ফটাঢোল

দেৱা নঃ জানন্তি – তৃষ্ণা সোনোৱাল

“হেৰা, খেচখেচাই নাথাকিবা বুজিছা। এবাৰ ক’লো নহয় নালাগে, মুঠতে নালাগেই।”

গালি শুনি নীৰাৰ মুখখন ওন্দোলি উঠিল। ধামকৈ বেডৰুমৰ দুৱাৰখন বন্ধ হ’ল। ময়ো বুজিলো ৰাতিৰ ভাত সাজ হাতৰপৰা গ’ল। যোৱা নাখাওঁ তোমাৰ হাতৰ ভাত। দত্তই নতুন গাড়ীৰ পাৰ্টি দিছে তালৈকে ওলাই গ’লো।

পুৱা নীৰাৰ হাতৰ চাহকাপ নাপাম বুলিয়েই ভাবিছিলো। কিন্তু কি চমৎকাৰ! দেওবাৰ নোহোৱা স্বত্বেও মটৰ পনীৰ-পৰঠাৰে ডাঠ চাহকাপ লৈ মিচিকিয়া হাঁহিৰে নীৰা হাজিৰ। পোন্ধৰ বছৰীয়া বিবাহিত জীৱনৰ অভিজ্ঞতা মোৰ, কাম সিজাবলৈ নাৰীৰ নানানটা কিটিপৰ কথা জনা আছে। চাহ লুচী খোৱাৰ পাছত আশা কৰা মতেই নীৰাই ক’লে – “তুমি মিছাতে নালাগে বুলি ভাবিছা। কিমান কামত আহিব টকা কেইটা ভাবিছানে?”

“কি কামত আহিব কোৱাচোন?”

“বাৰু বাৰু, কামত নলগালেও মোৰ একাউণ্টতেই জমা কৰি থ’ম। তুমিনো সদায় কিমান ভৰাই থাকিবা আৰু তোমাৰ পৰা সদায় ল’বলৈও বেয়া লাগে নহয়।”

বাঃ, নীৰাৰ কথা শুনি প্ৰফুল্লিত হ’লো। যোৱা দুদিনমানৰ আগত তিনিহাজাৰ টকা তাইক নিদিয়াৰ কাৰণে খকাখুন্দা লাগি গৈছিলহে আৰু আজি মোৰ দুখ বুজি পোৱা হৈ গ’ল এদিনতেই!

“পিছে টকাখিনি ঘূৰাবা কেনেকৈ?”

 চাহত অন্তিম শোহাটো সুখেৰে দিলো।

“উৱা, তুমি কিহলৈ আছা! ইমান দৰমহাৰ চাকৰিটো যে কৰিছা কিহলৈ? হ’ব নালাগে তোমাৰ টকা, মই নিজেই ঘূৰাম। লাগিলে পলৌট্ৰি খুলিম, দোকান খুলিম। হুহ!”

উচাৎ মাৰি গুচি গ’ল তাই।

মই এপলকলৈ অবাক। অলপ আগতেতো কৈছিল মোৰ টকা ল’বলৈ বেয়া পায় বুলি আৰু এয়া কি? সঁচাকৈ প্ৰভু, নাৰীৰ চৰিত্ৰ দেৱা নঃ জানন্তি।

নীৰা এনেয়ে মানুহজনী খুওব সাদৰী, পিছে কোনোবাই কিবা নতুন আইডিয়া এটা মূৰত সুমুৱাই দিলে তাৰপৰা মুক্ত কৰিবলৈ বৰ অসুবিধা হয়। আৰে আইডিয়া খটুওৱা কলাটো ভগৱানে সকলোকে নিদিয়ে, তাতে নীৰাৰ দৰে অল্পবুদ্ধি প্ৰাণীয়ে আইডিয়াবোৰৰ অপব্যৱহাৰ কৰাটো খাটাং। মই গড়কাপ্তানি বিভাগৰ চাকৰিয়াল, সন্তোষজনক দৰমহাটোৰে নীৰা আৰু ল’ৰা ছোৱালী হালেৰে ধুনীয়াকৈ চলাৰ উপৰিও গাঁৱৰ ঘৰলৈও মাহিলী দুটকামান পঠিয়াব পাৰো। মুঠতে আকালো নাই ভঁৰালো নাই। মাজতে নীৰাজনীয়েহে নলগা জেঙত লাগি আহুকালত পেলায়।

