ফটাঢোল

দুৰ্ঘটনা : থিতাতে মৃত্যু একাধিকৰ-ৰক্তাভ কুমাৰ দাস

সৰুতে বিজ্ঞানৰ কিতাপত পঢ়িবলৈ পাইছিলোঁ, – পদাৰ্থ বুলিলে কি বুজা?

মগজ ভালেই আছিল তেতিয়া, এবাৰ কিতাপত চাই লৈ আওঁৰাই দ্বিতীয়বাৰ মাৰ পৰামৰ্শমতে বহীত লিখি লোৱাৰ পিছতেই মগজটোত সোমাই ৰৈছিল। প্ৰায় সপ্তম/অষ্টম শ্ৰেণীলৈ “পদাৰ্থ” পদাৰ্থ হৈয়েই আছিল। কিন্তু আউল লাগিল তেতিয়া যেতিয়া এই ” পদাৰ্থ ” শব্দটোৰ আগত অসমীয়া স্বৰবৰ্ণৰ প্ৰথমটো বৰ্ণ লগলগাই মায়ে মোক সম্বোধন কৰিব আৰম্ভ কৰিলে আৰু তাৰ কাৰণ আছিল মোৰ দৈহিক আৰু মানসিক বিকাশৰ লগত সমান্তৰালভাৱে বাঢ়ি আহিব ধৰা এলেহুৱা ( মাৰ ভাষাত ” গাইৰা “) স্বভাৱটো।

প্ৰথমাৱস্থাত মাৰ মুখৰ পৰা গালিৰ সুৰত উচ্চাৰিত হোৱা সেই শব্দটো শুনি মই আচৰিত নোহোৱাও নহয়,কাৰণ সেই বিশেষণটো মোৰ কাৰণে যথেষ্ট নতুন আছিল । পিছলৈ মাৰ নিৰৱচ্ছিন্ন উচ্চাৰণৰ পৰিপ্ৰেক্ষিতত নিজকে সেই শব্দটোৰ লগত একাত্ম কৰি লোৱাৰ প্ৰচেষ্টাত ব্ৰতী হোৱাৰ সাধনা কৰাৰ ফলত অদ্যপি মই “অপদাৰ্থ” মন্ত্ৰে মুগ্ধ হোৱাত সফল হৈছোঁ।

চিধা কথা, ইংৰাজীত দুটা শব্দ আছে “ইনহেৰিটেড” আৰু “ইনডিউছড”। দুয়োৰে মাজৰ পাৰ্থক্য ৰেখাডাল অধ্যয়ন কৰি এটা কথা উপলব্ধি কৰিছোঁ যে এলেহুৱা ( ব্যাখ্যা অকল মাৰ দ্বাৰা দিয়া সম্ভৱ, কাৰণ নিশ্চয় সকলোৱে জানেই ! মাৰ মতে ঘৰৰ কাম যিমান কৰিলেও যথেষ্ট নহয়।) স্বভাৱটো মোৰ কাৰণে ইনহেৰিটেড, কাৰণ সিমানখিনি এলেহুৱামি মোৰ পৰম পূজনীয় পিতাই, দদাইদেউ, ককাইদেউ প্ৰমুখ্যে ঘৰৰ সমস্ত মতা মানুহৰ তাত বিৰাজমান। আনহাতে, মায়ে প্ৰদান কৰা ” অপদাৰ্থ ” বিশেষণটো ইন্দিউছড, অৰ্থাৎ জোৰ জবৰদস্তি সেই শব্দটো মোৰ ওপৰত প্ৰয়োগ কৰি মোক মাৰ সৈতে সমানে ঘৰৰ কাম কৰাৰ বাবে সৈমান কৰোৱা এক কৌশল,যাক মাতৃকৃত অভিসন্ধি বুলিও অভিহিত কৰিব পাৰি। তাৎক্ষনিকভাৱে মাৰ সেই কৰ্মনৈতিক ( কূটনৈতিকৰ ঘৰুৱা শব্দ ! ) আঁচনিৰ প্ৰভাৱ মোৰ ওপৰত কিছুপৰিমানে পৰিছিল যদিও “ইনহেৰিটেনছ”ৰ কাৰণে তাৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ’ব নোৱাৰিলে। আগৰদৰে নহ’লেও মাৰ মুখৰ পৰা এতিয়াও কেতিয়াবা সেই শব্দটো নিৰ্গত হৈ বায়ুমণ্ডল ভেদি মোৰ কাণৰ পৰ্দাত সামান্য আঘাত কৰি নোযোৱা নহয়।

