ফটাঢোল

ধুনতী বাইৰ প্ৰেম – তৃষ্ণা টি. ভূঞা

কিছুমান মানুহ আছে, যিয়ে জীৱনত এনেদৰে সাঁচ বহুৱাই ৰাখে যে যিকোনো সময়ত তেওঁলোকৰ স্মৃতিয়ে আপোনাৰ মুখত এমোকোৰা হাঁহি বিলাব পাৰে৷ অমুকীৰ জীৱনৰ এনে এক প্ৰতিভাশালী ব্যক্তি হ’ল ধুনতী বাই৷ আচল নামটো নকওঁ দিয়ক৷ ইমান এক্টিভ তেখেত যে, চোচিয়েল মিডিয়াত তেখেতৰ চিক্ৰেট ফাদিল কৰাৰ কথা কিবা প্ৰকাৰে গম পালে ঔ কিলাব পাৰে অমুকীক৷

কথাটো সেই অমুকীয়ে শেঙুন থেপীয়া মুখখনৰ সৈতে দুডলীয়া বেণী গুঠি স্কুলত যোৱাৰ দিনৰে৷ ধুনতী বাই তেতিয়া চৈধ্য পোন্ধৰ বছৰীয়া লচপচীজনী আছিল৷ এতিয়াও তেৰাৰ জলৱা আমাৰ অঞ্চলৰ অলিয়ে গলিয়ে বিৰাজমান৷ কিমানে তেখেতৰ বিৰহত এতিয়ালৈকে বৰলা ভাত গিলি আছে তাৰ সীমা সংখ্যা নাই৷

ধুনতী বাই আমাৰ কাৰণে আজিকালিৰ কেটৰীণা কেইফ বা আলীয়া ভট্টতকৈও ওপৰত আছিল৷ তেখেতে সদায় হাতত এটি জিকমিকীয়া বেগ লৈ ফুৰিছিল যাৰ ভিতৰত কি আছে স্বয়ং ভগৱানেও নাজানিব৷ কিন্তু বিয়াই সবাহে মাহঁতৰপৰা লুকাই,চকুৱে ওঁঠে ৰঙ বোলাবলৈ সুবিধাকণ পাইছিলো সেই বেগটিৰ জহতে৷

নাচি থকা দুচকু, দুগালত পৰা ডিম্পল আৰু এৰাল খোৱা গৰুৰ নিচিনা মুক্ত স্বভাৱটোৰ অধিকাৰী ধুনতী বাই পিছে অঞ্চলটোৰ চাধা মাৰি বহি থকা গুণ্ডা দাদাকেটাৰপৰা, কিতাপৰ পোক “মামাজ বয়” দাদাকেটালৈকে, সকলোৰে চকুৰ মণি আছিল৷ ধুনতী বাই ইমানেই দৰদী আছিলে যে কাকোৱেই না কৰিব নোৱাৰিছিল, যাৰ ফলত তেখেতৰ প্ৰেমাতুৰ ফেন ফোলোৱাৰ্ছৰ সংখ্যা পেট্ৰল ডিজেলৰ মূল্যতকৈও সঘনাই বাঢ়িছিল৷ তেখেত এদিন ঘৰৰপৰা নোলালে চাৰিআলিৰ মণ্টুদাৰ দোকানৰপৰা হাইৱেৰ কালভাৰ্টটোলৈ বহা আড্ডাবোৰ বিৰহত সেমেকি উঠিছিল৷

বাৰু যি কি নহওক, এদিন ধুনতী বাইয়ে আপোনভোলা হৈ নিজৰ নতুন মিছ ইন্দিয়া চাইকেলখন লৈ স্কুল গৈ আছিল৷ তেতিয়াই সমুখৰপৰা অহা চাইকেলখনৰ লগত ঘটিল নহয় ঘটনাটো৷ চাইকেলৰ বাহক অৰ্থাৎ আমাৰ কাহিনীৰ হিৰো আছিল একেবাৰে চলমান খান লেখীয়া চেহেৰাৰ অধিকাৰী৷ তেখেতৰ চুলি উৰোৱা ষ্টাইল আৰু ধুমুহা বেগী চাইকেল চলোৱা প্ৰতিভাৰ বলত আমাৰ বাই হামখুৰি খাই পৰিল নলাত৷ যদিও হিৰো মাফিক ল’ৰা চকুৰ আগত দেখিলে, ধেপেচকৈ পৰাৰ খঙতে বাইৰ মুখেৰে ভিথ্থীমাৰা, শগুণে খোৱা এইবিলাক মৰমৰ শব্দ নোলোৱা নহয় অৱশ্যে সেই মুহূৰ্তত৷

