ফটাঢোল

তুলসীৰাম দত্তৰ সৈতে অন্তৰংগ আলাপ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

তুলসীৰাম দত্ত সাহিত্যিক। দত্তই লিখা ব্যংগ তথা ৰস ৰচনাই পাঠক সমাজৰ সমাদৰ লাভ কৰি আহিছে। নতুন চামৰ কিছুমানে তেওঁক ‘জমনি’ লেখক নাম দিছে, তেনেকৈও জানে বহুতো।
কাকত এখনৰ পৰা তেওঁৰ চুটি সাক্ষাৎকাৰ এটা ল’বলৈ তেওঁলৈ ফোন আহিল। “ৰিটায়াৰ্ড মানুহ। যেতিয়াই আহা, মইতো ফ্ৰীয়েই” বুলি তেওঁ মাতিলে। দুদিন পাছত দত্তৰ ঘৰলৈ যুৱক দুজন আহিল।
: ছাৰ..মানে, খুৰা, আপোনাক প্ৰশ্ন সোধাৰ পাছত উত্তৰটো ক’বলৈ আৰম্ভ কৰিলে ইচাৰা এটা দি দিব। মানে হাতখন দাঙি দিব। মোবাইলটোত ৰেকৰ্ড কৰিম। পাছত আৰামত লিখিম শুনি শুনি
: প্ৰশ্নকেইটা দি যোৱা নহ’লে। মই লিখি দিম উত্তৰকেইটা৷
: না নালাগে। কষ্ট কম হওক বুলিয়েইতো মোবাইলটোতে কৰোঁ।
ইণ্টাৰভিউ আৰম্ভ হ’ল।
প্ৰশ্ন: আপুনি আজি এজন সফল সাহিত্যিকৰূপে প্ৰতিষ্ঠিত। এই সফলতাৰ আঁৰত আপুনি কোন বুলি ভাবে? আপোনাক যিসকলে অনুপ্ৰেৰণা দি আহিছে, তেখেতসকলৰ বিষয়ে অলপ জনাব নেকি?
– উত্তৰটো দিবলৈ গৈ তুলসী দত্ত অলপপৰ ৰ’ল। হাতখন দাঙি ইচাৰা দিলে সেইজনে মোবাইলৰ বুটাম টিপিব। সকলো ৰেকৰ্ড হৈ যাব!
“ভাত দি মাতি থাকিবলৈ বৰ অশান্তি পাওঁ। কি যে কলম-কাগজ পিটিকি দিনটো বহি থাকে টেবুলখনত! হেৰি..বোলো শুনিছে নে? ভাত ঠাণ্ডা হ’ল পাততে…”- দত্তপত্নীয়ে দুপৰীয়া, ৰাতি এবাৰকৈ এই কথাকেইটা দত্তক শুনায়েই এবাৰ। দত্ত মনে মনে ৰ’লে আকৌ আৰম্ভ হয়-“এই টেবুলত বহি আঁক-বাঁক কৰি থাকিলে নিজে নিজে আহি চাউলকেইটা চৰুত বহি নিসিজেতো…বৰ কিবা ডাঙৰ কাম কৰা যেন পায় লিখা কামটো!” দত্তৰ মনত পৰে, সেই পৰশুৰাম ফুকন নামৰ ব্যক্তিজনলৈ। খুউব ফোন কৰিছিল মাজতে। “আপোনাৰ লেখাবোৰ ৰস লগা। কিন্তু হৃদয়ত বিন্ধে। একেবাৰে জোৰকৈ বিন্ধে। আমাৰ সমাজে যদি আপোনাৰ লেখাবোৰ পঢ়িলেহেঁতেন, এবাৰলৈও উপলব্ধি কৰিলেহেঁতেন যদি ইয়াৰ গূড়াৰ্থ, মই হান্ড্ৰেড পাৰ্চেণ্ট ক’ব পাৰোঁ সমাজ সলনি হ’লহেঁতেন। আপুনি ছাৰ, লিখিবলৈ নেৰিব”। দুবাৰমান ওচৰৰ চহৰখনতে বাস কৰা পৰশুৰাম ফুকনে দত্তক লগ কৰিও গ’ল। দত্তই প্ৰেৰণা পাইছিল। নতুন কিবা লিখাৰ উৎসাহ পাইছিল। সেই পৰশুৰাম ফুকনো নোহোৱা হ’ল। এদিন দৌৰাদৌৰিকৈ আহি পৰিবাৰৰ অসুখ বুলি টকা দহহাজাৰ দত্তৰপৰা ধাৰলৈ নি মানুহজন যি নোহোৱা হ’ল, নাহিলেই আৰু। সমাজখন চাগৈ সলনি হৈ গ’ল ফুকনৰ কাৰণে!
