ফটাঢোল

দেবযানী, শৰ্মিষ্ঠা আৰু যযাতি – এক ত্ৰিকোন প্ৰেম:– সঞ্জীৱ মজুমদাৰ

ত্রিলোকৰ ঐশ্বর্যৰ উত্তৰাধিকাৰক লৈ দেৱাসুৰৰ মাজত যেতিয়া যুদ্ধ আৰম্ভ হৈছিল, তেতিয়া দেৱতাসকলে বৃহস্পতিক আৰু অসুৰসকলে শুক্রাচার্য্যক পুৰোহিত হিচাবে বৰণ কৰিছিল। উল্লেখযোগ্য যে শুক্রাচার্য্য অসুৰৰ ৰজা বৃষপর্ব্বৰ ৰাজ-পুৰোহিত হিচাবে অধিষ্ঠিত আছিল।

দেৱতা ও অসুৰৰ মাজত যুদ্ধ হ‌ওঁতে, প্ৰৱলপ্ৰতাপী শুক্রাচার্য‌ই মৃতসঞ্জীৱনী বিদ্যাৰ দ্বাৰা নিহত অসুৰবোৰক জীৱন দান দিছিল, কিন্তু এই মন্ত্র বৃহস্পতিয়ে নাজানিছিল বাবে দেৱতাপক্ষৰ মৃত সৈনিক সকলক জীৱন দান দিব নোৱাৰিছিল।

এই সকলোবিলাকৰ সৈতে জড়িত “কচ-দেৱযানী”ৰ অসমাপ্ত ঐতিহাসিক প্ৰেম কাহিনী সকলোৰে বিদিত। দেৱযানী আছিল শুক্ৰাচাৰ্যৰ প্ৰথমা কণ্যা আৰু দেৱযানীৰ মাতৃ আছিল দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তী।

ইতিমধ্যে কচ স্বর্গলৈ উভতি যোৱাৰ বহুদিন অতিক্রম হৈ গৈছে। সময়ৰ স্বাভাৱিক নিয়ম অনুসৰি সময় ৰৈ নাথাকিল আৰু ঠিক একেদৰেই দেৱযানীৰ জীৱনও থমকি নৰ’ল। সকলো সময়ৰ হাতৰ পুতলা। প্ৰেমৰ বিৰহ বেদনা পাহৰিবলৈ সময়তকৈ ডাঙৰ দৰব একোৱেই নাই। সময়ৰ প্রলেপ পৰি দেৱযানীৰ আহত হৃদয় কিছু সুস্থ হৈ উঠিছিল। প্ৰেম বিৰহৰ ধুমুহাই কোবাই যোৱা এই দুৰ্বিসহ সময়ছোৱাত দেৱযানীৰ সঙ্গী আছিল ৰাজকুমাৰী শর্মিষ্ঠা। শর্মিষ্ঠা আছিল অসুৰৰাজ বৃষপর্বৰ কন্যা। দুয়ো সমবয়সীয়া আছিল বাবে উভয়ৰ মাজত স্বাভাবিকতেই বন্ধুত্ব গঢ়ি উঠিছিল যদিও, দেৱযানীয়ে শুক্ৰাচাৰ্য্যৰ কন্যা হিচাবে নিজক আনতকৈ শ্রেষ্ঠ বুলি ভাবিছিল। পিছলৈ এই শ্রেষ্ঠত্ববোধৰ পৰাই দেৱযানী আৰু শর্মিষ্ঠাৰ বিবাদৰ সূত্রপাত হৈছিল। মৃতসঞ্জীৱনী বিদ্যা লাভ কৰি কচ স্বর্গলৈ উভতি যোৱাৰ পিছত এদিনাখন দেৱযানী আৰু শর্মিষ্ঠা দুয়ো ৰাজধানীৰ দাঁতিত থকা অৰণ্য এখনলৈ ভ্ৰমন বিলাস কৰাৰ উদ্দেশ্যে গ’ল। অৰণ্যৰ ভিতৰত এটা দিব্য সৰোবৰ দেখি দুয়ো স্নান কৰাৰ লোভ সামৰিব নোৱাৰিলে। শর্মিষ্ঠা ও দেৱযানী দুয়ো পোছাক-পৰিচ্ছদ শুকান ঠাইত থৈ পানীত নামিল আৰু জলক্রীড়াত মত্ত হৈ পৰিল।

দুজনী পূৰ্ণযৌৱনা গাভৰুক জোকাবলৈ বুলি অহা এজাক উতনুৱা বতাহে হঠাতে সৰোবৰ তীৰত থোৱা দুয়োৰে পোছাক-পৰিচ্ছদ উৰুৱাই নি দূৰৈত পেলালে। তীৰলৈ আহি দেৱযানী আৰু শৰ্মিষ্ঠাই দৌৰি গৈ কাপোৰখিনি আনি লৰালৰিকৈ পিন্ধিলে যদিও ভুলক্ৰমে ইজনীয়ে সিজনীৰ কাপোৰ পিন্ধি ল’লে। ৰাজকুমাৰী শর্মিষ্ঠাৰ কাপোৰযোৰ স্বাভাৱিকতেই দেৱযানীৰ কাপোৰযোৰতকৈ বেছি মূল্যবান আৰু ধুনীয়া আছিল।

মূল্যবান আৰু ধুনীয়া পোছাকৰ ওপৰত নাৰীসুলভ আধিপত্য প্ৰতি গৰাকী নাৰীৰ এক জন্মগত দূৰ্ব্বলতা। আনহাতে নিজৰ ধুনীয়া পোছাকযোৰ পিন্ধাৰ পিছত ৰূপৱতী দেৱযানীক নিজতকৈ অধিক সুন্দৰ দেখি শৰ্মিষ্ঠাৰ নাৰীসুলভ ঈৰ্ষাই উকমুকাই উঠিল। আপাতঃ দৃষ্টিত এটা নিতান্ত‌ই কৌতুক পূৰ্ণ পৰিবেশৰ মাজতো শৰ্মিষ্ঠাৰ ৰাজৰক্তৰ গৰিমা আৰু অহমিকা জাগ্ৰত হৈ উঠিল। ফলস্বৰূপে উত্তেজিত তথা ক্রুদ্ধ হৈ উঠিল আৰু অকথ্য ভাষাৰে দেৱযানীক গালি পাৰিবলৈ ধৰিলে।

“ৰাজকুমাৰীৰ পোছাক পিন্ধি নিজকে ৰাজকুমাৰী বুলি ভবাৰ হীন চিন্তা তোমাৰ মনলৈ কিদৰে আহিল? তুমি নাজানা নেকি যে তোমাৰ পিতৃ, মোৰ পিতৃ ৰজা বৃষপৰ্বৰ অধীনত প্রতিপালিত এজন ভিক্ষাৰী মাথো। তুমি কোন সতেৰে ৰাজকন্যাৰ পোছাকত হাত দিলা?”

