ফটাঢোল

দ্য পাৰফেক্ট মাৰ্ডাৰ! – জ্যোতিৰূপম দত্ত

: দত্ত মৰিল!
: কিইই? কি কৱ বে?
: অ’, অলপ আগতে!….

কেইঘণ্টামান আগৰ কথা….
★★

: উফ্! পাগল হৈ যাম মই!!

অলকেশে নিজৰ মূৰটোকেই চেপি ধৰিলে৷ প্ৰায় অন্ধকাৰ কোঠাটোত সি আজি বহুপৰ ধৰি অকলশৰে বহি আছে৷ লেপটপৰ স্ক্ৰীণখন লাহে লাহে ধূসৰ হৈ আহিল৷ এটা সময়ত লেপটপৰ স্ক্ৰীণখনত চাইকেলেডিক আৰ্টৰ স্ক্ৰীণচেভাৰ এখন চলিবলৈ ধৰিলে৷ ৰঙা, বেঙুনীয়া, সেউজীয়া আদি ৰঙৰ এটা ঘূৰ্ণীয়মান সৰ্পিল৷ লাহে লাহে বিচ্ছুৰিত বৰ্ণালীৰ দৰে ৰঙবোৰে স্ক্ৰীণখনৰ মাজত এটা পকনীয়াৰ সৃষ্টি কৰি নোহোৱা হৈ যাবলৈ ধৰিলে৷ অলকেশে আকৌ স্ক্ৰীণখনত চকু দিলে৷

: এনেকৈ নোৱাৰি! কিমান আৰু সহ্য কৰিম৷ এটা এটাকৈ চাই লম! মোক তহঁতে চিনি পোৱা নাই!! চিচিলিয়ান হিটমেন মই, তহঁতক এটা এটাকৈ মোহাৰিম৷ অপাৰেশ্যন ‘ৰেথ অৱ গড’ৰ দৰেই! পেলেষ্টাইনৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন পিএলঅ’ৰ জ্যোৱাইটাৰ, হামছাৰি, আল বাছিৰ, হাছান ছালামেহ আদিক ইজৰাইলী গুপ্তচৰ সংগঠন মোছাদৰ এজেণ্টে বিচাৰি বিচাৰি এটা এটাকৈ নিঃশেষ কৰাৰ দৰেই তহঁতকো মই……

অলকেশে মুখেৰে বিৰবিৰাই আকৌ ফোঁপাবলৈ ধৰিলে৷

নিজৰ সকলো কাম বাদ দি আজি প্ৰায় এমাহ ধৰি সি এটা কামতেই ব্যস্ত হৈ আছে৷ অলকেশ চ’ছিয়েল মিডিয়াৰ এজন জনপ্ৰিয় যুৱ লেখক৷ বিভিন্ন ৰসোত্তীৰ্ণ, বিচিত্ৰ কথাৰ আপডেটবোৰে প্ৰায়েই সহস্ৰাধিক পঢ়ুৱৈক আকৰ্ষণ কৰে৷ দীৰ্ঘদেহী, আটিল দেহৰ সুদৰ্শন লেখকজনৰ কী-বৰ্ডৰ পৰা সৃষ্টি হোৱা গুপ্তচৰৰ ৰুদ্ধশ্বাস কাহিনীবোৰ তথা সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিক লৈ লেখা ক্ষুৰধাৰ লেখাবোৰে প্ৰায়েই পঢ়ুৱৈসকলৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰে৷

পিচে সাংঘাতিক খেয়ালী মনৰ মানুহ অলকেশ৷ কোনো সামাজিক শৃংখলে বান্ধি ৰাখিব নোৱৰা এটা বহেমিয়ান জীৱনশৈলীত অভ্যস্ত অলকেশৰ জীৱন৷ পৰিয়াল, বন্ধু-বান্ধৱ আনকি চ’ছিয়েল মিডিয়াৰ অনেক গুণমুগ্ধয়ো অলকেশৰ এই জীৱনশৈলীৰ কথা বাৰুকৈয়ে জানে৷ কেতিয়াবা কোনোবাই অভিমান কৰিলেও সকলোৱে ভালকৈয়ে জানে যে সি নিজৰ বাহিৰে আন কাৰো কথা নুশুনে৷

