ফটাঢোল

দিহিঙে দিপাঙে – অগ্নিভ দত্ত

বহুত দিনৰপৰা চিন্তা কৰি আছিলোঁ৷ দুদিনমান বন্ধ পালে চেইণ্ট লুচিয়াৰ ফালে পাক এটা মাৰিব লাগিব বুলি৷ ৫০০ কি:মি:ৰ ভিতৰত হ’লে গাড়ী চলাই যাবলৈ ভাল পাওঁ৷ চেইণ্ট লুচিয়ালৈ মোৰ ঘৰৰপৰা প্ৰায় ৭৪০ কি:মি: মান হয়৷ গতিকে অকলে গাড়ী চলাই যাবলৈ অকণমান আমনি লাগে৷ ৰীমাই দূৰলৈ গ’লে গাড়ী চলাই ভাল নাপায়৷ যি কি নহওক গাড়ী চলাই যোৱাটোৱেই ঠিক কৰিলোঁ শেষত৷ যোৱাটো ঠিক কৰিলোঁ হয়, কিন্তু থকাৰ বন্দবস্ত কৰিবলৈ লৈহে দেখোঁ, চাৰিদিন বন্ধৰ সুযোগ কোনোৱেই হয়তো এৰি দিব খোজা নাই, হোটেল, ল’জ আদি এফালৰপৰা চাই গৈছোঁ, নাই একোৱেই খালি নাই৷

ইয়াত সাধাৰণতে ক’ৰবালৈ ফুৰিবলৈ গ’লে হোটেল, ল’জ, চেলফ কেটাৰিং চালেট (মানে এটা এটা ঘৰ সম্পূৰ্ণকৈ লৈ ল’ব পাৰি) বা বেদ এণ্ড ব্ৰেকফাষ্ট৷ থকা খোৱাৰ বাবে হোটেলেই হওক বা বেদ এণ্ড ব্ৰেকফাষ্টেই হওক, এৰেঞ্জমেণ্টবিলাক যথেষ্ট সুবিধাজনক৷ এক কথাত ক’বলৈ গ’লে সাধাৰণ দুটা ষ্টাৰ থকা হোটেল এখন, আমাৰ তাৰ পাঁচ তাৰকা যুক্ত হোটেল একোখনৰ সমানেই সুবিধাজনক বুলিলেও ভুল কোৱা নহ’ব, আনকি খৰচো আমাৰবোৰতকৈ কম৷ যি কি নহওক, একো হোটেল ল’জ বিচাৰি নাপায় মনটো অকণমান বেয়াই লাগিব ধৰিছিল, তেনেতে হঠাতে এটা চাইটত এটা বেদ এণ্ড ব্ৰেকফাষ্টৰ ৰুম খালি দেখি লগে লগে ৰূমটো চাৰিদিনৰ কাৰণে বুক কৰিলোঁ৷ আকৌ এবাৰ শপত খালোঁ, ক’ৰবালৈ যোৱাৰ কথা থাকিলে প্লেন কৰি সকলো কৰিম এইবাৰৰ পৰা৷

ৰূম বুক কৰি নিশ্চিন্ত হৈ ল’লোঁ৷ তাৰ পাছত কেইদিনমান থকাত বস্তু বাহিনী লাহে লাহে সামৰিম বুলি থৈ দিলোঁ৷ কিন্তু এলেহুৱা মানুহ, তেনেকৈ থাকোঁতে যোৱাৰ আগদিনা পালেহি৷ অফিচৰপৰা আহি ক্ৰিকেট খেলিবলৈ যাওঁ সদায়। সেইদিনাও যাবলৈ লওঁতেই ৰীমাই ক’লে আজি খেলিবলৈ গ’লে কাইলৈ আবেলিলৈহে আমাৰ চেইণ্ট লুচিয়ালৈ যাব পৰা হ’বগৈ৷ ক্ৰিকেটৰ কীটটো থৈ কাপোৰ কানিৰ পৰা ইটো সিটো বস্তু যোগাৰ কৰাত লাগিলোঁ৷ ইটো সিটো কৰোঁতে আনদিনাৰ সমানেই হ’লগৈ, ৰাতি এক বাজিল৷ বস্তুবোৰ ৰাতিয়েই গাড়ীত উঠাই শুবলৈ গ’লোঁ, লক্ষ্য ৰাতিপুৱা যিমান পাৰোঁ সোনকালে উঠি ওলাম৷ কিন্তু ৰাতিখন ইমান দেৰিকৈ শুই ৰাতিপুৱা উঠিবলৈ এলাহ লাগিল, তাতে ঠাণ্ডা দিন৷ সাত বজাত উঠি, ৰেডি হওঁতে হওঁতে দহেই বাজিলগৈ৷ ক’ৰবালৈ গ’লে ঘৰতে ভাত সাজ খাই লোৱাটো নিয়ম৷ আলু, কণী পিটিকা আৰু ডাইলেৰে ভাতসাজ খাই টিপটপ হৈ দহ বজাত গাড়ীত বহিলোঁ৷ ঘৰৰপৰা ওলাইয়েই ওচৰৰ পেট্ৰল পাম্পটোত পেট্ৰল আৰু চকাৰ প্ৰেচাৰটো চাই ওলালোঁ চেইণ্ট লুচিয়ালৈ বুলি৷

