ফটাঢোল

দেওবাৰ – হিৰন্ময়ী গগৈ কোঁৱৰ

অভ্যাসবশতঃ পাঁচবজাত তাই সাৰ পালে ৷ কোনোমতে চকুকেইটা মেলি উঠিব খোজোতেই মনত পৰিল আজিতো দেওবাৰ৷ মনতো পাতল লাগি গ’ল তাইৰ৷ কেনে মজা! টোপনিৰ চিকুণ পুৱাটো আজি হেঁপাহ পলুৱাই উপভোগ কৰা যাওক বুলি তাই হাত ভৰি মেলি পুনৰ চকুকেইটা মুদি দিলে৷ যেই মুদি দিলে তাইক পুনৰ টোপনিয়ে হেঁচা মাৰি ধৰিলে ৷

ছয়বজাত পুনৰ তাই সাৰ পালে৷ধুৰ্ ছয় বাজিছেহে বুলি আকৌ টোপনিত৷ অৱশ্যে চাৰে ছয় বজাত তাই উঠি আহিল৷ তাৰ পাছত একমিনিটৰ কামটোত দুইমিনিট লগাই লগাই কামবোৰ কৰিলে।গা ধুলে এঘন্টামান। মাজে মাজে এনেয়ে বহি আকাশ-পাতাল ভাবিলে। ওঁঠত গুণগুণ গান। ইউটিউব চাই এল’ভেৰা ফেচপেক্ এটাও লগালে। আজি সময়েই সময়, না কাম আছে না নিমন্ত্ৰণ ।

মাংসৰ ধুনীয়া ৰেচিপি এটা চেভ কৰি থৈছিল।আজি বনাব বুলি ভাবি থৈছে। মানুহজন বজাৰলৈ গৈছে৷ মুখত ফেচপেক্ লৈ চকুৰ পানী নাকৰ পানী একাকাৰ কৰি পিঁয়াজখিনি কাটিলে। এইটো ৰেচিপিত সৰহকৈ পিঁয়াজ লাগে। ডাইনিং টেবুলতে বাকীবোৰ সামগ্ৰীও গোটাই লৈছে । লাহে লাহে কাটিব, আজি অকল মাংস আৰু ভাত। তিঁয়হৰ চাটনি এখন থাকিব অৱশ্যে। ভাবিয়েই তাইৰ জিভাৰ পানী পৰিল ৷

মানুহজন বজাৰৰ পৰা আহিল, ফেচপেক্ লগোৱা মুখেৰে তাই আকাৰে-ইংগিতেৰে মাংসখিনি ফ্ৰিজত থ’বলৈ ক’লে। মাত মাতিলে মুখত বলিৰেখা পৰে বোলে! চেহেৰা বেয়া হৈ যায়৷

কটা-বছাখিনি কৰি তাই বাথৰুমলৈ গ’ল। তেতিয়ালৈ ফেচপেক্ শুকাই কৰকৰীয়া মাৰিছিল। পিঁয়াজ কটা হাত লাগি যোৱাত অলপ ভমভমালেও। মুখখন ধুই তাই পাকঘৰলৈ আহিল, বিলাহীকেইটা ধুই ল’লে। ফ্ৰিজটো খুলি চাই তাইৰ খঙটো টিঙিচকৈ উঠি আহিল। মানুহটোৱে মাংসখিনি ফ্ৰিজত থ’ব নোৱাৰিলেনে বাৰু! বেয়াই হ’ল কিজানি! ইমান গৰম তাতে। এইবুলি তাই বজাৰৰ মোনাটোৰ পৰা মাংসৰ টোপোলাটো উলিয়াই বেচিনত থ’লে।

মানুহজনক ধমক এটা দিওঁ বুলি মুখখন মেলোতেই সিফালৰপৰা তেওঁ চিঞৰিলে “কি কৰি আছা, নোলোৱা কেলেই? বায়েৰে ফোন কৰি আছে “তাইৰ মেলা মুখ মেলাতে থাকিল, বায়েকে আজি সিহঁতক ভাত খাবলৈ মাতিছিল ! পাহৰা যেন নেদেখুৱাই তাই ক’লে, “তেতিয়াহলে মাংসখিনি কেলেই আনিলা?”

“ক’ত মাংস আনিলোঁ”

“সেইখিনি কি?”

“ভালকৈ চোৱাগৈ যোৱা!” টোপোলাটোত সেইখিনি তামোল!

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.