ফটাঢোল

দেৱী – তৃষ্ণা সোনোৱাল

ফটাঢোল ফিল্মছ প্ৰেজেন্টছ্

‘দেৱী’

প্ৰযোজনা: ৰাজশ্ৰী এচ

কাহিনী চিত্ৰনাট্য সংলাপ : তৃষ্ণা এচ

(পৰ্দাত প্ৰথমে প্ৰযোজনা সংস্থাৰ লগ জিলিকে, ফাটি থকা ঢোল এটাৰ পৰা আলু পুলি এটাই ইংৰাজী এচ আকৃতিত গজালি মেলে।)

টেক ১:

ধোঁৱাময় এটা পৰিবেশ, প্ৰডিউচাৰে ইমানেই ধোঁৱা দিছে যে দৰ্শকো চকু মোহাৰি ল’বলৈ বাধ্য।

লাহে লাহে ধোঁৱা আঁতৰে, দেখা যায় শুধ বগা সাজ পিন্ধা এগৰাকী নাৰী। চুলি মেলি ধ্যানৰত। চাৰিওফালে নৰ-নাৰীৰ হাতজোৰ কৰি উপস্থিতি। নাৰীয়ে চকু মেলে।

নৰনাৰী-জয় দেৱী মাৰ জয়।

দেৱী মাই একো নকৈ মুখৰ পৰা এটা কলা মণি উলিয়াই দিয়ে।

দেখিলেই শিয়ালৰ মানৱী ৰূপান্তৰ যেন লগা এগৰাকী নাৰীয়ে মণিটো পটককৰে বুটলি লয়।

জনৈক মহিলা: সেয়া কি অ’ ললিতা?

ললিতা: এয়া দেৱী মাৰ প্ৰসাদ। কাৰোবাৰ অসুখ, আকৌ কাৰোবাৰ আকাল, এই মণিৰ পানী খালে আঁতৰিব সকলো জঞ্জাল।

মানুহবোৰে ’মোক দে’, ’মোক দে’ কৈ হেতা ওপৰা লগায়, মণিৰ ৰস থোৱা পাত্ৰ যিমানে খালী হয় দেৱী মাৰ দানপাত্ৰ সিমানে ভৰি গৈ থাকে।

ললিতাৰ ক্ৰুৰ হাঁহিত দৃশ্যটো শেষ হয়।

টেক ২:

সেউজ হালধীয়া ধাননি পথাৰ, বতাহত কঁপি কঁপি হালি-জালি থকা ধাননি পথাৰৰ ওপৰেদি ড্ৰোণ কেমেৰা চলাই নিয়া হয়। পথাৰ খনৰ একাষে এটা ডুবি। তাতে এদল ডেকা মাছ ধৰাত ব্যস্ত।

বকুল: ঐ ৰানা, দেৱীয়ে বোলে এইবাৰ মৰকত মণি উলিয়াইছে, গম পাৱ নাই?

ৰানা: অ’ অ’, সেইদিনা বোলে বুঢ়ী কেইজনীমানৰ আগত মুখ মেলি ব্ৰহ্মাণ্ড খন দেখুৱাই দিছে।

গোটেই কেইজন একেলগে: কি??????

মুকুল: ধুৰ, তহঁতে বিশ্বাস কৰিছ সেইবোৰ, চব মায়াজাল বুইছ। চব মায়া।

ৰানা: জানো পায় কি, চবেই দেখোন হয় বুলিয়ে কয়।

মুকুল: এই কথাবোৰৰ কাৰণে বুইছ আমি আগবাঢ়িব পৰা নাই, যিমান সাক্ষৰ নহওঁ কিয় শিক্ষিত হ’ব কেতিয়াও নোৱাৰিম।

বাকী কেইজনে মুখ কেইখন বেকেটা বেকেট কৰে, মুকুলে লাহনি খন পেলাই দিয়ে খঙতে।

টেক ৩:

