ফটাঢোল

তুম জিঅ’ হাজাৰ’ চাল – খনিন্দ্ৰ ভূষন মহন্ত

যোৰহাটলৈ যোৱা বেছি দিন হোৱা নাই তেতিয়া। টাউনখনৰ ৰাষ্টা-পদূলিবোৰ ভালকৈ চিনাকি হোৱাগৈ নাই। সন্মুখত লগৰ এজনৰ জন্মদিন আছিল। গতিকে তাক সপ্তাহ দিন আগৰ পৰা ”পার্টি খুৱাব লাগিব দেই” জাতীয় আকাশবাণী দি আছিলোঁ। যিমানেই বিশেষ দিনটো ওচৰ চাপিল, সিমানেই আকাশবাণী প্রকট হোৱাৰ পয়োভৰ বাঢ়ি আহিল। উঠোঁতে, বহোঁতে, খাওঁতে, শোঁতে তাক দেখিলেই আমাৰ মাথোঁ এটাই শব্দ ‘পার্টি’! কোনোবা অচিনাকিয়ে আমাৰ কথা শুনিলে চাগে আমাক ছোমালিয়াৰ পৰা অলপ আগতে উদ্ধাৰকাৰী দলে আনি ইয়াত থৈ গৈছে যেন ভাব এটাই লৈছিল। পিচে, আমাৰ সেইবোৰলৈ কাণসাৰ নাই। একপ্রকাৰ নাচোৰবান্দা। পার্টি খোৱাৰ ভূত এটাই আহি আমাৰ আত্মাত থিতাপি লোৱা বুলি ক’লেও হয়তো ভুল কোৱা নহ’ব।

সৰুকৈ ‘চাৰপ্রাইজ’ এটাও ‘প্লেন’ কৰা হ’ল। সি গম নোপোৱাকৈ কে’ক এটা আনিলোঁ। স্প্রে’ দুটাও অনা হ’ল। গৰম দিন। পিন্ধনত আমাৰ আটাইৰে কেৱল হাফ-পেণ্ট। উদং গা। নিশা বাৰ বজাৰ লগে লগে আমাৰ উৎপাত আৰম্ভ হৈ গ’ল। কে’ক কটা পর্বত স্প্রে’খিনিয়ে পৰিৱেশটো ফটোজেনিক কৰিব বুলি ভাবিয়ে সেইটোৰ ব্যৱহাৰ কৰা হ’ল। ফুউউউউচ…প্রথম স্প্রে’ মৰাৰ ফিটাডাল অমুকায়েই কাটিলোঁ। এফালে মম, এফালে কে’ক, শূন্যত ওপঙি আছে বগা বগা কৃত্রিম ডাৱৰৰ ভগ্নাৱশেষ। ক্লিক, ক্লিক, ক্লিক…মুখেই চাবা নে চকুৱেই চাবা! তেনেতে মৰিবলৈ ধৰা এটাই ‘অ’ভাৰ এক্সাইটেড’ হৈ ইটো স্প্রে’ বর্ষণ কৰিলে বার্থদে’ বয়ৰ গাত। আমাৰ ‘বেদ লাক খাৰাব’ আছিল। বপুৰা দিলে আঁতৰ হৈ। গোটেই ডাৱৰৰ টুকুৰাই কে’কটো আৱৰি পেলালে। সেইটো দেখি কিছু সময়ৰ বাবে আমি আটাইবোৰ হতবাক। যেন এইমাত্র ধুমুহা এজাক পাৰ হৈ গ’ল! কোঠাটোত তেতিয়া মৰিশালীৰ নিস্তব্ধতা। কিছু সময়ৰ পাছত, তন্দ্রাভংগ কোনোবা সপোন কোঁৱৰৰ দৰে বার্থদে’ বয়ে কৈছে, “ঐ, কি হ’ব এতিয়া? কে’কটো এতিয়া কেনেকৈ খাম?” আমি সকলো যেন তাৰ এই কথাষাৰলৈহে ৰৈ আছিলোঁ! লগে-লগে স্প্রে’ মৰাটোক ভিন্ন ৰসিক উপমাৰে থকা-সৰকা কৰিবলৈ আমাক বেছি পৰ নালাগিল। মানে তাক চুই কিলাবলৈহে বাকী। মোৰ ‘চেতানি দিমাগ’ত আইডিয়া এটা আহিল। “যি হ’ল হৈ গ’ল, খাবলৈতো নাপালোঁৱেই, ইয়াক আজি নেৰিছোঁ” বুলি গোটেই কে’ক পণ্ড কৰাটোক কে’ক অলপ লৈ সানি দিলোঁ। এইটো কাম কৰি মই যেন সকলোৰে মাজত শুই থকা অসুৰটোক জগাইহে দিলোঁ! ঈশ্বৰ ঔ, পলকতে সকলোৰে গাল, পিঠি, বুকু সকলো কে’কময়! নিশা এক বাজিবৰ হৈছিল তেতিয়া। আমাৰ সেইবোৰলৈ ভ্ৰূক্ষেপ নাই। তেনেতে বাহিৰত কাৰোবাৰ মাত। খুড়াই হয়। ইমান ৰাতি? কাউৰী বাহত জুই লগাৰ দৰে পৰিৱেশ এটাৰ পৰা নিজকে উদ্ধাৰ কৰি দর্জাখন খুলি বাহিৰলৈ ওলাই গৈছোঁ। পিছে পিছে লগৰকেইটা। গাত কে’ক, মূৰত স্প্রে’ মানে কৈছোঁ নহয়, নিজকে নিজে দেখিলে ভয় লগা ৰূপটো লৈ আটাইকেইটা পৰুৱা গাতত পানী সোমালে পিৰ-পিৰাই ওলাই অহাৰ দৰে তেওঁৰ সন্মুখত ধৰা দিলোঁহি! আমাৰ শ্রী চেহেৰা দর্শন কৰি খুড়াৰ টপা মূৰটো ৰঙা হৈ পৰিল। চুলি থকাহেঁতেন নিশ্চয় চুলি দাং খাই গ’লহেঁতেন! “ইমান ৰাতিখন ফেউৰাৰ নিচিনা চিঞৰ-বাখৰ কৰে নেকি?” “ইমান ডাঙৰ হ’লা, এইখিনি কথাও নাজানা” ব্লা ব্লা ব্লা নীতি শীক্ষাৰ পাঠ পঢ়াই আঁতৰি গ’ল। আমিও পম যোৱা বেলুনৰ দৰে সুৰ-সুৰকৈ ভিতৰ সোমাই চাফ-চিকুণ হৈ শুই গ’লোঁ।