: খুৰা, উত্তৰটো ক’ব।
তুলসী দত্তই ইচাৰা কৰিলে। মোবাইলৰ বুটাম টিপিলে এজনে।
প্ৰশ্নৰ উত্তৰ: প্ৰেৰণা সদায়েই পাই আহিছোঁ পৰিয়াল-আত্মীয়ৰ পৰা। তেওঁলোকৰ সহায়-সহযোগিতা অবিহনে সকলো অসম্ভৱ। পঢ়ুৱৈৰ মতামতবোৰো আশীষবাণী মোৰ কাৰণে। পৰশুৰাম ফুকনহঁতৰ দৰে মোৰ লেখাক শ্ৰদ্ধা কৰা পঢ়ুৱৈ নাথাকিলে লিখিমেই বা কাৰ কাৰণে!
: খুৰা, দ্বিতীয় প্ৰশ্ন- আপোনাৰ নামে গাঁৱে-ভূঞে চৰ্চিত। সকলোৱে জানে আপোনাক। আপোনাৰ লেখাক জানে। এই বিষয়ে আপোনাৰ অনুভৱ? …….ইচাৰা দিব হাঁ।
দত্তই ভাবিলে কথাবোৰ। গাঁৱে-নগৰে তেওঁক সবেই চিনি পায়! হাঁহি উঠিল তেওঁৰ। দুদিনমান আগতে চ’কৰ গেলামাল দোকানখনলৈ গৈছিল। দোকানখন নতুন। এমাহমান হৈছে। কিবাকিবি কিনাৰ পাছত দত্তই দেখিলে তেওঁৰ হাতত ডেৰশ টকা কম।
“মই আবেলিলৈ আহি বাকী টকা ডেৰশ দি যাম দেই” – দত্তই মাত দিলে।
“আমি অচিনাকি মানুহক কেনেকৈ বাকীত দিম হে বস্তু? তাকো ডেৰশ টকা, ডেৰ টকাতো নহয়”
“মোৰ ঘৰ গলিটোৰ সেই শেষৰটো। তুলসীৰাম দত্ত নাম মোৰ। তুমি নতুন যে, সেয়েহে নাজানা বোধহয়৷”
“মোৰো এইটো অঞ্চলত বিশ বছৰেই হ’ল। দোকানখন হে নতুন৷”
“ভাইটিহঁত তোমালোকেতো জানা মোক। কোৱাচোন অলপ। আবেলি আহি দি যাম বুলিছোঁ বাকীখিনি” -দত্তই দোকানতে ৰৈ থকা যুৱক দুজনমানক ক’লে। সিহঁতে “নাই চিনি নাপাওঁ” বুলি ডাইৰেক্ট ক’বলৈ টান পাই “দেখা যেন লাগিছে কিন্তু নামটো শুনা নাই” বুলি কৈ মোবাইলত ব্যস্ত হ’ল। দত্তই “হ’ব দিয়া পাছত লৈ যাম বস্তুখিনি” বুলি আঁতৰি আহিল। বাছত থিয় হৈ টাউনলৈ গৈ থাকিলে তেওঁৰ মনলৈ আহে, তেওঁৰ নাম ‘সকলোৱেই’ জানে, তেওঁৰ লেখা বহুতেই পঢ়ি ভাল পায় অথচ “আপুনি বহক, বহি বহি লেখা এটাৰ প্লট ভাবক। আপোনাৰ লেখা পঢ়ি ভাল পাওঁ” বুলি কৈ নিজৰ ছীটটো এৰি দিবলৈ কোনো এজন নোলায়। ভীৰৰ মাজত ধূলিকণাৰ দৰে হেৰাই যায় লেখক দত্ত সদায়েই!
