ফটাঢোল

দলং চাবলৈ যোৱাৰ দিনটো – বীণা হাজৰিকা

১৯৮৭ চনৰ কথা। এতিয়াৰ দৰে সেই সময়ত আমাৰ গাঁওখন উন্নত নাছিল। গাড়ী-মটৰ তেনেকৈ নচলিছিল। গাঁৱতো ওচৰৰ খুৰা এজনৰ ঘৰতহে গাড়ী আছিল। দুখন ট্ৰাক আৰু এখন এম্বেচেদৰ।

তাৰিখটো মনত নাই। সেইদিনা কলিয়া ভোমোৰা দলং উন্মোচিত হৈছিল। খুৰাই ওচৰৰ ল’ৰা ছোৱালী বোৰক কলে,

-দলং চাবলৈ কোন যাৱ ওলাবিহঁত, মই ট্ৰাকখন লৈ যাম।

আমাৰ গা সাতখন, আঠখন হ’ল। ট্ৰাকৰ পাছত উঠি ডাঙৰ সৰু সকলো ল’ৰা ছোৱালী ওলালোঁ।

খুৰাৰ ট্ৰাকে আমাক নি চুলুঙ চাৰিআলিত নমাই দিলেগৈ। ল’ৰাখিনিয়ে আকৌ ট্ৰাকত উঠি দলঙৰ সিটো পাৰ চাবলৈ গুচি গ’ল। ছোৱালী বোৰ ৰৈ গ’লো।অজস্ৰ মানুহ। ছোৱালী বোৰ ভাগ ভাগ হ’ল। মই, মোৰ খুৰাৰ ছোৱালী দুজনী, মোৰ বান্ধৱী এজনী আৰু তাইৰ ভনীয়েক আমি এটা ভাগ হ’লোঁ।

বহুত দেৰিলৈকে ট্ৰাকখন ঘুৰি নহাত আমি চিন্তিত হৈ পৰিছিলোঁ। লাহে লাহে ৰাঙলী সুৰুযে ধৰাৰ পৰা বিদায় মাগিছিল। গাঁৱৰো কাকো দেখা দেখি নাই। বাট পথো ভালদৰে চিনি নাপাওঁ। বহুত ভয় লাগিছিল।

আমাক গাড়ীয়ে এৰি থৈ গ’ল বুলি ভাবি আটাইকেইজনীয়ে মেইন ৰাস্তাৰে খোজ ল’লো। কোনোবা এঠাইত টো ওলামগৈ। সেই সময়ত আমাৰ অৱস্থা টো চাবলগীয়া হৈছিল। অলপ দৌৰোঁ আকৌ অলপ লাহে লাহে যাওঁ। গৈ থকা গাড়ীবোৰ হাত ডাঙি ৰখাবলৈ চেষ্টা কৰো। দুখনমান ৰখাইছিল কিন্তু বহিবলৈ চিট নাছিল। বহি অহা ল’ৰাকেইটাই কোঁচতে বহুৱাই নিবলৈ ৰাজি হৈছিল।

এনেকৈ আধামান ৰাস্তা যাওঁতে দেখা পালো গাঁৱৰে দুজন মানুহ , চাইকেল চলাই আমাৰ কাষৰেই পাৰ হৈ গৈছে । তেওঁলোকক ৰখাই সকলো কথা কৈ সৰু সৰু দুজনীক চাইকেলত পঠিয়াই দিলোঁ।

তেতিয়া আমি দৌৰি দৌৰি প্ৰায় ছয়মান বজাত কুঁৱৰীটোল পাইছিলোঁহি।তেতিয়ালৈ পেটৰ নাড়ী ভূৰুৱে বিদ্ৰোহ ঘোষণা কৰিছিল। কুঁৱৰীটোলত তেতিয়া হোটেল বুলিবলৈ মাত্ৰ এখনেই আছিল। আমাৰ হাতত আছিল মাথো দুটকা। তাৰেই গাড়ীৰ ভাড়াও দিব লাগিব। আগপিছ নুগুনি বিদ্ৰোহ দমন কৰিবলৈ তিনিওজনীয়ে দেৰটকা দি তিনিটা চিঙৰা খালোঁ।

সন্ধিয়া সাত বাজিল। আমাৰ গাঁৱৰ মাজেদি যোৱা দিনটোৰ শেষ বাছখন আহি কুঁৱৰীটোলত ৰ’লহি। হাতত পঞ্চাশ পইছা লৈ তিনিওজনী গপছত বাছত উঠিলোগৈ।

অলপ দূৰ যোৱাৰ পাছত কণ্ডাক্টৰে ভাড়া বিচৰাত ইজনীয়ে সিজনীৰ মুখলৈ চাই পঞ্চাশ পইছা উলিয়াই দিয়াত কণ্ডাক্টৰৰ মুখত গালিৰ আখৈ ফুটিছিল।আন একো উপায় নেদেখাত মই নাৰীৰ শেষ অস্ত্ৰ পাত ব্যৱহাৰ কৰিলোঁ।

মই কন্দা দেখি ওচৰত বহা দাদজনে কি হ’ল বুলি সোধাত হিকতিয়াই হিকতিয়াই সকলো কথা কোৱাত তেখেতে কণ্ডাক্টৰক টকা এটা উলিয়াই দিছিল। সেই দাদাজনৰ ওচৰত মই আজিও কৃতজ্ঞ।

বাছ আহি গাঁৱ পালেহি। মায়ে দৌৰি গৈ মোক সাৱটি ধৰি কান্দিবলৈ ধৰিছিল কিন্তু খুৰীয়ে ভন্টীক ঠাঁচ ঠাঁচকৈ চৰিয়াবলৈ ধৰিলে। কাৰণ তেতিয়াও চাইকেলত পঠিয়াই দিয়া ভন্টী দুজনী ঘৰ পোৱাহি নাছিল।

ইফালে ট্ৰাকত গাঁৱৰ সকলো ল’ৰা ছোৱালী আহি ঘৰ পাইছিলহি। আমি যে নাই কাৰো খেয়ালেই নাছিল। আমি ঘৰ গৈ নোপোৱাত ঘৰত হুলস্থূল লাগিছিল। খুৰাজনে দেউতা আৰু কেইজনমানক লৈ আমাক বিচাৰি আকৌ চুলুঙ পাইছিলগৈ। বহুত সময় বিচাৰিও তাত আমাক নাপাই হতাশ হৈ ঘূৰি আহিছিল ।

আমি ঘৰ পোৱাৰ বহু সময়ৰ পাছত হে চাইকেলৰে অহা কেইজন পাইছিলহি।

আজিও আটাইকেইজনী কেতিয়াবা লগ হ’লে এই কাহিনীটো উলিয়াই হাঁহিৰ জোৱাৰ তোলো ।

☆★☆★☆

Leave a Reply

Your email address will not be published.