ফটাঢোল

দৰকাৰ হ’ব পাৰে! – জ্যোতিৰূপম দত্ত

: কিয়? কিয় উলিয়াইছা সেইখন?

বজ্ৰকঠিন মাতষাৰ শুনিয়েই য’তে আছিলো তাতেই তধা লাগিলো৷ মোৰ হাতত ৰঙচঙীয়া পুৰণা ফটা কাগজ এখন৷ চকুত প্ৰশ্নবোধক চিন!

: সেইখন থৈ দিয়াচোন৷ বাকী কামবোৰ কৰাগৈ যোৱা৷ এইখনৰ ব্যৱস্থা ময়েই কৰিম৷

শ্ৰীমতীয়ে প্ৰায় বিবৰ্ণ কাগজখিলা কাঢ়ি লৈ টেবুলখনৰ একাষে থৈ দিলে৷ আজি দেওবাৰৰ দিন৷ মোৰ বাবে সপ্তাহটোৰ ব্যস্ততম দিন৷ সপ্তাহটোৰ আনকেইটা দিন একেবাৰেই গতানুগতিক৷ ঘৰ বা কৰ্মক্ষেত্ৰ, কতোৱেই কোনো উত্তেজনা নাই৷ প্ৰাত্যহিক কামখিনি কৰি নিয়মমাফিক কাৰ্য্যালয়লৈ গৈছো, কাম কৰিছো, ছুটিৰ পাছত বজাৰ সমাৰ কৰি উভতিছো৷ পিছে দেওবাৰৰ দিনটোতেই সপ্তাহটোৰ অতদিনে পেলাই থৈ দিয়া ঘৰুৱা কামবোৰ কৰি অঁতাবই লাগিব৷ মকৰাজাল গুচোৱা, ভেৰভেৰীয়া নলাটো চফা কৰা, চকী-মেজৰ ঠেঙৰ ধুলি জোকাৰি-মোহাৰি চিকচিকিয়া কৰা, পদূলিৰ বন-বাত নিৰোৱা, পালেঙৰ তলৰ পৰা আলমাৰীৰ পিছফালটোলৈ চাফা কৰালৈ ঘৰৰ আটাইবোৰ গুৰুত্বপূৰ্ণ কামৰ বাবেই এই এটায়েই দিন!

সপ্তাহটোৰ ছয়টা দিনেই কৰ্মক্ষেত্ৰৰ ওপৰৱালাক তুষ্ট কৰি বাকী থকা এটা দিনত মোৰ ঘৰ-সংসাৰ সৰ্বত্ৰ চম্ভালি থকা সৰ্বেসৰ্বা গৰাকীক ৰুষ্ট কৰাৰ কোনো অভিপ্ৰায় মোৰ নাই দেই! সেয়ে দেওবাৰৰ দিনটোত কায়মনোবাক্যে গৃহ-নিৰ্মল অভিযানত জপিয়াই পৰো৷ লোকচান নহলেও, লাভ হয়৷ গৃহিণী তুষ্ট হলে দেওবাৰৰ দুপৰীয়াৰ সুস্বাদু আহাৰত এচামুচ জোল, এটুকুৰা মাংস, এডুখৰি মাছ বেছিকৈ পোৱাৰো ভাগ্য হয়৷

আজিও তাৰ ব্যতিক্ৰম নহল৷ ভাগ্যে আজি যেনিবা মোক আউটড’ৰৰ কামবোৰ নিদি ইনড’ৰৰ কামবোৰেই কৰিবলৈ পাচিছে৷ নহ’লে এইহেন আহিনমহীয়া ৰ’দত শৰীৰটো তেনেই সিজি আধ্যা পৰিলহেঁতেন৷ সেয়ে আজি পুৱাৰে পৰা মূৰত গামোচাৰে পাগুৰি মাৰি হাতত বাঢ়নিটাৰ লৈ এফালৰপৰা আটাইবোৰ মহতিয়াই গৈছো৷ ঘৰৰ কোঠাবোৰৰ এফালৰ পৰা চাফ-চিকুণ কৰি যাওতে অলেখ বাৰেবিংকৰা বস্তু উদ্ধাৰ হৈছে৷