এই সকলোবোৰত যেন হঠাতে যতি পৰিল৷ আজি প্ৰায় এমাহৰ আগতে অলকেশে অনলাইন মেগাজিন এখনৰ এটা সংখ্যাৰ বাবে সম্পাদকৰ দায়িত্ব লৈছে৷ কেইজনমান সন্মানীয় অগ্ৰজৰ অনুৰোধক নেওচা দিব নোৱাৰি বিশেষ চিন্তা নকৰাকৈয়েই সন্মতি দিছিল যে অনলাইন আলোচনীখনৰ এটা সংখ্যা সম্পাদনা কৰি দিব৷ এই কামটো বিশেষ এটা কঠিন কাম নহয়৷ তাতে আলোচনীখনৰ কাৰিকৰী তথা অন্যান্য কামবোৰত সহায় কৰিবলৈ কেইজনমান অভিজ্ঞ ব্যক্তি লগত আছিলেই৷

সম্পাদকৰ ঘোষণা ৰাজহুৱা হোৱাৰ লগে লগে আকৌ এটা চাঞ্চল্যৰ সৃষ্টি হৈ গ’ল! অলকেশলৈ অভিনন্দনৰ জোৱাৰ উঠিল৷ আগতে মন নগ’লে কাৰো ফোন নধৰা, মেচেজৰ উত্তৰ নিদিয়া, আনকি কোনো হোৱাটছএপ গ্ৰুপত নথকা মানুহটো যেন হঠাৎ সলনি হৈ গ’ল! অজস্ৰ ফোনৰ উত্তৰ দিলে, সকলোকে মেচেজৰ উত্তৰ দিলে, আলোচনীখনৰ সম্পাদনা আৰু কাৰিকৰী বিভাগৰ হোৱাটছএপ আৰু ফেচবুকৰ গ্ৰুপৰ সৈতেও এটা টু শব্দ নকৰাকৈ সংলগ্ন হ’ল, সকলোৰে সৈতে মতামত বিনিময়ো কৰিলে৷ সকলো ঠিকেই চলি আছিল৷

পিচে লাহে লাহে সকলোবোৰ কমি আহিল৷ আলোচনীখনৰ সৈতে জড়িত থকাকেইজনৰ বাহিৰে দুই এজনেহে মাজে মাজে খবৰ খাতি লৈ থাকিল৷ ইতিমধ্যে বহুদিন একো বিশেষ কাম নকৰাকৈয়ে পাৰ হৈ গ’ল৷ অলকেশে এইবাৰ আলোচনীৰ কামত ধৰিবলৈ মন কৰিলে৷ সম্পাদকৰ দেখাত বিশেষ একো কাম নাই৷ সম্পাদকীয় লিখিব লাগে, আলোচনীৰ বাবে লেখা নিৰ্বাচন কৰিব লাগে৷ বৰ্ণাশুদ্ধি তথা সম্পাদনাৰ বাবে নিৰ্দিষ্ট পেনেললৈ পঠিয়াব লাগে৷ বাকী কামখিনি ওপৰে ওপৰে চকু ফুৰালেই হৈ যায়৷ পিচে সবাটোকৈ জটিল কামটো হ’ল লেখা নিৰ্বাচন কৰা৷ ইয়াৰ পৰাই এটাৰ পাছত আনটো লেঠা লাগিবলৈ আৰম্ভ কৰিলে৷

এনেতে মেজৰ একাষে থৈ দিয়া ফোনটোৱে মৃদু শব্দ কৰি বাজিবলৈ ধৰিলে৷ অলকেশে বাজি থকা ফোনটোলৈ কোনো গুৰত্ব নিদিলে৷ লাহে লাহে ফোনটোৰ শব্দৰ প্ৰাবল্য বাঢ়ি আহিবলৈ ধৰিলে৷ এইবাৰ চৰম বিতৃষ্ণাৰে অলকেশে ফোনটো তুলি ডায়েলখন চালে৷ নীলাভ ডায়েলখনত নাম এটা দেখা গ’ল-

সঞ্জীৱ!

অলকেশে এইবাৰ ফোনটো ধৰি সুধিলে –

: কি হ’ল? কিয় ফোন কৰিছ’?
: দাদা! ভাল বস্তু এটা পাইছোঁ! – সিফালৰ পৰা সঞ্জীৱৰ উচ্ছ্বাসিত কণ্ঠ ভাঁহি আহিল৷
: নালাগে!
: নহয় দাদা! আপোনাৰ বাবেই বিচাৰি আছিলোঁ৷ বহুদিনৰ পৰা!
: নালাগে৷ থ’ এতিয়া৷
: দাদা, শুনক, চায়নাইড!!
: অ’কে! – অলকেশে ভাৱলেশবিহীন মাতেৰে লাহেকৈ ক’লে৷