যিকোনো কন্যা সন্তানে সকলো অপমান সহ্য কৰিলেও নিজ পিতৃৰ অপমান কেতিয়াও সহ্য কৰিব নোৱাৰে। সেয়ে শর্মিষ্ঠাই পিতৃ শুক্রাচার্য্যক লৈ কৰা অপমানজনক মন্তব্য‌ই দেৱযানীক বিছাই ডকা দি ডাকিলে আৰু অতি অপমানিত বোধ কৰিলে, কিন্তু দেৱযানীৰ আহত দৃষ্টি শর্মিষ্ঠাৰ চকুত নপৰিল আৰু খং প্রশমিত কৰিব নোৱাৰিলে।

চাওঁতে চাওঁতে বিষয়টো ক্রমাৎ তীব্র বিবাদলৈ পৰিণত হ’ল, দেৱযানীৰ গাৰ পৰা কাপোৰযোৰ টানি আজুৰি খুলি ক্রোধাণ্বিত শর্মিষ্ঠাই দেৱযানীক শাৰীৰিক ভাবে আঘাত কৰিলে আৰু ক্রোধত অধীৰ হৈ দেৱযানীক এটা পৰিত্যক্ত কুঁৱাৰ ভিতৰত ঢকা মাৰি পেলাই দিলে। শর্মিষ্ঠাই খঙৰ ভমকত মাটিত পৰি থকা কানি কাপোৰখিনি সামৰি সুতৰি লগত লৈ ৰাজপ্ৰাসাদলৈ উভতি গ’ল আৰু দেৱযানী মৃত বুলি ধৰি লৈ কাকো একো নকলে। কুঁৱাৰ ভিতৰত দেৱযানীয়ে সহায়ৰ বাবে চিঞৰি আছিল। কুঁৱাটো বেছি দ’ নাছিল যদিও দেৱযানী কিছু আঘাতপ্ৰাপ্ত হৈছিল বাবে কুঁৱাৰ পৰা অকলে উঠি আহিব পৰাকৈ সামৰ্থ্য নাছিল। কিছুসময় সহায়ৰ বাবে চিঞৰ বাখৰ কৰি কান্দি কাটি নিজৰ ভাগ্যক ধিয়াই বহি আছিল। এইহেন নিৰ্জন বনত কোনোবাই আহি উদ্ধাৰ কৰিব বুলি আশা কৰা নাছিল দেৱযানীয়ে। দৈৱক্ৰমে চিকাৰৰ উদ্দেশ্যে অহা এগৰাকী ভৰতবংশীয় সুদৰ্শন ক্ষত্রিয় ৰজা যযাতি সেই ঠাইলৈ পিয়াহৰ পানী বিচাৰি আহিছিল। মৃগয়া কৰিবলৈ আহি ৰজা যযাতি কাকতালীয় ভাবে সেই ঠাইত উপস্থিত হৈছিলহি। পানী বিচাৰি কুঁৱাটোৰ ওচৰলৈ গৈ ভুমুকি মৰাত তলত অসহায় ভাবে বহি থকা অনিন্দ্যসুন্দৰী দেৱযানীক দেখি তৃষ্ণার্ত যযাতি বিভ্রান্ত হৈ পৰে। যযাতিয়ে তেওঁৰ পৰিচয় জানিব বিচৰাত দেৱযানীয়ে জনায় যে তেওঁ শুক্রাচার্য্যৰ কন্যা আৰু পিতৃ শুক্রাচার্য্য‌ই নাজানে যে তেওঁৰ কন্যা এইদৰে কুঁৱাৰ ভিতৰত বন্দী হৈ পৰি আছে। যযাতিয়ে কালবিলম্ব নকৰি ভিতৰলৈ হাউলি দেৱযানীৰ সোঁহাতখনত ধৰি টানি কুঁৱাৰ পৰা তুলি আনি মুক্ত কৰে। দেৱযানীৰ লাজ ঢাকিবলৈ ৰজাই নিজৰ গাৰ চোলাটো খুলি দিলে।

প্ৰতিজন মানুহৰ জীৱনলৈ হেনো প্ৰেম মানুহে গম নোপোৱাকৈয়ে আহে আৰু বাৰে বাৰে আহে। আশাতীত ভাবে এগৰাকী সুদৰ্শন যুৱকে হাতত ধৰি কুঁৱাৰ পৰা তুলি অনা কথাটোৱে ইমান দুখৰ মাজতো দেৱযানীক ৰোমাঞ্চিত কৰি তুলিলে। বহুদিন আগতে অংকুৰিত অথচ দীৰ্ঘ সময়জুৰি নিষ্প্ৰভ হৈ পৰা প্ৰেমৰ কলিটো মন গহনত পুনৰ সজীৱ হৈ পৰিল। ইতিমধ্যে দেৱযানীয়ে কচৰ সতে গঢ় লৈ উঠা কৈশোৰৰ প্রেমৰ পৰা নিজকে মুক্ত কৰিবলৈ সক্ষম হৈছিল। সেইবাবেই ক্ষত্রিয়ৰাজ সুপুৰুষ সাহসী যোদ্ধা যযাতিৰ প্রেমত পৰিবলৈ দেৱযানীক বেছি সময় নালাগিল। পুনৰবাৰ প্ৰেমৰ পুলিটোৱে ঠন ধৰি উঠিল। নাৰীক যথাযোগ্য সন্মান কৰিব জনা যযাতিয়ে শুক্রাচার্যৰ কন্যা বুলি গম পাই দেৱযানীক আশ্ৰমলৈকে আগবঢ়াই থৈ আহে।

আশ্ৰমলৈ আহি দেৱযানীয়ে পিতৃক সকলো বিবৰি কোৱাত শুক্ৰাচাৰ্য খঙত অধীৰ হৈ পৰে। দেৱযানীয়ে ক’লে “হে পিতৃদেৱ আজি ম‌ই মৃত্যুমুখৰ পৰা উভতি আহিছোঁ, আপুনি এই অপকৰ্মৰ প্ৰতিশোধ নোলোৱাকৈ থাকিব নে?”

শুক্রাচার্য‌ই ক’লে, “কি বিচৰা তুমি?”

