ফটাঢোল

দেউতাৰ লগৰ দেউতা — প্ৰদীপ বৰা

গুৱাহাটীৰ সোণালী নগৰত আমাৰ সংগঠনৰ এখন প্ৰতিনিধি সভা আছে সন্ধিয়া ছয় বজাৰ পৰা৷ পূৰ্ব পৰিকল্পনা অনুযায়ী বিজয় মহন্তও মোৰ লগত যাব৷ মহন্তই বোলে,

: কিমান সময়ত যাব?

মই বোলো

: সন্ধিয়াহে সভা আৰম্ভ হ’ব৷ গতিকে ঘৰতে গৰম ভাত এমুঠি খাই দিনৰ ন’ বজাত যাত্ৰা আৰম্ভ কৰিম৷ আপুনি আমাৰ ঘৰলৈকে আহিব দুয়োজন একেলগ হৈ ধীৰে ধীৰে গৈ থাকিম৷

ফলঙনি ডাকঘৰ চাৰিআলিতে ট্ৰেকাৰ বা টাটা মেজিকত ৰঙাজানলৈকে যাম৷ ৰঙাজান বা বোকাখাত নহ’লে নগাঁও বা একেকোবে গুৱাহাটীৰ গাড়ীত উঠিম৷ কথা মতে কাম৷ মহন্ত ন’ বজাত মোৰ ঘৰ পালেহি৷ মহন্তই বোলে,

: ক’তা আপুনি দেখোন ড্ৰেছ কৰাই নাই৷

মই বোলো,

: দহ মিনিট বহক৷

বিজুলীৰ বেগেৰে মই ড্ৰেছ পোছাক কৰি ফিটিং হ’লোঁ৷ বোৱাৰীয়ে বোলে,

: ইমানদূৰ যাব গুৰুগৃহত সেৱা এভাগ জনাই লওক দেউতা৷

তাই ঠিকেই কৈছে বুলি আমি দুয়োজনে গোসাঁই ঘৰৰ দুৱাৰ মুখতে সেৱাা এভাগ জনাই যাত্ৰা আৰম্ভ কৰিলোঁ৷ এশ মিটাৰ খোজকাঢ়ি গৈ ডাকঘৰ চাৰি আলিত গাড়ীৰ বাবে অপেক্ষা কৰিলোঁ৷ পোন্ধৰ মিনিট পিছত এখন মেজিক আহিল৷ ড্ৰাইভাৰে ক’লে বাবা উঠক যেনেতেনে৷ ইতিমধ্যে তাত বাৰ জন যাত্ৰী আছেই৷ পিছৰ ছীট দুটাত নবজাতক এটা বহিব পৰাকৈ দুটা ছীট আছে৷ প্ৰতিটো ছীটত ছয় ইঞ্চি মানকৈ জেগা আছে৷ আমি শোকোতাকে মুকুতা বুলি ভাবি দুয়োজনে ছয় ইঞ্চিকৈ জেগা দখল কৰি ল’লোঁ৷ তাৰমানে আমি প্ৰত্যেকে আমাৰ একোটা তপিনাক সংস্থাপন দি একোটা তপিনা শূন্যত ওলোমাই যাত্ৰা আৰম্ভ কৰিলোঁ৷

যিখন গাড়ীত দহজন মানুহ যাব পাৰে সেইখন গাড়ীত চৈধ্যজন যাত্ৰী উঠি গৈ আছোঁ৷ বাটত ঠেলি হেঁচি আৰু পাঁচজন যাত্ৰী উঠাই ল’লে৷ মাজ মাজে বহুত দিন স্নান নকৰা যাত্ৰীৰ শৰীৰৰ পৰাও একোটা চিনাকি গোন্ধ আমাৰ নাকত লাগিছে এবাৰ আকৌ পঁচা কণীৰ দৰে আন এটা গোন্ধে মলমলাইছে৷ মহন্তই বোলে

: কি গোন্ধাইছে বৰা?

