ফটাঢোল

“দেৱাঃ না জানন্তি কুতো মনুষ্যাঃ” – মানৱেন্দ্ৰ কুমাৰ শৰ্মা

দুদিনমানৰ পৰা বৰষুণ দি আছে৷ বতৰৰ এই বতৰা দেখি শ্ৰীমতীৰ ভীষণ অশান্তি, “উস্‌ এই আপদীয়া বৰষুণজাক যেন নেৰিবই আৰু! একো এডাল মনৰ মতন কৰিবও নোৱাৰি, ক’ৰবালৈ যাওঁ বুলিলেও ভালদৰে সাজি-কাচি ওলাই যাব নোৱাৰি৷” অথচ দুদিনমান আগলৈ তেওঁ কৈ আছিল, “আৰু নোৱাৰোঁ দেই সহিব ইমান গৰম! তাতকৈ বৰষুণ দিয়া হ’লেই ভাল আছিল; তেহে যদি গাটো অলপ শাঁত পৰিলহেঁতেন৷”

প্ৰায়েই মোৰ এনে লাগে কিজানি অহৰহ অসন্তুষ্টিৰ কিবা এটা সুৰুঙা উলিয়াব পৰাটোৱেই এওঁলোকৰ অন্য এক ঐশ্বৰিক প্ৰদত্ত দুৰন্ত প্ৰতিভা৷ আনকি বহুদিন হামৰাও কাৰি থকা বস্তু এটাও আমি কিবাকৈ আনি দিয়াৰ দুদিন পাছতেই তেওঁলোকক সেইটোৱেও আমুৱাই৷ এসময়ত “তুমিয়েই মোৰ জীৱনৰ শ্ৰেষ্ঠতম সম্পদ” বুলি একেবাৰে সপোনকোঁৱৰৰ দৰে হিয়াত সাৱটি লোৱাজনকো শাশ্বতভাবে পোৱাৰ দুদিন পাছৰ পৰা চল পালেই “তোমাৰ দৰে মানুহজনৰ লগত জীৱনটো সাঙুৰিয়ে মই মাৰাত্মক ভুল কৰিলোঁ” বুলি শেলপাত এৰিবলৈ নাপাহৰে৷ মুঠতে এওঁলোকৰ মহিমা অপাৰ৷ শীতৰ দিনত জহৰ দিনৰ বাবে আৰু গৰম দিনত ঠাণ্ডাৰ দিনৰ বাবে হামৰাও কাৰি থকাতো এওঁলোকৰ জন্মগত স্বভাৱ৷

মোৰ দৰে সাধাৰণ নৰমনিষটোৱে তেওঁৰ আপত্তিৰ ধৰণটোত লুকাই থকা ইংগিতৰ একো আওভাও বুজিব নোৱাৰিয়েই ক’লোঁ, “নহ’লে আজি মইয়ে থৈ আহিম দিয়া৷”

“নালাগে, নালাগে৷ পাঁচমিনিটৰহে বাট৷ ছাতিটো লৈ এইখিনি ময়ে যাব পাৰিম৷ পিছে আজি আমাৰ বান্ধৱী এগৰাকীৰ ঘৰলৈও ফুৰিবলৈ যোৱাৰ কথা আছিল, এতিয়া সেই আঁচনিতহে বতৰে বিঘিনি ঘটাব যেন পাইছোঁ৷”

তেওঁৰ মাত অনুসৰণ কৰি দেখোঁ যে ইতিমধ্যে সাজ-পাৰৰ প্ৰস্তুতিৰে তেওঁ ড্ৰেচিং আইনাৰ সমুখত, তাৰ মানে ঘৰৰ পৰা ওলাবলৈ অতি কমেও আৰু আধা ঘণ্টামান সময় তেওঁৰ প্ৰয়োজন হ’বই৷

আজিকালি আহোঁতে-যাওঁতে প্ৰায়েই মোৰ চকুত পৰে, তেওঁলোকৰ ‘মহিলা-সমিতি’খন ভালকৈয়ে ঠন ধৰি উঠিছে৷ তাৰ মাজত আমাৰ এওঁৰ হাঁহি ভৰা মুখখন দেখি মোৰ কিবা এটা ভালো লাগে৷

এদিন পৰিবাৰে ক’লে, “আমাৰ লগৰ বুমনৰ মাক যে, এক্কেবাৰে হেৰা-ফেৰিৰ অক্ষয় কুমাৰৰ দৰেহে৷”

“মানে?”

