ফটাঢোল

পৰীবাৰ দ্বিতীয় বিবাহ – পৰী পাৰবীন

এই যে পৰী বাইদেউজনী! কিনো চিন্তা কৰি থাকে ওৰকে নাপাওঁ। সিদিনা অফিচলৈ আহি টেবুলত বেগটো থৈ ধামকৈ বহি পৰি চকীখনতে চকু মুদি ৰ’ল। দেখিলেই জনা যায় যে কিবা দুঃশ্চিন্তাত আছে। মই ওচৰ চাপি গ’লোঁ, বেছি ব্যক্তিগত কথা সুধি থাকিবলৈ বেয়াও লাগে, তথাপি চকুৰ আগতে ধৰফৰাই থকা দেখি নোসোধাকৈ নোৱাৰিলোঁ,

: কি হৈছে বাইদেউ? এনি প্ৰবলেম?

: নক’বা আৰু বুইছা পলাশ? সমস্যা গভীৰ।

: কি গভীৰ সমস্যা হ’লনো? পাৰে যদি খুলি কওকচোন।

: মানুহজনৰ পৰা নহৈছে আৰু।

: আও! সেই ঠাণ্ডা মুণ্ডা মানুহজনে কৰিলেনো কি?

মানুহজনৰ কথা কোৱাৰ লগে লগে মই পিছ হুঁহুকি আহিবলৈ বিচাৰিলোঁ। লোকৰ ঘৰৰ চৰু কেৰাহীৰ খবৰ মোক কেলৈ আক’? তাতে আকৌ মই নতুনকৈ বিয়া পাতি দাম্পত্য সুখত ডুবি আছোঁ। কিন্তু পৰী বাইদেউজনীও জানো কম! এবাৰ মুখ খুলিলে যেতিয়া
মুখ বন্ধ নহ’বই যেন। মোকনো কিহে পাইছিল খজুৱাই ল’বলৈ? এতিয়া শুনি থাক পলাশ, মন দি শুনি ল’ আনৰ ঘৰৰ দন-কাজিয়াৰ কথা।

: সিদিনা কি কৰিলোঁ জাননে পলাশ, মোৰ ইমানকৈ সৰু মাছ খাবলৈ মন গ’ল, অফিচৰ পৰা যাওঁতে লৈ গ’লোঁ, এককেজি মোৱা মাছ, বিধে বিধে বনাম, এখিনি আদা-নহৰু সানি তৰাপাতত দিম, এখিনি সৰিয়হ বতি চৰ্চৰী কৰিম, এখিনিত বেচন লেটিয়াই মচমচীয়াকৈ ভাজিম। তাৰ পিছত খাম আৰু। গোটেইখিনি ৰন্ধা হৈয়ে গৈছিল, মই এফালে মাছৰ চৰ্চৰীটো কম জুইত ৰাখি থৈছোঁ, এফালে এটা চুলাত এক চচপেন পানী গৰম হ’বলৈ দিছোঁ। আৰু ডাইনিং ৰূমত টেবুল সজাই কিটচেনৰ ফালে চিঞৰিছোঁ, হৌৰা পানীখিনি গৰম হ’লে দি দিবাহিচোন মোক। কি জানো শুনিলে তেওঁ, অলপ পাছত মাছৰ চৰ্চৰীখিনি আনিবলৈ গৈ দেখোঁ, এক চচপেন গৰম পানীত মোৱা মাছখিনি সাঁতুৰি আছে। বোলো, কি কৰিলা তুমি? তেওঁ বোলে, কিয় তুমি পানীখিনি দি দিবলৈ কোৱা নাছিলা?

: হাঃ হাঃ হাঃ! পৰী বা! তাৰ পিছত?

: তাৰ পিছত কি আৰু? মই ভাতৰ কাঁহী তেনেকৈয়ে থৈ বিচনাত উঠিলোঁ।

: ধেত! সেইটো বেয়া কাম কৰিলে। আৰু আছিলেই দেখোন পাতত দিয়া মাছ, মচমচীয়াকৈ ভজা মাছ।

: হুহ! কি বুজিবি তই, অফিচৰ পৰা গৈ এককেজি মোৱা মাছ বাচি কুচি বিধে বিধে ৰন্ধাৰ পাছত যদি এই গতি হয়, কি দুখ লাগে তই কি বুজিবি?