মই বোলো

: বিজ্ঞানৰ ভাষাত হাইড্ৰজেন ছালফাইড গেছৰ গোন্ধ৷

দুজনমান যাত্ৰীৰ মুখৰ পৰা ওলোৱা ৰঙা পানীৰ
দুৰ্গন্ধয়ো মলমলাই আহিছে৷ ৰঙাজানলৈকে তেৰ কি:মি: দূৰত্ব অতিক্ৰম কৰোঁতে এঘণ্টা বাৰ মিনিট সময় লাগিল৷ আমি নমাৰ লগে লগে তাত ৰৈ থকা গাড়ী বিলাকৰ কৰ্মচাৰী বিলাকে বিভিন্ন ধৰণৰ শুৱলা শুৱলা সম্বোধন ধৰি সিহঁতৰ গাড়ীত যাবলৈ নিমন্ত্ৰণ জনাইছে৷ আমি একেবাৰে আগত থকা গাড়ীখনলৈ গ’লোঁ৷ তাত থকা কৰ্মচাৰীজনে মোক খুড়া আৰু মহন্তক দেউতা বুলি সম্বোধন ধৰি অনুৰোধ সূচক আহ্বান জনাইছে৷ মহন্তই ধুতি পঞ্জাৱী পৰিধান কৰাৰ বাবেই সম্ভৱ দেউতা বুলি কৈছে৷ সিহঁত হেনো তিনি ঘণ্টাত নগাঁও পাবগৈ৷ তেতিয়া এঘাৰ বাজিছে৷ আমি ভাবিলোঁ দুই বজাত নগাঁও পাবগৈ আৰু পিছৰ চাৰিঘণ্টাত গুৱাহাটী পামগৈ৷ আমি দুয়োজন সেই ট্ৰেভেলাৰখনত উঠি ল’লোঁ৷ সিহঁতৰ কাৰবাৰ দেখি আমাৰ বিৰক্তি জন্মিল৷ এক কি:মি: দুই কি:মি:ৰ অন্তৰে অন্তৰে সিহঁতে গাড়ী ৰাখি মানুহ উঠোৱা নমোৱা কৰি কৰি গৈ আছে৷ সংযোগী ৰাষ্টাৰে যদি মানুহ খোজকাঢ়ি আহি থকা দেখে তেতিয়াও সিহঁতে দুই মিনিট গাড়ীখন ৰাখি থয়৷ মই অলপ খঙেৰে ক’লোঁঁ,

: হেৰা তোমালোকে এনেকৈ প্ৰাকৃতিক দৃশ্য চাই গৈ থাকিলে আজি নগাঁও পাবাগৈ নে?

ইফালে আমি তাৰপৰা আকৌ গুৱাহাটীৰ গাড়ীত যাব লাগিব৷ আৰু কেইজনমান যাত্ৰীয়েও সিহঁতক কুকুৰে কাঁইট নোখোৱা কৰিলে৷ তাৰ পিছত ট্ৰেভেলাৰে গতিবেগ বৃদ্ধি কৰি ট্ৰেভেল আৰম্ভ কৰিলে৷ এক বজাত বোকাখাট পালেগৈ৷ সকলোকে নামিবলৈ ক’লে৷ আমি বোলো,

: নগাঁও যাম বুলি তোমালোকে কিয় ফাকি দিলা৷

সিহঁতে ভাবিলে ধুতি পিন্ধাজনকে অনুৰোধ কৰা হওক৷ মহন্তক হাতজোৰ কৰি ক’লে,

: চাওক দেউতা সকলো যাত্ৰী ইয়াতে নামি গ’ল মাত্ৰ দুজন যাত্ৰীক লৈ কেনেকৈ নগাঁৱলৈ যাম বেয়া নাপাব৷

দেউতা বুলি কৈ অতিৰিক্ত ভাড়াখিনি আমাক ওভতাই দিলে আৰু পাব্লিক কাউণ্টাৰটো দেখুৱাই ক’লে,

: তাতে অলপ বহক ঢেৰ গাড়ী পাই যাব৷

কাউণ্টাৰৰ পৰা এজন ডেকাই আমাক আদৰ সাদৰ কৰি সিহঁতৰ কাউণ্টাৰত খন্তেক বহি আৰাম কৰিবলৈ কৈ ক’লে যে,

: দুই মিনিটতে চুপাৰ গাড়ী পাই যাব ডাইৰেক্ট গুৱাহাটীৰ৷ গহিনছে বহি আৰামছে সোনকালে গুৱাহাটী পাইযাবগৈ, আপোনালোকে দুটা টিকট সোনকালে লৈ লওক, এনেই তিনিশ পঞ্চাশ টকা হয় আপোনালোকে তিনিশকৈ দিলেই হ’ব৷

