ফটাঢোল

দিনপঞ্জীৰ এটা-দুটা দিন – চিত্ৰলেখা দেৱী

মানুহজনীয়ে ৰাতিপুৱাৰেপৰাই ঘূৰ্মুটিয়াই ফুৰিছে ঘৰখনৰ প্ৰতিটো চুক কোণ। নাই – ক’তো নাই। কালিয়েই উলিয়াই থৈছিল কাপোৰবোৰ। আজি দেওবাৰৰ দিনটোত তেওঁৰ মৰিবলৈকো সময় নাই। সপ্তাহটোৰ গোটেই কামবোৰে তেওঁক বেলি নৌওলাওঁতেই হাত বাউলি দি মাতে। কাউৰীয়ে “কা” কৰিবলৈ নৌপাওঁতেই তেওঁৰ ইফালে সিফালে ঢপলিওৱা আৰম্ভ হয়েই। নহ’বই বা কিয়? ঘৰখনৰ বাকী তিনিটা মানুহে কুটা এগছ নিজৰ বুলি কৰিলেহে! কামৰ মাজে মাজে তেওঁৰ মুখখনো সমানে চলি থাকে,
“ভগৱানে কি কুক্ষণত মোক এইখন ঘৰত পেলালেহি ঐ। এতিয়া চবেই হাত ধুই ভাত খাবলৈ পাইছে। যিদিনা মৰিম সেইদিনাহে মোৰ মোল বুজিব এইখন ঘৰৰ মানুহে। হেৰ’….”

গিৰিহঁতে বিচনাৰপৰাই মাত মাতে,
“হেৰা মৰিলেও মৰা। যি কৰিব লাগে আমি কৰিম নহয়; এতিয়া দোকমোকালিখনতে তোমাৰ চাউণ্ডবক্সটো খুলি নল’বা। আমাক শান্তিৰে আৰু দুঘণ্টা শুবলৈ দিয়া।”

