ফটাঢোল

থুলোকৰ চেন্নাই যাত্ৰা – ডা° পাৰ্থসাৰথি ভূঞা

হেমেন্দ্ৰ মাষ্টৰৰ ল’ৰা গোলোক আৰু থুলোক। বৰপুত্ৰ গোলোক সৰুৰে পৰাই অতি মেধাবী আৰু ভালদৰে মেট্ৰিক, হায়াৰ চেকেণ্ডাৰী আৰু তাৰ পিছত ইঞ্জিনিয়াৰিং পাছ কৰি বৰ্তমান বিদেশৰ তেল কোম্পানী এটাত কৰ্মৰত। জন্মতেই থুলন্তৰ থুলোক আকৌ একেবাৰেই পঢ়া শুনাত মন নথকা। মাষ্টৰে হালোৱা এছাৰীৰ কোব দি দিয়ো তাক মেট্ৰিকৰ ডেওনা পাৰ কৰাব নোৱাৰিলে। সেয়ে বৰ্তমান ঘৰৰ খেতি বাতিৰে তদাৰক কৰে। অৱসৰপ্ৰাপ্ত মাষ্টৰ আৰু তেওঁৰ পত্নীয়ে পিচে এতিয়া মাজে মাজে কথা পাতে যে ভালেই হ’ল, ইয়াৰ পঢ়া শুনা নহ’ল, আমাৰ দুটাৰ এই বয়সত এতিয়া কণাৰ লাখুটি হৈ আছে, নহ’লে ইয়ো বিদেশত থাকে বুলি বাহিৰত বুকু ফিন্দাই কথা কৈ, ঘৰত দুয়ো চকুপানী টুকি থাকিব লাগিল হয়।

থুলোক আকৌ গাঁওখনত খুব জনপ্ৰিয়, কাৰণ সকলোৰে কিবা প্ৰয়োজনত সিয়েই কামত আহে। অসুখীয়া মেধী বৰদেউতাৰ ঔষধ টাউনৰ পৰা আনি দিয়া, অফিচ কাছাৰীৰ আও ভাও নোপোৱা ৰূপালী খুৰীৰ লগত বেংকলৈ গৈ খুড়াৰ পেঞ্চনৰ টকা কেইটা উলিয়াই অনা ইত্যাদি ইত্যাদি সকলোৰে কত যে কাম আৰু সকলোকে সহায় কৰা মানুহটো হ’ল থুলোক। হেমেন্দ্ৰ মাষ্টৰেও বেয়া নাপায় ল’ৰাটোয়ে সকলোকে সহায় কৰা কথাটোত।

এইবাৰ আকৌ ৰজনী খুড়াই বেমাৰ দেখুৱাবলৈ চেন্নাই যাবলৈ থুলোককে লগ ধৰিলে। কৃষি বিভাগত অসমৰ বিভিন্ন ঠাইত কাম কৰি অৱসৰৰ পাছত গাঁৱৰ ঘৰত অকলশৰে থকা ৰজনীৰ যাত্ৰাৰ সংগী হ’বলৈ মাষ্টৰেও অনুমতি দিলে। জীৱনত প্ৰথম বাৰৰ বাবে প্লে’নত উঠিবলৈ পাম বুলি থুলোকৰো মহানন্দ।

নিৰ্দিষ্ট দিনত দুয়ো চেন্নাই যাবলৈ প্লে’নত বহিল, দুয়োৰে ছিট বেলেগ বেলেগ ঠাইত পৰিল, থুলোকৰ ছিট খিৰিকীৰ কাষত, বহিয়েই হাতেৰে খিৰিকীখন খুলিবলৈ যত্ন কৰি থকা দেখি এয়াৰহোষ্টেজ জনীয়ে বোলে কি কৰিছে আপুনি, থুলোকে বোলে খিৰিকী খন খুলিব পৰা নাই, অলপ হাৱা খাই খাই যাওঁ আকৌ! যিমান পাৰি হাঁহিটো দমাই ৰাখি এয়াৰহোষ্টেজ গৰাকীয়ে বোলে ছাৰ, খিৰিকী খুলিব নোৱাৰিব ইয়াত, বাহিৰলৈ চাই যাবহে পাৰিব, প্লে’নত খিৰিকী খুলি যোৱা নহয়! অকে অকে বুলি কৈ থুলোকে তাৰ কাষত বহা মানুহজনে তাক অঁকৰা বুলি ভাবিছে বুলি ভাবি অলপ ওস্তাদি মাৰোঁ বুলি ভাবি, খিৰিকীৰে তললৈ চাই তেওঁক ক’লে, দাদা চাওক, তলত থকা মানুহ বিলাকক ওপৰৰ পৰা পৰুৱাৰ নিচিনা লাগিছে। মানুহজনে বিৰক্তি সনা মাত এটাৰে বোলে, প্লে’ন উৰাই নাই এতিয়াও, সেয়া তলত পৰুৱাই হয়। থুলোকে আৰু কথা নাপাতোঁ বুলি মনে মনে ৰ’ল, আচলতে তাক কোনোবাই কৈছিল প্লে’নত গ’লে তলত মানুহ, ঘৰ এইবিলাক সৰু সৰু পৰুৱাৰ নিচিনা লাগে।