দেৱযানীয়ে ক’লে, “ম‌ই শর্মিষ্ঠাক আজীৱন মোৰ দাসী হৈ থকাটো বিচাৰোঁ!”

শুক্ৰাচাৰ্য‌ই জৰুৰীভাবে খবৰ দি ৰজা বৃষপৰ্বক মতাই আনি ক’লে,
“মহাৰাজ, ম‌ই আজি, এতিয়াই তোমাৰ ৰাজ্য আৰু সঙ্গ এৰি চিৰদিনলৈ গুচি যাবলৈ ওলাইছোঁ।”

ৰজাই অতি নম্ৰতাৰে কাৰণ জানিবলৈ বিচৰাত শুক্ৰাচাৰ্য‌ই সকলো খুলি ক’লে। অসুৰৰাজে তেওঁৰ পাৰিষদবৃন্দক লৈ দেৱযানীৰ ওচৰত ক্ষমা বিচৰাত দেৱযানীৰ খং কিছু কমিল। কিন্তু এটা চৰ্ত সাপেক্ষে অসুৰৰাজ্যত থাকিবলৈ মান্তি হ’ল।

চৰ্ত হিচাবে কন্যা স্নেহত অন্ধ শুক্রাচার্য‌ই ৰজা বৃষপর্বক ক’লে যে শৰ্মিষ্ঠাই আজীৱন দেৱযানীৰ পৰিচাৰিকা বা দাসী হিচাবে থাকিব লাগিব আৰু ইয়াৰ অন্যথা হ’লে তেওঁ অসুৰৰাজক চিৰদিনলৈ এৰি গুচি যাব। আনকি দেৱযানীৰ বিয়াৰ পিছতো যলৈকে বিয়া হৈ যাব তালৈকো শর্মিষ্ঠা দাসী হিচাবে যাব লাগিব।

শর্মিষ্ঠাই সমগ্ৰ অসুৰকূলৰ বাবে মৃত সঞ্জীৱনী বিদ্যাৰ আৱশ্যকতা আৰু এই বিদ্যাৰে সমৃদ্ধ শুক্ৰাচাৰ্য্যৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিব পাৰিছিল। শৰ্মিষ্ঠাই নিজৰ ভুল বুজি পাইছিল আৰু পিতৃৰাজ্য তথা অসুৰ জাতিৰ মঙ্গলৰ কথা ভাবি দেৱযানীৰ অবান্তৰ চৰ্ত মানি পিতৃ অসুৰৰাজ বৃষপৰ্ব্বক ধৰ্মসংকটৰ পৰা ৰক্ষা কৰিছিল।

ইফালে ঘটনাচক্ৰ কিছু সামান্য হোৱাৰ পিছত দেৱযানীক ৰজা যযাতিৰ স্মৃতিয়ে আমনি কৰিবলৈ ধৰিলে। যযাতিৰ প্ৰতি দেৱযানীৰ এক বিশেষ অনুভূতি জাগ্ৰত হৈ উঠাৰ বাবেই দেৱযানীয়ে এদিন পুনৰ অৰণ্যৰ মাজত থকা কুৱাঁটোৰ সমীপলৈ যায়। লগত লৈ গ’ল শৰ্মিষ্ঠা আৰু অন্যান্য দাসীসকলক।

দেৱযানী পুনৰবাৰ সেই ঠাইডোখৰত প্রবেশ কৰি শর্ম্মিষ্ঠা আৰু অন্যান্য সখীগণৰ সতে আনন্দমনে বনবিহাৰ কৰিবলৈ ধৰিলে। যযাতিৰ স’তে প্ৰথম সাক্ষাৎ হোৱা স্থান ডোখৰৰ সান্নিধ্য‌ তথা স্পৰ্শৰ মাদকতাই কুঁৱাত পতিত হোৱাৰ বেদনাকো তল পেলাইছিল। এইদৰে থকাৰ মাজতে ঈশ্বৰে যেন দেৱযানীৰ মনৰ ইচ্ছা পূৰ্ণ কৰিবলৈকেহে প্ৰতীক্ষা কৰি আছিল। কাকতালীয় ভাবে পুনৰবাৰ মৃগয়াৰ উদ্দেশ্যে নহুষ তনয় যযাতি মৃগ পহুক অনুসৰণ কৰি ক্লান্ত তথা পিয়াহত আতুৰ হৈ পানীৰ সন্ধানত পুনর্বাৰ সেই স্থানত উপস্থিত হ’লহি।

সর্ব্বালঙ্কাৰ ভূষিতা কিছু সুন্দৰী কন্যাবেষ্টিতা দেৱযানী বহি আছে আৰু দেৱযানীৰ আশে পাশে এক পৰমাসুন্দৰীক পদসেৱা কৰি থকা পৰিলক্ষিত হ’ল ৰজা যযাতিৰ।

ৰজাই সমুচিত সন্মান সমাদৰ প্রদর্শন কৰি দেৱযানীক সুধিলে,

“হে সুন্দৰী, মোক চিনি পাইছা নে?”

ধুনীয়া নাৰীৰ প্ৰতি পুৰুষৰ কৌতুহলৰ অন্ত কোনোদিনেই নাছিল আৰু নাথাকিব। যযাতিয়ে সুন্দৰী শৰ্মিষ্ঠাৰ ফালে দেখুৱাই পুনৰ সুধিলে,

“তোমাৰ এই সুন্দৰী পৰিচাৰিকাৰ নাম কি?”

যযাতিক দেখাৰ লগে লগে দেৱযানীৰ মনৰ অভিলাষা পূৰ্ণ হ’ল আৰু মনৰ গহনত হেজাৰ জনী কপৌৱে ৰুণ দি উঠিল। কোনোৰকম নিজক সংযত কৰি ক’লে,

“মহাৰাজ, আপোনাক জানো মই পাহৰিব পাৰিম ? আপুনি মোৰ জীৱন দাতা”

এইবুলি কৈ ৰজাৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰ হিচাবে শৰ্মিষ্ঠাক দেখুৱাই অকণ উদ্ধত ভাবে ক’লে, “মহাৰাজ এওঁ দানবৰাজ বৃষপর্বৰ দুহিতা শৰ্মিষ্ঠা কিন্তু মোৰ প্ৰধান দাসী আৰু মোৰ সতে সকলো ঠাইতেই অনুগামিনী হয়।”

শৰ্মিষ্ঠাৰ দৰে পৰমা সুন্দৰী এগৰাকী ৰাজপুত্ৰী বুলি জনাৰ পিছত ৰজাৰ কৌতূহল আৰু বাঢ়িল, সেয়ে পুনর্বাৰ দেৱযানীক সুধিলে,

