ফটাঢোল

তিনি মিনিট – অমিতাভ মহন্ত

ভৰ দুপৰীয়া৷ সময় দুই বাজি তেত্ৰিছ্ মিনিট৷ ভাত কেইটা খায়েই চেণ্ডেল চোঁচৰাই চোঁচৰাই নিজৰ ৰুমলৈ খোজ ল’লো৷ পৰীক্ষা নামৰ বিভিষীকাই দুৱাৰদলিত নাচি আছে৷ ৰ’বলৈ সময় নাই৷ পঢ়া টেবুলৰ সন্মুখত থিয় দিলো৷ কোনটো বিষয় পঢ়ো, কেতিয়া পঢ়ো, কেনেকৈ পঢ়ো ভাবি ত’ত পোৱা নাই৷ টেবুলৰ বাওঁচুকৰ পৰা হেনৰী ফেয়লে জিভা উলিয়াই যেন মোক জোকাব ধৰিছে, আদাম স্মিথে গহীন লুক এটা বিছনাত পৰি আছে৷ এতিয়া আৰু টেক্সবুক পঢ়ি পাছ কৰা মিছা৷ কালি “দাস এণ্ড ভূঞা” বুলি এদম ব্ৰহ্মাস্ত্ৰ কিনি আনিছিলো৷ দুয়ো মিলি এইবাৰ মোক বছালেহে বচোঁৱা৷

ৰুমলৈ মা সোমাই আহিল৷
– পঢ়া শুনা হৈছেনে বাবাটো?
– কৰি আছো মা, একাউন্টচ্ খন ৰিভাইচ্ কৰিম আজি৷
– ৰিজাল্ট ভাল কৰিব লাগিব হা৷ কেট- মেট এইবোৰত কামত আহিব৷
– সেইবোৰ চিন্তা নকৰিবা৷ শুনা ৰাতি পাৰৰ মাংস খাবলৈ মন গৈছে৷ দেউতাক কবা লৈ আনিবলৈ৷
– খুৱাম দে৷ তই ভালকৈ পঢ় এতিয়া৷
ঘৰত পাৰ্যমানে “কুল ডুড লুক” দি আছো৷ ৰিজাল্ট দিয়াৰ দিনাটো ধৰ্মেন্দ্ৰৰ হাতত কেষ্ট’ মুখাৰ্জী পৰাৰ দৰে অৱস্থা হ’বই৷ এইকেইদিন মাছে মঙহে খাই লোৱাই ভাল৷

মা ওলাই যোৱাৰ পিছত তিনিমিনিটমান মনপুতি পঢ়িলো৷ এনেকৈ পঢ়িলে পৰীক্ষা একেবাৰে বেয়া হ’ব নালাগে দেখোন৷ হঠাৎ সেই চিৰপৰিচিত সুহুৰিটো শুনা গ’ল৷ মন্ত্ৰমুগ্ধৰ দৰে স্মাৰ্টফোনটো তুলি ল’লো৷ এটা নতুন ন’টিফিকেচন্৷ আজি ফেচবুক নোখোলা বুলি বদ্ধপৰিকৰ হৈ থকা মইটোৱে আকৌ এবাৰ ফেচবুকৰ নীলাখিনিৰ প্ৰেমত পৰিলো৷
লোডিঙ, লোডিঙ, লোডিঙ……ৰিংকু দাস টেগড্ ইউ এণ্ড ফিফটি চেভেন ইন এ ফ’টো৷

কুলাংগাৰে আকৌ টেগাইছে৷ ইয়াক মই!!
টাইমলাইনত সোমাই পৰিলো৷ বাঘা বাঘা ফেচবুকৰ বীৰসকলৰ কোনোবাই যুদ্ধ চলাই গৈছে, কোনোবাই কবিতা লিখিছে, কোনোবাই আকৌ গল্প৷ সেইবোৰৰ পৰা শতযোজন দুৰত অৱস্থান কৰি কোনোবাই আকৌ পানী কামুৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছে৷ বাকী গা মন ৰাইজাই কৰিবলৈ চেলফী সুন্দৰীসকলটো আছেই৷
আকৌ এটা নচিফিকেচন৷ দিলোঁ টিপা মাৰি৷ লোডিং! লোডিং! এই জিঅ’ৰ স্পীডটোযে হৈছে নহয়৷