দীঘল ৰাস্তা, ওলাওঁতেও দেৰি হ’ল। গতিকে যিমান পাৰোঁ খৰধৰকৈ আগবাঢ়িলোঁ, ৰাস্তাত কোনোবা এঠাইত ৰখাম বুলি গৈ থাকিলোঁ৷ ইয়াৰ হাইৱেবোৰত সাধাৰণতে ১০০-১৫০ কি:মি: দূৰে দূৰে পেট্ৰল পাম্পবোৰত ওৱান ষ্টপ বুলি ৰেষ্টুৰেণ্টৰ পৰা সৰু ডিপাৰ্টমেণ্টেল ষ্টৰলৈকে সকলো থকা ধৰণৰ হয়৷ গতিকে হাইৱেৰপৰা নামি পাৰ হৈ অহা নগৰ চহৰবোৰত নোসোমোৱাকৈ হয়৷ তেনেকুৱা কোনোবা পেট্ৰল পাম্পৰ ৰেষ্টুৰেণ্ট এখনতেই দুপৰীয়া ১-২ বজাৰ ভিতৰত খাম বুলি গাড়ী আগবঢ়ালোঁ৷ হাইৱেত ১২০-১৩০ ত গাড়ী আগবঢ়াইছোঁ, তাতকৈ জোৰত মই গাড়ী নচলাওঁ৷ ইখনৰ পাছত সিখন সৰু নগৰ চহৰ পাৰ হৈ গৈ আছোঁ৷ চিনাকি চহৰ চিকোন্দা, য’ত আমাৰ এটা ডাঙৰ পেট্ৰকেমিকেল প্ৰকল্প আছে সেইখনো পাৰ হ’লোঁ৷ লাহে লাহে কেৱল দীঘল দীঘল ৰাস্তা পাবলৈ ধৰিলোঁ৷ ঠিক ডেৰমান বাজিছে, ৩০০ কি:মি: মান আহিছোঁ, কামডেন পাৱাৰ ষ্টেচনটো সোঁফালে চকুত পৰিল৷ পাৱাৰ ষ্টেচনটো পাৰ হৈ কেই কি:মি: মান আগবাঢ়িছোঁহে হঠাৎ আগফালে দেখিছোঁ, গাড়ীৰ আগফালটো ধুঁৱলী কুঁৱলী! কি হ’ল তত ধৰিবলৈ পোৱাৰ আগতেই ৰীমাই মাত লগালে, এইবোৰ দেখোন কুঁৱলী৷ গাড়ীৰ স্পীড একেবাৰতে ৫০-৬০ পালেহি৷ আগফাল পিছফাল একো নেদেখি৷ গাড়ীবোৰ হাজাৰ্ড লাইট জ্বলাই জ্বলাই আগবাঢ়িবলৈ ধৰিলোঁ৷ চাৰিওফালে পাহাৰ৷ পৰিস্থিতি দেখি অকণমান চিন্তাও হ’ল, অকলে গ’লে বাৰু বেলেগ কথা, পিচে পৰিয়াল লৈ গ’লে চিন্তা হয়৷ ৫-৬ কি:মি: প্ৰায় জিৰো ভিজিবিলিটিত গৈ থাকি তাৰপৰা অলপ কম কুঁৱলী পাই গাড়ীৰ স্পীড বঢ়ালোঁ৷

কিন্তু এনেদৰে আগবাঢ়ি গৈ আকৌ কিছু দূৰত কুঁৱলী, এনেদৰে গৈ থাকোঁতে বাটৰ কাষৰ পেট্ৰল পাম্প ক’ত এৰি আহিলোঁ গমেই নাপালোঁ৷ ইফালে কুঁৱলী শেষেই নহয়৷ পেটৰ ভোকো বাঢ়ি আহিবলৈ ধৰিছে, এনেদৰে ১০০ কি:মি: মান আহোঁতে ডেৰ-দুঘণ্টা লাগি গ’ল৷ অকণমান মুকলি পাই দেখোঁ মখন্দা বুলি সৰু টাউন এখন৷ তিনি বাজি গৈছে ইতিমধ্যে৷ জিপিএচত ৰেস্তোৰাঁ বিচাৰোঁতে পেট্ৰল পাম্প এটাতে কে এফ চি, স্পাৰ আদি ৰেস্তোৰাঁ দেখা পালোঁ৷ স্পাৰতেই সোমালোগৈ। দক্ষিণ আফ্ৰিকাৰ ডাঙৰ ৰেস্তোৰাঁ চেইন এই স্পাৰ৷ খৰধৰকৈ সোমায়েই গাহৰিৰ সৈতেই ভাতসাজ অৰ্ডাৰ দিলোঁ৷ ভোকত পেটে কলমলাই উঠিছে ইতিমধ্যে৷ তাত খাই থাকোঁতেই ব্ৰাণ্ডা, মানে আমি যাৰ ঘৰত থাকিমগৈ, তেখেতলৈ ফোন লগালোঁ। আমি আগতে কোৱাৰ দৰে ৫ বজাত তেখেতৰ ঘৰ নাপামগৈ বুলি৷ খবৰটো জনাই ধুম ধাম খাই শেষ কৰিলো৷ প্ৰচণ্ড জোৰত কলমলাই উঠা পেটতো শান্ত হ’ল৷

