ফটাঢোল

ধতুৰা আৰু গোলাপৰ বিলৈ – অসীমা শইকীয়া দত্ত

সৰস্বতী ঘূৰি গ’ল। এইবাৰ মৰ্ত্যলৈ সাজু ধতুৰা আৰু গোলাপ। ফেচবুকত আগতেই আপডেট, এইবাৰ ধতুৰা আৰু গোলাপৰ তয়াময়া যুঁজ হ’ব। তাকে চাই দুই ফুলৰ গুৰুৱে নিজৰ চেকআপ এটা কৰি ল’লে। ত্ৰিশুলত ধাৰ দিয়া হৈ গ’ল। চিলিমটোৰহে আগডোখৰ ভাঙি আছে। শিৱজীয়ে ভঙা চিলিমটো পত্নীক ফুলৰ টাব কৰিবলৈ দিলে। মৰ্ত্যত নতুন এটা ল’ব। পিচে মন মৰা তেওঁৰ পত্নীৰ। চেনী বিভাগৰ বিয়াগোম লিডাৰ জনো এইবাৰ শিৱৰ লগত অসমলৈ যাব। বিদেশীটোৰ আগৰ নাম নজনা অসমত তেওঁৰ নামত এতিয়া মহোৎসৱ হয়। পাৰ্বতীৰ চিন্তা একেদিনাই দিৱস পৰিল দুয়োৰে। পতিৰ মোহিনী ৰেকৰ্ডখন পুনৰ তাত যদি বাজে।

“ডণ্ট ৱ’ৰি ব’ম ব’ম “.. -আশ্বাস দি মৰ্ত্যত উপস্হিত হ’লগৈ শিৱজী। অসম চিনি নোপোৱা চেইন্ট ভেলেণ্টাইনো শিৱৰ ভৰসাতে শিৱৰ বাহন ষাড়টোৰ নেগুৰত ধৰি উৰি আহিল। শিৱজী চিলিম এটা কিনো বুলি মন্দিৰৰ মুখৰ ফুটপাথৰ ৰঙাকাপোৰ পৰা দোকানীটোৰ তাত ৰ’লগৈ।

সিফালে তাকে দেখি ভেলেন্টাইনেও কাষৰ দোকানখনত ৰঙা গোলাপৰ থোপা চোৱাত লাগিল। শিৱজীয়ে চিলিম কিনোতে অৰিজিনেল ৰূপ লৈ কিনিলে মানুহে ভয় খাব বুলি অন্য ৰূপ ল’বলৈ থিৰাঙ কৰিলে। চিলিম কিনা সময়কন হে! শিৱজীয়ে চকুমুদি অসমৰ আজিৰ প্ৰজন্মই চিনি নোপোৱা চেহেৰা এটা বিচাৰিলে। গুগলত চেপেটা চুলিৰ মানুহ এজন ওলাল। তলত নামতো পঢ়ি চালে …… অহহ তেওঁৰ পাৰ্বুৰ নামটো প্ৰসাদ বৰুৱা।(পাৰ্বতি প্ৰসাদ বৰুৱা)। শিৱজীয়ে বেলেগ বিচাৰি চালে। তেনেকৈ চাৰ্চ কৰিলে সৱ মাজেদি সেঁওতা ফলা চেপেটা চুলিৰ মানুহবোৰহে ওলায়। শিৱজীৰ পচন্দ নহ’ল। তেওঁ, বহুত ফেমাছ হৈ হঠাতে নাম নুমুৱা অসমীয়া চেহেৰা ক্লিক কৰি যাৰে ওলাব তাৰে ৰূপ ল’ম বুলি সিদ্ধান্ত ল’লে। ব’ম ব’ম বুলি তেওঁ ক্লিক কৰিল,  আহিল নামেৰে সৈতে…  অসমীঞা চেহেৰা এটা। অপচন্দ হ’লেও তেওঁ সেই ৰূপকে ল’লে।

সকলো কাণ্ড চাই থকা ভেলেন্টাইনেও নিজকে অসমৰ ছোৱালী-বোৱাৰীবোৰে বেছিকৈ ভালপোৱা চেহেৰা এটা চাৰ্চ কৰি নিজৰ গাত আঁৰি ললে। গোলাপ ফুল কিনা সময়কনহে। আজিতো সৱ গোলাপ লৈ প্ৰথম মন্দিৰলৈকে আহিব, পিচতহে ৰেষ্টোৰা, পাৰ্ক আদি জহন্নামবোৰলে যাব।। শিৱজী সেই ৰূপত ধতুৰাৰ দোকানত চিলিম এটা চাবলে বহিল। দোকানীটোৱে মুৰটো তললে দি ওপৰমুৱাকৈ শিৱজীক জুমি চালে।