নীৰাই বোলে এইবাৰ লোণ লয়, বন্ধন গোটৰপৰা।

নীৰাৰ বান্ধৱী বৰানী, গগৈয়নী, ফুকননীহঁতে কেতিয়াবাতেই গোটত সোমাল। লোণ লৈ ব্যৱসায় কৰি আত্মনিৰ্ভৰশীল হ’ব হেনো, লগতে লোণৰ টকাৰে মন পছন্দৰ বস্তুও কিনিলে বান্ধৱীহঁতে। নীৰাৰ মতে মোৰ নিচিনা কৰাইচ এটাই তাইকনো ক’ত টকা উলিয়াই দিব! সেয়ে তাই নিজেই লোণ লৈ ব্যৱসায় কৰিব বোলে।

অফিচৰপৰা আহি আকৌ নীৰাৰ একেসোপা কথা শুনি টিঙিচকৈ খংটো উঠি আহিল মোৰ। আৰে, সিহঁতৰ গিৰিয়েককেইজন লাগ বুলিলেই দিব পৰা মানুহ, ঘৈণীয়েকে লোণ ল’লেও নল’লেও সিহঁতৰ একো গাত নালাগে। গম পাওঁ নহয় আটাইকেইজনীয়ে কি ব্যৱসায় কৰিব।

“থোৱা দিয়া, লোকৰ তিৰোতাৰ ওপৰত ইমানো চকু দিয়া ভাল নহয়।”

 নীৰা খোচ মাৰি কথা কোৱাত অদ্বিতীয়।

“লোণৰ টকা কিহত খটুৱালে তোমাৰ বান্ধৱীহঁতে?”

 ময়ো কম নহয়, কথা ঘূৰাই দিলো পটকৈ।

“এ.. এ.. বৰানীয়ে বৰ ডাঙৰ এটা মোবাইল ল’লে, ফুকননীয়ে স্কুটি ল’লে, গগৈ গগৈয়নীয়েতো মানালী ফুৰি আহিল।”

“হৰি হৰি! সেয়া লোণৰ টকাৰেইনে?”

“অঁতো, তোমাৰ নিচিনা জ্ঞানশূন্য বুলি ভাবিছা নেকি! সেয়ে কৈছো তুমি মাত নামাতিবা, ময়ো ল’ম বুলিছো ল’মেই।”

“ঠিক আছে, যি মন যায় কৰা। পাছত কিবা গণ্ডগোল হ’লে মোক নক’বা।”

 ৰণত জিকি নীৰা আনন্দিত, ৰাতিলৈ ভালকৈয়ে এসাঁজ খাবলৈ পাম যেন লাগিল। মই জানো এইটো আইডিয়াও ফ্লপ মাৰিব, কিন্তু কোনে কচুত মুখ ঘঁহি বিপদ মাতে।

শীঘ্ৰেই নীৰাই গোটত জইন কৰিলেগৈ। লোণ পাবলৈ যাৱতীয় কাগজ পাতি গোটাই মেলি সাজু। আমাৰ যুগ্ম ফটোখন তোলাৰ সময়তহে আকৌ লেঠা। হওঁতে বিয়াই সবাহে একেলগে ফটো নুঠা নহয়, চেলফিতো ক’বই নালাগে। কিন্তু এনেকৈ চিৰিয়াচ ভাৱভংগীত তাইৰ লগত একেলগে পজ দিব কোনোপধ্যেই নোৱাৰি। মাজনীয়ে ৰেডী বুলি কয়হে, ফেলেককে মোৰ হাঁহি চিটিকি ফটোৰ অৱস্থা শোচনীয় কৰি পেলায়। নীৰাৰ এপাকত উঠিল খং, ল’ৰা ছোৱালীকেইটাৰ আগতে মোৰ ভৰিত প্ৰচণ্ড গচক এটা মাৰিলে। আকস্মিক আক্ৰমণত মোৰ মুখৰ মাতৰ লগতে হাঁহিও সৰিল। মাজনীৰো ফটো ক্লিক হৈ গ’ল।

