ফটাঢোল

নক’লেও নোৱাৰো ফটা মুখ — শান্তনু কৌশিক বৰুৱা

হাজৰিকাৰ ডাঙৰ ছোৱালীজনী দেখিবলৈ বৰ ধুনীয়া হৈছে৷ টনা টনা ডাঙৰ ডাঙৰ চকু, জোঙা নাক, গাখীৰত সেন্দূৰ মিহলোৱা গাৰ ৰং, সাইলাখ গোঁসানীৰ প্ৰতিমাহে!
“অ, সেইজনী ছোৱালীৰ কথা কৈছে? মাজে মাজে যে ঘৰৰ আগফালৰ বাৰাণ্ডাত বহি থাকে? চকু দুটা ডাঙৰ ডাঙৰ ঠিকেই৷ কিন্তু গোঁসানীৰ দৰে নহয়৷ গৰুৰ চকুওতো ডাঙৰ ডাঙৰ হয়৷ সেইবুলি গৰুও কি সুন্দৰী হ’ব? আৰু ছোৱালীৰ ইমান জোঙা নাক ভাল নহয়৷”
“আপনি যিয়েই নকওক ছোৱালীজনীক এবাৰ দেখিলে কিন্তু চকু ঘূৰাই আনিব নোৱাৰি৷”
“হয়তো সঁচা৷ কিন্তু মনত ৰাখিব, যি দিনকাল পৰিছে এনে ছোৱালী চম্ভালা টান হ’ব৷”
কাৰোবাৰ ঘৰত ধুনীয়া ছোৱালী থাকিলে প্ৰতিবেশীৰ বৰ চিন্তা৷ ছোৱালীজনী ঘৰত থাকিবনে? নে কাৰোবাৰ লগত পলাই যাব? আকৌ দেখিবলৈ ধুনীয়া নহ’লেও ভীষণ চিন্তা৷ ছোৱালীজনীৰ বিয়া কেনেকৈ হ’ব? এই দুয়োটা চিন্তাৰ উৎস এটাই – কাৰোৱেই যেন ভাল নহওক৷ কাৰোবাৰ কিবা বেয়া হলে যি সহানুভূতি দেখুওৱা হয় দৰাচলতে সিয়ো আনন্দৰেই এটা দিশ৷ বৰুৱাৰ লৰাটোৱে হঠাৎ অজাতি ছোৱালী বিয়া কৰাই বেলেগে থাকিবলৈ ললে৷ বায়েকৰ বিয়া নহ’ল৷ ঘৰতে বুঢ়ী হ’ল৷ বিভিন্নজনে বৰুৱাৰ জ্বলা জুইত ঘিঁউ ঢালেহি,
“এৰা, কি কৰিব বৰুৱা! ইয়াৰ নামেই শিক্ষা৷ আপুনি দুখ নকৰিব৷ কি কৰিব, কপালেই বেয়া বুজিছে৷ সিনো বাৰু লেখা-পঢ়া জনা ল’ৰা হৈ এনে কৰিব লাগেনে? তাতকৈ ল’ৰাক পঢ়ুৱাওতে খৰচ হোৱা টকাখিনি বেংকত থোৱাহেতেন এই বুঢ়া বয়সত কামত আহিলহেতেন। ইচ! ইচ! ইচ! ইয়াতকৈ আমাৰ অশিক্ষিত লৰাই ভাল …।” ইত্যাদি৷ ইংৰাজীত এষাৰ কথা আছে, ‘ৰেলিচ’ কৰা৷ সাধাৰণ খোৱাতকৈ জুতি লগাই খোৱাত যি তৃপ্তি পোৱা যায় সিয়েই ৰেলিচ৷ পৰচৰ্চা আৰু পৰনিন্দাৰ নিচিনা ‘ৰেলিচিং’ বোধহয় আন ক’তো নাই৷ কোনোবা যদি বিনয়ী হয় তেন্তে মানুহে ক’ব, ‘চতুৰ, স্বাৰ্থপৰ’; কথা বেছি ক’লে ক’ব, ‘চেলেপু’; কথা কম ক’লে বা প্ৰায় নক’লে ক’ব, ‘অহংকাৰী, নিবোকা’৷ মুঠতে সকলোতে মানুহে লোকৰ বেয়াটো কৈ ভাল পায়, তৃপ্তি পায়৷ পৰচৰ্চা আৰু পৰনিন্দাই কেতিয়াবা টনিকৰ দৰেও কাম কৰে৷ ই দুৰ্বলীক সৱল কৰে৷ অসুস্থক সাময়িকভাবে সুস্থ কৰি তোলে৷ অৱশ্যে জ্ঞানী লোকে কয় , “লোকৰ দোষ খুচৰিবলৈ নগৈ, তেওঁৰ গুণখিনি ল’বলৈ যত্ন কৰা৷ তোমাৰ মংগল হ’ব।” কিন্তু …
