ডেকাই বন্ধুক প্ৰতিশ্ৰুতি দিলে। প্ৰতিশ্ৰুতি এতিয়াৰ নহয়, সেই ডেকা কালৰে প্ৰতিশ্ৰুতি।

সীমান্তৰ পিতাকৰ দুটামান মোটা অংকৰ জীৱন বীমা কৰা আছিল, দুমাহমানৰ পাছতে এজেণ্টজনে মাকৰ হাতত চেককেইখন দি গ’ল। প্ৰতিশ্ৰুতি মতে ধনমণি ডেকা ওলালহি। সীমান্তৰো পিতাকৰ কথা মনত পৰিল,
-তাৱৈ, টকাবিলাক পালোঁ। মা আৰু মই ভাবিছোঁ পাছফালৰ এনেয়ে পৰি থকা মাটিখিনিত চাহৰ পুলিকে লগাই দিওঁ। আপুনি কি কয়?

ডেকা দূৰদৰ্শী মানুহ,
-ভাল চিন্তা কৰিছা সীমান্ত। ময়ো তাকেই কম বুলিয়েই আহিছিলোঁ। কিবা দৰকাৰ হ’লে কবা…

সীমান্তৰ চাহবাগানৰ কাম আৰম্ভ হ’ল। ধনমণি ডেকাৰ ট্ৰেক্টৰ দুখন, তেৱেঁই কম দামতে মাটিখিনি চহাই থৈ গ’ল। পুলিৰ খবৰো ধনমণি ডেকাই আনিলে, তেওঁৰে শালপতিয়েকৰ বিৰাট ডাঙৰ নাৰ্ছাৰী। নিজে কৰাৰ ভিতৰত সীমান্তই মাত্ৰ টকাকেইটা ওলিয়াই দিলে।

মাকে সখীয়েক-সখীয়নীৰ প্ৰতি কৃতজ্ঞতাত গদগদ, সীমান্তয়ো তাৱৈয়েকৰ ৰূপত দেউতাকক ঘূৰাই পোৱা যেন পালে।

বাগানৰ কাম শেষ হওঁ হওঁ হওঁতেই ধনমণি ডেকাই সীমান্তক কয়,
-দেখিছা সীমান্ত, তোমাৰ তাৱৈয়েৰা কিমান কামৰ মানুহ। মই নথকাহ’লে তোমাৰ খুৰাৰ কেউজনে সোপাকে খুলি খালেহেঁতেন মাক-পুতেকক। টকাখিনি পোৱাৰ পাছদিনাই দৌৰি অহা নেদেখিলা।

-আপুনি ঠিকেই কৈছে তাৱৈ, বাগানৰ কথাটো খুৰাহঁতক কওঁতে জকজকাই উঠিছেতো, কৈছে বোলে পথৰুৱা মাটিখিনিত কিহৰ বাগান খোলে। তাতকৈ তিনিআলিৰ কাষৰ মাটিখিনিত দোকানদুখনমান সাজি ভাড়ালৈ দিলেই হ’ল।

-হেৰি নহয় সখীয়নী, সীমান্তৰ মাজুটো খুৰাক মহেশৰ চকত হাৰ্ডৱেৰ ষ্টৰ এখন নাই জানো?

-থকাটো হয় পিছে সেইখনো ভাড়াতহে লৈ আছে। চকতে হাৰ্ডৱেৰ দোকান কেইবাখনো হ’ল নহয়।

-অঁ কথা সেইটোহে, এতিয়া দোকানখন গাঁৱৰ তিনিআলিলৈ আনিব বিচাৰিছে।দোকানখন নিজৰ মাটিতে যেতিয়া ভাড়ালৈ কিহৰ চিন্তা, কিবা বুজিছানে সীমান্ত?
সীমান্তই ইমান দূৰলৈ ভবা নাছিল, তাৱৈয়েকে সঠিক কথাই কৈছে।

-পুতেকহঁতে ভাড়া ল’ব বুলি মহেশে কৈ গৈছিল, এতিয়াহে বুজিছোঁ আমাৰ টকাৰে দোকান সাজি পাছত দখল কৰাৰ অভিসন্ধি সেইবোৰৰ।
সীমান্তৰ মাক চাৰুৱেও কিবা বুজিলে।

-বাৰু বাদ দিয়া সেইবোৰ, বাগানৰ কামো হৈ গ’ল যেতিয়া চিন্তা নাই। মই বেলেগ কথা এটা লৈহে আহিলোঁ বুজিছা। কৰতীয়াৰফালে মাটি অলপ পাইছোঁ, এই ধৰা ডেৰ বিঘামানতকৈ অলপ কম হ’ব। কিনি পেলোৱা পাৰিলে?

