ফটাঢোল

দাপোনত ৰৈ যোৱা তিনিখন ছবি – কমলজিত মেধি

ফটোগ্ৰাফাৰ হোৱাৰ হেঁপাহ এটাই মোক কেতিয়া লগ দিলে গমেই নাপালো। নিক’নৰ কেমেৰাটো কিনি লৈ শ্ৰীমতীকে ম’ডেল বনাই উৰাই-ঘূৰাই কিমান ফটো তুলিলোঁ তাৰ লেখ-জোখ নাই। গছ, আকাশ, চৰাই, কাউৰী, জেঠী, পৰুৱা একো সাৰি নগ’ল মোৰ কেমেৰাৰ ফ’কাচৰ পৰা।

সদ্যহতে ফটোগ্ৰাফীৰ ভূতে এৰা দিলে। আজিকালি কেমেৰাটো ভালদৰে মচি-কচি আলমাৰিত থৈ দিছো। ভৱিষ্যতে এদিন হয়তো এন্টিক সামগ্ৰী হিচাপে তাক বিকিব পৰা যাব! ছবি ধৰি ৰাখিবলৈ কেতিয়াবা মনটোৱে যথেষ্ঠ। বাস্তৱ জীৱনৰ যিবোৰ দৃশ্য কেমেৰাৰ অলক্ষিতে আমাৰ মনৰ গভীৰত চিৰদিনৰ বাবে ৰৈ যায়, এনে বহুবোৰ দৃশ্যৰ তুলনাত কেমেৰাৰে তোলা ফটোবোৰ তেনেই নিমখ নিদিয়া দাইল হেন! যি তিনিটা এনে দৃশ্যৰ কথা ইয়াত লিখিছোঁ, সেইকেইখন ছবি মোৰ জীৱনৰ এছোৱা সময়ৰ খতিয়ান।

 

দৃশ্যপট -১: অনুপমৰ ইংৰাজী

বিয়াৰ আগৰ কথা। বৰলা মানুহ। বাইক এখন তেতিয়াও কিনা হোৱাগৈ নাই। কোম্পানীত এবছৰ সম্পূৰ্ণ হ’লে একেবাৰে মাৰুটি-কাৰ এখনকে লোনত কিনি ল’ম বুলি ভাবিছিলোঁ। আমাৰ লগৰে অনুপমৰ তেতিয়া এখন বিখ্যাত য়ামাহা বাইক আছিল। বাহন বুলিবলৈ সেয়াই আশা-ভৰসাৰ থল। সেইখনে কেতিয়াবা আমাক দৌৰাই লৈ যায়; কেতিয়াবা সেইখনতকৈ অলপহে লেহেমীয়া গতিত আমি বাইকখনক দৌৰাও , মানে ঠেলি ফুৰো। বাইকখনৰ ব্ৰেকডালে বৰকৈ কাম নকৰে । অনুপমে মোক বাৰে বাৰে বুজায়

“বুজিছ, এইখন এলা পেচা বাইক নহয়। এইখন বাইক চলাবলৈ ভৰিত জোতা পিন্ধাতো বাধ্যতামূলক। তাৰপিছত স্কুলত পঢ়া ঘর্ষণৰ সূত্ৰটোও মনত ৰখা প্ৰয়োজনীয়। ক’ৰবাত ৰখাব লগীয়া হ’লে, দুভৰিৰ জোতাৰে ৰাস্তাৰ শিলবোৰৰ লগত ঘর্ষণ কৰি দিবি, বাইক ৰৈ যাব।”