ঘড়ী চাই দেখোঁ চাৰে চাৰি বাজিল৷ ইফালে আৰু ৩০০ কি:মি: ওপৰৰ বাট যাবলৈ আছে৷ খৰ ধৰকৈ গাড়ীত বহিলোঁ, তাৰে পেট্ৰল পাম্পটোত আকৌ ফুল টেংক কৰি লৈ গাড়ী আগবঢ়ালোঁ৷ মখান্দ নগৰখন পাৰ হোৱাৰ লগে লগে আৰম্ভ হ’ল পাইন গছ সদৃশ গছৰ লাইন লাইন শাৰী৷ একো একো কোবত কেইবা কি: মি: জুৰি বিয়পি পৰে গছবোৰ৷ প্ৰথমে লাগিছিল সেইবোৰ জংঘল যেন, কিন্তু লাহে লাহে মন কৰিলোঁ সেইয়া যেন গছৰ খেতিহে৷ কিছুদূৰ গৈ বুজিলোঁ সেইবোৰ গছৰ খেতিয়েই হয়৷ একো একোডোখৰ ঠাইত দেখিলো শ শ ডবা থকা ট্ৰেইনত কাঠৰ কুন্দা উঠাই থোৱা হৈছে৷ প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰি কৰি আগবাঢ়ি থাকিলোঁ চেইণ্ট লুচিয়া অভিমুখে৷ চকুৰ আগতেই শাৰী শাৰী গছবোৰৰ মাজতেই বেলি লহিয়ালে৷

কি অপূৰ্ব দৃশ্য আছিল সেইয়া৷ পোহৰ আৰু আন্ধাৰৰ কি এক সুন্দৰ খেলা৷ মন ভৰি পৰিছিল ৰাস্তাৰ মাজতেই, যেন খেদি খেদি ধৰিমগৈ বেলিটোৰ ইফালে গৈ৷ গধূলি হোৱাৰ লগে লগে ডাঙৰ ডাঙৰ ট্ৰাক টেংকাৰৰ সংখ্যাও যেন বাঢ়িবলৈ ধৰিলে৷ ইফালে ৰাস্তাবোৰ ওৱান লেনৰ হৈ পৰিছে৷ গতিকে গাড়ীৰ গতি বঢ়াব খুজিলেও বঢ়াব নোৱাৰাৰ নিচিনা হৈ পৰিছে৷ আন্ধাৰ ফালি ফালি আগবাঢ়ি গৈ আছোঁ৷ আৰু ৯০ কি:মি: দেখুৱাইছে জিপিএছে। তেনেতে দেখিলোঁ আগফালৰ গাড়ীবোৰ শ্ল’ হৈ গৈছে৷ আমিও গতি কমাই দিলোঁ৷ লাহে লাহে মন কৰিলোঁ গাড়ীবোৰ শ্ল’ মানে ৰৈয়ে গ’ল৷

ভাবিলোঁ আগফালে কিবা হৈছে৷ ৰৈ দিলোঁ। চাওঁতে চাওঁতে ৪৫ মিনিট গুচি গ’ল৷ তাৰপাছত গাড়ীবোৰ ৰাস্তাৰ এটা ফালেদি পাৰ হ’বলৈ ধৰিলে৷ লাহে লাহে পাৰ হৈ আহোঁতে দেখিলোঁ ডাঙৰ ট্ৰাক দুখনৰ মুখা মুখি সংঘৰ্ষ৷ বেয়াকৈ ভাঙিছে দুয়োখন৷ এখন ট্ৰাক আঁতৰাই গাড়ীবোৰ পাৰ হ’ব পৰাকৈ ৰাস্তা উলিয়াই দিছে। আকৌ গাড়ীৰ গতি বঢ়াবলৈ ধৰিলোঁ, তেনেতে ব্ৰাণ্ডাৰ ফোন আহিল। দেৰি হোৱাৰ কাৰণে খবৰ লৈছে কি হ’ল বুলি৷ অলপ দেৰি হ’ব বুলি জনালোঁ৷ এইবাৰ আৰু ৰ’ব লগা নহ’ল৷ প্ৰায় আঠ বাজিল ব্ৰাণ্ডাৰ ঘৰ পাওঁতে৷ ব্ৰাণ্ডা ৰৈ আছিল আমাৰ কাৰণে৷ ৰূমৰ ছাবিটো গতাই ৰূমটো দেখুৱাই গোটেইখিনি বুজাই দিলে৷ বস্তু বাহিনী ননমোৱাকৈয়ে হাত মুখকেইটা ধুই ৰাতিৰ সাজ খাবলৈ ওলাই আহিলোঁ৷ ৫০০ মিটাৰ মান দূৰতেই ৰেস্তোৰাঁ ভৰি আছে৷ সেইখিনিলৈ গাড়ীখন লৈ ওলাই আহোঁতেই দেখো ৰাস্তাৰপৰা দুই এখন গাড়ী নমাই দিছে, কি হৈছেনো চাবলৈ গাড়ীৰ গতি কম কৰি দি লাহে লাহে আগবাঢ়িলোঁ৷ অকণমান আগবাঢ়িয়েই দেখিলোঁ দুটা প্ৰকাণ্ড হিপ্প’ ৰাস্তাৰ কাষৰ ফিল্ডখনত ঘাঁহ খাই আছে৷ খুব বেছি আশী-এশ মিটাৰ দূৰৈত৷ গাড়ীৰপৰা নামি তাতেই ৰ’লোঁ কিছুসময়, ফটো চটো তুলিলোঁ৷ ইফালে হোটেল ৰেস্তোৰাঁ বন্ধ কৰিব বুলি খৰধৰকৈ হিপ্প’ক এৰি খাবলৈ ওলালোঁ৷