মই বোলো,

: আমাৰ কঁকালত বিষ আছে আগত বা মাজত চিত দিবা৷

মহৰিজনে ক’লে বোলে,

: আপোনালোক মোৰ দেউতাৰ লগৰ দেউতা কিয় পিছত দিম৷

মহন্তয়ো ক’লে বোলে,

: বোপাই বেমাৰী মানুহ পিছত ছীট নিদিবা৷

মহৰিয়ে পুনৰ ক’লে,

: আপোনালোক মোৰ দেউতাৰ লগৰ দেউতা৷ কিয় অবিশ্বাস কৰিছে পিছৰ ছীট নিদিওঁঁ নহয়৷

আমিও হোলাৰ ভাই মোলা৷ সি যেতিয়া আমাক দেউতাৰ লগৰ দেউতা বুলি ভাবিছে কিয়নো পিছৰ ছীটত দিব৷ আমিও তাক পোৰ লগৰ পো বুলি ভাবি টিকট দুটা কিনি ল’লোঁ৷ অলপ পিছত এখন আটক ধুনীয়া চুপাৰ আহিল৷ মহৰিয়ে বোলে,

: সেইখন বেয়া গাড়ী৷

অলপ পিছত অন্য এখন চুপাৰ আহিল মহৰিয়ে গাড়ীৰ মহৰিৰ লগত টিপতে কথা পাতি আমাক উঠি ল’বলৈ ক’লে৷ আমি ষ্টেপত ভৰি দিয়াৰ লগে লগে গাড়ী ষ্টাৰ্ট দিলে৷ কেবিনৰ দুৱাৰ খুলি চলন্ত গাড়ীৰ ভিতৰে ভিতৰে আমি গৈ আছোঁ গৈ আছোঁঁ৷ একেবাৰ গেলেৰীত সোঁফালে মাত্ৰ ডেৰটা ছীট আছে৷ একেবাৰে চুকত এটি শিশু আৰু কাষত মাক৷ মই মহিলা গৰাকীৰ কাষতে বহিলোঁ৷ মহিলা গৰাকীক ক’লোঁঁ,

: ল’ৰাটো মাজত দি আপুনি চুকলৈ যাওক৷

ল’ৰাটো নাছোৰবান্দা৷ সি চুকটো এৰি নিদিয়ে ৷ উপায়ন্তৰ হৈ মহিলা গৰাকীয়ে ল’ৰাটোক কোচত বহুৱাই ল’লে৷ গাড়ীখনৰ বয়স হৈছে, বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰি৷ সোঁফালে পিছৰ পৰা দুইনম্বৰ খিৰিকীৰ গ্লাছখন নাই তাৰঠাইত প্লাইউদৰ খিৰিকী এখন লগোৱা আছে৷ ইফালসিফাল কৰিব নোৱাৰি সেইখন৷ গাড়ী কাজিৰঙাৰ মাজেৰে গৈ আছে৷ স্পিড ব্ৰেকাৰবিলাকত একোটা হাই জাম্প মাৰে৷ মহন্তই বোলে দেউতাৰ লগৰ দেউতা৷

মাকৰ তুলনাত ল’ৰাটোৰ ওজন বেছি, মাকৰ যে কোচত লৈ যোৱাত কষ্ট হৈছে মোৰ অনুভৱ হৈছে আৰু মনতে দুখো লাগিছে৷ মই বোলো,