বাইকখন কিন্তু মোৰ বিয়াৰ সময়ত বেছ কামত আহিছিল। শ্ৰীমতী ডিগবৈৰ ঘৰলৈ অহাৰ আগেয়ে মই আৰু অনুপমে লাগতিয়াল বস্তু কেইপদমান কিনিবলৈ সেইখন বাইকত উঠি ডিগবৈৰ পৰা তিনিচুকীয়া যোৱাৰো মৰসাহস দেখুৱাইছিলোঁ। এবাৰ বেংকৰ কাম এটাত মই লৈ গ’লো বাইকখন। এটা কিকতে বাইক ষ্টাৰ্ট হৈ গ’ল। মনটো ভাল লাগিল। ডিগবৈ চাৰিআলিৰ ইউকো বেংকৰ পৰা কোৱাৰ্টাৰ পাবৰ হ’ল। বাইকচোন আজি তামাম চলিছে ! একেবাৰে মাখনৰ দৰে। বাইকখন ৰখাই ভালদৰে চাওঁযে সেইখন অইন কাৰোবাৰ বাইকহে ভুলতে লৈ আহিলো।

এই বিখ্যাত বাইকখনতে এবাৰ আমি দুয়ো এঠাইলৈ ওলাই গৈছো। মই চলাইছোঁ, অনুপম পিছত। মূৰত হেলমেট নাই, ইপিনে ৰাস্তাৰ কিনাৰত দুজন ৰঙা টুপীৰ পুলিচ ৰৈ আছিল। আমাক বাইক ৰখাবলৈ ইংগিত দিলে। ভাবিলো আজি আৰু এই দুই যমদুতক ভাল মাননি নিদিয়াকৈ ওলাব নোৱাৰিম । তাতেই আকৌ বিহুৰ বতৰ।

পিছৰ ছিটৰ পৰা অনুপম নামি গ’ল। পুলিচ দুজনৰ ওচৰলৈ গৈ খঙেৰে আঙুলি জোকাৰি জোকাৰি চিঞঁৰিলে

“There is an imp and peasant’s bread”

লিও টলষ্টয়ৰ বিখ্যাত গল্প “The imp and peasant’s bread” পঢ়িছিলোঁ স্কুলত। কিন্তু তাৰ এনে সদ-ব্যৱহাৰ এনে পৰিস্থিতিত হ’ব পাৰে বুলি ভবা নাছিলোঁ।

এনে সাংঘাটিক ইংৰাজীৰ ওচৰত ৰঙা টুপী দুজনে ইতিমধ্যে সেও মানি ল’লে। দুয়োজনে অনুপমৰ ইংৰাজী বুজি অনুপমক বুজাবলৈ চেষ্টা কৰিছে

“সেইটো বাৰু বুজিছো, কিন্তু নিয়ম-কানুন বুলিও কথা আছে নহয়!”

নাই অনুপমে নুবুজে। অসমীয়া শব্দ এটাও নকয় সি । আকৌ ফেৰপাতি ধৰে

“But there was an imp, and a peasant’s bread… write five lines how the peasants behaved …Ding dong bell pussy’s in the well… ….$%@@”

অনুপমৰ ইংৰাজী, মুখৰ ছিৰিয়াছ অঙ্গী-ভংগী, ইংৰাজী বুজিবলৈ বিফল চেষ্টা কৰা পুলিচ দুজনৰ অসহায় মুখ দুখন, পেটৰ নাড়ী ডাল ডাল হোৱাকৈ উঠি অহা হাঁহিটোক দমন কৰিব লগীয়া হোৱাত বিকৃত হৈ পৰা মোৰ মুখখন আৰু সেই সকলোবোৰক সামৰি এখন ফ্ৰেমত ফাটোগ্ৰাফ আকাৰে যদি সঁচা-সচি এটা কেমেৰাৰে ধৰি ৰাখিব পাৰিলোঁহেতেন !