গাড়ীখন লাহে লাহে আগবঢ়াই নি আছোঁ, দীঘল ৰাস্তাটোত ইখনৰ পাছত সিখনকৈ ৰেস্তোৰাঁ৷ কিছুমান চিনাকি ৰেস্তোৰাঁ চেইন আৰু কিছুমান হয়তো তাৰে স্থানীয়৷ ৰেস্তোৰাঁ চেইনবোৰততো খায়েই থকা হয়, গতিকে আগতে নাম নুশুনা ৰেস্তোৰাঁ এখনতেই সোমোৱাটো ঠিক কৰিলোঁ৷ অচেন চিজলা নামৰ এখনত সোমালোঁ৷ মানুহে গিজগিজাই আছে৷ অকণমান ৰোৱাৰ পাছত নন স্মোকিং জ’নত তিনিজনৰ কাৰণে ঠাই উলিয়াই দিলে৷ সুন্দৰকৈ ৰাতিৰ ভাতসাজ খাই ওলাই আহোঁতে দহ বাজি পোন্ধৰ মিনিট গ’ল৷ বাহিৰত মানুহে তেতিয়াও খোজকাঢ়ি আছে জাকে জাকে৷ হয়তো নিশাৰ সাজ গ্ৰহণ কৰি খোজেৰে নিজৰ নিজৰ বাসস্থলীলৈ গৈছে৷ আমিও ব্ৰাণ্ডাৰ ঘৰ পাই বস্তু বাহিনীবোৰ নমাই বিছনাত পৰাটোকেই ঠিক কৰিলোঁ৷ ৰূমটো সুন্দৰকৈ সজোৱা আছে৷ দিনটোৰ ভাগৰে জুমুৰি দি ধৰিছিল, গতিকে বিছনাত পৰাৰ লগে লগেই টোপনিয়ে গবা মাৰি ধৰিলে৷

একেবাৰে ৰাতিপুৱা চাৰে সাঁত বজাতহে সাৰ পালোঁ৷ শুই উঠি ৰাতিপুৱাৰ কৰ্মখিনি কৰি তললৈ নামি গ’লোঁ৷ দুখন প্ৰকাণ্ড ডাইনিং টেবুল৷ এখন ভিতৰৰ লিভিং ৰূমৰ লগত, আনখন বাহিৰত চুইমিং পুলটোৰ কাষত৷ বাহিৰৰখনত ইতিমধ্যে মানুহ এহাল বহি আছে৷ আমিও বাহিৰৰখনতে বহিলোঁগৈ৷ ইজনে সিজনক অভিবাদন জনালোঁ৷ হোটেল আদিতকৈ এনেকুৱা ধৰণৰ থকাৰ ব্যৱস্থাত এইটো মোৰ ভাল লাগে৷ নিজৰ লগতে আন দুজনকো জনা হয়৷ খোৱা অাহে মানে চাহ কাপ লৈ বহিলো৷ এনেয়ে কথা আৰম্ভ হ’ল। তেওঁলোক জাৰ্মানীৰ৷ তিনি সপ্তাহৰ কাৰণে দক্ষিণ আফ্ৰিকালৈ আহিছে৷ ইয়াত দুদিন থাকিব, তাৰপৰা আকৌ গাড়ীৰে কেপটানলৈ যাবগৈ৷ ল’ৰাজনৰ নাম চেবেষ্টিয়ান, ইকনমিক্স ইঞ্জিনিয়াৰ, জাৰ্মানীৰে গেছ পৰিবহনকাৰী কোম্পানী এটাত চাকৰি কৰে৷ বিভিন্ন কথা ওলাল চাহৰ মেজত৷ আমি অসমৰ বুলি কোৱাৰ লগে লগে ছোৱালীজনীয়ে ক’লে অসমৰ চাহৰ কথা৷ অৱশ্যে চাহৰ বাহিৰে অসমৰ বিষয়ে বেলেগ একো নাজানে দুয়ো৷ অসমৰ কথা ক’লো, কিমান ধুনীয়া। অৱশ্যে সিহঁত মুম্বাই, গোৱা আদিৰ কথাহে বেছি জানিবলৈ বিচাৰিলে৷ যিমান পাৰোঁ ক’লোঁ৷ আমাৰ খোৱা বস্তু আহি পোৱাৰ সময়তেই আন এটা পৰিয়ালো আহি আমাৰ লগত যোগদান কৰিলেহি৷

এহাল মানুহ আৰু সৰু ল’ৰা দুটাৰে পৰিয়ালটো৷ মানুহজন আৰু মানুহগৰাকী দেখাতেই বৰ ৰঙীয়াল যেন লাগিল৷ চিনাকী হ’লো৷ পৰিয়ালটো ফ্ৰান্সৰ, মানুহজন ফ্ৰান্স ডিপ্ল’মেট, মৰক্কোত পষ্টিং৷ আমি ভাৰতৰ বুলি কোৱাৰ লগে লগে মানুহগৰাকীয়ে তেখেতসকলৰ ভাৰতীয় বন্ধু কেইজনমানৰ নাম ল’লে আৰু খুব প্ৰশংসা কৰিলে, বৰ ভাল মানুহ বুলি ক’লে৷ চিনি জানি নাপালেও নিজৰ দেশৰ মানুহৰ গুণ গালে নিজৰেই কিবা ভাল লাগি যায় মনটো৷ তাৰপাছত বিভিন্ন কথা বতৰাই ভৰি পৰিল আমাৰ মাজত৷ ফ্ৰান্স ডিপ্লমেট থিয়ৰিৰ বিভিন্ন অভিজ্ঞতাৰ কথা ক’লে আফ্ৰিকাত৷ দক্ষিণ আফ্ৰিকালৈ আহিছে ১৫ দিনৰ কাৰণে৷ খুব ভাল পাইছে দক্ষিণ আফ্ৰিকা ফুৰি৷

ব্ৰেকফাষ্ট শেষ কৰি ঠিক কৰিলো চেইণ্ট লুচিয়াখন এপাক মাৰি চেইণ্ট লুচিয়াৰপৰা ৯০ কিঃমিঃ দূূৰৈত থকা ৰিচাৰ্ড বে নামৰ বন্দৰ নগৰীখনলৈ এপাক মাৰিম৷ দুয়োখন নগৰ কুৱা জুলু নাটাল ৰাজ্যৰ অন্তৰ্গত৷ কুৱা জুলু নাটাল হ’ল জুলু জনগোষ্ঠীৰ প্ৰধান বাসস্থান৷ জুলুলেণ্ড বুলি কোৱা হয় সেই কাৰণে৷ কুৱা জুলু মানে হ’ল জুলুসকলৰ ৰাজ্য, আনহাতে নাটাল হ’ল পৰ্তুগীজ শব্দ, যাৰ অৰ্থ হ’ল খ্ৰীষ্টমাচ৷ পৰিব্ৰাজক ভাস্ক’ দা গামাই ১৫ শতিকাত খ্ৰীষ্টমাছৰ দিনা ঠাইখন দেখা পাই নাটাল নামটো দিছিল৷ কুৱা জুলু নাটালৰ ইতিহাসৰ দক্ষিণ আফ্ৰিকাৰ বুৰঞ্জীত এক বিশেষ স্থান আছে৷ এই কুৱা জুলু নাটালৰেই টুগুলা নদীত মৃত্যু হৈছিল হাজাৰ হাজাৰ জুলু সৈনিকৰ, ভৰট্ৰেকাৰসকলৰ হাতত৷ ভৰট্ৰেকাৰসকল আছিল ডাটচ ইণ্ডিয়া কোম্পানীৰপৰা কেপত বসবাস কৰিবলৈ লোৱা ডাটচসকল৷ হাজাৰ হাজাৰ জুলুসৈনিকৰ তেজেৰে নৈখন ৰাঙলি হৈ পৰাত নৈখনক জনা যায় ব্লাড ৰিভাৰ বুলি৷