“সুন্দৰী! এখেত দানবৰাজ বৃষপর্বৰ কন্যা হোৱাৰ পিছতো কিদৰে তোমাৰ দাসী হবলৈ পালে, এই কথাটো মোৰ খুব জানিবলৈ মন গৈছে।”

শৰ্মিষ্ঠাক লৈ ৰজা যযাতিৰ অহেতুক ঔৎসুক্য দেৱযানীৰ অকনো ভাল লগা নাছিল যদিও সেই মনোভাৱৰ কোনো বহিঃপ্ৰকাশ নকৰি ক’লে,

“দৈৱৰ নির্বন্ধ কোনোৱেই অতিক্রম কৰিব নোৱাৰে, গতিকে ৰাজকন্যা মোৰ পৰিচাৰিকা হোৱাটো কোনো আশ্চর্য্যজনক কথা নহয়।”

এই বুলি কৈ এগৰাকী অভিমানী প্ৰেমিকাৰ কৰ্তৃত্ব দেখুৱাই পুনৰ ক’লে, “এই বিষয়ে বেছি অনুসন্ধান কৰাৰ কোনো আৱশ্যকতা নাই। মহাশয়, আপুনি বেলেগ কথা কিবা পাতিব নে? আহক আমি সৰোবৰ তীৰৰ সৌন্দৰ্য উপভোগ কৰোঁ।”

সৰোবৰ তীৰলৈ দুয়ো আগবাঢ়ি গ’ল আৰু দেৱযানীয়ে যযাতিক ক’লে, “আপোনাৰ নিজৰ বিষয়ে অকণ ক‌ওকচোন?”

যযাতিয়ে আৰম্ভ কৰিলে,

“মোৰ ৰাজকুলত জন্ম। ম‌ই শৈশৱ কালত ব্রহ্মচর্য্য অৱলম্বন কৰি সমস্ত বেদ-বেদাঙ্গ অধ্যয়ন কৰিছোঁ। ম‌ই ৰজা নহুষৰ দ্বিতীয় পুত্ৰ আৰু বৰ্তমান ম‌ই এজন ৰজা আৰু মোৰ নাম যযাতি।”

দেৱযানীয়ে ক’লে, “মহাৰাজ! আপুনি কি উদ্দেশ্যে লৈ আজি পুনৰ এই অৰণ্যলৈ আহিলে, এই কথাটো জানিবলৈ বৰ মন গৈছে।”

ৰজাই দেৱযানীৰ ইংগিত বুজি ক’লে,

“হে সুন্দৰী! ম‌ই মৃগয়াৰ অৰ্থে আহিছিলোঁ আৰু সিদিনাৰ দৰেই মৃগৰ অনুসৰণ কৰি, বনে বনে ভ্রমণ কৰি, একান্ত পৰিশ্রান্ত আৰু পিয়াহত আতুৰ হৈ এই অঞ্চলত উপস্থিত হৈছোহি, কাকতালীয়ভাবে তোমাক পুনৰ লগ পোৱাৰ সৌভাগ্য ঘটিল।”

সৰোবৰ তীৰৰ প্ৰেমৰ বাবে অনুকূল মনোৰম পৰিবেশ আৰু কিছুদিন ধৰি মনৰ মাজত ৰজা যযাতিৰ প্ৰতি চলি থকা প্ৰেমৰ হেঁপাহক দেৱযানীয়ে আৰু ধৰি ৰাখিব নোৱাৰিলে।

“মহাৰাজ যযাতি, ম‌ই আজীৱন আপোনাৰ হ’ব বিচাৰোঁ। মোক আপুনি গ্ৰহণ কৰিব নে?”

পুৰুষে কামনা কৰা বস্তুটো নিজ আয়ত্বলৈ নহালৈ আগ্ৰহৰ অন্ত নাথাকে কিন্তু এবাৰ অহাৰ পিছত নিস্পৃহ হৈ পৰে। অপ্ৰত্যাশিত আত্মসমর্পণ তথা আকৰ্ষণীয় প্ৰস্তাৱ পাই ৰজা যযাতি ভিতৰি ভিতৰি উৎফুল্লিত হ’ল যদিও বাহিৰত বিস্ময় মিশ্ৰিত কণ্ঠৰে দেৱযানীক ক’লে,

“হে শুক্রতনয়া! তোমাৰ প্ৰস্তাৱক সন্মান কৰিছোঁ, যদিও এইটো কেতিয়াও সম্ভৱ নহ’ব, তুমি ব্রাহ্মণ কন্যা আৰু ম‌ই ক্ষত্রিয়, ম‌ই কোনপধ্যেই তোমাৰ উপযুক্ত পাত্র হ’ব নোৱাৰোঁ! তোমাৰ পিতা শুক্রাচার্য্য‌ই এই বিষয়ে কেতিয়াও সম্মতি প্রদান নকৰিব।”

দেৱযানীয়ে ক’লে, “মহাৰাজ! ব্রাহ্মণসকল সদায় ক্ষত্রিয়ৰ সতে সংপৃক্ত হৈ থাকে আৰু ক্ষত্রিয়সকলেও কেতিয়াবা কেতিয়াবা ব্রাহ্মণৰ সতে সংপৃক্ত হৈ থাকে। গতিকে উভয়ৰ মাজত এক ঘনিষ্ঠ সম্বন্ধ বিদ্যমান, সেয়ে মোক ভার্য্যাৰূপে গ্ৰহণ কৰাটো আপোনাৰ পক্ষে দোষাবহ হ’ব নোৱাৰে। বিশেষতঃ আপুনি স্বয়ং ঋষি ও ঋষিপুত্র, সেয়ে এই বিষয়ে কোনো সংশয় নাৰাখি মোৰ পাণিগ্রহণ কৰক।”

দেৱযানীয়ে পুনৰ ক’লে, “মহাৰাজ! পাণিগ্রহণ কৰিলেই বিবাহক্রিয়া নির্বাহ হৈ যায়, এই প্রথা অতীজৰে পৰা প্রচলিত হৈ আহিছে, গতিকে বিবেচনা কৰি চাওক ম‌ই যেতিয়া কুঁৱাৰ ভিতৰত পতিত হৈ আছিলোঁ তেতিয়া কিন্তু আপুনিয়েই মোৰ সোঁহাত স্পৰ্শ কৰিছিল। যাৰ আন এক অৰ্থ পাণিগ্রহণ কৰা। আৰু ম‌ই সেই মুহূৰ্ততে আপোনাক পতি হিচাপে বৰণ কৰিছিলোঁ। সূক্ষ্মভাবে বিবেচনা কৰি চাওক তেতিয়াৰ পৰাই, মোৰ পতি হিচাবে আপুনি মোৰ জীৱনলৈ আহিল কিন্তু! আৰু, এই কথা জনাজনি হোৱাৰ পিছত কোনো পুৰুষে মোৰ পাণিস্পর্শ কৰিবলৈ নিবিচাৰিব।”