: নহয়, আপুনি ভাত নোখোৱাকৈ থাকি তেখেতৰ ওপৰত শাস্তি ল’লে আচলতে।

: শাস্তি ল’লেনো কি হ’ব! সেই একেই। আজি আকৌ একে ঘটনাৰ পুনৰাবৃত্তি। ৰাতিপুৱা অকলে অকলে ঘৰৰ গোটেই কামখিনি চপাই মেলি আহিবলৈ কি কষ্ট হয়, মইহে জানো। তেনেস্থলত তেওঁ আকৌ কাম কমোৱা চাৰি কাম বঢ়ায়হে। মই নোৱাৰিছোঁ একদম। এইবাৰ কিবা এটা কৰিহে এৰিম।

: কি কৰিলেনো আজি?

: কি কৰিবনো? মই জলফাই আচাৰ এখিনি বনাই বটলত ভৰাই ক’লোঁ, “হৌৰা ভিনেগাৰ
অলপ দি দিয়াচোন, মই টিফিনটো ৰেডি কৰোঁ।” অলপ পাছত গোটেই ঘৰটো ভিনেগাৰ ভিনেগাৰ গোন্ধোৱা দেখি গাটো বেজবেজালে, সুধিলোঁ, হৌৰা, ভিনেগাৰৰ বটলটো ভাঙিলানে কি? তেওঁ বোলে, কেলেই ভাঙিম হে, মোক ইমান অকামিলা পাইছা, এয়া চোৱা ভিনেগাৰ দি ভাজিখিনি নমাই থৈছোঁ। মই মূৰে কপালে হাত দিলো, সেইখন শাকৰ ভাজি আছিল।

: হাঃ হাঃ হাঃ পৰীবা! কি কি নহয় আৰু আপোনাৰ লগত!তাৰ পিছত জয়ন্তদাক কি ক’লে?

: কি ক’বা আৰু? মুখেৰে একো নামাতি নোখোৱা নোবোৱাকৈ ওলাই গুছি আহিলোঁ। এতিয়া ভোক লাগিছে নহয় পলাশ, কিবা খোৱা মোক।

ঘৰত মুখ ফুলাই আহিব, তাৰ পাছত মোৰহে কাম বাঢ়িব। পিয়নটোক মাতি কিবা এটা আনিবলৈ কৈ মই কম্পিউটাৰত মূৰ গুজোঁ। অফিচৰ জটিল সমীকৰণ কিছুমান সমাধা কৰিবলৈ যাওঁতে আকৌ পৰীবাৰ সহায় নহ’লেও নহয়। কাজেই অফিচেই হওক, নতুবা ঘৰতে হওক, পৰীবাৰ বিৰাট কৰ্তৃত্ব। সেই কৰ্তৃত্ব বজাই ৰাখিবলৈ যাওঁতে খুব ব্যস্তও থাকিবলগা হয়। গতিকে কিছুমান কথাত খং উঠি যোৱাটো স্বাভাৱিক বুলি
মই নিৰৱে থাকোঁ। সেই পৰীবাৰে দ্বিতীয় বিবাহ। সংসাৰৰ সৰু সৰু খুঁট-খাঁটবোৰে এই ৰূপ ল’বগৈ বুলি মই কল্পনাও কৰা নাছিলোঁ। খুঁট-খাঁটনো কি, অলপ খং-অভিমান, তাকো একপক্ষীয় অভিমান। প্ৰায়ে জয়ন্তদাই নিজে তল পৰি হ’লেও পৰীবাক বশলৈ আনে বুলিও মোৰ জ্ঞাত। যদিও পৰীবা মোৰ ‘ইমিডিয়েট বচ’, কিন্তু তেওঁৰ স’তে মোৰ ঘৰুৱা সম্পৰ্ক। ভিনদেউ, মানে জয়ন্তদা মোৰ কলেজৰ চিনিয়ৰ, সেইসূত্ৰে তেওঁলোকৰ ঘৰলৈ মোৰ সঘন আহ-যাহ। গতিকেই তেওঁলোকৰ ঘৰৰ তলা-নলা পৰ্যন্ত মই জানো। পৰীবা হ’ল একদম মুক্ত মনৰ মহিলা। পুৰুষবন্ধু অনেক। তাৰ বিপৰীতে জয়ন্তদা হ’ল একদম বৌমভোলা টাইপৰ মানুহ। আৰু পৰীবাৰ অন্ধ প্ৰেমিক। সেই জয়ন্তদাক এৰি পৰীবায়ে দ্বিতীয় বিবাহৰ বাবে মন মেলিছে। কথাটোৱে চক খুৱালে বেচ কিছু দিনলৈ। এদিন ৰাতি হেমাংগিনী, মানে মোৰ নববিবাহিতা পত্নীক কৈ পেলালোঁ পৰীবাৰ কথাবোৰ। কৈ গ’লোঁ, জয়ন্তদাৰ দৰে মৰমিয়াল মানুহ এজনেও বান্ধি ৰাখিব পৰা নাই পৰীবাক, যাৰ কাৰণে পৰীবায়ে দ্বিতীয় বিবাহলৈ মন মেলিছে। জয়ন্তদাৰ নিমাখিত চেহেৰাটো মনলৈ আহিল, বৰ কষ্ট পাব জয়ন্তদাই, মুখেৰে নেদেখুৱালেও বুজি পাওঁ তেওঁৰ পত্নীপ্ৰেম। উচপিচাই উঠিলোঁ।