কাগজ পাতিবিলাক দিয়াৰ পাছত নীৰাহঁতৰ মাষ্টৰে ঘৰ দুৱাৰ চাই গ’ল, দুই এদিনতে লোণটো পাবই। নীৰাৰ সপোন তুংগত, কি ল’ব কি নল’ব লিষ্ট ইতিমধ্যে সাজু। মই বোলো কি কৰি ঘূৰাবা সেইটোলৈও দুটকামান থোৱা।

“হ’ব দিয়া, তোমাৰপৰা নলওঁ যেতিয়া ইমান চিন্তা কৰিব নালাগে।” নীৰাৰ ফিতাহীত ৰুদ্ধ মোৰ কণ্ঠ।

অৱশেষত নীৰাৰ লোণটো হ’ল। ব্ৰইলাৰ ফাৰ্মৰ অজুহাত দেখুৱাই ৪০০০০ টকা তাই লোণত পালে। মানা কৰিছিলো ইমানকৈ নলৈ কম পৰিমাণে লোৱা, কিন্তু এই অধমৰ চেষ্টাই বৃথা।

মই আচৰিতে হ’লো টকা পোৱাৰ পাছত নীৰাৰ ৰূপ দেখি। গধূলি দুবাৰ, ৰাতি খোৱাৰ আগত এবাৰ আৰু শোৱাৰ আগত এবাৰ টকাখিনি গণাৰ পাছতহে চাগৈ তাইৰ হেপাঁহ পলাল। মাজৰাতি পানী খাবলৈ উঠি আকৌ যেতিয়া নীৰাক মজিয়াত বহি টকাখিনি গণি থকা দেখিলো, ভগৱানৰ শপত তাইৰ গাত ভূত লম্ভিলে বুলিয়েই মনলৈ আহিছিল।

পুৱা অফিচলৈ অহাৰ আগতে তাইক বুজালো, “চোৱা নীৰা, ইমানবোৰ টকা ঘৰত থোৱাতো ভাল নহয়। পাছত যিয়ে নকৰা বেংকত থৈ আহাগৈ এতিয়া।”

নীৰাই টকাৰ বেগটোত হাত ফুৰাই থাকি ক’লে, “হুম।”

ধৈ, কাণত কিবা সোমালনে নাই ঔ এইজনীৰ!

নীৰাৰ পাখি গজিল, নিজৰ টকাৰে তাই আটাইলৈকে কাপোৰ কিনিলে, একেবাৰে গাঁৱৰ ঘৰৰপৰা মাকৰ ঘৰলৈকে। দুৱাৰ খিৰিকীত নতুন পৰ্দা ওলমিল, মাজনীৰ কাৰণে সোণৰ ফুলি এযোৰো অৰ্ডাৰ দি আহিল। বাবলুকো ঢোল এটা আনি দিছে, মুঠতে মোৰ চেৰা মুখখনৰ বাহিৰে ঘৰখনত আনন্দই আনন্দ।

চেগ বুজি এদিন ক’লো তাইক, “অতসোপা টকা পানীত পেলালা যি পেলালা। এতিয়া ফাৰ্মখনৰ কথা চিন্তা কৰা।”

“হেই অজলাটো, মোৰ মুৰ্গীৰ গড়ালটো আছেই দেখোন। কোনো চাবলৈ নাহে দিয়া, সপ্তাহৰ কিস্তিটো ঘূৰাই থাকিলেই হ’ল।”

মোৰ চকুপানী ওলাই আহিল, অতদিনে হেবাং বুলি ভাবি থকা মানুহজনীৰ বুদ্ধি দেখি। অন্ততঃ বাকী টকাখিনি বাচিল যে।

“তেনে ইখিনি টকা একাউণ্টতে থৈ দিয়া। মাজনীৰো তোলনী হোৱাৰ বয়স বাঢ়ি আহিছে, দুই এপদ বস্তুকে লব পাৰিবা। কিস্তিটো ময়ে মাৰি দিম।”

– আবেগ ভৰা মাত মোৰ।

“ইখিনি মানে কোনখিনি?”

