ফটাঢোল

দৰাৰ লগত যোৱাৰ অভিজ্ঞতা(১৯৬০) – ৰুবী বৰা বৰদলৈ

বহাগ মাহ।গাঁৱৰ ভৱ দাইটিৰ ল’ৰা খগেনৰ বিয়া।খগেনৰ ভতিজাক অকণৰ লগত একেলগে পঢ়া কৃষ্ণৰ মনটো এনেয়ে ভাল লাগি আছে।সি সদায় স্কুলৰ পৰা আহি ভাতকেইটা খায়েই পথাৰৰ পানী ভাঙি লৰ ধৰে বিয়া ঘৰ বুলি।বিয়া ঘৰত অ’ত-ত’ত ঠিয়া-ঠিয়ি কৰি আলেখ-লেখ চাই থাকোঁতেই এদিন অকণৰ দেউতাকে তাক ক’লে—

::: ঐ ল’ৰা, চাওঁ এইফালে আহচোন!এই ফলাখৰিবোৰ সৌ ভঁৰালৰ তলত থ’বগে’ পাৰিবি? তই যদি গোটেইসোপা খৰি থৱগে’,তোক দৰাৰ লগত নিম যা।

দৰাৰ লগত নিব!কৃষ্ণ!! কথাষাৰ বিশ্বাস কৰিব নোৱাৰি সি ভেবা লাগি চাই থাকিল অকণৰ দেউতাকৰ মুখলৈ। “ঐ” বুলি চিঞৰ এটা মাৰিলতহে তাৰ সম্বিৎ ফিৰি আহিল আৰু একেদৌৰে গৈ খৰিদ’মৰ ওচৰতহে ৰ’লগৈ।

এইকেইদিন কৃষ্ণই বিয়া-ঘৰত এজন ডাঙৰ মানুহৰ দৰেই দায়িত্ব পালন কৰি গৈছে।কোনোবাই ৰভাৰ খুঁটা পুতিবলৈ গাঁত খান্দিছে,সি মাটিখিনিকে আঁতৰাই দিছে।কোনোবাই যদি খুঁটাত চতি বান্ধিবলৈ তমাল বিচাৰি ফুৰিছে সি গৈ হাততে দিছেগৈ।কাৰোবাক চেঁচাপানী খুৱাইছে,কোনোবাই চাহপানী খোৱা বাতিটোকে ভিতৰলৈ লৈ গৈছে।দেউৰীৰ লগত কলপটুৱাৰ ডোং সজাত লাচনি-পাচনি কৰি দিছে, নহ’লে কাৰোবাৰ লগত চাইকেলৰ কেৰিয়াৰত উঠি ক’ৰবাৰ পৰা কিবা এটা আনি দিছেহি।এই গোটেইখিনি কাম কৰোঁতে সি এটা কথাত সতৰ্ক হৈছে,যাতে সি কাম কৰি থকা অকণৰ দেউতাকে দেখা পায়।

বিয়ালৈ দুদিন আছে,কৃষ্ণই নিশ্চিত হ’বলৈ মৰসাহ কৰি অকণৰ দেউতাকক সুধিলে—

::: মোক সঁচাকে দৰাৰ লগত নিবনে?

মানুহজনে ভ্ৰূ কোঁচাই অদ্ভুত চাৱনি এটাৰে তালৈ চালে।কৃষ্ণৰ বুকুখন চিৰিংকৈ গ’ল।ক্ষন্তেক তেনেকৈয়ে চাই থাকি ডাঙৰ মাত এটাৰে কৈ উঠিল তেওঁ—

::: অ’, তই হ’বলা দৰাৰ লগত যাবি?পিছে তোৰ নতুন চোলা-পেন আছেনে নাই?

::: নতুন নাই।এইযোৰকে মায়ে চফাকে ধুই দিব।ফটা নাই এইযোৰ।

::: নহ’ব নহয়।দৰাৰ লগত যাবলৈ নতুন কাপোৰ লাগিবই।ঘৰত ক গৈ যা।তেতিয়াহে নিম।

বুকুখনত চিৰিংকৈ মৰা জোকাৰণিটো এইবাৰ বিষলৈ পৰিণত হ’ল কৃষ্ণৰ।চকুৰ পানী ওলাব খুজিলে।তথাপি সি একেদৌৰে ঘৰ পালেগৈ।ফোপাই-জোপাই বুকুত সাহস বান্ধি মাকক কথাষাৰ ক’লে।মাকে চুইহে নিকিলালে।

::: হয়নে?ভৱৰ ল’ৰাই বিয়া পাতিব,মই গাঁঠিৰ ধন ভাঙি তোক নতুন চোলা-পেন কিনি দিম!পেৰা খুন্দ খাই আছেনে কিবা বাপেৰৰ?