“মানে আৰু কি? অক্ষয় কুমাৰে খুচুৰা পইছা নোহোৱা বুলি কৈ এহেজাৰ টকাৰ নোটখন দেখুৱাই চিনেমাখনত সৱকে লুটিব খুজা নাছিল জানো? এতিয়া হেজাৰৰ গৈ দুহেজাৰৰ জামানা আহিল দিয়াচোন, সেয়ে অক্ষয়ৰ আৰ্হি লোৱা বুমনৰ মাকৰ হাততো সদায় দুহেজাৰৰ নোট এখনহে থাকে৷ তাত থকা সময়ত আমি লগে-ভাগে চাহ-নাস্তা খাওঁ, সকলোৱে মিলাই পইচা দিওঁ৷ কিন্তু বুমনৰ মাকে আজি ইমান মাহে খুচুৰা নাই বুলি পইছা দিয়াৰ পৰত আমাক সদায় সেই দুহাজাৰ টকীয়াখনেই দেখুৱাই থাকিল৷ সেইখনৰ পৰা দহকাপমান চাহৰ পইছা ৰাখি বাকীখিনি ঘূৰাই দিবলৈ দোকানীৰো ইমান খুচুৰা নাথাকে৷ মুঠতে তেখেতে সদায় আনৰ ওপৰতে টেকেলি ভাঙিব খোজে৷”

এওঁৰ কথাত মোৰ ভিতৰি ভিতৰি হাঁহি উঠিল৷ এওঁলোকৰ দৰে ঘৰত বৰমতা দেখুৱাব খোজাবোৰে বাহিৰত সদায় এনেকুৱা সৰু-সুৰা কথাবোৰকেই সাংঘাতিক সমস্যা বুলি গণ্য কৰে৷ অতদিনৰ অভিজ্ঞতাৰে মই জানো যে মই এওঁক কিবা এষাৰ কোৱা মানেও এওঁৰ বিচাৰত মোৰ কথা সদায় বান্দৰে নাৰিকলৰ মোল বুজা ধৰণৰহে৷ কিয়নো এওঁলোকৰ বিবেচনাত আমাতকৈ তেওঁলোকৰ চিন্তা-চৰ্চা সদায় নিখুঁত, অভ্ৰান্ত আৰু যুগৰ লগত খাপ খোৱা৷ তথাপি কিবা এষাৰ কোৱা ভাল৷ একো এষাৰ নক’লেও অভিযোগ আহিব যে ইমান সময় মই কি গৰুৰ আগত টোকাৰিহে বজাই আছিলোঁ নেকি? সেয়েহে ওঁঠলৈ আহিব খোজা হাঁহিটো কিবাকৈ সম্বৰণ কৰি ক’লোঁ, “তোমালোকে নিজৰ ভাগৰ পইছাটো নিজে নিজে দি এই সমস্যাৰ পৰা মুক্ত হ’ব পাৰা দেখোন৷”

“ইচ্‌! আমি যেনিবা সিমানখিনিও নাজানোহে? সেয়াও কৰি চাইছোঁ৷”

“তেনেহ’লে এতিয়া আকৌ কি সমস্যা?”

“সমস্যা মানে ভীষণ সমস্যা৷ স্কুলৰ কাষত থকা গুম্‌টিখনৰ ল’ৰাজনে এঘাৰটামান বজাত আমালৈ সদায় চাহ-নাস্তা লৈ আহে৷ যিদিনা আমি নিজৰ নিজৰ ভাগৰ চাহৰ পইছাটো আগতেই উলিয়াই দিওঁ সিদিনাও তেখেতে চাহ দিয়া ল’ৰাজনক সেই নোটখনেই দেখুৱায়৷ ল’ৰাজনেও ইমানদিনৰ অভিজ্ঞতাৰে কথাটো বুজা হৈছেতো, সেয়ে আমি তেনেকৈ পইছা দিয়াৰ দিনা সি তেখেতক চাহ দিব নোখোজে৷ তেনেদৰে আগতে সি তেখেতক দি যোৱা চাহৰ ভালেখিনি পইছা এতিয়াও পাবলগীয়া হৈ আছে৷ এদিন চাহ দিয়াৰ সময়ত সি কৈছিল, “বাইদেউ আজি খুচুৰা লৈ আহিছোঁ, আপোনাৰ আগৰ হিচাপখিনিও কৰোঁ দিয়ক৷” পিচে মহাশয়াই কি ক’লে জানানে নাই?”

