ফটাঢোল

তুমি (ভোট জলকীয়া) – কমলা দাস

মোৰ বাগিচাৰ মাছৰ কাৰ্টুনত
তুমি লহপহকৈ বাঢ়িছিলা।
তোমাৰ অসাধাৰণ পুৰনিৰ গুুুণেৰে
উদ্ভাসিত হৈ লমালমে ডাল ভৰি লাগিছিলা।
তোমাৰ সুন্দৰ গোন্ধ আৰু ফৰফৰণি
ভোকৰ ভাত কিটাৰ সৈতে লৈছিলা মোৰ পেটত জিৰণি।
তোমাৰ এচিকুট নহ’লে
ভাতকিটাই পেটলৈ যাবলৈ মন নকৰে।
বহুতো আছে চাগৈ মোৰ দৰে “তোমাৰ” খকুৱা
এতিয়া সকলোৱে বিচাৰি আছেচোন খাবলৈ “ঘৰুৱা”!

☆★☆★☆

5 Comments

Leave a Reply

Your email address will not be published.