মুকুলৰ ঘৰ। আগচোতালত এদল তিৰোতাৰ কথা-বতৰা চলি থাকে।

ৰীনাঃ নহয়নো কি, দেৱীয়ে দিয়া ৰচী পিন্ধিয়েই জীৱনৰ ঘৈণীয়েকৰ ৰোগ ভাল হ’ল।

জবাঃ হয় হয়, দেৱীয়ে জাৰী দিয়া তেল কনতে কত মানুহে প্ৰমাণ পাই থৈছে। মনিচে প্ৰমাণ পোৱা গুণেহে দা দক্ষিণা যাঁছে, চকুচৰহা বোৰে ক’বই চকুৰ জাল বুলি!

নিজৰাঃ হয় পাই, মোৰ আকৌ কেচুৱাকনলৈহে দুখ লাগে। বগাবলৈকে নিশিকিলে, মাকৰ অৱস্থা এয়া। শুনিছোঁ, দেৱী মমতাৰ অৱতাৰ, পুতেকলৈ তেখেতৰ মনত নপৰেনে।

ৰীনাঃ সকলো বিধাতাৰ লিখন। দেৱীৰ গিৰিয়েকৰ ঘৰ আৰু গাঁৱত এইবোৰ বিশ্বাস নকৰে বোলে, সেয়ে মাকৰ ঘৰত থৈ গৈছে। পুতেকক গিৰিয়েকেই আতৌ পুতৌকৈ ৰাখিছে।

তেনেতে মুকুল সোমাই আহে, তিৰোতা সকলৰ কথা বতৰা শুনি সি ভেকাহি মাৰিলে,-

কথা পাতিবলৈ বেলেগ একো নাই নেকি, মাত্ৰ দেৱী দেৱী দেৱী। ইয়াতো দেৱী তাতো দেৱী, বন্ধ কৰক এইবোৰ।

গোটেই বোৰে তাপ মাৰে, মুকুল যোৱাৰ পিছত ৰীনাই নিজৰাক কয়,- তোৰ পুতেৰৰ তাইক লৈ ইমান বিকচিনা কিয় অ’। কিবা ঠগ চগ খাই থৈছে নেকি তাইৰ পৰা?

নিজৰাৰ খং উঠে, ৰীনাই লাজ পাই সেমেনা সেমেনি কৰি উঠি যায়।

টেক ৪:

দেৱীৰ ঘৰৰ দৃশ্য।

মানুহ বহুত কিন্তু এইবাৰ ধূপ-ধূনা নাই। সাইলাখ দেৱীৰ চেহেৰাৰ অত্যাধুনিক গাভৰু এজনীয়ে সকলোকে চফ তামোল দি ফুৰে।

বুঢ়ী এগৰাকীঃ আজি দেৱীক দেখা নাই যে মাজনী?

গাভৰু: দেৱী নাই নহয় আইতা, আজি পুৱাই তেওঁ ধামলৈ গল। আপোনালোকৰ দায়িত্ব দেৱীমাই মোকে দি গৈছে।

সেই সময়তে এখিলা কাগজ উৰি উৰি মানুহৰ মাজত পৰেহি, মাজনীয়ে পঢ়ি শুনাই যে, – দেৱী ধ্যানৰ যোগেদি অদৃশ্য হৈ ইতিমধ্যে নীলাচল পাহাৰৰ ধাম পাইছেগৈ আৰু সকলো গাঁওবাসীৰ মংগল প্ৰাৰ্থনাৰ বাবে পদুমৰ পুখুৰী এটাত ধ্যানত বহিছে।