: আপোনাৰ কষ্ট হৈছে তাক নমায়ে দিয়ক চুকতে বহিবলৈ দিয়ক৷

মহিলা গৰাকীয়ে ল’ৰাটো চুকত বহুৱাই তেওঁৰ আৰু মোৰ মাজত স্পৰ্শ দোষৰ পৰিত্ৰাণৰ অৰ্থে ভেণ্টি বেগটো আমাৰ দুজনৰ মাজত দি দিলে৷ মাজে মাজে মানুহ গৰাকীলৈ দুখন ঘৰৰ পৰা ফোন আহে৷ এখন ঘৰে অসমীয়াত কথা পাতে আৰু সিখন ঘৰে বাংলাত কথা পাতে৷ ল’ৰাটোৱে কিন্তু অসমীয়াত কথা পাতে৷ তেতিয়া মই থাৱৰ কৰিলোঁ যে মহিলা গৰাকীৰ স্বামীৰ ঘৰ অসমীয়া আৰু মাতৃগৃহ বঙালী৷ আৰু তেওঁ মাকৰ ঘৰলৈ আহিছে৷ মাজে মজে গাড়ীৰ হাই জাম্প আৰু মহন্তৰ মুখত স্বতঃস্ফূৰ্ত মহৎবাণী “দেউতাৰ লগৰ দেউতা” আৰু মোৰ চিন্তা মই কেনেকৈ সেই হাই জাম্প বিলাকত মহিলা গৰাকীৰ লগত স্পৰ্শ দোষ নঘটাকৈ নিষ্ঠাৰ পাওঁ৷ ঈশ্বৰৰ কৃপাত মহিলা গৰাকী যেনিবা ৰহাত নামিলে৷ এতিয়া কিছু সকাহ পোৱা গ’ল৷ ঠেতেলা বেঙেনা হৈ আমি যেনিবা কাণে-কাণমাৰি ছয় বজাত খানাপাৰাত নামিলোঁগৈ৷

এতিয়া আকৌ সোণালী নগৰলৈ চিটি বাছ যাত্ৰা৷ চিতি বাছৰ পৰা নামি আকৌ বেটাৰী ৰিক্সা৷ ৰিস্কাৱলাই আমাক ক’লে যে,

: আপোনালোকৰ সভা দিনতে হৈ গ’ল৷

আমি বোলো,

: কিয় হ’ব আমাৰ হাতত চিঠি আছে নহয়৷ সন্ধিয়া ছয় বজাতহে মিটিং আছে৷

: হেৰি দেউতাৰ লগৰ দেউতা চিঠিখন উলিয়াওকচোন আকৌ আমি বেঙেনা পাবলগীয়া হ’ব নেকি!

মহন্তই চিঠিখন উলিয়াই মোক দেখুৱালে সন্ধিয়া ছয়বজাত বিশেষ প্ৰতিনিধি সভা৷ ছয় বাজি পোন্ধৰ মিনিটত আমি সোনালী নগৰৰ আমাৰ কাৰ্যালয় পালোঁগৈ৷ নিমাওমাও পৰিবেশ, আমাৰ গা চেবালে, তাৰমানে আকৌ ৰামটাঙোন৷ কাৰ্যালয়ত খবৰ কৰি জানিব পাৰিলোঁ ৰিস্কাৱলাৰ কথাই সচাঁ৷ আমাক চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী বৰ্মনে ক’লে,

: সভাৰ সময় বদলি কৰাৰ কথা আপোনালোকে গম নাপালে নেকি? কেইবাখনো জিলাৰ প্ৰতিনিধিয়ে এনেকৈ ঘূৰি যাব লগীয়া হ’ল৷ আপোনালোকক জিলাৰ বিষয়ববীয়াই খবৰটো নিদিলে নেকি? যি হ’ল হ’ল ইয়াতে খাইবৈ ৰাতিটো শুই থাকক৷

আমি সংগঠনৰ চেয়াৰমেন আৰু সম্পাদকলৈ ফোন লগালোঁ৷ তেওঁলোকে চুইচ অফ কৰি থৈছে৷ জিলা পৰ্যায়ৰ সম্পাদকলৈ ফোন লগালোঁ৷ জিলা সম্পাদকে ক’লে যে ৰাজ্যিকে হেনো সময়সূচী বদলি কৰাৰ কথা অৱগত নাই কৰা৷ বৰ্মনে আমাক ৰূম এটালৈ আনি বিছনাবিলাক দেখুৱাই দিলে৷ আমি দুখন বিছনা বাছি ল’লোঁ৷ কিছু সময়ৰ পিছত আমাক ভোজনালয়লৈ মাতিলে৷ তেতিয়াও দিনতে সিদ্ধ কৰা দুশজনে উদৰ পূৰাই খাব পৰাকৈ খাদ্য বস্তু কুহুমীয়া উত্তাপত আছিল৷ প্ৰাচীন কালত হোৱা হ’লে খঙতে গোটেইখিনি খাদ্য বকাসুৰৰ দৰে গিলি পেলালোঁহেঁতেন৷ শোকোতাকে মুকুতা কৰি পেটটো পূৰালোঁ৷