অলকেশে লাইনটো কাটি দিলে৷ ফোনটো টেবুলখনলৈ দলি মাৰি দিওঁতে মাউচটোত লাগি লেপটপৰ স্ক্ৰীণখন আকৌ সজীৱ হৈ উঠিল৷ স্ক্ৰীণখনত এখন তালিকা৷ লেখকৰ নাম, লেখা বিচাৰি অনুৰোধ কৰা দিন, লেখা প্ৰাপ্তিৰ দিন, সম্পাদনা বিভাগলৈ পঠিওৱা দিন ইত্যাদি৷ তালিকাখনৰ বেছিভাগেই অসম্পূৰ্ণ৷

: চাল্লা!! আজিয়েই শেষ কৰিম!! এটাক ঠিক কৰিলেই বাকীবোৰ এনেয়ে ঠাণ্ডা হ’ব! ধুইৎ, কিহে পাইছিল মোক, এইবোৰত….!!

আৰু কিবা কিবি বিৰবিৰাই অলকেশে একেকোবে লেপটপটো জপাই দি থিয় দিলে৷ ক্ষন্তেক ভাবি টেবুলৰ একাষে থকা ছাবি একোছা হাতত লৈ কোঠাটোৰ পৰা ওলাই গ’ল৷

★★

সদাব্যস্ত জি.এছ.ৰ’ড৷ মেটেলিক গ্ৰীণ কালাৰৰ ভেচপা এন.ভি.খন পথৰ কাষৰ এডোখৰ বিশেষ ঠাইত ষ্টেণ্ড কৰাই অলকেশে ছিটটোত আৰামেৰে বহি ল’লে৷ এই ঠাইখিনিত ষ্ট্ৰীট-লাইটৰ পোহৰ নপৰে৷ অলকেশৰ প্ৰিয় ঠাই৷ কেতিয়াবা লগৰ কেইটামানৰ সৈতে সঞ্জীৱো আহে৷ সিহঁতৰ আড্ডা জমি উঠিলে বহু পৰলৈ ইয়াতেই থাকে৷

অলকেশে অলপ পৰ ভেচপাখনতেই বহি মানুহৰ আলেখ-লেখ চাই ৰ’ল৷ অলকেশৰ দুখ-সুখৰ সংগী এই স্কুটাৰখন প্ৰায় সোতৰ বছৰ পুৰণি৷ স্কুটাৰখনৰ বক্সটো এনেয়ে এবাৰ খুলি চালে৷

: ‘আছে! আশা কৰা মতেই আছে৷ আজি হৈ যাব!’ – অলকেশৰ মনটো অলপ ফৰকাল হ’ল৷

বহুদিন আগতে এবাৰ ‘ঔষধ’ৰ দোকানত ‘ঔষধ’ বাকীকৈ বিচাৰি নিৰাশ হৈ ঘূৰি ফুৰা দিনটোৰ কথা মনলৈ আহিল অলকেশৰ৷

: ‘কিহে পাইছিল বাৰু সিদিনা মোক? কোনেও জীৱনদায়িনী ‘ঔষধ’ৰ বটল এটা বাকীকৈ দিবলৈ সন্মত নহ’ল৷ অৱশেষত খানাপাৰালৈ গৈহে….’ অলকেশৰ মুখত হাঁহি বিৰিঙি উঠিল৷ এতিয়াহে মনটো অলপ ফৰকাল হ’ল৷ সেয়ে আজিকালি স্কুটাৰখনতেই সকলো যোগাৰ থাকেই৷ অলকেশে আকৌ এবাৰ স্কুটাৰৰ বক্সটো খুলিলে৷ বটলটোৰ প্ৰায় আধাখিনিয়েই আছে৷ বক্সটো এনেয়ে জপাই থ’লে৷ চাবিপাট বক্সটোত লাগিয়েই থাকিল৷

: দাদা! বহিছে?

অলকেশে চকু ঘূৰাই বিপুলক দেখিলে৷ চেঙেলীয়া ল’ৰা৷ অলকেশৰ ঘৰৰ কাষতেই থাকে৷ মেট্ৰিক ফেল কৰি আজিকালি ছাত্ৰ সংগঠনৰ কিবাকিবি কাম কৰি ফুৰে হেনো৷ সি অলকেশক ভয় আৰু আনতকৈ কিছু হ’লেও সম্ভ্ৰম কৰে৷

