ফটাঢোল

তীখৰ আৰু চুটিমুটি বাই – ৰিমঝিম বৰঠাকুৰ

এখন গাঁৱত.. অহ চ’ৰী গাঁও বুলি ক’লে চুটিমুটিয়ে বেয়া পাই বুলি পাহৰিয়েই গৈছিলোঁ। এখন চেমি চহৰ আৰু চেমি গাঁৱৰ জেগাত তীখৰ আৰু চুটিমুটি নামেৰে এহাল বায়েক-ভায়েক আছিল। বাৰু, চুটিমুটিয়ে নুশুনাকৈ কৈছোঁ দেই, ঠাইডোখৰ যিহেতু গাঁও পঞ্চায়তৰ অধীনত পৰে, গতিকে গাঁও বুলিয়েই ক’ব লাগিব। চুটিয়ে বেয়া পোৱা কামটো কৰিবলৈ বেয়া লাগে কাৰণে আপোনালোকক কাণে কাণে কথাষাৰ কৈ থ’লো।

সেই চুটিমুটি আৰু তীখৰৰ আকৌ খুব মিলাপ্ৰীতি। বয়সৰো বেছি ব্যৱধান নাই, দুই আঢ়ৈ বছৰৰহে। সিহঁতৰ মিলা-প্ৰীতিবোৰৰ উদাহৰণ দুটামান দিলেই গম পাব মই মিছা কথা কৈছোঁ নে সঁচা। তথাপিও তাৰ মাজতো সিহঁতৰ কাজিয়া এভাগ নলগা নহয়, কিন্তু সেয়াও ক্ষন্তেক সময়ৰ কাৰণেহে। অলপ সময়ৰ পিছতে সকলো ঠিক হৈ যায়। সিহঁতৰ মিলবোৰ দেখিলে মাকহঁতে কেতিয়াবা ভাবে, ‘এই দুটা কোনোবা জনমত নিশ্চয় বন্ধুহে আছিল।’

এদিন আবেলি সময়ৰ ঘটনা। তেতিয়া তীখৰ, চুটিমুটি একেবাৰে সৰু, প্ৰাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্ৰী দুয়ো। স্কুলৰপৰা অহাৰ পিছত তীখৰ আৰু চুটিমুটি দুয়োকে মাকে ভাতকেইটা খুৱাই-বোৱাই শুবলৈ দিলে। দিনত যদি নুশুৱে ৰাতি যে সিঁহতে অলপ দেৰিও থাকিব নোৱাৰে সেইকথা মাকে জানে। সেয়ে দুয়োকে শুবলৈ দি মাক কিবা কামত সিহঁতৰ কাষতে থকা মানুহ ঘৰলৈ গ’ল। এনেই টোপনিৰ ভাও ধৰি চকু মুদি বিছনাত পৰি থকা তীখৰে মাক যোৱাৰ কথা গম পায়েই জাপ মাৰি উঠি বায়েকক চিঞৰিবলৈ ধৰিলে,

‘অই বাই উঠচোন।’

চুটি : কি হ’লনো। শুই থাক নহ’লে মায়ে আহি পিঠি বহল কৰিব।

তীখৰ : উঠচোন বাই, মোৰ গাখীৰ খাবলৈ ইমান মন গৈছে। পাকঘৰৰপৰা এগিলাচ আনি দিব পাৰিবি?