 নীৰাৰ উত্তৰ শুনি মই অবাক।

“কিয়, বাকী বিছ হাজাৰ টকা আকৌ।”

“অ’ সেয়া! সেয়া মই কামত লগালো।”

ইয়াৰ পিছৰখিনি ইতিহাস। বিছ হাজাৰৰ আঠ হেজাৰ বৰানীক আৰু বাকী বাৰ হেজাৰ টকা সিটো পাৰাৰ কবিতাক সুদলৈ ধাৰ দি নীৰা মহাৰাণী অচিৰেই সুদখোৰ মহাজন হোৱাৰ ৰূপত।

“এইবোৰ কুটবুদ্ধি কোনে দিয়ে তোমাক?”

খংটো ৰখাব নোৱাৰিলো আৰু।

“চবেই তেনেকৈয়ে দিয়ে জানা, বৰানীয়ে লোণ পোৱাৰ আগতে কৈ থৈছিল মোক। কবিতাই আকৌ টকা পোৱাৰ দিনাই মোৰ লগতে লাগি আহিল, বোলে টকাৰ বৰ দিগদাৰ হৈছে পাৰিলে দিয়াই, অহা মাহতে ঘুৰামেই ঘুৰাম।”

“ইমান হৃদয়ৱান কেতিয়া হ’লা ঔ, লাগ বুলিলেই দি দিলা ইমানখিনি টকা!”

“আৰে সুদলৈ দিছো বুলি কৈছো দেখোন, এশ টকাৰ সুদ।”

“হেজাৰত এশ নে?”

“নহয় গোটেইখিনি টকাৰ লগত এশ টকা সুদ।”

 নীৰাৰ কথাত মূৰে কপালে হাত দিলো, এই গৰাকীকে লৈ অলপ আগতে বুকু ফুলাইছিলো নে মই।

যি কি নহওক। হাতত বাকী ৰোৱা টকাৰে নীৰাই প্ৰথম তিনি সপ্তাহৰ কিস্তি ঘূৰালে।তেতিয়ালৈকে ফুৰ্তি শেষ হোৱাই নাই তাইৰ। মোক কথাই প্ৰতি খোচা মাৰে অমুকটো কিনিলো তমুকটো ল’লো, ইয়াক দিলো তাক দিলো, তুমি চাকৰি কৰি কিতো দিলা হয় কৰাইচ কুবেৰ কলিতা। শুনি বুকুত জুই জ্বলে মোৰ, তথাপিতো সহ্য কৰি থাকো।

বৰানী আমাৰ লগত ভাল, টকাও কথা দিয়া মতেই সোনকালেই ঘূৰালেহি। সুদৰ এশ টকাৰে চিংৰা খুৱাই নীৰাই মোক আকৌ কাট মাৰিলে, “খোৱা মোৰ উপাৰ্জনৰ বস্তু।”

চুপচাপ চাহকাপত শোহা দি ভাবিলো, অতদিনে ৰেচন পাতি আকাশৰপৰাই সৰিছিল মানে।

কেৰোণটো লাগিল কিস্তি ঘুৰোৱাৰ দ্বিতীয় মাহতহে। কবিতাই টকা ঘূৰাই দিয়াৰ নাম নলয়, এওঁ নিজে খুজিবলৈ টান পায়। গতিকে নিজৰপৰাই দি আছে, মোৰ টকাও নলওঁ বুলি কৈ পালেই যেতিয়া। দুদিনমান ৰং চালো ময়ো, শেষত অতিষ্ঠ হৈ নীৰাক ক’লো,

“কিনো কৰি আছাহে, বাৰ হেজাৰকে টকা দি এতিয়া ঘুৰাই আনিব নোৱাৰিছা যে। যোৱা যোৱা, ঘৰত গৈ খুজাগৈ।”

নীৰাইও চাগে তাকে ভাবি আছিল। বৰানীক লৈ কবিতাৰ ঘৰৰপৰা আহিলগৈ তাই।

“পালানে?”