ৱাও! চিম্পলী এমেইজিং! 1.2k লাইক মোৰ পোষ্টত! কিবা ফেলেব্ৰিটীৰ বাপেক টাইপ ফীল আহি গ’ল৷ আজিকালি ফেপ্লৱী পোষ্টবোৰে ইমান সহাৰি নাপায়৷ পিছে পোষ্ট কোনে কৰিছে সেয়াওঁতো চাব লাগিব৷ আকৌ লোডিং! কিন্তু হাৰে, এইবোৰ কি? 1.2kৰ পৰা .2k খিনি কেনেকৈ ডিলিট্ হৈ গ’ল? স্পাম এটেক্? ফেচবুকৰ ৰাইভেল কিবা ৱেবচাইটে কৰিছে চাগে৷ জুকাৰবাৰ্গক সাৱধান কৰি আজিয়েই এটা ইমেইল পঠিয়াই দিয়া ভাল হ’ব৷ পিছে যাৰ লাইক পৰিছে, তেওঁ বা কোন৷ হ’ব চাগে কোনোবা ফেন, কোনোবা অনলাইন আলোচনীৰ সম্পাদক জাতীয়৷ আকৌ এবাৰ ৰিলোড্ কৰি দিলোঁ৷ You like this৷ এই youটো আকৌ কোন? ফেইক আই ডি? নে পেৰডী একাউণ্ট?

সময় দুই বাজি ৫৫ মিনিট:
&&&&
সময় তিনি বাজি পাঁচ মিনিট:
“মতলীয়া প্ৰেম” নামৰ গল্প গ্ৰুপত সোমাই পৰিলোঁ৷ এবাৰ এই গ্ৰুপত গল্প এটা পোষ্ট কৰিছিলোঁ৷ এডমিনে ইনবক্সত মেছেজ দিলে, “আমি বিশ্বাস কৰো আপুনি ইয়াতকৈ অধিক মানসন্মত গল্প লিখিব পাৰে৷ শুভকামনা থাকিল”৷ দুদিন পিছত একেই গল্পটো সুনয়না গৌতম নামেৰে আইডি খুলি পোষ্ট কৰিলোঁ৷ পাঁচশ লাইক, এশ সোতৰটা কমেণ্ট, ওঠৰ শ্বেয়াৰ৷
যা হওঁক, এইবোৰ পুৰণা কথা৷ গল্প এটাত সোমাই পৰিলোঁ৷ লেখিকা আশা বৰুৱা৷ একদম যে টপক্লাছ্ বুলি কয়, তেনেকুৱা গল্প৷ ট্ৰেজেডীয়েই চাম নে চেন্স অফ হিউমাৰেই চাম৷ উফফ!
আশা বৰুৱা! উমম! ডিপিখন চালোঁ৷ ভাল! বিধাতাই গোটেইখিনি সৰলতা যেন আশাৰ মুখখনতেই দি দিছে৷ সাধাৰণতে ইমান ধুনীয়া ছোৱালী দেখিলে মই ব্লক কৰি দিওঁ৷ নিবিচাৰো যে মোৰ সেই চেহেৰাৰ প্ৰতি কিবা দুৰ্বলতা আহক৷ কিন্তু আশাৰ ক্ষেত্ৰত মই নোৱাৰিলোঁ৷ পিছ মুহুৰ্ততে মই আশাৰ ইনবক্সৰ দুৱাৰডলিত৷
– আপোনাৰ গল্পটো পঢ়িলোঁ৷ কিমান ভাল লাগিছে ভাষাৰে প্ৰকাশ কৰিব পৰা নাই৷ গল্পটো সঁচা কাহিনীৰ ওপৰত?
এতিয়া মোৰ সন্মুখত দুটা অপচন৷ send message আৰু cancel৷ ফেচবুকত আগতে কেতিয়াওঁ গল্প পঢ়ি ছোৱালীক মেছেজ দি পোৱা নাই৷ কি কৰো? পঠিয়াম? কি হ’ব পঠিয়ালে? আঙুলি দুটাই ঠিৰাং কৰিব পৰা নাই, ক’ত টিপাটো মাৰিম৷