“কি ক’লে?”

ক’লে, “কিহৰ হিচাপ কৰিব আহিছ? সিদিনা স্কুল ছুটীৰ পিছত তোৰ দোকানত গৈ সৱ পইচা উঠাই দিয়া নাই জানো? তাৰ পিছতো পইচা খুজিবলৈ তোৰ লাজ লগা নাই? ভাগ ইয়াৰ পৰা৷ নহ’লে এইখন দেখিছ”-এইবুলি ল’ৰাজনক তেখেতৰ হাতখন দেখুৱালে৷ তাৰ মানে আৰু কিবা এষাৰ ক’লে তাৰ বিপদ৷ সিও তেখেতৰ সেই মূৰ্তি দেখি সেমেনাসেমেনিকৈ আঁতৰি গ’ল৷ মুঠতে নিজৰ পইছা ভৰি তেখেতে একো এটা নাখায়, লাগিলে একো নোখোৱাকৈয়ে থাকিব৷”

“আৰে, এইটো আৰু কেনেকুৱা কথা হ’ল? তেনে স্বভাৱৰ কোনোবাই কিবা নাখালেও তুমি ভাবি একো লাভ নাই, এদিন দুদিন খুৱালা বুলি সদায় সদায় তেনেদৰে খুৱাই থাকিবও নোৱাৰি নহয়৷”

“সেইটোতো হয়৷ কিন্তু আমাৰ লগতেই বহি থাকে যেতিয়া তেখেতক এৰি খাবলৈ আমাৰো সিমান এটা ভাল নালাগে দিয়াচোন৷ তাতেই আমি খোৱাৰ সময়ত তেখেতে আমাৰ মুখলৈ যেনেকৈহে ফেল্‌ফেলকৈ চাই থাকে নহয়, মোৰতো এনে লাগে যেন চোমালিয়াৰ বুভুক্ষিত শিশু এটাৰ সমুখতহে আমি একাঁহীকৈ পায়স ভক্ষণ কৰি আছোঁ৷ কিজানি তেনে সময়ত তেখেতে সেপ ঢুকিও থাকে৷”

“তেখেতৰ পৰা তোমালোকে অলপ আঁতৰি থকাই ভাল হ’ব৷ সময়ত এনে মানুহৰ পৰা বিপদতো পৰিব পাৰা৷”

“তাকেইতো৷ ইফালে কি চাবা তেখেতৰ ফুটনি! সিদিনা আমাৰ লগৰ এজনীৰ ঘৰলৈ আমি ফুৰিবলৈ গ’লোঁ৷ তাত গৈও কি শুনিবা তেখেতৰ কথাৰ বাহাদুৰি৷ ঘৰত কিমান ভাল ভাল আৰু দামী বস্তু খায়, সেইবোৰ শুনাইয়ে আমাৰ কাণ ঘোলা কৰিলে৷ বান্ধৱীৰ আহল-বহল ঘৰ যদিও আহিবৰ সময়ত তেখেতে ক’লে, “তোমালোকৰ ঘৰটোৰ সমান মোৰ বেলকনিখনেই হ’ব৷”

মই মাত্ৰ ক’লোঁ, “সাৱধানে থাকিবা৷”

“আৰু কি জানা, সময়-সুবিধা মিলাই আমি প্ৰায়েই কাৰোবাৰ নহয় কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ যাওঁৱেই দিয়াচোন, আমাৰ ঘৰলৈয়ে কিমান দিন ফুৰিবলৈ আহিল, তুমি সেই সময়ত অফিচলৈ যোৱা বাবেহে লগ নোপোৱা৷ তেখেতো আমাৰ লগত সদায় যায়৷ অথচ তেখেতৰ ঘৰলৈ আমাক নিয়াৰ চাৰিটামান দিন উকলাৰ পিছতো কিবাকিবি বাহানা দেখুৱাই এদিনো নিনিয়াকৈ আছে ৷”