: অ’, চান্দাবীৰ দেখোন! ক’ৰ পৰা? – বিপুলক সি প্ৰায়েই জোকায়৷ আজিও হঠাৎ অলকেশৰ মুখৰ পৰা ওলাই গ’ল৷
: কি যে কয় দাদা৷ এইফালে আহিছিলোঁ, অলপ ‘আনপেইড’ উঠাবলৈ আছিল৷ – বিপুলে লাহেকৈ ক’লে৷
: কিহৰ ‘আনপেইড’? বিহু কেতিয়াবাই গ’ল দেখোন!
: মানে দাদা, বিহুৰ নহয়, বিহুৰ আটাইখিনি উঠালোঁ৷ লাষ্টত কেইটামানৰ দোকানৰ বস্তুকেই উঠাই আনি কেনেবাকৈ হিচাপ মিলালোঁ৷ এইখিনি আনপেইড ‘বোলবম’ৰ!
: বোলবম?
: অ’, মানে এইবাৰ বিহুৰ পাছত বোলবমৰ বাবে চান্দা উঠাইছোঁ৷ ট্ৰাক, ডি.জে., খানা-পিনাৰ খৰচাবোৰ মেনেজ কৰাৰ পাছত অলপ থাকে আৰু, হেঃ হেঃ!!

গুটখাৰ পেকেট এটা জোকাৰি জোকাৰি অদ্ভুত ভংগীৰে বিপুলে কৈ গ’ল৷

: অ’৷
: আৰু এইবাৰ বানপানীৰ চিজনত বৰ লচ খালোঁ!
: এইবাৰ বানপানী নহ’লেই দেখোন? ক’ত লচ খালি? – অলকেশে তাৰ সৈতে মুখ খজুৱাই গ’ল৷
: নহয় দাদা, বানপানী নোহোৱা বাবেই লচ খালোঁ৷ মানে এইবাৰ বান সাহায্যৰ কালেকশ্যনেই নাই! সেয়ে পূজালৈ ৰোৱাৰ বাহিৰে একো উপায় নাই৷
: অ’৷ – অলকেশে হামি এটা মাৰি এঙামুৰি দিলে৷

বিপুলে অলকেশ বিৰক্ত হোৱা বুলি গম পাই ‘দাদা, আহোঁ,’ এইবুলি কৈয়েই কোবাকুবিকৈ আঁতৰি গ’ল৷ অলকেশে আকৌ এবাৰ বক্সটো খুলিলে৷

: চাল্লা, ব’লবমৰ আনপেইড!! মোৰো কিমান যে ‘আনপেইড’ উঠাবলৈ থাকি গ’ল! এতিয়া আকৌ এসোপা ডিঙিত আঁৰি লৈছোঁ! কিমানক তাগিদা দিম? ডাঙৰ সাহিত্যিক! চেলিব্ৰিটী লেখক!! চাল্লা চব!

অলকেশে শুন-নুশুনকৈ অকলেই ভোৰভোৰাই গ’ল৷

: জীৱনত কোনোদিনেই কাকো এনেকৈ মিহি মিহিকৈ অনুৰোধ কৰি নাপালোঁ! মন্ত্ৰী, এমেলে, অফিছাৰ সকলোৰে লগত দমত কথা পাতিছিলোঁ৷ চাল্লা, এতিয়া এক পৃষ্ঠা লেখা বিচাৰি ‘মিহিৰাম’ হ’ব লগা হৈছে! চবকে চাই ল’ম! এট লিষ্ট এটাক কেনেবাকৈ চিধা কৰিব পাৰিলে…

: দাদা! আহি গলোঁ!

অলকেশে ঘূৰি চাই দেখে সঞ্জীৱ! অলকেশৰ স্কুটাৰখনৰ কাষতেই তাৰ মটৰচাইকেলখন পাৰ্ক কৰিবলৈ লৈছে৷ সঞ্জীৱে ম’বাইল কম্পেনী এটাত কাম কৰে৷ অলকেশৰ সুখ-দুখৰ বন্ধু৷

: আনিছ’? – অলকেশে কোনো কথাৰ অৱতাৰণা নকৰাকৈ চিধাই সুধিলে৷
: অ’ অ’!! ৰ’ব৷ দি আছোঁ৷ বহুদেৰীৰ পৰা বহি আছে নেকি? – সঞ্জীৱে লাহেকৈ সুধিলে৷
: অ’৷ – অলকেশৰ ভাৱলেশবিহীন উত্তৰ৷

সঞ্জীৱে বাইকখনৰ ওপৰতেই আৰামকৈ বহি ললে৷

: কি হ’ল? পাই যাবতো, ইমান টেনশ্যন কি ল’বলৈ আছে৷

: নহয় বে! মই এইবোৰ ঝামেলাত সোমাবই নালাগিছিল৷ ইমান খাতিৰ কৰিবলৈ মই নোৱাৰোঁ৷ চাল্লা এটা লেখাৰ বাবে যিমান মিঠাতেল মাৰিব লাগে সিমান মই টেণ্ডাৰ মাৰোঁতেও কোনোদিন মাৰা নাই৷ টেবুলত ঢকা এটা মাৰিলেই মোৰ টেণ্ডাৰ পাছ হয়, বিল ক্লিয়েৰ হয়৷ আৰু এতিয়া… ধুৰৰৰ!

