ফটাঢোল

দেওবৰীয়া কবি সন্মিলন — ৰঞ্জিত কুমাৰ শৰ্মা

আজিৰ কথাখিনি লিখাৰ আগতে পাঁচদিনমান আগলৈ ঘূৰি যাব লাগিব। সেইদিনা আছিল বুধবাৰ। পুৰুষ-মহিলা এহাল আহিল মোৰ ঘৰলৈ। দুয়ো সাহিত্যানুষ্ঠান এটাৰ কৰ্মকৰ্তা। দুয়ো মোৰ ঘৰলৈ আহিছে কবি সন্মিলন এখনলৈ নিমন্ত্ৰণ জনাবলৈ। মহিলাগৰাকীয়ে তেওঁৰ বেগৰ পৰা চিঠি এখন উলিয়াই মোৰ হাতত দি ক’লে–’কবি সন্মিলন এখন পাতিছোঁ, তাৰেই নিমন্ত্ৰণ।’ চিঠিখন খুলি চালোঁ। ৰামধেনু সাহিত্য-সংস্কৃতি মঞ্চ নামৰ অনুষ্ঠানটোৰ কবি সন্মিলন। অনুষ্ঠান পৰৱৰ্তী দেওবাৰে স্থানীয় কন্যা মহাবিদ্যালয়খনৰ প্ৰশালাত। অনুষ্ঠান আৰম্ভ কৰাৰ সময় নিৰ্ধাৰণ কৰা হৈছে দিনৰ দহ বজাত।
মই বোলো, ‘আমন্ত্ৰণ নে নিমন্ত্ৰণ?
দুয়োৱে উত্তৰটো নিদি পৰস্পৰে পৰস্পৰৰ মুখলৈ চোৱাত মোৰ বুজিবলৈ বাকী নাথাকিল যে তেওঁলোকে মোৰ প্ৰশ্নটো বুজিব পৰা নাই। দুয়োকে বেছি সময় বুৰ্বক সজোৱাৰ ইচ্ছা নকৰি মইয়েই ক’লোঁ– ‘খোৱা-লোৱাৰো কিবা ব্যৱস্থা আছে, নে চাহ-পানীৰেই চলিব? ‘অ’ সেইটোহে’–এনে ভাৱ দেখুৱাই দুয়ো জনালে যে দুপৰীয়া সাধাৰণভাৱে এসাঁজ একেলগে খোৱাৰ ব্যৱস্থা আছে। মই বোলো, ‘ঠিকেই কৰিছে, নহ’লে মানুহ গোটোৱাও টান হৈ পৰে।’ দুয়োগৰাকীয়ে মোৰ কথাত ঐকমত্য প্ৰকাশ কৰি যাবলৈ উঠিল। যোৱাৰ সময়ত বৰকৈ কৈ গ’ল–’দাদা, আপোনাৰ পৰা নতুন কবিতা এটি পাম বুলি আশা কৰিলো।’ ‘ঠিক আছে বাৰু’ বুলি সন্মতি দি দুয়োকে বিদায় দিলোঁ। পানী এটুপিও দিব লগা নোহোৱা অতিথি যোৱাৰ পিচত ‘শ্বপিং’ৰ পৰা ঘৰমুৱা হোৱা শ্ৰীমতীক কথাটো ক’লোঁ। দেওবাৰে দুপৰীয়াৰ ভাতসাঁজ যে কবি সন্মিলনতেই খাম সেইটোও কৈ থলোঁ।
‘সেইটো হ’ব বাৰু। কিন্তু বিনা পইচাত পালে আলকাতৰাও খোৱাৰ দৰে যি পায় সোপাকে খাই নাহিব।’– শ্ৰীমতীৰ নিয়মমাফিক সতৰ্কবাণী।