সময় তিনি বাজি সাতাইশ মিনিট৷
দিলো মেছেজ পঠিয়াই৷ যা: দেখা যাব যি হয়৷
তাৰ পিছত?
বহি আছো এঘণ্টা ধৰি৷ একো উত্তৰ নাই৷ অথচ আশাই বেলেগৰ কমেণ্টৰ ৰিপ্লাই কৰি থকা মই নিজেই দেখিলোঁ৷ একদম ভাল লগা নাই৷ সদায় মোৰ লগতেই কিয়?
নেট অফ কৰি দিলোঁ৷ ধুৰ, কি হ’ব এইবোৰ কৰি? বেকাৰ সময় নষ্ট৷ এনেওঁ এইবোৰ ভাৰ্চুৱেল জগত বৰ ৰিস্কি৷ পঢ়িব লাগে৷ পৰীক্ষা পদূলিত৷

পিছদিনা আকৌ ফেচবুক খুলিলোঁ৷ নাই একো মেছেজ নাই৷ ধুই!
তাৰ পিছদিনা খুব পঢ়িছো৷ পৰীক্ষা আহিলেই৷ ৰাতি শুৱাৰ আগে আকৌ এবাৰ…
– ধন্যবাদ৷ উৎসাহিত হ’লোঁ৷ গল্পটো সঁচা নহয় বাৰু, পিছে কেতিয়াবালৈ সঁচা হোৱাৰ অৱকাশ নথকা নহয়৷ আপুনি চিধা চিধিকৈ সুধি দিছে বাবে ভাল লাগিছে৷ বন্ধু হ’ব পাৰো?
তিনিটা হাৰ্টবিট লগে লগে মিছ৷
– নিশ্চয়৷ আপোনাৰ নিচিনা প্ৰতিভাশালী বান্ধৱী লিষ্টত থাকিলে সুখী হম৷
দিন গৈ থাকিল৷ আমিওঁ মেছেজৰ মাধ্যমেৰে পৰস্পৰৰ কাষ চাপিলোঁ৷ এঘণ্টা তাইৰ মেছেজ নাহিলেওঁ অস্থিৰ হৈ পৰো৷ দিনবোৰ এনেকুৱা হৈ পৰিল৷
তাইৰ দেউতাকে ব্যৱসায় কৰে৷ মাক শিক্ষয়ত্ৰী, দাদাক বেকাৰ, তাই পঢ়ে চল্ট ব্ৰুকত৷ প্ৰিয় ৰং নীলা৷ প্ৰিয়জন? ভাবিবলৈ সময়ৰ দৰকাৰ!
ডাৰ্ক চকলেট প্ৰিয়, নতুনকৈ পিঠা সেকিবলৈ শিকিছে, সিদিনা তাই ৰন্ধা মাংস দেউতাকে টকালি পাৰি খাইছে৷
মই? বি কম ফাৰ্ষ্ট চেমিষ্টাৰ৷ প্ৰিয় ৰং ক’লা৷ বাহিৰা কিতাপৰ পোক৷ ৰনাল্ড’ নে মেছী? অফ কৰ্চ CR7…
মবাইল নম্বৰ? তাইৰ কথা পাতিবলৈ লাজ লাগে৷
এবাৰ লগ কৰো? ধৈৰ্য্যৰ ফল সদায় মিঠা বুলি নাজানা? তোমালোক ল’ৰাবোৰ নহয়৷
তিনি বছৰ হৈ গ’ল৷ আৰু কিমান ধৈৰ্য্য ধৰিম৷ মই গ্ৰেজুৱেট হ’লো৷ তাইয়ো ডাঙৰ হ’ল৷ ইতিমধ্যে আমি বহুত আগুৱাই গ’লোঁ৷ সম্পৰ্কটো গভীৰ হৈ পৰিল৷ তাইৰ বাওঁ উৰুত এটা কটা দাগ আছে৷ সৰুতে খেলি থাকোতে দুখ পোৱা৷ বুকুৰ মাজত থকা তিলটোৰ ৰঙ বাদামী৷ তাই জানিলে সৰুতে ঘৰৰ কাষৰ ৰুণুবায়ে মোক হেঁচি চুমা খোৱা কথা৷

