ফটাঢোল

ধোবি আৰু গাধ (মূল : সন্তোষ মাহাতু) – অনুবাদ : বিজু বুঢ়াগোহাঁ‌ই

এসময়ৰ কথা, এখন গাঁ‌ৱত এজন বৰ অজলা আৰু সৰল মনৰ ধোবি আছিল। তেওঁৰ কোনো সতি-সন্ততি নাছিল।
এদিন তেওঁ বজাৰলৈ যাওঁ‌তে এজন শিক্ষকে তেওঁৰ ছাত্ৰক কৈ থকা শুনিলে, “মই ডাঙৰ-ডাঙৰ গাধক মানুহ বনাইছোঁ‌।”
কথাটো শুনি ধোবিজনে ইমানেই স্ফূৰ্তি পালে যে দৌৰি পত্নীৰ ওচৰলৈ গৈ ক’লে, আজি বজাৰলৈ যাওতে বৰ অদ্ভুত কথা এটা শুনিলোঁ‌। এজন মানুহে কৈ আছিল তেওঁ হেনো বৰ ডাঙৰ-ডাঙৰ গাধক মানুহ বনাইছে। আমাৰ যিহেতু সন্তান নাই, আমাৰ ঘৰৰ গাধ এটাকে যদি মানুহজনে মানুহ বনাই দিয়ে কিমান যে ভাল হ’ব! অন্ততঃ ক’বলৈকে আমাৰ সন্তান এটা হ’ব।
কথাটো ধোবিৰ পত্নীৰ বৰ ভাল লাগিল আৰু ধোবিক ক’লে যে, “আমাৰ আটাইকেইটা গাধৰ ভিতৰত ম’তি আটাইতকৈ ভাল, গতিকে তাকেই মানুহ বনালে ভাল হ’ব।”
কথামতেই কাম। ধোবিয়ে ম’তিক লগত লৈ শিক্ষকজনৰ ওচৰলৈ গ’ল আৰু ক’লে যে, “মহাশয়, মই শুনিছোঁ‌ আপুনি যিকোনো ধৰণৰ গাধকে মানুহ বনাব পাৰে, গতিকে মোৰ এই গাধটোকো মানুহ বনাই মোক উপকৃত কৰক।”
শিক্ষকজনে ধোবিৰ কথা শুনি গম পালে যে ধোবিজনৰ বুদ্ধি বুলিবলৈ একো নাই। শিক্ষকজনে ভাবিলে ধোবিক এই সুযোগতে আৰু অকণমান ঠগাই লৈ পইচা কেইটকামান সৰকাই লওঁ‌। এইভাবি শিক্ষকজনে ধোবিক ক’লে, “ঠিক আছে, মই এই গাধটোক মানুহ বনাই দিম। কিন্তু ইয়াৰ বাবে তুমি মোক দহ হাজাৰ টকা দিব লাগিব।”
ধোবিয়ে ক’লে, “ঠিক আছে মহাশয়, মই আপুনি কোৱামতেই সকলো কাম কৰিবলৈ ৰাজী আছো। দহ হাজাৰ টকা আপোনাক মই আনি দিম।”
শিক্ষকজনে গাধটো নিজৰ লগত ৰাখি ধোবিক তিনিদিনৰ পিছত আহিবলৈ কৈ বিদায় দিলে।
তিনিদিনৰ পিছত ধোবিয়ে হাতত দহ হাজাৰ টকালৈ শিক্ষকজনৰ ওচৰত উপস্থিত হ’ল।
ধোবিৰ পৰা টকালৈ শিক্ষকজনে ক’লে, “তোমাৰ গাধটো দেখোন বৰ বুদ্ধিয়কহে। মানুহ হয়েই সি এখন ন্যায়ালয়ৰ ন্যায়বিচাৰক হ’লগৈ ।”
শিক্ষকজনৰ কথা শুনি ধোবি আনন্দত আত্মহাৰা হৈ ন্যায়ালয়খনৰ ওচৰ পালেগৈ। কিন্তু ম’তি নামৰ গাধটো তেতিয়াও শিক্ষকজনৰ ঘৰতেই বন্ধা  আছিল। আৰু ইফালে, ধোবি গৈ ন্যায়ালয় পাওঁ‌তে তাত তেতিয়া ন্যায়ালয়ৰ কাৰ্যপালিকা চলি আছিল। এজন ধুনীয়া মানুহ তাত ন্যায়বিচাৰক হিচাপে বহি আছিল। ন্যায়বিচাৰকজনক দেখি ধোবিৰ বুকু গৰ্বতে ফুলি উঠিল। তেওঁ বিচাৰকজনক একেলেথাৰিয়ে চাবলৈ ধৰিলে আৰু চাই-চাই হাঁ‌হিবলৈ ধৰিলে। এনেকৈ হাঁ‌হি থকা দেখি বিচাৰকজনে ধোবিক মানসিক ভাৰসাম্য হেৰুওৱা মানুহ বুলি ভাবিছিল। কিছু সময়ৰ পিছতে ধোবিয়ে বিচাৰকজনৰ কাষলৈ গৈ ক’বলৈ ধৰিলে যে, “ম’তি, তইতো বৰ টেঙৰ হৈ গ’লি। ন্যায়বিচাৰ কৰিব পৰা হ’লি। ঘৰলৈ ব’ল, তোক দেখি তোৰ মাৰে বৰ সন্তোষ পাব।”
এইকথা শুনি প্ৰথমে ন্যায়বিচাৰকজনে ধোবিক বহুত বুজাবলৈ চেষ্টা কৰিলে যে তেওঁ‌ ম’তি নহয়। কিন্তু বাৰে-বাৰে কোৱা স্বত্তেও তেওঁৰ কথা নুশুনাত খঙতে ধোবিক ন্যায়ালয়ৰ দ্বাৰৰক্ষীৰ দ্বাৰা ন্যায়ালয়ৰপৰা খেদি দিবলৈ আদেশ দিয়ে।
এই কথাত ধোবিৰ খং উঠিল আৰু শিক্ষকজনৰ কাষলৈ গৈ ক’লে যে, “ম’তি দেখোন অহংকাৰী হৈ গ’ল। তাক আকৌ গাধ বনাই দিয়ক।”
তাকে শুনি অধ্যাপকে ক’লে, “বাৰু, তিনিদিন পিছত আহি লৈ যাবাহি তোমাৰ ম’তিক।”
তিনিদিন পিছত ধোবি আহি শিক্ষকজনৰ কাষত উপস্থিত হ’লহি আৰু শিক্ষকজনে ম’তিক ধোবিৰ হাতত গতাই দিলে।
ম’তিক পুনৰ পাই ধোবি বহুত সুখী হ’ল  প্ৰথমে ম’তিক ধোবিয়ে এছাৰিৰে ভালকৈ এশিকনি দিলে আৰু ঘৰলৈ লৈ আনিলে।
☆★☆★☆

11 Comments

Leave a Reply

Your email address will not be published.