“ওৱ’ – তাৰমানে মই মৰিলে ঘৰৰ কাম কৰিবলৈ বাট চাই আছে হয়নে? হেৰ’ ল’ৰা ছোৱালীহঁত শুনিছনে? কণা বিধাতাই মোক মাৰিও নিনিয়ে ঐ….”
মুখখনেৰে বক্ বকাই আছে যদিও তেওঁ হাত, ভৰি সমানে চলাই ঘৰখন সৰা-মোচা, ধোৱা-পখলা আদি এশ এবুৰি কাম এফালৰপৰা সামৰি নিছে। ৰ’বলৈ সময় নাই। আজি দেওবাৰ বুলি আক’ সকলোকে পুৱাৰেপৰাই জুতি লগাই খাবলৈ লাগিব। সেই অনা আছেই। পাকঘৰত সোমাবই পৰা নাই। নিজেও সপ্তাহৰ ছটা দিন নাকে কাণে কিবা এমুঠি গুজি ৰাতিপুৱাই চাকৰিলৈ ওলাই যায়। সেইকেইদিন ভালদৰে খোৱা বোৱা নহয়েই বুলিব পাৰি, যেন পেটটোহে কোনোমতে ভৰাই থোৱা হয়। সেইবাবে ইটো সিটো গোটাই দেওবাৰে কিবা কিবি কেইবিধমান ৰান্ধি খাবলৈ আৰু মানুহজনৰে সৈতে ল’ৰা-ছোৱালীহালক খুৱাবলৈ তেওঁ ভাল পায়। দেওবাৰৰ কামবোৰ সহজে হওক বুলি সদায় তেওঁ শনিবাৰে গধূলিয়েই কিছু কাম আগবঢ়াই থয়। তেনেদৰে কালিও তেওঁ আলনা, বাকচ আদি খুঁচৰি অলাগতিয়াল, ফটা কাপোৰ কিছুমান উলিয়াই থৈছিল। এতিয়া সেই কাপোৰৰ টোপোলাটো নাই। তেওঁ তাৰপৰাই ফটা কাপোৰ এখন লৈ চকী টেবুলবোৰ মচিব বুলি ভাবিছিল। পিছে নাই যি নাই ইমানসোপা কাপোৰৰ মাজৰ ফটাকানি এডোখৰো নাই। ঠিক কোনখিনিত সেই কাপোৰখিনি থৈছিল তেওঁৰ সেই কথা অৱশ্যে স্পষ্টকৈ মনত নাই। সেই বাবে নিজে নিজেহে মনত পেলাবলৈ চেষ্টা কৰি বিচাৰি ফুৰিছে।
বিভিন্ন কামৰ মাজতে দিনটো তেওঁৰ দুবাৰমান সেই কাপোৰৰ টোপোলাটোৰ কথা মনত পৰিল। ‘যাঃ, ওলাব ক’ৰবাত। কিমাননো একেটাতে লাগি থাকিম’ বুলি তেওঁ বিষয়টো তল পেলালে। তেওঁ একেৰাহে কাম বনত লাগি থকা দেখিলে মানুহজনে বেয়া পায়। মাজে মাজে কয়, “সেই একেবোৰ কামকে কিমাননো চেপেটা কৰি থাকা আৰু? এদিন দুদিন লেতেৰাকে থাকিলেও একো নহয় দিয়াচোন। কাপোৰবোৰ ধুবলৈ ধোবাকোচোন দিব পাৰা। কাম কৰোঁতে বকি থাকিলে কোনোবা দিনা প্ৰেচাৰ উঠি পৰি যাবা চাবা।”
হওঁতে মানুহজনে তেওঁৰ বেমাৰ আজাৰৰ খবৰ ৰাখে। খোৱা বোৱাতো কোনো বাচ বিচাৰ নাই। তেওঁ লাগে বুলিলে ৰাতি এডোখৰতো দোকান পোহাৰ চলাথ কৰি বস্তু আনি দিয়ে। পিছে কোনটো বস্তু কিমান লাগিব তাৰ হিচাব নাই। এবাৰ হ’ল কি – তেওঁ গিৰিহঁতক ক’লে বোলে বজাৰত ঔটেঙা পায় নেকি চাবচোন। পিছদিনা পাকঘৰত এবস্তা ঔটেঙা হাজিৰ। সেইসোপা এতিয়া খাবই নে কাণতে পিন্ধিব? ফলত দুয়োৰে মাজত ঘণ্টা জুৰি তুমুল ঔটেঙা পৰ্ব। এদিন আকৌ তেখেতৰ লগৰ এজনৰ লগত বহি আছে ড্ৰয়িংৰুমত। তাৰপৰাই চিঞৰিছে,
“হেৰা, আমাক নেমুৰ চৰ্বত দিবাচোন, সৰহকৈ নেমু চেপি।”
খা কলিজা! এইবাৰ হে মৰিলি। ঘৰত নেমু এডোখৰো নাই। তেওঁ মানুহজনক কথাটো ক’বলৈ ভিতৰলৈ মাতিছেহে মাতিছে, নাই, তেখেতৰ খবৰ নাই। উত্তৰ দিছে কি বুলি আক’!
“সুদা চৰ্বতকণ দিওঁতেও মই ভিতৰলৈ যাব লাগিছে নেকি? এওঁ বেলেগ একো নাখাই বোলে। সুদা চৰ্বতকে দিয়া।”
কি কৰিব আৰু? তেওঁ উপায় নাপাই চাহকে দুকাপ বাকি টেমাত থকা কিবা কিবিৰে সৈতে দিলেগৈ। আলহীক ক’লে বোলে চৰ্বত খোৱাতকৈ চাহকে খাবলৈ ভাল লাগিব এই সময়ত। আলহী যোৱাৰ পাছত তেওঁ নিজৰ মূৰ্তি ধৰিলে,
“আপুনি ভিতৰত বস্তু আছে নে নাই নজনাকৈ আলহীৰ আগত বাহিৰৰপৰা কেলেই চিঞৰি থাকে হয়নে? আপুনি নুবুজিলেও আজি আলহীয়ে ঠিকেই বুজিছে চৰ্বতৰ সলনি চাহ যচাৰ কাৰণ।”
“ঘৰত নেমু টেঙাও নেথাকে বুলি মই নেজানো নহয়।” উত্তৰ শুনা তেখেতৰ! গধূলিলৈ আহি গ’ল নেমু টেঙা। তেওঁলোকে খাই, কাপোৰ ধুই, ওচৰ চুবুৰীয়াক বিলাইও শেষ কৰিব নোৱাৰি ভেঁকুৰি যোৱা ভালেমানখিনি নেমু পেলাই দিব লগা হ’ল।
গধূলি আজৰি হৈ তেওঁ ৰিম’টটো হাতত লৈ ভলিউমটো একেবাৰে কমাই টিভিৰ আগত বহিল। ল’ৰা ছোৱালীহাল নিজৰ নিজৰ ঠাইত পঢ়াত বহিছে। মানুহজন কেনি গ’ল জানো! ওলাই গৈছে চাগৈ অকণমান লগ সঙ্গ বিচাৰি। যাওক, ভাত খোৱাৰ পৰতে এনেও য’তেই নাথাকক আহিবই। টিভিৰ চিনেমাখনত মনটো বহিছিলহে, মানুহজনে “হেৰা হেৰা” কৈ মাতি সোমাই আহিল। তেখেতৰ হাতত ডাঙৰ মোনা এটা। সেইটো তেওঁৰ ওচৰতে থলে,
“লোৱা তোমাৰ কাপোৰ।”