মই ভাবিছিলোঁৱেই কথাটো৷ এতিয়া নিশ্চিতও হ’লোঁ৷ মাণিক বিচাৰি সেই ভৰা সাগৰৰ পানীত তেওঁলোকে যিমানেই ওলট-পালট নকৰক কিয়, তাত মাণিক কি আনকি কোনোদিনে শামুক এটাও নাপায়৷ আমাৰ এওঁৰ দৰে সহজ-সৰল, আকৰী মানুহজনী সাপৰ মুখত পৰক- এনে এটা কথাও মই ভাবিব নোৱাৰোঁ৷ সেয়ে সুযোগ-সুবিধা বুজি এদিন মোৰ মনৰ কথাটোৰ ইংগিত তেওঁক দিলোঁ৷

পৰিবাৰ জক্‌জকাই উঠিল৷ “মোৰ ভালটো তুমি যে দেখিবই নোৱাৰা সেইটো বুজোঁ, কিন্তু ইমানলৈ নামিবা বুলি মই কল্পনাও কৰা নাছিলোঁ৷ তাত অলপ হাঁহি ধেমালিৰে মই সময় পাৰ কৰা দেখিহে তোমাৰ সহ্য হোৱা নাই নহয়, সেয়ে মই তালৈ গ’লে তুমি বেয়া পোৱা৷”

মই মনে মনে থাকিলোঁ৷ বাঘৰ নেগুৰেৰে কাণ খজুৱাবলৈ আচলতে মোৰো মন নাছিল৷ মোৰ নীৰৱতা দেখি পৰিবাৰৰ হয়তো অলপ বেয়া লাগিল, “কি জানা, তুমিয়েই কোৱাচোন বেলেগ ক’ত আৰু আমি লগ হোৱাৰ এনেকুৱা সুবিধা পাওঁ? একমাত্ৰ তাত আৰু সেই সময়খিনিতেই সেই সুবিধা মিলে৷ ধৰা আমি সেই সুযোগটোৱে লৈছোঁ৷ ঘৰুৱা জঞ্জাল পাহৰি আমি অলপ সুখ-দুখৰ কথাহে পাতোঁ, তুমি কিয় ভুল বুজা? আৰু আমি তাত অকল কথা পাতি বা ফুৰা-চকা কৰিয়ে সময় পাৰ নকৰোঁ নহয়, বাৰ্থডেও চেলিব্ৰেট কৰোঁ৷ পৰহি আছিল জুমনৰ মাকৰ বাৰ্থডে, কাইলৈ সুমনৰ মাকৰ৷ এনেদৰে বাৰ্থডে চেলিব্ৰেট কৰিও খুব মজা লাগে৷ আৰু কি জানা আমি সকলোৱে মিলি ‘চেল্ফ হেল্প গ্ৰুপ’ এটা খোলাৰ কথাও ভাবি আছোঁ৷ আজিকালি এনে গ্ৰুপৰ বাবে চৰকাৰী সাহাৰ্যও বহুত৷ দুই-এদিনতে বেংকৰ স’তে কথা পাতি আমি আগবাঢ়িম- তুমি চাই থাকা৷”

তেওঁ জোৰ দি কোৱা কথা শুনি মই কোনোমতে হাঁহিটো সম্বৰণ কৰিলোঁ৷ চৰুৰ চাউল এটা পিটিকিয়ে ভাত চৰিয়া কিমানলৈ সিজিল সেইটো যিদৰে বুজা যায়, ইমানদিনৰ অভিজ্ঞতাৰে ময়ো বুজা হৈছোঁতো আচলতে কোন কিমান পানীৰ মাছ৷ পিছে জ্বলা জুইত ঘিউ ঢলাৰ মোৰ মন নাই বাবে সেই সময়ত নিৰৱতাই মোৰ শ্ৰেয়তম ভাষা বুলি সেই ৰীতি মানি চলিলোঁ৷