চাৰিদিন পাৰ হ’ল, কিন্তু নতুন কবিতা লিখা নহ’ল। কিন্তু সেইবুলি কোনো ‘টেনচনো’ লোৱা নাই। কবি সন্মিলনৰ দিনা, পুৱাই কলম ধৰিলোঁ। ‘কাব্যমুকুট’ উপাধি লাভ কৰা কবি এগৰাকীৰ বাবে কবিতা এটা লিখানো কি ডাঙৰ কথা! বেছিভাগ কবিয়ে দেখোন কবিতা পাঠৰ সময়ত কয়েই যে ‘মই এই কবিতাটো যোৱাৰাতি এক বজাত লিখিছোঁ’, ‘মই সন্মিলনলৈ আহি থাকোঁতে ধাবা এখনত লিখিলোঁ’, ‘মই এইমাত্ৰ ইয়াত বহি বহিয়েই কবিতাটো লিখিলোঁ’ ইত্যাদি ইত্যাদি। গতিকে কবিতাৰ ফে’চবুক গোটে প্ৰদান কৰা উপাধি লোৱা মোৰ দৰে কবিৰ সাউতকৈ কবিতা এটা লিখানো কি ডাঙৰ কথা? অসমীয়া অভিধানখন উলিয়াই কেইটামান শব্দ উলিয়াই ললোঁ। দুখনমান কবিতা পুথিও উলিয়ালোঁ। তাৰেই এটা কবিতাত সেউজ উপত্যকা শব্দ দুটা পালোঁ। কবিৰ মনত ভাৱৰ বুৰবুৰণি উঠিলেই। স্মাৰ্ট ফোনটোত ইণ্টাৰনেট খুলি দুটামান নামো সংগ্ৰহ কৰিলোঁ। সকলোবোৰ লৈ লিখি পেলালোঁ কবিতা এটা। কি লিখিলোঁ সেয়া এতিয়া নকওঁ। মানে, ‘ছাছপেন্স’।
সময়তকৈ আধা ঘণ্টামান পলমকৈ যথাস্থানত উপষ্ঠিত হ’লো। ‘ভোজনৰ আগ, সভাৰ পাছ’ বোলা আমি সৃষ্টি কৰি থোৱা কথা এষাৰ আছে নহয়। কিন্তু সন্মিলনথলীত উপস্থিত হৈ দেখিলোঁ, কৰ্মকৰ্তা কেইজনমানে তেতিয়াও মূল মঞ্চৰ পিছফালে বেনাৰ লগোৱা, মঞ্চত মেজ-চকী বহুওৱা আদি কামবোৰ কৰি আছে। মাইকৰ লোকজনেও মাইকটো ঠিক-থাক কৰাত ব্যস্ত। ইফালে-সিফালে চাই দেখিলোঁ এজন-দুজনকৈ কবিসকল আহিবলৈ লৈছে। প্ৰেক্ষাগৃহত আসন গ্ৰহণ কৰাৰ পিছত কৰ্মকৰ্তা এজনে মাত লগালে। মুখত কেইটামান পৰিচিত শব্দ– ‘অলপ পলম হৈছে, মানুহবোৰ আহি পোৱা নাই। মুখ্য অতিথিক আনিবলৈ গৈছে। তেওঁ আহি পালেই আৰম্ভ কৰিম।’ দুই-এগৰাকীকৈ কাব্যপ্ৰেমী আৰু কবিৰ উপস্থিতি অব্যাহত থকাৰ মাজতে মুখ্য অতিথিক অনা হ’ল। ইয়াৰ পিছত নিৰ্ধাৰিত সময়তকৈ প্ৰায় ডেৰ ঘণ্টা পলমকৈ কবি সন্মিলনখন আৰম্ভ হ’ল। সময়মতে আহি চকী এখনত বহি থকা স্থানীয় শিক্ষক, কবি-সমালোচক এগৰাকীক সঞ্চালকৰ আসনত বহুওৱা হ’ল। আন চাৰিগৰাকীৰ লগত এই কবিকো মঞ্চতেই আসন দিয়া হ’ল। গুৱাহাটীৰ পৰা অহা ধুনীয়া মহিলা এগৰাকী মুখ্য অতিথি। তেওঁক আথেবেথে মঞ্চলৈ আদৰি নিয়া হ’ল। বন্তি প্ৰজ্বলনেৰে অনুষ্ঠান আৰম্ভ হ’ল। কুৰি মিনিটমান চিনাকী আৰু সম্বৰ্ধনা পৰ্ব চলিল। তাৰ পিছত সমবেত সংগীত। এইবোৰ হৈ যোৱাৰ পিছত আদৰণি বক্তব্য দাঙি ধৰিলে অনুষ্ঠানটোৰ সম্পাদকে। এইখিনি সময়ৰ ভিতৰত প্ৰশালাটোত উপস্থিতিও কিছু বাঢ়িল। আৰম্ভ হ’ল কবি সন্মিলন। এগৰাকী এগৰাকীকৈ কবিয়ে কবিতা পাঠ কৰি গ’ল। মাজে মাজে দুই এগৰাকীয়ে পাঠ কৰা কবিতাটো ৰচনা কৰা সময়ো ক’লে। এই ধৰক– যোৱা নিশা বাৰ বজাত, পুৱতি নিশা এক বজাত, পুৱা মৰ্ণিং ৱাক কৰি যোৱাৰ পিচত, কবি সন্মিলনলৈ অহাৰ আগে আগে, সন্মিলনলৈ আহি থাকোতে গাড়ীত বহিয়েই ম’বাইল ফোনৰ কী বোৰ্ডতে, ইয়াতেই মানে প্ৰশালাতেই ক্ষন্তেক সময় আগতে ইত্যাদি ইত্যাদি। সঞ্চালকে কবিতাবোৰৰ যোগাত্মক আৰু প্ৰশংসাসূচক আলোচনাও কৰি গ’ল। সকলোবোৰেই যে কবিতা হৈছে সেয়া সন্দেহজনক। কিন্তু সেই কথা জানিলেও সঞ্চালক মহোদয়ে সমালোচনা কৰি কাৰো পানী খোৱা পুখুৰীত বিহ ঢালিবলৈ বিচৰা নাই। তেওঁৰনো কিহৰ গৰজ পৰিছে তেনে কৰিবলৈ? বুজি নোপোৱা কবিতাই হওক বা সহজ গল্পৰ দৰে বুজা কবিতাই হওক, প্ৰতিটো কবিতা শেষ হোৱাৰ পিছত ৰাইজৰ লগতে এই কবিয়েও হাতচাপৰি বজাব নাপাহৰিলে। দুই-এগৰাকীয়ে কাষতে বহি থকা কবিবন্ধু-বান্ধৱীৰ সৈতে সৰু সৰুকৈ কথা পাতি থাকোঁতে বা নিজৰ এনড্ৰইড ম’বাইল ফোনত আঙুলি বুলাই থকাত সকলোৰে কবিতা ভালদৰে নুশুনিলেও হাত চাপৰি বজোৱাত কৃপণালি অৱশ্যে নকৰিলে। লাহে লাহে শ্ৰোতাৰ হাত চাপৰিৰ তীব্ৰতা কমি আহিল। সঞ্চালকে মাজে-সময়ে হাত চাপৰি বজাবলৈ আহ্বানো জনাব লগা হ’ল। সঞ্চালকৰ আহ্বানত মাজে-সময়ে অৱশ্যে হাতচাপৰিৰ শব্দ হঠাৎ বাঢ়িও উঠে। এনেদৰে চলি থাকোঁতে মোৰ চকুদুটাই দেখিলে যে কবিতা পাঠ কৰা কবিসকলৰ মাজৰে দুই-এজনকৈ প্ৰশালাৰ পৰা ওলাই গৈ আছে। কবিতা পাঠ যিমানেই আগবাঢ়িছে সিমানেই প্ৰশালাটো খালী হৈ গৈ আছে। মনত চিন্তাই হ’ল। এনেকৈ আসনবোৰ খালী হৈ গৈ থাকিলে আমাৰ কবিতা শুনিব কোনে? উপাধিধাৰী কবি বুলিয়েই মঞ্চত বহুৱাইছে, গামোচাও পিন্ধাইছে। আনহাতে ‘ডাঙৰ’ কবি বুলিয়েই নিৰ্বাচিতসকলৰ দুই-এগৰাকীৰ কবিতা আয়োজকৰ অনুৰোধমৰ্মে সঞ্চালকে পিছলৈ থৈছে। তাৰ মাজত অমুকাও আছে। জানিব পাৰিলোঁ, ভাত খাবলৈকে কবিসকল ওলাই গৈছে। কিছু সময়ৰ পিছত অৱশ্যে মধ্যাহ্ন ভোজন কৰি দুই-এগৰাকীকৈ পুনৰ প্ৰশালাত সোমাইছেও। এনেদৰে