ফটাঢোল

তেখেত লেখক – সোণটো ৰঞ্জন বৰুৱা

তেখেত লেখক, মানে ব্যংগ লেখক ৰঞ্জন বৰুৱা। তেখেতৰ লেখাত নিহিত আটাইতকৈ বৃহৎ ব্যংগটো হ’ল যে তেখেত ব্যংগ লেখক। মানুহজন অৱশ্যে হাঁহিমুখীয়া। বিড়ম্বনাও পিচে তাতেই। এনেই মানুহ হাঁহিমুখীয়া ধেমেলীয়া, তাতে লিখাৰ চখ। মুঠতে পাঠকৰ মূৰৰ ওপৰত যেন ধুমুহাৰ লগতে বিজুলী বজ্ৰপাত, শিলাবৃষ্টিৰ সমিল ধৰ্ষণ।

অতি প্ৰখৰ হিউমাৰৰ অধিকাৰী তেওঁ। জীৱনৰ প্ৰতিটো মুহূৰ্তৰ আনন্দ ল’ব পাৰে। এটাৰ পাছত এটাকৈ প্ৰতিটো ঘটনাৰ ওপৰত উত্তম ব্যংগ লিখি যাব পাৰে। আৰু সেই ব্যংগ পঢ়ি নিজেই হাঁহি হাঁহি বাগৰি যায়। খিলখিল, অট্টহাস্য হাঁহিৰে নিজেই বাগৰি থাকে। অৱশ্যে অকল ব্যংগ বুলিয়েই নহয়, তেওঁ এনি টাইম হাঁহি ধেমালি কৰি থাকে। কিন্তু যেতিয়া আনৰ ব্যংগ লেখা দেখে…..

আনৰ লিখা ব্যংগ দেখিলেই তেওঁৰ তেজ উথলি আহে, গাল মুখ ৰঙাচিঙা পৰি চকুৰে ফিৰিঙতি বাজ হৈ আহোঁ আহোঁ হয়। এনেয়ে তেওঁ বৰ ৰসিক ব্যক্তি। কবিতা, সংগীত, নৃত্য আদিৰ ৰস বৰ ভাব বিভোৰ হৈ গ্ৰহণ কৰে। কিন্তু আনৰ ব্যংগৰ…..না কদাচিতো সহ্য নকৰে। উচ্চ মানবিশিষ্ট গ্ৰাহক যে তেখেত। তেওঁৰ মতে এখন জংঘলত এটাই সিংহ থাকিব পাৰে, আৰু সেই সিংহটো তেখেতেই। এই শিয়ালসোপাইতো এনেয়ে চিঞৰ বাখৰ কৰিছে। দম আছে আৰ তাৰ, ব্যংগ লিখি তেখেতক হহোঁৱাবলৈ।

আজি কাকতত কোনোৱে লিখা ব্যংগ এটা পঢ়ি তেখেতৰ ভ্ৰু কোচ খাই চকু সৰু হৈ যায়, দুয়োটা ওঁঠ চেপা খাই কিঞ্চিত বাহিৰলৈ ওলাই আহে। তেখেতে ব্যংগ লেখাটো এনেদৰে নিৰীক্ষণ কৰে যেন কোনো চিকিৎসকে পষ্ট মৰ্টনৰ বাবে কোনো শ এটাহে ফালি চিৰি মুকলি কৰি লয়।

শেষত গভীৰ হুমুনিয়াহ এটা কাঢ়ি বিজয়ক কয়, “দেখিছ, ব্যংগৰ স্তৰ ক’লৈ গতি কৰিছে”। বিজয়, চকৰ সৰু চাহদোকানখনৰ একমাত্ৰ মালিক ও কৰ্মচাৰী। সি জানে, বেজবৰুৱা, শৰ্মাৰ পৰম্পৰাক আগবঢ়াই নিয়াৰ দায়িত্ব অকল তেখেতৰ কান্ধত ন্যস্ত হৈ আছে, আৰু কোনেও সেই দায়িত্ব কাঢ়ি ল’ব নোৱাৰে। কেতিয়াবা কেতিয়াবা তেখেতে নিৰাশ হৈ তাৰ আগত দুখ প্ৰকাশ কৰে, তেখেত যোৱাৰ পাছত ব্যংগৰ কি গতি হ’ব। তেখেতৰ সমপৰ্যায়ৰ উত্তৰসূৰী লেখক এই পৃথিৱীত জন্ম ল’বনে? যেতিয়া তেখেত এনেদৰে আবেগিক হৈ পৰে তেতিয়া বিজয়ক কয় “আৰু এটা স্পেচিয়েল চাহ খোৱা।”

বিজয়ে অলপ নতুন চাহপাত, অকনমান গাখীৰ আৰু অলপমান পুৰণা চাহ মিলাই চচপেন কয়লাৰ আঙঠাত তুলি দিয়ে। আৰু তেওঁ জেপৰ পৰা শোতোৰ মোচোৰ কাগজ এখন উলিয়াই বিজয়ক ব্যংগ শুনাবলৈ আৰম্ভ কৰে “জংঘলত নিৰ্বাচনৰ ঋতু……”

বিজয়ে বাকী গ্ৰাহকক চাহ দিয়ে। বাচন ধুৱে। বাহী চাহ চেকি তেওঁক স্পেচিয়েল চাহ দিয়ে। ইফালে তেখেতৰ নিৰন্তৰ ব্যংগ পাঠ চলি থাকে ” সিংহই মাংসাহাৰ………”

বিজয়ে দোকান চাফা কৰে। জুইত পানী ঢালি নুমুৱাই। লেতেৰা বাচন ধুই সামৰি থয়। দোকানৰ জাপ এখন হাতত লৈ কয় “দাদা দোকান বন্ধ কৰোঁ, এফালে যাব লগা আছে।”

“এইদৰেই মিছা প্ৰতিশ্ৰুতিৰে সিংহই পুনৰবাৰ শাসনলৈ আহিল” বুলি নিজৰ ব্যংগ সামৰি বিজয়ক সোধে “কেনে পালি, নতুনকৈ লিখা?”