আমাৰ দৰে মধ্যবিত্ত মানুহবোৰৰ চখ এটাই৷ যিয়েই নহওক, সৰু বস্তু এটাকো সামৰি-সুতৰি ভালকৈ সাচি থৈ দিমেই৷ কিজানিবা কিবা কামত আহেই! এনেদৰে থওঁতে থওঁতে লাংখালিংখি বস্তু জমা হৈ পৰ্ব্বতপ্ৰমাণ হলেহে আমাৰ চকু মেল খায় আৰু লগতো মনবোৰো মুকলি হয়৷ তেতিয়াহে ভাবো – “এহ, এই অদৰকাৰী বস্তুগাল পেলাই দিলেই এইখিনি ঠাই মুকলি হব!”

কাজেই আজিও সেয়াই হৈছে৷ সমুদ্ৰ মন্থন কৰি অজস্ৰ হলাহল উলিয়াইছো৷ তাৰ মাজতে অৱশ্যে অমৃত কুম্ভৰ দৰে দুই এটা লাগতিয়াল বস্তুও ওলাইছে৷ ছোৱালীজনীৰ মৰমৰ পুতলা এটি, ল’ৰাটোৰ হেৰোৱা বল এটা, গৃহিণীৰ লিপষ্টিক এটা, মোৰ মোজা এপাট আদি বহু বস্তু উদ্ধাৰ হৈছে৷

এইবোৰ কৰি অঁতাই চকী এখনত উঠি চিলিং ফেনখনত জমা হোৱা ধুলিবোৰ কাপোৰ এখনেৰে মচি আছিলো৷ এনেতে বাটেৰে পেঁ পেঁ শব্দ কৰি এটা দীঘলীয়া কনভয় গ’ল৷ ডিঙি মেলি চালো৷ আজিকালি নীতি নিয়ম কৰি ৰাইজৰ সেৱকসকলে ৰঙা লাইট, চাইৰেণৰ ব্যৱহাৰ কৰা নিষিদ্ধ কৰিছে৷ পিছে আমাৰ এখেতসৱ জানো কম? অতদিনে চলাহী কথাৰে আভুৱা ভাৰিয়েই ৰাইজক বুৰ্বক সজাই ৰাজপাট খোৱা বুধিয়ক শিয়ালৰ দৰেই৷ গতিকে ৰাইজৰ সেৱকৰ কনভয়ৰ আগে আগে যোৱা পুলিচৰ গাড়ীখনৰ ৰঙা লাইট আৰু চাইৰেণৰ শব্দৰেই সাধাৰণ ৰাইজক পথৰ একাষলৈ ঠেলি নিজলৈ বাট উলিয়াই লয়৷