: বাদ দিয়ক, চব হৈ যাব, মই আছোঁ নহয়৷ আপুনি যে এবাৰ লিখিছিল, শহা আৰু কাছৰ সাধুটো৷ ইয়াতো চব পলিটিকেল কাৰবাৰ৷

: নহয় বে, মই কি নাজানো নেকি? চবকে চিনি পাওঁ৷ ধুনীয়া ছোৱালী-বোৱাৰীমখাক ৰাতি ৰাতি মেচেজ দিয়া বুঢ়াকেইটা, কোনোবা প্ৰেছৰ মালিকক পইছা দি কিতাপ উলিয়াই আকৌ এমখা পইছা ঢালি বঁটা লোৱাকেইটা, দহ বছৰ পুৰণি গল্পকে দুই এটা শব্দ সলনি কৰি আজিৰ বিগবাজেটৰ আলোচনীত আকৌ প্ৰকাশ কৰা কেইটা আৰু চোৰ কেইটাৰ কথাতো ক’বই নালাগে৷ মই নাগপুৰত ইঞ্জিনিয়েৰিং পঢ়ি থাকোঁতেই ৰুমমেটৰ পাল্লাত পৰি মুন্সী প্ৰেমচান্দ, কৃষণ চন্দৰ, হৰিশংকৰ পৰসাই আদি বহুতৰে লেখা পঢ়িছিলোঁ৷ তেনেকৈ ইংৰাজী, বঙালীও পঢ়িছিলোঁ৷ এতিয়াও মাজে মাজে ব্লগ বা কোনোবা ছাইটত নতুন লেখকসকলৰ লেখাবোৰো পঢ়োঁ৷ এইবোৰৰ পৰাই চুৰি কৰি বহুতে অসমীয়াত লিখি বাহ বাহ লৈ আছে বে! আৰু মই সেইকেইটাকেই লেখা বিচাৰি, ‘ছাআআৰ, দাআআদা, বাআআইদেউ, খুউউড়া’ বুলি তেল মাৰি মাৰি লেখা উলিয়াম! মুঠেও নোৱাৰোঁ!

: হ’ব, ঠাণ্ডা হওক৷

অলকেশে আকৌ এবাৰ স্কুটাৰৰ বক্সটো খুলিলে৷

: এইবাৰ চাল্লা পাৰফেক্ট মাৰ্ডাৰ এটা কৰিম, চাই থাকিবি! পাৰফেক্ট মাৰ্ডাৰ মানে কি জান’?
: কি? – সঞ্জীৱে এনেয়ে টুকুৰিয়াই চালে৷
: কোনো ট্ৰেছ নাথাকে, কোনো সাক্ষী নাথাকে, মাৰ্ডাৰ ৱেপনৰ কথা কোনেও গম নাপায়৷ খুনী আৰামত সাৰি যায়৷
: যেনে? – সঞ্জীৱৰ মাতত কোন উচ্ছাস নাই৷

অলকেশে আকৌ গুজৰি উঠিল৷ কাষৰ ফুটপাথটোৰে কোন গৈছে কোন আহিছে তালৈ কোনো ভ্ৰূক্ষেপ নাই৷

