ফটাঢোল

দুৰ্গা পূজাৰ সাংস্কৃতিক মঞ্চত গাহৰি – শংকৰ শৰ্মা

‘যি পাৱ তাকে গাহৰিৰ দৰে এসোপামান খাবি আৰু ‘গেৰা শিয়াল’ৰ দৰে বিচনাখনত পৰি থাকিবি। কাম-বন নাই। পঢ়া-শুনাটো নায়েই। সংগীততে ভালকৈ লাগ। নাই, তাতো মন-কাণ নাই। এতিয়ালৈকেতো বিচনাৰ পৰা উঠিবৰে হোৱা নাই।’― মাকৰ চিৰপৰিচিত গালিখিনিয়েও কাম নিদিলে হৰিকান্তক। বিচনাতে বাগৰ সলাই আকৌ তলকা মাৰিলে সি। মাকৰ গালিবোৰ হৰিকান্তৰ বাবে অসমীয়া টিভি চেনেলবোৰৰ বাতৰিৰ দৰে। মাকৰ একেখিনি কথাকে দিনটোত চাৰিবাৰমান শুনিব লগা হয়। গালি পৰা বাবে খং নুঠে হৰিকান্তৰ, কিন্তু একেখিনি কথাকে দিনটোত বলকি থকা বাবে খং উঠে তাৰ। টিভি হোৱা হ’লে চুইচটো বন্ধ কৰি দিব পাৰি কিন্তু সেই সুবিধা মাকৰ ক্ষেত্ৰত নাই। অৱশ্যে হৰিকান্ত গালি খোৱাৰ যোগ্যও। পঢ়া-শুনা বেছিকৈ কৰিব নোৱাৰিলে। কিবাকৈ মেট্ৰিকটো পাছ কৰিলে যদিও আগলৈ আৰু নপঢ়িলে। দিনটো তবলা, হাৰমণিয়াম, গান এইবোৰক লৈয়ে ব্যস্ত সি। অৱশ্যে হৰিকান্তৰ কণ্ঠটো বেয়া নহয়। সৰুতে মাকে গাহৰি বুলি গালি পৰা হৰিকান্তক পিছলৈ সকলোৱে গাহৰি বুলি জোকোৱাই কৰিলে। ইয়াকে লৈও মাকৰ প্ৰতি তাৰ ভীষণ খং। সেয়ে, মাকৰ কোনো কথাকে কেৰেপ নকৰে সি, যেনেদৰে মন্ত্ৰী-বিধায়কে জিকাৰ পিছত ভোটাৰক কেৰেপ নকৰে।