: সেয়া কোন গ’ল বাৰু? ডাঙৰ ভকতজনা নেকি? – শ্ৰীমতীয়ে পাগঘৰৰ পৰা মাত দিলে৷

: এহ! তুমিও যে আৰু! তেৰা নহয় হে! তেৰাই আজিকালি উৰণীয়া যানেৰেহে চলাফুৰা কৰে৷ প্ৰথম কেইদিনমান ৰে’লে-মটৰে ঘুৰি সকলোৰে বাৰুকৈয়ে বাঃ বাঃ ললে৷ এতিয়া পূজা, যজ্ঞ আদিলৈকো আকাশীযানেৰেহে যায়৷ বুইছা, আগতে পৰিচয়-পত্ৰ, প্ৰমাণ পত্ৰ, নিযুক্তি পত্ৰ আদি বিলোৱাৰ দৰে কামবোৰ কাৰ্য্যালয়ৰেই এজন বা দুজন কেৰেণীয়ে দায়িত্ব লৈ সুকলমে সমাধা কৰিছিল, আজিকালি এইবোৰো প্ৰধান ভকতজনাই কৰিবলৈ ধৰিছে৷ পিছে মই জনাত আজি আমাৰ এইফালে এনে একো অনুষ্ঠান নাই৷ আনকি যজ্ঞ, পুজা, পালনাম, সবাহ, কিতাপ বিতৰণ, চাইকেল বিতৰণ আদি অনুষ্ঠানো একোৱেই নাই৷ গতিকে তেৰা নহয়, আন কোনোবাহে হ’ব৷ পিছে আমাৰ এইফালৰ পথৰ অৱস্থা যিহে, আজি এই পথেৰে গৈ ইমান দিনে ঘিউৱে মৌৱে খাই থুলন্তৰ হোৱা ৰাইজৰ সেৱকজনাৰ নিপোটল দেহাটো আধানাৰ্জি হবগৈ৷ সেইবাবেই সিদিনা এখেতসৱে নিজৰ আঢ়ৈমোনীয়া শৰীৰকেইটি টনকিয়াল কৰিবলৈ আৱাসত চুইমিং পুল, জিম আদিৰ আৰ্জি দিছিল৷ আমাৰ অৱশ্যে এইবোৰ দৰকাৰ নহয়৷ এনে ৰাস্তা-ঘাটেৰে আহোতে বেঙা মেলি, জপিয়াই আহিব লগা বাবে আমাৰ দেহা আটিল৷”

শ্ৰীমতীয়ে ইতিমধ্যে বাহিৰলৈ ওলাই আহিছিল৷ মোক এনেদৰে চকীখনৰ ওপৰত দেখি আকৌ চিঞৰিলে –

: হে প্ৰভু! ফেনখনৰ চুইছটো অফ কৰি নোলোৱা কিয়? কাৰেণ্ট নাই বুলিহে!

মই শ্ৰীমতীৰ কথালৈ কাণষাৰ নিদি ফেনকেইখনৰ ব্লেডকেইখন ঘঁহিয়েই থাকিলো৷

: নাই, নালাগে৷ মোৰ একো নহয়৷ চিন্তা নকৰিবা৷ কাৰেণ্ট নাহেই৷ চৌবিশ ঘণ্টাই বিদ্যুত দিয়াৰ প্ৰতিশ্ৰুতি দিয়াকেইটাই জোৰা-তাপলি মাৰি কোনোমতে সপ্তাহটোত চৌবিশ ঘণ্টা বিদ্যুত যোগান দিয়ে৷ মাহেকৰ মুৰত অহা বিলখন পিছে সদায়েই মজবুতকৈ আহে৷

শ্ৰীমতীয়ে বাৰাণ্ডাত দমাই থোৱা লাংখা-লিংখি বস্তুবোৰ খুচৰিলে৷ মই আকৌ ক’লো –

: এই আটাইবোৰ পেলাই দিম বুলিহে ভাবিছিলো৷

: নাই, নালাগে৷ চাওঁ ৰ’বা, কিবা দৰকাৰ হ’ব পাৰে!

তাকেই! দৰকাৰ হ’ব পাৰে! এযুগ আগতে কিনা চাইকেলখনো পেলাই নিদি গেৰেজৰ একাষতে থৈ দিছিলো৷ পেট্ৰলৰ দাম বঢ়াৰ বাবে সেইখন পিছে এইকেইদিন বৰ কামত আহিছে৷ এলাগী বুলি কোনোবাই ডাষ্টবিনত পেলাই থৈ অহা কুকুৰ পোৱালি এটাকো এদিন আথেবেথে লৈ আহিছিলো৷ দৰকাৰ হ’ব পাৰে বুলি৷ ই পিছে সঁচাকৈয়ে বৰ কামত দিছিল৷ দিছিল বুলি এইবাবেই কৈছো যে ই আমাৰ নৰেন মেধিৰ দৰে হোৱাই নোহোৱাই বৰ বৰ চলাহী কথা কৈ বস্তু বেচিবলৈ অহা ফেৰিৱালাকেইটা, কাম কৰি খাব পৰা গজলীয়া ডেকা ভিখাৰীকেইটা, তাৰ উপৰিও চান্দা খুজিবলৈ অহা গোনাম’হৰ দৰে ডেকাকেইটাকো গেটৰ বাহিৰতে ৰাখিবলৈ সক্ষম হৈছিল৷ অৱশ্যে তাৰ ভয়তেই আনবোৰ এতিয়াও গেটৰ বাহিৰতে ৰ’লেও চান্দাবীৰসকলক পিচে ৰখাব নোৱাৰিলো৷ আমাৰ ঘৰলৈ মাহটোত ইমানবাৰ ঘনাই অহা বাবেই সি এইকেইটাক ঘৰৰ চিনাকি বুলিয়েই ধৰি থলে৷ আগতে ঘংঘঙাই ধৰা কুকুৰটোৱে আজিকালি ইহঁতক মুখেৰে টু এটাও নকয়৷ ময়ো নেজ পেলাই ইহঁতে যি খোজে তাকেই দিবলগীয়া হয়৷