কোনোবা এজন আপোনাৰ ঘৰলৈ সঘনাই আহিবলৈ লৈছে৷ আপনি ভাবিব, মানে ভাবিবলৈ বাধ্য, ‘কি কথা? ইমান ঘন ঘনকৈ এওঁ অহাৰ কাৰণ কি?’ লগে লগে আপনি হয়তো সিদ্ধান্ত ল’ব,
‘নিশ্চয় কিবা স্বাৰ্থ আছে৷ বিনা স্বাৰ্থত আজিকালি কোনোবা আহে জানো?”
আকৌ যদি কোনোবাজন বহুদিন নাহে, তেতিয়াও আপুনি হয়তো ভাবিব, “যুগটোৱেই হৈছে এনেকুৱা৷ কোনেও কাৰো খবৰ নাৰাখে৷’’
সন্ধানী দৃষ্টি কিমান ফালে যে যায়!!
“কি কথাহে? শইকীয়া দেখোন অফিচলৈ নোযোৱা হ’ল? কেইবাদিনো ঘৰতে আছে। গা-চা বেয়া ছাগৈ৷ নহ’লে ছুটী ল’বও পাৰে৷”
“থওকহে! এইটো চাকৰিত মানুহে ছুটী লয় নেকি? সদায় বাহিৰা পইচাই হাজাৰ-পোন্ধৰশ পায়৷ আচল কথা কি জানে? (ফুচফুচাই) ‘চাচপেণ্ড’ কৰিছে!”
দুটা বিষয়ত মানুহৰ পৰম আনন্দ – কৰুণা আৰু হিংসা৷ কৰুণামিশ্ৰিত হিংসা বেছ তৃপ্তিদায়ক৷ মই ভালে আছো৷ তুমি বিপদত পৰিছা৷ তোমাৰ অসুবিধা হৈছে — এইটো ভাব মনলৈ অহা মানেই আনন্দ, তৃপ্তি৷ ভাল হৈছে৷ এসময়ত তোমাৰ যি বাহাদুৰি! দামী গাড়ী,ডেইলি ঘৰত খানা, পাৰ্টী, ঘৰত বন্ধু-বান্ধৱ, আলহী-অতিথিৰ ভীৰ৷ তেতিয়াই ভাবিছিলোঁ ইমান বেছি ভাল নহয়৷ পাছলৈ বেয়া হ’ব৷ কোনোবা এজনে ঘৰলৈ ছশ টকা কেজিৰ ৰৌমাছ আনিলে৷ লগে লগে প্ৰতিবেশীৰ মন্তব্য,
‘পইচাৰ বাহাদুৰি দেখুৱাইছে!”
আচলতে কিন্তু কথাটো এনেকুৱাহে – মই কিনিব পৰা নাই, তুমি পাৰিবা কিয়?
আকৌ যেতিয়া দেখিব যে প্ৰতিবেশীয়ে হাতত এটা শুকান কোমোৰা আৰু কেইমুঠামান শাক লৈ বজাৰৰ পৰা আহিছে, তেতিয়াও প্ৰতিবেশীক লৈ মন্তব্য,
“আয়ৈ দেহি, বেচেৰাৰ কি অৱস্থা হ’ল!”
এই কৰুণাভৰা মন্তব্যত কৰুণাতকৈও এটা নিজস্ব তৃপ্তি আছে৷ তোমাতকৈ মই বহুত ভালে আছোঁ কিন্তু তোমাক সহায় কৰিবৰ কাৰণে মই কেতিয়াও আগবাঢ়ি নাযাওঁ৷ মই ঘৰৰ পৰাই তোমাৰ দুৰৱস্থা চাম৷ মনে মনে, তৃপ্তিৰে তোমাৰ অসহায় অৱস্থাটো উপভোগ কৰিম৷ কিন্তু সহানুভূতি (?) আৰু সান্ত্বনাতকৈ (?) মোৰ পৰা তুমি একো নোপোৱা৷