যি কি নহওক ৰিচাৰ্ড বে পাই সৰু নগৰখন ঘুৰি পকি ভাৰত মহাসাগৰৰ পাৰে পাৰে খোজকাঢ়ি ঘুৰিলো৷ প্ৰচণ্ড বতাহে তন মন কঁপাই তুলিলে, অস্থিৰ হৈ পৰিছিল সাগৰৰ বুকু, কোবাল ঢৌৱে কোবাই গ’ল ৰৈ ৰৈ৷ সাগৰৰ পাৰত ৰৈ যেন কোনোদিন আমনি নালাগে৷ তাত ঘুৰি পকি ভাগৰ আৰু ভোক লগাত তাৰপৰা ৩ কিঃমিঃ দূৰৈত থকা সৰু আটোম টোকাৰি ৱাটাৰ ফ্ৰণ্টৰ ফালে গ’লো ভাত খাবলৈ৷ পৰ্তুগীজ ৰেষ্টুৰেণ্ট এখনত সোমাই সুন্দৰকৈ সাগৰীয় মাছেৰে ভাত সাজ খালো৷ ভাতসাজ খাই উঠি অকণমান ইফালে সিফালে ঘুৰি আকৌ চেইণ্ট লুচিয়ালৈ ঘুৰিলো৷ ৰাস্তাত এইবাৰ অকণমান ভিৰ পালো৷ ৯০ কিঃমি বাট সৌন্দৰ্য্য উপভোগ কৰি কৰি আহি চেইণ্ট লুচিয়া পালোহি৷ ঘৰ পাই ৰীমা আৰু অৰ্ণী ৰুমলৈ গ’ল, হাত মুখ ধুই অকণমান জিৰণি ল’বলৈ৷ তলৰ চ’ৰাঘৰটোতে ব্ৰাণ্ডাক পালো৷ ব্ৰাণ্ডাৰ লগতেই কথা পতা আৰম্ভ কৰিলো৷ কেনেদৰে ব্যৱসায় আৰম্ভ কৰিলে ইত্যাদি৷ পতি আছিল বৃটিছ, চাকৰিৰ সংক্ৰান্তত আহি দক্ষিণ আফ্ৰিকা পাইছিলহি তিনি চাৰি দশকমানৰ আগতে৷ ব্ৰাণ্ডাক লগ পাই বিয়া পাতিলে৷ তাৰপাছত মাজে সময়ে চেইণ্ট লুচিয়ালৈ আহিছিল, সৰু গাঁও এখন আছিল৷ ফিচাৰমেন ভিলেজ বুলি ক’লে৷ তাৰপাছত ১৯৯৯ চনত চেইণ্ট লুচিয়াৰ ওচৰৰ ৱেট লেণ্ড পাৰ্কক UNESCO ই ৱৰ্ল্ড হেৰিটেজ চাইট ৰূপে ঘোষণা কৰে৷ লাহে লাহে সলনি হ’বলৈ ধৰে কথাবোৰ৷ অৱশ্যে ১৬ শতিকাৰপৰাই চেইণ্ট লুচিয়াৰ নাম ইতিহাসৰ পাতত লিপিবদ্ধ আছিল৷ যি কি নহওক ব্ৰাণ্ডা আৰু ব্ৰাণ্ডাৰ পতিয়ে ২০০৬ চনত চাকৰিৰপৰা অৱসৰ লৈ এই ঘৰটো কিনি লৈ বেদ এণ্ড ব্ৰেকফাষ্টৰ ব্যৱসায় আৰম্ভ কৰিলে৷ পৰ্য্যটকৰ ওপৰতেই নিৰ্ভৰশীল গোটেই চহৰখন৷ মুঠ ৭৫০ টা মাথো স্থায়ী বাসিন্দা পৰিয়াল৷ সেই ৭৫০ টা পৰিয়ালৰো বেছিভাগেই বাহিৰৰপৰা অহা, তাৰ স্থানীয় মানুহৰ সংখ্যা কমেই৷ আৰু কথা পাতোতে ব্ৰাণ্ডাই ক’লে জুলাই মাহৰপৰা প্ৰায় অক্টোবৰলৈ অহা বেছিভাগেই ইউৰাপৰ পৰ্যটক৷ ব্যৱসায়ৰ কথা পাতিলো ব্ৰাণ্ডাৰ লগত৷ ২০১২ চনত স্বামী ঢুকুৱাৰ পাছত প্ৰথম অকণমান চিন্তা হৈছিল, কিন্তু তাৰপাছত অকলেই চলাই লৈ গ’ল৷ ল’ৰা আৰু ছোৱালী এহাল৷ ছোৱালীয়ে ৰিচাৰ্ড বেত চাকৰি কৰে, ল’ৰাই ইংলেণ্ডৰপৰা চাকৰি এৰি পত্নীৰ লগ লাগি চেলফ কেটাৰিঙৰ ব্যৱসায় আৰম্ভ কৰিছে৷ ব্ৰাণ্ডাৰ ঘৰটোত আলহীৰ কাৰণে ৰুম চাৰিটা, এটা ফেমিলি ৰুম আৰু বাকী তিনিটা ডাবল বেডৰ ৰুম৷ সুন্দৰ পৰিপাটি গোটেই ব্যৱস্থাবোৰ৷ ব্ৰাণ্ডাৰ মুখতেই শুনিলো অসংখ্য বেদ এণ্ড ব্ৰেকফাষ্ট ফেচিলিটি আছে এই অকণমানি চেইণ্ট লুচিয়াখনতেই৷ এইবোৰ কথা বতৰা পাতি মইও ৰুমলৈ গৈ ফ্ৰেচ হৈ ৰাতিৰ সাজ খাবলৈ ওলাই গ’লো৷

পিছদিনা আমাৰ প্লেন হ’ল চেইণ্ট লুচিয়াৰপৰা ৩৫ কিঃমিঃ দুৰত অৱস্থিত কেপ ভিডাল নামৰ সাগৰৰ পাৰত দিনটো কটোৱা৷ ৰাতিপুৱা চাহ খাই থাকোতেই ফ্ৰান্স ডিপ্লমেট থিয়ৰিক পালো, ভাল বেয়া খবৰ লৈ কথাৰ মাজতে ক’লে এইবাৰ নেক্সট ফুৰিবলৈ প্লেন কৰিব ভাৰত আৰু জাপান৷ সৰু সুৰা ইটো সিটো কথা পাতি বিদায় ল’লো৷ ব্ৰাণ্ডাই ৰাতিপুৱা কুলাৰ বক্স এটা দিলে৷ কুলাৰ বক্সত দিনটোৰ কাৰণে খোৱা বস্তু টাউনৰপৰাই কিনি লৈ যাবলৈ ব্ৰাণ্ডাই পৰামৰ্শ দিছিল কালিয়েই, কাৰণ সাগৰৰ পাৰত দোকান পোহাৰ একো নাই৷ কেপভিডাল যাওঁতে I Simangaliso নেচাৰেল ৰিজাৰ্ভৰ মাজেদি যাব লাগে৷ গেটত টিকেট কাটি লাহে লাহে আগবাঢ়িলো৷ সৰু হৰিণৰপৰা প্ৰকাণ্ড কুদ্দুলৈকে বিভিন্ন জন্তু চাই চাই আগবাঢ়িলো৷ মাজতে এঠাইত নাহৰফুটুকী বাঘ এটা ওলালে, ৰাস্তাৰ গাড়ীবিলাক ৰৈ দিলে, আমি অৱশ্যে ভালকৈ নেদেখিলো৷ আকৌ আগবাঢ়ি গৈ থাকিলো৷ কিছু দুৰ গৈ গড়ৰ জাক এটা পালোঁ৷