বিচনাত থাকোঁতেই বন্ধু হৰেণ আহি উপস্থিত হ’ল। ‘দহ বাজিবৰে হ’ল, এতিয়াও তোৰ উঠিবৰে হোৱা নাই’― হৰেণৰ উচ্চস্বৰত কোৱা কথাখিনিয়ে টোপনিত ব্যাঘাত জন্মালে হৰিকান্তৰ। সি ধহমহকৈ বিচনাত লেপেট খাই বহি পৰিল। ‘অ তই আহিছ, ভালেই কৰিলি। আজি গানটো শেষ কৰিব লাগিব। তই অকণমান বহ। মই ফ্ৰেছ হৈ আহোঁ। ‘ হৰিকান্তই বাথৰূমলৈ বুলি খোজ ল’লে। আধা ঘন্টামানৰ মূৰত হৰিকান্ত আহি গান আখৰা কৰা ৰূমত সোমাল। ইফালে হৰেণে তবলাত টুং টাং আৰম্ভ কৰিছেই। এইবোৰত ব্যস্ত থাকিলে অৱশ্যে হৰিকান্তৰ মাকে বেয়া নাপায়। মাকৰ কথা হ’ল পঢ়া-শুনা কৰিব নোৱাৰিলে যেতিয়া সংগীততে ভালকৈ লাগক। মাজতে মাকে দুয়োকে চাহো দি গ’ল। নতুন গানটো আজি সিহঁতে সম্পূৰ্ণ কৰিব। প্ৰায় গোটেই দিনটো লাগি সিহঁতে গানটো সাজু তুলিলে। কাৰণ পৰহিলৈ এটা সাংস্কৃতিক অনুষ্ঠান আছে। তাৰ বাবে দুয়োৰে এনে তৎপৰতা। এনদৰে দুয়ো সংগীতৰ ক্ষেত্ৰত জনপ্ৰিয়তা অৰ্জনো কৰিছে। লাহে লাহে দুয়োৰে জনপ্ৰিয়তা বঢ়াত এটা সমস্যাই দেখা দিলে। হৰিকান্তৰ নামটোক লৈয়ে সমস্যা। আজিকালি গায়কবোৰৰ যিধৰণৰ অত্যাধুনিক নাম তেনেস্থলত হৰিকান্তৰ এই আওপুৰণি নামটোক লৈ সমস্যা হোৱাৰে কথা। সেয়ে হৰিকান্তৰ ‘কান্ত’ গুচাই কেৱল ‘হৰি’ কৰা হ’ল আৰু দুয়োৰে নাম দুটা লগা লগাই বিখ্যাত সংগীতজ্ঞ ‘জিতু-তপন’ৰ যুটীৰ দৰে ‘হৰি-হৰেণ’ কৰা হ’ল। এতিয়া সাংস্কৃতিক অনুষ্ঠানবোৰত হৰি-হৰেণৰ সংগীতানুষ্ঠান এৰাব নোৱাৰা বিষয়। বেনাৰ, পোষ্টাৰবোৰত সদায় জিলিকি থাকে― সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ হৰি-হৰেণ। যা হওক হৰিকান্তৰ মাকৰ মনত এতিয়া অপাৰ আনন্দ। সমবেত সংগীতৰ একেবাৰে শেষৰ শাৰীত থিয় হৈ কেৱল ‘লালা-লা’ ল’ৰাটোৱে যে