ফটাঢোল

ধুনীয়া চকুৰ সেই ল’ৰাজন – পৰীস্মিতা দাস

শৰতৰ শাৰদীয় উৎসৱৰ বতৰ৷ চাৰিওফালে উৎসৱমুখৰ পৰিৱেশ৷ ভিন্নৰঙী বেলুন, জেলেপীৰে ভৰি পৰিছে পূজাথলীবোৰ৷ সকলোৰে চকু-মুখত আনন্দই উপচি পৰিছে৷ কিন্তু এনেকুৱা সুন্দৰ বতৰতো যে কোনোবাৰ ফটা প্ৰেমৰ স্মৃতি মনত পৰি হৃদয়খন ফাটি চিৰাচিৰ হৈ থাকিব পাৰে কোনোবাই বাৰু অনুভৱ কৰিব পাৰিবনে?

আন কাৰো কথা ক’বলৈ যোৱা নাই, নিজৰেই কথা ক’ব খুজিছোঁ ৷ সেইদিনাও ঠিক এনেকুৱাই উৎসৱমুখৰ পৰিৱেশ আছিল৷ চৌপাশে যেন সকলোৰে মনবোৰ আনন্দে নধৰা৷ পাৰ্থক্য মাথো এটাই, এতিয়া থকাৰ দৰে তেতিয়া মোৰ মনত কোনো স্মৃতিৰ সঘন আহ-যাহ নাছিল৷ তদুপৰি তেতিয়া মই আছিলোঁ এজনী ভিতৰে চঞ্চলা কিন্তু বাহিৰে গহীন ১৪-১৫ বছৰীয়া কিশোৰী৷ বৰদেউতাহঁতৰ বা, ভণ্টিহঁতৰ লগত পূজা চাবলৈ গৈছোঁ৷ পূজাৰ আনন্দ আমাৰ মনবোৰত বাৰুকৈয়ে চৰিছে৷ উলহে-মালহে ঘূৰি ফুৰাৰ সময়তে হঠাৎ চকু গ’ল সেই ল’ৰাজনলৈ৷ সি যেন মোলৈকে চাই আছে৷ চকুত চকু পৰিল মোৰ৷ ইমান ধুনীয়া তাৰ চকুযুৰি৷ ওঁঠৰ মিচিকিয়া হাঁহিটো চকুযুৰিলৈকে বিয়পি পৰিছে তাৰ৷ অনবৰতে যেন চকুযুৰিয়ে কিবা ক’ব খুজিছে মোক৷ ভাল লাগি গ’ল কিবা এটা৷ প্ৰথম দৃষ্টিতেই প্ৰেম যেন ইয়াকেই কয়! এনেকৈয়ে চকুযুৰিৰ মায়াত মজি থাকোঁতেই হঠাৎ দেখিলোঁ তাৰ ওচৰতে মোৰ পেহীৰ ল’ৰা মোতকৈ এবছৰ সৰু ভাইটিক৷ তাৰ চকুত ধৰা পৰি যোৱা বুলি মই লাজে ভয়ে একাকাৰ হ’বই খুজিছিলোঁ, তেনেতে দেখিলোঁ সি মোৰ ফালে চাই মিচিকিয়াই চকুটিপ মাৰিছে; মানে তাৰ বন্ধুক মই চোৱাত তাৰ কোনো আপত্তি নাই৷ তাৰ হাঁহিৰ পৰা অনুভৱ কৰিলোঁ, মোৰ বুকুত ব’বলৈ আৰম্ভ কৰা প্ৰেমৰ নৈখনত সিয়েই সাঁকো হ’ব পাৰিব৷ হৃদয় বাগিছাত প্ৰেমৰ ফুল ফুলিবলৈ, প্ৰেমৰ ফুলনিত প্ৰেমৰ পখিলা উৰিবলৈ আৰম্ভ কৰিলেই৷ সেইদিনা আৰু পূজা চোৱা নহ’ল৷ সেই মিচিকিয়া হাঁহিৰ চকুযুৰিয়েই টানি লৈ গৈ থাকিল মোৰ চকুযুৰি৷ মৃন্ময় মূৰ্তিৰ থলীৰ পৰা জেলেপীৰ দোকানলৈকে, বেলুনৰ দোকানৰ পৰা খাৰু-মনিৰ দোকানলৈকে সেই ধুনীয়া চকুৰ ল’ৰাজন মোৰ লগৰ বাহঁতে গম নোপোৱাকৈ আলেঙে আলেঙে কিন্তু মোৰ কাষে কাষে ঘূৰি ফুৰিল৷ ময়ো এক বিশেষ অনুভৱ মনত কঢ়িয়াই কি পূজা চালোঁ একোৱেই গম নোপোৱাকৈ পূজাথলীত খোজকাঢ়ি ফুৰিলোঁ৷ মনত মাথো মোৰ ৰোমাণ্টিক গানৰ জোৱাৰ উঠিছে, যিমান ধুনীয়া ধুনীয়া ৰোমাণ্টিক গান আছে সকলোৰে যেন নায়িকা মই! অসমীয়া চিনেমাবোৰত কোৱাৰ দৰে মোকো কোনোবাই ক’ব “মই তোমাক ভালপাওঁ” বুলি, ইয়াতকৈ যেন সুখ একোৱেই নাই মোৰ বাবে৷