: আইছিকল, চায়নাইড, ভাইপাৰ সাপৰ বিষ এইবোৰেই পাৰফেক্ট মাৰ্ডাৰ ৱেপন হ’ব পাৰে৷
: আই..আইছ… সেইটো কি?
: আইছিকল, তুষাৰ-শলা!! চুৰীৰ আকৃতিৰ গোট মৰা বৰফৰ টুকুৰা৷ ভাবি চা, জোঙা বৰফৰ চুৰী এখন! মানুহ এজনৰ বুকুত বহুৱাই দিলি, মানুহজনতো মৰি যাবই, চুৰীখনো নোহোৱা হৈ যাব, কোনো ফিংগাৰপ্ৰিণ্ট নাথাকে, মাৰ্ডাৰ ৱেপন বুলিও কোনেও একো নাপাব! বুজিলি?
: বাঃ! বঢ়িয়া!! পিচে আমাৰ ইয়াত দুই মিনিটতে বৰফৰ চুৰী কুলফী বনি যাব! যি হে গৰম!! হাঃ হাঃ! – সঞ্জীৱে বৰ ৰস পালে!
: বাৰু, বহু উপায় আছে৷ চায়নাইড আছে, আমাৰ ইয়াৰ লেবত সহজে ধৰা পেলোৱাটো সহজ নহয়৷ আৰু কেনেবাকৈ যদি ভাইপাৰৰ বিষ অলপ পোৱা যায় তেনেহলে কথাই বেলেগ৷ আমাৰ ইয়াৰ ফৰেনচিকৰ টক্সিক’লজী, বেলিষ্টিক আদি বিভাগৰ কথাবোৰ কাগজৰ বাঘৰ দৰেই৷ বহু হত্যাকাণ্ডৰ ফৰেনচিকৰ ৰিপৰ্ট তৈয়াৰ কৰোঁতে কৰোঁতে অপৰাধী আইনৰ সুৰুঙাৰে ওলাই গুচি যায়৷
: অ’৷– সঞ্জীৱে হুমুনিয়াহ কাঢ়িলে৷
: চাই থাক! এটাক কেনেবাকৈ গিৰাব পাৰিলেই সকলো লাইনত আহিব৷ বাৰু হেৰি নহয়..

এইবাৰ ইফালে সিফালে চাই অলকেশে মাতটো যথাসম্ভৱ সৰু কৰি ক’লে-

: আনিছ’নে? দে সোনকালে!
: আনিছোঁ ৰ’ব৷ এয়া লওক, আপোনাৰ চায়নাইড!! – সঞ্জীৱে পকেটৰ পৰা সাৱধানে সৰু পেকেট এটা উলিয়াই হাতৰ টিপতে অলকেশক দিলে৷ অলকেশৰ চকু দুটা উজলি উঠিল৷
: হৈ যাব!! এইবাৰ চাই থাক, মোৰ কাম৷
: বাৰু, অলকেশ দা৷ মই যাওঁ৷ আপুনিও বেছি দেৰি নকৰিব৷ আৰু মেগাজিনৰ বাবে লেখাৰ কথা চিন্তা নকৰিব৷ ময়ো দুই এজনক কৈছোঁ৷ আজিয়েই দুই এটা পাই যাব লাগে৷ যাওঁ.. – সঞ্জীৱে বাইক ষ্টাৰ্ট কৰি গুচি গ’ল৷

অলকেশে একো নক’লে৷ বক্সৰ ঢাকনিখন আকৌ এবাৰ খুলিলে৷

: অলকেশ নহয়নে? – কোনোবা এজনৰ মাত শুনি অলকেশে খপজপকৈ বক্সটো জপাই থলে৷ অলকেশৰ বাওঁহাতত তেতিয়াও সেই পেকেটটো!

: অ’ অ’! আপুনি…
: মানে মই দত্ত, সঞ্জীৱে আপোনাক মোৰ কথা কৈছিল কিজানি৷ মানে এইফালে বজাৰলৈ আহিছিলোঁ৷ আপোনাক দেখিলোঁ৷ ভাবিলোঁ মাত এষাৰ লগাও… হেঃ হেঃ… – আদহীয়া মানুহ এজন৷ চকুকেইটা পিটিক-পাটাক কৰি আছে৷

: অ’ অ’! – অলকেশে যেন মানুহজনক মনত পেলাবলৈ চেষ্টা কৰিলে৷ মূৰত বহু চিন্তাই পাকঘূৰণি খাই আছে৷

: মানে আপোনাৰ লেখাৰ মই ফেন, ময়ো মাজে মাজে দুই এটা লিখিবলৈ চাওঁ… মানে মানে… হেঃ হেঃ হেঃ!!

: অ’! – এইবাৰ অলকেশৰ দৃষ্টি মানুহজনৰ গলধনলৈ গ’ল৷ গলধনৰ বিশেষ এটা বিন্দুত অলকেশৰ দৃষ্টি নিবদ্ধ হ’বলৈ ধৰিলে৷ অলকেশে ক’ব নোৱাৰাকৈয়ে লাহে লাহে হাতৰ পেশীবোৰ কঠিন হ’বলৈ ধৰিলে৷ আৰু মাত্ৰ এটা মুহূৰ্ত….