এনেদৰে আগুৱাব পাৰিব, মাক কিয়‌ আনেও ভবা নাছিল। হৰি-হৰেণৰ সংগীত যাত্ৰা পূৰাদমে চলি থাকিল। ইফালে এই হৰি-হৰেণক লৈ অথন্তৰৰো সীমা নাই ৰাইজৰ। বহুতে হৰি-হৰেণ এজন মানুহৰ নাম বুলিয়েই ভাবে। অনুষ্ঠানলৈ মাতিলে গামোচা, জাপি, শৰাই আদি এজন মানুহৰ কাৰণে যোগাৰ কৰে। কিন্তু যেতিয়া মূৰকত দুজন মানুহ বুলি গম পাই তেতিয়া সমস্যাত পৰে উদ্যোক্তা। এবাৰ এটা অনুষ্ঠানত ঘটিল অঘটন। হৰি-হৰেণক মাতিলে সাংস্কৃতিক সন্ধিয়া মুকলি কৰিবলৈ। যথা সময়ত দুয়ো গৈ উপস্থিত হ’ল। উদ্যোক্তাসকলে এজনৰ বাবেহে যোগাৰ কৰিছিল সম্বৰ্ধনাৰ বয়-বস্তুবোৰ। পিছত এটা বুদ্ধি কৰা হ’ল। প্ৰথমতে হৰিক মঞ্চলৈ মাতি সম্বৰ্ধনা জনালে। পিছত একেখিনি বস্তুকে হৰিৰ পৰা আনি হৰেণক সম্বৰ্ধনা জনালে। আন এদিনাখন শিল্পী দিৱসৰ অনুষ্ঠানত স্মৃতি তৰ্পণ কৰিবলৈ আমন্ত্ৰণ জনালে। সিদিনাখনো কিবা অথন্তৰ হ’ব বুলি ভাবি হৰি অকলেই গ’ল অনুষ্ঠানটোলৈ। যথা সময়ত হৰিক স্মৃতি তৰ্পণ স্থলীলৈ আগবঢ়াই লৈ যোৱা হ’ল। চাৰিওফালে মানুহে ঠাহ খাই আছে। চাকিগছি জ্বলাবলৈ গৈ হৰি ৰৈ গ’ল। উদ্যোক্তাসকললৈ চাই ক’লে― ‘লাল ফুল আনিছেনে?’ সম্পাদকজন তৎক্ষণাত আগবাঢ়ি আহিল। ইফালে সিফালে চাই হৰিৰ কাণৰ কাষত লাহেকৈ ক’লে ― ‘দাদা ইয়াত ফুল নাপাই নহয়’ ‘তেনেহ’লে বগা ফুলকে আনা’― হৰিয়ে ক’লে। সম্পাদকজনে পুনৰ কাণৰ কাষত ফুচফুচাই ক’লে ― ‘দাদা বগাটোৰো ফুল নাপাব। সৰু সৰু পলিথিনৰ পেকেটহে বিক্ৰী কৰে।’ এইবাৰ হৰিৰ বুজিবলৈ বাকী নাথাকিল। ‘হেৰি, মই সেই ফুলৰ কথা কোৱা নাই, গছৰ ফুলৰ কথাহে কৈছোঁ। ― হৰিয়ে অলপ টান সুৰত ক’লে। তেতিয়া সম্পাদকজনে বিনয়ৰ সুৰত ক’লে ― ‘নহয়, মানে দাদা, কিছুমান শিল্পীয়ে বিচাৰেতো। বেয়া নাপাব।’

