ফটাঢোল

থেংকিউ আংকল – বিকাশ শইকীয়া

সন্ধিয়া অফিচৰ সন্মুখত বাছকেইখন ৰৈ থাকে৷ নিদিষ্ট সময়ানুসৰি বাছ চলে৷ এই সময় আকৌ কোনো ঘড়ীৰ লগত নিমিলে৷ বাছখনত যাত্ৰীৰ হেঁচা থেলা হ’লেই বাছ চলাৰ সময় হয়৷ গতিকে খৰ খেদাকৈ আহি বাছৰ চিট এটা ল’ব নোৱাৰিলে সহযাত্ৰী সকলৰ কৃপাত বজাৰত চলা সকলোবোৰ পাৰফিউমৰ গোন্ধ পোৱা যায়৷ আৰু কেতিয়াবা ভাগ্য বেয়া হ’লে ঘামৰ টেঙা টেঙা গোন্ধে আমোলমোলাই যায়৷

সিদিনাও খৰ খেদাকৈ আহি বাছত কোনো মতে চিট এটা ল’লো৷ খন্তেক পিছতে এগৰাকী সুন্দৰী আহি কাষতে বহিল৷ কাষৰ চিটত সুন্দৰী বহিলে বাকী যি হওক ভাৰা দিওঁতে মনটো বেয়া নালাগে৷ এনেতে ঘৰৰ পৰা মায়ে ফোন কৰিলে৷ মাক ক’লো “বাছত আছো মা ৰুম গৈ পালে কথা পাতিম ভালকৈ৷” সুন্দৰী অসমৰে আছিল৷ কেইমাহ মানৰ আগতে আহি চাকৰিত যোগ দিছে৷ বেছেৰীয়ে কেইবামাহৰ মুৰত অসমীয়া মানুহৰ কথা শুনি ৰ’ব নোৱাৰি সুধিয়ে দিলে,

:আপুনি অসমৰ নেকি?

মই বোলো,
:হয় অসমৰ। আপুনিও নিশ্চয় অসমৰ!

:হয় অসমৰ৷ মোক তুমি বুলিয়েই মাতিব৷ আজি দহ (১০) মাহৰ আগত আহি চাকৰিত যোগ দিছোঁ৷ প্ৰথম অসমীয়া মানুহ কলকাতাত আপোনাকে পালো৷ বৰ ভাল লাগিল৷

:হয় হয় অসমীয়া মানুহ ইয়াত বহুত আছে৷ বিহু পাতোঁ আমি৷ অসমীয়াত আলোচনী প্ৰকাশ কৰোঁ৷

ইত্যাদি ইত্যাদি কথাৰে আৰু কলকতা চহৰখনৰ মানুহবোৰ কেনে, ক’ত কি পোৱা যায় সকলোবৰ কথাৰে সুন্দৰীক এটা ভাল বক্তৃতা দি বুজাই দিলোঁ যে তেওঁৰ কিবা কাৰণত বিপদ হ’লে সহায় কৰিবলৈ ময়ে বেষ্ট মানুহ৷

সুন্দৰীয়ে শুনি মিচিকিয়া হাঁহি এটা মাৰি বোলে,
: ফোন নাম্বাৰটো দিয়ক৷

চিনা পৰিচয়ৰ লগতে ফোন নাম্বাৰৰ আদান প্ৰদান লগে লগে হৈ গ’ল৷ মনতে কিয় নাজানোঁ গানটো বাজি উঠিল “প্ৰথম বাৰ দেখোঁতেই মিচিকিয়াই হাঁহিলে৷ পতিব পতিব নালাগে জানো৷”

তদুপৰি জানিব পাৰিলোঁ যে সুন্দৰী থকা ঠাই মই থকাৰ পৰা বেছি দূৰ নহয়েই৷ মনতে এহ মজা! কেতিয়াবা কেতিয়াবা লগ কৰিবই পাৰিম৷ মোৰ সুপ্ত দুষ্ট মনটোৱে কোন কোন পাৰ্কত গ’লে ভাল হয় তাক চিন্তা কৰাত লাগিল৷ মনটোৱে পাৰ্কৰ কথা কৈছে আৰু পইচাৰ মোনাটোৱে কৈছে -ইমান পইচা নাই৷ এনেতে মগজুৰ টিউব লাইটো জ্বলিল৷ হেৰৌ নগেন আগতে পতাই ল’৷

বছ এইবাৰ মোহিত কৰা ধান্দাত লাগি গ’লোঁ৷ বাইচেপ কেইটা নুফুলে বুলি জানিও ফুলাই দিছোঁ৷হাতৰ আঙুলিকেইটাই চুলি ঠিক কৰিব নোৱাৰে বুলি জানিও চুলি কেইডাল ঠিক কৰাৰ বৃথা চেষ্টা কৰিছোঁ৷ যি হওক কিবা এটাটো হ’ব৷ মোহিত কৰিবলৈ কথাৰ মাজত ইংৰাজী শব্দ সোমোৱাই গৈছোঁ৷ পাৰিলে গোটেই বাক্যটো ইংৰাজীত কৈছোঁ৷ মুঠতে মোহিত হওক৷

লাহে লাহে মন কৰিছোঁ তায়ো দুই এটা ইংৰাজী শব্দ ব্যৱহাৰ কৰিছে৷ মানে তায়ো মোৰ দৰে মোক মোহিত কৰিবলৈ একেপাত অস্ত্ৰ ব্যৱহাৰ কৰিছে বুলি ভাৱি মনটো বিৰাট ভাল লাগি গ’ল৷ এইবাৰ মনটোৱে হনিমুনত কোন ঠাইত যাম তাক চিন্তা কৰাত লাগিল৷ কিন্তু পতাই নাই বাবে মোহিত কৰাৰ বেলেগ কৌশল চিন্তা কৰাত লাগিলোঁ৷ এনেতে কনডাক্টৰজন আহিল৷ পইচা বিচৰাৰ আগতে মই বিছ (20)টকাৰ নোট এখন উলিয়াই দিলোঁ৷ যেন মই বিৰাট সভ্য সমাজৰ লোক৷ পইচা নিবিচৰা আগতেই দিওঁ৷ কনডাক্টৰজনে বোলে এজনৰ নে দুজনৰ৷

চেঃ এতিয়া এজনৰ বুলি কওঁ কেনেকৈ৷ মই বোলো দুজনৰ৷

:এহ নালাগে মই দিম নহয়৷

:হ’ব হ’ব একো নাই৷

:এহ কিয় দিব লাগে৷ মই দিম নহয়৷

মই বোলো একো নাই লগ পাই থাকিমেই যেতিয়া মিলাই মেলি দিম৷ দিলেই হ’ল কোনোবা এজনে৷ এই বুলি ভৱিষ্যতৰ বাটটোও বুদ্ধিৰে কাটি ল’লো৷ কিন্তু কি হ’ব ইয়াৰ পিছৰ সুন্দৰীৰ কথাষাৰেহে মোৰ মূৰৰ ওপৰত সৰগ ভাঙি দিলে৷

মোৰ মনতে বোলো মৰতী এইষাৰ কথা ক’ব লগা আছিল যেতিয়া আগতেই নক’লি কিয়৷

পইচা দিয়াৰ পিছত সুন্দৰীৰ কথাষাৰ আছিল – থেংকিউ আংকল৷

☆★☆★☆

One comment

  • Anonymous

    পঢ়ি ভাল লাগিল বহুত আংকল 😝😜😃😂

    Reply

Leave a Reply

Your email address will not be published.