: জয়ন্তদাৰ বাবে বৰ বেয়া লাগিছে হেমাংগিনী।

: পৰীবাক বুজোৱা আক’। নিশ্চয় কিবা ভিতৰুৱা কথা আছে।

: পৰীবাই দাঁতত ভাত লগালৈকে কয় মোক, এনেকুৱা একো কথা কাহানিও কোৱা নাছিল। সৰু সৰু কথাত মানুহজনী অলপ খিচখিচাই থাকে, কিন্তু সেয়া বিবাহ বিচ্ছেদৰ কাৰণ কেতিয়াও হ’ব নোৱাৰে।

: বিবাহ বিচ্ছেদ হ’ল নেকি তেওঁলোকৰ? ল’ৰাটোৰ কি হ’ব?

: নাজানো অ’! মই সাহসেই কৰা নাই এইবোৰ কথা উলিয়াবলৈ।

: এটা কাম নকৰা কিয়, তুমি এবাৰ দুয়োজনৰ লগত কথা নাপাতা কিয়?

: ঠিকেই কৈছা, এবাৰ দুয়োজনৰ লগত বহিব লাগিব। ক’তনো কেনাটো লাগিল, জানিব লাগিব। কিবা হয়তো ভুল বুজাবুজি হৈছে, পাৰিলে ঠিক কৰি দিব লাগিব। নহ’লে মোক পাপে চুব। আচলতে কি জানা?

: কি?

: পৰীবাৰ বহুত পুৰুষ বন্ধু। ভিনদেৱে হয়তো কথাটো সহজে লোৱা নাই।

: নতুনকৈ হোৱা বন্ধুনে সেইসকল?

: নহয়, পুৰণাই।

: চোৱা তেওঁলোকৰ বিয়া হোৱা দহবছৰ পাৰ হ’ল, আজিলৈ যদি এই কথাটোৱে অসুবিধা কৰা নাই, হঠাতেনো এই কথাটো কিয় আহিব?

