ফটাঢোল

তেল কা খেল – অভিজিৎ মেধি

অফিচ-কাছাৰীৰ ব্যস্ততা কি বস্তু নাজানিলে বেংকলৈ গৈ মেনেজাৰজনক লক্ষ্য কৰক। ইটোৰ পাছত সিটো কাম, ইটোৰ পাছত সিটো ফোন। তথাপিও উশাহ লোৱাৰ নিমিত্তে তেওঁ বিৰতি ল’লেই মোৰ কথাখিনি ক’ম বুলি বোন্দাপৰ দি বেংক মেনেজাৰৰ কেবিনত বহি আছোঁ। মাজে মাজে ফোনটো উলিয়াই ফেচবুক-হোৱাটছ্এপ্ চেক কৰি ব্যস্ত থকাৰ ভাও দি আছোঁ। মেনেজাৰেও বুজক, ময়ো যে ব্যস্ত মানুহ!

: কওকচোন, কি বা লাগিছিল আপোনাক?

কাষ্টমাৰ কেয়াৰত ফোন লগাই কম্পিউটাৰ পৰিচালিত কণ্ঠৰ বেবেৰিবাং শুনি থকাজনে হঠাৎ মনুষ্য কণ্ঠ শুনিলে খপজপ লগোৱাৰ দৰেই সাজু হৈ উঠিলোঁ।

: হেৰি হ’ল, লোন এটাৰ কামত আহিছিলোঁ, টকা আঠ লাখ লাগে। মোৰ উপাৰ্জন আৰু ক্ৰেডিট স্কোৰ ভাল হোৱা স্বত্বেও আপোনাৰ মানুহ নগেনে ছয় লাখতকৈ এক পইচাও বেছি দিব নোৱাৰোঁ বুলি ক’লেহে।

: হয় নেকি? চাওঁ আপোনাৰ ডকুমেণ্টখিনি।

দিলোঁ আগবঢ়াই, মূলতঃ পৰিচয় পত্ৰৰ লগতে যোৱা তিনিমাহৰ বেংক একাউণ্ট ষ্টেটমেণ্টৰ কপি আছে সেইখিনিত। এখন এখনকৈ চালে তেওঁ লুটিয়ায়। কেলকুলেটৰ মাৰি কিবা হিচাপ এটাও কৰিলে।

: সকলো ঠিকেই আছে। কিন্তু চাওক, আগৰ হিচাপত আপুনি দহ লাখ টকায়ে পালেহেঁতেন। পাচে বজাৰ মন্দা, দেখিছেই দেশৰ অৰ্থনীতিৰ অৱস্থা। আমিও ৰিস্ক ল’ব নোৱাৰা হ’লোঁ। এতিয়াৰ হিচাপত আপুনি খুব বেছি ছয় লাখ টকাহে পাব, তাতোকৈ বেছি আমি দিব নোৱাৰিম।

: কিন্তু…

: কিন্তু একো নাই, আপুনি বিচাৰিলে অন্য বেংকতো সোধ-পোচ কৰিব পাৰে। আমি নোৱাৰোঁ বুলি কৈছোঁ যেতিয়া নোৱাৰোঁ। আপুনি যাওক এতিয়া, মোৰ সময় নষ্ট নকৰিব, দেখিছেই নহয় কিমান ব্যস্ত আছোঁ।

মানুহজনে ভেকাহি মাৰি উঠাৰ দৰেই ক’লে কথাখিনি, পাচে ময়ো এৰি দিয়া ভকত নহয়।

: কি বলকিছেহে আপুনি! পাছফালে ভালকৈ চাওক এবাৰ, সেইয়া মোৰ পেট্ৰ’ল পাম্পত যোৱা দুবাৰৰ বিল, দুয়োবাৰে মোৰ মাৰুটিখনত ফুল টেংকি তেল ভাৰাইছোঁহে।

চালে তেওঁ, চোৱাৰ লগে লগে তেওঁৰ চকু দুটা ভেকুলীৰ দৰে গাঁতৰ পৰা জাঁপ মাৰি বাহিৰ হ’ল।

: ঐ নগেন, কটা নিধক…এইপিনে আহ! ছাৰে দেখোন বিশ লাখৰো ওপৰত লোন পাব লাগে।

মেনেজাৰে খঙত একো নাই হৈ ধমক লগাই লোন প্ৰচেছৰ নগেনক কেবিনলৈ মাতি পঠিয়ালে।

: নগেনৰ কিবা এটা ভুল হৈছে ছাৰ, আপুনি আচলতে যিমান বিচাৰে সিমান লোন পাবলগীয়া মানুহ। এক মিনিট সময় দিয়কচোন মোক। বাই ডা ৱে, আপুনি চাহ ল’ব নে কফি?

: ধুই…চাহ-কফি নেখাওঁ মই, সময় নাই মোৰ হাতত। আছে যদি ডায়েট ক’ক এটা আনিবলৈ কওক।

চকীখনত পিঠি আওজাই, ভৰিৰ ওপৰত ভৰি তুলি বহি ল’লোঁ। মেনেজাৰৰ ফোনটো বাৰম্বাৰ বাজিয়েই আছে, কিন্তু মই বিৰক্ত হ’ম বুলি তেওঁ ৰিচিভ কৰা নাই, আফটাৰ অল মই এজন ভেলুৱেব’ল কাষ্টমাৰ। ডায়েট ক’ক আনিবলৈ পঠিওৱা মানুহজন আহি নোপোৱাতো তেওঁ অলপ চিন্তিত হৈ পৰিছে।

: আৰু কওকচোন ছাৰ, আপোনাৰ দৰে মানুহে লোন কিয় বিচাৰি আহিলে?

: হেৰি হ’ল, মানে মই মোটামুটি এজন ৱেল এষ্টাব্লিছড বিজনেছ মেন। হাৰ্ডৱেৰ দোকানৰ লগতে টেম্পো-ট্ৰেভেলাৰৰ বিজনেছ এটাও আছে। নতুনকৈ গৰুগাড়ীৰ বিজনেছ এটা খুলিম বুলি ভাবিছোঁ। যিহেতু বিজনেছটোত মুনাফা হ’ব বুলি মই এশ শতাংশয়ে খাটাং, সেয়ে নিজৰ জমা ধন ভঙাতকৈ ভাবিলোঁ বেংকৰ টকায়ে লগাই দিওঁ। মোৰো লাভ, বেংকৰো লাভ। আৰু বেংকৰ লাভ মানেই দেশৰো উন্নতি দিয়কচোন। সেয়ে লোন এটাকে বিচাৰি আপোনাৰ ওচৰলৈ আহিলোঁ।

: ছাৰ…

: কি?

: আপুনি মহান!

☆★☆★☆

3 Comments

  • Manash Saikia

    এইটো আগতে পঢ়িছিলোঁ৷
    খুৱ সুন্দৰ৷ ফুল টেংক তেল কিনা মানুহ ধনীয়েই৷

    Reply
  • হেমন্ত কাকতি

    গোটতে পঢ়িলো চাগে৷ বঢ়িয়া এইটো৷

    Reply
  • Kamala das

    আপুনি ইমান ধনী মানুহ ! ফুল টেংক তেল ভৰায় !!!

    Reply

Leave a Reply

Your email address will not be published.