গোটেই মানুহবোৰৰ আপ্লুত হৈ চিঞৰেঃ জয় দেৱী মাৰ জয়।

মাজনী আৰু দেৱীৰ মাক ললিতাই দেৱীৰ আশিষ যুক্ত পৱিত্ৰ পানী বিলাই দিয়ে।

টেক ৫ঃ

আন্ধাৰ ৰাতিৰ দৃশ্য, পুনৰ দেৱীৰ ঘৰত কেমেৰা ঘূৰোৱা হয়। ছয়া-ময়া আন্ধাৰৰ মাজেদি দেখা যায় এহাল মুনিহ তিৰোতাৰ মুখ, ললিতা আৰু ললিতাৰ গিৰিয়েক।

এখৰাহি নোট গণি গণি ললিতাৰ চকু লালসাত জিলিকি উঠে। অদূৰত দেৱীক ফোনত ব্যস্ত থকা দেখা যায়।

ললিতাঃ দেখিছে কিমান টকা চুবলৈ পাইছে, মোৰ কথা তেতিয়াই শুনা হলে এই দিন আগতেই দেখিব পাওঁ নহয় আমি।

গিৰিয়েকঃ মানুহৰ চকুত ধূলি দি কিমান আৰ্জিবি ললিতা। বাদ দে এইবোৰ।

ললিতাঃ থওকহে আপুনি, নিজে ঘটি আনিব নোৱাৰেই, এতিয়া মোৰ বুধিকো বাদ দিবলৈ কয়। মানুহৰ চকুত যে ধুলি দিয়াৰ কথা ক’লে মানুহবোৰ কি অন্ধ নেকি? নে মই মাতি আনিছোঁগৈ? নিজে আহি নিজে দিছে, আমাৰ লোৱাত আপত্তি কিহৰ।

গিৰিয়েকে কিবা ক’ব লওঁতে দেৱী মানে ললিতাৰ জীয়েক পুতলী আহে, হাতত প্ৰকাণ্ড এটা মোবাইল।

পুতলীঃ চা মা, তোৰ কথা মতে তোক ইমানবোৰ টকা গোটাই দিছোঁ, মোৰ কথাটোও মনত ৰাখ। বেছি দিন নাটক কৰিব নোৱাৰোঁ, গোপী কেৰেলাৰ পৰা আহিলেই…. !

ললিতাৰ গিৰিয়েকঃ চুপ পুতলী, চুপ। তোক মোৰ জীয়েক বুলি ক’বলৈ লাজ লাগে। দেৱী মা হা দেৱী মা। নিজৰ গিৰিয়েক, পুতেৰক এৰি কিহৰ দেৱী মা। বিবাহিত হৈ গোপীৰ লগত লীলা-খেলা কৰা কিহৰ দেৱী ওলাইচ তই।

পুতলীঃ মই গোপীক ভাল পাওঁ, তাৰ লগত বিয়াত বহিম সোনকালেই।

ললিতাৰ গিৰিয়েকে তাইক মাৰিব খেদি যায়, ললিতাই বাৰণ কৰি পুতলীক ভিতৰলৈ পঠিয়াই দিয়ে। গিৰিয়েকক ফুচফুচাই কয়,
-আৰু দুদিনমান বাট চাওঁ চোন, জোৱাইতকৈ গোপীহতৰ অৱস্থা হেনো বহুত ওপৰত। পিছত আমাৰে সুবিধা হ’ব দিয়ক।

লালসী পত্নীৰ কথা শুনি গিৰিয়েকৰ মুখৰ মাত হৰে।

টেকঃ ৬

আকৌ ধাননিৰ পথাৰৰ দৃশ্য।

এজাক গাভৰুৱে খিলখিলাই হাঁহি পথাৰখন ৰজনজনাই তুলিছে।

তৰাঃ ই তাইৰ খং চোৱা, আমি যেনিবা নাজানোৱে একো।

জুৰিঃ ধেত মই সঁচাকৈ নহয় অ, মোক চোন একো কোৱাই নাই সি।

লুপিঃ হয়নি, তেনে এই খন চিঠি তোৰ নহয় ন? এই জুৰিজনীও তই নহয় আৰু চিঠিৰ তলত যে মুকুল লিখা আছে এইজনো সি নহয়।

গোটেই জাক গাভৰুঃ নহয় নহয় কোনোৱে নহয়।

জুৰিয়ে লাজতে মুখ ঢাকি ধৰে, বাকীবোৰে কিৰিলি পাৰি উঠে।

ৰবাব টেঙা এটাৰ বাকলি গুচাই তৰাই কয়ঃ ঐ তহঁতি শুনিছ নে দেৱীমাৰ ডবল পাৰ্ট ওলাইছে বোলে?