সীমান্তৰ মাটিৰ প্ৰয়োজন নাছিল, খেতিৰ মাটিয়েই যথেষ্ট। পাছফালৰ বাগানটুকুৰাৰ লগতে তিনিআলিৰ একঠা মাটিৰ কথাটো তাৱৈয়েকেও জানে। তথাপি মাটি কিনাৰ কথা কিয় ক’লে সি বুজিব নোৱাৰিলে। ধনমণি ডেকাই কিন্তু বুজিলে, সীমান্তৰ মনৰ ভাৱ।
-আজিকালি মাটিৰ বিজনেচত বহুত টকা আছে সীমান্ত। তাতে বাইপাছৰ কাষৰ মাটি সেইখিনি, এতিয়া কিনি পাছত দুগুণ দামত বিক্ৰী কৰিব পাৰিবা। খবৰটো পাইয়ে তোমাৰ ওচৰলৈ দৌৰি আহিছোঁ, ভাবিবাচোন কথাটো ।

হয়, দেউতাকে ঠিকেই কয়, ধনমণি ডেকাই সীমান্তৰ ভৱিষ্যদ্ৰষ্টা হ’ব। সীমান্ত আশ্বস্ত হয় তাৱৈয়েকৰ হাতখনত ধৰি।

দিনবোৰ লগে লগে তাৱৈয়েকৰ দিহা পৰামৰ্শত সীমান্তৰ ঘৰখনো আগবাঢ়ে, মাজতে তাৰ কোম্পানীৰ চাকৰিটোও স্থায়ী হয়। সেই সময়খিনিতে প্ৰথমবাৰৰ কাৰণে তাৱৈয়েকৰ বাধা নেওচি সীমান্তই শৈশৱৰ প্ৰেমিকা দেৱযানীক বিয়া পাতে।
দেৱযানীক বেয়া দেখিবলগীয়া একো নাছিল কিন্তু তাৱৈয়েকে কিহৰ কাৰণে তাইক অপছন্দ কৰিছিল সীমান্তই ভাবি নাপায়। মাকৰ মতে ধনমণি ডেকাই দুখ পাইছে, সীমান্তৰ ওচৰলৈ ভাগিনীয়েক এগৰাকীৰ প্ৰস্তাৱ এটা তেওঁ আনিছিল।ইফালে হৃদয়ত দেৱযানীৰ মূৰ্ত্তি লৈ ফুৰা সীমান্তই কোন সতেৰে তেওঁক হা কৰে!!
ক’ব নোৱাৰাকৈ সীমান্তৰ হাতৰ আচোঁৰ এটা পৰি যায় তাৱৈয়েকৰে মধুৰ সম্পৰ্কত।

কিন্তু সাময়িকভাৱেহে..
হঠাতে কেণা লাগে সীমান্তৰ সপোনৰ চাহ বাগানখনত। নকৈ পোশাবলগীয়া চাহপাতৰ পুলিবোৰ লেৰেলি মৰহি বাগৰি পৰে, সীমান্ত বিচলিত হৈ ধনমণি ডেকাৰ ওচৰলৈ বেগ ধৰে। অভিমান সামৰি পেলাই ধনমণি ডেকায়ো। তাৱৈয়েকৰ পৰামৰ্শত পাছদিনাই কেইগাড়ীমান নতুন চাহৰ পুলি সীমান্তৰ পদূলিত হাজিৰ হয়হি।
সীমান্ত আৱেগিক হয় কেতিয়াবা, তাৱৈয়েকৰ প্ৰতি শ্ৰদ্ধাত তাৰ হৃদয় উথলি পৰে।
মাকে সীমান্ত আৰু দেৱযানীৰ লগত পাতে,
-সঁচাকৈয়ে, বন্ধু ধৰ্ম পালনত ধনমণি ডেকাৰ দৰে লোক পৃথিৱীত বিৰল ।