প্ৰশ্নৰ উত্তৰটো দিবলৈ তুলসী দত্তই ইচাৰা কৰিলে-“ভাল লাগে। পাঠক সমাজৰ আগ্ৰহ দেখিলে আপ্লুত হওঁ। যেতিয়া বাটে-ঘাটে মোক দেখা পাই বহুতে আগ বাঢ়ি আহি মোৰ লগত চিনাকি হয়, মোৰ লেখাৰ কথা কৈ সমীহ কৰে, হিয়া শাঁত পৰি যায়। লেখাবোৰৰ লগত বিজড়িত কষ্ট সাৰ্থক হোৱা যেন লাগে।”
প্ৰশ্ন: আজি অসমৰ বাহিৰত বহুতো লেখকে লেখাটোকে নিজৰ পেছা হিচাপে গ্ৰহণ কৰিছে। চাকৰি এৰি দি কলমটোকে আঁকোৱালি লৈ এক সম্ভ্ৰান্ত জীৱন যাপন কৰিছে। অসমত সেই দিন অহা নাই কিন্তু কিছুমান লেখক যেনে আপুনি, বছৰত দুই-তিনিখন ‘হিট’ কিতাপ প্ৰকাশ কৰি সেই ধাৰণাটো সলনি কৰিছে যেন লাগিছে। মোটা পাৰিশ্ৰমিক পোৱাৰ ক্ষেত্ৰত আপোনাক সৌভাগ্যবান বুলিয়েই ক’ব খোজোঁ। এই বিষয়ে আপোনাৰ মতামত?
তুলসীৰাম দত্তই হঠাতে চৰচৰনি খালে। গিলাচৰপৰা পানী অলপ ঘোটঘোটকৈ পি অলপ সকাহ পায়।
প্ৰায় বিশবছৰ আগত যেতিয়া প্ৰথম কিতাপখন চপাইছিল তেওঁ, প্ৰকাশক বিচাৰি হাবাথুৰি খাইছিল। অৱশেষত ঘৰৰ ওচৰৰ কবি দীনবন্ধু ডেকাই প্ৰকাশক এগৰাকীৰ লগত বন্দোবস্ত কৰি দিলে। পোন্ধৰহাজাৰ টকাত প্ৰকাশকজনে সন্মতি দিলে। চুক্তি আছিল, তিনিশ কপি বিক্ৰী হোৱাৰ পাছত সেই পোন্ধৰহাজাৰ তুলসী দত্তক ওভোটাই দিব। “নাই হে, গুডামত পৰি আছে…. দোকানৰ পিছৰ ৰুমত থওঁতে আধা নিগনিয়ে কুটিলে..দুশমান প্ৰেছতে পৰি আছে” আদি কৈ প্ৰকাশকে পাছত তেওঁক দেখিলেও নেদেখা ভাও ধৰা হ’ল। দত্তই শুনামতে তেওঁৰ কিতাপ কমেও পাঁচশ কপি বিক্ৰী হৈছিল।
বিশবছৰত দত্তৰ ত্ৰিশখনমান কিতাপ প্ৰকাশিত হ’ল। মাননি কিমান? কষ্টৰ পাৰিশ্ৰমিক কিমান? মগজুৰ কচৰতৰ মূল্য কিমান? – “আজিকালি নপঢ়ে হে মানুহে কিতাপ, আমি প্ৰকাশকে নাজানো নেকি?”..“আপোনাৰখন গ্ৰন্থমেলাত দহ ক’পি কিনিছে। লগত নিয়া দুশ ক’পি তেনেকৈয়ে পৰি থাকিল” …“আপোনাক যি দিব লগা আছে, একেলগে দিম। বৰ সমস্যা বুইছে কিতাপৰ বেপাৰত, আপোনালোকে কি বুজিব! লেখকে আৰামচে লিখে, আচল বেপাৰখনৰ লগত মুখামুখি আমিহে হওঁ!” – হয়তো এইবোৰেই। তথাপিও প্ৰয়াত হৰি বৰাৰ কথা দত্তই সদায় এবাৰ মনত পেলায়। তিনিখন কিতাপ প্ৰকাশ কৰি দত্তৰ ছোৱালীৰ বিয়াৰ আগদিনা আহি তেওঁ “কিতাপৰ মাননি অলপ দিছোঁ বিয়াৰ কামত অহাকৈ” বুলি লেফাফা এটাৰ ভিতৰত টকা দুইহাজাৰ দি থৈ গৈছিল। সেয়াই আছিল হয়তো প্ৰথম আৰু শেষ পাৰিশ্ৰমিক।
: খুৰা, উত্তৰটো ক’ব।