: চাহ একাপ দিও৷ হাতখন ধুই লোৱা৷ তাৰ পাছত বেডৰুমত কিবা বস্তু আছে নেকি চোৱা৷ এইকেইটা পেলাব নালাগে৷ থৈ দিও, দৰকাৰ হ’ব পাৰে!

শ্ৰীমতীয়ে কথাষাৰ কৈয়েই বাৰাণ্ডাৰ বস্তুবোৰ খুচৰি পোৱা দুটামান পলিথিনৰ পেকেট আকৌ ভিতৰলৈ লৈ গ’ল৷

এই পলিথিনৰ ঠোঙাবোৰ যে! পাকঘৰৰ আলমাৰীটোৰ কাষৰ চুকটোত থকা গজাল এটাত ওলমি থকা ডাঙৰ ঠোঙা এটাৰ ভিতৰত অজস্ৰ ঠোঙা থাহ খাই থাকে! তাৰ উপৰিও পালেঙৰ তুলীৰ তলত চুপাৰ মাৰ্কেটৰ পৰা অহা ৰঙচঙীয়া ঠোঙাবোৰো জমা হৈ থাকে৷ তাৰ পাছতো ঠোঙা দেখিলেই থৈ দিবলৈ মন যায়৷

মই জানো৷ ‘এইবোৰ কিয় থৈ দিছা’ বুলি সুধিলেই এটাই উত্তৰ পাম, দৰকাৰ হব পাৰে! ইমান জটিল সাংসাৰিক জীৱনত যি কোনো বস্তুৱেই এলাগী নহয়৷ দৰকাৰ হব পাৰে৷ এলাগী বুলি পেলাই দিয়াই পিছদিনাই দৰকাৰ হব পাৰে!

চকীৰপৰা নামি আহি হাতখন ধুই শোৱনিকোঠাৰ পালেঙৰ তুলীখন দাঙি চালো৷ তাতো অজস্ৰ কাগজ, পলিথিনৰ পেকেটৰ সমাহাৰ৷ কেক প্ৰস্তুতকৰণৰ বিতং বিৱৰণ থকা বাতৰি কাকতৰ টুকুৰা, কেতিয়াবাই বেয়া হৈ ইতিমধ্যে দলিয়াই পেলোৱা মিক্সিটোৰ গেৰাণ্টী কাৰ্ড, বজাৰৰ শ্লিপ, কম সুতত বেংকৰ ঋণ দিম বুলি এমাহলৈ তাঁত-বাটি কঢ়া হটঙা মানুহটোৰ ভিজিটিং কাৰ্ড, কোনোদিনেই মিলাবলৈ নোৱাৰা মাহিলী বাজেটৰ কাগজকেইখনমান, বিয়াৰ চিঠি আৰু এখন ৰঙচঙীয়া পুৰণা ফটা কাগজ এখন৷ এই কাগজখন দেখিয়েই মোৰ চকু কপালত উঠিল!

ইতিমধ্যে শ্ৰীমতী সোমাই আহি মোৰ পৰা থাপ মাৰি কাগজখন লৈ লৈছিল৷ মই সুধিলো –

: এইখন কিয়?