ধনমণি ডেকায়ো বন্ধু ধৰ্ম পালনত হীন-দেৰি নকৰে, বন্ধুৰ পুত্ৰৰ উন্নতিয়েই তেওঁৰো উন্নতি। ডেকাই কথা দিয়া মতেই মাটিৰ গ্ৰাহক এজনৰ খবৰ আনে।
খবৰটোৱে সীমান্তৰ চকুত হেজাৰখন চাকি চমকাই তোলে, এনেবোৰ সময়তে তাৰ তাৱৈয়েকক দেৱতাৰ আসনত বহুৱাই পূজিবলৈ ইচ্ছা জাগে।
বাৰ লাখ টকা, যথেষ্ট ডাঙৰ পৰিমান এটা।
ক’ত সেই দুবছৰৰ আগৰ আঠ লাখ টকা আৰু ক’ত আজিৰ বাৰ লাখ টকা।

ধনমণি ডেকাই কয়,
-এই সময়টোলৈকে ৰৈ থাকিবলৈ কৈছিলোঁ মই, এতিয়া চাচোন মাটিডোখৰ তোৰ কাৰণে সোণৰ কণী পৰা হাঁহ নহ’লনে?
অভাৱনীয় সৌভাগ্যই সীমান্তৰ লগ লয়, বাৰ লাখ টকাত হাঁহি হাঁহিয়ে মাটিখিনি বিক্ৰী কৰি দিয়ে সি। তাৰ হাঁহিত তাৱৈয়েকেও হাঁহে, সুখৰ জলমল হাঁহি।

বয়সৰ লগতে লাহে লাহে সংসাৰ বাঢ়ে সীমান্তৰ। তাৱৈয়েকৰো বয়স বাঢ়ে, কম বেছি পৰিমাণে দূৰত্বও। তথাপিতো মাক আৰু সীমান্তৰ মনত তাৱৈয়েকৰ প্ৰতি সম্ভ্ৰম সেই আগৰ দৰেই, সেয়ে গুৰুত্বপূৰ্ণ কামবোৰত ধনমণি ডেকাৰ মতামত ল’বলৈ এতিয়াও নাপাহৰে সি।

আজিও তাৱৈয়েকৰ ঘৰৰ পৰা আহিলগৈ সি। মাকে কেইবাদিনৰ পৰা কৈ আছে,
-বাগানখন লীজত দিয়াৰ কথা তাৱৈয়েৰাকো এবাৰ জনাই আহ, তেখেতৰ ছাঁতেই সেইখন গঢ়িছিলি যেতিয়া।

আশাকৰামতে বাগানখন চলাবলৈ নোৱাৰিলে সি, পথৰুৱা মাটি তাতে ডাঙৰ বৰষুণ জাক আহিলেই বুৰাই পেলোৱা হ’ল। টকা সিকা খৰচ নকৰাও নহয়, পিচে তাৰ ধৈৰ্যৰ লগতে সময়ৰ অভাৱ। কোম্পানীত দৰমহাৰ সমানে খাটনিও, তাতে লৰাটোক স্কুলত দিয়াৰ পৰা দেৱযানীৰো ব্যস্ততা বাঢ়িছে। শেষত সাতে- পাঁচে গুণি বাগানখন লীজত দি দিয়াই ঠিৰাং হ’ল।

দোষী দোষী ভাবেৰে কোৱা কথাটো শুনি ধনমণি ডেকাও বিচলিত হ’ল, টকাকেইটা মিছাই পানীত পেলোৱালোঁ বুলি মানুহজন ইচ্ইচাই উঠিল। সীমান্তই ভাবে, কিমান আপোন বুলি ভাবিলে এজন মানুহে অসফল বন্ধুপুত্ৰৰ দোষবোৰ গাত পাতি ল’ব পাৰে। শ্ৰদ্ধাত দোঁ খাই পৰে তাৰ শিৰ।