: সেইটোও হয়।

ইকাটি সিকাটি কৰি থাকিলোঁ যদিও ভালকৈ টোপনি নহ’ল। মাজে মাজে হেমাংগিনীয়ে মূৰত হাত ফুৰাই দিলে। মই সাৱটি ল’লোঁ তাইক, এনে দিন যাতে আমাৰ মাজলৈ কোনোদিন নাহে, কথা দিয়া হেমাংগিনী, কথা দিয়া মোক। তাঁৱো আকুলভাৱে সাৱটি ধৰিলে মোক। আনৰ দুখতো যে দুখী হোৱা যায়, সেয়া ভালকৈয়ে অনুভৱ কৰিলোঁ। নিজৰ তেজৰ নহ’লেও পৰীবাহঁতৰ সংসাৰখনৰ কথা ভাবি মনটো ভাৰাক্ৰান্ত হৈ পৰিল। অফিচলৈ যোৱাৰ আগতেই পৰীবাৰ ভাড়াঘৰ পালোঁগৈ। গোটেই ঘৰখনতে পৰীবাৰ হাতৰ পৰশ লাগি আছে। টেবুলত থকা চীনা বাঁহৰ কুমলীয়া ডালিকেইটাৰ পৰা একুৰিৱামৰ সোণালী মাছকেইজনীলৈকে, বেৰৰ চুকত থোৱা শৰাইটোৰ পৰা এশিঙীয়া গঁড়ৰ ভাস্কৰ্যটোলৈকে-সকলোতে পৰীবাৰ হাতৰ পৰশ বিৰাজমান। কিহ’ৰ মোহত বন্দী হৈ
পৰীবাই এইবোৰ এৰি যাবলৈ ওলাইছে নুবুজিলোঁ।

: কি খাই আহিলি? চাহ একাপ খাবিনে?

পৰীবাই চাহ দুকাপ লৈ আহিল, কথা পাতিবলৈ মই সুযোগ পোৱা নাই, ভিনদেউ ওৰফে জয়ন্তদাক দেখা নাই, বুকুখন ধৰফৰাই উঠিল, সুধিলোঁ পৰীবাক,

: কিহৰ বাবে এই সিদ্ধান্ত ল’লে পৰীবা?

: আনৰ ব্যক্তিগত কথাত মূৰ ঘমাব নাপায় পলাশ।

পৰীবাই গহীনাই ক’লে। খং উঠি গ’ল মোৰ, ব্যক্তিগত কথা! হুহ! ঘৰত মাছ এখিনিৰ লগত ভিনদেউৰ লগত মুখ ফুলালেও মোৰ কাণৰ ঠিলা বন্ধ কৰিবলগা হোৱাকৈ বকলা মেলিলে ব্যক্তিগত কথা নহয়, আপোনাৰ সংসাৰত কিহৰ জুই জ্বলিছে বুলি আত্মীয় হৈ প্ৰশ্ন সুধিলেও ব্যক্তিগত কথাত মাত নামাতিবলৈ কয়, নাখাওঁ চাহ। গপগপাই ওলাই আহিলোঁ। পিছফালৰ পৰা চিঞৰিছে পৰীবাই,