আশাভংগৰ বেদনাত সি এইবাৰ সঁচাকৈ কান্দিলে।ৰাতি ভাত এমুঠিও মুখত নিদিয়াকৈ শুই থাকিল।ৰাতিপুৱা টোপনিত লালকাল ল’ৰাটোৰ দুগালত চকু-পানীৰ কৰাল দেখি মাকৰ মনে নসহিলে।মুখখন ধুৱাই,পানী এটোপা খুৱাই কেঞা-গোলালৈ পঠিয়ালে চোলা এটাৰ দাম সুধি আহিবলৈ।পেন হ’লে নেপায়।

পিছফালে বাঘ এটাই যেন খেদি আহিছে,তেনে গতিত কৃষ্ণ দৌৰি গৈ গোলা পালেগৈ।পাঁচটকা আঠ অনাত চোলা এটাৰ দাম চিঙি একে দৌৰে আহি কথাটো মাকক ক’লেহি।মাকে কিছু থেৰোগেঁৰো কৰিলেও,হিচাপ কৰি কৰি পইচা কেইটা দিলে আৰু সি চোলাটো কিনি বীৰদৰ্পে ঘৰ পালেহি।আকৌ একেদৌৰে গৈ বিয়াঘৰত অকণৰ দেউতাকক কথাটো কৈ আহিলগৈ।পেনটো নিদিয়াৰ কথা নক’লে।তাৰ দৰাৰ লগত যোৱাটো খাটাং হ’ল।

বিয়াৰ দিনা দিনটো অকণৰ দেউতাকৰ আগে-আগে বিভিন্ন কাম-বন কৰি গধূলিৰ আগতে ঘৰলৈ গৈ নতুন চোলাটো পিন্ধি আহিলগৈ।এইবাৰ সি পথাৰেদি নহয়,বাটেদি গ’ল।

গধূলি বিয়াঘৰৰ পৰা এমাইলমান দূৰত দীঘল বাচখন ঘেৰ-ঘেৰ শব্দ কৰি ৰ’লহি।খবৰটো বিয়াঘৰ পোৱাৰ লগে-লগেই কৃষ্ণৰ বুকুতো বাচৰ ইঞ্জিন চলিবলৈ ধৰিলে।সি,অকণ আৰু বিয়াঘৰত কাম কৰি থকা আন দুটা ল’ৰাৰ লগত আগে-ভাগে বাচৰ ওচৰ পালেগৈ।

ক্ষন্তেক পিছতে সকলো বৰযাত্ৰী তাত গোট খালেগৈ।অকণৰ দেউতাকে লিষ্ট এখন চাই চাই প্ৰথমে পুৰোহিত জন,ভকত কেইজন,দৰা আৰু দৰাধৰা, তাৰ পাছত মিতিৰৰ মানুহখিনিক লিষ্টত নাম আৰু মানুহৰ মুখ চাই চাই বাচত উঠালে।তাৰ ভিতৰত পাঁচটা ছিট কইনা আৰু কইনাঘৰীয়াৰ বাবে আছুতীয়াকৈ থ’লে।কৃষ্ণৰ বুকুৰ ধপধপনি বাঢ়িবলৈ লওঁতেই মানুহজনে চিঞৰি উঠিল—

::: ঐ ল’ৰাকেইটা,তহঁত উঠি ল।

সেই বাঘে খেদা ভয়টোৱে খেদাৰ নিচিনাকৈ একেদৌৰে খুন্দা-খুন্দলি খাই সিহঁত বাচৰ ভিতৰ সোমাই ছিট বিছাৰিবলৈ ধৰিলে।ক’তো ছিট নাই।কোনো ডাঙৰ মানুহেও বহিবলৈ দিয়া নাই।অগত্যা খুঁটা এটাতে ধৰি চাৰিওটা লাডু পাতি ৰৈ থাকিল।

বাচ চলিবলৈ ধৰিলে আৰু বৰষুণো আৰম্ভ হ’ল।কইনাঘৰলৈ এমাইলমান  থাকোতেই বাচৰ পৰা সকলো নামিল।একাঠুৱা বোকা খচকি বিয়াঘৰ পালেগৈ সকলো।তাত গোটেই ৰভাতলত পানী।ৰভা মানে বৰ বৰ ভীমকলৰ খুঁটা,ওপৰত কলপাতৰ চালি,হোম পোৰা ঠাইকণত দুখনমান এলান্ধুকলীয়া টিং। ডাঙৰখিনিক ভাগে ভাগে বহুওৱাৰ পাছত সিহঁতলৈ চাওঁতা কোনো নোলাল।সৰু ল’ৰা,থাকিব য’তে পাই ত’তে!সিহঁতৰ ভৰি টনটনাবলৈ ধৰোঁতেই গোটেই মুখমণ্ডল কাপোৰেৰে ঢকা লোক এজনে মাত দিলে—