“নাই, অহা সপ্তাহত  ঘৰতে দি যাবহি বোলে।”

হওক তেওঁ, স্বস্তিৰ নিশ্বাস পেলালো।

নিৰ্দিষ্ট দিনাখনহে খবৰ নাই একো। মই অফিচত, নীৰাই এবাৰ মোলৈ এবাৰ কবিতালৈ ফোন লগাই।

“শুনিছা, এইজনীৰ ফোনটোৱে লগা নাইচোন।”

বুজিলো, কবিতা নাহে আজিও । তাৰপাছত কেইবাটাও দিন সপ্তাহ মাহ পাৰ হৈ গ’ল। নীৰাই আশা এৰা নাই, যাকেই পাই কবিতাক কথাটো ক’বলৈ কয়। ফোনৰ উপৰি ফোন। ইফালে কবিতাৰ অসুবিধা নুগুচেই, ল’ৰাৰ গা বেয়া, নিজৰ গা বেয়া, হঠাৎ কিবা ঝামেলা। মুঠতে বাৰ হেজাৰ টকা তাইৰ হাতৰপৰা নোলাইহে নোলায়।

“তুমি বন্ধনৰ গোটততো লগ পোৱা, তেতিয়া নুসোধা কিয়?”

“ক’তনো নুসুধো, আজি কেইবা সপ্তাহো অহাই নাই গোটলৈ। তাইৰ ভাগৰ কিস্তিটো কাৰোবাৰ হাততে জমা দিয়ে।”

 নীৰাও দিনক দিনে শেঁতা পৰি গৈছে।

“তুমি বুলিহে দিলা তাইক, ঠগৰামী স্বভাৱৰ কাৰণে আমি কোনেও তাইক পাত্তাই নিদিওঁ। আগতেও বহুতৰ লগত এনে কৰিয়েই থৈছে তাই। চেঃ দিয়াৰ আগতে মোকেই যদি এবাৰ ক’লাহেঁতেন।” ফুকননীয়ে ইস আস কৰি উঠিল।

শেষত উপায়ন্তৰ হৈ নীৰায়ো জেদ বাদ দিলে ময়ো বিনা বাক্যই লোণৰ কিস্তিবোৰ মাৰি গ’লো। কোনো এজনেও কথাটো উলিয়াবলৈ বেয়া পোৱা হ’লো। সেইদিনা অফিচৰপৰা আহি দেখো নীৰাৰ মুখ তেনেই আন্ধাৰ।

“কবিতাৰ তালৈ গৈছিলো জানা।”

“টকাখিনি পালানে?”

নিজৰ মুখখনতে মাৰিবলৈ মন গৈছিল, নীৰাৰ মুখখন দেখিও টকাৰ কথাহে সুধিছো চা।

“ওঁ, দিলে। টকা পাঁচহেজাৰ দিলে, লগতে এসোপামান গালি। বোলে, টকা খাই ক’ৰবাত পলাই যাম নে মই, অকল টকা লাগে টকা লাগে, আৰে মই চখত ধাৰলৈ লৈছো নেকি। অলপ বুজিব লাগে মানুহে কেতিয়া বিচাৰিব লাগে। মোৰ টকা গছ নাই অ’ বাইদেউ লাগ বুলিলেই দিব পৰাকে।”

– কথাকেইটা কওঁতে নীৰাৰ চকুপানী সৰসৰাই বৈ আহিল।

“জানা, মোৰেই লাজ লাগি গ’ল তাইৰ কথা শুনি। টকা ধাৰলৈ ময়েই দিছিলো নে তাই দিছিলে সেইটোৱে পাহৰি গ’লো। বৰ লাজ পালো বৰানীৰ আগত।”