এদিন পৰিবাৰ হাঁহি হাঁহি ঘৰত সোমাল৷ তেওঁৰ দুহাতত দুটা টোপোলা৷

“আজি পুমনৰ মাকৰ ঘৰলৈ গৈছিলোঁ নহয়, চোৱাচোন চোৱা তেখেতে মোক এইটো প্ৰেজেণ্ট দিছে৷”

টোপোলা এটা খুলি পৰিবাৰে মোক চোলা এটা দেখুৱালে৷ চোলাটো আহল-বহল৷ মোৰ পৰিবাৰৰ অৱয়বৰ দুটামান সেই চোলাটোৰ ভিতৰত অনায়াসে সোমাব পাৰিব৷

তেওঁ ক’লে, “তুমি এদিন সময় মিলাই এইটো মোৰ জোখত চিলাই দিবাদেই৷”

যিবা আজ্ঞা দেৱী ভাৱত ময়ো হাঁহিৰেই সুধিলোঁ, “পিচে আনটো টোপোলাত কি আনিছা?”

“অ’ তালৈ গৈহে গম পালোঁ, তেখেতে যে কাপোৰৰ বিজনেচো কৰে৷ চোৱাচোন চোৱা, মই বুলিহে এই দুটা তেখেতে হেজাৰ টকাতে দিছে৷ নহ’লে এনেকুৱা এটা বোলে হেজাৰৰ তলত তেখেতে আজিলৈ বিক্ৰী কৰিয়েই পোৱা নাছিল৷”

এনে সহজ-সৰলতাৰ বাবে এওঁলৈ মোৰ মায়া লাগে; কেৱল খঙ, অকৰামি আৰু সৰ্বজ্ঞ ভাৱ যদি এওঁ পৰিহাৰ কৰিব পাৰে আচলতে আমাৰ সংসাৰখনত চিন্তা কৰিব লগা একো এটা নাছিলেই৷ এওঁ পুমনৰ মাকৰ পৰা কিনি অনাৰ দৰে চোলা বজাৰত হেজাৰত চাৰি/পাঁচটামান পায়৷ তথাপি কথাষাৰ কৈ সংসাৰত কন্দল এখন লগোৱাৰ মোৰ মন নাই, ততোধিক প্ৰাণাধিক বান্ধৱীয়ে এওঁৰ মৰমত পমি আধা দামতে চোলা কেইটা দিয়াৰ তেওঁৰ সেই আহ্লাদত পানী ঢালিবলৈও মোৰ মন নহ’ল৷ হাজাৰ হওক বান্ধৱীৰ পৰা কিনা চোলা, তাৰ কদৰেই বেলেগ!

পৃথিৱী ঘূৰি থাকে আৰু এওঁলোকেও মাণিকৰ সন্ধান কৰি থাকে!

এদিন ৰাতিপুৱা এওঁ অভাৱনীয়ভাবে ক’লে, “আজি নহ’লে তুমিয়ে জানমনিক স্কুলত থৈ আঁহা৷

মই হতবাক! আজি বতৰো ভাল, হাইঠা কিয় মাটিত পৰিল!

আনকালে জানমনিক স্কুলত থোৱাৰে পৰা ছুটীৰ সময়লৈ চাৰি ঘণ্টামান সময় আমাৰ এওঁৰ দৰে হাতত অপৰ্যাপ্ত সময় থকা আৰু দহ-বাৰজনীমান বান্ধৱী মিলি অভিভাৱকসকল জিৰাব।অইনকালে জানমনিক স্কুলত থোৱাৰে পৰা ছুটীৰ সময়লৈ চাৰি ঘণ্টামান সময় আমাৰ এওঁৰ দৰে অভিভাৱকসকল জিৰাবৰ বাবে বিদ্যালয়ৰ বাকৰিত আচুতীয়াকৈ ৰখা ঠাইখিনি কব্জা কৰে আৰু তাতেই ‘মহিলা-সমিতি’ৰ সভা পাতি সমূহীয়াভাবে মাণিকৰ সন্ধান কৰে৷ সভাও সভা কি একেবাৰে সাংঘাতিক সভা! প্ৰায়েই এওঁলোকৰ হাঁহি-খিকিন্দালিৰ শব্দই সেই চৌহদৰ সীমা অতিক্ৰমী মূল পথত খুন্দা মাৰে৷ ইমানৰ পিছতো তেনে এক আকৰ্ষণীয় পৰিৱেশে তেওঁলোকক আমুওৱা এই চমৎকাৰ কাহিনীটোৰ গুঢ়াৰ্থ জানিবলৈ মোৰ মন যোৱাটোৱেই স্বাভাৱিক৷