শেষত এদিন-
– আশা মই নোৱাৰিছো৷ মই তোমাক ভালপাই পেলাইছো৷
– নেদেখাকৈ?
– ভাল পোৱাটো অন্তৰৰ পৰা আহে অ’৷ মই নোৱাৰিম তুমি নহ’লে আগুৱাব৷
– মোৰ দাদা কিন্তু মস্তান, ড্ৰাগ এডিক্ট৷
– তোমাৰ বাবে মই দাদাকো সহ্য কৰি ল’ম৷
– ঠিক আছে তেন্তে৷ অহা শনিবাৰে পেণ্টালুনৰ সন্মুখলৈ আহিবা৷
.
.
.
.
.
.
.
.
– তোমাক মই বহুত ভাল পাওঁ আশা৷ তুমি থাকিলে সকলো পাৰিম মই৷

অৱশেষত আমি মুখামুখি হ’লোঁ৷ মই অবাক৷ মোৰ ঠাইত অন্য কোনো হোৱা হ’লে মুৰ ঘূৰাই পৰি থাকিলেহেঁতেন৷
– আপুনি?
পয়ত্ৰিশ বছৰীয়া বয়স্ক ল’ৰাজনে মাত দিলে,
– আশাৰ দাদাক
– তাই ক’ত? তাই আহিম বুলি কৈছিল মোক৷
– তাই ঢুকাইছে৷
– কি? ধেমালি নকৰিব প্লিজ!
– সঁচা কৈছো৷ আপোনাৰ সৈতে চিনাকী হোৱাৰ এবছৰ আগতেই তাই ঢুকাইছে৷
– কিয় ধেমালি কৰি আছে বাৰু?
– ধেমালি কৰা নাই৷ তাইৰ মৃত্যু মই মানি ল’ব পৰা নাছিলোঁ৷ তাই মৰিব নোৱাৰে৷ গতিকেই মই সিদ্ধান্ত ল’লোঁ, তাইক মই ভাৰ্চুৱেল জগতত জীয়াই ৰাখিম৷
– মানে?
– তাই গল্প লিখিছিল জানে! সেইবোৰকে মই তাইৰ নামত আইডি খুলি পোষ্ট কৰা আৰম্ভ কৰিলোঁ৷ পাঠকে খুউব পচন্দ কৰিলে৷
– কিন্তু!
– বুজিছো কি সুধিব বিছাৰিছে৷ আপোনাৰ সৈতে মই যি কৰিছো তাৰ মাত্ৰ এটায়েই কাৰণ৷ তাইৰ জীৱনলৈ কেতিয়াওঁ প্ৰেম নাহিল৷ অথচ তাই বিছাৰিছিল তাইক এনে এজন পুৰুষে ভাল পাওঁক যি তাইক বুজে, তাইৰ গল্পবোৰৰ মাজত তাইক বিছাৰে৷ বুজি উঠিছিলোঁ, আপুনিয়েই সেইজন আছিল৷