তেতিয়া যযাতিয়ে ক’লে,
“হে দেৱযানী! কাল-বিষ, কাল-সৰ্প আৰু সুতীক্ষ্ণ শৰতকৈয়ো কোপাক্রান্ত ব্রাহ্মণ অতিশয় ভয়ানক, এই কথা সকলোৱে স্বীকাৰ কৰে। ম‌ই ভয় কৰিছোঁ তোমাৰ পিতৃ শুক্ৰাচাৰ্য্যক।”

দেৱযানী ইতিমধ্যেই যযাতিৰ প্ৰেমত অন্ধ হৈ পৰিছে, “মহাৰাজ! আপুনি বাৰে বাৰে একেটা কথাকেই পুনৰাবৃত্তি কিয় কৰি আছে। ম‌ই বুজিব পৰা নাই।”

ৰজাই প্রত্যুত্তৰ হিচাবে ক’লে, “চোৱা সর্পাঘাত অথবা অস্ত্রপাতৰ ফলত এজনৰ প্রাণ বিনষ্ট হ’ব কিন্তু তোমাৰ তপস্বী পিতৃ কূপিত হ’লে গাঁও, নগৰ, বন-উপবন প্রভৃতি সকলো ভস্মীভূত হ’ব পাৰে।”

দেৱযানীয়ে কালবিলম্ব নকৰি একপ্ৰকাৰ বলপূৰ্বক ৰজা যযাতিক ৰথত তুলি পিতৃ শুক্ৰাচাৰ্যৰ ওচৰলৈ লৈ গ’ল। পিতা শুক্ৰক ৰজাৰ পৰিচয় দি ক’লে,

“হে পিতা! এখেত নহুষ তনয়, ৰজা যযাতি। ম‌ই অৰণ্যৰ মাজত কুঁৱাত যেতিয়া পতিত হৈ আছিলো‍ঁ, এই মহাত্মাই মোক পাণিগ্রহণ কৰি উদ্ধাৰ কৰিছিল। সেয়েহে সেই মুহূৰ্ততে ম‌ই পাণিগ্রহীতা হৈছিলোঁ। গতিকে আপুনি এই সৎপাত্রৰ সতে মোক সম্প্রদান কৰক, অন্যথা ম‌ই অইন কোনো ব্যক্তিক পতি হিচাবে বৰণ কৰিব নোৱাৰিম।”

হঠাৎ প্ৰিয় পুত্ৰী দেৱযানীৰ এই ধৰণৰ ব্যৱহাৰ দেখি শুক্রাচার্য্য‌ কিছু আশ্চৰ্য্য হ’ল। তাৰ পিছতো দেৱযানীয়ে গ্ৰহণ কৰা দৃঢ় সিদ্ধান্তৰ উমান পাই ৰজাক সম্বোধন কৰি ক’লে,

“হে নহুষনন্দন! মোৰ কন্যাই তোমাক পতি হিচাবে বৰণ কৰিছে, গতিকে ম‌ই প্রসন্ন-মনে মোৰ কন্যা দেৱযানীক, তোমালৈ বুলি সম্প্রদান কৰিলোঁ, তুমি তেওঁক তোমাৰ মহিষী হিচাবে গ্রহণ কৰা।”

যযাতিয়ে কিছু ইতস্তত কৰি ক’লে, “ভগবান! ক্ষত্রিয় হৈ ব্রাহ্মণ নন্দিনীৰ পাণিগ্রহণ কৰিলে বর্ণসঙ্কৰজনিত দোষত পৰিলিপ্ত হ’ম আৰু এই ভয়তে ম‌ই আপোনাৰ কন্যাক বিবাহ কৰিবলৈ সম্মত হ’ব নোৱাৰিম।”

শুক্র‌ই ক’লে, “মহাৰাজ! তুমি মনৰ অভিলাষ অনুৰূপ বৰ কামনা কৰা, ম‌ই তোমাক অধর্মৰ পৰা সংকট মোচন কৰিম, এই বিষয়ে একো আশংকা নকৰিবা। সঁচাকৈয়ে ম‌ই তোমাৰ পাপমোচন কৰিম, তুমি বিধি অনুসৰি দেৱযানীৰ পাণিগ্রহণ কৰা, ম‌ই মহাদেৱক প্রার্থনা কৰিছোঁ, তোমালোক উভয়ৰ মাজত অতি সদ্ভাৱ হ‍ওক।”

শুক্ৰৰ কথা শুনি ৰজা যযাতি আশ্বস্ত হ’ল আৰু হৃষ্টমনে শুক্রক প্রদক্ষিণ কৰি, বিধি অনুসৰি দেৱযানীৰ পাণিগ্রহণ কৰিলে। বিবাহ অনুষ্ঠান শেষ হোৱাৰ পিছত পূৰ্বচৰ্ত অনুসৰি শৰ্মিষ্ঠাও দাসী হিচাবে দেৱযানীৰ সতে ওলাল। কিন্তু এই চৰ্তৰ মাজেদি তীব্ৰ সুন্দৰী শৰ্মিষ্ঠাক লগত নি দেৱযানীয়ে জীৱনত এক মহাভুল কৰিছিল। দেৱযানীয়ে বুজা নাছিল, সুন্দৰী নাৰী আৰু যৌৱনপ্ৰাপ্ত পুৰুষৰ সম্পৰ্ক ঘিউ আৰু জুইৰ দৰে।

সততে ন্যায়ৰ পক্ষ গ্ৰহণ কৰা শুক্ৰ‌ই যযাতিক বাৰে বাৰে সাৱধান কৰি দিছিল যে, দাসী শর্মিষ্ঠাক যযাতিয়ে যেন কেতিয়াও পত্নীৰ মৰ্য্যদা নিদিয়ে আৰু বিদায় পৰত ৰজা যযাতিক ক’লে,

“মহাৰাজ, শৰ্মিষ্ঠা মোৰ পুত্ৰী সম আৰু এগৰাকী ৰাজপুত্ৰী। গতিকে তেওঁক প্ৰাপ্য সন্মান আৰু মৰ্য্যদা দিবলৈ নাপাহৰিবা। কিন্তু ৰাজকুমাৰী শর্ম্মিষ্ঠাৰ প্ৰতি কেতিয়াও কু নজৰ নিদিবা আৰু পৰিণয় কৰাৰ দুঃসাহস নকৰিবা। এটা কথা মনত ৰাখিবা, কিবা কাৰণত দেৱযানীয়ে দুখ পাব লাগিলে ম‌ই তোমাক কেতিয়াও ক্ষমা নকৰিম।”