এয়া আছিল পাতনি! এতিয়া আহোঁ ৰচনাৰ মূল কথালৈকে। আগ-গুৰি নোহোৱাকৈ লিখিলে মূল্যায়ন সঠিক নোহোৱাৰ ভয় এটাও থাকি যায় কাৰণে থুলমূলকৈ এটা সূচনা লিখি দিলোঁ।

যোৱা ৰবিবাৰৰ ঘটনা। টেংকীত পানী নাই, মায়ে গা ধুই থাকোঁতে হঠাতে টেপটোৱে ওকালিব বন্ধ কৰি দিলে। ঘৰত সেইখিনি সময়ত মাৰ লগতে মই উপস্থিত। আগফালৰ বাৰাণ্ডাত বহি চোতালখন মনৰ ভিতৰত আঁকি আছোঁ, কোনটো পজিশ্বনত কি ফুল ৰুব পাৰি মনতে জুকিয়াই চাই আছোঁ। কল্পনাতে মৃত সঞ্জীৱনীৰ হেজ দুটামান কাটি গেটৰ মুখৰ পৰা বাৰাণ্ডাৰ চিৰিলৈকে দীঘলীয়াকৈ ৰুই দিলোঁ, গ্ৰীলৰ সন্মুখৰ ফালে গোলাপ দুজোপা আৰু আনটোফালে নীলা অপৰাজিতা ফুল এজোপা ৰুইয়ে পেলালোঁ (যদিও প্ৰকৃততে সেয়া দেউতা নহলে কোনোবা বন কৰা মানুহৰ দ্বাৰা হে কৰা যাব !)। এনেদৰে গোটেই এক্সটেৰিয়ৰ ডিজাইনিংৰ এটা থুলমূল হিচাপ কৰি বাৰাণ্ডাৰ গেটৰ তলফালে হঠাৎ চকু যাওঁতে লক্ষ্য কৰিলোঁ পৰুৱা কেইটামানে মৰা মকৰা এটাক সমজুৱাভাৱে কান্ধত উঠাই লৈ গৈ আছে। আগে আগে দুটামানে সিহঁতক বাট দেখুৱাই নিছে। মনৰ ভিতৰতে নিজকে সিহঁতৰ সমাজখনত আৱিষ্কাৰ কৰিব চেষ্টা কৰিলোঁ। আজি মানে সিহঁতৰ মহাভোজ!

সকলোৱে যথেষ্ট আনন্দ-উল্লাসৰ মাজেৰে “পৰুৱা গীত ” গাই গাই সিহঁতৰ গাঁওলৈকে আগবাঢ়ি গৈ আছে। হঠাতে লক্ষ্য কৰিলোঁ আমি আগবাঢ়ি থকা বাটটোৰ উলম্ব দিশৰ পৰা এডাল কেৰেলুৱাই তীব্ৰ গতিত আমাৰ ফালে (যিহেতু এতিয়া মই পৰুৱা সমাজত সোমাই পৰিছো!) আগবাঢ়ি আহি আছে। মই খুব শংকিত হ’লো, বিপদ আহি থকা দেখা পাই পৰুৱা সমাজক জোৰ জোৰকৈ চিঞঁৰি কথাটো জনাবলৈ চেষ্টা কৰিলোঁ। কিন্তু আনন্দ উল্লাসত মত্ত সিহঁতে যেন মোৰ কথা শুনা নাপালে! ইতিমধ্যে কেৰেলুৱা আহি নিচেই কাষ পালে, থমকি ৰোৱাৰ কোনো লক্ষণ দেখা নাপাই মই তাৰ পৰা আঁতৰি দিলো আৰু তাৰ পিছত এটি কৰুণ দুৰ্ঘটনা। কেৰেলুৱাৰ খুন্দাত একাধিক পৰুৱাৰ মৃত্যু, শতাধিক আহত। ঘটনাটোৱে যেন পঞ্জাৱত ” দছেৰা ” ৰ দিনা সংঘটিত হোৱা দুৰ্ঘটনাৰ পুনৰাবৃত্তি কৰি গ’ল ! মুহুৰ্তৰ ভিতৰতে সিহঁতৰ মাজত হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হ’ল। মহাভোজৰ অন্যতম আকৰ্ষণ মৰা মকৰাটোক এৰি থৈ পৰুৱাবোৰ যেনি তেনি পলাব ধৰিলে। ঘটনাস্থলীত কেৰেলুৱাটো ও পাক খাই অলৰ-অচৰ হৈ পৰি আছিল । ইতিমধ্যে কোনো কোনো ঠাইৰ পৰা সিহঁতৰ সমাজৰ সংবাদদাতা, গুণমুগ্ধ, পৰুৱানৈতিক নেতাসমূহ তাত আহি উপস্থিত হৈছিলহি। মৃতকৰ পৰিয়ালক এক কেজিকৈ চেনীৰ সাময়িক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দি এটা সময়ত সুবিধাবাদী কিছু পৰুৱাই সুযোগ বুজি মৰা মকৰাটো ঠাইৰ পৰা আঁতৰাই লৈ যোৱাও দেখা গ’ল।