এনেকৈ কল্পনাৰ ঢৌত উটি-ভাহি থাকোঁতেই বাহঁত ঘৰলৈ উভতিবলৈ ওলাল৷ অনিচ্ছাসত্ত্বেও মই উভতিলোঁ৷ তেওঁৰ পৰা চকুৰেই বিদায় ল’লোঁ৷ কিন্তু দুজনমান বন্ধুৰ স’তে তেওঁ কিছুদুৰ আমাৰ পিছে পিছে আহি থাকিল৷ সিহঁতৰ লগৰ কোনোবাই গান গাইছে, “ভালপাৱনে মোক সঁচায়ে ক’ব পাৰিবিনে, তোৰে বুকুখন নদীনে সাগৰ এবাৰ জুখিবলে, দিবিনে নিদিবিনে…৷” ইমান বেসুৰা গান জীৱনত শুনা নাছিলোঁ৷ তথাপি মোৰ ভাললগা ল’ৰাজনৰ লগৰ ল’ৰাই গাইছে বুলি সহ্য কৰি আহি আছোঁ ৷

এইবাৰ চাগে সিহঁতৰো উভতিবৰ হ’ল৷ পিছৰ পৰা মোৰ ভাল লগা ল’ৰাজনে চিঞৰি দিলে, “ঐ কালি আহিবি”৷ হঠাৎ যেন মোৰ মূৰৰ পৰা ৰোমাণ্টিকতা পলাই ফাট মাৰিলে৷ ল’ৰাটোৰ মাতটো যে অলপো ভাল নালাগিল মোৰ আৰু প্ৰথম চিনাকিতেই কোনোবাই তই বুলি কয় নেকি? নাই, নহ’ব মোৰ প্ৰেমিকে মোক তুমি বুলি মাতিব লাগিব৷ তুমি বুলি মাতিলে যে ইমান ধুনীয়া শুনি!মাতটোৰ পৰা গম পালোঁ, ইমান বেসুৰাকৈ গানটোও সিয়েই গাইছিল৷ “নাই নাই নহ’ব ভাই, ধুনীয়া মাতৰ, মোক তুমি বুলি মৰমেৰে মাতা ল’ৰা এজন বিচাৰি ল’ম মই” বুলি ভাবি য’ৰে প্ৰেম ত’তেই এৰি ঘৰলৈ উভতি আহিলোঁ৷

☆★☆★☆

Leave a Reply

Your email address will not be published.