“সেইবোৰ বহুত কথা দিয়া৷”

তেওঁৰ উত্তৰত মোৰ মেলা মুখ মেলাতেই থাকিল৷

হাজাৰ হওক ভাৰতীয় নাৰী৷ মুখেৰে মানুহজনক যিমান কেটেৰা-জেঙেৰা নকৰিলেও এয়াও সত্য যে সত্যৱানক জীয়াবলৈ সাৱিত্ৰীয়ে যমৰ দুৱাৰদলিলৈ যোৱাৰ দৰে সময়ত এওঁলোকেও আমাৰ বাবে তেনেকুৱা কিবা কৰিব লগা হ’লে পিছ হুহুঁকি নাহে৷ সেয়েহে মোৰ সেই মেলা মুখৰ ফাঁকেৰে মাখি-চাখি কিবা এটা সোমোৱাৰ আগতেই এওঁ ক’লে, “আচলতে কি জানা, বিজনেচ কৰিম বুলি মামনৰ মাকে পুমনৰ মাকৰ পৰা কেইহেজাৰমান টকাৰ কাপোৰ বাকীকৈ নিছিল৷ ইমানদিনে পুমনৰ মাকক না পইছা ঘূৰাই দিলে, না কাপোৰ৷ এতিয়া পইছা বিচৰাত মামনৰ মাকে পুমনৰ মাকৰ বিষয়ে সৱৰে আগত বেয়াকৈ কৈ ফুৰিছে৷ ইমান বেয়াকৈ কৈছে যে তুমি বিশ্বাসেই নকৰিবা- তেখেতে বোলে কিবা বেয়া বিজনেচো কৰে৷ বেয়া মানে সাংঘাতিক বেয়া৷ আনকি ৰাতি ৰাতি তেখেতে নিজেই সেইবোৰত নামে বুলিও কৈ ফুৰিছে৷ মানুহে ইমান তলখাপৰ কথা কেনেকৈ ক’ব পাৰে তুমিয়েই ভাবাচোন! তাকো মাত্ৰ কেইটামান টকাৰ বাবে? তেখেতৰ মতে আমি আৰু পুমনৰ মাকৰ লগ হ’ব নালাগে, তেখেতৰ পৰা কাপোৰো কিনিব নালাগে৷ আৰু যদি তেখেতৰ লগ হওঁ, তেন্তে এখেতক মাতিব নালাগে৷ এনেকুৱা আৰু বহু কথা- মুঠতে আমাৰ আড্ডাত আজিকালি এনেকুৱা কথাৰহে পয়োভৰ৷ এনেকুৱা কথাৰ বাবেই তাত এদিন আমাৰ এটা গ্ৰুপৰ পৰা দুটা গ্ৰুপ হ’ল, এতিয়া দুটাৰ পৰা চাৰিটামান হ’ল৷ মুঠতে আজিকালি আৰু আগৰ দৰে সেই আড্ডা ভাল নলগা হ’ল, তালৈ গৈ বিৰক্তিহে লাগে৷

অৱশেষত যিটো অৱশ্যম্ভাৱী আছিল সেয়াই ঘটিল৷ সাগৰ শুকাল কিন্তু মাণিক লুকাল৷

☆★☆★☆

2 Comments

  • গীতিকা শইকীয়া

    ইমান সুন্দৰকৈ লিখিছে! কি ক’ময পঢ়ি যাওঁতে চকুৰ আগত ভাঁহি আছে কথাবোৰ। বাস্তৱ কথা কিছুমানৰ ধাৰা বিৱৰণী দি থকা যেন লাগিল। খুউব ভাল লিখনি।

    Reply
  • Sankar Jyoti Bora

    ভাল লাগিল দাদাা৷

    Reply

Leave a Reply

Your email address will not be published.