তীখৰৰ কথা শুনি চুটিমুটিয়ে শোৱাৰপৰা জাপ মাৰি উঠিল। ‘ভাতগাল খাই লৈছিলিহে! তোৰ আকৌ গাখীৰ খাবলৈ মন গ’লেইনে? আৰু তোক গাখীৰ মই ক’ৰপৰা আনি দিম, আজিকালি দেখোন আমাৰ গাইজনীয়েও গাখীৰ নিদিয়ে।’ কথাকেইটা কৈ চুটিমুটি বিছনাৰপৰা উঠি আহি বাহিৰ পালেহি। ‘এইটোৰ যে মাজে মাজে কি কি খাবলৈ মন যায়! পেটডালত কিনো সোমাই আছে জানো!’ বাহিৰত আহি দেখে সিহঁতৰ চোতালত ছাগলী দুটামান আহি চোতালত গজা ঘাঁহবোৰ আপোনপাহৰা হৈ খাই আছেহি। ছাগলীকেইটাক দেখি চুটিমুটিৰ ভীষণ খং উঠিল। ‘জপনাখন মাৰি থোৱা স্বত্বেও বাহিৰৰ ছাগলীৰ সিহঁতৰ ঘৰত অবাধ বিচৰণ কৰিবলৈ ইমান সাহস।’ খঙতে ভৰিত সোমাই থকা তলুৱা চিঙা চেন্দেল এপাতকে ডাঙি ছাগলীৰ গালৈ মাৰিবলৈ লওঁতেই তাইৰ মূৰত কিনো খেলালে জানো, চেন্দেলপাত পুনৰ ভৰিত সোমোৱাই ভিতৰলৈ দুপদুপকৈ দৌৰ মাৰি তীখৰৰ ওচৰ পালেগৈ। গাখীৰ খাবলৈ নাপাই বিছনাতে বহি থেনথেনাই থকা তীখৰক দেখি চুটিমুটিয়ে লেনিয়াই মাত লগালে ‘তোৰ গাখীৰ খাবলৈ মন গৈছে ন তীখৰ?’

তীখৰে মুখখন ফুলাই বেৰৰ ফালে মুখ কৰি উত্তৰ দিলে, ‘ওম’।

‘তেন্তে পাকঘৰৰপৰা মগ এটা লৈ আগফালে ব’লচোন। অলপ ডাঙৰ চাই আনিবি মগটো। কিন্তু মনে মনে আহিবি’, এইবুলি চুটিমুটি আকৌ আগফালে চোতাল পালেগৈ। তীখৰেও একো বুজি নাপায় বায়েকৰ কথামতে পাকঘৰৰপৰা ডাঙৰৰো ডাঙৰ মগটো বাচি লৈ আগফাল পালেগৈ। বায়েকে ভায়েকক দেখি হাতৰপৰা মগটো লৈ চোতালত চৰি থকা ছাগলী এটা ধৰিবলৈ চকুৰে ইংগিত দিলে। তীখৰেও বায়েকৰ চকুৰ ইংগিত বুজি আপোনমনে ঘাঁহ খাই থকা ছাগলী এটাক পিছফালৰপৰা সাৱট মাৰি ধৰিলে। হঠাতে হোৱা আক্ৰমণৰপৰা ৰক্ষা পাবলৈ ছাগলীটোৱে লৰ মাৰিবলৈ ধৰিছিল যদিও তীখৰৰ হাতৰপৰা ওলাই যাব নোৱাৰিলে। লগৰটোৰ ওপৰত হোৱা আক্ৰমণ দেখিয়ে একেলগে ঘাঁহ খাই থকা বাকীকেইটা ছাগলী ভিৰাই লৰ মাৰি জপনাৰ ফাকেৰে একেকোবে বাহিৰ ওলালগৈ।

‘অ’ বাই আহ, ছাগলী ধৰিলোঁ। কি কৰ কৰহি এতিয়া।’ এইবুলি ভায়েকে বায়েকক চিঞৰিবলৈ ধৰিলে।

ইতিমধ্যে তীখৰে ছাগলীটো ধৰা দেখিয়েই চুটিমুটি আগবাঢ়ি আহিছিলেই। তীখৰে নিজৰ জোখটো চাই তাৰ জোখৰে সৰু পোৱালি এটাকহে ধৰিব পাৰিলে। তথাপিও যে ধৰি দেখুৱালে সেয়ে তাৰ ওচৰ পোৱা বায়েকলৈ চাই এটা গৌৰৱৰ হাঁহি মাৰিলে।

‘ধেইত! ইমান সৰু পোৱালিটো ধৰিলি যে, গাখীৰ ওলাব জানো?’ বায়েকে তীখৰক সুধিলে।

‘ওলাব ওলাব। তই খিৰাই চাচোন আৰু অকল মইহে খাম অকণমান ওলালেই হ’ল।’