: বিয়ালৈ নহাকৈ নাথাকিবি।

: মাই ফুট! এনেকুৱা বিয়া কেতিয়াও নাখায় পলাশৰঞ্জন চেতিয়াই। কেতিয়াও
নাখায়।

মুখৰ ভিতৰতে ভোৰভোৰাই বাইকত কিক মাৰিলোঁ। অফিচলৈ যাবলৈ মন নগ’ল। তাতো পৰীবাৰ মুখখনেই চাব লাগিব। মোৰে যদি এই অৱস্থা, ভিনদেউৰ কি অৱস্থা হৈছে চাগৈ। দুদিনমানৰ পিছত টেবুলত বিয়াৰ কাৰ্ড এখন পৰিলহি। পৰীবাৰ দ্বিতীয় বিবাহৰ কাৰ্ড। ছিঃ, সমাজখন ইমান ৰসাতলে গ’লনে? প্ৰথম স্বামীৰ উপস্থিতিতে দ্বিতীয় বিবাহৰ কাৰ্ড ছপাব পৰা হৈ গ’ল। ইমান বুজাবুজিনে? নাই নাই। মই ইমান আধুনিক
হ’ব নোৱাৰিম দেই। মোৰ প্ৰেম এতিয়াও পুৰাতন যুগৰ নায়কৰ দৰেই, কোনো স্থিতিতে প্ৰেমাস্পদৰ লগত ভাগ-বতৰাৰ বুজাবুজিলৈ মই আহিব নোৱাৰিম। পৰীবাৰ দৰাজননো কোন হয় বুলি কাৰ্ডখনত বিচাৰিলোঁ। নাপালোঁ। দৰাৰ নাম উল্লেখ কৰা নাই, মাথো বিয়াৰ তাৰিখ আৰু স্থান জনাই নিমন্ত্ৰণ জনাইছে। জয়ন্তদালৈ মনত পৰিল, ফোন কৰিলোঁ, নুঠালে। কম কষ্ট পাইছেনে তেওঁ। ঘৰত অকলে থকা হেমাংগিনীলৈ মনত পৰি গ’ল, তাইৰ লগত কথা পাতিলে মনটো পাতল লাগিব বুলি হেমাংগিনীৰ নাম্বাৰ ডায়েল কৰিলোঁ। লাহে লাহে পৰীবাৰ বিবাহৰ খবৰটো অফিচত মুখৰোচক কাহিনী হিচাপে ধৰা দিলে। বন্ধুমহলৰ মাজতো, চচিয়েল মেডিয়াতো কথাটো বাগৰি ফুৰিল। নানাজনৰ মুখত নানা কথা ওলাল। পৰীবাৰ লগত হেনো সেই পাহাৰৰ ওপৰত থকাজনৰহে সম্পৰ্ক, সেইহে পৰীবাই বন্ধ পালেই পাহাৰখনলৈ ঢাপলি মেলে। জয়ন্তদাই চাগৈ কথাবোৰ গম পালে, ইত্যাদি ইত্যাদি। আচল কথাটো হাজাৰ চেষ্টা কৰিও উলিয়াব নোৱাৰিলোঁ। অৱশেষত সেই দিনটো আহি পালে, মোৰ মনত নাছিল, হেমাংগিনীয়েহে মনত পেলাই দিলে,

: হৌৰা, শুনিছা, বিয়ালৈ নোযোৱানেকি?

: হাঁ!

অলপ দেৰি হেমাংগিনীৰ মুখলৈ চাই থাকিলোঁ,

: কি স’তে যাওঁ হেমাংগিনী?

তথাপি বিয়ালৈ যোৱাটোকে ঠিক কৰিলোঁ। ইতিমধ্যে চহৰত পৰীবাৰ দ্বিতীয় বিবাহক লৈ বুবুবাবা আৰম্ভ হৈছিল,

: দৰা ক’ৰ?

: নাজানো নহয়, সোধোঁতে টাউনৰে বুলিলে।

: আগৰে পৰা ৰিলেচন আছিল নে কি?

: আছিল চাগৈ।

: আগৰজনৰ কি হ’ব? একেলগে দুয়োজন থাকিব নে কি?

ফিচিঙা ফিচিং ধঙত কথাবোৰ চলি থাকিল। আঁতৰি আহিলোঁ মই। শুনি ভাল লগা নাছিল কথাবোৰ। পৰীবাৰ এখন ধুনীয়া সংসাৰ আছিল, এখন শিক্ষিত সমাজ আছিল, তাতোকৈ ডাঙৰ কথা, তেওঁৰ এটা সামাজিক স্থিতি আছিল। কি প্ৰয়োজনত পৰি এইবোৰ কৰিব লাগে? ভিনদেউনো ইমান দুৰ্বল নে, এবাৰো মনাব নোৱাৰিলেনে পৰীবাক? হাজাৰ কথাই মনত জুমুৰি ধৰাৰ সময়তে মই বিবাহভৱনত গৈ পৰীবাক বিচাৰিলোঁ, দেখিলোঁ, কইনাৰ সাজেৰে অভ্যাগতক চফ বিলোৱাত ব্যস্ত পৰীবা। বিশুদ্ধ গাঁৱলীয়া গালিকেইটা মুখৰ ভিতৰতে পাগুলিয়াই ল’লোঁ,