অনুষ্ঠানৰ মাজতে ভাত খোৱা পৰ্ব চলি থকাত প্ৰথমাৱস্থাতকৈ প্ৰশালাটোত কবি-কাব্যপ্ৰমীৰ সংখ্যা কম হৈয়েই থাকিল। ভোজন হোৱাৰ পিছত বিভিন্ন অজুহাতত হয়তো কোনো কোনোৱে ঘৰমুৱাও হৈছে। এসময়ত সঞ্চালকে এই ‘কাব্যমুকুট’কো কবিতা পাঠ কৰাৰ বাবে আমন্ত্ৰণ জনালে। কবিতাটো পাঠ কৰাৰ আগতে এই কবিয়েও কবিতাটো যে আজি পুৱা মনলৈ বিশেষ ভাৱ অহাৰ লগে লগে লিখিছোঁ সেই কথাটো ক’বলৈ নাপাহৰিলোঁ। তাৰ পিচতহে আৰম্ভ কৰিলোঁ কবিতা পাঠ।
কবিবন্ধুসকল, মোৰ কবিতাৰ শিৰোনাম–
‘মোৰ সেউজীয়া উপত্যকা’

মোৰ সেউজীয়া উপত্যকা চিনি পোৱানে
খেপিয়াই চোৱানে কেতিয়াবা
মোৰ শৰীৰৰ সেউজীয়া তেজ?
পাহাৰৰ পৰা জিৰ জিৰকৈ
নামি অহা নীলা নিজৰাই
জীপাল কৰে মোৰ সেউজ উপত্যকা।
আন্দামানৰ পুন্নানাল্লাহত থকা জুপুৰি
মোৰ সেউজ উপত্যকাতো আছে
তাত অস্ত্ৰ নাথাকে
থাকে প্ৰেম আৰু মানৱতা।
কুবলয়কান্তিৰে ভৰা মোৰ উপত্যকা
নীলা নীলা মনোমোহা
মৰম আঁকলুৱা।
চিড’নাৰ ৰঙা পাহাৰৰ দৰে মোৰ সেউজ উপত্যকা
সুৰুযমুখী ফুল আৰু সেউজীয়া পাহাৰ
‘নাপা’ৰ দৰে মোৰ উপত্যকাৰ গাঁও
‘ডানাম’ৰ দৰে ক’লা-বগা নহয়
যদিওবা মন গলায়,
‘ডে লা লুঙ’ৰ দৰে ইমান খহতীয়া নহয়
যদিওবা মন ৰঙায়।
পৃথিৱীৰ যত উপত্যকা আছে
সমস্তৰে ৰং আছে মোৰ হৃদয়ত
সেয়ে মোৰ হৃদয় এখন সেউজ উপত্যকা।

কবিতা শেষ কৰি ধন্যবাদ বুলি ক’বলৈহে পালোঁ, হাত চাপৰিৰে প্ৰশালাটো ৰজনজনাই উঠিল। ঘৰলৈ যোৱা আৰু ভাত খাবলৈ যোৱাসকলক বাদ দি যিসকল প্ৰশালাটোত আছিল তেওঁলোকৰ এই সঁহাৰিয়ে মন পুলকিত কৰিলে। উপস্থিতসকলে যেন হাত চাপৰি বজাবলৈকে ৰৈ আছিল। সঞ্চালকেও কবিতাটোত জ্ঞান, অধ্যয়ন আৰু অনুভৱৰ সমাহাৰ ঘটিছে বুলি কৈ প্ৰশংসা কৰিলে। ইয়াৰ পিচত আৰু তিনিৰাকী কবিয়ে কবিতা পাঠ কৰাৰ পিছত মুখ্য অতিথি ‘কাব্যৰমণী’ পৰিণীতাই অসমীয়া আধুনিক কবিতা আৰু আজিৰ সন্মিলনত পঠিত বিশেষকৈ নতুন কবিসকলৰ কবিতাৰ বিষয়ে কিছু কথা ক’লে। গুৱাহাটীৰ পৰা সন্মিলনখনলৈ আহি তেওঁ কিমান মৰম-চেনেহ পালে সেই কথাও কবলৈ নাপাহৰিলে ‘কাব্যৰমণী’য়ে। তেওঁ নিজে লিখা দুটি প্ৰেমৰ কবিতাও আবৃত্তি