এইদৰে তেওঁ মহর্ষি শুক্র আৰু অসুৰসকলৰ দ্বাৰা সমাদৃত হৈ শর্ম্মিষ্ঠা ও দেৱযানীক লগত লৈ যযাতি নিজ ৰাজধানীলৈ প্রত্যাগমন কৰিলে।

যযাতিৰ অন্তেষপুৰত দেৱযানী ৰাণীৰ মৰ্যদাসহ বৰ আনন্দ আৰু সুখেৰে দিন যাপন কৰিলে। কিছুদিনৰ ভিতৰত যদু নামৰ পুত্ৰ সন্তান এটাৰ জন্ম দিয়ে।

ইফালে অন্তেষপূৰৰ বাহিৰত থকা শৰ্মিষ্ঠা যৌৱনৰ কামনাৰ পৰিতৃপ্তি তথা সন্তান লাভৰ আশাত অত্যন্ত ব্যাকুল হৈ উঠিল। এবাৰ ৰাজ‌ উদ্যানত টহল দি থকা ৰজা যযাতিক অকলশৰে পাই প্রেম নিবেদন কৰিলে। প্রথম অৱস্থাত যযাতিয়ে শুক্ৰাচাৰ্যৰ ভয়ত শর্মিষ্ঠাৰ এই আবেদন এৰাই চলিবলৈ বৃথা চেষ্টা কৰিছিল। যদিও শেষ পর্য্যন্ত ৰূপৱতী তথা মোহময়ী শর্মিষ্ঠাৰ আবেদন অগ্ৰাহ্য কৰিব নোৱাৰিলে। গোপনে শর্মিষ্ঠাৰ সতে প্ৰণয়পাশত আৱদ্ধ হৈ গান্ধৰ্ব নিয়ম অনুসৰি বিয়া কৰায় আৰু দুয়োৰে মিলনৰ ফলত শর্মিষ্ঠাৰ দ্র্যুহু নামৰ এটি পুত্র সন্তান লাভ কৰে।

দেৱযানীয়ে শর্মিষ্ঠাৰ সন্তান লাভৰ বাৰ্তা পাই সন্দিহান তথা ক্ষুব্ধ হৈ উঠে। কিন্তু শর্মিষ্ঠাই এজন কল্পিত ঋষিৰ সতে মিলনৰ মিছা কাহিনী কৈ দেৱযানীক সাময়িকভাবে আশ্বস্ত কৰে। কিছুদিন পিছত দেৱযানীৰ গর্ভত তুর্ব্বাসু নামৰ এটি পুত্র জন্মলাভ কৰে। একেই সময়তে শর্মিষ্ঠাৰ অনু ও পুৰু নামৰ আৰু দুটা পুত্ৰ সন্তানৰ জন্ম হয়।

এদিন দেৱযানী আৰু যযাতি দুয়ো ৰাজ‌উদ্যানত টহল দি থাকোঁতে শর্মিষ্ঠাৰ পুত্রদ্বয় অনু আৰু পুৰুৱে “পিতা, পিতা!” বুলি ৰজাৰ কাষলৈ লৱৰি অহাত দেৱযানীৰ সন্দেহ বিশ্বাসলৈ পৰিণত হ’ল। কিন্তু তাৰ পিছতো যযাতিয়ে সিহঁত দুটাক চিনি নোপোৱাৰ ভাওহে জুৰিলে। ৰজাই সৈ নাকাঢ়িলে যদিও দেৱযানীয়ে পিতাৰ নাম সোধাত, পুত্রদ্বয়ে নাম কৈ পিতা হিচাবে যযাতিক দেখুৱালে।

দেৱযানী খঙ, দুখ আৰু অপমানৰ ফলত ভাঙি পৰিল। এক মুহূৰ্তৰ বাবে দুখন মুখচ্ছৱি চকুৰ আগত ভাঁহি উঠিল! এখন প্রতাৰক কচৰ যিজনে প্রেমৰ অভিনয় কৰি প্রতাৰণা কৰিছিল আৰু পিতা শুক্রাচার্যৰ পৰা সঞ্জীৱনী বিদ্যা অর্জন কৰিছিল। আৰু এখন মুখচ্ছৱি যযাতিৰ।

ইয়াৰ পিছত দেৱযানীয়ে শর্মিষ্ঠাৰ ওচৰত কৈফিয়ৎ বিচৰাত সকলো সত্য ওলাই পৰিল। পতিদেৱৰ বিশ্বাসঘাতকতা আৰু প্রকৃত বিষয় জনাৰ পিছত দেৱযানী কান্দি কাটি বাউলী হৈ পৰিল।

দেৱযানীয়ে পিতৃলৈ বাৰ্তা পঠা‌ই মাতি আনি শুক্রাচার্যক সকলো কথা খুলি ক’লে “পিতা, যযাতিয়ে মোৰ সতে প্রতাৰণা কৰিছে। মোক ইয়াৰ উপযুক্ত বিচাৰ লাগে! ম‌ই যযাতিৰ কঠোৰ শাস্তি বিচাৰোঁ।”

শুক্রাচার্য‌ই দেৱযানীৰ অপমান সহ্য কৰিব নোৱাৰিলে। অতি মৰমৰ কন্যাৰ সতে যযাতিয়ে প্ৰতাৰণা কৰা বুলি শুনি শুক্রাচার্য খঙত অগ্নিশৰ্মা হৈ পৰিল আৰু যযাতিক অভিসম্পাত দিলে,

“হে নহুষ পূত্ৰ যযাতি, ম‌ই বাৰম্বাৰ সকিয়াই দিয়াৰ পিছতো তুমি মোৰ কন্যা দেৱযানীৰ সতে প্ৰতাৰণা কৰিলা। যি যৌৱনৰ পিৰপিৰনিৰ বাবে তুমি তোমাৰ বিবাহিত পত্নীৰ সতে প্ৰতাৰণা কৰিলা, যি যৌৱনৰ তাড়নাত তুমি মোৰ কন্যা দেৱযানীক অপমান কৰিলা, এই মদমত্ত যৌৱন তোমাৰ আৰু নাথাকিব। তোমাৰ এই যৌৱন এই মুহূৰ্ততেই নোহোৱা হৈ যাব, তোমাৰ যৌৱন হেৰুৱাই এই মুহূৰ্তৰ পৰা অকাল জৰাগ্রস্ত হৈ পৰিবা। তুমি এতিয়াই ১০০ বছৰীয়া বৃদ্ধলৈ ৰূপান্তৰ হৈ যাবা।”