প্লেন উৰিল, কিছু সময়ৰ পাছত জলপান সেৱা আৰম্ভ হ’ল, প্লে’টৰ সকলো বস্তু সি খালে, খাই থাকোঁতে কাষৰ মানুহজনে তালৈ এবাৰ আচৰিত হৈ চোৱা যেন পালে। চেন্নাইত নামি গাড়ীৰে হোটেললৈ গৈ থাকোঁতে সি ৰজনী খুড়াক ক’লে, “প্লে’নত খাবলৈ দিয়া বস্তুবিলাক ভাল লাগিল দেই, কিন্তু সেই বগা কাগজৰ নিচিনা তিনিকোণীয়া বস্তুটো কি আছিল, খাবলৈ একো সোৱাদ নাই, কাগজৰ নিচিনা? “খুড়াই বোলে ধেই, তই মানে টিছু পেপাৰখনো খালি, সেইখন হাত মচিবলৈ হে দিছিল!

হোটেল পাই মুখ হাত ধুই লওঁ বুলি থুলোক বাথৰুমত সোমাল, ৰজনী খুড়াই বিচনাতে এনেই বাগৰ দিলে। থুলোক ওলোৱাৰ পাছত খুড়াই বাথৰুমলৈ গৈ বোলে, থুলোক, তই পানী ক’ত পালি? টেপত পানী অহা নাই দেখোন! থুলোকে বোলে অ খুড়া, টেপত নাই, সেই বগা টেংকিটোৰ তলিত হে আছে, মই বাথৰুমত থকা গিলাচটোৰে তাৰ পৰাই লৈ লৈ কোনোমতে ধুলোঁ। আহিব খোজা ওকালিটো কোনোমতে ৰাখি খুড়াই বোলে, খালি খালি, নজনা কথা সুধি ল’ব নোৱাৰ, সেইটো ক’মদ, তাত মানুহে হেৰী কৰে, চি চি, ৰহ মই ৰিছেপচনলৈ ফোন কৰোঁ, পানী খুলি দিলে মোৰ তাত এটা ডেটল চাবোন আছে তাৰে ভালকৈ গাটো ধুই পেলা!

এনেদৰেই নানা লটিঘটি হৈ যেনিবা থুলোকহঁত গাঁও পালেহি। যাত্ৰাৰ খবৰ ল’বলৈ অহা লগৰীয়া যতীনক থুলোকে ক’লে,

“বুজিছ, এটাই শিক্ষা হ’ল, নজনা কথাটো কাৰোবাক সুধি ল’বলৈ কেতিয়াও লাজ কৰিব নালাগে, তাকে নকৰি নিজেই ওস্তাদি মাৰিবলৈ গ’লে কমখন লটিঘটি নহয়!”

☆★☆★☆

10 Comments

  • Anonymous

    মজ্জা লাগিল

    Reply
  • ৰিণ্টু

    বঢ়িয়া ডাক্তৰ চাহাব, ভাল লাগিল পঢ়ি

    Reply
  • বৰ ৰস পালো পঢ়ি। এনেও আপোনাৰ লিখনিবোৰ ভাল লাগে।

    Reply
  • Sweet lena Das

    থুলোক কিন্তু বেলেগ বস্তু দেই কুমুদৰ পানীৰে গা ধুলে😁😁😁

    Reply
  • Raju Kumar Nath

    মজা।

    Reply
  • নিপম দাস

    মজা দেই।ধন্যবাদ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল লাগিল পঢ়ি।আপোনাৰ লিখনি সদায়েই ৰসাল।

    Reply
  • মই এই প্রথম পঢিছো আপোনাৰ লিখনি ,ভাল লাগিল আশা কৰিছো আৰু পঢিবলৈ

    Reply
  • Mitali saharia

    হাঃ হাঃ। মজ্জা লাগিল।

    Reply
  • Mousumi gogoi

    ভাল জমালে ।

    Reply

Leave a Reply

Your email address will not be published.