ইতিমধ্যে মোৰো মনত দুখ কুলাই পাচিয়ে নধৰা হৈ পৰাৰ সেই ক্ষণত মই উপলব্ধি কৰিলোঁ মোৰ ভৰিৰ তলত আঠাজাতীয় কিবা লাগি ধৰিছে। কল্পনা জগতৰ পৰা বাস্তৱলৈ ঘূৰি আহি অলপ আগতে ঘটি যোৱা ঘটনাৰ পৰ্যালোচনা কৰি গম পালোঁ যে যিটো দুৰ্ঘটনাৰ কাৰণে মই কেৰেলুৱাক দোষী বুলি ভাবি আছিলোঁ, দৰাচলতে তাৰ কালপ্ৰীত ময়েই। স্বভাৱসুলভ প্ৰতীপ ক্ৰিয়াৰ ফলশ্ৰুতিত কেৰেলুৱাটোৰ ওপৰত মোৰ ভৰিৰ চাপ পৰাৰ ফলত তাৰ লগতে পৰুৱা কেইটামানৰো মৃত্যু ঘটিল আৰু কেৰেলুৱাৰ গাৰ পৰা নিৰ্গত দ্ৰব্য মোৰ ভৰিৰ তলুৱাত লাগি ধৰিলে। এই হৃদয়বিদাৰক দৃশ্য দেখিব পাই মোৰ নিজকে খুব দোষী যেন অনুভৱ হোৱাত মই পাছফাললৈ বুলি খোজ ল’লো।

হেন সময়ত মায়েও গা ধুই ওলাই আহিল আৰু সন্মুখত মোক দেখি পাই যথেষ্ট উষ্মাৰে পুনৰবাৰ সেই বিশেষণটোৰে মোক সম্ভাষণ জনাই ক’লে, – অপদাৰ্থটো! ইমান সময়ে পানী নাই বুলি টেটু ফালি মাতি যে আছিলো ক’ত মৰিব গৈছিলি! আধা ধোৱা গা ৰে গৈ মটৰৰ চুইছ অন কৰিছোঁ মই…ব্লা ব্লা ব্লা…

অনুশোচনাত দগ্ধ ‘মই’জনৰ মুখৰ পৰা তেতিয়া অস্পষ্ট সুৰত মাত্ৰ কেইটামান শব্দ ওলাল – দুৰ্ঘটনা : থিতাতে মৃত্যু একাধিকৰ…..

☆★☆★☆

2 Comments

  • কমলা দাস

    নিজৰ দুনিয়াত মগ্ন ।মায়ে চিঞৰি থাকিলেও গম নোপোৱা ন

    Reply
  • “দুৰ্ঘটনা : থিতাতে মৃত্যু একাধিকৰ…..”
    হাঁহিলো ! 😀

    Reply

Leave a Reply

Your email address will not be published.