ফটাঢোল

তেওঁৰ পচন্দৰ দেশখন (মূল: অমিতাভ ঠাকুৰ) – অনুবাদ: প্ৰণীতা গোস্বামী বৰঠাকুৰ

সেইখন দেশ তেওঁৰ বৰ পচন্দৰ আছিল। সেইখন দেশত জন্ম লাভ কৰাৰ বাবে তেওঁ নিজকে ভাগ্যবান বুলি ভাবিছিল।

ইয়াৰ অন্তৰালত এটি বিশেষ কাৰণো আছিল। সেইখন দেশত সম্পূৰ্ণ স্বাধীনতা আছিল, আছিল ন্যায়; বিশেষকৈ মানুহৰ। সকলো বস্তু স্বাধীন, আৰু প্ৰতিজন লোকো স্বাধীন। ইয়াৰোপৰি প্ৰতিটো সংস্থা আৰু সংগঠনো সম্পূৰ্ণ স্বতন্ত্ৰ আছিল। অৰ্থাৎ যাৰ যি ইচ্ছা তাকে ক’ব পাৰিছিল, যাক গৰিহণা দিবলৈ মন যায়, দিব পাৰিছিল। যাৰ, য’ত, যেনেকৈ উটি-ভাঁহি যাবলৈ মন যায়, যাব পাৰিব। এইদৰেই মানুহৰ ৰূপত জন্ম লোৱাৰ বাবে যেনেধৰণে স্বাধীন হোৱাৰ সংকল্প কোনো ডাঙৰ-ডাঙৰ পণ্ডিত আৰু মনিষীসকলে কৰিছিল, সেইসকলকো সেই দেশত দেখিবলৈ পোৱা গৈছিল।

তাত কেৱল বাক-স্বাধীনতাই নাছিল, সকলো কাম কৰাৰো স্বাধীনতা আছিল। হয়, যি মন যায় কৰক সকলোৰে আগত মুকলিকৈ, কোনো লুক-ঢাক নাই। অকলে মাৰে বা সকলোৰে আগত, এইটো মানুহৰ ব্যক্তিগত ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব। কি অস্ত্ৰ লৈ মাৰে, ক’ত মাৰে, কেনেকৈ মাৰে, এই সকলো কথাত তেওঁৰ সম্পূৰ্ণ স্বাধীনতা আছিল।

তাত আৰু এটা ভাল কথা আছিল যে, তাৰ সমস্ত শাসকীয় ব্যৱস্থাও সম্পূৰ্ণ স্বাধীন ভাৱৰ প্ৰতি অনুপ্ৰাণিত আছিল। বিষয়া স্বাধীন, কৰ্মচাৰীও স্বাধীন। স্বাধীন সকলো ৰূপত৷ ইচ্ছা থাকিলে কাম কৰিব, নাথাকিলে নকৰিব। ইচ্ছা থাকিলে ফাইল ৰাখিব, আৰু ইচ্ছা হ’লে ফাইল উঠাই পেলাই দিব। বহুত স্বাধীন ব্যৱস্থা আছিল, আছিল বহুত স্বাধীন মনৰো। মন গ’লে দেশৰ কথা পাতিব, আৰু মন গ’লে স্বাধীনতাৰ ধৰ্ণা দিবলৈ লাগিব। আৰু বহুতে ওপৰতে কৈছিল যে, এই সকলো অতীজৰ ভাৰত দেশৰ মহান বিভূতি
মহাত্মা গান্ধীৰেই সিদ্ধান্তৰ অনুপালনত হৈ আছে। তেওঁলোকে মানি লৈছিল যে, তেওঁলোক গান্ধীজীৰ “ৰামৰাজ্য” ৰ সপোনৰ দ্বাৰা পূৰামাত্ৰাই প্ৰভাৱিত আৰু অনুপ্ৰাণিত আছিল। আৰু বাস্তৱত সেই মহাপুৰুষৰ দ্বাৰা উপকৃত হৈছিল, যিজনে এনে দিব্য-জ্ঞান প্ৰদান কৰিছিল, যিয়ে সকলো ব্যক্তি নিজ নিজ স্বভাৱৰ দ্বাৰা, নিজ বিচাৰ-বুদ্ধি অনুসাৰে আৰু নিজৰ প্ৰয়োজনোসাৰে উপভোগ কৰিব পাৰিছিল আৰু নিৰৱচিন্নভাৱে কৰিয়েই আছিল।

এখন অদ্ভূত দেশ, যাৰ মূল বাক্য আছিল–
“ঈশ্বৰৰ ঘৰত পলম হ’ব পাৰে কিন্তু নিৰাশ নহয়”। ইয়াৰোপৰি অনাহকত খৰখেদা কৰা এই দেশত পচন্দ নকৰিছিল। বাকী, যাৰ অতি লৰালৰি আছিল, তেওঁক সোনকালেই ওপৰলৈ পঠোৱা হৈছিল; যাতে তেওঁৰ খৰখেদা কৰাৰ ইচ্ছা একেবাৰতেই পূৰা হৈ যায়।