কৰিলে। সঞ্চালকৰ ব্যক্তব্য আৰু কবিতা পাঠৰ পিছত আয়োজকৰ ফালৰ পৰা আগবঢ়োৱা শলাগৰ শৰাইৰে কবি সন্মিলন শেষ হ’ল। বিয়লি তিনি বাজিবৰেই হ’ল। উদ্যোক্তাৰ অনুৰোধত অতিথি তথা তেতিয়ালৈকে ভোজন নকৰাসকলৰ সৈতে প্ৰশালাটোৰ ওচৰতে থকা নিৰ্ধাৰিত হোটেলখনলৈ গৈ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ।
পেট পূজা কৰাৰ পিছত মহাবিদ্যালয়খনৰ কোঠা এটাত ক্ষন্তেক জিৰণিৰ ব্যৱস্থা কৰা হৈছিল। কবি সন্মিলন শেষ হোৱাৰ পৰা কোঠাটোত জিৰণি লোৱালৈকে এই সময়খিনিত সঞ্চালক, মুখ্য অতিথি, দুগৰাকীমান উদ্যোক্তা তথা আন দুই-একৰ সৈতে কথা-বতৰাও চলিল। এইখিনি সময়ত আকৌ মুখ্য অতিথি ‘কাব্যৰমণী’ৰ সৈতে আজিৰ অনুষ্ঠানৰ দুই-এক উদ্যোক্তা আৰু কোনো কোনো কবিবন্ধু-বান্ধৱীয়ে ফটোছেচন আৰু ‘ছেল্ফি’পৰ্বও চলাই থাকিল। এইক্ষেত্ৰত মহিলা আৰু যুৱতীসকলে আগভাগ ল’লে। সুযোগসন্ধানী দুই-এক পুৰুষো পিছ পৰি নাথাকিল। দুই-এগৰাকীয়ে আকৌ ‘অকল ধুনীয়া মহিলাগৰাকীৰেই লগতেই যে ফটো উঠিছোঁ তেনে নহয়’ বোলা ভাৱটো দেখুৱাই সঞ্চালক আৰু আমাৰ লগতো দুখনমান ফটো উঠিলে। তেওঁলোকৰ দুই-এগৰাকীয়ে হয়তো কি কম, কি নকম বুলি ভাৱি ‘আপোনাৰ কবিতাটো ধুনীয়া হৈছে’ বুলিয়েই অমুকাকো মাত এষাৰ দিলে। বাহ! তেওঁলোকে কবিতাটোত ধুনীয়া হ’ব পৰা প্ৰসাধন, অলংকাৰ আৰু পোছাক বিচাৰি পোৱাটোও কম কথা নহয় দেই। এনেদৰে কেইমিনিটমান সময় পাৰ হোৱাৰ পিচত মুখ্য অতিথি যাবলৈ সাজু হ’ল। আমিও অতিথি-উদ্যোক্তাক মাত দি মহাবিদ্যালয়খনৰ পৰা ওলাই আহিলোঁ। মহাবিদ্যালয়ৰ মুখ্য তোৰণখনেৰে ওলাই আহি বাওফালে ঘূৰিবলৈ লওঁতেই চিনাকি কণ্ঠ এটিয়ে মাত লগালে। সোফালে চাই দেখিলো সেয়া অনুপম, মানে মোৰ বাল্যবন্ধু।
‘আৰে, তই কৰপৰা ওলালিহি?–অনুপমক সুধিলোঁ।
আগুৱাই আহি সি ক’লে–’তঁহতৰ কবি সন্মিলনলৈ আহিছিলোঁ।
‘তই আৰু কবিতা?– মই আচৰিত নহৈ নোৱাৰিলোঁ। আচৰিত হ’বৰ কথাই। অনুপম আৰু সাম্প্ৰতিক কবিতা তেল-পানীৰ দৰে। সি নিজেই কোৱামতে আজি-কালিৰ কবিতা তাৰ মূৰত নোসোমায়।
‘গছৰ ডালটোত আছিল এটা চৰাই
ডালটো ছিগিল