বুজিলো বাৰ হেজাৰ টকাৰ কথা মোৰ দৰে তাইও পাহৰিব পৰা নাই। হওক তেওঁ, পাচ হেজাৰ যে হাত লাগিল লগতে জীৱনলৈ শিক্ষা এটাও পালে নীৰাই।

অৱশেষত লোণ শেষ হোৱাৰ দিনটো আহিল। অফিচত থাকোতেই নীৰাই মোলৈ ফোন কৰিলে। মোৰ বাৰাম্বাৰ মানাৰ স্বত্বেও নীৰাই আকৌ এটা লোণ ল’বই হেনো।

মই এইবাৰ ডবিয়ালো, “আগৰবাৰৰ কথা পাহৰিলা নেকি আকৌ যে জুইত জাপ দিবলৈ ওলাইছা।”

“মনত আছে মোৰ, এইবাৰ জানিম নহয় কি কৰিব লাগে। তুমি চিন্তাই নকৰিবা তোমাৰ পৰা নলওঁৱে এইবাৰ।”

নীৰাই সিদ্ধান্ত ল’লেই, মইহে অনুমতি বিচৰা বুলি ভুল কৰিলো। ভাবিলো, নাৰীৰ চৰিত্ৰ দেৱা নঃ জানন্তি।

দুদিন পাছত,

“এইবাৰৰ  টকাখিনিৰে  কি কৰিম বুলি ভাবিছা?”

“বেংকত থ’ম এইবাৰ আৰু আধাখিনি ধাৰলৈ দিলোৱে।”

“হে হৰি! আকৌ!”

– চাৰিশ চল্লিশ ভল্টৰ কাৰেণ্ট আকৌ লাগিল মোৰ গাত।

“এইবাৰ ঠগ নাখাওঁ দিয়া, একেবাৰে বিশ্বাসী মানুহক দিছো। পূৰা ডেৰশ টকা সুদত।”

নীৰাৰ কথাষাৰ শুনি মোৰ দেহৰ অৱশিষ্ট প্ৰাণটোও কঁপি উঠিল। সঁচাই প্ৰভু, নাৰীৰ চৰিত্ৰ, ঘাইকৈ এই নীৰাৰ চৰিত্ৰ দেৱা নঃ জানন্তি।

☆★☆★☆

13 Comments

  • অনুৰূপ মহন্ত

    হাঃ হাঃ, বিৰাট ভাল লাগিল।

    Reply
  • বঢ়িয়া

    Reply
  • ধৰিত্ৰী শৰণীয়া

    কাক দিলে অ সুদত এইবাৰ নীৰাই

    Reply
  • Mitali saharia

    ধুনীয়া লাগিল দেই।

    Reply
  • বঢ়িয়া লাগিল। বেচেৰা স্বামীজন

    Reply
  • হেমন্ত কাকতি

    হেঃ হেঃ তামাম! নীৰাৰ পতিজনৰ মাজত বহুতকে বিছাৰি পালো৷ এক দুইবাৰ নিজৰ সংসাৰলৈও টানি নিলা৷
    আপ্লুত হলো তৃষ্ণা৷

    Reply
  • বহুত ভাল লাগিল

    Reply
  • Rintumoni Dutta

    খুব ভাল লাগিল পঢ়ি, সুন্দৰ

    Reply
  • ৰাজু কুমাৰ নাথ

    এৰা”দেৱা ন: জানন্তি”বহুতৰ ঘৰৰে কাহিনীৰ সুন্দৰ বৰ্ণনা।

    Reply
  • Monalisha Gogoi

    ইয়াৰ পাচৰবাৰ মোক লাগিব দেই এতিয়াই কৈ থলো পুৰা দেৰশ টকা সুতত ৷ মজ্জা হৈছে ৷

    Reply
  • মজা লাগিল।

    Reply
  • হাঃ হাঃ ভাল লাগিল।

    Reply
  • তৃষ্ণা সো.

    প্ৰত্যেক জন পঢুৱৈলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। আপোনালোকৰ মন্তব্যই মোক সদায়েই উৎসাহিত কৰে।

    Reply

Leave a Reply

Your email address will not be published.