নিৰুঃ অ অ, সাইলাখ একে কিন্তু ধৰণ কৰণহে বেলেগ।

জুৰিঃ ঐ মই নাজানো চোন, ভালকৈ বুজাই ক আকৌ।

তৰাঃ পুতলীহঁতৰ ঘৰত তাইৰ দৰে একেই দেখিবলৈ ছোৱালী এজনী আছেহি। নামনিৰ ফালে ঘৰ, দেৱীয়ে চিকিৎসা কৰাবলৈ ইয়াত আনিছিলে। আনোঁতে দেখিবলৈ বেলেগ আছিল, এতিয়া দেৱীৰ আশীৰ্বাদত একেই ৰূপ পাইছে বোলে। কিন্তু বৰ ষ্টাইলহে, লেনচেনাই কোৱা কথাৰ কোব কি চাবা। নেইল পলিচেই চাবা নে লিপষ্টিকেই চাবা।

নিৰুঃ অঁতো, কিন্তু গাঁৱলীয়া তিৰোতাৰ হাত ভৰি যিমান ৰং মাৰিলেও চিনিব পাৰি ন তৰা।

পুকিঃ কিন্তু দুয়োজনীক একেলগে কোনেও নেদেখে আৰু দেৱীয়েও বাহিৰ ওলালে বোলে হাত ভৰি ঢাকি হে বাহিৰ ওলায়। কি জানো কাৰবাৰ…!

জুৰিঃ তাৰ মানে দুয়োজনী একেই নেকি?

তৰাঃ জানো পাই, ক’লে কথা লাগিব লেঠা। ললিতা জেঠায়ে এইবোৰ পতা শুনিলে জেওৰা খুটি লৈ খেদি আহিব। ল টেঙা খা আৰু মুখ বন্ধ কৰ।

টেকঃ ৭

গাঁৱৰ অধিকাংশৰ অন্ধবিশ্বাস আৰু অজ্ঞতাৰ সুযোগ লৈ দেৱী এণ্ড কোম্পানীয়ে ৰমৰমীয়া ব্যৱসায় চলাই গৈ থাকে।

একেগৰাকীকে বেলেগ বেলেগ দুটা চৰিত্ৰত দেখুৱাই সহজ-সৰল লোকসকলক ঠগি দেৱীয়ে পৰকীয়া প্ৰেম চলাই থাকে আৰু ললিতাই নিজৰ টকাৰ লালস পূৰ কৰি গৈ থাকে।

ঠিক তেনে এদিনতে লাগে হুলস্থূল, গোপীহঁতৰ গাঁৱৰ পৰা খবৰ আহে দেৱী আৰু গোপীৰ বিয়াৰ কথা।

মানুহবিলাক অবাক হয়।

ৰাইজখন মাৰ বান্ধি ললিতাৰ ঘৰলৈ যায় কথাৰ গুৰি বিচাৰি।

ললিতাৰ এটাই উত্তৰঃ গোপীৰ লগত সেয়া মাজনীহে, আমাৰ দেৱী পুতলী যোৱা সপ্তাহতে ধামলৈ গ’ল। ছমাহৰ পাছতহে ঘূৰিব।

