ফটাঢোল

তিতা চেনিৰ খেতি – কমল নেওগ

শোভণ কাইদেৱে চেনি খেতি মানে কুহিয়াঁৰ খেতি নকৰি যদি তিতা কেৰেলাৰ খেতিত জান-প্ৰাণ দি লাগিল হয় তেতিয়া কিন্তু পৰিৱেশটো ওলোটা হ’লহেঁতেন। আৰু গাঁৱৰ চাৰিআলিটোৰ মূৰত থকা তীৰৰ নম্বৰ বিক্ৰী কৰা ফেঁকুৰ দোকানত ইমানবোৰ গডেৰজ, ইণ্ডিকা, ব্লেক ৰ’জৰ বিক্ৰীয়েই নহ’লহেঁতেন। আপুনি ভাবিছে এই মানুহডালে কি বেবেৰি বাং বলকিছে? নহয়, মই ঠিকেই কৈ আছোঁ।

শুনক এতিয়া-

মোৰ গাঁৱৰ কাষৰে পথাৰখনৰ সিটো পাৰে অলপ বাম চানেকীয়া তিনি বিঘামান মাটিৰ মেৰ এটা আছিল। শোভণ কাইদেৱে বাঁহৰ জেউৰা কামিৰে বেঢ়া দি লৈ তাতে কুহিঁয়াৰ খেতি কৰাত লাগিল। মাটিডৰা চহ কৰি বহাগত কুহিঁয়াৰৰ আগবোৰ শাৰী শাৰীকৈ ৰুলে। বৰষুণ পাই কুহিঁয়াৰডৰা লহপহকৈ বাঢ়িবলৈ ধৰিছে। হ’লে কিডাল হ’ব; বাঁহৰহে বেঢ়া, সৰু সৰু ফুটাবোৰে জাক জাক ছাগলী সোমাই কোমল কোমল পাতবোৰ খাই আধ্যা পেলাইছে। কাইদেৱে এদিন নহয়, কেইবাদিনো গোটেইজাক খেদি আনি গৃহস্থহঁতক ছাগলী নেৰিবলৈ সকিয়াই থৈ আহিছে। লগতে কৈ আহিছে যে “এইবাৰৰ পৰা ছাগলী নোহোৱা হ’লে মোক দায় নধৰিবি।”

কাইদেউৰ কথাত কেইঘৰমান গৃহস্থ সাৱধান হ’ল। সৰু ফুটাৰে যাতে পাৰ হৈ মেৰত সোমাব নোৱাৰে তাৰ প্ৰতিষেধক হিচাপে নিজৰ প্ৰতিজনী ছাগলীৰ ডিঙিত একোডালকৈ ডাকুৰ লগাই দিলে। বাকী কেইঘৰমানৰ হ’লে কাণসাৰ নাই।

কাইদেৱে ভাবিলে, এই মানুহবোৰৰ লগত সদায় সদায় আৰু নো কিমান কাজিয়া কৰিম; বেলেগ এটা উপায় লোৱাহে ঠিক হ’ব। খেতি খোৱাৰ ক্ষতিপূৰণো পাম আৰু আগলৈ ছাগলীৰ মালিকবোৰো সাৱধান হ’ব।

ভবা মতেই অপাৰেচন চুৰু হ’ল। ডাকুৰ নলগোৱা গৃহস্থৰ দুই এজনী ছাগলী গায়েব হ’বলৈ ধৰিলে। গধূলি গৃহস্থহঁত গৈ লাজে ভয়ে কুহিঁয়াৰনিৰ আশে পাশে চাই চিতি আহেগৈ। ছাগলী নেপায়। ইফালে কাইদেৱে মেৰত সোমোৱা ছাগলী খেদি খেদি ধৰি লৈ বেবাব নোৱাৰাকৈ মুখখন বান্ধি থৈ দিয়ে। তাৰ পিছত ক’লা ৰঙৰ ছাগলীক মূগা ৰঙৰ আৰু বগা বা আন ৰঙৰ ছাগলীক ক’লা ৰঙৰ গডৰেজ, ইণ্ডিকা বা ব্লেক ৰ’জ সানি বৰণ সলনি কৰি কৰি ৰাতি ৰাতি কছাইক বেচিবলৈ লাগিল।