এজন ধনী মানুহে যদি সাধাৰণ পোছাক পিন্ধে, তেতিয়া মানুহে ক’ব, “মানুহজন বৰ ‘ছিম্পল’৷ অকণো অহংকাৰ নাই৷” অথচ অনুসন্ধান কৰিলে দেখা যাব যে সেইজন প্ৰকৃততে মহা কৃপণ৷
কিন্তু আপনি বা মই যদি কলাৰটো সামান্য ফটা ছাৰ্ট এটা পিন্ধি ৰাষ্টাত ওলাওঁ, তেতিয়া মানুহে ক’ব, “মানুহটোৰ ছাৰ্ট এটা কিনিবলৈও পইচা নাইনে? গোটেই জীৱনটো কি কৰিলে? মহা কৃপণ …” ইত্যাদি৷
ঘৰলৈ কোনোবা এজন আলহী অহিলে, তেওঁ যোৱাৰ পাছত পৰিয়ালৰ মানুহবোৰে মানুহজনক সমালোচনা কৰাটো নিত্যনৈমিত্তিক ঘটনা৷ “কেনেকৈ বহিছিল! চকীখনৰ অৱস্থা নাইকিয়া কৰি থৈ গৈছে৷ চাহ খাবও নাজানে৷ গোটেই টেবুলখনতে চাহ পেলাইছে৷ চকীৰ কুচনৰ ওপৰত বিস্কুটৰ গুৰি, লুচিৰ টুকুৰা৷” আন এজনে ক’ব –
“ইমান কথা কয়৷ বকি বকি মুৰ গৰম কৰি থৈ গৈছে৷”
এনেতে বাথৰুমৰ পৰা খবৰ আহিল — “মানুহজন কিজানি ইয়ালৈও আহিছিল৷ দুৰ্গন্ধত সোমাব নোৱাৰি৷ পানীও ঢলা নাই৷” শেষত গম পোৱা গ’ল — মানুহজনৰ জোতাত বোকা লাগি আহিছিল৷ তাৰ মানে মানুহজনে ৰাষ্টাত খোজ কাঢ়িবও নাজানে৷
কিন্তু যেতিযা গম পোৱা গ’ল যে মানুহজনৰ অসীম ক্ষমতা৷ স্কুলত ল’ৰা-ছোৱালীৰ নাম ভৰ্তি কৰাব পাৰে, চাকৰি দিব পাৰে, ভাৰাঘৰ যোগাৰ কৰি দিব পাৰে৷ তেতিয়া তেওঁ হৈ পৰে ভদ্ৰলোক৷ সকলোৱে তেতিয়া তেওঁৰ প্ৰশংসাহে কৰিবলৈ আৰম্ভ কৰিব৷ মানুহজনে বাথৰুমত পানী ঢালিবলৈ পাহৰি যায়৷ অলপ অন্যমনস্ক৷ বেছি কথা কোৱাটো তেওঁৰ এটা গুণ৷ অন্তৰখন খোলা, সেইকাৰণে ভলভলীয়া৷
হিচাপ কৰিলে দেখা যাব, জীৱনত এনেকুৱা এজন মানুহ লগ পোৱা নাই, যি কেতিয়াও পৰচৰ্চা কৰা নাই আৰু নিজেও যি পৰচৰ্চাৰ উৰ্দ্ধত৷
এজন মানুহৰ কথা মনত পৰিছে৷ মানুহজনে পৰনিন্দা-পৰচৰ্চাৰ বেহুৰ পৰা মুক্ত হৈ প্ৰায় সম্পূৰ্ণ নম্বৰ পাই পৰচৰ্চাৰ উৰ্দ্ধলৈ উত্তীৰ্ণ হৈছিল৷ হঠাৎ কোনোবা এজনে ক’লে, ‘”মানুহজনৰ সকলো গুণেই ভাল৷ কেৱল এটাই দোষ – কথা কওঁতে মানুহজনে তলৰ ওঁঠটো বৰ লৰাই থাকে!”
এবাৰ এনে এজন মানুহক ভাত খাবলৈ নিমন্ত্ৰণ কৰা হৈছিল, যি জীৱনত কেতিয়াও কাৰো ভালটো কৈয়েই পোৱা নাই৷ সকলো সাৱধান৷ বৰ যত্ন কৰি ৰন্ধা-বঢ়া কৰা হৈছে, যাতে আপ্যায়নৰ ক’তো অকণো খুঁত থাকি নাযায়৷