ডেকাৰ ঘৰৰ পৰা সি চিধাই টাউনলৈ ৰাওনা হ’ল, ল’ৰাৰ স্কুললৈ। ইলেকচনৰ সময়,ৰাস্তাত ডিচি ফিল্ডৰ মন্ত্ৰীৰ সভালৈ যোৱা সমৰ্থকৰ গাড়ীৰ ভীষণ ভীৰ। হাইৱেদি নগৈ সি বাইপাছেদি বাইকখন ঘূৰাই দিলে, মসৃণ ৰাস্তাটোৰ দুয়োকাষে ইতিমধ্যে ভালেমান নতুন নতুন বিল্ডিং থিয় হৈ উঠিছে। উপকন্ঠ অঞ্চলটোৰ পৰিবেশটোও সুন্দৰ, পথাৰৰ মাটিৰ বুকুফালি আগবঢ়া বাইপাছটোক কেন্দ্ৰ কৰি কমসময়ৰ ভিতৰতে গঢ় লৈ উঠা এটা ধুনীয়া আৱাসিক এলেকা। অদূৰ পথাৰৰ পৰা বৈ অহা বতাহজাক সীমান্তৰ গাত লাগিল।
এঠাইত আপোনা আপুনি তাৰ বাইকখন ৰৈ গ’ল, এইখিনিয়ে তাৰ সোনৰ কণী পৰা মাটিখিনি। আধাসজা এটা বৃহৎ বিল্ডিং, ওচৰতে শিল বালিৰ এটা ডাঙৰ দ’ম। তাৰ হঠাতে মন গ’ল মাটিখিনি চাবলৈ, আধাসজা ঘৰটো চাবলৈ।
বিশেষ নাভাবি বাঁহৰ জপনাখন ঠেলি সীমান্ত সোমাই গ’ল।
পাছফালে লেবাৰ কেইজনৰ লগত মালিকযেন লগা মানুহ এজন বহি আছিল, তাক দেখা পাই ওলাই আহিল তেওঁ।
সীমান্তই বিনয়েৰে হাতখন আগবঢ়ালে,
-মই সীমান্ত বৰা, এইখিনি মোৰে মাটি আছিল। মানে এইবাটেদি গৈ আছিলোঁ, ভাবিলোঁ চাই যাওঁ। বুজিছেই নহয় সম্পত্তি আৰু সন্তান, এসময়ত আনৰ গৈ গ’লেও মোহটো থাকেই। পিচে আপুনি?

মানুহজনে ঢেকঢেকাই হাঁহি উঠিল,
-হাস্যকৰ কিন্তু আপুনি সঁচা কথাই কৈছে বৰা। মই দীনেশ তামূলী, এই মাটিখিনি ময়েই কিনিছোঁ ।

সীমান্তই আগেয়ে তেওঁক লগ পোৱা নাই, ধনমণি ডেকাৰ মধ্যস্থতাত বিক্ৰী কৰা মাটিৰ হবলগীয়া মালিক আছিল চাকৰিসূত্ৰে দিল্লীৰ নিবাসী। প্ৰথম বাৰৰ বাবে লগ পোৱা ভলভলীয়া কথাৰ মানুহজনক সীমান্তৰ কিবা এটা ভাল লাগিল।

-মই বহুদিনৰ পৰা এনে এটুকুৰা মাটি বিচাৰি আছিলোঁ বৰা। মোৰ চৰ্ত আছিল কি জানে? মাটি মোক এনেকুৱা লাগিব, চহৰৰ হুলস্থূলৰ পৰা নিলগতো হ’ব কিন্তু গাঁৱৰ কিচিৰ মিচিৰ শব্দও য’ত শুনিবলৈ পোৱা যাব। দূৰৈৰ পাহাৰ জিলিকি থাকিব লাগিব, আঘোন আৰু শাওনক উপভোগ কৰিব পৰা সাংঘাটিক প্ৰাকৃতিক পৰিবেশ এটা হ’ব লাগিব। এইখিনি ঠাই একদম পাৰফেক্ট, থেংকছ টু ইউ এণ্ড মিঃ ডেকা।

দীনেশ তামূলীৰ সৌন্দৰ্য্যৰ সংজ্ঞাত সীমান্ত মুগ্ধ হল।
-গ্ৰাহক বাছনিৰ ক্ষেত্ৰত মোৰ তাৱৈ মানে ধনমণি ডেকাৰ সিদ্ধান্ত সঠিকেই আছিল তেনে, মাটিডোখৰ উপযুক্ত ব্যক্তিৰ হাততে পৰিছে।

-হাঃহাঃহাঃ, গুৱাহাটী নগাঁও বহুততে সন্ধান কৰিলোঁ বুজিছে। কিন্তু ক’ৰবাত যদি চৰ্ত নিমিলে, ক’ৰবাত দাম। মোৰে সৌভাগ্য বুলিয়েই ক’ম, নহ’লেনো মাত্ৰ ওঠৰ লাখ টকাত ইমান সুবিধাৰ মাটিখিনি পাওঁনে।

কাষৰ নিমজোপাৰ পৰা চৰাই এটা ঢপঢপাই উৰি যায়, সীমান্ত চক খাই উঠিল।

-ওঠৰ লাখ???