 

দৃশ্যপট- দুই : হুইছেল

এই দৃশ্যটো কিন্তু কোনো এখন পুৰণি ক’লা-বগা চিনেমাৰ দৰেই অৰ্থবহ প্ৰতীকি সামাজিক চিত্ৰ। ১৯৮৩-১৯৮৪ মানৰ কথা হ’ব বোধকৰোঁ। কাৰণ অসমত তেতিয়াও হাতী চৰকাৰ অহা নাই আৰু তিৰাশীৰ আন্দোলনত আমি কিছুদিন ঘৰ এৰিব লগীয়া হোৱাৰ পিছৰ কথা এইয়া। আমাৰ ঘৰলৈ তেতিয়া ৰন্ধন গেছৰ আগমণ হৈছে। পুৰণি পাৰফেক্ট ষ্ট’ভটো এলাগী হৈ পাগঘৰৰ এটা চুকত পৰি থাকে।

ঘৰলৈ ৰন্ধন গেছৰ আগমন হোৱাৰো কাহিনী এটা আছে। আমাৰ ঘৰলৈ এদিন আগমন হ’ল পি ডব্লিউ ডিত কাম কৰা দেউতাৰ বন্ধু অক্ষয় কলিতাৰ। তেওঁ মা আৰু দেউতাক ৰন্ধন গেছৰ ষ্ট’ভটোৰ আৰেখী ছবি আঁকি আঁকি বুজালে। মই কাগজ আৰু পেঞ্চিল অনাৰ সুযোগতে নিজেও বিস্ময়ত মুখ মেলি মেলি ৰন্ধন গেছৰ জ্ঞান লাভ কৰিলোঁ। লগতে এটা কথা বুজি পালো যে এই গেছ অহাৰ লগে লগে মাৰ ভাত বনোৱাৰ সময়ৰ যথেষ্ট কৰ্তন হ’ব আৰু মায়ে আমাক পঢ়োৱাৰ সময়ৰ ভয়াবহ ভাবে শ্ৰীবৃদ্ধি হ’ব। অক্ষয় আংকলৰ সেই সুন্দৰ প্ৰেজেন্টেশ্যনৰ ফলত এদিন ৰন্ধন গেছৰ ছিলিণ্ডাৰ আৰু ষ্ট’ভ আহি আমাৰ ঘৰত সোমাল।

ইমানখিনিলৈ ঠিকেই আছিল। পাগঘৰত বহুদিনলৈ মোক সোমাবলৈ দিয়া হোৱা নাছিল কিবা সাংঘাতিক কাম কৰি দিওঁ বুলি। আইতাই দুখ কৰে, ইমান ভয়লগা যন্ত্ৰ এটা ঘৰলৈ কিয়নো আনিব লাগে!

আমাৰ মাজু মামা আছিল মাক বিভিন্ন খবৰবোৰ দিয়া আচল মানুহজন, মানে খবৰী। মামা গুৱাহাটীৰ কলেজত পঢ়ে তেতিয়া। এই মামাই এদিন মাক মাংসৰ দৰে সোৱাদ লগা পেকেটত থকা বস্তুবিধৰ সম্ভেদ দিছিল। আমি তেতিয়া বহুত সৰু। মনত পৰে , প্ৰথম চয়াবিনৰ মাংস খোৱা মানুহৰ সংখ্যা সেইদিনা আমাৰ ঘৰত ভালেমান হৈছিল ।

সেই মামাই আহি মাক খবৰ দিলে

“বাই, তই এটা প্ৰেচাৰ কুকাৰ কিনি ল। সেইটোত কিমান যে খোৱাদ লগা বস্তু বনাব পাৰি! মই নিজে দেখি আহিছো।”

ভবা মতেই কাম হ’ল। ডাঙৰ মামাই এটা হকিন্স কুকাৰ আৰ্মী কেণ্টিনৰ পৰা কিনি মালৈ পঠিয়াই দিলে।

টোপোলাটো খুলি নতুন হকিন্স কুকাৰ উলিওৱা হ’ল। লগত এখন ৰংচঙীয়া বিভিন্ন খাদ্য সমাহাৰ তৈয়াৰ কৰা ৰন্ধন প্ৰণালীৰ পুস্তিকা। সেইখন দেখি মাৰ মুখৰ পৰা “ৱাহ” বুলি আনন্দৰ অনাবিল প্ৰকাশ, লগে লগে মামাৰ চকু দুটাও মাক এনেহেন সাংঘাটিক বস্তু এটা কিনি দিয়াৰ বুদ্ধিকণ দিয়াৰ আনন্দত নাচি উঠিল।