তেওঁ আচৰিত হ’ল, “মোৰ আক’ কি কাপোৰ?”

“কিয় তোমাৰ ধুবলৈ দ’মাই থোৱা কাপোৰবোৰ? কালি গধূলি মই ওলাই যাওঁতে সেইবোৰ নি ধোবাক দিলো আৰু ধুই ধুনীয়াকৈ ইস্ত্ৰি কৰি আজি গধূলিৰ বাবে ৰেডি কৰি থ’বলৈ ক’লো। এতিয়া ওলাই যাওঁতে লৈ আহিলো। দেখিছা তুমিহে মোক কাম নকৰো বুলি অপবাদ দিয়া। তোমাৰ কষ্টৰ কথা কিমান চিন্তা কৰো মই!”
তেওঁ যেন আকাশৰপৰাহে পৰিল। ক’তনো কালি ধুবলৈ কাপোৰ গোটাই থৈছিল? ধুব লগাবোৰচোন ৰাতিপুৱা ধুলেই। অ’…. হঠাৎ যেন তেওঁৰ মগজুত ইলেক্ট্ৰিক বাল্ব এটাহে জ্বলি উঠিল। লৰালৰিকৈ মোনাটোৰপৰা কাপোৰবোৰ উলিয়াই পেলালে। সকলোবোৰ ধুনীয়াকৈ ইস্ত্ৰি কৰি থোৱা আছে। হাঁহিবই নে কান্দিবই, তেওঁ ঠিক ধৰিব পৰা নাই। ধোবাজনে বা কি ভাবিছে এইবোৰ ধুবলৈ পায়!

“হেৰা, কি হ’ল? মূৰে কপালে হাত দিলা যে?”

“চাওক, কি কি কাপোৰ ধুৱাই আনি মোক সহায় কৰি দিলে!”
তেওঁ এটা এটা কাপোৰ মেলি দাঙি দেখুৱাই গ’ল। এখন ফটা বিচনা চাদৰ, ল’ৰাৰ দুটা পুৰণা হাফপেণ্ট, মানুহজনৰ দুটা ফটা গেঞ্জী আৰু এটা ইলাষ্টিক ঢিলা হৈ যোৱা জাঙিয়া, ছোৱালীৰ এটা ফটা ফ্ৰক আৰু দুটা সৰু হৈ যোৱা স্কাৰ্ট, এখন চেকা লগা টাৱেল, তেওঁৰ নিজৰ দুটা ফটা পেটিকোট আৰু…
আৰু দেখুৱাবলৈ গিৰিহঁত তেতিয়ালৈকে তাত ৰৈ থকা নাই।

☆★☆★☆

6 Comments

  • Rimjhim

    Hahaha mojja

    Reply
  • হেমন্ত কাকতি

    যা তা আৰু দেই! হাঁহিত বাগৰি যাম এতিয়া!

    Reply
  • কমল তালুকদাৰ

    হা হা হা , তামাম মানে আৰু ।

    Reply
  • Anonymous

    হে প্ৰভু

    Reply
  • Anonymous

    হাঁহি হাঁহি পাগল হৈ গৈছোঁ

    Reply
  • ববিতা শৰ্মা

    হাঁহি হাঁহি পাগল হৈ গৈছোঁ

    Reply

Leave a Reply

Your email address will not be published.