 “মাগ’, বাবা গ’  আমাদেৰ কি ভাগ্য। ’আজমল চাৰ’ আজি আমাদেৰ দকানত”……… দোকানীয়ে টেটুফালি শিৱজীৰ ভৰিত ’আজমল চাৰ’ বুলি তিনিলুটী খাই পৰিল। সিফালে ওচৰৰ মানুহবোৰে জুম পাতি শিৱজীলৈ সন্দেহৰ চাৱনি দিবলে লাগিল। দুজনমানে শিৱলিংগত ঢালিবলৈ অনা পানী ঘটীৰে সৈতে ’আজমল চাৰ’,   আমাক পানী জাৰি দিয়ক” বুলি খেদা মাৰি আহিল। শিৱজীয়ে তৎভট নাপাই কি ঘটনা হ’ল বুলি চুইচ টিপি অদৃশ্য হ’ল।

হঠাতে আৰু এখন প্ৰকাণ্ড হুলস্হুল শুনি শিৱজীৰ দম চুটি গ’ল। ভেলেন্টাইনে অসমীয়া জিয়ৰীৰ পচন্দৰ চেহেৰা ল’বলৈ গৈ মন্দিৰলে অহা ছোৱালী-বোৱাৰী মখাৰ হাতত নেফানেফ হ’ল। বাকী থকাকন সিহঁতৰ বয়ফ্ৰেণ্ড,  গিৰিয়েকবোৰে শেষ কৰোঁ বুলি টোকোন-টাঙোন লৈ খেদি আহিল। শিৱজীয়ে দৌৰি আহি ভেলেন্টাইনৰ টিকাৰ অদৃশ্য চুইচ টিপিলে।

“ব’ম ব’ম …” -হৌৰা বিদেশী, তোমাক কিহে পাইছিল এই ৰূপ ল’বলৈ” – চেইন্টে সেহাই সেহাই ক’লে, “…জানাই মই প্ৰেমৰ গুৰু, সেয়ে সেই সুদৰ্শন ৰূপ লৈছিলো। তাকো ফুল কিনা সময়কন হে বুলি লৈছিলো তোমাক দেখি।“

 “হ’ল যি হ’ল” – তুমি মন্দিৰৰ মুখতে বহি থাকা। পূজাৰ শেষত দুইটা একেলগে যামগৈ। অসমৰ বিষয়ে তুমি অজ্ঞ।

 “ৰ’বাচোন শিৱ লৰ্ড, আজি তোমালোকৰ ভগৱান কৃষ্ণৰ বাবে পগলা হোৱাৰ দৰে হ’ল চব। মই এতিয়াও পাজ’লত লৈছিলো কি ৰূপ মই”।

“ব’ম ব’ম। তুমি চাউথৰ হিৰ’ প্ৰভাসৰ ৰূপ লৈছিলা।“

শিৱজী নিজৰ আসনলৈ গ’লগৈ। ভেলেন্টাইনে খুঁটাতে মূৰটো হেলান দিলে কি কু-ক্ষনত আহিলো বুলি।

“অ মইনা, যাবিনে নেযাৱ ক মোৰে ঘৰলৈ………।“

মন্দিৰবোৰৰ পৰা ভাঁহি অহা মাইকৰ মাতত ভেলেন্টাইনৰ জীৱ যাওঁ যাওঁ…।

বিষত চিলমিল টোপনি কণ যায়হে ঘে………এ……চ কে বাইকবোৰ ৰাখেহি। পিচৰ চিট আকাশত আগচিট পাতালত। ব্ৰেক মাৰি ৰখোৱাৰ লগে লগে ছোৱালীজনী তেনেই উবুৰি খাই আউউচ্ বুলি ৰয়হি। বাইকৱালাইও আউউউচ শুনিবলৈ ঘেএএএএচ কে মাৰে।

অসাৱধানবশত ঘেএএএচ কৰোঁতে কেতিয়াবা পিচৰজনী বাইকৱালাৰ কান্ধেদি সৰকি তেলৰ টেঙ্কীত পৰিবহি সন্মুখলে মুখ কৰি।

“হুমমম… বিদেশতকৈ আগবাঢ়িল অসম এই ক্ষেত্ৰত ।“…… ভেলেন্টাইনৰ হুমুনিয়াহ এটা ওলাল। সম্পৰ্ক জানো সেইটো যিটো পৃথিৱীক দেখুৱাবলৈ কৰা হয়। আত্মাৰে পালন কৰাটোহে সম্পৰ্ক। ভেলেন্টাইনৰ নামত ৰঙাগোলাপৰ দোকান বুকুত খুলি বহাতকৈ বুকুত ৰুই থোৱা জোপাতে যদি সাৰ-পানী দি থাকে,  জাতিস্কাৰ হ’ব মনো, চৌপাশৰ পৰিৱেশো।

