ফটাঢোল

দৈনন্দিন – ৰাজীৱ শৰ্মা

আমি বহুদিনৰেপৰা ফেচবুক ফ্ৰেণ্ড আছিলোৱেই। কিন্তু অকল বন্ধুহে। না কোনোবাদিনা সোঁ-শৰীৰেৰে লগ পাইছিলো, না কোনোদিন ইনবক্সত হাই, হেল্ল কৰিছিলো।ফেচবুকৰ লিখনিত লাইক, কমেণ্টেৰে আমাৰ বন্ধুত্ব আগবাঢ়িছিল।

কিন্তু কথাতে কয়-আইৰ ঘৰলৈ যাম, দুয়ো হাতে খাম,বিধাতাই বোলে ময়ো পাছে পাছে যাম।আমাৰ এই বন্ধুত্ব বিধাতাৰ সহ্য নহ’ল।কাজেই এদিন এক এৰাব নোৱাৰা সমস্যাত পৰি তেওঁৰ লগত কথা পাতিব লগা হ’ল।গতিকে সহজ উপায় বিচাৰি ইনবক্সতে মেছেজ এটা দিলোঁ,
-জৰুৰী কথা এটা আছিল, সময় পালে লাইনত আহিবাঁচোন ।

ঈশ্বৰৰ নামত শপত খাই কৈছোঁ, বিদ্যা ইয়াতকৈ এটা শব্দও মই বেছি লিখা নাছিলোঁ, এচুলিমানো মনত বেয়া ভাব নাছিল বান্ধৱীৰ প্ৰতি।কিন্তু কেনা লাগিল তাতেই।

বান্ধৱী জকি উঠিল।মেছেজৰ উত্তৰ দিলে এসোপামান অশ্ৰাব্য গালি-গালাজেৰে।মই শিল পৰা কপৌৰ দৰে ঠৰ লাগিলো।ক’ত ভুল কৰিলো মই। আত্মপক্ষ সমৰ্থনৰো কোনো সুযোগ সিগৰাকীয়ে দিয়া নাই। ৰিপাব্লিকান টিভিৰ অৰ্ণৱ গোস্বামীৰ দৰে চিঞৰিছে, মাথো চিঞৰিছে। তাৰ মাজত কোনো সুৰুঙা নাই মোৰ উত্তৰ দিবলৈ।অৱশেষত যি হয় হ’ব ভাবত পৃষ্ঠভংগ দিলোঁ।আৰু ইয়াতেই জীৱনৰ ডাঙৰ ভুলটো কৰি পেলালোঁ।

বাৰম্বাৰ ভীতি প্ৰদৰ্শনেৰে অতিষ্ঠ কৰি এইবাৰ তেওঁ মোক মোৰ চৰিত্ৰ ৰাজহুৱা কৰাৰ হুংকাৰ দিলে। মই প্ৰমাদ গণিলোঁ।ইনবক্সত মোৰ এনে কিছুমান আপত্তিজনক ফটো দিলে, যিবোৰ দেখি মোৰ কলখোৱা ধাতু বাজ হ’বলৈহে বাকী।ক’ত পালে এইবোৰ ফটো! অসম্ভৱ, অসম্ভৱ। নিজৰ গাতে চিকুটি চালোঁ,জী আছোঁনে মৰিলোঁ বুলি। ইতিমধ্যে তেৰাই সমাজৰ এজন ভব্য-গব্য মানুহৰ মুখা খুলিব বুলি আপডেট দিয়া আৰম্ভ কৰিলেই।

মোৰ মূৰত যেন আকাশী সৰগ ভাঙি পৰিল।এইবোৰ কি, কেনেকুৱা প্ৰযুক্তি!সম্পূৰ্ণ সাজ-পাৰেৰে আবৃত মানুহৰ ফটোও সলনি কৰি পেলাব পাৰে!চিকিৎসালয়ৰ এক্স ৰে মেচিন হে যেন!যিমানেই শকত নহওঁক, জকজককৈ হাঁড় কেইডালৰ ফটোহে উঠিব।

শেষত শ্ৰীমতীৰ শৰণাপন্ন হোৱাটোৱেই উচিত বিবেচনা কৰি তেওঁলৈ ফোন লগালোঁ।ৰ’ব, আপোনালোকক কোৱাই হোৱা নাই।আমি দুয়ো চাকৰি সূত্ৰে দুখন ঠাইত থাকোঁ।সপ্তাহে-পষেকেহে লগালগি হওঁ।

মোৰ মাতটো শুনি তেওঁৰ সেইদিনাৰ প্ৰথম প্ৰশ্ন আছিল-কি হৈছে তোমাৰ,জ্বৰ নেকি? মাত ওলোৱাই নাই যে?নে কিবা গণ্ডগোল কৰিলা?