:::ঐ ল’ৰাহঁত,এইফালে আহ।

সিহঁত থিতাদহে গৈ ভিতৰ পালেগৈ।তিতা তক্তা কেইখনমানৰ ওপৰত সিহঁতক বহিবলৈ দিলে।ভালকৈ বহাৰ সুবিধা নাই।বৰপানী চুবলৈ বহাৰ দৰে, সিহঁত বহোঁতেই এজনে কলপাত একোখন মুখৰ আগত পাৰি দিলে,আন এজনে ঘোকা-ঘোকে শুকান চিৰা এগাল পাতত পেলাই দিলে,এজনে পনীয়া দৈগাখীৰ এটোকোৰা আৰু আন এজনে ক’লা লেৰুৱা গুড় এখামোচা দি গ’ল।কোনেও নক’লেও সিহঁতে খাব লাগে বুলি জানিলে।চিৰা দুগৰাহমান মুখলৈ নিছেহে সানি,এজনে ধহমহাই কৈ উঠিলহি—

::: ঐ ল’ৰাহঁত,উঠ উঠ।ভকতে খাব লাগে।তহঁতেই ইমানদেৰি খালে কেনেকৈ হ’ব?

পেটৰ ভোক,দেহাৰ ভাগৰ লগতে লৈ সিহঁত উঠি বাহিৰ পালেহি।ভকতক ভিতৰলৈ নিয়াত,টিঙৰ চকীকেইখনমান খালী হৈছিল। সিহঁত বহিবলৈ টিকাটো পেলাইছিলহে,এজনে চিঞৰি উঠিল—

::: সেইবোৰ চকী ডাঙৰ মানুহ বহিবলৈহে।তহঁত সৰু ল’ৰা,ক’ত বহিবলৈ আহিছ ইয়াত?

ভয়তে সিহঁত এইবাৰ ৰভাতলৰ পৰা একেকোবে বাহিৰ পালেগৈ আৰু একেই একাঠুৱা বোকা আৰু মূৰত বৰষুণ লৈ ক’তো নৰৈ বাচৰ ওচৰ পালেগৈ এন্ধাৰে-মুন্ধাৰে।বাচখন দেখি মনত এটা কথাই খেলালে যে,বৰযাত্ৰীসকল অহাৰ আগত অন্ততঃ সিহঁত অকণ বহিব পাৰিব।

বাছৰ দুৱাৰখনত ঢকিয়াই খুলিবলৈ ক’লে কণ্ডাক্টৰক।কণ্ডাক্টৰে ভিতৰৰ পৰা এনেদৰে গুজৰি উঠিল যে সিহঁতৰ কলখোৱা ধাতু এটাইকেইটা বাজ হ’ল।অগত্যা বৰষুণ আৰু বোকাৰ মাজত সিহঁত বাচখনতে আউজি ভাগৰ আৰু টোপনিত ঠিয় দি থাকিল।এসময়ত বৰযাত্ৰী আৰু কইনাঘৰীয়া মূৰে কান্ধে যৌতুকৰ বস্তুবোৰ লৈ বাচত এজন এজনকৈ উঠিলহি।বাচৰ ভিতৰে-ওপৰে বস্তুবোৰ থান-থিত লগোৱাৰ পাছত সিহঁতক উঠিবলৈ দিলে।আগৰ খুঁটাটোতে ধৰি সিহঁত কোনোমতে নপৰাকৈ ৰৈ থাকিল।মনৰ দুখ আৰু শৰীৰৰ ভাগৰত চকুপানী ওলাই আহিল কৃষ্ণৰ।মাকৰ মুখখন আৰু বিচনাখনলৈ বৰকৈ মনত পৰিল।

দুঘণ্টামানৰ মূৰত গাঁৱৰ তিনিআলিত বাছৰ পৰা নামি কাৰো মুখলৈ নোচোৱাকৈ কৃষ্ণ পোনেই ঘৰ বুলি ভিৰাই লৰ ধৰিলে।সেই সময়ত বিয়াঘৰ,দৰাৰ লগত যোৱা,কইনাঘৰ—এই শব্দবোৰলৈ তাৰ কিযে বিতৃষ্ণা উপজিছিল!!

☆★☆★☆

 

 

7 Comments

  • Manash Saikia

    সুন্দৰ লিখনি৷ ভাল লাগিল৷

    Reply
  • সুন্দৰ লিখনি। সৰুতে দৰাৰ লগত যোৱা ঘটনা মনত পৰিল। সচাঁকৈয়ে সৰু ল’ৰা বুলি কোনেও গুৰুত্ব দিব নিবিচাৰে।

    Reply
  • ল’ৰালিলৈ ঘূৰি গ’লো। সুন্দৰ মনোগ্ৰাহী লিখনি। পঢ়ি ভাল পালোঁ।

    Reply
  • এইটোৱে মন চুই গৈছে

    Reply
  • অনুৰূপ মহন্ত

    বৰ ভাল লাগিল, শ্বেয়াৰ ও কৰিলোঁ সেই বাবে।

    Reply
  • মন চুই যোৱা।

    Reply
  • Bikash

    প্রথম দৰা লগত যোৱা দিনলে মনত পৰি গল..

    Reply

Leave a Reply

Your email address will not be published.