তাৰ পিছত বিছনালৈ আহিলোঁঁ৷ পেণ্ট, চোলা, জোতা নোখোলাকৈয়ে শুই থাকিবলৈ মন গৈছিল৷ কিন্তু কছোৱাৰ আক্ৰমণত ধৰাসায়ী হৈ হাজাৰ হাজাৰ মহৰ ডেডবডি বেডকভাৰত পৰি আছে৷ সেই বিলাক আঁতৰাই বিছনাত পৰিলোঁ৷ মহন্তই ক’লে,

: বৰা দুখ কৰি লাভ নাই “দেউতাৰ লগৰ দেউতা” বুলিয়েই বৰ্মনে যেনিবা এইকণ সুবিধাকে দিলে৷

পিছ দিনা সোনকালে উঠি গৃহাভিমুখী হ’লোঁ৷ নিয়ম মতে বিছনাৰ বাবদ এশ টকা আৰু খোৱাৰ বাবদ পঞ্চাশ টকা আদায় দিব লাগে৷ সেই সম্পৰ্কত সংগঠনৰ প্ৰধান সম্পাদকলৈ এখন চিঠি লিখিবলৈ মন আছিল৷ কিন্তু বৰ্মনক আমনি নকৰোঁ বুলি গুছি আহিলোঁ৷

বাটত মহন্তই নাগৰিকত্ব সংশোধনি বিল ২০১৬ ৰ কথা উলিয়ালে৷ মই মহন্তক ক’লোঁ,

: এই সম্পৰ্কত মই এজন দাগী অসমীয়া বুজিছে৷ মোৰ পঞ্চাশ বিঘা মাটিত ধান খেতি কৰিবলৈ বিশ্বাসী খিলঞ্জীয়া বনুৱা নাপালোঁ৷ এবাৰ কৰিমগঞ্জলৈ গৈছিলোঁ৷ তাত বাংলাদেশীবিলাকে দোকমোকালিতে চাৰকীয়া নদী পাৰহৈ অসমত দিনৰ দিনটো হাজিৰা কৰি ৰাতি ঘূৰি যায়৷ কেতিয়াবা নগৰতে থাকি যায়৷ সিহঁতে ব্ৰহ্মপুত্ৰ উপত্যকাত থাকি কাম কৰিবলৈ বৰ হেঁপাহ কৰে৷ মই সিহঁতৰ মোবাইল নম্বৰ লৈ আহিলোঁ৷ খেতিৰ সময়ত সিহঁতক ফোন কৰি দিওঁ সিহঁতে ৰেলত আমাৰ ঘৰলৈ আহে৷ পূৰ্ণোদ্যমে খেতিৰ কাম কৰে, মোক দেউতা বুলি মাতে৷ মোৰ সেই সময়ত স্বদেশপ্ৰেম জাগি নুঠে, নিজৰ আৰ্থিক প্ৰতিপত্তিতকৈ জাতি, মাটি, ভেটি বা খিলঞ্জীয়াৰ ভাষা সংস্কৃতিৰ কথাই মোৰ মগজুত স্থান নাপায়৷ সিহঁত অসমলৈ অহা সাত বছৰ হ’ল৷ সিহঁতে যদি নাগৰিকত্ব পাই মোৰ লাভেই লাভ৷ ফাৰ্মৰ জৰিয়তে মোৰ ধন ঐশ্বৰ্য লগতে প্ৰতিপত্তি বাঢ়িব৷ মই নিৰ্বাচন খেলিলে সিহঁতে মোক দেউতাৰ লগৰ দেউতা বুলি ভোট দিব৷ মোৰ আসন গদগদীয়া হ’ব৷ কিন্তু এতিয়া তিৰাশীৰ দৰে পৰিস্থিতি হয় বুলি অলপ চিন্তা হৈছে৷

☆★☆★☆

2 Comments

  • ফটিক বৰা

    অতীজৰ পৰা ধোদ আছিলো ।এই সকলে পচলা কৰিলে ।বৰ সচা ছবি ।

    Reply
  • জয়ন্ত দাস

    সুন্দৰ৷ দেউতাৰ লগৰ দেউতা বৰ ভাল লাগিল৷

    Reply

Leave a Reply

Your email address will not be published.