বিজয়ে কয় “ফাচকালাচ, আগৰ মিলাই ডেৰশ হ’ল আপোনাৰ।”

বিজয়ক তেখেতে নিজৰ উচ্চ প্ৰশংসক বুলি ভাবে। তেখেতে কয় ‘বিজয়ৰ’ ডেফ্ট’ আছে, মোৰ ব্যংগৰ দৰে’। ইমান সময়, ইমান একাগ্ৰতাৰে আন কোনেও তেখেতৰ ব্যংগ নুশুনে, মাত্ৰ বিজয় আৰু কালু ব্যতিক্ৰম। কালু তেখেতৰ বাকী আত্মীয়তকৈ এইবাবেই ভিন্ন।

তেখেতৰ বাকী আত্মীয় পঢ়া লিখা হৈয়ো গোঁৱাৰ বুলিব পাৰি। ল’ৰা-ছোৱালীক সাহিত্যৰ সংস্কাৰ দিবলৈ নিবিচাৰে। যোৱা কেইবছৰমানৰ বছেৰেকীয়া ছুটিতো তেখেতৰ ঘৰলৈ কোনো আত্মীয় অহা নাই। কি যে হ’ব এইসবৰ…..

সবাতোকৈ অধিক নিৰাশা তেখেতে নিজৰ বন্ধু মহলৰ পৰাই পাইছে। ব্যংগৰ নাম ওলালেই বন্ধুবোৰৰ জৰুৰী কামলৈ মনত পৰে, যাবলৈ লৰালৰি হয়। তেখেতে বুজি পাই, ইহঁত জীৱনত ‘গ্ৰৌ আপ’ নহয়।

আনদিনাৰ দৰে আজিও লাহে লাহে খোজ দি তেখেত ঘৰলৈ ঘূৰি আহে। ঘৰত কালুৱে তেখেতৰ বাবে অপেক্ষা কৰি আছে।

“ভাল ব্যংগ কাক কয়? ভাল ব্যংগলেখক কোনসকল?” তেখেতে যক্ষই যুধিষ্ঠিৰক কৰাৰ দৰে কালুক প্ৰশ্ন কৰে। কালুৱে একো উত্তৰ নিদি প্ৰশ্নবোধক দৃষ্টিৰে তেখেতলৈ চায়। অৱশ্যে কালুৰ মূৰত প্ৰশ্নবোধক চিহ্ন এটা ঈশ্বৰে জন্মগত ভাবে বনায়ো দিছিল।

তেখেতে গীতাৰ শ্লোক এগালমান ভাঙি ছিঙি শেষত কয়, ভাল ব্যংগলেখক সেইজনেই যি ব্ৰাহ্মণ, চণ্ডাল, গাই, ঘোঁৰা একো ভেদাভেদ নেদেখি সকলোতে ব্যংগ দেখা পাই। কথাখিনি শুনি কালুৰ চকু উজ্জ্বল হৈ চমকি উঠে। যেন দুচকু গুৰুৰ এই জ্ঞানৰ বাবে কৃতজ্ঞতাৰে ভৰি পৰে।

“তই জাননে, মোৰ পৰবৰ্তী ব্যংগৰ বিষয়বস্তু কি হ’ব?” কালুৱে কৌতুহলেৰে তেখেতৰ মুখলৈ চায়। “তোৰ ওপৰত কালু, তোৰ বিষয়ে লিখিম। আৰু কি জাননে? কাকতত মোৰ কিমান ব্যংগলেখা প্ৰকাশ পালে জাননে, মুঠ দহটা। এইবাৰ ব্যংগলেখকৰ শ্ৰেষ্ঠ পুৰস্কাৰ পাব লাগে বুলি মোৰ বিশ্বাস আছে কালু।”

কৈয়ে কালুৰ দুগালত ধৰি কপালত টপককৈ চুমা এটা খাই দিয়ে। কালুৱে ভয়খাই দুখোজ পিছুৱাই যায়। এইবাৰ তেখেতে পেণ্টৰ জেপত কিবা এটা বিছাৰে।

“কালু, মই তোলৈ বিস্কুট আনিছোঁ, এই চা বিস্কুট। কিন্তু মোৰ ব্যংগ শুনিলেহে খাবলৈ পাবি৷” চকিত বহি তেখেতে কালুক বিস্কুটৰ পেকেট এটা দেখুৱাই কয়।

বিস্কুট দেখি কালুৰ চকু পুনৰ উজলি উঠে। নেজ জোকাৰি একে জাপে সি তেখেতৰ কোচত উঠে। এটা এটাকৈ বিস্কুট খোৱাই খোৱাই তেখেতে কালুক ব্যংগ শুনাবলৈ লয়৷

☆★☆★☆

4 Comments

  • ৰাজশ্ৰী শৰ্মা

    উচ্চ খাপৰ ব্যংগ সোণটো দাৰ কলমত পঢ়িয়েই ভাল লাগে।

    Reply
  • Anurup Mahanta

    ভাল লাগিল

    Reply
  • জয়ন্ত দাস

    বৰ সুন্দৰ

    Reply
  • হেমন্ত কাকতি

    তোমাৰটো বাকী আছিল, হাই ক্লাচ লিখিছা সোনটো

    Reply

Leave a Reply

Your email address will not be published.