-অঁ, যিটো দামত মাটিখিনি আপোনাৰ পৰা কিনিছোঁ।

সীমান্তৰ মুখৰ মাত হেৰাই, ঘামি উঠা মুখখন মচিবলৈ ধৰফৰাই ফুৰে সি। দীনেশ তামূলী বিব্ৰত হয় তাৰ অৱস্থাটো দেখি, পানী গিলাচ হাতত তুলি দিয়েহি তামূলীয়ে।

-ক্ষমা কৰিব, আপোনাৰ কামৰ সময়ত আহি আমনি কৰিলোঁ। যাওঁ…

প্ৰত্যুত্তৰলৈ বাট নাচায় সীমান্তই বাইকত সজোৰে কিক্ মাৰেহি। চকুৰ আগত অগা-দেৱা কৰেহি ধনমণি ডেকাৰ তিনিআলিত নতুনকৈ সজা দোকানকেইখন, যিকেইখনৰ কথা খুৰাকহঁতে কওঁতে ডেকাৰ লগত মিলি সি হাঁহিৰে উৰুৱাই দিছিল। তাৰ মনত আহিল বাগানৰ নামত পানীৰ দৰে পেলোৱা পইছাখিনি,
এক মিনিট!!!!
বাগানৰ কাম তদাৰক কৰাৰ লগতে হিচাপ নিকাচো ধনমণি ডেকাই কৰিছিল, পুলি আনিছিল তেওঁৰে সম্বন্ধীয়ৰ নাৰ্ছাৰীৰ পৰা। তাকো এবাৰ নহয় দুবাৰ, জানি বুজি দিছিল নেকি নিম্নমানৰ প্ৰথমচাম পুলি……কিন্তু কিয়?
বাগানখন খোলাত লাভ আটাইটকৈ কাৰ হ’ল, তাৰ নে তাৱৈয়েকৰ??
প্ৰশ্নবোৰে ঢাঁহি-মুহি সীমান্তক খুন্দিয়াই যায়।
মাছৰ তেলেৰে মাছ ভজা তাৱৈয়েকৰ প্ৰতি থকা গভীৰ বিশ্বাসৰ কথা মনত পৰিল তাৰ।
কেৰেচ…..
সন্মুখেদি পাৰ হৈ যোৱা ছাগলীটোক বচাবলৈ সি গাৰ জোৰেৰে ব্ৰেকডাল টানি ধৰিলে….
সৌভাগ্যৰ বাৰলাখ টকাটো প্ৰথম বাৰৰ বাবে সীমান্তৰ অৰ্থহীন যেন লাগি গ’ল।

☆★☆★☆

9 Comments

  • Rajashree Sharma

    বঢ়িয়া লাগিল পঢ়ি তৃষ্ণা।

    Reply
  • হেমন্ত কাকতি

    এই ধনমনি ডেকাৰে ভৰা এইখন পৃথিবী৷

    ভাল লাগিল তৃষ্ণা৷

    Reply
  • কমল তালুকদাৰ

    সচাঁ‌ এইযে মুখৰ আগৰ মুখা খন , বুজাটো বৰ কঠিন ।
    সুন্দৰ গল্প । ভাল লাগিল পঢ়ি ।

    Reply
  • ৰিণ্টু

    তামাম, বঢ়িয়া লাগিল তৃষ্ণা

    Reply
  • Nayanmoni Haloi

    বহুত ভাল লাগিলদেই তৃষ্ণা৷ তোমাৰ কলমটোলৈ মোৰ মৰম বাঢ়ি আহিছে৷ শুভকামনা-

    Reply
  • সুন্দৰ ! ভাল লাগিল পঢ়ি🙏

    Reply
  • তোমাৰ গল্প সদায়েই ভাল লাগে ৷ খুউব ভাল লাগিল ৷

    Reply
  • অনুৰূপ মহন্ত

    বৰ ভাল লাগিল। সচাই মাছৰ তেলেৰে মাছ ভজা মানুহৰ অভাৱ নাই বৰ্তমান।

    Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল৷ এতিয়া সকলোফালেই যেন ধনমনি ডেকা৷

    Reply

Leave a Reply

Your email address will not be published.