: নাককাটি ক’ৰবাৰ।

পলাশ আহিলি বুলি পৰীবাই হেমাংগিনীক আঁকোৱালি ল’লে।

: হেমাংগিনী, তোমাৰ কাপোৰযোৰ ইমান ধুনীয়া লাগিছে।

আকৌ বিশুদ্ধ গাঁৱলীয়া গালিকেইটামান মুখৰ ভিতৰত পাগুলি ল’লোঁ। পৰীবায়ে আমাক এৰি বেলেগফালে গুচি
গ’ল। বিবাহভৱনটো আলহীৰে ভৰ্তি হৈ পৰিছে। আহিবই, পৰীবাক ভালপোৱা মানুহৰ অন্ত নাই। তাতে এইখন এখন ব্যতিক্ৰম বিয়া। আঁৰচকুৰে পৰীবালৈ চালোঁ। নকইনাৰ দৰে উলাহৰ অন্ত নাই তেওঁৰ। মোৰ মনৰ ভাৱ বুজি হেমাংগিনীয়ে মোলৈ চালে। ইফালে মোৰ চকুহালে দৰাক বিচাৰি চলাথ কৰিছে। দৰা আৰু জয়ন্তদা, এই দুজনৰ খবৰ নাপালে শান্তি নাপাম মই। বাহিৰলৈ ওলাই আহিলোঁ।

: কি হ’ল পলাশ? বাহিৰত ৰ’লিহি যে।

: পৰীবা, জয়ন্তদা ক’ত? আপুনি কিয় এনে কৰিলে?

: ৰ’বিচোন ৰ’বি, অতযুগৰ পৰা যে পুৰুষসকলে দুবাৰ-তিনিবাৰকৈ বিবাহত বহি আহিছে, নাৰীসকলে কিবা কয় নে কি? মোৰ আজোককাই তিনিবাৰ বিয়া কৰাইছিল, গতিকে মই দুবাৰ বিয়া পাতিব পাৰোঁ, কিনো ডাঙৰ কথা?

খংটো উঠি আহিল আকৌ, তথাপি আকৌ সুধিলোঁ,

: ভিনদেউ ক’ত সেইটো কওক মোক।

খিলখিলাই হাঁহি উঠিল তেওঁ,

: নতুনজন নে পুৰণাজন? ৰ’বি, ৰ’বি, আহিছ যেতিয়া বিয়াৰ নিয়মলৈকে ৰৈ দে। তোৰ পুৰণা ভিনদেউ চাগৈ নতুনজনক আদৰিবলৈ ব্যস্ত হৈ আছে।

এইবাৰ কইনাক এৰি হেমাংগিনীৰ ওচৰ পালোহি। ইতিমধ্যে আমাক খোৱা ঠাইলৈ মাতি থৈ গৈছিল। খোৱাৰ পিছতে হেমাংগিনীক ক’লোঁ,

: যাওঁগৈ ব’লা।

: বিয়ালৈকে ৰ’বলৈ কৈছে বাইদেউৱে। নৰ’লে বেয়া পাব।

ধুৰৰ! আহিবই নালাগিছিল ঘেণ্টা। আকৌ মুখৰ ভিতৰত গালি কেইটামান গিলি থ’লোঁ। অলপ পাছতে দুৱাৰডলিত হুলস্থূল। দৰা আহিল, দৰা আহিল। দুজনীমানে বিয়ানাম জুৰিছে। দৰাৰ মুখখন ঢকা যদিও চিনাকি চেহেৰা।

: হেমাংগিনী, মোৰ ভুল হোৱা নাইতো!

: মানে?

: দৰাক চোৱাচোন। চিনাকি যেন লাগিছেনে?

