ফটাঢোল

ধন্যবাদ – বিনয় কৃষ্ণ তামুলী ফুকন

লীলা গগৈদেৱৰ “ঘেৰঘেৰীয়া বাছ”ৰ কথা কাৰ কাৰ মনত আছে? হয় অসম ৰাজ্যিক পৰিবহন নিগমৰ দৌৰি থকা গঁড় অঁকা ৰঙা বাছ কেইখনৰ কথা কৈছোঁ৷ চালকৰ আসনৰ ওচৰতে চালত টিলিঙা এটা আছিল৷ ৰচী এডালেৰে বাছখনৰ শেষলৈকে সংযোগ কৰা৷ বাছ ৰখাবলৈ হ’লে “কণ ডাক্তৰ”এ সেইডাল টানি টিলিঙাটো বজাই দিছিল৷ সেই সময়ৰ কণ্ডাডাক্টৰবোৰৰ আয় একো একোজন ডাক্তৰতকৈও সৰহ আছিল৷ কণ মানে সৰু ডাক্তৰেই আৰু৷ কাৰণ টিকট ঘৰত যি কেইটা টিকট যাত্ৰীয়ে কাটিছিল সেইকেইটাৰ ৰাজহহে চৰকাৰে পাইছিল চাগৈ৷ পথত তোলা অতিৰিক্ত যাত্ৰীক টিকট দিয়াৰ নিয়ম প্ৰায় নাছিলেই৷ ধন লয় টিকট নিদিয়ে৷ যাৰ ফলত সোণৰ কণী পৰা হাঁহজনীৰ পেট ফালি গোটেই কণী উলিয়াবলৈ যোৱা দুখীৰামৰ গতি হৈছিল বিভাগটোৰ৷

তেনেদিনৰে কথা৷ লখিমপুৰৰপৰা টিকট কাটি গোগামুখলৈ বহিলো ঘেৰঘেৰীয়া বাছত৷ ২১ নম্বৰৰ চিট৷ লখিমপুৰৰপৰা গোগামুখলৈ ৩৭ কিলোমিটাৰ পথ যদিও সময় লাগে প্ৰায় ২ ঘণ্টা৷ যিহে সাপৰ নেগুৰৰ দৰে ঠেক আৰু চুক ভেকুলীৰ পিঠিৰ দৰে ৰাস্তা৷ বাছৰ সৰু ডাক্তৰে বাটত ৰখাই ৰখাই যাত্ৰী তোলা আৰম্ভ কৰি দিলে৷ ১০ কিলোমিটাৰমান আহিয়েই এঠাইত বাছ ৰৈ গ’ল৷ ধুনীয়া ছোৱালী এগৰাকী উঠিল৷ চিট নাই৷ ৰেলিঙত ধৰি, কাষৰজনৰ কাষলতি, বিড়ি, পাৰফিউমৰ গোন্ধ লৈ হালি জালি অহা যাত্ৰীৰে বাছৰ দুশাৰী আসনৰ মাজৰ অংশ ভৰ্তি৷ সৰু ডাক্তৰৰ এটাই কথা ‘অলপ পিছলৈ যাওক৷ ঠাই আছে৷’ শেষৰজনে চিঞৰিছে, ‘হেৰি কণ্ডাক্টৰ বাছ ভাঙি পিছলৈ ওলাই গ’লেহে হ’ব৷

ধুনীয়া ছোৱালীজনী যে, আহি আহি মোৰ চিটটোতে ধৰি থিয় হ’ল৷ চকুত কাতৰ দৃষ্টি৷ বহিবলৈ অলপ ঠাই পোৱা হ’লে, ঠিক সেই কাতৰতা৷ ভৰ যৌৱনৰ বয়স মোৰ৷ বিপৰীত লিংগৰ প্ৰতি দৰদ সৰহ৷ এহ যি হ’ব হ’ব এৰি দিওঁ চিটটো৷ মিচিককৈ হাঁহি এটা মাৰি বহি ল’লে তাই৷ মুখেৰে মাত এষাৰো নিদিলে৷ চেঃ এনেয়ে এৰি দিলো নেকি চিটটো? চিটটো এৰি দিয়াৰ সুবাদতে ৰূপৱতীৰ লগত দুই এষাৰ পাতি চিনাকি হোৱাৰ ধান্দা লগাইছিলো৷ তেওঁচোন লগত অনা আলোচনীৰ পাত লুটিয়াবলৈহে লাগিল৷

ধুৰ৷ মই ঠেলা-হেঁচাৰ মাজত তাইৰ ৰূপ মাধুৰীত ডুবি বিভোৰ৷ সিফালে চিটটো পোৱাৰ পাছত তাইৰ ডেমাকি চোৱা৷ খং, ক্ষোভ একাকাৰ কৰি তামাম পস্তাই পস্তাই কাষলতিৰ গোন্ধ লৈ আহি আছো৷ ২০ কিলোমিটাৰ আহিলোৱেই৷ আঠ কিলোমিটাৰহে বাকী৷ ধৈৰ্য হেৰাল৷ ময়েই মাত দিলো৷
“ভণ্টী, কিবা কৈছিলা নেকি?”
তাই : ওহোঁ, নাইতো ৷ একো কোৱা নাই৷
মই : অঃ মই আকৌ তুমি “ধন্যবাদ” বুলি কোৱাৰ দৰে শুনিলো৷
তাই : কি বুলি?
মই : দাদা চিটটো এৰি দিয়াৰ বাবে ধন্যবাদ বুলি৷
তাই : অঃ চৰি৷ ধন্যবাদ দাদা৷

☆★☆★☆

6 Comments

  • বৰ ভাল লাগিল। উপযাচি উপকাৰ কৰিলে এনেই হয়।

    Reply
  • সম্পাদনা সমিতিৰ আটাইলৈ ধন্যবাদ আৰু কৃতজ্ঞতা ৷ লেখাটোক ঠাই দিয়াৰ বাবে ৷

    Reply
  • পাৰবীন

    শিষ্টাচাৰ নজনা মানুহৰ প্ৰতি তীৰ্যক ব্যংগ । ভাল লাগিল ফুকনদেৱ

    Reply
  • Sangita Phukan

    এনেকুৱা ৰসাল অভিজ্ঞতা বোৰৰ সাৱলীল বৰ্ণনাইও কেতিয়াবা যথেষ্ট আমোদ দিয়ে। এই লিখনি টো এটা উত্তম উদাহৰণ ।ভাল লাগিল পঢ়ি ।

    Reply
  • Gitika Saikia

    পঢ়ি ভাল লাগিল।

    Reply
  • Jyoti P Phukan.

    মজা, BKTP দাদা.

    Reply

Leave a Reply

Your email address will not be published.