থকাজোপা মৰহাই নতুন নতুন ৰুই মৰিছে চৱ।

“বাবা খোৱা উৰি যোৱা ……ডন্ট ইউ গিভ আপ …না না আই ৱান্ট গিভ আপ ……না ,না না “ বাইকত বহি যোৱাহালক চাই কাষতে বহি চিলিম টানি এটাই কৈছে, – “লাভ নাই ব্ৰ’। এনেই টাইম লষ্ট কৰিছ। তাৰ সলনি প্ৰেমৰ নামত লাঠ খাই দহজনীৰ নামত এজোপাকৈ গোলাপ ৰু। এসময়ত ভাল দোকান দিব পাৰিবি। এই দিৱসত লাঠখোৱা কিজনিৰ ল’-ছালিয়ে গোলাপ কিনিবহি ’বৰ্তা’ বুলি মাতি। যদি নোৱাৰ এজনীতে লাঠ খাই ফেচবুকত কবিতা লিখি এবছৰীয়া শ্বেয়াৰ কৰি সোঁৱৰিবি, নহলে মোৰ কাষত চিলিম টানিবিহি …… জেগা থৈ দিছো।“

“ধুই ভেলেন্টাইন দিৱস, বজৰুৱা হৃদয়ৰ কিহৰ ভেলেন্টাইন।“

 কাষৰজনৰ মতি-গতি দেখি ভেলেন্টাইনে অদৃশ্য চুইচটো টিকাত চেক কৰিলে এবাৰ। ঠিকে আছে।

“ব’ম…ব’ম। হৌৰা বিদেশী,  উঠা উঠা মোৰ সৰ্বনাশ হ’ল” – শিৱজী দেদাউৰিয়াই আহিছে। তোমাৰ লগত অহাৰ বাবে কৰবাত ঘটঙ-মটঙ কৰি আছো বুলি চিন্তা কৰি পাৰ্বুৱে অথনি ভি দি অ কল কৰি সৈজনী বেহুচ। মই বোলে কাৰোবাৰ ঘৰত চেনী খাই আছো,  সেই ঘৰৰ শহুৰেকে হেনো ফোন ধৰিছে। বুজাওঁ হে বুজাওঁ, নুবুজে। মই থৈ অহা চিলিমটো টানিলে বুলি গালি দি মুখ মোহাৰোতেহে গম পাওঁ মোৰ মুখত দাঢ়ি। সৰ্বনাশ অথনি লোৱা বদৰুদ্দিন আজমলৰ চেহেৰাটো সলাবলে পাহৰিলো তোমাক বচোৱাৰ ধাণ্ডাত।

☆★☆★☆

 

7 Comments

  • প্ৰেমৰ নামত লাঠ খাই দহজনীৰ নামত এজোপাকৈ গোলাপ ৰু।

    তামাম এইটো

    Reply
  • Gitika Saikia

    ইমান যে ভাল লাগে পঢ়ি তোমাৰ লিখাবোৰ! এইটোও বহুত ভাল লাগিল পঢ়ি। প্ৰহসনমূলক সময়ৰ বৰ সুন্দৰ পৰ্যালোচনা।

    Reply
  • পঢ়ি বৰ আমোদ পালোঁ। ব্যংগৰ মাধ্যমেৰে সত্য কথাবোৰ সুন্দৰকৈ ফুটাই তুলিছা। হাঁহি আছো।

    Reply
  • জিমী শ‌ইকীয়া

    অসীমা বা অ’!কি ভাবাহে তুমি!শিৱ,সৰস্বতী,পাৰ্বতীৰ লগত ইমান মধুৰ সম্পৰ্ক তোমাৰ।প্ৰেম-ভালপোৱা আজিকালি দেখুওৱা বস্তু হ’লগৈ কিছুমানৰ হাতত।

    Reply
  • হেমন্ত কাকতি

    বৰ ধুনীয়া লাগিল অসীমা

    Reply
  • Rajdeep Borah

    সুন্দৰ লিখিছে ! ভাল লাগিল

    Reply
  • ৰাজু কুমাৰ নাথ

    বৰ ধুনীয়া লিখিলে।বাইকৰ চিটৰ বিষয়ে বৰ বঢ়িয়া দিলে এইচাট।ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published.