খোৱা-বোৱা শেষ কৰাৰ পাছত মানহজনক সোধা হ’ল, ‘‘ৰন্ধা-বঢ়া সকলো ঠিক হৈছেনে?” তেওঁ ৰুমালেৰে মুখ মচি মচি পৰম তৃপ্তিৰে উগাৰ এটা মাৰি ক’লে, ‘‘সকলো ঠিকেই হৈছে৷ পাছে এটা কথা, মাংসত আৰু অলপমান নিমখ বেছি হোৱাহেতেন কিন্তু গোটেইখন পণ্ড হৈ গ’লহেতেন!”
এইখিনিতে আৰু এটা ঘটনাৰ কথা মনত পৰিছে৷ কিছু দিনৰ আগতে এখন বিয়াত এজন মানুহ লগ পাইছিলোঁ, যিজনে ওপৰত কৈ অহাজনৰ দৰে জীৱনত কেতিয়াও কাৰো ভালটো কৈ পোৱা নাই৷ বিয়া ঘৰৰ সকলো ব্যৱস্থা নিখুঁত৷ আপ্যায়নৰ ক’তো অকণো খুঁত নাই৷
ৰসিকতা কৰিবৰ বাবেই মানুহজনক সুধিলো, “বিয়া খাই কেনে পালে?’’
তেওঁ বিৰক্তিৰে ক’লে, “সকলো ঠিকেই আছিল৷ পাছে ৰসগোল্লাটোহে বৰ চেঁচা৷ অলপ গৰম হোৱা হ’লে…৷”
পৃথিবীত কিছুমান সত্য আছে, যিবোৰ স্বত্বঃসিদ্ধভাবে সত্য৷ যিটো হ’বই৷ হ’বলৈ বাধ্য৷ যেনে :স্বামীয়ে পত্নীৰ আৰু পত্নীয়ে স্বামীৰ নিন্দা কৰিবই৷ লেখকে লেখকৰ, শিল্পীয়ে শিল্পীৰ, ডাক্তৰে ডাক্তৰৰ, পুত্ৰই দেউতাকৰ, এজন মিস্ত্ৰীয়ে আন এজন মিস্ত্ৰীৰ, ৰোগীয়ে ডাক্তৰৰ নিন্দা কৰিব৷ কৰ্মচাৰীয়ে নিন্দা কৰে ওপৰৱালা বিষয়াৰ, জনসাধাৰণে নিন্দা কৰে চৰকাৰৰ৷ ৰাজ্য চৰকাৰে নিন্দা কৰে কেন্দ্ৰৰ, বয়সস্থসকলে নিন্দা কৰে যুগৰ, সমালোচকে কৰে সাহিত্যৰ, শিল্পৰ, সংস্কৃতিৰ৷ এনে সমালোচনা বা নিন্দা অৰ্থহীন বা অশুদ্ধ হ’লেও সমালোচকসকল সমালোচনাৰ পৰা হাত সাৰিব নোৱাৰে৷ একমাত্ৰ একমনে ভগবানৰ সমালোচনা (?) কৰিলে সমালোচকে কোনো শাস্তি নাপায়৷ আনকি আজিকালি ভগবানক ভেঁটি দিলেও ভগবানে সমালোচনা নকৰে!

☆★☆★☆

8 Comments

  • মাধুৰ্য্য গোস্বামী

    কিছু লিখিজে দাদা। বঢ়িয়া।

    Reply
  • Rintumoni Dutta

    অপ্ৰিয় হ’লেও সত্য কথা এইবোৰ, খুব ভাল লাগিল দাদা

    Reply
  • দুমুখীয়া চৰিত্ৰ। অপ্ৰিয় হ’লেও কথাখিনি সত্য। ভাল লাগিল।

    Reply
  • অভিজিত কলিতা

    ইমান ভাল কথা লিখাও ভাল নহয় দেই। 🙂

    Reply

Leave a Reply

Your email address will not be published.