সৰ্বনাশ, এওঁ যেন এনেকুৱা কিবা হ’ব বুলি অনুমান কৰিছিলেই।তেওঁৰ প্ৰশ্নই মোক তাৰেই যেন ইংগিত দিছে।না না নাই একো হোৱা, মই খোনাবলৈ ধৰিলোঁ।

য’তে বাঘৰ ভয়, ত’তে ৰাতি হয়।সেইখিনি সময়তে কুটুংকৈ মোৰ মোবাইলত মেছেজ অহাৰ এটা শব্দ হ’ল।শব্দটো শ্ৰীমতীয়েও ফোনৰ সিটো পাৰে শুনিলে আৰু কাৰ লগতনো মেছেজত কথা পাতিছো জানিব বিচাৰিলে।
: এনেই মৰিছোঁ ঋষিৰ শাপত,তাতে দিছা ধানৰ ভাপত। ৰ’বা হে কাৰো লগত মই কথা পতা নাই।কোনোবা অচিনাকি নম্বৰৰ পৰা মেছেজ এটাহে আহিছে।মই খঙেৰেই উত্তৰ দিলোঁ।

: হ’লেও চোৱা আৰু মোক কোৱা কি মেছেজ।এওঁ মোক পেৰিবলৈ লাগিল।হে ভগৱান, মই কিহত ফচিলোঁ!এওঁলৈ ফোন লগাইছিলোঁ বিপদৰ পৰিত্ৰাণ বিচাৰি, এতিয়া বিপদতহে পৰিলো।ঠিক যেন চিকাৰীয়েই চিকাৰ হ’লো।

ইপিনে মেছেজ চাইয়েই মোৰ তালু সৰে জীৱ গ’ল।এইবাৰ শূপৰ্নখা বান্ধৱীয়ে দম দিছে মেছেজত, হয় একলাখ টকা দিয়ক, নহয় কৰ্টলৈ যাবলৈ সাজু হওঁক। মোক কিবা মি টু ত ফচাব বোলে।

কথাটো শুনি এওঁৰ খিলখিল হাঁহি। বোলে তোমাক মি টু ত ফচাব! কোনে?কি গছত গৰু উঠা হোলোঙাৰে কাণ বিন্ধোৱা কথা শুনাইছা।এইবোৰ কাৰোবাৰ ধেমালি চাগে।
মনলৈ অলপ সাহস আহিল।এনেকুৱাতে মানুহজনীলৈ মৰম লাগি যায়। অন্ততঃ মোৰ ওপৰত থকা বিশ্বাসৰ বাবে।মনৰ আনন্দতে এওঁক ফোনতে এটা টপকো দিলোঁ আৰু ক’লো

:তুমি যে টকা দহ হাজাৰ খুজিছিলা কিবা চেইন কিনিবলৈ আজি তোমাৰ একাউন্টলৈ ট্ৰেন্সফাৰ কৰি দিম দিয়া। কথা শুনি তেওঁৰ বিৰাট ফুৰ্ত্তি লাগিল হ’ব পাই।মোক ক’লে-এতিয়া কথা পাতি থাকিবলৈ মোৰ সময় নাই, তোমাক কোনেও একো কৰিব নোৱাৰে, মই আছোঁ তোমাৰ লগত।মাথো মোক পইচাতো আজিয়েই দিবা।

অসহ্য গৰমত চাটিফুটি লাগি থাকোতেই যেন এজাক কিনকিনীয়া বৰষুণে মোক তিয়াই দেহা শাঁত পেলালে।এতিয়া আৰু কোনো ফেচবুক বান্ধৱীৰ মিছা অপবাদে মোক একো কৰিব নোৱাৰে। স্বয়ং কৃষ্ণ মোৰ সখা।টকা বিচাৰি দিয়া মেছেজৰ উত্তৰত সেয়ে লিখিলোঁ- যোৱা, তোমাৰ ইচ্ছা মতে কি কেছ দিয়া দি থাকা।মোৰ এপইচাও দিবলৈ নাই মিছা অপবাদৰ পৰা বাচিবলৈ।

অফিচলৈ মোৰো দেৰি হৈছিল।লৰালৰিকৈ মানুহজনীলৈ টকা দহ হাজাৰ ট্ৰেন্সফাৰ কৰি দুৱাৰত তলা মাৰিলোঁ।তেনেতে আকৌ কুটুংকৈ মেছেজ অহাৰ শব্দ হ’ল।মই পৰোৱা নকৰি অফিচলৈ ৰাওনা হ’লোঁ।

মেছেজটো নাচালোঁ যদিও মনটো উচপিচাই আছিল।এইবাৰ বা কি লিখিছে!কিবা নতুন ফন্দি নহয়তো।অফিচৰ চকীত বহিয়েই মোবাইলটো চালোঁ।

কিন্তু ই কি!আশ্চৰ্যত মোৰ চকু ডাঙৰ হৈ গ’ল।এক লাখ টকা খোজা মেছেজৰ নম্বৰৰ পৰাই মোলৈ দ্বিতীয় মেছেজ-বুদ্ধু,দহ হাজাৰটো পালোঁ আজি এপ্ৰিলৰ এক তাৰিখ নহয়!তোমাক এপ্ৰিল ফুল কৰিলোঁ।এইটো তোমাৰ ফেচবুক বান্ধৱী ওৰফে মোৰ নতুন জিঅ’ নম্বৰ।চেভ কৰি থ’বা।
তলত শ্ৰীমতীৰ নাম।
এনেকুৱাতে মুখৰ পৰা বেয়া শব্দ ওলায়।

☆★☆★☆

3 Comments

  • হা হা..

    Reply
  • হেমন্ত কাকতি

    হাঃ হাঃ, তামাম ক্লাইমেক্স দিলা দেই! পিচে এটা কথাহে কিলিয়াৰ ন’হ’ল৷ কি দৰ্কাৰতনো তেৰাক ইনবক্সত নিমন্ত্ৰন কৰিছিলাহে?

    খেক খেক!

    Reply
  • ৰিণ্টু

    তামাম ৰাজীবদা, বঢ়িয়া ক্লাইমেক্স। খুব ভাল লাগিল পঢ়ি

    Reply

Leave a Reply

Your email address will not be published.