হেমাংগিনীয়ে বহল চকুকেইটা মেলি ভালকৈ চালে, তাৰ পাছত চকুকেইটা আৰু বহল কৰি মুখখন মেলিলে,

: আৰে! জয়ন্তদা দেখোন। তোমাৰ পৰীবাক মানি গৈছোঁ কিন্তু দেই! কি আচৰিত! তুমি ইমান ওচৰত থাকিও ফুটকে নাপালা।

: বিয়াখন হৈ যাওক। দিম ঠিকছে।

বুকুৰ ভৰটো তৎক্ষণাৎ আঁতৰি গ’ল যদিও আপদীয়া গালিসোপাই মনত ভিৰ লগালে। দাঁত কৰচি উঠিলোঁ। এই বিয়াখনত আটাইতকৈ কষ্ট পোৱা মানুহটোৱেই চাগৈ মই। সিহঁত দুয়োটা মিলি আচলতে মোকহে শাস্তি
দিলে। পৰীবা আৰু জয়ন্তদাৰ বিয়াখন ধুমধামকৈ হৈ গ’ল। পুৰোহিতে মন্ত্ৰ মাতিলে। হোমৰ জুইৰ ধোঁৱাত চকু ৰঙা পৰিল। বহুত ৰাতি হ’ল। হেমাংগিনীৰ কষ্ট হৈছে বুলি ভাবি “যাবাগৈ নেকি” বুলি সুধিলোঁ। হেমাংগিনীয়ে একেচাতেই না ক’লে,

: কষ্টতকৈ আনন্দ লাগিছে বহুত। পৰীবাক অভিনন্দন জনাইহে ওভতিম।

বিয়াখনৰ শেষত পৰীবাৰ ওচৰ পালোঁগৈ। দুষ্ট হাঁহি এটা ওঁঠত আঁকি কিলাকুটিৰে ভিনদেউৰ কঁকালত হেঁচুকি পৰীবাই কৈ উঠিল,

: কি বুলি ভাবিছিলি ডেকা ল’ৰা? এইজনে যোৱা দহবছৰে মোক ইমানেই হাৰাশাস্তি কৰি ৰাখিছে, ইমান সহজতে তেওঁক মুকলি কৰিম বুলি ভাবিছ?

মই জয়ন্তদাক টানি আনিলোঁ,

: জয়ন্তদা, কিহ’ৰ নাটক এইবিলাক? আপুনি জানেনে, আপোনাৰ চিন্তাত মই কিমানৰাতি টোপনি খতি কৰিছিলো?

কলেজৰ নাটকত শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ পোৱা জয়ন্তদাই কৈ গ’ল,

: চা পলাশ, জীৱনটোত যদি অলপ নাটকীয়তা নাথাকিল; থাকিল কি? একঘেয়ামিৰ পৰা আঁতৰিবলৈ অলপ
টুইষ্ট লাগে লাইফটোত। সেইকাৰণেই এই বিয়া। আৰু কি জাননে, তোৰ বায়েৰাৰ চাল-চলন দেখি মানুহেতো গমেই নাপায় যে, তেওঁ এটা সন্তানৰ মাতৃ। তাতে জিম, পাৰ্লাৰ এইবোৰলৈ গৈ গৈ কি ধুনীয়া হৈছে দেখিছ, গতিকে মানুহক দেখুওৱাৰ প্ৰয়োজন আছিল যে, এইজনী মোৰহে দেই, কোনেও মিছাতে চকু দি নাথাকিবি।

হেমাংগিনীয়ে হাঁহি ৰখাব নোৱাৰিলে। মই এইবাৰ বাইদেউক ধৰিলোঁ,

: কিবা ক’বলৈ থাকিল যদি আপুনিও কৈ দিব পাৰে মহাশয়া। মই ইমানদিন বুৰ্বক বনি থকাৰ কাৰণটো
লাগে মোক।