অলপ দেৰি চাই একেকোবে সাগৰৰ পাৰ পালোগৈ৷ গাড়ী ৰখাই সাগৰৰ পাৰলৈ খোজ ল’লো৷ নীলা, কেৱল নীলা সেই সাগৰৰ পানী৷ কিমান সাগৰ চালো, সাগৰত নামিলো, কিন্তু সাগৰে যেন মোক কোনোদিনেই আমনি নকৰে, হেঁপাহ পলুৱাই চাই ৰওঁ প্ৰত্যেকবাৰেই, সাগৰৰ সেই নীলাবোৰ৷ প্ৰকাণ্ড ঢৌ এটাই পানীখিনি আনি ভৰিকেইটা তিয়াই দিলেহি চাই থাকোতেই৷ শিহৰিত হৈ পৰো সাগৰৰ সেই ৰূপ, যৌৱন দেখিলে৷ অৰ্ণীয়েও যিমান মন যায় পানীৰ লগত খেলিলে৷ যথেষ্ট মানুহ হৈছে, কিন্তু ক’তো অকণো লেতেৰা পেতেৰা নাই৷ জেগাই জেগাই মানুহবোৰ পানীত নামিছে, কোনোবাই পাৰত শুই পৰিছে, কাপোৰৰ ওপৰত৷ সৰু সৰু ল’ৰা ছোৱালী জাকে জাকে দৌৰি ফুৰিছে, ক’ৰবাত এবাৰ পানীলৈ নামিছে তাৰপাছতেই পাৰলৈ উঠি আহিছে৷ ৰঙীন হৈ পৰিছে সাগৰৰ পাৰ৷ এনেদৰে তাত সময়বিলাক পাৰ কৰি আবেলিলৈ চেইণ্ট লুচিয়ালৈ ঘুৰি আহিলো৷ ঘুৰি আহোতে বাটত ঘৰিয়ালৰ পাৰ্ক এখনত সোমালো৷ সেইখনত অৰ্ণীয়ে সৰু সৰু ঘৰিয়াল পোৱালী হাতত লৈ চালে৷ তাৰপৰা ওলাই চেইণ্ট লুইচাৰ ৰেষ্টুৰেণ্ট এখনত সোমাই পেট ভৰাই খাই ল’লোঁ৷

তাৰপৰা ৰুমলৈ গৈ গোটেইকেইটাই দিনটোৰ ভাগৰ মাৰিবলৈ ভালদৰে দুঘণ্টামান শুই ল’লো৷ ৯ মান বজাত খাবলৈ বুলি ওলাই গ’লো৷ মানুহে গিজগিজাই আছে ৰাস্তা পদুলি, ৰেষ্টুৰেণ্টবোৰ৷ সেইদিনা আমাৰ লগতে থকা জাৰ্মান ছেবেষ্টিয়ানক সুধিছিলো, কি দৰে গম পাইছিল চেইণ্ট লুচিয়াৰ কথা আৰু কিয় আহিলে৷ ক’লে, বিভিন্ন বন্ধুৰ মুখত ভাল ঠাই বুলি শুনি আৰু খুব নিৰাপদ ঠাই বুলি শুনি, মুলতঃ সেই দুটা কথাই তেওঁক টানি আনিছিল চেইণ্ট লুচিয়া নামৰ সৰু ঠাইখনলৈ৷

ৰাতি খাই বৈ ৰুমত সোমাই বস্তু বাহিনীখিনি থান থিত লগাই থ’লো, কাৰণ পিছদিনা ৰাতিপুৱাই চেইণ্ট লুচিয়া লেকত বটিং আছে আৰু পাছবেলালৈ চেইণ্ট লুচিয়া এৰিব লাগিব৷ পিছদিনা ৰাতিপুৱাই চাহ জলপান খাই চেইণ্ট লুচিয়া লেক পালোগৈ৷ আগতে সমুদ্ৰৰ অংশ আছিল, কিন্তু বৰ্তমান সমুদ্ৰৰ লগত অকণো সংযোগ নাই৷ ৬৫ কিঃমিঃ দীঘল আৰু ঠায়ে ঠায়ে ২০ কিঃমিঃলৈ বহল এই ৱেটলেণ্ড পাৰ্ক প্ৰায় হাজাৰটা জলহস্তী আৰু হাজাৰটা ঘৰিয়ালৰ বাসস্থান৷ দুঘণ্টা সময় আন ৪০ জন মানুহৰ সৈতে চেইণ্ট লুচীয়া হ্ৰদত ঘুৰি ফুৰাৰ পাছত মন ভৰাই ঘঁৰিয়াল, জলহস্তী আদিৰ লগতে আন আন বিভিন্ন প্ৰজাতিৰ পশুপক্ষী আদি চাই আকৌ ব্ৰাণ্ডাৰ ঘৰ পালোহি৷ অলপ সময় জিৰণি লৈ বস্তু বাহিনী গাড়ীত উঠাই ব্ৰাণ্ডাৰপৰা বিদায় ল’লো৷ অহাৰ সময়ৰ দৰে এইবাৰ ভুল নকৰো বুলি যাত্ৰাৰ আগতেই ভালদৰে খাই লোৱাৰ উপৰিও লগত কিছু খাদ্য বান্ধি লৈ যোৱাটো বুদ্ধিয়কৰ কাম হ’ব বুলি ভাবিলো৷