: মই টকা-পইচাৰ কাৰণে নিলিখোঁ। যি পাইছোঁ সুখী। অভাৱো নাই, পোৱাৰ হেঁপাহো নাই।
: খুৰা, আন এটা প্ৰশ্ন। কৌতুক এটা সাজি কোৱা যেনেকৈ কঠিন, ৰস ৰচনা লিখাটোও টান। তাৰ কাৰণে এক মানসিক প্ৰশান্তিৰ প্ৰয়োজন হয়তো। প্ৰয়োজন হ’ব এক সুন্দৰ পৰিৱেশৰ। দুখ বা অশান্তিত থকা এজনে আনক ৰস লগাই হঁহুৱাবলৈ চেষ্টা কৰিব পাৰিব জানো? নিশ্চয় নোৱাৰে। ইয়াৰ বাবে আপোনাৰ পৰিয়াল বা ওচৰ-চুবুৰীয়াৰ নিশ্চয়কৈ সিংহভাগ অৰিহনা আছে। আপোনাৰ মতামত?
– চৰচৰনি নোখোৱাকৈ কোনোমতে ৰ’ল তুলসী দত্ত।
তুলসী দত্ত বহাৰপৰা উঠিল। এখোজ-দুখোজকৈ ডাঙৰ পুতেক অনুপৰ কোঠাটোৰ কাষ পালে। পৰ্দাখন আঁতৰাই ভিতৰলৈ চালে। বেঁকা হৈ শুই আছে অনুপ। এখন ভৰিয়ে বিচনাৰপৰা নামি মজিয়া চুবলৈ চেষ্টা কৰিছে। শৰীৰৰ বাকী অংশ কম্বল এখনেৰে ঢাক খোৱা। দত্তই ঘড়ীটোলৈ চালে। বাৰ বাজিবৰ হ’ল। টেবুল এখনত ডেনড্ৰাইটৰ খালী টিউব এটা। আচলতে টোপাল এটাও নথকাকৈ হেঁচি উলিয়াই লোৱা হৈছে টিউবটোৰ ভিতৰৰ ডেনড্ৰাইট। অভিজ্ঞতাৰ ভিত্তিতেই দত্তই গম পাইছে যে সেয়া ডেনড্ৰাইটৰ টিউব। ত্ৰিশ বছৰীয়া ডাঙৰ পুতেকৰ কোঠাৰ কাষৰপৰা তেওঁ আঁতৰি আহিল। চোতালতে বহি জীয়েক ৰত্নাই ৰ’দ লৈছে। দুবছৰ আগতে তাইৰ বিয়া হৈছিল। ছমাহ ধৰি প্ৰেম কৰি থকা টাউনৰ মাইকেল বৰাৰ লগত বিয়াত বহিবলৈ নাপালে ব্লেডেৰে হাত কাটি পৰি থাকিম বুলি হুমকি দিয়া ৰত্নাই বিয়াৰ এবছৰ পাছতেই মাইকেলক এৰি আহিল নিজৰ ঘৰলৈ। তাৰ স্বভাৱ বেয়া হেনো। হাজাৰজনী ছোৱালী-তিৰোতাৰ লগত সম্পৰ্ক। নিজৰ ভাগ্যক ধিয়াই তাই মাইকেলৰ ঘৰখন এৰি থৈ আহিল। এতিয়া ঘৰতে থাকে। কাৰো লগত বৰকৈ একো কথা নাপাতে। মোবাইলটো হাতত লৈ কিবাকিবি কৰি থাকে। মাজে মাজে মোবাইলতে কথা পাতে কাৰোবাৰ লগত। হুমুনিয়াহ এটা বাহিৰ হ’ল দত্তৰ।
বাহিৰলৈ ওলাই আহিল। সাক্ষাৎকাৰ লৈ থকা যুৱক দুজনে পানী খাইছে।
এনেতে ৰণ আহিল গে’ট খুলি সোমাই। ৰণ দত্তৰ সৰু পুতেক। ঠিকাদাৰ এজনৰ লগত কাম কৰে। মাহে ছয়-সাতহাজাৰ দিয়ে। যোৱা এসপ্তাহে হাঁহাকাৰ কৰি আছে ঘৰখনত। ‘বুলেট’ এখন লাগে তাক। ডেৰ লাখৰ ওপৰত দাম। “এতিয়া তুমি দিয়া, মই মাহে মাহে অলপ অলপকৈ দি তোমাক ঘূৰাই দিম” – সি কুটুৰি আছে দেউতাকক, মানে দত্তক। দত্তৰ হাতত সাঁচতীয়া ধন অলপ আছে। দিব পাৰে। কিন্তু একে আষাৰে “নিদিওঁ, দিব নোৱাৰিম” বুলি কোৱাৰেপৰা ৰণ নাৰাজ। দত্তপত্নীও অলপ নাৰাজ। তেওঁৰ মতে, “এইখিনি বয়সত ভাল বাইক এখন চলাবলৈ মন যায়েই সিহঁতৰ। আছে যদি দি দিয়াত অসুবিধা কি? তাতে সি ঘূৰাই দিম বুলিও কৈছে।” তথাপিও দত্তই নামানে।
: তুমি মানে নিদিয়া? ফাইনেল কথা ন? – আজি আহিয়েই ৰণে দত্তক সুধিলে।
: ৰ’চোন। মই অলপ এওঁলোকৰ লগত ব্যস্ত। পাছত কথা পাতিম – দত্তই সাক্ষাৎকাৰ লৈ থকা যুৱকদুজনক ইচাৰা দি উত্তৰটো দিবলৈ সাজু হৈছিলহি।
: আপুনি ‘ঘেন..’ কাম নোহোৱা কামবোৰত লাগি থাকক। কাগজ-কলম পিহি লাইফ বৰবাদ কৰিলে। নিদিয়ে নাই, নিজে মেনেজ কৰিম – মুখৰ ভিতৰতে অশ্লীল গালি দুটামান গাই ৰণ ভিতৰলৈ গ’ল।
: খুৰা, উত্তৰটো নালাগে দিয়ক নহ’লে। আমি নিজৰমতে কিবা লিখি দিম। আমিও চমু কৰোঁ আৰু – সাক্ষাৎকাৰ লৈ থকা এজনে ক’লে দত্তক।
: এটা কথা কি জানা? আমিও যদি মনত সাঁচি থৈ দিয়া কথাবোৰ সাক্ষাৎকাৰত ক’ব পাৰিলোঁহেঁতেন! নোৱাৰোঁ। চাবাচোন, দহটা সাক্ষাৎকাৰ পঢ়িবা। উত্তৰবোৰ একেই যেন লাগিব। এনে লাগে, ময়ো দেখোন সেইখিনিয়ে ক’লোঁহেঁতেন! তোমালোকেও জানা। বুকু খুলি সঁচাবোৰ ক’বলৈ আমাৰ সাহসৰ অভাৱ। আমি যে ভয়াতুৰ প্ৰাণী একো একোটা। নহ’লে তোমালোকে যেতিয়া ‘এই সফল জীৱন’ৰ অভিনন্দন জনাইছিলা মোক, মই জাঙুৰ খাই উঠিব লাগিছিল! কিহৰ সফল জীৱন হে মোৰ, তেনেকৈ ক’ব পাৰিব লাগিছিল। পাৰিছিলোঁ জানো? নাই। মই নিশব্দে মানি লৈ ‘ধন্যবাদ’ জনাই বুজাইছিলোঁ দুনীয়াক -“হয়, মোৰ জীৱন সুখী, সাহিত্যিক জীৱন সফল!..তোমালোক যোৱাগৈ। কিবা সুধিব লগা থাকিলে ফোন কৰিবা..৯৪৩৫০৪৫…..!”
☆★☆★☆

6 Comments

  • অভিজিৎ কলিতা

    চুপাৰ্ব

    Reply
  • Mridusmita

    খুউব ভাল হৈছে ….. awesome

    Reply
  • হেমন্ত কাকতি

    তামাম দিগন্ত৷ সঁচাবোৰ যে কি নিষ্ঠুৰ৷ বৰ ভাল লাগিল

    Reply
  • Mitali Saharia

    চুপাৰ চে ওপৰ…

    Reply
  • আপুনি মোৰ প্ৰিয় লিখক৷ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো কিমান ভাল লাগিল৷কঠিন বাস্তৱ৷

    Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.