শুক্রাচার্যৰ অভিশাপৰ ফলত ক্ষণিকৰ ভিতৰত যযাতি এক আলৰ বৃদ্ধলৈ ৰূপান্তৰ হৈ পৰে।

নাৰীৰ দৰে যৌৱনক ধৰি ৰখাৰ এক সুতীব্ৰ ইচ্ছা পুৰুষৰো থাকে। তাতে যযাতি আছিল ভোগী পুৰুষ, গতিকে যৌৱন হেৰুৱাই যযাতিৰ বুকু কঁপি উঠিল, নিজৰ বাৰ্ধক্য‌ই মন মগজুক অৱশ কৰি পেলালে। ৰজা শুক্রাচার্যৰ ভৰিত উবুৰি খাই পৰিল আৰু শাপ প্রত্যাহাৰ কৰিবলৈ মিনতি জনাই ক্ষমা ভিক্ষা মাগিলে।

ইফালে দেৱযানীও লাহে লাহে শান্ত হৈ পৰে আৰু যযাতিক এক আলৰ বৃদ্ধৰ ৰূপত দেখি একেবাৰে ভাঙি পৰে। কান্দি কাটি সৃষ্টিকর্তাৰ উদ্দেশ্যি ক’লে,

“ম‌ই কি ভুল কৰিলোঁ ভগবান?? প্রথমতে কচক ভাল পালোঁ, সি মোক প্ৰতাৰণা কৰি গুচি গ’ল। যযাতিক ভাল পাই বিয়াত বহিলোঁ তেৱোঁ আজি মোক প্ৰতাৰণাই কৰিলে। আজি পিতাৰ অভিশাপত তেওঁ এতিয়া বৃদ্ধ, এয়াওতো একপ্ৰকাৰ মোৰেই শাস্তি! ম‌ইনো কি অন্যায় কৰিছিলোঁ প্ৰভূ? বাৰে বাৰে মোৰ সতেই মাথো কিয় এনেকুৱা হয়?”

পতিৰ দূৰ্দশা চাক্ষুষ দেখি দেৱযানীৰ মনতো নাৰীসুলভ কোমলতা জাগি উঠিল আৰু মনে মনে পতিক ক্ষমা কৰি দিলে। এইদৰে যযাতিয়ে বহু অনুনয় কৰাৰ পিছত বিশেষকৈ দেৱযানীয়ে গ্ৰহণ কৰা স্থিতিৰ বাবে শুক্রাচার্য‌ই ক’লে,

“ম‌ই এই অভিশাপ পূৰ্ণৰূপে উঠাই ল’ব নোৱাৰিম। অৱশ্যে নিজ ইচ্ছা অনুযায়ী কোনোবাই গ্ৰহণ কৰিবলৈ ইচ্ছা কৰিলে যযাতিয়ে সেইজনৰ যৌৱনৰ সতে নিজৰ জৰা সলনি কৰিব পাৰিব। কোনোবাই যদি যৌৱন দান কৰে তেতিয়াহে তুমি তোমাৰ জৰা অন্যক দান কৰিব পাৰিবা। মনত ৰাখিবা, জোৰ কৰি তুমি তোমাৰ বাৰ্ধক্য কাৰো ওপৰত জাপি দিব নোৱাৰিবা।”

শুক্ৰাচাৰ্য্যৰ কথাষাৰ শুনি কিছুপৰৰ বাবে যযাতি আশ্বস্ত হৈ পৰিল। ধন ঐশ্বৰ্য্যৰ লালসাত বহুতেই যৌৱনদান কৰিবলৈ আগবাঢ়িব বুলি ৰজাই ভাবি শান্তিৰ নিশ্বাস ল’লে। কিন্তু ৰজাৰ এই ধাৰণা ভুল প্ৰমাণিত কৰি নানা প্ৰলোভন দিয়াৰ পিছতো কোনো এজন মানুহেই বাৰ্ধ্যক্য গ্ৰহণ কৰিবলৈ স্ব‌ইচ্ছাৰে আগবাঢ়ি নাহিল। ছাল ছিগা ভিকহুৰ বাবেও যে যৌৱন কিমান প্ৰিয় হ’ব পাৰে ৰজা যযাতিয়ে প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলে‌।

তাৰ পিছতো কিন্তু ৰজাই যৌৱনৰ লালসা এৰিব পৰা নাছিল। শেষ মুহূৰ্তলৈ হাৰ নমনা এক যোদ্ধাই বিজয়ী হ’বলৈ বিচৰাৰ দৰে ৰজাই নিজ সাম্ৰাজ্যৰ কাকো বিচাৰি নাপাই অৱশেষত নিজৰ পুত্ৰ সকলৰ ওচৰত বাৰ্ধক্য বিনিময়ৰ প্ৰস্তাৱ ৰাখিলে আৰু লগতে ঘোষণা কৰিলে যিজন পুত্ৰ‌ই ৰজাক যৌৱন দান কৰিব তেঁৱেই পৰৱৰ্তী ৰজা হ’ব। ইয়াৰ পিছত ৰজাই দেৱযানী আৰু শর্মিষ্ঠাৰ গর্ভজাত মুঠ পাঁচজন পুত্রক জৰা গ্রহণ কৰি তাৰ পৰিৱর্তে নিজৰ যৌৱন দিবলৈ অনুৰোধ কৰিলে। কিন্তু প্ৰথম চাৰিজন পুত্ৰ যদু, দ্ৰ্যুহু, তুৰ্বাসু আৰু অনুয়ে পিতৃৰ এই প্ৰস্তাৱ নম্ৰতাৰে প্ৰত্যাখ্যান কৰিলে। যযাতি অতি হতাশ হৈ পুত্ৰবোৰক অভিশাপ দিলে। পাঁচ পুত্রৰ ভিতৰত একমাত্ৰ কনিষ্ঠ পুত্র পুৰুয়ে ৰজা যযাতিৰ জৰা গ্ৰহণ কৰি বিনিময়ত নিজৰ যৌৱন দিবলৈ মান্তি হ’ল।