পিছে হায়! চতুৰ্থ পিৰিয়দ শেষ নহওঁতেই বাই পৰিল প্ৰেমত৷ দুদিন পিছতে বাইৰ প্ৰেমে তেজেৰে চিঠি লিখিব পৰাৰ নিচিনা পৰ্য্যায় পালে৷ হিৰোৰ চিন্তাত উটি ভাহি বাই একেবাৰে ৰ’দত শুকোৱা লেচেৰাডালৰ নিচিনা হ’ল৷ ফেন দাদাসকলে দিয়া চকলেট বেগতে গলি বেগতে শুকোৱা পৰ্য্যায় পালে৷ এইফালে বাইৰ শুকান নাৰিকলৰ নিচিনা মুখখনি বাটে পথে দেখি আমাৰ লোকেল প্ৰেমিকবোৰৰ ডিঙিৰে ভাত, চাহ, চাধা একো নোযোৱা হ’ল৷

কিছুদিন পিছত হুঁচ আহিলত বায়ে ভাবিলে যে কিবা এটা কৰা যাওক৷ হিৰোৰ আগত নিজৰ প্ৰেম স্বীকাৰ কৰিবলৈ বাইয়ে মন মেলিলে৷ এইফালে আগেভাগে সেইফেৰা কাম কৰি নোপোৱাৰ বাবে অলপ ভয়ো খালে৷ তদুপৰি ছোৱালী হৈ ল’ৰাক প্ৰপোজ কৰাটো জানো কম ডাঙৰ কথা! যা হওক এনেকৈ চিন্তাত মৰাতকৈ প্ৰপোজ কৰি বোজাটো পাতলাব বুলি বায়ে থিৰাং কৰিলে৷

পিছে কেনেকৈ কৰা যায় এই কামফেৰা৷ এদিন চাহৰ লগত চিঙৰা গিলি থাকোতে বাইৰ ‘দিমাগ কি বত্তি’ খোল খালে৷ পিছদিনা লেজাৰ পিৰিয়দত বাই গৈ হিৰোৰ স্কুল পালে৷ অ’ মানে আমাৰ হিৰো তেতিয়া ওচৰৰ স্কুলখনলৈ নতুনকৈ আহিছিলে৷ বাইয়ে হিৰোক লগ পাই তাৰ হাতত “আজি মোৰ বাৰ্থডে“ বুলি খপজপকৈ চিঙৰাটো তুলি দিলে৷ হিৰোৱে তলানলা বুজি পোৱাৰ আগতে বাই আহি নিজ স্কুল পালেহি৷ আপোনালোকে ভাবিছে চাগে চিঙৰা আৰু প্ৰেমৰ কি সম্পৰ্ক? আচলতে বায়ে চিঙৰাৰ জাপ সাৱধানে খুলি তাতে এখন সৰু নোট পঠিয়াই দিছিল এই বুলি যে “আজি গধূলি শিৱ মন্দিৰৰ ওচৰলৈ এপাক আহিবাচোন৷ বহুত মনৰ বতৰা দিবলৈ আছে তোমাক“৷

এনেকৈ বহুদিন গ’ল পিছে আমাৰ হিৰো বপুৰাৰ একো খা খবৰ নাই৷ এইফালে বাই চোবোৱা চুইংগামটোৰ দৰে নীৰস হৈ পৰিছে দুখত৷ হঠাৎ এদিন বাইৰ ঘৰত হিৰো আৰু হিৰোৰ বাপেক আহি উপস্থিত৷ বাইৰ এইফালে ভয়তে এক নং আৰু দুই নং একেলগে লগা অৱস্থা৷ আচলতে হিৰোৰ দেউতাক আৰু বাইৰ দেউতাক বাল্যকালৰ বন্ধু আছিল৷ আগৰছোৱা মৰিগাঁৱত থাকি পিছত তেখেতে আমাৰ ওচৰৰ হস্পিতালখনলৈ চাকৰিসূত্ৰে বদলি হৈ আহিছিল৷ কথাই কথাই তেখেতে বাইৰ দেউতাকক ক’লে যে “চৌধুৰী, এই মনোহৰৰ দোকানত চিঙৰা আজিকালি তাৰ সেই ঘৈণীয়েকে বনাই নেকি? সেইদিনা ফোন কৰি চিঙৰা অনালো পিছে চিঙৰাৰ ভিতৰত লাভ লেটাৰহে পালো৷ গোটেই গধূলিটো কথাৰ বুজ ল’বলৈ মন্দিৰৰ ওচৰত বোন্দাপৰ দিলো পিছে মৰতী নাহিলেই”৷ বাইৰ আৰু বুজিব বাকী নাথাকিল যে এই সোণামুৱাই কি খেলিমেলি কৰিলে ঘৰত গৈ৷ মনে মনে টেবুলত থকা চিঙৰাৰ পেকেটৰপৰা গৰম চিঙৰা খাই যে পকেটৰ ঠাণ্ডা চিঙৰাটো তাৰ নিচিনা অল্পমতিয়েহে যে পুনৰ ভৰাই থ’ব পাৰিব বায়ে তেখেতে মুখ নেমেলোতেই গম পালে৷