পাছদিনাৰ কথা। কে’কৰ নামত নগুৰ-নাকতিখন হ’ল যদিও আমাৰ ‘পার্টি’ খোৱাৰ খকটো যোৱা নাছিল।। ইটো-সিটোক সুধি গম পালোঁ, টাউনত Woodland নামৰ ৰেস্তোঁৰা এখন আছে, নিউ বালিবাটত। ভাল ‘খানা’ পাইহেনো। এইবাৰ মিছন ‘নিউ বালিবাটৰ Woodland’। আমি বিখ্যাত কেইটাই বালিবাটেই চিনি নাপাওঁ, ক’ৰ অ’ল্ড নিউ জানিম? দোকান দুখনমানক সুধি সুধি ওলাওঁগৈ মানে আবেলি হ’ল। ভাল ফটো উঠিব পৰা ঠাই এটুকুৰ চাই বহি ল’লোঁ। দস্তুৰমত প্রথমবাৰৰ বাবে ৰেস্তোঁৰা গৈছোঁ। ফটা-লেবেল অকণ দিমেই ন। ইউনিফর্ম পিন্ধা ল’ৰা এজনে আহি মেন্যুখন দি গ’লহি। বহুত দেৰি গুণা-গঁঠা কৰি ‘চিকেন ফ্রাইড ৰাইচ’ আৰু ‘চিকেন বাটাৰ মাচালা দুই প্লেট’ অর্ডাৰ দিলোঁ। এজনে সুধিলে, “এক প্লেটত কেইটুকুৰা মাংস দিব?” “চাৰি টুকুৰা।” আমি আছিলোঁ সাতজন। আঠ টুকুৰা মাংস কাৰ নাকত দিম বুলি ভাবি ‘চিকেন টণ্ডুৰী’ একপ্লেট লগতে অর্ডাৰ দি দিয়া হ’ল। তাৰ পাছত “আহিব খাম, আহিব খাম” কৰি সেপ ঢুকি প্রায় ৪৫ মিনিট বোন্দা-পৰ দি থাকিলোঁ। ভাগে-ভাগে আইটেমবোৰ আহি পোৱাতহে আমাৰ চকু কপালত উঠিল। বাটাৰ মাচালাৰ মাংস কেইটুকুৰাৰ যি হে আকাৰ! আজিলৈকে দেখা ডাঙৰৰ ডাঙৰ আলুটোৱেও ফেৰ মাৰিব নোৱাৰিব। ইফালে সকলোৰে প্রিয় টণ্ডুৰী আহিবলৈ আছেই! খোৱাৰ মাজে-মাজে অদ্ভুত ভংগীমাত ফটো-চেচনো সমান্তৰালকৈ চলিল। বেক কেমেৰাক ওলোটা কৰি চেলফী মৰা যুগৰ কথা এইবোৰ। শেষত প্রায় ৪ টুকুৰা মাংস ‘পেকিং’ কৰি অনাৰ সিদ্ধান্ত লোৱা হ’ল। মানে পেটত ঠাইৰ অভাৱ হোৱাত আগনিশা গালি দিয়া খুড়ালৈ মৰম উপজিল আমাৰ। যেনে হ’লেও পেলাইটো দিব নোৱাৰি!