দৈনিক এজনী দুজনী ছাগলী নোহোৱা হ’বলৈ ধৰাত শোভণ কাইদেউৰ ওপৰত গাঁৱৰ মানুহৰ সন্দেহ উপজিল। তহকিকটৰ দায়িত্ব দিলে ফেঁকু দোকানীক। শোভণ কাইদেউৰ ঘৰত কাম কৰা দহ বছৰীয়া ল’ৰাটোৱে প্ৰায়ে ফেঁকুৰ দোকানৰ পৰাই চুলিত লগোৱা কলপৰ পেকেটবোৰ নিয়ে। কিন্তু কাইদেউ বা ঘৈণীয়েক এটাৰো চুলিৰ ৰং সলনি হোৱা নাই। তেনেহ’লে কলপৰ পেকেটবোৰ জৰুৰ দোচোৰা কামত লগায়।

অনুসন্ধান অধিক নিখুঁতভাবে আগবঢ়াই নিয়া হ’ল। গধূলি পৰত কুহিঁয়াৰনি মেৰৰ ওচৰত ছাগলী হেৰোৱা এজনক গুপুতে পহৰা দিয়াৰ ব্যৱস্থা কৰা হ’ল। পহৰাদাৰে দেখিলে ই-ৰিক্সা এখন আহি মেৰৰ জপনা মুখত ৰৈছে। দুজন মানুহ নামি গৈ একোটাকৈ কিবা বস্তু ভৰ্তি বস্তা ৰিক্সাখনত তুলিলৈ শোভণ কাইদেউৰ লগত টকা পইছাৰ কথা পাতিছে। ইহঁতৰ কথা বতৰা চলি থাকোঁতেই পহৰাদাৰজন অলপ দূৰ আঁতৰি গৈ ফেঁকু দোকানীলৈ মোবাইলত ফোন কৰি কথাটো জনাই দিলে। ততালিকে গাঁৱৰ কেইবাজনো ঘটনাস্থলি পালেহি। ৰিক্সাখন আগচি ধৰি দুজনে বস্তাকেইটা নমাই দিলে। নমাওঁতেই বস্তাৰ ভিতৰত ধৰফৰ কৰাত খুলি দেখিলে ক’লা বৰণৰ এজনী আৰু পহু ৰঙৰ এজনী মুঠতে দুজনী মুখ বন্ধা ছাগলী। লগে লগে হুলস্থুল এখন লাগিল। ছাগলী হেৰোৱা গৃহস্থই পৰীক্ষা-নিৰীক্ষা কৰি চালে; নাই সিহঁতৰ হেৰোৱা ছাগলীৰ লগত বৰণ নিমিলে। শোভণ কাইদেৱেও সঁচা কথা কৈ দিয়া নাই। তৰ্কাতৰ্কি চলি থাকোঁতেই ফেঁকু দোকানীও সেইখিনি পালেহি। ফেঁকুৰ দোকানৰ পৰা যে কাইদেউৰ কাম কৰা ল’ৰাটোৱে পেকেটে পেকেটে চুলিত লগোৱা ৰং কিনি আনে আৰু সেইবোৰেৰে যে ছাগলীৰ ৰং সলনি কৰে তাকে সমবেত মানুহখিনিক তথ্য সহকাৰে বুজাই দিলে। মানুহে বুজিলে। কিন্তু প্ৰমাণ চাবৰ বাবে ফেঁকুৰ পৰামৰ্শ মতেই ছাগলী দুজনীৰ মুখৰ বান্ধ খুলি দিয়া হ’ল আৰু পোৱালি কেইটা আনি মাকৰ ওচৰত মেলি দিয়া হ’ল। দুয়োজনীয়ে নিজৰ নিজৰ পোৱালি কেইটাৰ লগত বেবাই বেবাই সিহঁতৰ ভাষাত কথা পাতিলে আৰু পোৱালিকেইটাইও মাকহঁতক পাই ধুমাধুম গাখীৰ খোৱাত লাগিল।

তেতিয়া সমবেত মানুহখিনিয়ে কৈছে- বোলো শোভণ কাই তই বৈদ্য চালু বস্তু দেই। তই কুহিঁয়াৰ খেতি কৰি মিঠা লগোৱাতকৈ তিতাহে লগালি।

☆★☆★☆

7 Comments

Leave a Reply

Your email address will not be published.