ৰাইজ বুজা-নুবুজাৰ মাজত ঘূৰে।

টেকঃ ৮

ললিতাৰ শোৱাকোঠাৰ দৃশ্য।

গিৰিয়েকঃ দেখিলিনে মোৰ কথা নুশুনাৰ পৰিণাম। জীয়েৰে কি কাণ্ড ঘটালে আৰু তই কি ঘটাব গৈ আছ! ৰৌ ৰৌ নৰকত গৈ আছোঁ আমি বুজিছ জহনী তিৰোতা।

ললিতাঃ মনে মনে থাককহে। মোক ভাবিবলৈ দিয়ক। এই পুতলীজনী এতিয়াই যাব লাগিছিল নে। তাই ঘুৰি আহিবই চাব, ক’তো মিলিব নোৱাৰাজনী তাতো নোৱাৰে। সেইকাৰণে মই কৈছোঁ ৰাইজক ছমাহৰ পাছত ঘূৰিব বুলি। চাই থাকক চব মিলাই আছো মই।

গিৰিয়েকঃ ছিঃ ছিঃ তই সচাকৈ মাকেইনে?

ললিতাঃ মাক কাৰণেই ক’ব পাৰিছোঁ।

ললিতাই পুতলীলৈ বুলি ফোনটো লগাই আৰু দৃশ্যটো শেষ হয়

টেকঃ ৯

ভয়ংকৰ হুলস্থূল এইবাৰ ললিতাৰ ঘৰত। ললিতাৰ বুদ্ধি মতে পুতলীয়ে নতুন গিৰিয়েকৰ লগত কাঁজিয়া লাগিল, গোপীয়ে তাইক ঘৰত থৈ গ’লহি। সুযোগৰ সন্ধানত থকা ললিতাই পুতলীক লুকুৱাই থলে, পাছত গোপীৰ মাক দেউতাকে ফোন কৰি সুধাত গোপীয়ে থোৱাহিয়ে নাই বুলি কৈ দিলে।

ললিতাৰ উদ্দেশ্য আছিল গোপীক মাজনীক হত্যাৰ অপবাদ দি দ্বৈত চৰিত্ৰৰ নাটকখন শেষ কৰা, তেতিয়া পূৰ্বৰ দেৱীৰ নাটকখনেই বাহাল থাকিল হয়। পুতলীও মান্তি হৈছিল। কেনা লাগিল গোপীৰ গাঁৱৰ পৰাহে।

গোটেই গাঁও উঠি ললিতাৰ ঘৰ ঘেৰা কৰিলেহি।

১ম তিৰোতাঃ দে আমাক আমাৰ তিৰোতা ঘূৰাই দে।

২য় তিৰোতাঃ ক’ত লুকুৱাই ৰাখিছ ক?

ললিতাঃ কাক বিচাৰি আহিছ ইয়াত, কৈছোঁ নহয় গোপীয়ে অনাই নাই ইয়ালৈ। কৰ পৰা দিম মই।

গোপীঃ কি কয় হে খুৰী, মই থৈ দেখোন আপোনাৰ হাতেৰে তামোল এখন খাই গৈছোঁ। আপুনিয়ে এসপ্তাহৰ পাছত নিবলৈ কোৱা নাছিল নে?

ললিতাই মিছা মিছা বুলি চিঞৰি দুৱাৰ বন্ধ কৰি দিয়ে। মানুহবোৰ তেনেকৈয়ে থাকে।

টেকঃ ১০

পুতলীৰ গাঁও, পুতলীৰ প্ৰথম গিৰিয়েকৰ গাঁও আৰু গোপীৰ গাঁৱৰ সিংহভাগ মানুহ উঠি আহে, সকলোৱে ৰহস্যৰ গোন্ধ পায়।

ললিতাৰ লাগ বান্ধ নোহোৱা কথাত পুৰুষ কেইজনমানৰ ধৈৰ্য্যচ্যুতি ঘটে। ওলোটাই ললিতাক গালি দিয়াত ললিতাই ইতিমধ্যে উপস্থিত হোৱা পূৰ্বৰ জোৱায়েকৰ কোলাত থকা কেঁচুৱাটো নিজৰ বোকোচাত বান্ধি লয়।