আৰু এটা কথা সেই দেশত বৰ ভাল আছিল যে, দেশখনৰ এটা বৃহৎ গোটৰ তাৰ ন্যায়পালিকাৰ ওপৰত ভীষণ আস্থা আছিল। এই আস্থাৰ কাৰণো আছিল। তাৰ ন্যায়পালিকাৰ এইটো বিশ্বাস আছিল যে, তেওঁলোকৰ দুৱাৰ মুখলৈ অহাটো অহাজনৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল, কিন্তু উভতি যোৱাটো সম্পূৰ্ণ ন্যায়পালিকাৰ হাতৰ মুঠিত আছিল। আনকি “অতিথি সাক্ষাত দামোদৰ” ভাৱত অনুপ্ৰাণিত এই লোকসকলে সোনকালে কোনো গ্ৰাহকক এৰিও নিদিছিল, যেতিয়ালৈকে তেওঁ স্বাভাৱিক ৰূপত প্ৰাণ ত্যাগ নকৰিছিল নাইবা কোনো অজুহাতত তেওঁৰ বিপক্ষই ৰণক্ষেত্ৰ ত্যাগ নকৰিছিল। হয়, তাৰ ন্যায়পালিকাৰ অত্যন্ত খঙো উঠিছিল, সঘনে উঠিছিল। কেতিয়াবা এদিনতে বহুবাৰ উঠিছিল, আৰু এবাৰ যদি তেওঁলোক ক্ৰোধিত হয়, তেতিয়া পুৰণি মণিষীসকলৰ দৰে কোপদৃষ্টি পেলাইছিল। সেই দেশৰ আৰু লগতে বিদেশৰ ধৰ্ম শাস্ত্ৰ, বিধি শাস্ত্ৰ, কাম শাস্ত্ৰ, দৰ্শন শাস্ত্ৰ আৰু আন য’ৰ ত’ৰ পৰা কথা উলিয়াই কেৱল লিখিবলৈহে লাগি যায়, যাৰ বাবে মূল দাবি সেই ধৰণেই থাকি যায় আৰু ডাঙৰ ডাঙৰ দাৰ্শনিকৰ বিবেচনাবোৰ আৰম্ভ হৈ যায়। আকৌ পুনৰ যেতিয়া মন যাব নিজৰ দেশৰ কাৰ্যপালিকাক গৰিহনা, কেতিয়াবা বিধায়িকাক ককৰ্থনা আৰু কেতিয়াবা মুদত থাকিলে নিজৰ তলৰ ন্যায়পালিকাৰ ওপৰতে ৰোষ জাৰে।

সেই দেশৰ সকলোৰে উত্থান-পতনৰ অভ্যাস আছিল। সকলো সকলোৰে ওপৰত ৰুষ্ট আছিল। নেতাসকল বিষয়াৰ ওপৰত, বিষয়াসকল নিজৰ তলতীয়া বিষয়াৰ ওপৰত, তলৰ বিষয়াসকল জনতাৰ ওপৰত, জনতা নেতাৰ ওপৰত, প্ৰচাৰ মাধ্যম এই সকলোৰে ওপৰত, আৰু এই সকলো লোক প্ৰচাৰ মাধ্যমৰ ওপৰত অসন্তুষ্ট আছিল। ন্যায়পালিকা প্ৰচাৰ মাধ্যমৰ ওপৰত আৰু বাকী সকলোৰে ওপৰত ৰুষ্ট আছিল।

আৰু এটা কথাই এই দেশক বিশিষ্টতা দিছিল। সেইটো হৈছে, তেওঁলোকৰ তাৎক্ষণীক নিৰ্ণয় ক্ষমতা। কোনো কাম হ’ল কি নহ’ল; বিচাৰ আৰম্ভ, তৎক্ষণাত আদেশ। কেতিয়াবা ইমান তৎপৰ হৈছিল যে, গণ্ডগোল পাছত হৈছিল, বিচাৰৰ আদেশ আগতেই হৈ গৈছিল। ইয়াৰ মূলতে আছিল ৰহিমৰ সেই বাণীটো, যিটো অতীজৰে পৰাই চলি আহিছে—“কাইলৈ কৰাটো আজিয়েই কৰ, আৰু আজি কৰাটো এতিয়াই কৰ”।

বহুত ভাল দেশ আছিল সেইখন, অদ্বিতীয় আছিল। সকলো স্বাধীন, সকলো মুক্ত। যদিও আন কোনো বস্তুৰ অভাবো আছিল, কিন্তু জীৱনটো চলিয়েই আছিল! সেইসকলৰ আৰু এটা মনোকামনা আছিল যে, যদি বহুবাৰো জনম ল’ব লগা হয়, তেন্তে তেওঁ যেন সেই দেশতেই জনম লয়। এতিয়া আৰু আন ক’ৰবাত জানো চলিব পাৰিব!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.