: মানে মই আজি এটা আপোনালৈ…

অলকেশৰ হাতত তেতিয়াও অলপ আগতে সঞ্জীৱে দি যোৱা পেকেটটো৷ এইবাৰ অলকেশে অতৰ্কিতে নিজৰ বাওঁহাতখন মানুহজনৰ সোঁকান্ধৰ সামান্য ওপৰলৈ মাৰি পঠিয়ালে৷ এক লহমা মাথোন৷ অলকেশৰ হাতৰ আঘাতত বেছি শক্তি নাছিল অৱশ্যে৷ মানুহজনে অলকেশৰ অতৰ্কিত আক্ৰমণত বাওঁফালে হালি পৰিবলৈ উপক্ৰম হওঁতেই অলকেশে সোঁহাতখনেৰে মানুহজনক থাপ মাৰি ধৰিলে৷ অলকেশৰ বজ্ৰকঠিন সোঁহাতখন মানুহজনৰ বাওঁ কাষলতিৰ তলেৰে আহি বুকুৰ বাওঁফালে ৰৈ গ’ল৷ চোলাটোৰ কাপোৰৰ মাজেৰে খুচুৰা পইছাৰ দৰে কিবা এটাৰ উমান পালে সি৷

: অহ! – মানুহজনে সামান্য কেঁকাই উঠিল৷

অলকেশে একো নক’লে৷ অলকেশৰ বাওঁহাতত থকা সৰু পেকেটটো ইতিমধ্যে মানুহজনৰ গলধনত লাগি উফৰি গৈ কাষৰ পানী ভৰ্তি নলাটোত পৰিছিলগৈ৷ পথেৰে অহা গাড়ীৰ হেডলাইটৰ পোহৰত সি স্পষ্টকৈ দেখিলে, বাওঁহাতখনত তেজৰ চেঁকুৰা!

: মানে, মানে… – অলকেশৰ মনত কিবা এটা দ্বিধাবোধে ক্ৰিয়া কৰিলে৷ মাতটো ভালকৈ নোলাল৷
: নাই, নাই একো নাই৷ এইখিনিত মহ বেছিয়েই! মিউনিচিপালিটিৰ দোষ…. – এইবাৰ সশব্দে কাহিবলৈ যত্ন কৰিলে তেখেতে৷

একো নকৈ অলকেশে কেৱল নলাটোলৈ চাই ৰ’ল৷
: মই যাওঁ বুইছে৷ লগ পাম৷ – মানুহজন লাহে লাহে গুচি গ’ল৷

অলকেশে লক্ষ্য কৰিলে যে মানুহজনৰ খোজবোৰ লাহে লাহে যেন ঢলংপলং হৈ আহিছে৷ সি মূৰ জোকাৰিলে৷

: বেছি নিচা হ’ল নেকি? নাই, নাই মোৰ মনৰ ভ্ৰমো হ’ব পাৰে৷ ঘৰলৈ যাওঁ৷
স্কুটাৰখন ষ্টাৰ্ট দি আকৌ এবাৰ ফুটপাথটোৰ ফালে চালে৷ মানুহজন নাই!
★★

অলকেশে ঘৰলৈ আহি আকৌ লেপটপটো খুলি ল’লে৷ একো কৰিবলৈ মন নাই আজি৷ সামান্য তন্দ্ৰাৰ ভাৱ! লেপটপৰ স্ক্ৰীণচেভাৰখনে এইবাৰ কেলিড’স্কপৰ দৰে ৰঙৰ খেলা দেখুৱাবলৈ ধৰিলে৷ অলকেশে একেথৰে বহুসময় স্ক্ৰীণখনৰ ৰঙৰ খেলাবোৰলৈ চাই ৰ’ল৷ মূৰত অযুত ভাৱনাৰ সমাহাৰ৷

বহুপৰ পাছত ফোনটো ৰিং হ’বলৈ ধৰিলে৷ সঞ্জীৱৰ ফোন৷ ফোনটো ধৰিয়ে অলকেশে মেইলবক্সটো খুলিলে৷ কেইখনমান জাংক মেইলৰ মাজত এখন মেইলে অলকেশৰ দৃষ্টি আকৰ্ষণ কৰিলে৷

: দাদা!!
: অ’! – অলকেশে উত্তৰ দিয়েই মেইলখন খুলিলে৷
: ডাঙৰ কথা এটা হ’ল!
: কি হ‘ল? – অলকেশে ফোনটো কান্ধেৰে চেপি ধৰি থাকিয়েই মেইলখন পঢ়িবলৈ ধৰিলে৷

“সম্পাদক মহোদয়,

লেখা এটা পঠিয়ালোঁ৷ প্ৰকাশযোগ্যতা বিবেচনা কৰিব৷

ইতি…”

: দাদা!! দত্ত মৰিল!
: কিইই? কি কৱ বে? – অলকেশৰ মূৰে কাম নকৰা হ’ল৷
: অ’, অলপ আগতে!….
: কেনেকৈ? – অলকেশে কোনোমতে নিজকে চম্ভালি শব্দটো উচ্চাৰণ কৰিলে৷