ললিতাঃ ৰাইজখন, মোৰ ঘৰত আহি উৎপাত দেখুৱাৰ ফল কিন্তু ভাল নহব। মই থানালৈ যাওঁ, চবৰে নামত কেচ দি আহিম এতিয়া।

ললিতা ফোঁ ফোঁৱাই ওলাই যায় আৰু দেৱীক বিছাৰি মহিলাবোৰে ললিতাৰ ঘৰৰ পাছফালৰ হাবি খনলৈ সোমাই যায়।

টেকঃ ১১

ললিতাৰ ঘৰৰ পাছফালৰ অটব্য হাবিৰ দৃশ্য। উক্ত দৃশ্যটো ডিব্ৰু ছৈখোৱাত শ্বুটিং কৰা হৈছে।

প্ৰকাণ্ড প্ৰকাণ্ড বট, শিমলু গমাৰি, গেজেপা মৰা বাঁহনি, ডাঠ খেৰণিৰ আন্ধাৰ দেখিলে সাহসীৰো বুকু কপি উঠে।

মহিলাৰ দলটোৱে দেৱীক বিচাৰি দমত আহিছিল হয় কিন্তু ভিতৰ সোমায়েই কঁপিব ধৰিলে।

১ম মহিলাঃ ঔ আই, এই খন হাবি নো কিহলৈ থৈ লৈছে মানুহখনে?

২য় মহিলাঃ মানুহ লুকুৱাবলৈকে থৈ লৈছে নহয়নো কি। ব’ল ব’ল ঘূৰি যাওঁ। বাঘৰ আগত মৰিবলৈ নোৱাৰি আৰু।

টেকঃ ১২

ললিতাৰ ঘৰৰ আগচোতাল, মানুহবোৰ হামিয়াই হিকটিয়াই বহি আছে। এইফালে দেৱী/মাজনীও নাই, সিফালে থানালৈ যোৱা ললিতাৰো খা খবৰ নাই।

নন্দ মাষ্টৰঃ কথা এটা ভাবিছ নাই।দুই কিলমিটাৰ আঁতৰৰ থানাৰ পৰা আহিবলৈ চাৰি-পাঁচ ঘণ্টা সময় লাগে জানো? নে কথা বেলেগ। তাই পলাই দিয়া নাইতো?

জীৱন গাওঁবুঢ়াঃ পানী মূৰৰ ওপৰেদি পাৰ হৈছে ৰাইজ, আমাক এতিয়া আৰক্ষীয়েহে বাট দেখুৱাব পাৰিব।

মানুহবোৰৰ তেতিয়াহে মনটো চেবালে, হয়তো কথাটো।

লগে লগে পুলিচৰ সহায় বিচাৰি কেইবাজনো আগবাঢ়ি গ’ল।

টেকঃ ১৩

চাইৰেন বজাই বজাই পুলিচ জীপৰ প্ৰবেশ।

গীৰ গীৰাই পুলিচৰ দলটোৱে হাবিখনত প্ৰবেশ কৰে।

এঘণ্টা মান জোৰা উৎকন্ঠাৰ অন্তত লেডী পুলিচ এগৰাকী হাবিৰ পৰা ওলাই আহে।

নন্দ মাষ্টৰঃ বাইদেউ, কিবা খবৰ পাইছেনে?