তাৰপিছত আৰম্ভ হ’ল হকিন্স মেনুৱেল পঢ়াৰ। সিদ্ধান্ত লোৱা হ’ল প্ৰথমে মুগৰ দাইলখনকে বনোৱা যাওঁক। মামাই প্ৰচণ্ড উৎসাহেৰে মেনুৱেল পঢ়ি মাক নিৰ্দেশ দি গৈছে – ইমান পানী দে , ঢাকনি খন ঘূৰাই দে, এইটো হুইছেল লগাই দে ইত্যাদি। দেউতাই পিছৰ পৰা সকলো চাই আছে। দেউতাৰ পিছত মই। মাজু ভাইটি তেতিয়া সৰু। সি এনেয়েও মহা ভয়াতুৰ। দুৱাৰখনৰ কাষৰ পৰাই সি সকলো নিৰীক্ষণ কৰি আছে । কিবা এটা হ’লেই সি ভিৰাই লৰ মাৰিব।

কুকাৰ গেছৰ ওপৰত উঠাই দিয়া হ’ল। অলপ পিছতে কুকাৰৰ পৰা লাহে লাহে চেও চেও শব্দ ওলাইছে। মায়ে বাৰে বাৰে মামাক সুধি আছে- বেছি প্ৰেচাৰ হ’লে এইটো ফাটি যাব নেকি! মামাই বিজ্ঞ মানুহৰ দৰে বিজ্ঞানৰ ডিগ্ৰী পঢ়ি থকা জ্ঞানেৰে কৈছে- সদায় নাফাটে, কেতিয়াবা ফাটিব পাৰে, ফাটিলে সাংঘাটিক কথা হ’ব।

কেইমিনিট মানৰ পিছতে সেই বহু আকাংক্ষিত ক্ষণটো আহিল। হকিন্স কুকাৰৰ হুইছেলৰ শব্দৰ প্ৰাদুৰ্ভাৱ হ’ল আৰু সেই শব্দই আমাৰ মাক এনে ভাৱে ভীতিগ্ৰস্ত কৰিলে যে তেওঁ সুৰক্ষিত স্থানৰ সন্ধানত পলাবলৈ বাট বিচাৰি নাপাই চিঞৰত গগন ফালিলে। কাৰণ মাৰ ঠিক পিছতেই থিয় হৈ আছিল প্ৰকাণ্ড শৰীৰৰ দেউতা। মায়ে আৰু ক’ত পলায়! দুৱাৰৰ কাষত থিয় হৈ থকা মাজু ভাইটি কিমান দূৰ পাইছিল মনত নপৰে। মনত পৰে হুইছেলটো খুলি দিয়াৰ লগে লগে মুগৰ দাইলে পাগঘৰৰ মুধচত সুন্দৰ ক’লাজ এখন তৈয়াৰ কৰা কথা।

ইয়াৰ পিছত এই কুকাৰটো মা আৰু দেউতাৰ অনেক কাজিয়াৰ সূত্ৰধাৰ হৈ পৰিছিল। মায়ে যিদিনাই কুকাৰৰ ব্যৱহাৰ কৰে, দেউতাৰ দাইলখন খাবলৈ মন নাযায়। মায়ে হকিন্সৰ ব্যৱহাৰ পুৰা দমে নিশিকালৈ আৰু দেউতাৰ জিভাখন অভ্যস্ত নোহোৱালৈকে সেইটো পৰি থাকিল, এটা চুকত।

 