বাছ-ষ্টেণ্ডলৈ আহি দেখিছোঁ, এখনো গাড়ী নাই। খা বাপ্পেকে ‘পার্টি’। প্রায় এঘণ্টা সময় গাড়ীলৈ অপেক্ষা কৰি থাকোঁতে মোৰ সৰু-পানী চুব লগা অৱস্থা। মৰ এতিয়া ক’ত মৰ! প্রস্রাৱগাৰলৈ আমি ৰৈ থকা ঠাইৰ পৰা কিছু দূৰ। গতিকে দোধোৰ-মোধোৰ অৱস্থাত পৰিলোঁ। যদি সিফালে যাওঁতে এইফালে গাড়ী আহে! উপায়হীন হৈ নিজৰ ধৈর্য শক্তিৰ প্রমাণ লোৱা যাওক বুলিয়েই ৰৈ দিলোঁ। কিছু সময়ৰ পাছত গাড়ী এখন আহিল। বিৰ দি বাট নোপোৱা অৱস্থা। তাতে সুৰুঙা উলিয়াই আটাইকেইটা ওলমি দিলোঁ। বাটৰ মাজত থকা সৰু-সৰু পুখুৰীবোৰত গাড়ীৰ চকা পৰিলেই মোৰ তল-পেটৰ পৰা বিজুলি সঞ্চাৰিত হোৱাৰ দৰে চিৰিং চিৰিং কৰি তৰংগ প্রবাহিত হ’বলৈ ধৰিলে। মই মনতে “প্রভু ৰক্ষা কৰিবা। আৰু কেতিয়াও পার্টিৰ নাম নলওঁ” কৈ কৈ আহি আছোঁ। মানুহৰ ঠেলা-হেঁচাত চিকেন বাটাৰ মাচালাই কি ৰূপ ল’লে সেয়া ভাবিবলৈয়ো মন যোৱা নাই তেতিয়া। নিজৰে অৱস্থা তথৈবচ! প্রায় আধা কিলোমিটাৰ বাট থাকোঁতে গাড়ীখন ৰ’ল। “আৰু আগলৈ নাযায়। নামি লওক।”-হেণ্ডিমেনৰ কর্কশ শব্দ শুনি উপায়হীন হৈ নামি দিলোঁ। নামিয়েই দেখিছোঁ বাটৰ কাষত সেইখন মুকলি পথাৰ। এতিয়া আৰু মোক কোনে পায়? মুকলিমূৰীয়াকে কামফেৰা কৰাৰ সুখ পোৱাজনেহে জানে। বাকীচোৱা বাট খোজ-কাঢ়ি গৈ নিশা ৯ বজাত ৰূম পাইছিলোঁগৈ। খোজ-কাঢ়ি গৈ থাকোঁতে আটাইকেইটাই টেঁটাই আহিছোঁ, “বাৰ বাৰ দিন য়ে’ আয়ে, বাৰ বাৰ দিল য়ে’ গায়ে’…”

☆★☆★☆

6 Comments

Leave a Reply

Your email address will not be published.