আকৌ যোৱা বছৰৰ দুৰ্গা পূজাৰ সময়ৰ কথা। বেলশৰৰ বিলেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজাত নৱমীৰ দিনা সাংস্কৃতিক সন্ধিয়াত বিশেষ আকৰ্ষণ হৰি-হৰেণ। সমিতিৰ লগত কৰা চুক্তিমতে সিহঁতে দহ বজাত অনুষ্ঠানস্থলীত উপস্থিত হ’ব লাগে। সময়মতেই বাদ্যযন্ত্ৰীসকল আহি হৰিৰ ঘৰত উপস্থিত হ’ল। হৰেণো কেতিয়াবাই আহিছে। হৰিহে ওলোৱা নাই। বাদ্যযন্ত্ৰী এজনে ক’লে― ‘দাদা, সময় পাৰ হৈ গ’ল। যাব লাগিছিল নেকি?’ হৰিয়ে ভেকাহি মাৰি উঠিল ―’বাদ দিয়াহে তোমাৰ সময়। সময়ত গ’লে ডিমাণ্ড নাথাকে বুজিছা। আমাৰ কাৰণে ৰাইজ ৰৈ থাকিব লাগিব। সদায় সময়তকৈ দুঘন্টা পলমকৈ যাব লাগে। তেতিয়াহে ডাঙৰ শিল্পী বুলি ইমেজটো বাঢ়ে।’ বাৰ বজাৰ ঠিক আগে আগে হৰি-হৰেণ গৈ উপস্থিত হ’ল। সমিতি, ৰাইজ সকলোৰে খং উঠিছে। কিন্তু মুখ খুলি কোনেও একো কোৱা নাই। ডাঙৰ শিল্পীৰ কথাটো। বাৰ বাজি পোন্ধৰ মিনিট যোৱাৰ লগে লগে হৰি-হৰেণৰ গীতৰ অনুষ্ঠান আগবঢ়ালে। বাদ্যযন্ত্ৰীবোৰে যন্ত্ৰ পাতি মঞ্চত উঠালে। আধাঘন্টামান বাদ্যযন্ত্ৰবোৰ পৰীক্ষা কৰোঁতে গ’ল। ইতিমধ্যে ৰাইজ অধৈৰ্য হৈ পৰিছে। প্ৰথমতে হৰিয়ে গীত গোৱাৰ বাবে সাজু হ’ল। মঞ্চৰ তলতেই দহমিনিটমান গালে। ৰাইজে গায়কক বিচাৰি ইফাল-সিফাল কৰি থাকিল। এইবাৰ মঞ্চত উঠি হৰিয়ে এক বিশেষ ভংগীমাত দুয়োখন হাত লগ লগাই ‘একেলগে একেলগে’ বুলি চিঞৰিলে। আকৌ দহমিনিটমান গান বন্ধ। এইবাৰ মাইক টেষ্ট কৰাত লাগিল গায়ক। সিফালে দৰ্শকৰ ধৈৰ্য্যৰ বান্ধ চিঙিল। দুজনমানে ‘ঐ গাহৰি, গাহৰি’ বুলি চিঞৰিবলৈ ধৰিলে। ‘গাহৰি’ শব্দটো ঠহৰকৈ বাজিল হৰিৰ কাণত। খঙটো টিঙিচকৈ উঠি গ’ল তাৰ। নিশ্চয় ইয়াত কোনোবা তাৰ গাঁৱৰ লোক আছে। নহ’লে তাক সৰুতে জোকোৱা নামটো ইয়াত কেনেদৰে জানিব। হৰিয়ে মাইক্ৰফোনটো মঞ্চতে দলিয়াই দি নামি আহিল। সমিতিৰ মাজত হাঁহাকাৰ লাগিল। হৰিয়ে তাক গাহৰি বুলি বেয়া ব্যৱহাৰ কৰা বাবে গীত পৰিৱেশন নকৰে বুলি জনাই দিলে। সমিতি আৰু হৰিৰ মাজত গ্ৰীণৰূমত বহু সময় বাক-বিতণ্ডা চলিল। হৰিয়ে গীত নাগায়, সমিতিয়ে নেৰে। দুয়ো পক্ষই নাচোৰবান্দা। ইফালে সমিতিৰ দুজনামানে গাহৰি বুলি চিঞৰা যুৱকদুজনক বিচাৰি বিচাৰি গ্ৰীণৰূমলৈ লৈ আহিল। সমিতিয়ে যুৱকদুজনৰ পৰা তেনে ব্যৱহাৰ কৰাৰ কৈফিয়ৎ বিচাৰিলে। যুৱকদুজন হতভম্ব হ’ল। দুয়ো একেলগে কৈ উঠিল―’ আমি কি বেয়া ব্যৱহাৰ কৰিলোঁ। আমি গান গাবলৈহে কৈছিলোঁ‌। অধৈৰ্য হৈ হে আমি চিঞৰিছিলো গা-হৰি বুলি। অৰ্থাৎ হৰি গান গা, গা হৰি, কিমান আৰু দেৰি কৰ। গা-হৰি শব্দ দুটা আপোনালোকে এটা কৰি লোৱা বাবেহে এই ভুল বুজা-বুজি হ’ল।’ যুৱকদুজনৰ কথাত হৰিৰ ভুল ভাঙিল। সমিতিয়েও স্বস্তিৰ নিশ্বাস পেলালে। লাভৰ মূৰত টিভি চেনেলবোৰৰ টি আৰ পি বাঢ়িল। পিছদিনা টিভিৰ পৰ্দাত দেখা হ’ল ― ‘দুৰ্গা পূজাৰ সাংস্কৃতিক মঞ্চত গাহৰি!’

☆★☆★☆

3 Comments

  • বঢ়িয়া। হয়তো, ভালটো ক’লে বেয়া ভাবে‌। সুন্দৰ উপস্থাপন।

    Reply
  • হেমন্ত কাকতি

    তামাম লাগিল দেই৷ সংগীত সন্ধিয়াখনৰ বিতৰ্ক যেন লাইভ চালো৷ লগত উপমাবোৰো সাংঘাটিক৷ বৰ ভাল পালোঁ৷

    Reply
  • উৎপল বৰা

    হে হৰি।

    Reply

Leave a Reply

Your email address will not be published.