লেডী পুলিচঃ পালোঁ পালোঁ, বাঁহনিৰ মাজত বহি আছিল। মহাৰাণীয়ে জিন্স পিন্ধি ওলাই আহিবলৈ লাজ কৰিছে। মেখেলা-চাদৰ এযোৰকে নিবলৈ আহিলো। দিয়ক আৰু উলিয়াই কোনোবাই।

কোনোবা এগৰাকীয়ে কাপোৰ সাজ ওলিয়াই দিয়েহি, অলপ পাছতে পুলিচৰ দলৰ সৈতে স্বয়ম্ভু দেৱীৰ দৰ্শন হয়।

ৰাইজে ইতিমধ্যে ৰুদ্ৰ মূৰ্তি ধৰে, প্ৰৱঞ্চনা প্ৰতাৰণাৰ ক্ষোভত জ্বলি পকি উঠে সকলো।

ৰাইজঃ

হায় হায়, পুতলী বৰা হায় হায়

নিপাত যাওক নিপাত যাওক, নকল দেৱী নিপাত যাওক।

ধৰ্মৰ নামত প্ৰবঞ্চনা নচলিব নচলিব।

পুতলীয়ে তলমূৰ কৰে, আৰক্ষী বিষয়া অৰবিন্দ মেধিয়ে হাতদাঙি সকলোকে মৌন হ’বলৈ কয়।

অৰবিন্দ মেধিঃ ৰাইজ, কোন যুগত বাস কৰি আছিল আপোনালোক। অতখন শিক্ষা-দীক্ষা লাভ কৰি এইবোৰ বিশ্বাস কিয় কৰে বাৰু আপোনালোকে। অন্ধবিশ্বাস কৰা আৰু অন্ধবিশ্বাসীক বাধা নিদিয়া সকল সমানেই দোষী। আজি ইমানবোৰ হ’বলৈ নাপাই যদি প্ৰথমেই আপোনালোকে বাধা দিলে হেঁতেন। আপোনালোকৰ সৰলতাৰ সুযোগ লৈ আপোনেই ঠগিলে ভাবকচোন বাহিৰৰ শত্ৰুৰ কেতেপৰ লাগিব।

গাঁৱবাসীয়ে মৌন ভাষাৰে সন্মতি প্ৰকাশ কৰে। মেধিয়ে ঘটনাৰ আদ্যোপান্ত বিচৰাত জীৱন গাঁওবুঢ়াই প্ৰথমৰ পৰা কৈ যায়।

অৰবিন্দ মেধিঃ এই কেছটোৰ মূল কালপ্ৰিটক তেনে আমি এতিয়াও ধৰিব পৰা নাই। পুতলী তোৰ ফোন আছেনে?

পুতলীঃ ঘ.. ঘৰতে আছে ছাৰ।

মেধিয়ে ফোনটো অনাই ললিতালৈ লগাই স্পীকাৰত দি দিলে, লগতে ৰেকৰ্ডিঙতো।

মেধিৰ ধমকি মতে পুতলীঃ হেল্ল’ মা, ক’ত আছ তই?

ললিতাঃ কি হ’ল, ফোন কিয় কৰিছ?

পুতলীঃ পুলিচ আহিছে, মোক ধৰিবই কিজানি। কি কৰো কচোন?

ললিতাঃ যিয়েই নহওক লাগিলে তই নিজকে মাজনী বুলি ক’বি, পুতলী বুলি ভুলতো নক’বি শুনিছ। মৰি গ’লেও নক’বি। যদি সঁচা কথা ভূলতো কৈ পাৱ মনত ৰাখিবি তোৰ ল’ৰা মোৰ লগত আছে।

পুতলীয়ে মাকৰ বিশ্বাসঘাটকতাত কান্দিবলৈ ধৰে, সকলো ৰাইজে ললিতাৰ কথা কাণ্ড শুনি হতভম্ব হয়।

ইতিমধ্যে পুলিচে ট্ৰেক কৰি ললিতাক গ্ৰেপ্তাৰ কৰি ঘৰলৈ আনে। পুলিচৰ জেৰাত ললিতা আৰু পুতলীয়ে সকলো সৈ কাঢ়ে।

শেষত দুয়োগৰাকীকে হেণ্ডকাফ লগাই পুলিচৰ জীপত উঠোৱা দেখা যায় আৰু চিনেমাৰ অন্ত হয়।

☆★☆★☆

4 Comments

Leave a Reply

Your email address will not be published.