ফটাঢোল

দক্ষিণ ভাৰতৰ দুৰ্গা মা – পৰী শ্যামলী ভূঞা

দুৰ্গা পূজা আহিলেই প্ৰতিবছৰেই দেৱীৰ প্ৰতিমা আহি মোক সপোনত দেখা দিবলৈ ধৰে৷ দুৰ্গা মাৰ যে ভক্ত মই! এইদৰেই প্ৰতিবছৰেই দেৱী আহে আৰু গুচি যায়৷ পূজা কৰোঁ, সাধনা কৰোঁ৷ দুখ-কষ্ট আতৰি যায়৷ অনাবিল শান্তিৰে মনবোৰ উপচি যায়৷

এইবাৰ দুৰ্গা পূজাৰ সময়ত মই দক্ষিণ ভাৰতত৷ নতুন ঠাই, নতুন দেৱ-দেৱী৷ কাকোৱে চিনিবই পৰা নাই৷ চেহেৰাও বেলেগ, নামো বেলেগ৷ মাক বিচাৰি নাপায় অন্তৰাত্মাতে দেৱীক আৰাধানা কৰিবলৈ ধৰিলোঁ৷ পিছে এইবাৰোঁ সপোনত আহি আহি এগৰাকী অস্পষ্ট দেবীৰ প্ৰতিমাই মোক সদায় আশীৰ্বাদ দি যাবলৈ ধৰিলে৷ তাকে দেখি মই দুৰ্গা দেৱীয়ে হ’ব বুলি ভাবিবলৈ ধৰিলোঁ৷ শেষত নিশ্চিত হ’লো যে হয়, এয়া মা দুৰ্গাই হয়৷ এই অচিনাকি ঠাই, অচিনাকি দেৱ দেবীৰ মাজত কিজানিবা মাক বিচাৰি পাওঁৱেই, সেই ভাবি মাক বিচাৰি পূজা এভাগ দিবলৈ মনটো উথপথপ্ কৰিবলৈ ধৰিলে৷ মই মাৰ ভীষণ ভক্ত৷ দক্ষিণ ভাৰতৰ মন্দিৰবিলাকত দুৰ্গা মাক বিচাৰি চাৰ্চ অপাৰেচন এটা আৰম্ভ কৰি চাওং বুলি মনতে থিক কৰিলোঁ৷ ভবা মতেই তৎক্ষণাত এক্সন৷ ইটো মন্দিৰ সিটো মন্দিৰ৷ ইখন অট’ সিখন অট’৷ ইখন বাচ সিখন বাচ৷ কেতিয়াবা স্কুটি কেতিয়াবা কাৰ৷ মুঠতে চাৰ্চ অপাৰেচন চলাই থাকিলোঁ৷ কিন্তু ক’তোৱে এই ভক্তক দেৱীয়ে দৰ্শন নিদিলে৷ ইফালে আকৌ ৰাতি হ’লেই সপোনত দেৱীয়ে আহি সদায়ে আশীৰ্বাদ দি যাবলৈ ধৰিলেহি৷ এইবাৰ ভাবিলো মোৰ দেৱী মাক মই বিচাৰি উলিয়ামেই৷ সেৱা এটা কৰিমেই৷ মনটো ডাঠ কৰি পূনৰ চাৰ্চ অভিযান অব‍্যাহত ৰাখিলো৷ এইবাৰ মন্দিৰে মন্দিৰে পূজাৰীসকলক সুধি সুধি দুৰ্গা মাৰ নাম লৈ লৈ বিচাৰিবলৈ ধৰিলোঁ৷ “পূজাৰী জী, দুৰ্গা মাক পূজা দিব আহিছোঁ“ পূজাৰীসকলে তাকে শুনি মন্দিৰত থকা এসোপামান দেৱী মাৰ প্ৰতিমা মোক দেখুৱাই দিয়ে৷ সকলোৰে নামবোৰ মলয়ালমত গাই যাব ধৰে৷ মোৰ চকুৱে টলটলাই চাৰিওফালে চাৰ্চ কৰিবলৈ ধৰে৷ কিন্তু ক’তা, তেওঁলোকৰ মালয়ালম ভগৱানৰ মই কাকোৱে চিনিবই নোৱাৰিলোঁ৷ দুৰ্গা মাও তাত নাই৷ মই মূৰে কপালে হাত দিলোঁ৷ তেতিয়াহলে কি, চাউথৰ ভগৱান আমাৰ ভগৱান বেলেগ নেকি? ইয়াত দুৰ্গা মা নাথাকে নেকি! ভক্তই দেৱীৰ দৰ্শন নাপাম নেকি! তাকে ভাবি দুখবোৰ কুলাই-পাচিয়ে ঠাহ খাই পৰিব ধৰিলে৷ হায় মোৰ কপাল, ভক্ত আৰু দেৱীৰ মাজত এইখন কিয় ইমান ডাঙৰ দিৱাৰ! অন্তৰে অন্তৰে দুয়ো দুয়োকে স্মৰণ কৰি বিৰহ বেদনাত দিন কটাবলৈ ধৰিলোঁ৷