চৰাইটো উৰি গ’ল।’– অনুপমে কয় বৰ্তমান বোলে এইটোও এটা কবিতা হ’ব পাৰে। সেইজন অনুপম কবি সন্মিলনত? আচৰিত হ’বৰে কথা।
‘আচৰিত হৈছ’? আচলতে মই শ্ৰীমতীৰ লগত আহিছোঁ। মই বুজি নাপালেও তেওঁ কবিতা-চবিতা কিবা-কিবি লিখি থাকে। তেওঁ তিনিখনমান কবিতাপুথি উলিয়ালেই। ভগৱানৰ কৃপাত মোৰ চাকৰিটোও বেয়া নহয়, আমদানিও ভাল। উলিয়াই থাকক, মই বাধা দিয়া নাই। আজিও কবি সন্মিলনলৈ তেওঁকেই লৈ আহিছোঁ।’– গৰ্ব ফুলাই অনুপমে ক’লে।
‘তোৰ মানুহজনীয়ে কবিতা লিখা বুলি জানোঁ বাৰু। কিন্তু তেওঁৰ লগত কবিতাৰ অনুষ্ঠানলৈ কবিতা শুনিবলৈ তই অহাটোহে আচৰিত।’ মই এইবুলি ক’বলৈহে পালোঁ, সি কৈ উঠিল–’ধুৰ, মই কবিতা শুনা নাই নহয়, শ্ৰীমতীক ইয়াতে থৈ গাড়ীখন লৈ অফিচৰ ‘কলিগ’ এজনৰ ঘৰলৈ গ’লোঁ।’
মই কিবা কোৱাৰ আগতে সি পুনৰ কৈ উঠিল–’ঘূৰি আহি বাহিৰৰ পৰাই তোৰ কবিতাটোৰ কেইটামান লাইন শুনিলোঁ, কিন্তু সেউজীয়া তেজ, নীলা নিজৰা, ৰঙা পাহাৰৰ সেউজীয়া উপত্যকা এইবোৰ কেনেকৈ হ’ব পাৰে তাকেহে নুবুজিলোঁ।’
‘কবিতাত ৰূপক, উপমা, চিত্ৰকল্প থাকে। কবিয়ে কি ভাৱি সেইবোৰ প্ৰয়োগ কৰে তই বুজি নাপাবি।’–মই ক’লোঁ।
‘আৰু ডে লা লুং, ডানাম নে কি এইবোৰ যে লিখিছা সেইবোৰ কি? শুদ্ধ নে ভুল?– সি পুনৰ প্ৰশ্ন কৰিলে। তাৰ প্ৰশ্নৰ মই উত্তৰ নিদিলোঁ। কাৰণ মই জানোঁ, সি এটা মস্ত কামোৰ।
তাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বিষয়টো সলাই মাথোঁ ক’লোঁ–’ব’ল মোৰ ঘৰলৈকে যাওঁ, চাহ-পানী খাই ভালদৰে বুজাই দিম।’
সি বোলে, ‘নাই নাই আজি নহ’ব, আহিম কেতিয়াবা।’
মোৰ মনৰ ইচ্ছামতেই কাম হ’ল। সেই সময়তে মহাবিদ্যালয়খনৰ পৰা মহিলা কেইগৰাকীমান ওলাই অহা দেখি অনুপমে ক’লে– ‘শ্ৰীমতীৰ হ’লেই বোধহয়, যাওঁ দে। তেওঁৰ আকৌ শ্বপিং কৰিবলগাও আছে।’
বাৰু, আহিবি কেতিয়াবা বুলি কৈ মইও ঘৰমুৱা হ’লোঁ। ৰক্ষা! কবিতাৰ অৰ্থ বুজাবলগা নহ’ল।

☆★☆★☆

One comment

  • বৰ ভাল লাগিল। কিছুমান কবিতা সঁচাকৈয়ে বুজি নাপাওঁ। কবিতা লিখাৰ উৎসবোৰ জানি ভাল লাগিল।😊

    Reply

Leave a Reply

Your email address will not be published.