দৃশ্যপট- তিনি : উপহাৰ

বহুদিনৰ মুৰত পুৰণি বন্ধুক লগ পাই মনটো আনন্দত সাতখন আঠখন হৈ গ’ল। সি আকৌ পাছদিনাই উভতি যাব। বন্ধুৰ আপ্যায়নৰ বাবে গধূলি ক্লাবলৈ নিমন্ত্ৰণ দি শ্ৰীমতীক খবৰটো দি দিলো। অফিচৰ পৰা বাহিৰে বাহিৰে বন্ধুক লৈ ক্লাবলৈ যাম। গতিকে ঘৰ পোৱাত পলম হ’ব।

“যি কৰা কৰা তুমি। মোক কিয় জনাইছা?” ফোনটো কাটি দিলে তেওঁ।

তেওঁৰহে খং থাকিব পাৰে, মোৰ নাই? কথা নাই ,বতৰা নাই , ফোনটো কাটি দিয়াৰ দুঃসাহস। খঙ, ক্ষোভ আৰু অভিমান এটা উজাই আহিল মোৰ।

বন্ধুক অতিথিশালাত থৈ ঘৰলৈ উভতি আহিছো। একেবাৰে গহীনত। কিবা লাগিলে ভাল টক্কৰ দিয়াৰ হাবিয়াস। দুৱাৰখন খুলি দি তেওঁ সাউৎকৈ গুচি গ’ল। অইনদিনাৰ দৰে দুৱাৰমুখত উষ্ম আদৰণিও নাই। কথাটো কি !

ভাত বঢ়াই আছিল মেজত। আমি দুয়ো ভাত খাবলৈ বহিলোঁ। শ্ৰীমতীক সুধিলোঁ

“ক’ৰবাত ওলাই গৈছিলা নেকি? সাজি কাচি আছা যে ।”

খোৱা মেজত একেবাৰে ইলাহী কাৰবাৰ। কেইবাটাও আইটেম। কথাটো কি, মই বুজাই নাই। মানুহৰ ওপৰত খঙ উঠিলে বেছিকৈ খুৱাব লাগে এনে ধৰণৰ প্ৰতিশোধৰ বিশেষ সূত্র আগেয়ে কাহানিও পঢ়া নাই দেখাও নাই। আমাৰ কণমানি পুত্ৰ শুই পৰিছে। এনেয়ে সি ইমান সোনকালে টোপনি মৰা ভকত নহয়। তাক মাত লগালো।

“পাপা, মামাৰ বৰ খং উঠি আছে। আজি তোমালোকৰ হেপ্পী মেৰেজ দে “। সি বিচনাৰ পৰা সৰুকৈ মাত লগালে।

“পাপাকৰ চামচা, তই ক’লি কিয়?” মাকে চিঞঁৰিলে।

পাম যোৱা বেলুনটোৰ দৰে হ’লো। হয়োতো, আজিচোন আমাৰ বিবাহ বাৰ্ষিকী । মোৰ আৰু শ্ৰীমতীৰ দুয়োখন ঘৰৰ ওপৰত খং উঠিল। বুজি পালো এক সন্মিলিত প্ৰচেষ্টা চলিছে মোক দোষত পেলাবলৈ। মুখত চিৰাচৰিত নিষ্পাপ হাঁহিটো ফুটাই তুলিলো।

“এইবাৰৰ পৰা আৰু এনে নহয় বুজিছা। এইবাৰ অক্টোবৰত তোমাৰ জন্মদিন মনত ৰাখিমেই। তোমাক একেবাৰে আচৰিত কৰি দিম সেইদিনা। বিদ্যা শপত।”

অফিচত সেইদিনা প্ৰজেক্ট ৰিভিউ মিটিং এখন চলি আছে। ঘৰৰ পৰা মাজে মাজে ফোন আহি আছে । মই উঠাব পৰা নাই। এই মিটিঙবোৰ কেতিয়া শেষ হয় ঠিক নাথাকে। মিটিং শেষ হ’ল আঠ বজাত। আঠ বজাত ৰুমলৈ ঘুৰি আহি অফিচৰ মেইলবোৰ চাই আছিলো। ফোনটো আকৌ বাজিল ।

সিটো মূৰত আমাৰ ল’ৰা। সি ফুচ ফুচাই ক’লে – আজি মামাৰ বাৰ্থডে’। মনত আছে নে নাই ?