ইফালে পূজাৰ সপ্তমীও আৰম্ভ হ’ল৷ টিভিত অসমৰ জাক-জমকীয়া পূজা মণ্ডপবোৰত দুৰ্গা দেৱীৰ আৰাধনা দেখি মোৰ মন ইচাট-বিচাট কৰি ফাটিবলৈ ধৰিলে৷ সপোনত দেৱীৰ আগমনো অব‍্যাহত থাকিল৷ ফুলেৰে ঢাক খোৱা প্ৰতিমা এটা আহি মোক দৰ্শন দি আশীৰ্বাদ দি যায়হি৷ ভাবিলো এই কথাই কথা নহয়৷ মই দুৰ্গা মাক চাউথতো বিচাৰি উলিয়াম৷ ভগৱানে জাতি ভেদ নামানে৷ ভগৱান সকলো ঠাইতে সকলো ভক্তৰ মাজতে বিৰাজমান৷ ভগৱান নিৰাকাৰ৷ তেওঁ একেজনেই৷ অৱতাৰ অনেক আদি কথাবোৰ নিজে নিজকে গাই, শুনাই আশ্বাস লৈ আকৌ ওলাই গ’লো চাউথৰ মন্দিৰ বিলাকত মাক বিচাৰি৷ এইবাৰ হাতত ফটো এখনো ল’লো৷ পূজাৰীক ফটো দেখাই সুধিম এইগৰাকী দেৱী ক’ত আছে? চিনি পাই নেকি? কেইটামান মন্দিৰ ঘূৰাৰ পাছতে এটা মন্দিৰত এজন পূজাৰীয়ে দুৰ্গা মাৰ ফ’ট’খন চাই, চিনি পাই ক’লে; সৌ সিফালে গ’লে, এনেকৈ গ’লে, তেনেকৈ গ’লে, সোঁৱে-বাৱে, কাষতে অমুক নামৰ ঠাই এখন পাব৷ তাতে এই দেৱী মাৰ মন্দিৰটো পাব৷ শুনি মই হাততে সৰগ ঢুকি পোৱা যেন পালোঁ৷ মা, মই আহি আছোঁ বুলি সেই মন্দিৰটোলৈ লক্ষ‍্য পোনাই দিলোঁ৷ মনতে বিৰাট ফুৰ্তি, মই জানিছিলোৱেই মায়ে মোক এৰি ঘূৰি যাব নোৱাৰে! মোৰ লগত দেখা সাক্ষাৎ হ’বই৷ ইমান দিনৰপৰা আমাৰ অটুট সমন্ধ, চাউথৰ ভাষা আৰু চেহেৰাই দিৱাৰ হৈ থিয় দিব নোৱাৰে৷ শেষত সেই মন্দিৰ পালোগৈ৷ পূজাৰ সামগ্ৰীৰে থালখন সজাই মন্দিৰত প্ৰৱেশ কৰিলোঁ৷ ক’তা ক’তোচোন দুৰ্গা মা নজৰতে পৰা নাই৷ বুকুখন চিৰিং কৰি উঠিল একেবাৰতে৷ মনে মনে নিজে নিজকে ক’লো “কিপ ইয়ৰ মাইন্দ, কুল পৰী, ৰিলেক্স“! অলপ ৰিলেক্সড হৈ লৈ লাহে লাহে পূজাৰীৰ কাষ পালোগৈ৷ দুৰ্গা মাৰ ফ’ট’খন দেখুৱালোঁ, সেইবিষয়ে সুধিলোঁ৷ তেওঁ যিষাৰ উত্তৰ দিলে, মোৰ মুখখন মেল খাই থাকিলে! মন্দিৰত অধিষ্ঠিত দেৱীগৰাকীক দেখুৱাই ক’লে এয়াই দুৰ্গা দেৱী৷ দেৱীৰ চেহেৰা দেখি মোৰ খোলা মুখ আৰু খোলহে খালে৷ এইগৰাকী দুৰ্গা মা! কিন্তু চেহেৰা বেলেগ! পিছে মই সপোনত দেখা