বেলেগে গাখীৰ খিৰোৱা দেখিছে যদিও নিজেই খিৰাই নোপোৱা চুটিমুটিয়ে নিজৰ আন্দাজমতে ছাগলীৰ পেটলৈ হাতখন নি মগটো পাতি পাৰে মানে পেটটোকে টানিবলৈ ধৰিলে। তাই যিমান টানিছে সিমান জোৰকৈ ছাগলীয়ে বেবাবলৈ ধৰিলে। ইফালে ছাগলী মতাই নে মাইকীয়েই, সেইফালেও ভ্ৰূক্ষেপ নাই। মুঠতে মৰমৰ ভায়েকক অকণমান গাখীৰ খুৱাবলৈ পালেই হ’ল।

‘চুপ থাক। এতিয়া বেবাই দেখুৱাবলৈ আহিছ সৰু ল’ৰা-ছোৱালী দেখি। মাহঁতে খিৰাবলৈ ধৰিলে দেখোন ধুনীয়াকৈ পাতি দিয়’ – এইবুলি তাই আকৌ গাখীৰ খিৰোৱাত লাগিল।

ভায়েক তীখৰেও জনাই নজনাই ‘এনেকৈ নহয় অ’! তেনেকৈ খিৰাই’ বুলি বায়েকক পৰামৰ্শ দিবলৈ ধৰিলে। সিঁহতহালৰ চিঞৰ-বাখৰ আৰু ছাগলীৰ বেবনিত কাষৰ ঘৰত থকা মাক উধাতু খাই সিহঁতহালৰ ওচৰ পালেহি ‘হেৰৌ খালি খালি! কি কৰিছ তহঁতে! ছাগলীটো মৰি থাকিব এতিয়া।’

‘নাই খোৱা মা খামহে। গাখীৰ দেখোন ওলোৱাই নাই’ – এইবুলি ধৰি থকাৰপৰাই তীখৰে মাত লগালে।

‘হেৰৌ এৰি দে বুলি কৈছোঁ নহয়, এৰি দে। ইমান সৰু মতা ছাগলী পোৱালিটোৰ গাখীৰ খিৰাবলৈ আহিছহঁত’ বুলি মাকে তীখৰ আৰু চুটিমুটি দুয়োকে টানি-আজুৰি ছাগলীটোক সিহঁতৰ হাতৰপৰা কোনোমতে এৰুৱালে। সিহঁতৰ হাতৰপৰা এৰ খাই ছাগলী যমৰ হাতৰপৰা এৰ খোৱাৰ দৰে একেলৰে জপনাৰ বাহিৰ ওলাল।

ছাগলীটো ওলাই যোৱাৰ পিছতে মাকে সিঁহতহালক চোতালৰ কাষতে থকা তামোল গছ এজোপাত বান্ধি সুধিলে, ‘ক, কাৰ বুদ্ধি আছিল ছাগলী খিৰোৱাটো।’

মাকৰ প্ৰশ্নত চুটিমুটিয়ে সেমেনা সেমেনিকৈ উত্তৰ দিলে, ‘তীখৰে গাখীৰ খাবলৈ নাপায় কান্দি থকা কাৰণে তাৰ দুখ সহ্য নহৈহে মই ছাগলীটো খিৰাইছিলো। তাতনো আমি কি জগৰটো লগালো, গছত বান্ধি কোবাবলগীয়াকৈ।’

চুটিৰ উত্তৰ শুনি মাকে বোলে ‘হয় দে ঐ তঁহতহালেই শুদ্ধ, মইহে ভুল কৰিছোঁ তঁহতক তামোল গছত বান্ধি থৈ। এনেকুৱা উদণ্ড, উৎপতীয়া ল’ৰা-ছোৱালী কাকো নিদিবা অ’ কণা গোঁসাই।’

☆★☆★☆

4 Comments

  • Rintumoni Dutta

    মতা ছাগলীৰ গাখীৰ ময়ো খীৰাই পোৱা নাই দেই।

    বৰ ভাল লাগিল পঢ়ি

    Reply
  • চিত্ৰলেখা দেৱী

    ভাল লাগিল মতা ছাগলীৰ গাখীৰ খিৰোৱা দেখি ।

    Reply
  • ডলী তালুকদাৰ

    হাঃ হাঃ

    Reply
  • মানসী বৰা

    পঢ়ি বৰ ৰস পালো দেই..

    Reply

Leave a Reply

Your email address will not be published.