মই মূক৷ মূঢ়৷
– তাইৰ মৃত্যুৰ পিছত মই ড্ৰাগ এডিক্ট হৈ পৰিলোঁ৷ সেই সূত্ৰেই এদিন আণ্ডাৰৱৰ্ল্ডত সোমাই পৰিলোঁ৷
কাণেৰে ধোৱা ওলোৱাৰ নিচিনা গৰম ভাৱ এটাই পুৰি নিয়া যেন লাগিল৷
মই আৰু লোড্ ল’ব পৰা নাই৷ ৰাষ্টাৰ মাজতে ভে ভেকৈ কান্দি দিলোঁ৷ কি পাল্লাত পৰিলোঁ!
চকুপানী মঁচিবলৈ বয়স্ক যুৱক আগুৱাই আহিল৷ গাৰ পৰা ভাহি আহিল সামান্য এন্দুৰ এন্দুৰ গোন্ধ৷
– মই কিন্তু তোমাক ভালপাই পেলাইছো৷ আই ৱানা বি উইথ ইউ!
– কি?
– প্ৰেমত পৰি গ’লোঁ অ’৷ নোৱাৰিম তুমি নহ’লে৷
– হোৱাট?
– ইয়েচ্৷ আই প্লেইড্ দা গাৰ্ল পাৰ্ট টিল নাও, পেচিভ পাৰ্ট৷ নাও, আই ৱিল বি এক্টিভ৷ ইউ ৱিল বি পেচিভ!
চিৎকাৰ কৰি দৌৰা আৰম্ভ কৰিলোঁ৷ পিছৰ পৰা সি খেদি আহি মোক ধৰিলে৷ যিমানেই আঁতৰিবলৈ চেষ্টা কৰিছো, সিমানেই সি মোক কাষলৈ টানিছে৷ অজ্ঞান হোৱাৰ আগে আগে অনুভৱ কৰিলোঁ, এক অসহ্যকৰ অনুভুতি আৰু কেঁচা পিয়াজৰ গোন্ধ!

সময় তিনি বাজি ত্ৰিশ মিনিট:
উফফফ! দ্ৰুতগতিত বেকস্পেচ্ মাৰি গোটেই মেছেজটো উৰালোঁ৷
কাম নাই আৰু! দেখিলেই গম পায় ফেইক আই ডি!
হোমপেজলৈ গ’লো৷ ভাস্বতী বোলজনীয়ে ফুৰিবলৈ গৈ এগাল ফটো দিছে৷ সোতৰটা লাভ ৰিয়েক্ট কৰি দিলো বাপ্পেকে!

☆★☆★☆

8 Comments

  • মাধুৰ্য্য গোস্বামী

    বঢ়িয়া অমিতাভ দা। কিছু লিখিছে আপুনি।

    Reply
  • Rintumoni Dutta

    অমিতাভ মহন্তৰ গল্প মানেই এক সাংঘাতিক টুইষ্ট, ভাবিব নোৱৰা কিবা এটা হৈ যায় শেষত। শেষলৈ পাঠকক ধৰি ৰাখিবলৈ ঈৰ্ষণীয় ভাৱে সক্ষম অমিতাভ।

    বঢ়িয়া লাগিল অমিতাভ

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল বহুত গল্পটো

    Reply
  • তৃষ্ণা সো

    বহুত ভাল লাগিল

    Reply
  • কাবেৰী মহন্ত

    সকলোখিনি পালো ৷ চাচপেন্স , ৰোমান্স ,টুইস্ট .. বহুত ভাল লাগিল ৷

    Reply
  • গীতিকা শইকীয়া

    বৰ বেলেগ ষ্টাইলৰ গল্প দেই! টুইষ্টটো সাংঘাতিক। পঢ়ি অত্যন্ত ভাল লাগিল। বাৰে বাৰে পঢ়িলেও পুনৰ পঢ়িব পাৰি।

    Reply
  • অভিজিৎ কলিতা

    সাংঘাটিক এজ ইউজুৱেল। সঁ‌চাকৈয়ে পৰীক্ষাৰ আগতে এনে ভাৱবোৰ বেছি হয়।

    Reply
  • ঈশান

    বাপ্‌ৰে ! কেনেকৈ লিখে !??

    Reply

Leave a Reply

Your email address will not be published.