গৰাকীৰ লগত মিলি গৈছে৷ কিন্তু আগতেতো কেতিয়াও এইগৰাকী দেৱীক মই জীৱনতো দেখা নাছিলোঁ! ফুলৰ মাজত পোত খাই কোনোমতে দৃশ‍্যমান হৈ ৰৈছিল৷ নামটো পঢ়ি চালোঁ বেলেগ নামেৰেহেচোন লিখা আছে৷ অ’, মানে চাউথৰ ভাষাত লিখা আছে৷ মানে অসমীয়াৰ পৰা মালয়ালমলৈ অনুবাদ কৰা নাম! চকুৰে দিনতে তৰা দেখি, হে দেৱী মা তোমাৰ মহিমা অসীম অপাৰ বুলি মনতে মাক এবাৰ আকৌ স্মৰণ কৰিলোঁ৷ যিহ’লেও মনত আনন্দৰ লহৰ এটা বৈ গল৷ অৱশেষত দেৱীক চাউথত বিচাৰি উলিয়ালোঁ৷ কেৰালাৰ জাতীয় সাজপাৰত ফুলৰ মাজত মাক কিন্তু দেখিবলৈ বৰ ধুনীয়া লাগিছিল৷ অন্তৰ আত্মাতে দেৱীক ক’লো “থেংকিউ মা, এয়া তোমাৰ বুলাৱা আৰু মোৰ ভক্তিৰে ফল যে আমাৰ মিলন হল“৷ বিচাৰিলে ভগৱানকো পোৱা যায়, কথাষাৰ সঁচা দেই৷ প্ৰহ্লাদেচোন খুটাটোতে ভগৱানক পাইছিল! চকুযোৰ জপাই হাতযোৰ কৰি দেৱীক নমস্কাৰ কৰিলোঁ৷ দেৱীয়ে মোক দেখি হঠাতে জীৱন্ত ৰূপ ল’লে৷ কাণৰ ওচৰলৈ আহি ক’বলৈ ধৰিলে গম পালা নহয়, ভগৱান জাতি ধৰ্ম নিৰ্বিশেষে সকলোতে বিৰাজমান৷ ভগৱান এক, নাম অনেক৷ ভগৱান এক, অৱতাৰ অনেক৷ বিচাৰিবলৈ অন্তৰৰ চকু লাগিব৷ আজি তুমি মোক বিচাৰি উলিয়ালা, মই ধন‍্য হৈছোঁ এনে ভক্ত পায়৷ তুমি যি জ্ঞান পালা সকলোতে বিলাবা৷ যোৱা, তথাস্তু৷ তোমাৰ মংগল হওক, এইবুলি কৈয়েই দেৱী অন্তৰ্ধান হৈ আকৌ মূৰ্ত্তি হৈ বহি থকিল৷ লাহে লাহে মই আগুৱাই গ’লো৷ মাক চুণৰি দিলোঁ, চাউথৰ ভাষাত চাউথৰ নিয়মত চাউথৰ চেহেৰাৰ দুৰ্গা মাক পূজা অৰ্চনা কৰি আশীৰ্বাদ ল’লো৷ চাউথৰ প্ৰসাদ এভাগ লৈ বিৰাট শান্তিৰে ভৰা মন এটা লৈ ঘৰলৈ ঘূৰিলোঁ৷ আচল ধামাকাটো তেতিয়াই হ’ল৷ বাটতে গুজৰাটী সমাজে পতা পূজা মণ্ডপ এটা পালোঁ৷ তাতে আমাৰ দুৰ্গাদেৱীক দেখা পাই গ’লো৷ লগে লগে হাতযোৰ কৰি চকুজোৰ জপাই নমস্কাৰ জনালোঁ৷ দেখিলো দেৱীয়ে মোক দেখি এটা চকু টিপিয়াই মিচিকিয়া হাঁহি এটা মাৰিছে!

★★★★

2 Comments

Leave a Reply

Your email address will not be published.