শ্ৰীমতীয়ে বিশেষ একো নকৈ কাগজখন সামৰি থৈ ক’লে, “আকৌ তেৰাসৱ আহিবৰ হ’লেই নহয়৷ সেইবাবেই এইখন ভালকৈ থৈ দিছো৷”

শ্ৰীমতীয়ে এইবাৰ দাঁত মুখ কৰচি আকৌ ক’লে – “দৰকাৰ হ’ব পাৰে!”

মই আকৌ এবাৰ শ্ৰীমতীৰ হাতলৈ চালো৷ প্ৰধান সেৱকজনাৰ হাঁহিমুখীয়া মুখৰ ফটোখনৰ তলত এশাৰী বাক্য!

– ‘অচ্ছে দিন আয়েংগে!!’

শুনা-নুশুনাকৈ মোৰ মুখেৰেও ওলাল –

: এইখন ৰাখি থোৱা৷ দৰকাৰ হ’ব পাৰে!

☆★☆★☆

18 Comments

  • গীতিকা শইকীয়া

    ৱাহ! আচ্ছে দিনৰ কি সুন্দৰ অৱলোকন! পঢ়ি আপ্লুত হ’লোঁ।

    Reply
  • anjan Sadhanidar

    সুন্দৰ প্ৰকাশ দাদা৷ পঢ়িলো

    Reply
  • Doli bora

    বৰ ভাল লাগিল পঢ়ি

    Reply
  • ৰাজশ্ৰী শৰ্মা

    বৰ ভাল লাগিল পঢ়ি দাদা।সুন্দৰ ব্যংগ।

    Reply
  • Silpi sikha Phukan

    Birate val lagil pohi..

    Reply
  • সৌৰভ শৰ্মা

    মজ্জা লাগিল। গ্ৰুপত পঢ়া নাছিলোঁ। মেগাজিনত পঢ়ি মজ্জা লাগিল।👌🏽👌🏽👌🏽👌🏽👌🏽👌🏽👌🏽👌🏽👌🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽👍🏽

    Reply
  • অভিজিৎ কলিতা

    সুন্দৰ।

    Reply
  • hkkakati

    মজা লাগিল৷

    Reply
  • বিউটি হালৈ

    বৰ ভাল লাগিল

    Reply
  • Rashna borah

    একেবাৰে শেষত আটাইতকৈ দৰকাৰী বস্তুটো সামৰি থৈ ভালেই কৰিছে। সকলোৱে থোৱা দৰকাৰ। বৰ ভাল লাগিল

    Reply
  • বঢ়িয়া লাগিল

    Reply
  • ৰিণ্টু

    ইউনিক জ্যোতিদা ষ্টাইল, ভাল লাগিল

    Reply
  • সুন্দৰ ব্যংগ, ভাল লাগিল।

    Reply
  • parishmita

    ব্যংগ, ৰাজনীতিক একাষাৰীয়াকৈ থৈ কও জ্যোতিদা আপুনি লিখা সংসাৰৰ প্ৰতিশাৰী বাক্যই মোৰ সংসাৰৰ লগত এনেকুৱাকৈ মিলি গৈছে কি ক’ম। বাকী আপোনাৰ লেখা সদায় ঝক্কাছ।

    Reply
  • Sankar Jyoti Bora

    জয়শ্ৰী ৰাম৷এই বুলিয়েই কৈ থলো আৰু৷

    Reply
  • Jyotirupam Dutta

    সকলোকে মোৰ আন্তৰিক ধন্যবাদ জনালো৷

    Reply
  • Kushaljit Kumar

    আমাৰ প্ৰত্যকৰে জীৱনত সচৰাচৰ দৈনন্দিন ঘটি থকা এখন ছবি গল্পটোৰ যোগেদি প্ৰকাশ পাইছে। পঢ়ি ভাল লাগিল।

    Reply
  • Kamal neog, tezpur.

    মোৰ সংসাৰখনৰ আদব কায়দাবোৰৰ জেৰক্স কপি দেখোন।😀 ভাল লাগিল !!

    Reply

Leave a Reply

Your email address will not be published.