মাউচটো স্ক্ৰীণৰ একাষে এঠাইত লাগি ৰওঁতেই দত্তৰ মুখখন এইবাৰ স্ক্ৰীণত স্পষ্টকৈ দেখা গ’ল! ইফালে সঞ্জীৱে উশাহ নসলোৱাকৈ কৈ গ’ল –

: হাৰ্ট এটেক! ঘৰলৈ আহি বাৰাণ্ডাত উজুতি খাই পৰিল৷ পেচমেকাৰ লগোৱা আজি বেছিদিন হোৱা নাছিল৷ তাৰেই কিবা হ’ল নেকি? ঘৰত কোনো নাছিল৷ অলপ সময় ধৰফৰাই থাকিল, তাৰ পাছত কোনোবাই দেখি হুৱাদুৱা লগালে৷ পিচে হস্পিটেল গৈয়েই নাপালে৷ মই এইমাত্ৰ খবৰ পালোঁ৷ এতিয়ামানে ডেডবডী ঘৰলৈ আনিবই পায় কিজানি৷ কাইলৈ পুৱাই নৱগ্ৰহ শ্মশানত… দাদা! চায়নাইড… মানে পুৰীয়াটো কি কৰিলে? আজি ময়ো অলপ ল’ব লাগিব৷ মণিপুৰী বস্তু… খাঁটি….

অলকেশে ফোনটো কাটি দিলে৷ লেপটপৰ স্ক্ৰীণত দত্তই পঠিওৱা মেইলখন! মাউচটো মেইলৰ এড্ৰেছটোত অলপ সময় ৰৈ যোৱা বাবে দত্তৰ প্ৰফাইল ফটোখন ডাঙৰকৈ ওলাইছে৷ স্ক্ৰীণত দত্তৰ চকুকেইটা যেন জিলিকি উঠিছে৷ অলকেশে মেইলৰ লগত পঠিওৱা ফাইলটো খুলিলে-

দীঘলীয়া লেখা এটা৷ অলকেশে ডাঙৰ আখৰেৰে লিখা শিৰোনামাটো পঢ়ি গ’ল –

“দ্য পাৰফেক্ট মাৰ্ডাৰ!!”…..

(স্থান, কাল, পাত্ৰ সকলো কাল্পনিক৷)

☆★☆★☆

16 Comments

  • Kalyan Bora

    Fantastic

    Reply
  • Sankar Jyoti Bora

    (স্থান, কাল, পাত্ৰ সকলো কাল্পনিক৷) দত্ত মৰিলI krishna

    Reply
  • ৰিণ্টু

    চৰিত্ৰবোৰৰ নামাকৰণে মোক বৰ ভয় খোৱালে, তাতে দুজন “ভাই” মানুহৰ নাম ওলাই গ’ল। বহুত দেৰি চিন্তা কৰি থাকিলো, মৃত দত্তজন কোন!!! জ্যোতিৰূপম দত্ত নে ৰিণ্টুমনি দত্ত। পিছত মই নহয় বুলি গম পাইহে স্বস্তিৰ উশাহ এটা লৈছো। হে হে হে।

    জোকচ এপাৰ্ট, খুব ভাল লাগিল জ্যোতিদা। সুকীয়া ষ্টাইল

    Reply
  • Mitali Saharia

    ভাল লাগিল পঢ়ি।

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • Kangkan borah

    ভাল লাগিল দাদা

    Reply
  • Anonymous

    Fantastic

    Reply
  • পিনাক্ষী দাস

    Wow 🙄

    Reply
  • সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য্য।

    অনন্য ভঙ্গী।
    দা পাৰফেক্ট মাৰ্ডাৰ।

    Reply
  • ভাল লাগিল।

    Reply
  • Anonymous

    ভাল লাগিল দাদা

    Reply
  • হেমন্ত কাকতি

    এজ এক্সপেক্টেদ্, তামাম ভাল লাগিল৷

    Reply
  • ৰাজশ্ৰী শৰ্মা

    অদ্ভুত। অনন্য গল্প। খুব ভাল লাগিল পঢ়ি।

    Reply
  • Hamen Dhing

    ভাল লিখনি

    Reply
  • Jyotirupam Dutta

    সকলোকে আন্তৰিক ধন্যবাদ জনালো৷

    Reply
  • Meghali Goswami

    সাংঘাতিক ভাল লাগিল।যেন এটা সঁচা কাহিনী ।

    Reply

Leave a Reply

Your email address will not be published.