পৰীবায়ে গহীনাই ক’লে,

: জাননে পলাশ, আমি প্ৰথম বিয়াখন ইমান ধুমধামকৈ পতা নাছিলোঁ। ভিনিয়েৰাৰ এটা আদৰ্শ আছিল, মা-দেউতাৰ টকা খৰচ কৰি বিয়া পতাতকৈ আমি মাত্ৰ নিয়মটো কৰি থওঁ। পিছত আমি আৰ্থিকভাৱে স্বচ্ছল হ’লে ভালকৈ পাৰ্টি দিম। এনেকৈয়ে এদিন আমি সিদ্ধান্ত ল’লোঁ, নতুন ঘৰটো সাজি গৃহপ্ৰৱেশৰ দিনা মই কইনা হৈ নতুন ঘৰলৈ যাম। আৰু অলপ চাচপেঞ্চ দিওঁ বুলি পৰিয়ালৰ বাদে আন সকলোৰে পৰা কথাটো গোপন কৰি বিয়াৰ কাৰ্ড চপালোঁ। আচল কথাটো কিন্তু বেলেগ, তোকহে কৈছো দেই, ভিনিয়েৰাই জিম কৰি কৰি যিহে ছিক্স
পেক বনাইছে, গতিকে চহৰৰ ছোৱালীমখাক দেখুওৱাৰ প্ৰয়োজন আছিল যে, এই সুন্দৰ পুৰুষজন মোৰহে দেই, মিছাতে চকু দি নমৰিবি।

হেমাংগিনীৰ মুখৰ হাঁহি যেন নুগুচিবই। এইবাৰ অৱশ্যে ময়ো নাহাঁহি নোৱাৰিলোঁ। সৱৰে মুখবোৰ উজ্জ্বল। পৰীবাৰ কথাতো ক’বই নালাগে। বয়স যেন দহবছৰ কমি গ’ল। ইমান উচ্ছল। আৰু পুৰণা জয়ন্তদাজনক যেন মেৰামতি কক্ষত ভৰাই বিয়াখনে সম্পূৰ্ণ নতুন মানুহ এজন কৰি তুলিলে তেনে ভাব হ’ল। বিয়াঘৰৰ
ফূৰ্তি তামাচাবোৰ সামৰি কাপোৰ কানি লেতেৰা কৰি আমি দুয়ো ঘৰলৈ ওভটিলোঁ।

: শুনা

বাইকৰ পিছফালৰ পৰা হেমাংগিনীয়ে মাত লগালে।

: কোৱা।

: ময়ো দ্বিতীয় বিবাহ কৰাম।

: হা! কেতিয়া? কাৰ লগত?

: দহবছৰৰ পাছত। তোমাৰ বাদে আৰু কাৰ লগত?

মাজপথতে হেমাংগিনীক দীঘলীয়া চুমা এটা দিবলৈ মন গ’ল। বাইকখন ৰখালোঁ মাত্ৰ,
হেমাংগিনীয়ে মোৰ উদ্দেশ্য বুজি পাই চিঞৰি উঠিল,

: অই নহয় নহয় দেই, এই মাজৰাস্তাত একো নকৰিবা।

সুখৰ পখিলাজাক হিয়া জপাই ওলায় আৰু সোমায়, আকৌ ওলায়, আকৌ সোমায়। আৰু আমি
দুয়ো দহবছৰৰ পাছত হ’বলগা বিয়াখনলৈ প্ৰস্তুতি চলালোঁ।

☆★☆★☆

8 Comments

  • Bohut bhal lagil Pori ba

    Reply
  • সদানন্দ ভূঞা

    বৰ সুন্দৰকৈ লিখিলে । বহুত ভাল লাগিল ।

    Reply
  • Kamala das

    মজ্জা লাগিছে পঢ়ি ।

    Reply
  • ৰাজশ্ৰী শৰ্মা

    পৰী বাৰ লিখনি পঢ়ি সদায়েই মনটোৱে এটা জোকাৰ খায়। আজিও ব্যতিক্ৰম নহয়।খুব ভাল লাগিল পঢ়ি বা।

    Reply
  • হেমন্ত কাকতি

    বিদ্যা, সঁচাসঁচিকৈ চুই গ’ল আৰু আপ্লুত হলো৷ তামাম৷

    Reply
  • সৌৰভ শৰ্মা

    ময়ো দ্বিতীয় বিয়া পাতিম।

    Reply
  • ধেৎতেৰি বৰ টেনচনত পঢ়িলোঁ দেই গল্পটো৷ মজা লাগিল৷

    Reply
  • Jayanta

    পৰী পাৰবীন । তোমাৰ লিখা যেন লগা নাছিল । যৰা হদকে টাইপ। ভাল লাগিল ।

    Reply

Leave a Reply

Your email address will not be published.