খা বাপ্পেকে! আকৌ পাহৰিলোঁ, আজি মোৰ নিস্তাৰ নাই! এমাহলৈকে কথা শুনিব লাগিব! কি কৰা যায়! আঠ মানে ডিগবৈত কিমান ৰাতি তাত থকা মানুহেহে বুজিব।

ধুমুহা গতিত গাড়ীখন দৌৰালোঁ। কে’ক এটা পাই গ’লো। বৰ সুবিধাৰ নহয়। কাম চলা ধৰণৰ। ভাল কে’ক পাবলৈ সেইসময়ত ডিগবৈত দুদিন আগেয়ে অৰ্ডাৰ দি থ’ব লাগে তিনিচুকীয়াৰ পৰা আনিবলৈ। কে’ডবেৰী এটা কিনি , ৰামলালৰ দোকানত গৰম কৰি গলাই লৈ কে’কটোৰ গাত য’তে ত’তে ঘঁহাই দি তাক দেখিবলৈ কলাসুলভ লুক এটা দি দিলো। নিজকে কিবা সাংঘাতিক মেনেজ মাষ্টাৰ যেন লাগিল।

ওচৰৰ অন্য এখন দোকানলৈ সোমাই গ’লো। বাৰ্থডে’ বুলি গিফ্ট এটা নিদিমনে! সেই সময়ত খোলা থকা একমাত্ৰ গিফ্টৰ দোকান সেইখন। দোকানীজন চিনাকি, তাক ক’লোঁ কথাখিনি। সি আশ্বাস দিলে, ভাল বস্তু এটা আছে তাৰ তাত। দোকানী আৰু মই দুয়ো মিলি ৰঙা কাগজেৰে সেই ভাল বস্তুটো মেৰিয়াই ঘৰলৈ বীৰৰ দৰে উভতি আহিছো।

শ্ৰীমতী একেবাৰে অবাকটেড! ইমান ডাঙৰ গিফ্টৰ টোপোলা, লগত (ৰামলালৰ) কে’ক। কে’ক কটা হৈ গ’ল।

এইবাৰ গিফ্ট খোলাৰ সময়। শ্ৰীমতীৰ উৎকণ্ঠা। ইমান ডাঙৰ টোপোলা। কাপোৰ হ’ব নোৱাৰে, কাৰণ ওজন আছে। ৱাইনৰ বটল নেকি? ৰোমান্টিক প্ৰেমিকৰ দৰে যদি ফৰাচী ৱাইনৰ বটল দিছো! তেওঁৰ হাৰ্ট ফেইল হৈ যাব পাৰে বুলি সাৱধান বাণী এটাও শুনাই থ’লে। তেওঁ খুলি আছে কাগজখন।

কাগজখন খোলাৰ পিছত ওলাল এটা টিপট আৰু চাৰিটা কাপ।

শ্ৰীমতীৰ মুখত কৌতূহল শেষ হৈ হতাশা আৰু হাঁহিৰ মিশ্ৰণ এটাৰ আৰম্ভণি, মই মোৰ সেই নিষ্পাপ হাঁহিটো মুখত ফুটাই তুলিবলৈ কৰা সাধনা আৰু মুখখন মেলি গিফ্টটো ভাল হৈছে নে নাই বুজিবলৈ চেষ্টা কৰি থকা আমাৰ পুত্ৰধনক লৈ গোটেই দৃশ্যটো। গিফ্টটোৰ কাৰ্ডখনত সি মোৰ লগত তাৰ নামটোও যে লিখি দিছিল।

সেই গোটেই দৃশ্যটো মোৰ মনৰ এচুকত স্থিৰ হৈ ৰৈ গ’ল। চিৰদিনৰ বাবে!

 

☆★☆★☆

Leave a Reply

Your email address will not be published.