পিছদিনাৰপৰা হিৰোৱে এইফালে চিকৰাটোৰ নিচিনা বাইৰ লগত আঠা খাবলৈ চেষ্টা কৰিলে৷ পিছে বাইয়ো কম বিধৰ নহয়৷ এনেকুৱা জধামূৰ্খক বাঢ়নী, দা, কটাৰী আদি দেখুৱাই অতি শীঘ্ৰে পিছ যি এৰুৱালে, তাৰপিছত এই প্ৰেম কাহিনীৰ তাতেই যতি পৰিল৷

উপসংহাৰ – ধুনতী বাইৰ আকৌ এবাৰ প্ৰেম হ’ল৷ এইবাৰ একেবাৰে বাংগালুৰুত এম বি এ কৰিবলৈ যাওঁতে৷ চেনাইধনো একেবাৰে U.P. (উত্তৰ প্ৰদেশ) ৱালা৷ এইবাৰ বাইয়ে চিঙৰা নিকিনি চিধাচিধি “হাম তুমচে প্যাৰ কৰতে হ্যে, তুমহে মঞ্জুৰ হ্যে তো বোলো, নহী তো কট্ লো” বুলি প্ৰপোজেল দিলে৷ এতিয়া বাইৰ তেখেতৰ লগতে বিয়াও হ’ল আৰু সৰু ধুনতী এজনীও আহিছে তেখেতৰ জীৱনলৈ৷

☆★☆★☆

18 Comments

  • অভিজিৎ কলিতা

    ৰসে চৌ চৌ লিখনি। ধুনতী বাইক চিনি পালো যেনো লাগিল।

    ভাল লাগিল পঢ়ি

    Reply
  • সদানন্দ ভূঞা

    পঢ়ি বহুত ভাল লাগিল ।

    Reply
  • Rintumoni Dutta

    এই ধুনতী বাই কোন হয়, দ্য নেশ্যন ৱাণ্টচ তু ন’।

    খুব ভাল লাগিল পঢ়ি

    Reply
    • Trishna

      হাঃ হাঃ, বাই আমাৰ মাজৰে চাগে কোনোবা এজনী😁৷ ধন্যবাদ জনালো 😊🙏

      Reply
  • Mousumi gogoi

    পঢ়ি খুব ভাল লাগিল ।

    Reply
  • Mridula

    বৰ ভাল লাগিল পঢ়ি

    Reply
  • ধুনতী বাইজনী কমতি মাল নহয় দেই,চিঙৰাৰ ভিতৰত লভলেটাৰ।পঠিয়াই।ভাল লাগিল পঢ়ি

    Reply
  • deepjyoti handique

    আইঐ কি ভাল লগা প্ৰেম কাহিনী । চিংৰাকে পেকিং মে লাভ লেটাৰ । চলিত আইদিয়া ।

    Reply
  • বাঃ কি সাংঘাটিক আইডিয়া ধূনটি বাইৰ। ভাল লিখিছা দেই।

    Reply
  • Trishna

    এই লিখনিটো পঢ়ি শলাগা আটাইলৈ ধন্যবাদ৷ ৰিপ্লাই কৰাত যথেষ্ট কষ্ট পাইছো চাইটটোত৷ সদায় ৰিপ্লাই কৰি আছো কিন্তু পোষ্ট নহয়৷ সেয়ে সকলোকে একেলগে ধন্যবাদ জনালো৷

    Reply

Leave a Reply

Your email address will not be published.