যৌৱন হেৰুৱাই কথমপি পুনৰ লাভ কৰাৰ আনন্দত মতলীয়া হৈ পৰে। যযাতিয়ে বহু বছৰলৈ উভয় পত্নীৰ সতে ইন্দ্রিয়সম্ভোগ কৰে আৰু পিছলৈ কুবেৰৰ চৈত্রৰথ নামৰ উদ্যানত বিশ্বাচী নামৰ এগৰাকী অতি ৰূপৱতী অপ্সৰাৰ সতে দীর্ঘকাল ধৰি যৌৱন উপভোগ কৰিলে। পুৰুষৰ যৌৱন এক মৃগতৃষ্ণা আৰু নাৰীৰ সোণৰ প্ৰতি থকা হেঁপাহৰ দৰেই কোনো সীমাৰেখা নথকা। ইমান ভোগ বিলাসৰ পিছতো ৰজাৰ মৃগতৃষ্ণাৰ উপশম নহ’ল, বৰং আৰু বৃদ্ধিহে হ’ব ধৰিলে। যৌৱন এনে এক বস্তু হাজাৰ উপভোগ কৰিও হেঁপাহ নপলায়।

ভোগ বিলাসত মত্ত পিতৃ যযাতিয়ে পুত্ৰ পুৰুৰ কথা প্ৰায় পাহৰি গৈছিল। এদিন মৃগয়াৰ পৰা উভতি আহি থাকোঁতে অথৰ্ব অৱস্থা প্ৰাপ্ত বৃদ্ধ এজনক দেখি কিছু বিৰক্ত হৈ সাৰথিজনক সুধিলে, “সাৰথি, মোৰ ৰাজ হাউলিত কোন এইজন দেখিলেই ভয়লগা অলৰ অচৰ বৃদ্ধ? দ্বাৰৰক্ষীক কৈ অতি শীঘ্ৰে এতিয়াই বৃদ্ধক অন্তেষপুৰৰ বাহিৰ কৰাৰ ব্যৱস্থা কৰা।” আচলতে দিন যোৱাৰ লগে কনিষ্ঠ পুত্ৰ পুৰুক বাৰ্ধক্য‌ই আৰু বেছি কোঙা কৰি পেলাইছিল।

সাৰথিয়ে নত মস্তক হৈ ক’লে, “ক্ষমা কৰিব মহাৰাজ, এই বৃদ্ধজন অইন কোনো নহয়, তেওঁ হৈছে ৰাজকুমাৰ পুৰু। আপোনাৰ কনিষ্ঠ পুত্ৰ, যিয়ে নেকি আপোনাক নিজৰ যৌৱন দান দি থৈছে।”

সাৰথিৰ কথা শুনি যযাতি বিবেকৰ দংশনত জ্বলি পুৰি দগ্ধ হৈ পৰিল। ৰজাই উপলব্ধি কৰিলে যে, এই পৃথিবীত সমস্ত ধন আৰু সমস্ত ৰমণী উপভোগ কৰিলেও তে‍ওঁ তৃপ্ত নহ’ব। তৎক্ষণাৎ ৰজাই ভোগ-তৃষ্ণা ত্যাগ কৰি পুত্ৰ পুৰুৰ ওচৰত ক্ষমা বিচাৰি, তেওঁৰ যৌৱন ওভোতাই দিয়ে। তাৰ পিছত পুৰুৰ ৰাজ্যাভিষেক কৰি বানপ্রস্থ অৱলম্বন কৰে। গভীৰ অৰণ্যৰ মাজত কঠোৰ তপস্যা কৰি মৃত্যুবৰণ কৰে আৰু স্বর্গ গমন কৰে। কিন্তু অহঙ্কাৰৰ বশৱৰ্তী হৈ স্বৰ্গত আত্মশ্লাঘা কৰি নিজকে শ্রেষ্ঠ ধার্মিক বুলি ভবাৰ শাস্তি স্বৰূপে ইন্দ্ৰ‌ই তেওঁক স্বৰ্গচ্যুত কৰে। কিন্তু স্বর্গভ্রষ্ট হৈ পতিত হোৱাৰ পিছত আকাশমাৰ্গৰ মাজভাগত তেওঁৰ কন্যা মাধৱীৰ পূত্ৰ অৰ্থাৎ যযাতিৰ নাতি অষ্টক, প্রতর্দন, বসুমনা আৰু শিবি বাস কৰিছিল। সেই বিশেষ স্থানত উপস্থিত হোৱাৰ পিছত তেওঁলোকে যযাতিৰ পৰিচয় পাই প্ৰত্যেকে নিজৰ ভাগৰ পুণ্যবল দি পুনৰ স্বর্গলৈ প্রেৰণ কৰে।

ভৰত বংশৰ ৰজা যযাতি হৈছে নহুষৰ পুত্র তথা পাণ্ডব আৰু কৌৰৱৰ উপৰিপুৰুষ। যযাতি চক্ৰৱৰ্তী ৰজা অৰ্থাৎ সমগ্ৰ পৃথিৱী বিজয়ী সম্ৰাট আছিল। কথিত আছে যে যযাতিৰ এখন দিব্যৰথ আছিল যিখনে থিতাতে নিমিষৰ ভিতৰত ৩৬০° ৰ যিকোনো দিশ সলনি কৰি তীব্ৰ বেগেৰে যাব পাৰিছিল। এই ৰথৰ তীব্ৰগতিৰ ফলত ৰজাই ইচ্ছা কৰিলে মাত্ৰ ছয়দিনৰ ভিতৰত স্বৰ্গ, মৰ্ত আৰু পাতাল জয় কৰিবলৈ সক্ষম আছিল। যযাতিৰ ঔৰসত আৰু দেৱযানীৰ গর্ভত যযাতিৰ দুই পুত্র হৈছে যদু আৰু তুর্বাসু আৰু শর্মিষ্ঠাৰ গর্ভত তিনি পুত্র হৈছে দ্রুহ্যু, অনু আৰু পুৰু। কন্যা মাধবীৰ মাতৃৰ বিষয়ে বিশেষ উল্লেখ পোৱা নাযায় আৰু মাধবী নামৰ এই কন্যা সন্তানক লৈ কিছু মতান্তৰো আছে।

পৰৱৰ্তী সময়ত যদুৰ পৰা যদু বা যাদব বংশ, যি কূলত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। তুৰ্বাসুৰ পৰা যৱন (তুৰ্কী) বংশ। দ্র্যুহুৰ পৰা ভোজ বংশ, অনুৰ পৰা ম্লেছ বংশ (গ্ৰীক) আৰু পুৰুৰ পৰা পৌৰৱ বা কুৰু বংশৰ উদ্ভৱ হৈছিল।

☆★☆★☆

2 Comments

Leave a Reply

Your email address will not be published.