ৰীমাহঁতক ভাতৰ অৰ্ডাৰ দিবলৈ বহাই মই ওলাই আহিলো আন এখনৰপৰা সৰু সুৰা খোৱা বস্তু পেক কৰি নিবলৈ৷ মানুহ দুনুহ বেলেগ নাই, মোৰ অৰ্ডাৰটো লোৱাৰ পাছত কাউণ্টাৰৰ ওচৰতে বহি কথা পাতি থাকিলো৷ মানুহজন তাৰে স্থানীয়৷ ইটো সিটো কথা পাতিলো ঠাইখনৰ বিষয়ে৷ এপাকত সুধিলো, তেওঁলোকে যে ইয়াত ব্যৱসায় কৰিবলৈ বেলেগ ঠাইৰ মানুহবোৰক দিয়ে, নিজে নকৰে কিয়? বাহিৰৰ মানুহৰ তলত কাম কৰিবলৈ তেওঁলোকৰ বেয়া নালাগে নে? মানুহজনে হাঁহি এটা মাৰিলে৷ তাৰপাছত ক’লে, ইয়াৰো বহুত স্থানীয় মানুহৰ ব্যৱসায় আছে৷ কিন্তু স্থানীয় বা বাহিৰৰ বুলি কি কথা আছে, মালিক সদায় মালিকেই৷ স্থানীয়ই হওক, বাহিৰৰ হওক, বি এম, পৰ্চ লৈ আহিব, বছৰি হলিডেৰ কাৰণে ইউৰোপলৈ যাব। মালিক কোন, সেইটোৱে তেওঁৰ জীৱনৰ একো সলনি নকৰে৷ মই যি বুজিব লাগে বুজিলো, বেলেগ কথা উলিয়ালো৷ ইতিমধ্যে খোৱা বস্তুও পেক হৈ ৰেডি হৈ আহিল৷ তাৰপৰা ওলাই, ৰেডি হৈ থকা ভাতসাজ খায়েই খৰধৰকৈ গাড়ীত উঠিলো, ঘড়ীত ইতিমধ্যে ডেৰ বাজি গৈছে৷ ৰাতি দহ বজাত পামগৈ বুলি হিচাব এটা কৰি চেইণ্ট লুচিয়াক বিদায় জনাই ঘৰমুখী হ’লোঁ৷

☆★☆★☆

12 Comments

  • Shantikam Hazarika

    অতি সুন্দৰ| বৰ ভাল লাগিল |

    Reply
  • হেমন্ত কাকতি

    ভ্ৰমণ কাহিনীটো খুৱ এমজয় কৰিলোঁ অগ্নিভ!

    Reply
  • Anonymous

    ভাল লাগিল। নতুন ঠাইৰ বিষয়ে জানিবলৈ বৰ ভাল পালোঁ।

    Reply
  • Kangkan Borah

    বৰ ভাল লাগিল

    Reply
  • Prasanta borah

    পেপাৰত আপোনাৰ লিখনি পঢ়িবলৈ বাট চাই থাকো,বহু কথাা জানিব পাৰিলো,আগলৈও আশা কৰিলো ।

    Reply
  • হিৰণ্যজ্যোতি দাস

    ভাল লাগিল পঢ়ি ৷

    Reply
  • Anonymous

    বৰ ভাল লাগিল। আগলৈও আপোনাৰ পৰা এনেকুৱা ভ্ৰমণ কাহিনী পঢ়িবলৈ পাম বুলি আশা কৰিলো।

    Reply
  • ৰাজীৱ চক্ৰৱৰ্তী

    বৰ ভাল লাগিল। আগলৈও আপোনাৰ পৰা এনেকুৱা ভ্ৰমণ কাহিনী পঢ়িবলৈ পাম বুলি আশা কৰিলো।

    Reply
  • গৌৰীশংকৰ শৰ্মা

    পঢ়ি ভাল লাগিল। সাধাৰণতে ভ্ৰমণ কাহিনীবোৰ পঢ়ি ভাল পাওঁ। বহুতো কথা জানিব শিকিব পাৰি। আপোনাৰ লেখাটোত আৰু অলপ বিতংকৈ তথ্য কিছুমান যোগ কৰাৰ থল আছিল নেকি বাৰু??
    আগলৈও লিখি থাকিব এনেবোৰ ভ্ৰমণ কাহিনী।

    Reply
  • গীতিকা শইকীয়া

    পঢ়ি বহুত ভাল লাগিল। লিখনিৰ ষ্টাইলৰ বাবেই পঢ়ি যাওঁতে নিজে দেখা যেন লাগিছে।

    Reply
  • নিপম দাস

    ভাল লাগিছে পঢ়ি।

    Reply
  • জয়ন্ত দাস

    বৰ ভাল লাগিল

    Reply

Leave a Reply

Your email address will not be published.